অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুকুৰৰ প্ৰতিপালন আৰু ইয়াৰ যতন

কুকুৰৰ প্ৰতিপালন আৰু ইয়াৰ যতন

মহাপুৰুষ শংকৰদেৱে কৈছে-“কুক্কুৰ শৃগাল, গৰ্দ্দভৰো আত্মাৰাম|

জানিয়া সবাকে পৰি কৰিবা প্ৰণাম||

পুৰণি কালত ভাৰতত ৰজা-মহাৰজা আৰু সদাগৰসকলে কুকুৰ পুহিছিল| স্বাধীনতাৰ আগতে জুনাগড়ৰ নবাবে বৃহৎ সংখ্যক কুকুৰ ৰাখিছিল আৰু মাইকী কুকুৰ, মতা কুকুৰৰ মাজত বৈবাহিক কাৰ্য্য সম্পন্ন কৰি বৃহৎ পৰিমাণৰ টকা ব্যয় কৰিছিল| বৰ্তমান পৃথিৱীত কুকুৰক প্ৰভুভক্ত প্ৰাণী হিচাবে স্বীকৃতি দিয়া হৈছে| যদি এটা সৰু কুকুৰৰ পোৱালীক অতি যত্ন সহকাৰে প্ৰতিপালন কৰা কৰা হয় তেনেহ’লে, ই অতি সোনকালে গৰাকীৰ আনুগত্য স্বীকাৰ কৰে| ইহঁতৰ মানুহৰ লগত সংস্পৰ্শ নিৰ্ভৰ কৰে প্ৰধানত: খাদ্য আৰু যতনৰ ওপৰত| আনহাতে, ইহঁতে মানুহৰ নিচিনাকৈ জন্মগত সংস্কাৰ লৈ আহে,যাৰ ফলত গৰাকীৰ মৰমে ইহঁতক গৰাকীৰ বাধ্য কৰি তোলে| সময়ে সময়ে ইহঁতে অকলশৰীয়া লোক, বা অকলে বাস কৰা লোকৰ অতি বিশ্বাসী সংগী বা অন্ধ মানুহৰ লাখুটিৰ কাম কৰে| সৰু ল’ৰা-ছোৱালীবোৰে যেতিয়া পোৱালীবোৰক মৰম কৰে তাৰ বিনিময়ত ইহঁতেও মৰমেৰে তাৰ প্ৰত্যুত্তৰ দিয়ে| গতিকে, বৰ্ত্তমান যুগত মানুহৰ কুকুৰ পোহাটো নিতান্তই প্ৰয়োজনীয়| কুকুৰ পুহিব খোজাৰ লগে লগে কিছুমান কথা জানি থোৱাতো বাঞ্ছনীয় যাতে, ইহঁতৰ প্ৰতিপালন আৰু যতনত বাধাৰ সৃষ্টি নহয়| কুকুৰ বশ কৰোতে অতি সাৱধান হোৱাতো দৰকাৰ, কিয়নো ইহঁতে সেই সময়ত কি মেজাজত থাকে ধৰাতো কষ্টকৰ| সধৰণতে, ই বুজিব লাগিব যে বশ কৰোতা জন তাৰ শত্ৰু নহয়| নিজৰ বশলৈ অনাৰ সময়ত অতি বন্ধুত্বপূৰ্ণভাৱে ইহঁতৰ ‘নিকে্‌নেম’ ব্যৱহাৰ কৰা হয়| ইয়াক ধৰিবৰ সময়ত ডিঙিৰ ওচৰৰ চালত এখন হাতেৰে ধৰি ওপৰলৈ ঠেঙ্‌ দুটাৰে সৈতে ডাঙি দি আনখন হাতেৰে শিকলি ডালত ধৰিব লাগে যাতে ই জপিয়া জপি কৰিলেও হাতৰ পৰা শিকলিডাল পিছলি নাযায়| ইহঁতৰ স্বাস্থ্য নিৰ্ভৰ কৰে ইহঁতক ৰখা ঠাইৰ ওপৰত| গৰম কালি ঠাণ্ডা আৰু শীতকালি গৰম কৰি ৰখা ঘৰত ইহঁতক ৰখাৰ ব্যৱস্থা কৰিব লাগে| সৰু, মধ্যম আৰু ডাঙৰ আকৃতিৰ কুকুৰ ৰখা ঠাইৰ কালি ১০ বৰ্গ ফুট, ২০ বৰ্গ ফুট আৰু ২২ বৰ্গ ফুটতকৈ কম হ’ব নালাগে| ইহঁতক শুবলৈ দিয়া ঠাই টুকুৰাত পাৰি দিয়া বস্তু অবিষাক্ত আৰু ইহঁতে যাতে খাব নোৱাৰে তাৰ বাবে লক্ষ্য ৰাখিব লাগে| সাধাৰণতে খেৰ উপযুক্ত যদিও খেৰৰ পৰা কুকুৰৰ অনিষ্টকাৰী বহি: পৰজীৱৰ সৃষ্টি হয়| কাঠৰ গুড়ি, বস্তা, তুলাভৰোৱা মোনা, বাতৰি কাকত আদি উপযুক্ত| বিচনা কৰি দিয়া বস্তুবোৰ কোমল হ’লে কুকুৰৰ গাত খহুঁ হ’ব নোৱাৰে| সাধাৰণতে দবাৰমেন জাতৰ কুকুৰক দকিং কৰা হয়(দকিং-নেজ ডাল বিজ্ঞানসন্মত ভাৱে কাটি পেলোৱাকে দকিং কোৱা হয়)| পোৱালী বোৰৰ বয়স ৩-৭ দিনৰ ভিতৰত দকিং কৰা উচিত| কুকুৰৰ গৰাকীৰ কুকুৰৰ খাদ্য বা আহাৰৰ প্ৰয়োজনীয় পুষ্টিকাৰক দ্ৰব্য সম্পৰ্কে জ্ঞান থকা উচিত| মাংস কুকুৰৰ আহাৰৰ ভিতৰত আটাইতকৈ লাগতিয়াল উপাদান| মঙহাল মাংসত প্ৰয়োজনীত প্ৰ’টিন, চৰ্বি আৰু খাদ্যপ্ৰাণ খ’ থাকে কম আৰু পৰিমাণে কেলচিয়াম আৰু খাদ্যপ্ৰাণ ক’ থাকে| কেঁচা মাংস কুকুৰৰ অতি উপযোগী আৰু ৰুচিকাৰক খাদ্য| কিন্তু এই খাদ্য অতি সুবিধাজনক নহয় কিয়নো কেঁচা মাংসত কুকুৰৰ কৃমি, পুঁজকোষ, বিষাক্ত দ্ৰব্য আৰু অনিষ্টকাৰী অনুজীৱ থাকে| গতিকে কুকুৰক মাংস ৰান্ধি দিয়া উচিত| ইহঁতৰ শৰীৰৰ ওজনৰ লগত সংগতি ৰাখি আহাৰ যোগান ধৰিব লাগে| তলত এখন তালিকা দিয়া হ’ল|

কুকুৰৰ ওজন                   দৈনিক প্ৰয়োজনীয় আহাৰ

২.৫ কেজি                         ২৫০ গ্ৰাম

৫.০ কেজি                         ৪৫০ গ্ৰাম

১০.০ কেজি                        ৬৫০ গ্ৰাম

১৫.০ কেজি                        ৯০০ গ্ৰাম

২০.০ কেজি                      ১ কেজি ১০০ গ্ৰাম

৩০.০ কেজি                      ১ কেজি ৫৫০ গ্ৰাম

কুকুৰৰ আহাৰ সম্পৰ্কে কেইটামান জানিবলগীয়া কথা তলত দিয়া হ’ল-

১) অতি সহজে হজম হোৱা, পুষ্টিকাৰক, ৰুচিকাৰক খাদ্য দিয়া উচিত|

২) হাড় আৰু মাছ সৰু পোৱালীক দিয়া উচিত নহয়, এইবোৰে খাদ্য পাচন যন্ত্ৰত আঘাত কৰিব পাৰে|

৩) কেঁচা মূৰ্গীৰ মাংস কেতিয়াও দিব নালাগে-কাৰণ, ইয়াৰ ফলত কুকুৰবোৰ অন্ত: পৰজীৱিৰ পৰা আক্ৰান্ত হ’ব পাৰে|

৪) আমি ইহঁতৰ আহাৰত কেঁচা গাহৰি বা গৰুৰ মাংস বাদ দিয়া উচিত আৰু ফিটা পেলুৰ বা ইহঁতৰ বচোৱা উচিত|

৫) খোৱাৰ ৰুচ বৰ্দ্ধনৰ বাবে আমি আহাৰৰ পৰিৱৰ্ত্তন মাজে সময়ে কৰিব লাগে|

৬) গাখীৰ কুকুৰ আৰু পোৱালীৰ কাৰণে অতি উত্তম খাদ্য|

৭) অসুস্থ কুকুৰক খাদ্য যোগান ধৰাৰ আগতে পশু-চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত|

ইয়াৰ উপৰিও ইহঁতৰ খাদ্যৰ লগত নিয়মিত খনিজ পদাৰ্থ, খাদ্যপ্ৰাণ আদিৰ যোগান ধৰা প্ৰয়োজন| খাদ্য ৰখা বাচন-বৰ্ত্তন নিয়মিত ভাৱে চাবোন আৰু গৰম পানীৰে পৰিস্কাৰ কৰা উচিত| কিন্তু কৰ্বলিক এচিদ থকা চাবোন নিষিদ্ধ| ইহঁতক স্বাস্থ্য অটুট ৰখাৰ কাৰণে নিয়মিত শাৰীৰিক পৰিচৰ্য্যা কৰাব লাগে| কুকুৰৰ গৰাকীয়ে নিয়মিত ইহঁতৰ সৈতে খেলিব আৰু খোজ কঢ়াব লাগে| গৰাকীয়ে লগতে ইহঁতক দৌৰিব দিব লাগে| ইহঁতৰ গোটেই শৰীৰটো নোমেৰে আৱৰা, নাক আৰু ভৰি পতাৰ বাহিৰে| গতিকে শৰীৰৰ উপৰিভাগ পৰিস্কাৰ ৰাখিবৰ বাবে গৰম কালি সপ্তাহত দুবাৰ আৰু শীতকালি দুসপ্তাহ বা তিনিসপ্তাহ এবাৰকৈ গা-ধোৱাব লাগে| ইয়াৰ বাবে চেলেনিয়াম থকা চেম্পু বা চালফাৰ থকা চাবোন ব্যৱহাৰ কৰিলে ভাল| যাৰ ফলত কুকুৰৰ গাৰ বেয়া গোন্ধ আঁতৰি যায় লগতে বহি: পৰজীৱীৰদ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আৰু ছালৰ বিভিন্ন সমস্যা দূৰ হয়| আন কেইটামান সমস্যা হ’ল, কেতিয়াবা কিছুমান কুকুৰৰ অতিৰিক্ত সংখ্যক দাঁত দেখা যায়| তেতিয়া বৈজ্ঞানিক পদ্ধতিৰে এনেকুৱা দাঁতবোৰ উভালি পেলাব লাগে| এনেকুৱা দাঁতে মুখ গহ্বৰত ঘাঁৰ সৃষ্টি কৰে| পোৱালী জন্ম দিয়াৰ বাবে মতা কুকুৰক প্ৰ’টিন প্ৰধান খাদ্য হিচাবে যোগান ধৰিব লাগে আনহাতে মাইকী কুকুৰক চৰ্বী জাতীয় খাদ্যৰ পৰা দূৰত ৰাখিব লাগে নহ’লে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে| মাইকী কুকুৰজনী প্ৰথম গৰম হোৱাটো বাদ দি দ্বিতীয় গৰম হোৱাটোতহে সংগম কৰিব দিব লাগে| গৰম হোৱাৰ লক্ষণৰ পৰা ১০-১৪ দিনৰ ভিতৰৰ সময়চোৱা সংগমৰ কাৰণে উত্তম সময়| এজনী মাইকী কুকুৰৰ গৰ্ভধাৰণৰ সময় ৬৩২ দিন| কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণ নকৰিলে একোখন মহানগৰত ভয়াবহতাৰ সৃষ্টি হ’ব, বিশেষকৈ এনেয়ে ৰাস্তাত ঘুৰি ফুৰা কুকুৰ বোৰক| কাৰণ আমাৰ দেশত বৃহৎ সংখ্যক মানুহ কুকুৰৰ কামোৰৰ কবলত পৰা দেখা যায়| এই সমস্যা দূৰীকৰণৰ তলত কেইটামান উপায় দিয়া হ’ল:-

১) মাইকী কুকুৰক মতা কুকুৰৰ পৰা গৰম হোৱাৰ কালচোৱাত পৃথক কৰিব লাগে|

২) গৰ্ভনিৰোধক টেবলেট মাইকী কুকুৰৰ কাৰণে ব্যৱহাৰ কৰা উচিত|

৩) মতা কুকুৰবোৰ মাইকী কুকুৰৰ প্ৰস্ৰাৱত নিৰ্গত হোৱা এক প্ৰকাৰ গোন্ধৰ কাৰণে আকৰ্ষিত হয়| এই গোন্ধ আতৰাবৰ বাবে কেলোৰোফিল্‌ থকা টেবলেট ব্যৱহাৰ কৰিব লাগে|

৪) আটাইতকৈ সুবিধা জনক হ’ল বন্ধ্যাকৰণ পদ্ধতি| যিটো শল্য চিকিৎসাৰ দ্বাৰা সম্ভৱ হয়|

যিহেতু কুকুৰে কামোৰাৰ ফলত মানুহ আৰু অন্যান্য উষ্ণৰক্তী প্ৰাণীৰ জলাতংক ৰোগ হয় আৰু ই অতি মাৰত্মক, গতিকে সময়মতে ইহঁতক জলাতংক প্ৰতিৰোধক বেজী দিয়া উচিত| কুকুৰ মানুহৰ পৰম বিশ্বাসী বন্ধু| ৰাতি কুকুৰে পহৰাদাৰীৰ কাম অতি নিয়াৰিকৈ পালন কৰে| ই মানুহক চিকাৰতো সহায় কৰে| কিছুমান দেশত কুকুৰে পথাৰত গৰুও চৰায়| প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে মানুহক প্ৰদৰ্শনী সমুহত খেলা আদি দেখুৱায় মনোৰঞ্জন দিয়ে| আনকি কুকুৰে নিজৰ গৰাকীৰ মৃত্যু শোকত আত্মহত্যাও কৰা দেখা যায়| আমাৰ আৰক্ষী বিভাগতো কুকুৰৰ ভূমিক অতি গুৰুত্বপুৰ্ণ| কুকুৰ অবিহনে আমাৰ সম্পত্তি আৰু আমি কেতিয়াও সুৰক্ষিত নহয়| গতিকে, আমি প্ৰত্যেকেই পাৰিলে কুকুৰ পোহা উচিত|

ডা° লিকি তালুকদাৰ।

শেহতীয়া উন্নীতকৰণ: : 5/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate