মূল পৃষ্ঠা / কৃষি / মীণ পালন / শীতকালৰ প্ৰাৰম্ভত মীনপালকে জানিবলগীয়া কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালৰ প্ৰাৰম্ভত মীনপালকে জানিবলগীয়া কথা

শীতকালৰ প্ৰাৰম্ভত মীনপালকে জানিবলগীয়া কথা লিখা হৈছে

 

শীতকালছোৱাত সচৰাচৰ মাছৰ বিভিন্ন বেমাৰ-আজাৰ হোৱা দেখা যায়।পানীৰ উষ্ণতা কমি যোৱাৰ লগে লগে শীতলৰক্তী প্ৰাণী মাছৰ দেহৰো উষ্ণতা কমি যায় বাবে মাছৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা কমি যায় আৰু বিভিন্ন জীৱাণু,পৰজীৱী ,ভেঁকুৰ ,ভাইৰাছ,বেক্টেৰিয়া আদিৰ আক্ৰমণৰ সুচলতা প্ৰকট হৈ পৰে।এনে সম্ভাৱনা নস্যাৎ কৰিবলৈ শীতকালৰ প্ৰাৰম্ভত মীনপালন কৰা পুখুৰীত কেতবোৰ প্ৰতিষেধক প্ৰয়োগ কৰা হয়।যদিও মাছৰ প্ৰায়বিলাক বেমাৰেই চিকিৎসাৰ জৰিয়তে আৰোগ্য কৰিব পাৰি,তৎসত্ত্বেও পানীত থকা প্ৰাণী এটাৰ চিকিৎসা আৰু স্থলভাগৰ জীৱ এটাৰ চিকিৎসা একে কথা নহয়।বিভিন্ন বাস্তৱ অসুবিধা আমি উলাই কৰিব নোৱাৰোঁ।সেয়েহে মীনপালনৰ ক্ষেত্ৰত “প্ৰতিৰোধেই প্ৰতিকাৰতকৈ শ্ৰেয়”এই দৃষ্টিভংগী প্ৰযোজ্য হয়।শীতকালৰ প্ৰাৰম্ভত পুখুৰীত বিভিন্ন প্ৰতিষেধক নিৰ্দিষ্ট হিচাপ আৰু নিৰিখত প্ৰয়োগ কৰা উচিত।ইমানৰ পাছতো মাছৰ বেমাৰ হ’লে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।পুখুৰীত প্ৰয়োগ কৰিবলগীয়া বিভিন্ন ঔষধৰ মাত্ৰা,প্ৰয়োগ বিধি,মিশ্ৰণ আদি অতি নিৰ্দিষ্ট আৰু সেই নিৰ্দিষ্ট পুখুৰীটোৰ পটভুমি,সেই দিনটোৰ বতৰ-উষ্ণতা আদি বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।সেয়েহে ঔষধ প্ৰয়োগ কৰিবলগীয়া হ’লে যথেষ্ট সতৰ্ক হোৱা উচিত।মীন বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এনে কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।ভাৰতীয় কৃষি গৱেষণা সেৱাৰ প্ৰথমজন অসমীয়া মীন বিজ্ঞানী তথা কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটী উত্তৰ-পুব-আঞ্চলিক কাৰ্যালয়ৰ মুৰব্বী বিজ্ঞানী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ (৯৪৩৫৫-৫৩২৭৪)পৰা জানিব পৰা মতে থাউকতে পোৱা দুটা সামগ্ৰী পোৰা চুণ (কেলচিয়াম অক্সাইড)আৰু ব্লিচিং পাউডাৰ প্ৰয়োগ কৰি প্ৰতিষেধক আৰু চিকিৎসাৰ ব্যৱস্থা অতি ফলপ্ৰসুভাৱে কৰিব পাৰি।তেওঁৰ মতে এক মিটাৰ গভীৰতা বিশিষ্ট এক হেক্টৰ জলকালিত প্ৰথমে ৫০ কেজি পোৰা চুণ প্ৰয়োগ কৰি তাৰ এসপ্তাহত পাছত ৫০ কেজি ব্লিচিং পাউদাৰ প্ৰয়োগ কৰিলে সুন্দৰ প্ৰতিষেধকৰ কাম কৰে।প্ৰয়োজনবোধে পৰৱৰ্তী মাহত পুনৰ অনুৰুপ ধৰণে প্ৰয়োগ কৰিব লাগে।প্ৰতিকাৰৰ ক্ষেত্ৰত মাত্ৰা দুগুণ কৰা যুগুত।

