অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উৎপাদিকা শক্তিৰ বৃদ্ধি আৰু ৰোগ নিৰাময়ৰ উদ্দেশ্যে পশুপালন খণ্ডত জৈৱ-প্ৰযুক্তিৰ প্ৰয়োগ

জীৱ অথবা জীৱৰ পৰা উপলভ্য যিকোনো সামগ্ৰী ব্যৱহাৰ কৰি উদ্ভিদ বা প্ৰাণীৰ উন্নয়নৰ স্বাৰ্থত কোনো বস্তুৰ সৃষ্টি অথবা ৰূপান্তৰ ঘটাব পৰা যিকোনো প্ৰযুক্তিকে জৈৱ-প্ৰযুক্তি বুলিব পাৰি। সম্প্ৰতি বিশ্বত ই বৈজ্ঞানিক বিকাশৰ এক অন্যতম অগ্ৰণী খণ্ড। জৈৱ-প্ৰযুক্তিৰ অগ্ৰগতিয়ে বিজ্ঞানৰ বিভিন্ন শাখা, যেনেঃ কৃষি, প্ৰাণী বিজ্ঞান, পৰিৱেশ বিজ্ঞান, খাদ্য বিজ্ঞান, ভেষজ বিদ্যা আদিলৈ অনন্য অৱদান আগবঢ়াইছে। পশুৰ স্বাস্থ্য, পুষ্টি, প্ৰজনন আৰু পশুৰ পৰা উৎপাদিত সামগ্ৰী আদিৰ ক্ষেত্ৰত যোগাব পৰা অৱদানৰ জড়িয়তে বিজ্ঞানৰ এই শাখাটো পশুধনৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত এক বহনক্ষম উপায় ৰূপে পৰিগণিত হৈছে।

পশু উৎপাদনে সন্মুখীন হোৱা প্ৰধান প্ৰত্যাহ্বানটো হ’ল – নিৰ্দ্দিষ্ট অৰ্থনৈতিক আৰু পৰিৱেশজনিত প্ৰতিবন্ধকতা স্বত্বেও সমাজৰ ক্ৰম-বৰ্দ্ধিত প্ৰয়োজন পূৰাব পৰাকৈ  উপযুক্ত পৰিমাণৰ খাদ্যবস্তুৰ যোগান ধৰা। খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ মতে এতিয়াৰ পৰা প্ৰায় ৫০ বছৰৰ পাছত (২০৬০ চনত) বিশ্বৰ প্ৰায় ৭০ শতাংশ মানুহে অনাহাৰত দিন কটাব লাগিব। বৰ্ত্তমানে বিশ্বত প্ৰতিজন ব্যক্তিৰ বাবে উপলব্ধ পশুজাত প্ৰটিনৰ পৰিমাণ হ’ল দৈনিক ২৯ গ্ৰাম (বছৰি প্ৰায় ১০ কিলোগ্ৰাম)। অৱশ্যে পৃথিৱীৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহত (য’ত বিশ্বৰ প্ৰায় ৮০ শতাংশ লোকে বাস কৰে) পশুজাত প্ৰটিনৰ চাহিদা ক্ষিপ্ৰ হাৰত বৃদ্ধি হ’বলৈ ধৰিছে।

বৰ্দ্ধিত চাহিদাৰ সৈতে খাপ খোৱাকৈ পশুধনৰ উৎপাদন বৃদ্ধি হোৱাটো অত্যন্ত জৰুৰী – যাৰ বাবে প্ৰয়োজন পশুৰ স্বাস্থ্য, পুষ্টি আৰু পশুৰ পৰা উৎপাদিত সামগ্ৰীৰ উন্নয়ন। সেয়েহে উৎপাদনশীলতা বঢ়োৱাৰ উদ্দেশ্যে পশু-উৎপাদনৰ প্ৰচলিত পদ্ধতিৰ আমূল পৰিৱৰ্ত্তনৰ প্ৰয়োজন আহি পৰিছে। ক্ৰমবৰ্দ্ধিত জনসংখ্যাৰ চাহিদা পূৰাব পৰাকৈ খাদ্য-সামগ্ৰীৰ উৎপাদন নিশ্চিত কৰাৰ কাৰণে জৈৱ-প্ৰযুক্তিগত গৱেষণাত অধিক গুৰুত্ব প্ৰদান কৰা আৱশ্যক। পশুৰ শাৰীৰিক বিকাশ, মাংসৰ গুণাগুণ আৰু প্ৰজনন ক্ষমতা বৃদ্ধি, পুষ্টি যোগান আৰু পশুখাদ্যৰ যথোপযুক্ত ব্যৱহাৰ, খাদ্যৰ মান আৰু সুৰক্ষা নিশ্চিতকৰণ, পশুৰ স্বাস্থ্য ৰক্ষা আৰু কল্যাণ, আৰু সম্পদৰ যথোপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰি অপচয় ৰোধ কৰা আদিৰ মাধ্যমেৰে জৈৱ-প্ৰযুক্তিয়ে পশুৰ উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াবলৈ সক্ষম। অন্য যিকোনো খণ্ডতকৈ পশু উৎপাদনৰ জৈৱ-প্ৰযুক্তিৰ অধিক ক্ষিপ্ৰ বিকাশ ঘটিছে।  ২০২০ চন মানত গৈ ই হয়তো কৃষি খণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশৰূপে পৰিগণিত হ’ব।

