মূল পৃষ্ঠা / কৃষি / মীণ পালন / স্বনিয়োজনৰ বাবে মীনপোনা প্ৰতিপালন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বনিয়োজনৰ বাবে মীনপোনা প্ৰতিপালন :

স্বনিয়োজনৰ বাবে মীনপোনা প্ৰতিপালনৰ বিষয়ে লিখা হৈছে ।

মীনপোনা প্ৰতিপালন অত্যন্ত লাভজনক ব্যৱসায়। এই কৌশলত ভ্ৰুণ পোনাখিনি বিজ্ঞানসন্মত বিধি অনুযায়ী প্ৰতিপালন কৰি আঙুলি জোখৰ (ফিংগাৰলিং) পৰ্যায়লৈ বৃদ্ধি কৰা হয়। এনে কৌশলত নিজা মীনপোনা উৎপাদন কেন্দ্ৰ নাথাকিলেও কোনো অসুবিধা নাই। নিৰ্ভৰযোগ্য পোনা উৎপাদকৰপৰা গুণগত মানৰ ভ্ৰুণ পোনা সংগ্ৰহ কৰি আঙুলিজোখৰ পৰ্যায়লৈ বৃদ্ধি কৰিব পাৰি। আঙুলিজোখৰ পোনাখিনি নিজৰ ভঁৰাল পুখুৰীত পালনৰ বাবে ব্যৱহাৰ কৰাৰ লগতে ওপৰঞ্চিখিনি বিপণন কৰি লাভৱান হ’ব পাৰি। তদুপৰি এনে কৌশলত থাওকতে যথাসময়ত গুণগত মানৰ মীনপোনা উপলব্ধ হয়। আনহাতে, যিহেতু মীনপোনা উৎপাদন কেন্দ্ৰ স্থাপন যথেষ্ট ব্যয়বহুল, সেয়েহে মীনপোনা প্ৰতিপালন গুণগত মীনপোনা উপলব্ধতাৰ আন এক বিকল্প। এইখিনিতে মীনপোনাৰ বিভিন্ন পৰ্যায় সম্পৰ্কে এটা অভ্যাস দি ল’ব বিচাৰিছোঁ। কণীৰ পৰা ফুটি ওলোৱাৰ পিছত মাছৰ পোনাক ভ্ৰুণপোনা বা হেচ্ছলিং বা স্প’ন বুলি কোৱা হয়। এই অৱস্থাত পোনাৰ দৈহিক অভিলক্ষণ পুৰ্ণাংগ মাছতকৈ সম্পুৰ্ণ বেলেগ। অনুকুল পৰিৱেশত মাছৰ লক্ষণ বিকশিত হৈ ভ্ৰুণ পোনা পুৰ্ণাংগ মাছলৈ ৰুপান্তৰ হয়। স্প’নৰপৰা পুখুৰীত পালনৰ বাবে মেলিব পৰা হোৱালৈকে ভিন ভিন সময়ত পাঁচটা নামেৰে পোনাৰ নামকৰণ কৰা হয়-

১) ভ্ৰুণ পোনা বা হেচ্ছলিং বা স্পন: ৮ মিলিমিটাৰলৈ

২) আৰ্লিফ্ৰাই:৮-২৫ মিলিমিটাৰ

৩) ফ্ৰাই: ২৫-৪০ মিলিমিটাৰ

৪) ফিংগাৰিলং: ৪০-১০০ মিলিমিটাৰ

৫) এডভান্সড ফিংগাৰলিং: ১০০-১৫০ মিলিমিটাৰ।

সাধাৰণতে স্পন, ফ্ৰাই আৰু ফিংগাৰলিং- এই তিনি অৱস্থাত পোনা বিপণন কৰা হয়। স্প’নৰ পৰা ফিংগাৰলিঙলৈ মাছপোনাৰ বৃদ্ধি প্ৰযুক্তি এক অতি সংবেদনশীল কৌশল।

এই কৌশল বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা নাৰ্ছাৰী পুখুৰীত ১৫ দিনৰ বাবে স্প’ন প্ৰতিপালন কৰি ‘ফ্ৰাই’ উৎপাদন কৰা হয়। ‘ফ্ৰাই’ খিনি ৰিয়েৰিং পুখুৰীত ১-৩ মাহ পালন কৰি ‘ফিংগাৰলিঙ’ লৈ বৃদ্ধি কৰা হয়।

