মূল পৃষ্ঠা / কৃষি / মীণ পালন / ৰৌমাৰী পথাৰত তাইজুদিনহঁতৰ কৃষক গোটৰ বিষয়ে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰৌমাৰী পথাৰত তাইজুদিনহঁতৰ কৃষক গোটৰ বিষয়ে :

ৰৌমাৰী পথাৰত তাইজুদিনহঁতৰ কৃষক গোটৰ বিষয়ে

 

হাউলী ডবলিয়া অঞ্চলত প্ৰায় ৭৫ টাৰো অধিক মাছৰ পুখুৰী আছে।গতিকে বৰপেটা জিলাৰ Iterveta ADO ক লগ ধৰিবলৈ মৎস্যপালকক ক’লোঁ।আনহাতে মন্দিয়াত আলু এইবেলি পানীৰ দৰত বিক্ৰী হৈছে।বৈজ্ঞানিকসকলৰ মতে,অৰ্গেনিক ফাৰ্মিং কৰিলে বহুদিনলৈ বীজ,গুটি আদি ভালে থাকে।তাতো এফ পি চি খোলাটো ।‘Farmers Produces Organization এটা তাইজুদ্দিন আহমেদহঁতৰ ছনেটাৰী গাঁৱত খোলা হৈছে।এই অঞ্চলৰ ১০০ জন কৃষকৰ নিজা মাটিত ১/২ টা মাছৰ পুখুৰী,কল,নাৰিকল,অন্যান্য ফলমুল-লিচু,কৰ্দৈ,পাণ-তামোল,জালুক খেতি,কুঁহিয়াৰ,তিয়ঁহ,মৰাপাট খেতিৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি।তাইজুদ্দিনৰ দুজন ভাইৰ মাজত ৬০ ডাল কেৱল লমালমে লগা লিচু বাগান।ছনেটাৰী গাঁৱৰ ৰাইজৰ নোহোৱা খেতি নাই।কুঁহিয়াৰ চাবাই মোটা,শ শ বিঘাৰ ধইনচাৰ খেতি,শন,চাপহেম্প,ছানফ্লাৱাৰ,তিল,গুজিতিল,সৰিয়হ খেতি গাঁৱৰ ৰাইজে ৰৌমাৰী পথাৰত কৰে।সৰিয়হৰ হালধীয়া দলিচা ব্ৰহ্মপুত্ৰ চৰলৈকে মানে ব্ৰহ্মপুত্ৰ নৈলে বিয়পিছে।কোনো এডোখৰ ঠাই পৰি নাথাকে।তাইজুদিনৰ ২ ভাই মিলি ৩০ বিঘাত কেৱল আলুখেতি কৰে।সঁচ বা জাত ২/৩ ট্ৰাক বাহিৰৰ পৰা আনে।খেতি কৰি নিজৰ মটৰচাইকেল,মটৰ গাড়ী,ল’ৰা-ছোৱালীক শিক্ষিত কৰিছে।গাঁৱত ৪/৫ জন ইঞ্জিনীয়াৰ,ডাক্তৰ হৈছে।কৃষক বা শিক্ষিত যুৱক-যুৱতী একমিনিটো বহি নাথাকে।গাওঁখনত ৫০ টাৰো অধিক মাছৰ পুখুৰী,প্ৰত্যেকৰে গাইগৰু,ছাগলী,ভেড়া,পাৰ,কুকুৰা ,হাঁহ আছে।বৰপেটা জিলাৰ কৃষি উন্নয়ন বিষয়াই গাঁৱত ঘুৰি বৰ্তমান ৪/৫ টা গোট লগ লগাই ৰেজিষ্টাৰ কৰাৰ বাবে পৰামৰ্শ দিছে।কৃষকক বিশেষকৈ মুছলমান ভাইসকলক একত্ৰিত কৰাত সুবিধা ।মতা-মাইকী,ল’ৰা-বুঢ়া সকলোৱে কৃষিকাৰ্যত আত্মনিয়োগ কৰে।ৰেজিষ্টাৰ্ড এফ পি অ’ হ’লে এওঁলোকে কৃষি বিভাগৰ পৰা সকলো সুবিধা যেনে-মাহজাতীয় শস্য,মাকৈ,ফুল,ফলমুল,ট্ৰেক্টৰ,ৰাইচ মিল পোৱাৰ বাবে অসুবিধা নহ’ব।

লেখক: মনজিৎ তালুকদাৰ (নিয়মীয়া বাৰ্তা)

2.94736842105
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top