পশু পৰিপুষ্টিৰ ক্ষেত্ৰত জৈৱপ্ৰযুক্তিৰ প্ৰয়োগ

মুঠ উৎপাদিত পৰিমাণ আৰু গুণগত মানদণ্ড এই দুয়োটা দিশৰ পৰাই পশু উৎপাদনৰ ক্ষেত্ৰত সন্মুখীন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হ’ল পশুৰ পৰিপুষ্টি। পশুখাদ্যৰ এক বুজন অংশই হ’ল আঁহযুক্ত, যাৰ পুষ্টিকৰ আৰু হজমী গুণ খাদ্যভেদে বেলেগ বেলেগ। পশু পৰিপুষ্টিবিদসকলে সম্প্ৰতি এনে কেতবোৰ প্ৰযুক্তিৰ আৱিষ্কাৰ কৰিছে, যাৰ সহায়ত পশুখাদ্যৰ পুষ্টিকৰ গুণ বৃদ্ধি কৰিব পাৰি, হজম কৰিব পৰা গুণ বঢ়াব পাৰি আৰু খাদ্যত থকা অপকাৰী উপাদানসমূহ আঁতৰ কৰিব পাৰি। তদুপৰি, কম গুণ-সম্পন্ন পশুখাদ্যৰ পাচন বঢ়োৱাৰ উদ্দেশ্যে গৰু-ম’হৰ পাকস্থলীত থকা অনুজীৱসমূহৰ প্ৰকৃতি কেতবোৰ খাৰুৱা দ্ৰৱ্যৰ সহায়ত সলনি কৰিব পৰা প্ৰযুক্তিৰো আৱিষ্কাৰ হৈছে।

আঁহযুক্ত পশুখাদ্য সহজতে হজম নোহোৱাৰ এটা মূল কাৰণ হ’ল এনে খাদ্যত থকা লিগ্নিন্ নামৰ জৈৱ-পদাৰ্থ। এইবিধ পদাৰ্থৰ বদগুণ নাইকিয়া কৰিব পৰা লিগ্নেজ নামৰ উৎসেচক (enzyme) বিধ সম্প্ৰতি ফেনেৰ’কীট ক্ৰায়’স্প’ৰিয়াম নামৰ এবিধ ভেঁকুৰৰ পৰা উৎপাদন কৰিব পৰা হৈছে। অন্যহাতে ভেঁকুৰবিধৰ পৰা উৎপাদন কৰিব পৰা এই উৎসেচকৰ পৰিমাণ যিহেতু অতি কম, গতিকে বিজ্ঞানীসকলে ভেঁকুৰৰ কোষৰ পৰা এই উৎসেচকৰ সৈতে জড়িত জিন (gene) আহৰণ কৰি আধুনিক জৈৱ-প্ৰযুক্তি প্ৰয়োগ কৰি তাক বেক্টেৰিয়াৰ কোষত সুমুৱাই দি অধিক মাত্ৰাত উৎসেচকবিধ উৎপাদন কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

প্ৰিবায়’টিক আৰু প্ৰবায়’টিক প্ৰয়োগ কৰি পাকস্থলী আৰু অন্ত্ৰৰ আভ্যন্তৰীণ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্ত্তন কৰাটো জীৱ-জন্তুৰ বাবে অতিশয় উপকাৰী; ইয়াৰ জৰিয়তে বিশেষকৈ পুষ্টিকৰ খাদ্যবস্তু হজম কৰিব পৰা ক্ষমতা আৰু পুষ্টিৰ উপলভ্যতা বৃদ্ধি কৰিব পাৰি। এই প্ৰক্ৰিয়াটোৰ মূল লক্ষ্য হ’ল গৰু-ম’হৰ পাকস্থলীৰ প্ৰথমটো প্ৰকোষ্ঠ অৰ্থাৎ ৰুমেনৰ ভিতৰত বাস কৰা অনুজীৱসমূহৰ সংখ্যা আৰু প্ৰকাৰৰ পৰিৱৰ্ত্তন কৰা। ৰুমেনৰ ভিতৰলৈ জৈৱ-প্ৰযুক্তিৰ জৰিয়তে প্ৰকৃতিগত সালসলনি কৰা কেতবোৰ বেক্টেৰিয়াৰ নিৱেশ ঘটাই ৰুমেনত খাদ্যবস্তুৰ কিণ্বন (fermentation) বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰা হৈছে। আনহাতে, এনে ধৰণৰ বেক্টেৰিয়া প্ৰয়োগ কৰি খাদ্যবস্তুত থকা বিভিন্ন প্ৰতি-পুষ্টি পদাৰ্থ (anti-nutritive factors), যেনে প্ৰটিন হজম কৰাত সহায় কৰা উৎসেচক প্ৰটিয়ে’জ ধ্বংসকাৰী পদাৰ্থ, টেনিন্, ফাইট’হিমাগ্লুটিনিন্ আৰু চাইন’জেন আদিৰ বদগুণ নাইকিয়া কৰিবও পৰা যায়।

