অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সফল মীনপালক বাকসাৰ জোংছাৰ খুংগুৰ বড়ো

সফল মীনপালক বাকসাৰ জোংছাৰ খুংগুৰ বড়ো

 

শিক্ষিত যুৱক জোংছৰ খুংগুৰ বড়ো ৰাজ্যৰ মীন ক্ষেত্ৰৰ এটা পৰিচিত নাম।বাকসা জিলাৰ বাগানপাৰা অঞ্চলৰ বনগাঁৱৰ একুৰি পোন্ধৰটা বসন্ত গৰকা যুৱকজনে প্ৰমাণ কৰি দিছে যে যুৱকজনে প্ৰমাণ কৰি দিছে যে নিষ্ঠা,সততা,একাগ্ৰতা,কৰ্মোদ্যম আৰু দুৰত্ব অভিলাসেৰে কৰ্মত আগবাঢ়িলে প্ৰাপ্তিৰ পথত একোৱেই অসম্ভৱ নহয়।জোংছাৰৰ অনুকৰণীয় চানেকীয়ে উদীয়মানসকলক বতৰা দিছে যে সকলোখিনি প্ৰতিন্ধকতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি মীন পালনৰ জৰিয়তে ধৰাতেই সৰগ ৰচিব পাৰি।অত্যন্ত চালুকীয়া অৱস্থাৰে ২০১২ চনত মীন পালনত জড়িত হৈ জোংছাৰে বৰ্তমান সংমিশ্ৰিত মীন পালন,ধানৰ লগত সমন্বিত মীন পালন,মাগুৰ মাছৰ পোনা উৎপাদন,কাৰ্পজাতীয় মাছৰ পোনা প্ৰতিপালন আদি বিভিন্ন প্ৰযুক্তি তথা কৌশল সফলভাৱে ৰুপায়ণ কৰি আছে।জোংছাৰৰ পামখন আজি সমগ্ৰ বাকসাবাসীৰ বাবেই গৌৰৱৰ থলী।বিভিন্ন জোখৰ পুখুৰীৰে সমৃদ্ধ প্ৰায় ৪ হেক্টৰ জলকালি বিশিষ্ট এই পামখন অতিকৈ শৃংখলাবদ্ধ,পৰিপাটী আৰু বিজ্ঞানসন্মত।মধ্যবিত্ত কৃষিজীৱী পৰিয়াল এটাৰ সন্তান জোংছাৰে মনৰ উছাহতেই জড়িত হৈছিল মীন পালনত।পিতাকৰ সময়ৰে চাৰি কঠা জলকালিৰ পুখুৰী এটা ঘৰতে আছিল যদিও এইটো আছিল সঁচা অৰ্তত অৱহেলিত,অব্যৱহৃত আৰু অনুৎপাদনক্ষম।মীন পালন বুলি কোনো কথা-বতৰা নাছিল পুখুৰীটোৰ লগত।সৰুৰেপৰাই মাটি-পানীৰ প্ৰতি থকা দুৰ্বাৰ আকৰ্ষণ আৰু মীন পালনৰ প্ৰতি থকা ধাউতিয়ে জোংছাৰক হাত বাউলি মাতি আছিল মীন পালনলৈ।সপোন দেখিছিল এজন সফল মীনপালক হিচাপে আত্মপ্ৰকাশ কৰাৰ।সকলো ভাবি-চিন্তি সেই পুখুৰীটোৱেই কিছু ঠিকঠাক কৰি তাত ২০১২ চনত তেওঁ পোনা প্ৰতিপালন আৰম্ভ কৰে।

সেই সময়লৈ মীন পালন সম্পৰ্কে কোনো বিশেষ অভিজ্ঞতা নাছিল যুৱকজনৰ।তৎসত্বেও প্ৰাৰম্ভিক বৰ্ষতে আশাতীত সফলতাৰ মুখ দেখে জোংছাৰে।এই অনাকাংক্ষিত সফলতাই জোংছাৰক বাৰুকৈয়ে মীন পালনৰ প্ৰতি আকৰ্ষিত কৰে।যুৱকজন উৎসাহিত হয় মীন পালনৰ প্ৰতি।তেনেতে জোংছাৰে লগ পায় বৰ্তমান বাকসাৰ জিলা মীন উন্নয়ন বিষয়া বিপুল কুছিয়া খাটনিয়াৰক।জোংছাৰৰ আগ্ৰহ আৰু দুৰন্ত ইচ্ছাই বিপুলক মুগ্ধ কৰে।বিষয়াজনে জোংছাৰক কাৰিকৰীভাৱে সমৃদ্ধ কৰাৰ দায়িত্ব মুৰ পাতি লয়।উল্লেখ্য যে ৰাজ্যত কুছিয়া পালনৰ বাটকটীয়া তথা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে বিজ্ঞানসন্মত কুছিয়া পালনক সৰলীকৃত আৰু মানকৃত কৰি ৰাজ্যত ন উন্মেষ তথা সম্ভাৱনীয়তাৰ সৃষ্টি কৰা খাটনিয়াৰক দেশৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত আলোচনা-চক্ৰত সম্বৰ্ন্ধনা জ্ঞাপন কৰাৰ লগতে নামটো বিপুল কুছিয়া খাটনিয়াৰ (৯৪০১০৩৯৫৮৬)হিচাপে নকৈ নামকৰণৰ প্ৰস্তাৱ দিয়া হৈছিল।সেয়া যিয়েই নহওক ২০১৩ চনত বিপুলৰ পৰামৰ্শ মতে জোংছাৰে নিৰ্মাণকৰে প্ৰায় চাৰি বিঘা জলকালিৰ এটা পুখুৰী।পেনা প্ৰতিপালনৰ সমান্তৰালভাৱে আৰম্ভ হয় সংমিশ্ৰিত মীন পালন।পৰৱৰ্তী বৰ্ষত লাভাংশৰ ধন বিনিয়োগ কৰি নিৰ্মাণ কৰে আন এটা অনুৰুপ পুখুৰী।ইয়াৰ পিছত আৰু জোংছাৰে পাছলৈ উভতি চোৱা নাই।প্ৰতি বছৰে ন ন পুখুৰী খান্দি অব্যাহত ৰাখে পাম সম্প্ৰসাৰণ।২০১৫ চনত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এক প্ৰদৰ্শনীত সমন্বিত ধান আৰু মীন পালনৰ নমুনা দেখি জোংছাৰে প্ৰযুক্তিটো নিজ ধাননিতো ৰুপায়ণ কৰিবলৈ আগ্ৰহান্বিত হৈ পৰে।কাৰিকৰী পৰামৰ্শদাতা বিপুল খাটনিয়াৰৰ দিহা মতে আৰম্ভ কৰে সমন্বিত ধান আৰু মীন পালন।জোংছাৰে জানিবলৈ দিয়া মৰ্মে এই কৌশল ৰুপায়ণ কৰি তেওঁ ধানৰ উৎপাদন অধিক পোৱাৰ লগতে মাছৰ উৎপাদনখিনি বোনাছ হিচাপে পাইছে।তদুপৰি ধান খেতিৰ পৌণিক ব্যয়ো অতি সীমিত কৰিব পৰা গৈছে।

২০১৬ বৰ্ষত অত্যাধুনিক কাৰিকৰী কৌশলত নামান্তৰ মাগুৰ মাছৰ পোনা উৎপাদন আৰম্ভ কৰে জোংছাৰে।কিন্তু প্ৰথম বৰ্ষত অসাৱধানবশত: মাগুৰ মাছৰ পোনাখিনি কাৱৈ পোনাৰ লগত একেলগে ৰখা বাবে বচাব নোৱাৰিলে।অভিজ্ঞতাৰপৰা শিক্ষা লৈ চলিত বৰ্ষত জোংছাৰে সফলতাৰে মাগুৰ পোনা উৎপাদন কৰি আছে।জোংছাৰৰ সফলতাৰ পৌণিক ক্ৰিয়াৰ সুবাসে স্থানীয় বহু শিক্ষিত যুৱক-যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰিব পৰাটো আশাৰ বতৰা।জোংছাৰৰপৰাই এওঁলোকে আহৰণ কৰে মীন পালনৰ আদিপাঠ।সমগ্ৰ বি টি ডি অঞ্চল আৰু সমীপৱৰ্তী ভুটানৰপৰাও বহু লোক আহে জোংছাৰৰ পাম চাবলৈ।স্থানীয় নেতৃস্থানীয় ব্যক্তি নীৰেণ চৈনাৰীয়ে (৯৮৬৪৪৭৬১২৮)জোংছাৰক অঞ্চলটিৰ গৌৰৱ বুলি অভিহিত কৰি জোংছাৰৰ পামে অঞ্চলটোৰ আৰ্থ-সামাজিক প্ৰেক্ষাপটত ইতিবাচক বৰঙণি যোগোৱা বুলি ব্যক্ত কৰে।অলপতে মীন বিভাগৰ যুটীয়া মীন সঞ্চালক সত্যজিত শৰ্মা আৰু কাৰ্যবাহী অভিযন্তা কৈলাস কলিতাই জোংছাৰৰ পাম পৰিদৰ্শন কৰি উচ্চ মতামত লিপিবদ্ধ কৰিছে।বিষয়া দুজনে এনেধৰণৰ কাৰ্যকলাপেৰে স্বনিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে বিভাগীয় সহযোগিতা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।এইক্ষেত্ৰত মীন বিভাগৰ যাৱতীয় সহযোগিতা সদায়েই অক্ষুণ্ণ থাকিব বুলি যুটীয়া সঞ্চালক সত্যজিত শৰ্মাই জানিবলৈ দিছে।জোংছাৰে আজিৰ সফলতাত জিলা মীন বিষয়া বিপুল কুছিয়া খাটনিয়াৰৰ নাম কৃতজ্ঞতাৰে স্বীকাৰ কৰিছে।তেওঁ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক মীন পালনত ব্ৰতী হ’বলৈ আহ্বান জনাই অধিক তথ্যৰ বাবে তেওঁৰ লগত যোগাযোগ কৰিবলৈ (৯৪০১২১৯৪৫১)অনুৰোধ জনাইছে।আপুনিও জোংছাৰৰ লগত বাৰ্তালাপ কৰি উপকৃত হ’ব পাৰে।

লেখক:ড° ধ্ৰুৱজ্যোতি শৰ্মা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate