মূল পৃষ্ঠা / কৃষি / মীণ পালন / শীতকালৰ প্ৰাৰম্ভত মীনপালকে জানিবলগীয়া কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালৰ প্ৰাৰম্ভত মীনপালকে জানিবলগীয়া কথা

শীতকালৰ প্ৰাৰম্ভত মীনপালকে জানিবলগীয়া কথা লিখা হৈছে

 

শীতকালছোৱাত মীনপালন কৰা পুখুৰীৰ তুলনামুলকভাৱে বিশেষ যত্ন লোৱা প্ৰয়োজন।কিয়নো এই কালছোৱা মীনপালনৰ বাবে যথেষ্ট স্পৰ্শকাতৰ সময়।আমাৰ ৰাজ্যখনত মুখ্যত: পালন কৰা ভাৰতীয় মুলৰ ৰৌ,বাহু,মিৰিকা আৰু বিদেশী মুলৰ ছিলভাৰ কাৰ্প,গ্ৰাছ কাৰ্প,কমন কাৰ্প আদি মাছৰ বাবে পানীৰ সৰ্বোত্তম উষ্ণতা ২৮ ডিগ্ৰী চে:ৰ পৰা ৩২ ডিগ্ৰী চে:।অনুকুল উষ্ণতা বৃহৎ পৰিসৰত ২৫ ডিগ্ৰী চে:ৰ পৰা ৩৫ ডিগ্ৰী চে:ৰ ভিতৰত শ্ৰেণীবদ্ধ কৰিব পাৰি।পানীৰ উষ্ণতা ২৫ ডিগ্ৰী চে:ৰ তললৈ নামি যোৱাৰ লগে পুখুৰীটোত মাছৰ সপক্ষে বৰ্তি থকা অনুকুল জল বায়বীয় পৰিৱেশত ব্যাপক ভাৰসাম্যহীনতাৰ সৃষ্টি হৈ বেমাৰ-আজাৰকে আদি কৰি বিভিন্ন অবাঞ্চিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।

শীতকালত মাছৰ খাদ্য গ্ৰহণৰ হাৰ,বিপাক আৰু দৈহিক বৃদ্ধিতো ব্যাপক প্ৰভাৱ পৰে।শীতৰ প্ৰকোপ বাঢ়ি যোৱাৰ লগে লগে মাছৰ খাদ্য গ্ৰহণৰ হাৰ কমি যায় আৰু সেয়েহে এই কালছোৱাত খাদ্যৰ পৰিমাণ কমাই দিব লাগে।অন্যথা অপচয় হোৱা খাদ্যখিনিয়ে পানীৰ গুণাগুণ হ্ৰাস কৰি বিভিন্ন অসুবিধাৰ কাৰক হ’ব পাৰে।অৱশ্যে খাদ্যৰ পৰিমাণ একেবাৰে বন্ধ কৰি দিয়া অনুচিত।প্ৰতিটো জীৱ-জন্তুৰ দৰে মাছকো পৰিপুষ্টিৰ বাবে খাদ্যৰ প্ৰয়োজন।শীতকালছোৱাত মাছৰ দেহৰ ওজনৰ ০.৫ শতাংশ হাৰত দৈনিক খাদ্য দিলেই যথেষ্ট।আকৌ এই সময়ছোৱাত পুখুৰীত মাছৰ বাবে দ্ৰবীভুত অম্লজানৰো নাটনি হ’ব পৰে।আন জীৱৰ দৰে জীৱন ধাৰণৰ বাবে মাছকো অক্সিজেনৰ দৰকাৰ।মাছে জনক্লোমৰ সহায়ত পুখুৰীৰ পৰা অক্সিজেন আহৰণ কৰে।সুৰ্যৰ পোহৰত সালোক সংশ্লেষণৰ জৰিয়তে পানীত দ্ৰবীভুত অক্সিজেন উপলভ্য হয়।শীতকালত ৰাতি দীঘল,দিন চুটি হোৱা বাবে সুৰ্যৰ পোহৰ কম সময়ৰ বাবে পুখুৰীত পৰে।ফলত মাছৰ বাবে দ্ৰৱীভুত অক্সিজেন কমি যায়।যদি পুখুৰীটোত থকা মাছৰ ঘনত্ব অনুমোদিত নিৰিখতকৈ বেছি হয়,তেন্তে মাছ মৰাৰো আশংকা থাকে।শীতকালত পুখুৰীটোৰ পানী কমি যোৱাৰ লগে লগে তাত থকা মাছৰ বাবে নিৰ্দিষ্ট প্ৰয়োজনীয় পানীৰ অভাৱ হয়।ই দৈনিক বৃদ্ধিতো বাৰুকৈয়ে প্ৰভাৱ পেলায়।শীতকালি সততে পুখুৰীত দৃষ্টিগোচৰ হোৱা আন এটা পৰিঘটনা হৈছে ঘোলা পানীৰ বিস্তৃতি।ইয়াৰ মুল কাৰণ হৈছে মে’-জুন মাহত মেলা পোনা ছেপ্টেম্বৰ-অক্টোবৰত কিছু ডাঙৰ হয় আৰু তাৰ পৰৱৰ্তী সময়ত পানী শুকাই গ’লে (অৰ্থাৎ কমি গ’লে)কম পানীত ঘোদালি মাছবোৰে পানীখিনি আবিল কৰি তোলে।এনে অৱস্থাত সুৰ্যৰ পোহৰ পানীৰ বেছি তললৈ যাব নোৱাৰে।ফলত সালোক সংশ্লেষণ আৰু প্ৰাকৃতিক খাদ্যৰ উপলভ্যতাত ব্যাপক প্ৰভাৱ পৰে।মাছে শ্বাস-প্ৰশ্বাসৰ লগতে খাদ্য গ্ৰহণত অসুবিধা পায়।

শীতকালত পানী শুকাই গ’লে যদি সম্ভৱপৰ হয় তেন্তে বাহিৰা উৎসৰ পৰা পানী ভৰোৱাৰ ব্যৱস্থা কৰিব লাগে।যদি তেনে সুবিধা নাই,তেন্তে পানী নিৰ্দিষ্ট হিচাপতকৈ কমি যোৱাৰ লগে লগে পুখুৰীত মাছৰ ঘনত্ব কমাই দিব লাগে।ইতিমধ্যে খাদ্যৰ পৰিমাণ,সাৰ প্ৰয়োগ আদিও এই সময়ত কমাই দিব লাগে।বহু সময়ত শেলাইৰ অতিচাৰৰ বাবে পুখুৰীত এটা সেউজীয়া চামনি পৰা দেখা যায়।ই পুখুৰীত অক্সিজেনৰ নাটনিৰ লগতে মাছৰ চাল-চলন,খাদ্য গ্ৰহণ আদিতো বাধাৰ সৃষ্টি কৰে।

লেখক:ড° ধ্ৰুৱজ্য্যোতি শৰ্মা (নিয়মীয়া বাৰ্তা)

2.79166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top