ডি, এন, এৰ পুনৰ-সংযোজন প্ৰযুক্তি (recombinant DNA technology) প্ৰয়োগ কৰি বেক্টেৰিয়াৰ দ্বাৰা গৰু-ম’হৰ শাৰীৰিক বৃদ্ধিকাৰক হৰম’ন ব’ভাইন চমাট’ট্ৰ’পিন (bovine somatotropin) প্ৰস্তুত কৰা হৈছে। খীৰতী গাইক সপ্তাহত দুবাৰকৈ এনে হৰম’নৰ বেজী দি ২০ শতাংশ দুগ্ধ উৎপাদন বৃদ্ধি কৰিব পৰা যায়। বিজ্ঞানীসকলে যদিও এই হৰম’ন সম্পূৰ্ণ নিৰাপদ বুলি দাবী কৰে, ইউৰোপৰ কোনো কোনো ৰাষ্ট্ৰত ইয়াৰ প্ৰয়োগ এতিয়াও নিষিদ্ধ। অৱশ্যে ইয়াৰ বাবে বোধকৰো আংশিকভাৱে জগৰীয়া ডি, এন, এৰ পুনৰ-সংযোজন প্ৰযুক্তিৰ সৈতে জড়িত নিৰাপত্তাৰ প্ৰশ্ন আৰু আংশিকভাৱে ইয়াৰ কাৰণ এইবোৰ দেশত গাখীৰ উৎপাদনৰ প্ৰাচুৰ্য্য।

পশু-প্ৰজননৰ ক্ষেত্ৰত জৈৱ-প্ৰযুক্তিৰ প্ৰয়োগ

পশু-প্ৰজননৰ ক্ষেত্ৰত সৰ্বাধিক ব্যৱহৃত জৈৱ-প্ৰযুক্তিটো হ’ল কৃত্ৰিম প্ৰজনন আৰু এই প্ৰযুক্তিৰ সহায়ত স্বাভাৱিক প্ৰজননৰ তুলনাত চাৰিগুণ অধিক আনুবংশিক প্ৰগতি (genetic progress) সম্ভৱ হৈ উঠিছে। সম্প্ৰতি পশুধন উদ্যোগত প্ৰয়োগ কৰা সকলো প্ৰযুক্তিৰ ভিতৰত কৃত্ৰিম প্ৰজনন আৰু ভ্ৰূণ স্থানান্তৰ (embryo transfer) প্ৰক্ৰিয়া আটাইতকৈ জনপ্ৰিয় প্ৰযুক্তিৰূপে সমাদৃত হৈছে। এই দুই প্ৰযুক্তিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অন্যান্য প্ৰযুক্তিসমূহ হ’ল – জনন কোষ আৰু ডিম্বৰ বিদাৰণ পদ্ধতি, লিঙ্গ নিৰ্ণয়, ক্ল’নিং, জিন স্থানান্তৰ, অতি শীতলাৱস্থাত ভ্ৰূণ সংৰক্ষণ, পৰীক্ষানলীত ডিম্বাণুৰ পুৰঠকৰণ, নিষেচন আৰু পৰিবৰ্দ্ধন (in-vitro maturation, fertilization and culture) তথা জিনম বিশ্লেষণ (genome analysis)।

কৃত্ৰিম প্ৰজনন

বিশেষকৈ কাৰ্য্যকৰী শুক্ৰ শীতলীকৰণ প্ৰণালীৰ আৱিষ্কাৰ হোৱাৰ পিছত কৃত্ৰিম প্ৰজনন পশুধন আৰু প্ৰধানকৈ গো-উৎপাদনৰ ক্ষেত্ৰত সৰ্বাধিক ব্যৱহৃত প্ৰযুক্তিৰূপে পৰিগণিত হ’ল। বৰ্ণসংকৰ বীজ আৰু ৰাসায়নিক সাৰ প্ৰয়োগৰ বাহিৰে আন কোনো প্ৰযুক্তি সমগ্ৰ বিশ্বতে কৃষিক্ষেত্ৰত ইয়াতকৈ অধিক সমাদৃত হোৱা নাই। শুক্ৰ সংগ্ৰহ, পনীয়াকৰণ আৰু শীতলীকৰণ পদ্ধতিৰ দিশত হোৱা প্ৰগতিয়ে সম্প্ৰতি এটা মাত্ৰ ষাঁড়গৰুৰ শুক্ৰ ব্যৱহাৰ কৰি বিশ্বৰ বিভিন্ন দেশত একেসময়তে ১,০০,০০০ জনী পৰ্য্যন্ত গাইক কৃত্ৰিম প্ৰজনন কৰিব পৰাটো সম্ভৱ কৰি তুলিছে।