শীতকালত পুখুৰীৰ পানীত পি এইচৰ তাৰতম্য ঘটাৰ থল থাকে।সেয়েহে পি এইচ নিৰ্দিষ্ট হিচাপত (৭.৫-৮.৫)ৰাখিবলৈ নিৰ্দিষ্ট জোখ আৰু নিৰিখত চুণ প্ৰয়োগ কৰিব লাগে।পানীৰ পি এইচ বজাৰত পোৱা পি এইচ কাগজৰ নুৰা নতুবা সাধাৰণ আহিলাৰেই নিৰ্ণয় কৰিব পাৰি।প্ৰগতিশীল মীনপালকসকলে এইখিনি জানে।পানীত পি এইচৰ পৰিমাণ কমি যোৱাৰ লগে লগে মাছখিনি প্ৰতি চাপৰ সন্মুখীন হয় আৰু বিভিন্ন সমস্যাত আক্ৰান্ত হয়।শীতকালত পুখুৰীত হোৱা বিভিন্ন সমস্যা সম্পৰ্কে সততে ব্যৱহাৰিক পৰ্যবেক্ষণত জড়িত থকা সৰবৰহী মীন বিশেষজ্ঞ তথা মীন মহাবিদ্যালয়,ৰহাৰ বিজ্ঞান গুৰু আৰু ডা:কৃষ্ণকান্ত তামুলীয়ে (৯৪৩৫০-৬৮৭৪৮)ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰ পৰা জানিব দিয়া মৰ্মে পুখুৰীটো চাফ-চিকুণকৈ ৰাখি দৈনিক পৰ্যবেক্ষণ কৰাটো এই সময়ছোৱাত নিত্যন্তই বাঞ্চনীয়।যদিহে পুখুৰীটোৰ পানীৰ বৰণ,গোন্ধ আদিত কিছু বৈসাদৃশ্যতা চকুত পৰে বা মাছখিনিৰ আচাৰ-আচৰণৰ বিস্ংগতি দৃষ্টিগোচৰ হয়,তেন্তে কিছু দিনলৈ সাৰ যোগান,খাদ্য যোগান আদি সাময়িকভাৱে বন্ধ ৰাখি প্ৰয়োজনবোধে মাটি আৰু পানী পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি ডা:তামুলীয়ে জানিব দিয়ে।ইচ্ছুক মীনপালকসকলে বিভিন্ন স্পষ্টীকৰণ,খু-দুৱনি আৰু বিশদ দিহাৰ বাবে তেওঁৰ লগত যোগাযোগ কৰিব পাৰে।এই মৰ্মে বৎপৰোনাস্তি সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কিছু দিনৰ আগতে সাক্ষাৎকাৰত তেওঁ এই প্ৰতিবেদনক জনাইছে।