পোনা প্ৰতিপালনৰ স্থান নিৰ্দ্ধাৰণ -

প্ৰজনন পামৰ ওচৰত মাছৰ পোনা ডাঙৰ কৰাৰ বাবে সবাতোকৈ উৎকৃষ্ট স্থান যদিও পোনাৰ চাহিদা থকা আৰু পুখুৰীৰ নিৰ্মাণৰ বাবে উপযুক্ত অন্য ঠায়ো এনে উদ্যোগৰ বাবে নিৰ্বাচন কৰা হয়। অৱশ্যে প্ৰজনন পামৰ পৰা কম দুৰত্বৰ পামৰ কাৰিকৰী পৰিচালনা বেছি সুচল।

প্ৰতিপালন পামৰ বাবে আন্ত:গাঁথনিক সা-সুবিধা -

ক) পুখুৰী: নাৰ্ছাৰী পুখুৰী (০.০১-১.০৫ হেক্টৰ), ৬-১০ টা ; ৰিয়েৰিং পুখুৰী (০.০৫-০.১ হেক্টৰ) ১০ টা । নাৰ্ছাৰী পুখুৰীৰ গভীৰতা ১.০-১.৫ মিটাৰ (৩-৫ ফুট)আৰু ৰিয়েৰিং পুখুৰীৰ গভীৰতা ১.৫-২ মিটাৰ (৫-৭ ফুট) হ’ব লাগে। খৰালি সম্পুৰ্ণ শুকাই থকা পুখুৰী বেছি উপযোগী।

খ) স্প’ন বা ভ্ৰুণ পোনা: পামৰ আকাৰ অনুযায়ী স্প’নৰ সংখ্যা নিৰ্দ্ধাৰণ কৰি ল’ব লাগে। ০.০১ হেক্টৰ পানীকালিৰ দহটা নাৰ্ছাৰী আৰু ০.০৫ হেক্টৰ পানীকালিৰ চাৰিটা ৰিয়েৰিং পুখুৰী থকা পাম এখনৰ বাবে বছৰত কমেও ১২ লাখ স্প’নৰ আৱশ্যক।

গ) জাল: ফ্ৰাই ধৰা জাল এখন, ফিংগাৰলিং ধৰা জাল এখন।

ঘ) আনুষংগিক সা-সঁজুলি: স্প’ন জোখা বাটি, বাল্টি, মগ, অক্সিজেন চিলিণ্ডাৰ , পলিথিনৰ মোনা, ৰছী ইত্যাদি। ডাঙৰ পামৰ ক্ষেত্ৰত পোনা পৰিবহনৰ গাড়ী আৰু গাড়ীত পানী ভৰোৱাৰ বাবে সুবিধা থকা আৱশ্যক।

(ঙ) হাপা অথবা সজা: পোনা বিপণনৰ বাবে অতি কমেও ১০-১২ টা হাপা অথবা সজাৰ প্ৰয়োজন। পোনা স্প’ন বা ফ্ৰাই পৰ্যায়ত চিনি পোৱা কিছু অসুবিধাজনক। এইক্ষেত্ৰত দৈহিক লক্ষণৰ ওপৰত ভিত্তি কৰি পোনাখিনি চিনি পাব পাৰি। তাৰে থুলমুল বিৱৰণ এটা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ল-

১) বাহু বা ভকুৱা: এইবিধ মাছৰ পোনাৰ মুৰটো ডাঙৰ। গাত কোনো স্পষ্ট দাগ নাই। ওঁঠ মঙহাল, কিন্তু কোঁচ খোৱা বিধৰ নহয়। দাঢ়ি নাথাকে। তলৰ হনুটো ওপৰতকৈ ঈষৎ আগবঢ়া হয়। পৃষ্ঠীয়, পায়ু আৰু পুচ্ছ পাখি মটীয়া ৰঙৰ।

২) ৰৌ: এইবিধ মাছৰ পোনাৰ পুচ্ছ বৃন্তত এটা ক’লা পটি থাকে। পৃষ্ঠীয়, বৃক্ষীয় আৰু পুচ্ছ পাখি ৰঙচুৱা। দুযোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দাঢ়ি আছে। মুৰৰ ৰং পিঠিৰ ফালে কমলা ৰঙৰ আৰু তল ফালে সেউজীয়া হয়।

৩) মিৰিকা: এইবিধ মাছৰ পোনাৰ পুচ্ছবৃন্তত এটা উলম্ব চতুষ্কোণী ফেটি আছে। দেহত দীঘে দীঘে কিছু অস্পষ্ট দাগ দেখিবলৈ পোৱা যায়। এযোৰ ক্ষুদ্ৰ দাঢ়ি আছে আৰু পুচ্ছ পাখিৰ তলফালে সেন্দুৰীয়া আভা দেখা যায়।

৪) কুঢ়ি: বাকলিত থকা ক’লা চিনৰ বাবে দেহত দীঘে দীঘে কিছুমান দাগ দেখা যায়। ওঁঠ কোঁচ খোৱা।

৫) ক’লীয়াজাৰ বা মালি: এইবিধ  মাছৰ পোনাৰ দেহৰ বৰণ ক’লা। ওঁঠ কোঁচ খোৱা। এই অৱস্থাত পৃষ্ঠীয় আৰু পুচ্ছ পাখিৰ অগ্ৰাংশ ঈষৎ ৰঙা আৰু ডাঙৰ হোৱাৰ লগে লগে ক’লা হয়।

৬) ভাঙন: এইবিধ মাছৰ পোনাৰ পুচ্ছবৃন্তত এটা উজ্জ্বল অৰ্দ্ধঘুৰণীয়া ফোট থাকে। পাৰ্শ্বৰেখাৰ ওপৰৰ পঞ্চম আৰু ষষ্ঠ শাৰী বাকলিত ক’লা দাগ আছে। ওঁঠ কোঁচ খোৱা নহয় আৰু দাঢ়িও স্পষ্ট নহয়। পুচ্ছ পাখিৰ দুটা অংশ সামান্য হালধীয়া ৰঙৰ।

৭) ছিলভাৰ কাৰ্প: মুৰটো সৰু। দেহ প্ৰায় আয়তাকাৰ আৰু চেপেটা। গাৰ ৰং ৰুপালী আৰু পিঠি সামান্য মটীয়া বৰণৰ।

৮) গ্ৰাছকাৰ্প: দেহ দীঘলীয়া । মুৰ বহল। গাৰ ৰং সেউজ আভাযুক্ত মটীয়া আৰু সোণালী ৰঙৰ।

নাৰ্ছাৰী পুখুৰীত পোনা প্ৰতিপালন -

(অৰ্থাৎ ভ্ৰুণ পোনাৰপৰা ফ্ৰাইপোনালৈ বৃদ্ধি)

সংমিশ্ৰিত মীন পালন প্ৰযুক্তিৰ দৰে পুখুৰীৰ বেদিকাত গেদ অপসাৰণ, অপতৃণ নিবাৰণ আৰু অপকাৰী মাছ আদি নিৰ্মুল কৰি পানীৰ পি এইচ অনুযায়ী তলীত চুণ আৰু সাৰ প্ৰয়োগ কৰা হয়।

পুৰণি পুখুৰীৰ ক্ষেত্ৰত যদি পুখুৰীটোত জলজ অপতৃণ থাকে, তেন্তে সেই অপতৃণবোৰ সম্পুৰ্ণ পৰিষ্কাৰ কৰি ল’ব লাগে। অপতৃণসমুহে পানীত সুৰ্যৰ পোহৰ বিচ্ছুৰিত হোৱাত বাধা দিয়ে, মাছ ধৰাত অসুবিধাৰ সৃষ্টি কৰে আৰু পানীৰ ভৌত- ৰাসায়নিক গুণসমুহৰ ভাৰসাম্য নাইকিয়া কৰে। পানী সিঁচা সম্ভৱ হ’লে পানীখিনি সিঁচি তাত থকা মাংসাশী মাছ, যেনে- বৰালি, চিতল, আঁৰি, কান্ধুলি অৰু পালনৰ বাবে অবাঞ্চিত মাছ, যেনে- গৰৈ, পুঠি, মোৱা, খলিহনা আদি মাছ সম্পুৰ্ণভাৱে আঁতৰাই পেলাব লাগে। যদি পানী সিঁচি পেলোৱাটো সম্ভৱ নহয়, তেন্তে প্ৰতি বিঘা পানীকালিত ১০০ মিলিলিটাৰ ক্লিনাৰ নামৰ ঔষধটো প্ৰয়োগ কৰিব পাৰি। এই দৰববিধ প্ৰয়োগ কৰাৰ ১০ দিন পিছত পুখুৰীটো মাছপোনা মেলাৰ বাবে উপযুক্ত হয়। যদি নতুন পুখুৰী হয় অথবা পুৰণি পুখুৰী ইতিমধ্যে সিঁচি পেলোৱা হৈছে, তেন্তে তলিখন হাল বাই কোমল কৰি লোৱাৰ লগতে পাৰত উন্নত প্ৰজাতিৰ ঘাঁহ, যেনে-পাৰা, গিনি, নেপিয়াৰ আদি ৰোপণ কৰিব লাগে। পুখুৰীৰ পাৰত ৰোৱা ঘাঁহে পাৰটো খহি যোৱাৰ পৰা ৰক্ষা কৰে।

পোনামাছ প্ৰতিপালন কৰিবলৈ পুখুৰীৰ প্ৰস্তুতি: যিহেতু প্ৰাৰম্ভিক অৱস্থাত ভ্ৰুণ পোনাবোৰ যথেষ্ট চালুকীয়া আৰু দুৰ্বল হৈ থাকে, সেইবাবে পানীৰ উন্নত গুণাগুণ আৰু পুষ্টিকৰ খাদ্যৰ অভাৱত অধিকসংখ্যক ভ্ৰুণ পোনাৰ মৃত্যু হ’ব পাৰে। ভ্ৰুণ পোনাসমুহ নাৰ্ছাৰী পুখুৰীত ১৫ দিনৰ বাবে ৰখা হয়। নাৰ্ছাৰী পুখুৰীত ভ্ৰুণ

পোনা ৰখাৰ বাবে ল’বলগীয়া ব্যৱস্থাসমুহ হ’ল -

পোনা মেলাৰ আগেয়ে পুখুৰীত প্ৰতিবিঘা পানীকালিত ২৫ কিলোগ্ৰাম চুণ প্ৰয়োগ কৰিব লাগে। সাধাৰণতে মাটিৰ পি এইচ মানৰ ওপৰত চুণৰ নিৰিখ নিৰ্দ্ধাৰণ কৰা হয় যদিও ৰাজ্যখনৰ মাটি আৰু পানীৰ আম্লিক গুণাগুণৰ ওপৰত ভিত্তি কৰি গড় হিচাপত উল্লিখিত পৰিমাণৰ চুণ প্ৰয়োগ কৰাটো মাছ পালনৰ দিশত ফলপ্ৰসু হিচাপে পৰিগণিত হৈছে। শুকান পুখুৰীত চুণ ছটিয়াই দিব লাগে আৰু পানীত প্ৰয়োগ কৰিলে এটা পাত্ৰত চুণখিনি গুলি গলিত চুণ পুৱা পুখুৰীৰ পানীত ছটিয়াই দিব লাগে। চুণ প্ৰয়োগ কৰাৰ সাতদিন পিছত প্ৰতি বিঘা পানীকালিৰ পুখুৰীত জৈৱিক সাৰ হিচাপে ১০০০ কিলোগ্ৰাম গৰুৰ কেঁচা গোবৰ প্ৰয়োগ কৰা হয়। গৰুৰ কেঁচা গোবৰত ০.১ শতাংশ ফছফৰাছ আৰু ০.৫ শতাংশ পটাছ থাকে, যিয়ে পুখুৰীত মাছৰ প্ৰাকৃতিক খাদ্যপ্লৱক উৎপাদনত সহায় কৰে। গোবৰ প্ৰয়োগৰ ১০-১৫ দিন পিছত ৰাসায়নিক সাৰ ইউৰিয়া ৪.০ কিলোগ্ৰাম আৰু ছিংগল ছুপাৰ ফছফেট ৩.০ কিলোগ্ৰাম প্ৰয়োগ কৰা হয়। চুণ আৰু সাৰ প্ৰয়োগৰ পিছত পুখুৰীত যেতিয়া পাতল সেউজীয়া চামনি পৰে আৰু পুখুৰীত অন্তত: তিনি ফুটমান পানী হয় তেতিয়া পোনা মেলাৰ উপযোগী হয়। নাৰ্ছাৰী পুখুৰীত পোনা মেলাৰ আগেয়ে ল’বলগীয়া আন এটা প্ৰধান ব্যৱস্থা হ’ল পুখুৰীত ইতিমধ্যে সৃষ্টি হোৱা কীট-পতংগ নাশ কৰা। বেছিভাগ জলজ কীটে ভ্ৰুণ পোনাবোৰ খাই পেলায় নতুবা তেজ শুহি লয়। তদুপৰি ইহঁতে খাদ্যৰ বাবে পোনাৰ লগত প্ৰতিযোগিতা নামে। প্ৰতি কঠা পানীকালিৰ নাৰ্ছাৰী পুখুৰীত ৫০০ গ্ৰাম কাপোৰ ধোৱা চাবোন আৰু ১.৫ লিটাৰ বনস্পতি তেল ভালদৰে মিহলাই অলপ তাপ দি পুখুৰীৰ উপৰি ভাগত ভালদৰে ছটিয়াই দিব লাগে। যিহেতু কীট-পত্ংগবোৰে বায়ুমণ্ডলৰ পৰা অক্সিজেন সংগ্ৰহ কৰাত এই মিশ্ৰণটোৱে বাধা দিয়ে, সেয়েহে পুখুৰীত ইতিমধ্যে সৃষ্টি হোৱা পোক-পৰুৱাসমুহ মৰি যায়। বতাহ নথকা দিনত আৰু পোনা মেলাৰ ১২ ঘণ্টা আগেয়ে এই মিশ্ৰণ ছটিয়ালে অধিক ফলপ্ৰসু হয়।

পোনা মেলাৰ সময়: যদি মীনাপোনা উৎপাদন কৰা হেচ্চাৰীৰপৰা নাৰ্ছাৰী পুখুৰীটো দুৰত হয়, তেন্তে পোনাবোৰ অক্সিজেনযুক্ত পলিথিন বেগৰ সহায়ত কঢ়িয়াব লাগে। পলিথিন বেগবোৰ নোখোলাকৈ নাৰ্ছাৰী পুখুৰীত কিছু সময়ৰ বাবে ওপঙাই ৰাখিব লাগে। যদি পলিথিন বেগৰ পানীৰ উষ্ণতা আৰু নাৰ্ছাৰী পুখুৰীৰ পানীৰ উষ্ণতাৰ পাৰ্থক্য ৫ ডিগ্ৰী ছেলছিয়াছ বা ততোধিক হয়, তেন্তে পোনাৰ মৃত্যুৰ হাৰ অধিক হয়। পোনাবোৰ পুৱাৰ ভাগত আৰু প্ৰতি কঠা পানীকালিৰ বাবে ৭৫,০০০-৯০,০০০ টা ভ্ৰুণ পোনামেলা উচিত।

পোনা মেলাৰ পিছত: নাৰ্ছাৰী পুখুৰীত পোনা মেলৰ পিছত পৰিপুৰক খাদ্য হিচাপে চাউলৰ মল আৰু সৰিয়হৰ খলি হৈ ১:১ অনুপাতত মিহলাই কিছু পৰিমাণে শুকান মাছৰ গুড়িসহ প্ৰয়োগ কৰিব লাগে। এগ্ৰিমিন নামৰ ভিটামিন মিশ্ৰণ খাদ্যৰ লগত মিহলাই দিলে ভাল ফল পোৱা যায়। খাদ্যখিনি গুড়ি কৰি ছটিয়াই দিব লাগে।

নাৰ্ছাৰী পুখুৰীত দিবলগীয়া খাদ্যৰ পৰিমাণ: এক কঠা জলকালিৰ পুখুৰীৰ বাবে ১-৫ দিনলৈ –প্ৰতিদিনে ০.৫ কিলোগ্ৰাম; ৬-১২ দিনলৈ প্ৰতিদিনে ১.০ কিলোগ্ৰাম; ১৩ দিন-খাদ্য দিয়া নহয়, ১৪ দিন-মীনপোনাবোৰ ধৰা হয়।

এনেদৰে নাৰ্ছাৰী পুখুৰীত প্ৰতিপালন কৰা পোনাবোৰক ফ্ৰাই পোনা বোলা হয়। এইবোৰৰ দৈৰ্ঘ্য প্ৰায় ২.৫-৪.০ ছেণ্টিমিটাৰ। এবছৰত একোটা নাৰ্ছাৰী পুখুৰীত তিনি-চাৰিবাৰ ফ্ৰাই পোনা উৎপাদন কৰিব পাৰি।

উৎপাদন: প্ৰায় ৪০ শতাংশ ভ্ৰুণ পোনাৰ মৃত্যু হোৱা বুলি ধৰিলেও প্ৰতি কঠাৰ নাৰ্ছাৰী । পুখুৰী একোটাত পোনা উৎপাদন প্ৰায় ৫০,০০০ টা। প্ৰতি হাজাৰ ফ্ৰাই পোনাখিনি বিক্ৰী মুল্য ২০০ টকা হ’লেও উৎপাদিত ফ্ৰাই পোনাখিনিৰ মুল্য ১০,০০০ টকা। গতিকে এক কঠাৰ নাৰ্ছাৰী পুখুৰী এটাত এবাৰত পোনা প্ৰতিপালন কৰি অতি কমেও লাভ হ’ব প্ৰায় ৭,০০০ টকা। এবছৰত একোটা নাৰ্ছাৰী পুখুৰীত চাৰিবাৰ ফ্ৰাই পোনা উৎপাদন কৰিব পাৰি।

গতিকে চাৰিবাৰৰ পোনা প্ৰতিপালনত আয় হ’ব প্ৰায় ২৮,০০০ টকা। মন কৰিবলগীয়া যে ভ্ৰুণ পোনা প্ৰতিপালনৰ বাবে প্ৰথমবাৰ পুখুৰী সিঁচাৰ পিছত বাকীকেইবাৰ সিঁচিবৰ প্ৰয়োজন নহয়, অৰ্থাৎ এটা ঋতুৰ বাবে এবাৰেই পুখুৰী প্ৰস্তুত কৰিলে হয়। কিন্তু পানীৰ গুণাগুণ পৰীক্ষা, খাদ্য যোগান আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থা আদি কৰাটো বাঞ্চনীয়। এজন মীনপালকে দুবিঘা পানীকালিৰ নাৰ্ছাৰী পুখুৰীত (প্ৰায় ১০ টা) পোনা প্ৰতিপালন কৰিয়েই ৩-৪ মাহত সকলো খৰশ বাদ দি অতি সহজে দুই লাখ টকা আয় কৰিব পাৰে। কিন্তু এইক্ষেত্ৰত ল’বলগীয়া সাৱধানতাসমুহ হ’ল-

*ভ্ৰুণ পোনাসমুহ উন্নত মানৰ হোৱাটো নিশ্চিত হ’ব লাগে।

*সেই অঞ্চলত ফ্ৰাই মীনপোনা বিক্ৰীৰ নিশ্চয়তা থাকিব লাগিব।

*পোনাসমুহ যিমান আগতীয়াকৈ পাৰি প্ৰতিপালন কৰিলে অধিক লাভৱান হ’ব পাৰি। অন্যথা পোনাৰ চাহিদা ক্ৰমান্বয়ে নাইকিয়া হ’ব আৰু বজাৰমুল্য কমি যায়।

*সকলো প্ৰজাতিৰ মাছৰ বজাৰ মুল্য একে নহয়। গতিকে প্ৰজাতি ভেদে মাছপোনা প্ৰতিপালন কৰা উচিত।

ৰিয়েৰিং পুখুৰীত মাছপোনাৰ প্ৰতিপালন -

ফ্ৰাই পোনাসমুহ যথেষ্ট সৰু হোৱা বাবে ভঁৰাল পুখুৰীত মেলিব পৰা নাযায়। সেইবাবে এই ফ্ৰাইপোনাবোৰক আকৌ ৰিয়েৰি পুখুৰীত ৪৫-৬০ দিনৰ ববএ পালন কৰা হয়। ৰিয়েৰিং পুখুৰীত পালন কৰাৰ পিছত ফ্ৰাইবোৰক দৈৰ্ঘ্য যেতিয়া প্ৰায় ৪.০-১০.০ ছেণ্টিমিটাৰ হয়, তেতিয়া সিহঁতক ফিংগাৰলিং বুলি কোৱা হয় আৰু সেই পোনা মাছখিনিহে ভঁৰাল পুখুৰীৰ বাবে উপযুক্ত । ৰিয়েৰিং পুখুৰী আয়তাকাৰ, ৰ’দঘাই অঞ্চলত আৰু প্ৰায় দুই-আঢ়ৈ কঠা কালিৰ হ’ব লাগে। গভীৰতা ১.৫- ২.০ মিটাৰলৈকে হ’ব লাগে। পুখুৰীটো খৰালি শুকুৱাই লৈ তলিত চুণ প্ৰয়োগ কৰিব লাগে (নাৰ্ছাৰী পুখুৰীত উল্লেখ কৰা পৰিমাণত)। পোনা মেলাৰ দুসপ্তাহ আগেয়ে দুই কঠাৰ পুখুৰীৰ বাবে ১২০ কিলোগ্ৰাম কেঁচা গোবৰ দিব লাগে আৰু প্ৰতি মাহে সমহাৰত গোবৰ প্ৰয়োগ কৰিব লাগে। তদুপৰি দুকণ্ঠাৰ পুখুৰীত ইউৰিয়া আৰু ছিংগল ছুপাৰ ফছফেট ৫ কিলোগ্ৰামকৈ পোনা মেলাৰ কেইদিনমান আগেয়ে দিব লাগে আৰু একে হাৰত আৰু দুবাৰকৈ প্ৰতি মাহে দিব লাগে। প্ৰতি দুকঠা পানীকালিৰ ৰিয়েৰিং পুখুৰীৰ বাবে ১০,০০০ টা ফ্ৰাই পোনা মেলিব পাৰি। ৰৌ, ভকুৱা আৰু মিৰিকা মাছৰ পৰিমাণ ক্ৰমে ৪,০০০ টা, ৩,০০০ টা আৰু ৩,০০০ টা হোৱা উচিত।

পুখুৰীত গুণগত মানৰ ফিংগাৰলিং উত্‌পাদন কৰিবলৈ হ’লে পৰিপুৰক খাদ্য নিতৌ দিয়া অত্যন্ত আৱশ্যক। চাউলৰ মল আৰু সৰিয়হৰ খলি হৈ ১:১ হাৰত মিহলাই লগতে শুকান মাছৰ গুড়ি, মিনাৰেল অথবা এগ্ৰিমিন আদি দিব লাগে। দুকঠা পানীকালিৰ ৰিয়েৰিং পুখুৰী এটাত দিবলগীয়া খাদ্যৰ নিৰিখ-

প্ৰথম মাহ: প্ৰতিদিনে ০.৬ কিলোগ্ৰামকৈ আৰু

দ্বিতীয় মাহ: প্ৰতিদিনে ১.০ কিলোগ্ৰামকৈ।

বতৰৰ ডাৱৰীয়া হ’লে বা পুখুৰীৰ উপৰিভাগত শেলাইৰ চামনি দেখা দিলে খাদ্য প্ৰয়োগ নকৰাই ভাল। গ্ৰাছকাৰ্পৰ ববএ কোমল ঘাঁহ, কলপাত আদি যোগান ধৰিব লাগে। একোটা ৰিয়েৰিং পুখুৰীত বছৰেকত দুবাৰ পোনা প্ৰতিপালন কৰিব পাৰি আৰু পৰৱৰ্তী সময়ত একেটা পুখুৰীতে বছৰেকীয়া পোনা (Carried Over Seed) উৎপাদন কৰিব পাৰি।

ৰিয়েৰিং পুখুৰীত প্ৰজাতিৰ সংমিশ্ৰণ -

সংমিশ্ৰিত পদ্ধতিত ৬-৭ বিধ কাৰ্পৰ ফ্ৰাই একেলগে পালন কৰিব পৰা হয় যদিও ফিংগাৰলিং উৎপাদনৰ বাবে সকলো প্ৰজাতি একেলগে ৰাখিব নালাগে। বিজ্ঞানসন্মত ফ্ৰাই সংমিশ্ৰণ কৰাৰ অনুপাত তালিকা-১ দিয়া হ’ল।

তালিকা-১

প্ৰজাতি

সংমিশ্ৰণৰ অনুপাত

বাহু+ৰৌ+মিৰিকা

২:৪:৪

ছিলভাৰকাৰ্প+গ্ৰাছকাৰ্প

১:২

ছিলভাৰকাৰ্প+গ্ৰাছকাৰ্প+কমনকাৰ্প

৪:৩:৩

ছিলভাৰকাৰ্প+গ্ৰাছকাৰ্প+কমনকাৰ্প

৫:২:৩

বাহু+ৰৌ+মিৰিকা+কমনকাৰ্প

৩:৪:১:২

বাহু+ৰৌ+মিৰিকা+গ্ৰাছকাৰ্প

৪:৩:১.৫:১.৫

বাহু+ৰৌ+মিৰিকা+গ্ৰাছকাৰ্প

৩:৩:৩:১

ছিলভাৰকাৰ্প+গ্ৰাছকাৰ্প+কমনকাৰ্প+ৰৌ

৩:১.৫:২.৫:৩

ছিলভাৰকাৰ্প+গ্ৰাছকাৰ্প+কমনকাৰ্প+ৰৌ

৪:২:২:২

 

দুকঠাৰ ৰিয়েৰিং পুখুৰীত পোনা প্ৰতিপালনৰ খৰচ -

ক) পানী সিঁচা আৰু পুখুৰী প্ৰস্তুতকৰণ

২০০০ টকা

খ) চুণ

২০০ টকা

গ) কেঁচা গোবৰ

২৫০ টকা

মীনপোনা (ফ্ৰাই)

২০০০ টকা

ঙ) খাদ্য

৫০০ টকা

চ) অন্যান্য খৰচ

১,২৫০ টকা

মুঠ

৬,০০০ টকা

 

উৎপাদন: ১০ শতাংশ ফ্ৰাই পোনাৰ মৃত্যু হ’ব বুলি ধৰিলেও মুঠ ফ্ৰাই পোনা উৎপাদন হ’ব প্ৰায় ৯,০০০ টা। প্ৰতিটো পোনাৰ বিক্ৰীমুল্য দুটকা ধৰিলেও উত্য্পাদিত ফিংগাৰলিংখিনিৰ বিক্ৰী মুল্য হ’ব ১৮,০০০ টকা। গতিকে প্ৰতি দুকঠাৰ ৰিয়েৰিং পুখুৰীৰপৰা এবাৰত লাভ হয় ১২,০০০ টকা আৰু বছৰেকত দুবাৰ পোনা প্ৰতিপালন কৰিলে মুঠ লাভ হয় ২৪,০০০ টকা। গতিকে ৰিয়েৰিং পুখুৰীৰ সংখ্যা বঢ়াই মীনপালকজন অধিক লাভৱান হ’ব পাৰে।

পোনা প্ৰতিপালনত ল’বলগীয়া সাৱধানতাসমুহ -

*মাছ পোনাসমুহ উন্নত মানৰ হোৱাটো বাঞ্চনীয়।

*নাৰ্ছাৰী পুখুৰীৰ ওচৰত ৰিয়েৰিং পুখুৰী থাকিলে বেছি সুবিধাজনক।

*আগতীয়া পোনাৰ চাহিদা আৰু বজাৰ মুল্য বেছি বাবে যথাসম্ভৱ সোনকালে পোনা প্ৰতিপালন ব্যৱস্থা কৰিব লাগে।

*এইক্ষেত্ৰত মীনপালকজন প্ৰশিক্ষণপ্ৰাপ্ত হ’লে ভাল।

বৰ্তমান যিহেতু পোনা উৎপাদন তথা মীন পালন কৰ্মপঞ্জী আৰম্ভ কৰাৰ সময়, সেয়েহে পোনা প্ৰতিপালন কৰি কৰ্মত অগ্ৰসৰ হোৱাৰ সময় সমাগত। এই সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শৰ বাবে ৯৪৩৫৩০৯৫৬৮ নম্বৰত যোগাযোগ কৰিব পাৰে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা (দৈনিক অসম)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top