ভ্ৰূণ স্থানান্তৰ প্ৰযুক্তি

যদিওবা বৰ্ত্তমানলৈকে কম পৰিসৰৰ পশুপামত ব্যৱসায়িকভাৱে লাভজনক ৰূপত ব্যৱহাৰ কৰিব পৰা হোৱা নাই, এই প্ৰযুক্তিয়ে স্থানীয় প্ৰজাতিৰ পশুধনৰ গৱেষণা আৰু আনুবংশিক উন্নয়নৰ দিশত অতি গুৰুত্বপূৰ্ণ বৰঙণি যোগাব পাৰে। এতিয়ালৈকে ইয়াক কেৱল গাইগৰুৰ ক্ষেত্ৰতহে বহুলভাৱে প্ৰয়োগ কৰা হৈছে। দাত্ৰী গাইৰ পৰা ভ্ৰূণ উৎপাদনৰ বৰ্ত্তমানে দুটা পদ্ধতি উপলব্ধ। এটা হ’ল – গাইৰ দ্বাৰা অধিক হাৰত ডিম্ব উৎপাদন (superovulation), তাৰ পাছত কৃত্ৰিম প্ৰজনন আৰু পৰৱৰ্ত্তী পৰ্য্যায়ত জৰায়ুৰ মাজেৰে তীব্ৰগতিৰে তৰল বোৱাই ভ্ৰূণ সংগ্ৰহ। আনটো পদ্ধতিত, যাক কৃত্ৰিম নিষেচন (in-vitro fertilization)বোলা হয়, ডিম্বাশয়ৰ পৰা ডিম্ব সংগ্ৰহ কৰি শৰীৰৰ বাহিৰত পৰীক্ষানলীত ডিম্ববোৰক পুৰঠ কৰি তুলি নিষেচিত কৰা হয় আৰু পালিতা মাতৃৰ গৰ্ভত প্ৰতিস্থাপিত নকৰালৈকে পৰীক্ষানলীতে কৃত্ৰিম অৱস্থাত পৰিবৰ্দ্ধন কৰা হয়। ভ্ৰূণ স্থানান্তৰ প্ৰযুক্তিৰ প্ৰধান উপকাৰিতা হ’ল এই যে এই প্ৰযুক্তিৰ সহায়ত একোজনী অধিক উৎপাদনক্ষম গাইৰ পৰা বহুসংখ্যক পোৱালি জন্মাব পৰা যায়, যেনেদৰে কৃত্ৰিম প্ৰজননৰ জৰিয়তে একোটা ষাঁড়ৰ শুক্ৰ প্ৰয়োগ কৰি বহুসংখ্যক পোৱালি জন্মাব পৰা যায়।

ডিম্বকোষ আহৰণ, পৰীক্ষানলীত ডিম্বকোষৰ পুৰঠকৰণ আৰু নিষেচন

অধিক হাৰত ডিম্ব উৎপাদন আৰু ভ্ৰূণ স্থানান্তৰ প্ৰক্ৰিয়াৰ দ্বাৰা একোজনী গাইৰ পৰা বছৰি উৎপাদন কৰিব পৰা ভ্ৰূণৰ গড় সংখ্যা হ’ল মাত্ৰ ২০ টা বা তাতকৈ কম। ডিম্বাশয়ৰ পৰা ডিম্বকোষ আহৰণ, পৰীক্ষানলীত ডিম্বকোষৰ পুৰঠকৰণ আৰু নিষেচনৰ আধুনিক পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ সংখ্যা পাঁচগুণ পৰ্য্যন্ত বঢ়াব পৰা যায়। তদুপৰি, ডিম্বাশয়ৰ পৰা ডিম্বকোষ আহৰণ কৰা পদ্ধতি গাভিনী গাই আৰু চেউৰীৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পৰা যায়।

কোষকেন্দ্ৰ স্থানান্তৰ বা ভ্ৰূণৰ অনুৰূপ পৰিবৰ্দ্ধন

এই প্ৰক্ৰিয়াত ডিম্বকোষৰ পৰা কোষকেন্দ্ৰটো আঁতৰ কৰি তাৰ ঠাইত শৰীৰৰ যিকোনো ধৰণৰ কোষলৈ ৰূপান্তৰিত হোৱাৰ ক্ষমতা থকা ভ্ৰূণীয় আদিকোষ (embryonic stem cell)ৰ পৰা আহৰণ কৰা কোষকেন্দ্ৰ সুমুৱাই দিয়া হয়। এই প্ৰক্ৰিয়াৰ জৰিয়তে অধিক উৎপাদনক্ষম গাই এজনীৰ পৰা সাইলাখ অনুৰূপ বহুসংখ্যক গাইৰ সৃষ্টি কৰাটো সম্ভৱ হৈ উঠিছে। আনহাতে, অতি সম্প্ৰতি শৰীৰৰ যিকোনো কোষকে ভ্ৰূণীয় আদিকোষলৈ ৰূপান্তৰ কৰা পদ্ধতিও আৱিষ্কাৰ হোৱাৰ পিছত ভৱিষ্যতে এই পদ্ধতিৰ বিকাশে পশুধনৰ প্ৰজননৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্ত্তন আনিব বুলি আশা কৰা হৈছে।