শীতকালছোৱাত উক্ত আলোচিত সতৰ্কতাসমুহ পালন কৰিলে সাধাৰণতে বিশেষ সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা নাথাকে।যদিহে পুখুৰীটোত নিয়মমাফিক চুণ দি থকা হয়,যদি পুখুৰীটোত নিৰ্দিষ্ট ঘনত্বত মাছ আছে ।পুখুৰীটোত যদি আন যিকোনো প্ৰাকৃতিক উৎসৰ পৰা পানী সুমোৱাৰ সুযোগ নাথাকে,শামুক,জোক আদিৰ উপদ্ৰৱ নাথাকে,শেলাইৰ অত্যাচাৰ ৰোধ কৰি ৰাখিব পৰা গৈছে,তেন্তে কোনো সমস্যাই হ’ব নালাগে।মাহেকে-পষেকে পুখুৰীটোত পৰীক্ষামুলক জাল মাৰি মাছৰ স্বাস্থ্য পৰীক্ষা অৱশ্যেই কৰিব লাগে।অতি সহজেই এই পৰীক্ষাটি কৰিব পাৰি।মাছটো জালৰ পৰা লৈয়েই লুটিয়াই দিব লাগে।যদি মাছটো নিৰোগী হয় তেন্তে ইয়াৰ চকু মাছটো ঘুৰাৰ লগে লগে নুঘুৰে,আগৰ ঠাইতে থাকিব।এনে অৱস্থাত চকুৰ মণিটো ওপৰৰ পৰা নেদেখি।কিন্তু যদিহে মাছটো দুৰ্বল বা ৰুগীয়া হয়,তেন্তে মাছটো ঘুৰাৰ লগে লগে এক দিশত চকুৰ মণিটো ঘুৰিব।অৰ্থাৎ মণিটো ওপৰৰ পৰা দৃষ্টি গোচৰ হ’ব।অৱশ্যে পুখুৰীত প্ৰয়োগ কৰা জালখন প্ৰতিবাৰ ব্যৱহাৰ কৰাৰ পাছত নিমখ বা পটাচ পানীত ডুবাই বীজাণুমুক্ত কৰি লোৱা উচিত।যিকোনো যাৱতীয় সমাধানৰ বাবে থাউকতে পোৱা মীন-উন্নয়ন বিষয়া বা কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিষয়ক বিশেষজ্ঞ,মীন প্ৰদৰ্শক,মৎস্য মিত্ৰ আদিৰ লগত যোগাযোগ কৰা উচিত।মীনপালনত ব্যৱহৃত হোৱা বিভিন্ন অনুমোদিত প্ৰয়োগ সামগ্ৰী,ঔষধ,প্ৰতিষেধক আদি নিৰ্দিষ্ট মুল্যত সঠিকভাৱে মীনপালকক উপলব্ধ কৰোৱাৰ মানসেৰে মীন বিভাগে ৰাষ্ট্ৰীয় মৎস্যজীৱী সমবায় সন্থাৰ (ফিছফেড)(কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অৰ্ন্তগত)সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত কেইবাখনো জল বিপণী মুকলি কৰিছে।সমগ্ৰ শিতানটি তদাৰক কৰা বিভাগৰ যুটীয়া মীন সঞ্চালক সত্যজিত শৰ্মাই (৯৪৩৫১-৬০৪১৪)জানিবলৈ দিয়া মৰ্মে গুৱাহাটীৰ পাণবজাৰৰ মৎস্য বিকাশ সৰোবৰ প্ৰকল্প আৰু বিভিন্ন জিলাত এখন বিপণী আৰম্ভ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে সকলো জিলাত জল বিপণী আৰম্ভ কৰা হ’ব।পৰিচালনা আৰু তদাৰকৰ দায়িত্বত থকা ফিছফেডৰ আঞ্চলিক তত্ত্বাৱধায়ক বিষয়া ছাদিকুৰ ৰহমান লস্কৰে (৯৮৬৪২-০১৪২৯)জনোৱা মৰ্মে কেৱল অনুমোদিত সামগ্ৰীহে ন্যায্য মুল্যত (প্ৰস্তুতকাৰক প্ৰতিষ্ঠানৰ পৰা প্ৰাপ্ত দামত)ক্ৰেতাক যোগান ধৰা হয়।লগতে মীনপালন সম্পৰ্কীয় তথা প্ৰয়োগ নিৰিখ আৰু বিধিৰো দিহা দিয়া হয় এনে কেন্দ্ৰবোৰত।মীনপালকসকলে জল বিপণীৰ পৰা যাৱতীয় দিহা-পৰামৰ্শসহ প্ৰতিষেধক ঔষধ আদি সংগ্ৰহ কৰিব পাৰিব।মীন পাম সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শ আৰু তথ্যৰ বাবে ৯৪৩৫৩-৩৯৫৬৮ ত যোগাযোগ কৰক।

লেখক:ড° ধ্ৰুৱজ্যোতি শৰ্মা (নিয়মীয়া বাৰ্তা)

 

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top