লিঙ্গ বাচনি

যিহেতু সন্তানৰ লিঙ্গ নিৰ্ণিত হয় পুংজনন কোষৰ যৌন বংশগতি সূত্ৰ (sex chromosome) ডাল x নে y তাৰ ওপৰত, গতিকে এই গুণক ভিত্তি কৰি পুংজনন কোষৰ বাচনি কৰিব পৰা হ’লে নিৰ্বাচিত শুক্ৰ প্ৰয়োগ কৰি কৃত্ৰিম প্ৰজনন ঘটাই সন্তানৰ লিঙ্গ ইচ্ছামতে নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হৈ পৰিব। দুগ্ধ উদ্যোগৰ বিকাশত এই প্ৰযুক্তিয়ে যে এক গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব সি ধূৰুপ। সাম্প্ৰতিক কালত ফ্ল’ৰেচেন্স প্ৰয়োগ কৰি ফ্ল’ চাইট’মিটাৰ (flow cytometer) নামৰ যন্ত্ৰৰ সহায়ত x আৰু yক্ৰম’জ’ম বিশিষ্ট পুংজনন কোষ সহজেই বাচনি কৰিব পৰা হৈছে। অৱশ্যে বৰ্ত্তমানলৈকে এই পদ্ধতি প্ৰয়োগ কৰি আহৰণ কৰিব পৰা পুংজনন কোষৰ সংখ্যা পৰ্য্যাপ্ত নোহোৱাৰ বাবে প্ৰচলিত কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়াত প্ৰয়োগ কৰিব পৰাকৈ এই প্ৰযুক্তিৰ বিকাশ সম্ভৱ হৈ উঠা নাই। কিন্তু পৰীক্ষানলীত নিষেচন কৰা পদ্ধতিত এই প্ৰযুক্তিৰ প্ৰয়োগে এক আমূল পৰিৱৰ্ত্তনৰ সূচনা কৰিছে।

জৈৱ-প্ৰযুক্তি আৰু পশু উৎপাদন

যিকোনো জীৱৰ বাহ্যিক গতি-প্ৰকৃতি তাৰ বংশগতি আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে। এই সূত্ৰক সাৰোগত কৰি পশু-বিজ্ঞানীসকলে পশুধনৰ উৎপাদিকা শক্তিৰ বিকাশৰ ক্ষেত্ৰত দুই ভিন্ন প্ৰচেষ্টা হাতত লৈছে।  এহাতেদি তেওঁলোকে পশুপালন, পৰিপুষ্টি, ৰোগ নিৰাময় আৰু প্ৰতিষেধনৰ বিজ্ঞানসন্মত পদ্ধতিৰ প্ৰয়োগেৰে পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা কৰিছে আৰু আনহাতেদি, প্ৰজননৰ বাবে কৃত্ৰিমভাৱে পশুধনৰ বাচনি কৰি ঘৰচীয়া পশু-পক্ষীৰ আনুবংশিক গুণাগুণ উন্নত কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰিছে। পশুধন উৎপাদনৰ ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োগ কৰা জৈৱ-প্ৰযুক্তিসমূহৰ ভিতৰত নিম্নোক্ত প্ৰযুক্তিসমূহ উল্লেখযোগ্য –

  • বৰ্দ্ধিত উৎপাদিকা শক্তিযুক্ত অথবা অধিক পুষ্টিকৰ কৰিবলৈ জৈৱ-প্ৰযুক্তিৰে ৰূপান্তৰিত ঘাঁহজাতীয় পশুখাদ্য উৎপাদন
  • জৈৱ-প্ৰযুক্তি প্ৰয়োগ কৰি অনুজীৱৰ পৰা পশুৰ পুষ্টিকাৰক দ্ৰৱ্য প্ৰস্তুতকৰণ
  • জৈৱ-প্ৰযুক্তিৰ দ্বাৰা পশুৰ পাকস্থলীত থকা অনুজীৱৰ ৰূপান্তৰকৰণ
  • জৈৱ-প্ৰযুক্তি প্ৰয়োগ কৰি অনুজীৱৰ পৰা পশু-পক্ষীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধ তথা প্ৰতিষেধক উৎপাদন
  • জৈৱ-প্ৰযুক্তি প্ৰয়োগ কৰি অনুজীৱৰ পৰা হৰম’ন বা তৎসদৃশ দ্ৰৱ্যৰ উৎপাদন
  • ৰোগ প্ৰতিৰোধী ক্ষমতাৰ সৱলীকৰণ
  • DNA-নিৰ্ভৰ ৰোগ নিৰূপণ কৰা উন্নত আৰু অধিক কাৰ্য্যকৰী পদ্ধতিৰ উদ্ভাৱন

আনুবংশিক নিচান আৰু নিচান-ভিত্তিক বাচনি

এক আনুবংশিক নিচান হ’ল DNA-ৰ এনে এক ছেদাংশ বা টুকুৰা, যি কোনো এক গুণ বা চৰিত্ৰৰ সৈতে সম্পৰ্কিত আৰু উক্ত গুণৰ ভিন্নতা অনুসৰি ভিন ভিন ৰূপ বা বিন্যাসত উপলব্ধ। গতিকে আনুবংশিক নিচানৰ তেনে ৰূপ বা বিন্যাস চিনাক্ত কৰি একোটা প্ৰাণীৰ সম্ভাৱ্য গুণ (উদাহৰণ স্বৰূপে উৎপাদিকা শক্তি, ৰোগ-প্ৰতিৰোধী ক্ষমতা ইত্যাদি) নিৰূপণ কৰিব পৰা যায়। অৱশ্যে সকলো ক্ষেত্ৰতে এনে নিচানে প্ৰাণীৰ গুণ বা চৰিত্ৰৰ ওপৰত পোনপটীয়াকৈ প্ৰভাৱ নেপেলাবও পাৰে। মূলতঃ ইয়াৰ গুৰুত্ব হ’ল এই যে ইয়াৰ চিনাক্তকৰণে সংশ্লিষ্ট গুণ বা চৰিত্ৰৰ ওপৰত পৰিব পৰা সম্ভাৱ্য প্ৰভাৱ মূল্যায়ন কৰিব পাৰে। পশুধনৰ উৎপাদিকা শক্তি, ৰোগ-প্ৰতিৰোধী ক্ষমতা আদি বহুবোৰ গুণৰ সৈতে জড়িত এনে আনুবংশিক নিচানসমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে। পশুধনক এনে নিচানসমূহৰ ভিত্তিত প্ৰজননৰ বাবে বাচনি কৰা পদ্ধতিটোকে নিচান-ভিত্তিক বাচনি (Marker-assisted selection-MAS) বোলা হয়। এনে পদ্ধতিৰ প্ৰয়োগে পশুধনৰ একোটা সমষ্টি বা প্ৰজাতিৰ উৎপাদিকা শক্তি বৃদ্ধিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰি তুলিব পাৰে। সম্প্ৰতি পশুধনৰ ক্ষতিকাৰক বিভিন্ন মহামাৰী অথবা অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধী ক্ষমতাৰ সৈতে জড়িত আনুবংশিক নিচানসমূহ চিনাক্ত কৰাৰ বাবে গৱেষণা অব্যাহত আছে। অদূৰ ভৱিষ্যতে নিচান-ভিত্তিক বাচনি পদ্ধতিৰ সফল প্ৰয়োগে পশুধন উদ্যোগলৈ এক আমূল পৰিৱৰ্ত্তন অনাৰ পূৰ্ণ সম্ভাৱনা আছে।

সুগুণ সম্পন্ন আৰু অধিক উৎপাদনক্ষম পশুধনৰ উৎপাদন

জিন্ স্থানান্তৰিত পশু

জিন্ স্থানান্তৰিত অৰ্থাৎ ট্ৰেন্সজেনিক পশু হ’ল এনে এক পশু, যাৰ আনুবংশিক DNA ক নিজৰ প্ৰজাতিৰ বাহিৰে আন কোনো উৎসৰ পৰা আহৰণ কৰা DNA যোগ কৰি উন্নীত কৰা হৈছে। জিন্ স্থানান্তৰকৰণ (transgenesis) হ’ল এক পদ্ধতি যাৰ জৰিয়তে কোনো এক জীৱৰ জিনসমূহ অদল-বদল কৰিব পাৰি আৰু একে অথবা আন প্ৰজাতিৰ অন্য এক জীৱৰ পৰা আহৰণ কৰা জিন ইয়াৰ জিনমত সংযোজিত কৰিব পাৰি, যাতে তেনে জিনসমূহৰ প্ৰভাৱ প্ৰাপকৰ জীৱদেহত প্ৰকাশিত হোৱাৰ উপৰিও ভৱিষ্যৎ বংশধৰসকললৈকো প্ৰসাৰিত হয়। এইদৰে এই প্ৰযুক্তি প্ৰয়োগ কৰি পশুধনৰ শাৰীৰিক বৃদ্ধিৰ হাৰ বঢ়াব পাৰি অথবা আন গুণাগুণ ইচ্ছামতে সাল-সলনি কৰিব পাৰি। বৰ্ত্তমানলৈকে এনে ধৰণে ট্ৰেন্সজেনিক গাহৰি, ভেৰা, শহাপহু আৰু গৰুৰ সৃষ্টি কৰা সম্ভৱ হৈছে। উদাহৰণ স্বৰূপে, মানুহৰ এম্ফাইছিমা বা হিম’ফিলিয়া ৰোগ নিৰাময়ৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনযুক্ত গাখীৰ উৎপাদন কৰিব পৰা ট্ৰেন্সজেনিক গাইৰ সৃষ্টি কৰা হৈছে। সেইদৰে অধিক কেজিনযুক্ত গাখীৰ আৰু মানুহৰ বাবে প্ৰয়োজনীয় লেক্ট’ফেৰিণ অধিক পৰিমাণে উৎপাদন কৰিব পৰা ট্ৰেন্সজেনিক গাইৰো সৃষ্টি কৰা হৈছে। এই প্ৰযুক্তিৰ জৰিয়তে কম শৰ্কৰা বা ক’লেষ্টেৰলযুক্ত গাখীৰ উৎপাদন কৰা গৰু, অধিক মাংসযুক্ত গৰু আৰু গাহৰি অথবা অধিক ঊণ উৎপাদন কৰিব পৰা ভেৰা আদিৰো সৃষ্টি কৰা হৈছে। তদুপৰি, গাহৰিৰ দেহত উদ্ভিদৰ পৰা আহৰণ কৰা জিন সংযোজিত কৰি অধিক পৰিমাণে অসংপৃক্ত ফেটি এচিদযুক্ত মাংসপেশী থকা স্বাস্থ্যসন্মত গাহৰিৰ মাংস (healthy pork) উৎপাদন কৰাটো সম্প্ৰতি সম্ভৱ হৈ উঠিছে। আনকি এই প্ৰযুক্তিৰ সফল প্ৰয়োগৰ দ্বাৰা এবাৰতে অধিক সংখ্যক পোৱালি জগাব পৰা, ৰোগ প্ৰতিৰোধ কৰিব পৰা অথবা পাৰিপাৰ্শ্বিকতাৰ ক্ষতিকাৰক প্ৰভাৱ সহ্য কৰিব পৰা পশুধন উৎপাদনো সম্ভৱ হৈছে।

পশুধনৰপৰা উৎপাদিত সামগ্ৰীৰ গুণগত মান উন্নীতকৰণ

মাংসৰ গুণাগুণ নিৰ্ণয়কাৰী জিনসমূহক জৈৱ-প্ৰযুক্তিৰ দ্বাৰা প্ৰভাৱিত কৰি উৎপাদিত মাংসৰ গুণগত মান উন্নীত কৰিব পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সম্প্ৰতি জৈৱ-প্ৰযুক্তি ক্ষেত্ৰত চলি থকা গৱেষণাৰ এটা উল্লেখযোগ্য দিশ হ’ল এনে জিনসমূহৰ চিনাক্তকৰণ, চয়ন আৰু পৰিৱৰ্ত্তন কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰা। পশুৰ কোষত থকা লাইপ’প্ৰ’টিন গ্ৰাহক (receptor) আৰু লেপ্তিন জিনৰ সাল-সলনি ঘটাই মাংসত কলেষ্টেৰল আৰু চৰ্ব্বিৰ মাত্ৰা কমাব পৰা যায় আৰু উৎপাদিত মাংসৰ গুণগত মান বহুলাংশে উন্নীত কৰিব পৰা যায়।

পশু-স্বাস্থ্য আৰু ৰোগ-প্ৰতিষেধক

প্ৰতিষেধক, দৰৱ আৰু কীটনাশক প্ৰয়োগৰ ক্ষেত্ৰত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে এক প্ৰধান সমস্যা হ’ল বজাৰত নিম্নমানৰ এনে দ্ৰৱ্যৰ পয়োভৰ। দুৰ্ভাগ্যবশতঃ উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থাৰ অভাৱ আৰু অবাধ দুৰ্নীতিৰ কাৰণে এনে হোৱাটো সম্ভৱ হৈছে। তদুপৰি বিশেষকৈ প্ৰতিষেধকৰ ক্ষেত্ৰত সাধাৰণতে প্ৰয়োজনীয় ধাৰাবাহিক শীতলীকৰণ ব্যৱস্থাৰ অভাৱৰ ফলত কাৰ্য্যকৰী আৰু উন্নত মানৰ প্ৰতিষেধক চিটা লাভ কৰাৰপৰা পশুপালকসকল বঞ্চিত হৈছে। সম্প্ৰতি বিভিন্ন পৰ্য্যায়ত গৱেষণা চলি থকা ডি, এন্, এ চিটা আৰু আন আন আধুনিক উন্নত মানৰ চিটাৰ আৱিষ্কাৰে ভৱিষ্যতে এই দিশত এক যুগান্তকাৰী পৰিৱৰ্ত্তনৰ সূচনা কৰিব বুলি আশা কৰা হৈছে, কিয়নো এনেবোৰ চিটাৰ কাৰ্য্যকাৰিতা অক্ষুণ্ণ ৰখাৰ বাবে ধাৰাবাহিক শীতলীকৰণ ব্যৱস্থাৰ প্ৰয়োজন নহ’ব। এনেধৰণৰ গৱেষণাৰ ক্ষেত্ৰত চিটাৰ কাৰ্য্যকাৰিতা আৰু গুণগত মান উন্নীত কৰাৰ উপৰিও সহজলভ্যতা আৰু মিতব্যয়িতাৰ দিশৰ প্ৰতিও দৃষ্টি ৰখা হৈছে।

আণৱিক পদ্ধতিৰে ৰোগ নিৰূপণ

সাম্প্ৰতিক কালত হোৱা মানৱ জিনমিক্সৰ বৈপ্লৱিক উন্নতিয়ে ৰোগৰ প্ৰতিকাৰ আৰু নিৰূপণ প্ৰক্ৰিয়ালৈ এক আমূল পৰিৱৰ্ত্তনৰ সূচনা কৰিছে। নিউক্লিক্ এছিদ-নিৰ্ভৰ ৰোগ নিৰূপণ পদ্ধতিৰ প্ৰয়োগে কেৱল বংশগতভাৱে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ বিয়পা ৰোগৰ ক্ষেত্ৰতেই নহয়, প্ৰায়বিলাক অনুজীৱজনিত আৰু আনকি কৰ্কট ৰোগকো ক্ষীপ্ৰতাৰে নিৰূপণ কৰাটো সম্ভৱ কৰি তুলিছে। এনেবিলাক ৰোগ নিৰূপণ পদ্ধতিৰ প্ৰধান উপযোগিতাসমূহ হ’ল – অত্যধিক সংবেদনশীলতা আৰু কাৰ্য্যকাৰিতা তথা ক্ষীপ্ৰতা আৰু সৰলতা।

উন্নয়নশীল ৰাষ্ট্ৰসমূহত আধুনিক জৈৱ-প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত থকা মূল অসুবিধাসমূহ

উন্নয়নশীল ৰাষ্ট্ৰসমূহত জনসাধাৰণৰ আৰ্থ-সামাজিক দুৰ্ব্বলতাসমূহ যেনে দৰিদ্ৰতা, অপুষ্টি, ৰোগ, অপৰিষ্কাৰ পৰিৱেশ আৰু নিবনুৱা সমস্যা আদিৰ প্ৰাদুৰ্ভাৱৰ কাৰণে আধুনিক জৈৱ-প্ৰযুক্তিৰ ব্যৱহাৰৰ দিশত নানান বাধা আহি পৰে। আন কথাত ক’বলৈ গ’লে, উন্নয়নশীল ৰাষ্ট্ৰসমূহত পশুপালন খণ্ডত জৈৱ-প্ৰযুক্তিৰ প্ৰয়োগ অতিশয় সীমিত হৈ আছে মূলতঃ তলত উল্লেখিত কেতবোৰ কাৰণত –

পশুধন আৰু পশুপালকৰ তথ্য-সমৃদ্ধ তথ্য-ভাণ্ডাৰ (database)ৰ অভাৱ

ভিন্ন ভৌগোলিক অৱস্থানত পশুধনৰ একোটা প্ৰজাতি আৰু প্ৰকাৰৰ মাজত থকা বৈচিত্ৰ

পৃথিৱীৰ উন্নত দেশসমূহত উদ্ভাৱিত প্ৰযুক্তিসমূহৰ উন্নয়নশীল ৰাষ্ট্ৰত প্ৰয়োগৰ ক্ষেত্ৰত দেখা পোৱা অকাৰ্য্যকাৰিতা

উন্নয়নশীল ৰাষ্ট্ৰৰ পশুধন প্ৰজাতিসমূহৰ দৈহিক বিকাশ, উৎপাদনশীলতা, ৰোগ প্ৰতিৰোধী ক্ষমতা আৰু পৰিপুষ্টিৰ সৈতে জড়িত অনন্য বৈশিষ্ট্যসমূহ

যথোপযুক্তভাৱে প্ৰশিক্ষিত বিজ্ঞানী, কলা-কুশলী আৰু ক্ষেত্ৰ-কৰ্ম্মীৰ অভাৱ

বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগৰ মাজত প্ৰযুক্তি বিনিময়ৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৱলীৰ অভাৱ

উন্নত ৰাষ্ট্ৰৰপৰা প্ৰযুক্তি ক্ৰয়ৰ বাবে কৰিব লগা অত্যধিক ব্যয়

প্ৰযুক্তিৰ সৈতে জড়িত অন্যান্য আনুষংগিক ব্যয়বহুলতা

উন্নয়নশীল ৰাষ্ট্ৰত বিকশিত জৈৱ-প্ৰযুক্তিৰ উপযুক্ত জৈৱ-নিৰাপত্তাজনিত মানৰ অভাৱ

পশু জৈৱ-প্ৰযুক্তিৰ বিকাশৰ বাবে কৰা অতি নগণ্য বিনিয়োগ

চৰকাৰৰ ফালৰপৰা এই দিশত স্পষ্ট নীতি আৰু প্ৰতিশ্ৰুতিৰ অভাৱ

লিখক: প্ৰবোধ বৰা।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate