মূল পৃষ্ঠা / কৃষি / পশু পালন / দুগ্ধ উৎপাদন / নিবনুৱা সকলৰ বাবে জীৱিকাৰ এটি পথ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিবনুৱা সকলৰ বাবে জীৱিকাৰ এটি পথ :

নিবনুৱা সকলৰ বাবে জীৱিকাৰ এটি পথৰ বিষয়ে লিখা হৈছে ।

 

বিজ্ঞানসন্মত ভাবে দুগ্ধ উৎপাদন

দুগ্ধ পাম দমৰা দামুৰিৰ যতন পৰিচালনা

প্ৰাৰম্ভিক যতনঃ

জম্মাৰ লগে লগে নাক-মুখৰ পৰা বীজলুৱা বস্তু আঁতৰাই দিয়ক। সাধাৰণতে জন্মৰ পিছতেই মাকে পোৱালিটোক চেলেকে। ইয়ে পোৱালিটোৰ ছাল শুকুৱাত সহায় কৰে আৰু উশাহ-নিশাহ আৰু তেজ চলাচল কৰিবলৈ উত্তেজিত কৰে। গাইজনীয়ে নেচেলেকিলে বা ঠাণ্ডাৰ দিনত শুকান কাপোৰ বা বস্তাৰ সহায়ত পোৱালিটোক শুকুৱাওঁক।

হাতেৰে বুকুত হেঁচা প্ৰয়োগ কৰি কৃত্ৰিম উশাহ-নিশাহ লোৱাত সহায় কৰক। নাভিটো গাৰ পৰা ২-৫ ছেন্টিমিটাৰ আঁতৰত বান্ধি লৈ বান্ধৰ ১ ছেন্টিমিটাৰ তলত কাটক আৰু টিংচাৰ আয়’ডিন বা ব’ৰিক এচিড বা যিকোনো এন্টিবায়’টিক লগাওঁক। গোহালিৰ পৰা তিতা বিচনা বিলাক আঁতৰাই দি গোহালিটো শুকানে ৰাখক। পোৱালিটোৰ ওজন লিখি ৰাখক।

গাই গৰুৰ ওহাৰ আৰু ওহাৰ বাট পৰাপক্ষত ক্ল’ৰিনৰ দ্ৰৱৰ দ্বাৰা ধুই শুকাই লওঁক। পোৱলিটোক মাকৰ প্ৰথম গাখীৰ, ফেঁহু চুপি খাবলৈ দিয়ক।পোৱালিবোৰ এঘন্টাৰ ভিতৰত থিয় হৈ নিজে নিজৰ যত্ন ল’ব পৰা হয়।

অন্যথা অতি দূৰ্বল পোৱালিবিলাকক সহায় কৰক। দমৰা-দামুৰিক খুওঁৱা ফেঁহু হ’ল পোৱালিবিলাকক দিয়া অতিশয় গুৰুত্বপূৰ্ণ প্ৰথম আহাৰ।

মাকে তিনিৰ পৰা সাত দিনলৈ ফেঁহু প্ৰস্তুত কৰে আৰু ই হ’ল পোৱালিটোৰ বাবে পুষ্টি আৰু পানীয়ৰ প্ৰাথমিক উৎস।

ইয়ে পোৱালিটোক প্ৰয়াজনীয় এন্টিব’ডিৰ যোগানো ধৰে যিয়ে সংক্ৰামক আৰু পুষ্টিজনিত বেমাৰৰ বিপৰীতে যুঁজ দিয়াত সহায় কৰে। ফেঁহু উপলব্ধ থাকিলে নৱজাতকক ৩ দিনলৈকে খাবলৈ দিয়ক।

জন্মৰ সময়ত ফেঁহু খুওঁৱাৰ উপৰিও পোৱালিবিলাকক প্ৰথম তিনি-চাৰি সপ্তাহলৈ গাখীৰৰ প্ৰয়োজন। ইয়াৰ পিছত ইহঁতে শাক-পাচলি, শ্বেতসাৰ, চেনি আদি হজম কৰিব পাৰে। ইয়াৰ পিচতো গাখীৰ খুওঁৱাটো পুষ্টিকৰ যদিও দানা খুওঁৱাতকৈ অধিক খৰচী হয়। সকলো ধৰণৰ পানীয় কোঠালিৰ উঞ্চতাত খুওঁৱাব লাগে।

পোৱালিক খুৱাবলৈ ব্যৱহাৰ কৰা সা-সৰঞ্জামবিলাক ভালকৈ চাফা কৰিব। এইবোৰ পৰিষ্কাৰ শুকান ঠাইত সংৰক্ষণ কৰক।

পানীৰ প্ৰয়োজন:

পৰিষ্কাৰ-পৰিচ্ছন্ন পানীৰ যোগান অব্যাহত ৰাখিব লাগে। পোৱালিটোৱে এবাৰতে অত্যাধিক পানী খোৱাৰ পৰা বিৰত ৰাখিবলৈ বেলেগ বেলেগ পানীৰ পাত্ৰ বিভিন্ন স্থানত ৰাখক।

খুওঁৱাৰ পদ্ধতি:

খুওঁৱাৰ পদ্ধতিটো দমৰা-দামুৰি পালন কৰিবলৈ ব্যৱহাৰ কৰা খাদ্য-সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে। সচৰাচৰ তলত দিয়া পদ্ধতিবিলাক পালন কৰা হয়:

সম্পূৰ্ণ গাখীৰ খুৱাই পোহ-পাল কৰা।স্কীম মিল্ক খুৱাই পোহ-পাল কৰা।গাখীৰৰ বাহিৰে আন পানীয় যেনে সঁতেজ মাখনৰ গাখীৰ, সঁতেজ মিঠাই, মাৰ-পানী আদি।গাখীৰৰ পৰিৱৰ্ত্তিত বস্তুৰে পোহ-পাল কৰা।পোৱালিৰ প্ৰাৰম্ভিক দানাৰে পোহ-পাল কৰা।অন্য গাইৰ গাখীৰ খুৱাই পোহ-পাল কৰা।

মন কৰিবলগীয়া যে আহাৰত উচ্চ অনুপাতত স্নেহ পদাৰ্থ থকা বাবে টিডিএন ৰ প্ৰয়োজনীয়তা ডিএম ৰ প্ৰয়োজনীয়তাতকৈ অধিক। পোন্ধৰ দিন বয়সৰ পৰা পোৱালিবিলাকে দৈনিক প্ৰায় আধা কি.গ্ৰাম ঘাঁহ খাবলৈ আৰম্ভ কৰে যিটো তিনি মাহ বয়সলৈ ৫ কিলোগ্ৰামলৈকে বৃদ্ধি পায়। এই সময়ত সেউজীয়া ঘাঁহৰ পৰৱৰ্তে ১-২ কিলোগ্ৰাম ভাল গুণমানৰ শুকান ঘাঁহ দিব পাৰি।

পোন্ধৰ দিন বয়সত ০.৫ কিলোগ্ৰামৰ পৰা আৰম্ভ কৰি তিনি মাহ বয়সলৈকে ইয়াৰ পৰিমান ১.৫ কিলোগ্ৰামলৈ বৃদ্ধি কৰিব পাৰি।

তিনিমাহৰ পিচত যদি গাখীৰৰ উপলব্ধতা কম হয় তেন্তে ইয়াক আংশিকভাৱে স্কীম মিল্ক, মাখনৰ গাখীৰ বা যিকোনো গাখীৰৰ সমপৰ্য্যায়ৰ পানীয়ৰ দ্বাৰা স্থানান্তৰ কৰিব পাৰি।

দমৰা-দামুৰিৰ মিশ্ৰণ- গাখীৰ বা তেনে আন কোনো স্থানান্তৰিত কৰিব পৰা পানীয়ৰ পৰা প্ৰস্তুত কৰা মিশ্ৰনেই হ’ল দমৰা-দামুৰিৰ মিশ্ৰ্ণ। দমৰা-দামুৰিৰ মিশ্ৰণত মূখ্যতঃ খাদ্য শস্য যেনে মাকৈ বা অ‘ট থাকে।

মিশ্ৰনটোত খাদ্য শস্য যেনে বাৰ্লি, ঘেঁহু, আৰু জোৱাৰো ব্যৱহাৰ কৰিব পাৰি। মিশ্ৰনটোত কুঁহিয়াৰৰ মলাছো ১০ শতাংশলৈকে ব্যৱহাৰ কৰিব পাৰি।

এটি আদৰ্শ মিশ্ৰণত ৮০ শতাংশ টিডিএন আৰু ২২ শতাংশ চিপি থাকে।দমৰা-দামুৰিৰ বাবে ঘাঁহশিপাযুক্ত পাতৰ মিহি মাহজাতীয় ঘাঁহ পোৱালি গৰুৰ বাবে উত্তম। এনে ঘাঁহ দুসপ্তাহ বয়সৰ পৰাই দিব পাৰি।সেউজীয়া বৰণৰ ৰ’দত শুকুৱাই লোৱা এনে সতেজ সামগ্ৰী খাদ্যপ্ৰান ক, ঘ, আৰু খ-কমপ্লেক্স ভিটামিন সমৃদ্ধ।

ছমাহ বয়সৰ পিছত পোৱালিবিলাকে ১.৫ ৰ পৰা ২.২৫ কিলোগ্ৰাম খায়। বয়স বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ পৰিমাণ বাঢ়ি যায়।অতিৰিক্তভাৱে কম পৰিমানত ৬ ৰপৰা ৮ সপ্তাহ বয়সৰ পৰা চাইলেজ দিব পাৰি। ইয়াতকৈ কম বয়সত চাইলেজ খুৱালে চেৰনী বেমাৰ হয়।৪ পৰা ৬ মাহ বয়স পোৱালৈকে ইহঁতক চাইলেজ খুওৱা নহয়।

সচৰাচৰ পোৱা মাকৈ আৰু জোৱাৰ চাইলেজত মাংসসাৰ আৰু কেলচিয়াম সমৃদ্ধ নহয় আৰু এইবোৰত ভিটামিন ঘ কম পৰিমাণে থাকে। শুশ্ৰূষাকাৰী গাইৰ দ্বাৰা দমৰা-দামুৰি পোহপালকম স্নেহ পদাৰ্থযুক্ত গাখীৰ দিয়া, প্ৰাকৃতিকভাৱে গাখীৰ খীৰোৱাত টান গাই এজনীয়ে ২ ৰ পৰা ৪ টা মাউৰা পোৱালি সফলভাবে পালন কৰিব পাৰে।

যিমান সোনকালে সম্ভৱ শুকান ঘাঁহৰ লগতে শুকান দানা দিয়া হয়। এই পোৱালি বিলাক ২ ৰ পৰা ৩ মাহ বয়সৰ ভিতৰত মাকৰ পৰা বেলেগ কৰিব পাৰি।

মাৰ পানীৰে পোৱালিৰ পোহ পাল:

পোৱালিৰ আৰম্ভণি দানা হ’ল মাৰ-পানী। ই গাখীৰৰ পৰিৱৰ্ত্তিত আহাৰ নহয়। চাৰি সপ্তাহ বয়সৰ পৰা লাহে লাহে গাখীৰৰ পৰিমাণ কমাই তাৰ পৰিৱৰ্তে মাৰ-পানী যোগ দিয়া হয়। ২০ দিনৰ পিছত গাখীৰ সম্পূৰ্ণভাবে বন্ধ কৰা হয়।

দমৰা দামুৰিক প্ৰাৰম্ভিক আহাৰত পোহপাল কৰা:

ইয়াত দমৰা-দামুৰি বিলাকক গাখীৰ খুওঁৱাৰ পৰা আৰম্ভ কৰা হয়। ইহঁতক শুকান প্ৰাৰম্ভিক দানা আৰু ভাল ঘাঁহ খাবলৈ শিকোৱা হয়। ৭ ৰ পৰা ১০ সপ্তাহ বয়সৰ ভিতৰত ইহঁতক সম্পূৰ্ণৰূপে গাখীৰৰ পৰা এৰুৱাই দিয়া হয়।

গাখীৰৰ পৰিৱৰ্তিত আহাৰ খুৱাই পোহ পাল কৰা:

পোৱালি দমৰা-দামুৰিৰ বাবে যে পুষ্টিৰ মূল্যায়নত গাখীৰৰ তুলনাত একোৱেই হ’ব নোৱাৰে সেয়া বুজাটো প্ৰয়োজন। গাখীৰ বা আন পানীয়ৰ উপলব্ধতা কম থকা ক্ষেত্ৰতহে গাখীৰৰ পৰিৱৰ্ত্তিত আহাৰ দিয়া হয়।

গাখীৰৰ পৰিৱৰ্ত্তিত আহাৰ খুওঁৱাৰ হাৰ গাখীৰৰ সৈতে একেই, আৰ্থাৎ প্ৰস্তুত আহাৰ পোৱালিৰ গাৰ ওজনৰ ১০ শতাংশ। প্ৰস্তুত কৰা আহাৰত পানীয়ৰ ১০ ৰ পৰা ১২ শতাংশ গোটা বস্তু থাকিব লাগে।

গাখীৰ এৰুওৱাআৱদ্ধ পদ্ধতিত কৰা দুগ্ধপামৰ ক্ষেত্ৰত গাই গৰুৰ ব্যৱস্থাপনাত গাখীৰ এৰুওৱা ব্যৱস্থা পালন কৰা হয়। গাখীৰ এৰুওৱা প্ৰক্ৰিয়াই পৰিচালন ব্যৱস্থাপনাত সমতা আনে, সকলোবিলাক পোৱালিয়ে প্ৰয়োজন অনুযায়ী সমপৰিমানৰ গাখীৰ পোৱাটা নিশ্চিত কৰি পোৱালিবিলাকে অধিক খোৱা বা লোকচান কৰাটো প্ৰতিহত কৰিব পাৰি। পৰিচালন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি গাখীৰ এৰুৱাটো জন্মতে, ৩ সপ্তাহ বয়সত, ৮-১২ সপ্তাহ বয়সত বা ২৪ সপ্তাহ বয়সত কৰিব পাৰি।

পশুধন পালকসকলৰ ক্ষেত্ৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ১২ সপ্তাহত গাখীৰ এৰুৱাটো অভ্যাস কৰিব পাৰি। ষাঁড় হিচাপে পালন কৰিব খোজা মতা পোৱালি বিলাকক মাকৰ লগত ৬ মাহ বয়সলৈকে ৰাখিব পাৰি।

বহু সংখ্যক দমৰা-দামুৰি পালন কৰা সংগঠিত পালত জন্মতে গাখীৰ এৰুৱাটো উপকাৰী। জন্মতে গাখীৰ এৰুৱালে গাখীৰৰ পৰিৱৰ্তিত আহাৰ আৰু পোৱালিৰ দানা সোনকালে আৰম্ভ কৰাত সহায়ক হয় যাতে গৰুৰ গাখীৰ মানুহৰ বাবে সাঁচিব পাৰি।

গাখীৰ এৰুৱাৰ পিছত গাখীৰ এৰুৱাৰ পৰা ৩ মাহলৈকে পোৱালিবিলাকৰ প্ৰাৰম্ভিক দানাৰ পৰিমান লাহে লাহে বঢ়াই যাওক। দমৰা-দামুৰিৰ বাবে ভাল গুণগত মানৰ দানাহে গোটেই দিন জুৰি থাকিব লাগে। পোৱালিৰ দেহৰ ওজনৰ ৩ শতাংশতকৈয়ো অধিক জলীয়বাষ্প থকা ঘাঁহ যেনে চাইলেজ, সেউজীয়া ঘাঁহ খুৱাব পাৰে। সাৱধান হ’ব যাতে অধিক মাত্ৰাত এইবোৰ ঘাঁহ খুওৱা নহয় কাৰণ ইয়ে খনিজ লৱণ গ্ৰহনত সীমাৱদ্ধতা আনিব পাৰে।

দমৰা দামুৰিৰ বৃদ্ধি:

পোৱালিবিলাক আশা কৰা হাৰত বাঢ়িছে নে নাই সেইটো পৰীক্ষা কৰিবলৈ ওজন পৰীক্ষা কৰক৷

দমৰা-দামুৰিক প্ৰথম তিনিমাহ খুওঁৱাটো অতিশয় জৰুৰী। এই পৰ্য্যায়ত অপৰ্য্যাপ্ত আহাৰ যোগানে ২৫-৩০ শতাংশ পোৱালিৰ মৃত্যু ঘটাব পাৰে।

গাভিনী গাই গৰুক গৰ্ভাৱস্থাৰ শেষৰ ২-৩ মাহ উত্তম মানদণ্ডৰ ঘাঁহ আৰু দানা খুৱাব লাগে। সচৰাচৰ জন্মতে পোৱালিবিলাকৰ ওজন ২০-২৫ কিলোগ্ৰাম। যথোপযুক্ত দানা-পানী আৰু সময়মতে পেলুনাশক দিলেহে পোৱালিবিলাকে প্ৰতি মাহে ১০-১৫ কিলোগ্ৰাম হাৰত বৃদ্ধি লাভ কৰিব।

যথা-যথ বাসস্থানৰ প্ৰয়োজন গাখীৰ এৰুৱাৰ বয়সপ্ৰাপ্তি হোৱালৈকে পোৱালি বিলাকক পৃথক পৃথক কোঠালিত ৰাখিব লাগে। পৃথক কোঠালিত থাকিলে ইটোৱে সিটোক চেলেকাটো প্ৰতিৰোধ কৰি বেমাৰ সোঁচৰোটা প্ৰতিৰোধ কৰিব পৰা যায়।

পোৱালিৰ কোঠালিবিলাক পৰিষ্কাৰ, শুকান আৰু যথাযথভাৱে বায়ু চলাচলৰ ব্যৱস্থা থকা হ’ব লাগে। বায়ু চলাচল কৰা ব্যৱস্থাই পোৱালি বিলাকৰ গাত তীব্ৰ বতাহ প্ৰত্যক্ষভাবে নপৰাকৈ ৰাখি অবিৰতভাৱে সতেজ বতাহৰ যোগান ধৰে।

পোৱালিবিলাকক আৰাম আৰু শুকানে ৰাখিবলৈ কোঠালিসমূহত বিচনা পাৰি দিব লাগে। সচৰাচৰ কাঠৰ গুড়ি বা ধান খেৰ ব্যৱহাৰ কৰা হয়। অত্যাধিক ৰ’দ বা ঠাণ্ডা বতাহ আৰু বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বাহিৰত থকা পোৱালিৰ কোঠালিবিলাক বেৰেৰে আৱৰি আংশিকভাবে ঢাকি দিব লাগে। পূৱফালে খোলা কোঠালিবিলাকে ৰাতিপুৱাৰ ৰ’দৰ পৰা উঞ্চতা পায় আৰু দিনটোৰ গৰম সময়খিনিত ছাঁ পায়। পূৱ ফালৰ পৰা বৰষুণ প্ৰায় নপৰেই।

দমৰা দামুৰিবিলাকক স্বাস্থ্যৱান কৰি ৰাখক:

নৱজাতক পোৱালিবিলাকক বেমাৰৰ পৰা ৰক্ষা কৰাটোৱেই হ‘ল ইহঁতৰ বাবে উত্তম আৰম্ভণি, মৃত্যুৰ পৰা হোৱা হানি কম হোৱা আৰু ই বেমাৰী গৰুক চিকিৎসা কৰাতকৈ অতি কম খৰচী। পোৱালিবিলাকক প্ৰত্যেকদিনাই পৰ্য্যবেক্ষণ কৰক ইহঁতক শুদ্ধকৈ খুৱাওঁক আৰু নিকা পৰিৱেশ দিয়ক।

গৰুৰ বিভিন্ন বংশ আৰু ইহঁতৰ বাচনি:

১)ভাৰতীয় বংশজাত গৰু

২)দুগ্ধৱতী জাত।

ছাহিওয়াল:

পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ, মধ্য প্ৰদেশতেই প্রধানতঃ পোৱা যায়৷ দুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ১৩৫০ লিটাৰ আৰু ব্যৱসায়িক পামত: ২১০০ লিটাৰ।

প্রথম পোৱালি দিয়াৰ বয়স: ৩২-৩৬ মাহ

পোৱালি দিয়াৰ মধ্যৱর্তী সময়কাল: ১৫ মাহ

গিৰ:

প্রধানতঃ পোৱা যায় দক্ষিণ কাটিহাৰৰ গিৰ জংগলতদুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ৯০০ লিটাৰ আৰু ব্যৱসায়িক পামত: ১৬০০ লিটাৰ।

থাৰপাৰকাৰ:

প্রধানতঃ পোৱা যায় যোধপুৰ, কচ, আৰু জয়ছলমাৰতদুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ৯০০ লিটাৰ আৰু ব্যৱসায়িক পামত: ১৬০০ লিটাৰ।

কৰন ফ্ৰাই:

হ’লষ্টেইন ফ্ৰিজিয়ান ষাঁড়ৰ লগত হাৰিয়ানাত পোৱা থাৰপাকাৰ প্ৰজাতিৰ গাইৰ কৃত্ৰিম প্ৰজনন ঘটাই কৰন ফ্ৰাই প্ৰজাতিটো পোৱা হৈছে। গাখীৰ উৎপাদন কম যদিও গৰম আৰু সেমেকা জলবায়ুত তিষ্ঠি থাকিব পাৰে বাবে থাৰপাকাৰ প্ৰজাতিটো ভাল মূল্যায়ন কৰা হয়।

প্ৰজাতিটোৰ বৈশিষ্ট্যসমূহ:

গৰু বিলাকৰ গা, কপাল আৰু নেজৰ আগভাগত ক’লা আৰু বগা আঁক থাকে। কৰন ফ্ৰাই প্ৰজাতিটো অতিশয় শান্ত। দামুৰিবিলাক দমৰাৰ তুলনাত সোনকালে বয়সপ্ৰাপ্ত হয় আৰু ৩২-৩৪ মাহ বয়সৰ ভিতৰত গাভিনী। গৰ্ভধাৰণ কাল প্ৰায় ২৮০ দিন।

পোৱালি দিয়াৰ পিছত ৩ ৰ পৰা ৪ মাহৰ ভিতৰত পুনৰাই গাভিনী হয়, গতিকে থলুৱা গৰুৰ ক্ষেত্ৰত সাধাৰণতে পুনৰাই গাভিনী হ’বলৈ প্ৰয়োজন হোৱা ৫ মাহৰ তুলনাত ৩-৬ মাহ অধিক লাভদায়ক।

৩২০ দিনৰ গাখীৰতী অৱস্থাত কৰন ফ্ৰাই প্ৰজাতিৰ গাই গৰুৱে প্ৰতিষ্ঠানৰ পামত বছৰত গড়ে প্ৰায় ২,৭০০ ৰ পৰা ৩,৪০০ লিটাৰ, ৪৩ শতাংশ চৰ্বীযুক্ত গাখীৰ উৎপাদন কৰে।যথেষ্ট পৰিমানে সেউজীয়া ঘাঁহ আৰু সন্তুলিত ঘন দানা খোৱালে এই প্ৰজাতিটোৱে ভাল ফল দেখুৱায় আৰু দৈনিক ১৫-২০ লিটাৰ উৎপাদন কৰে।

গাখীৰ উৎপাদনৰ শীৰ্ষ কালত দৈনিক ২৫-৩৫ লিটাৰলৈকে গাখীৰ উৎপাদন পাব পৰা যায় (পোৱালি দিয়াৰ ৩-৪ মাহৰ পিছত)। উচ্চ গাখীৰ দিয়াৰ প্ৰৱনতা থকা বাবে, অধিক গাখীৰ দিয়া গৰুৰ ওহাৰৰ সংক্ৰমিত হোৱাৰ (মেষ্টাইটিছ)আৰু খনিজ লৱনৰ অভাৱ সম্ভাৱনা থাকে যিটো সোনকালে ধৰা পেলাব পাৰিলে ভাল কৰিব পাৰি।

দামুৰিৰ দাম:

গাখীৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি নতুনকৈ পোৱালি দিয়া গাইৰ দাম সাধাৰনতে ২০,০০০ টকাৰ পৰা ২৫,০০০ টকালৈকে হয়।

ৰেড চিন্ধি:

প্রধানতঃ পোৱা যায়-

*পাঞ্জাব,

*হাৰিয়ানা,

*কর্ণাটক,

*তামিলনাড়ু,

*কেৰালা আৰু

*উৰিষ্যাত।
দুগ্ধ উৎপাদন:

গ্ৰাম্য পৰিৱেশত: ১১০০ কিলোগ্ৰাম আৰু

ব্যৱসায়িক পামত: ১৯০০ কিলোগ্ৰাম।

দুগ্ধ আৰু ভাৰবাহী জাত:

অনগোলএ:

প্রধানতঃ পোৱা যায়-

*অন্ধ্রপ্রদেশৰ নেলোৰ,

*কৃষ্ণা,

*গোদাবৰী আৰু

*গুন্টুৰ জিলাত।

দুগ্ধ উৎপাদন ১৫০০ লিটাৰ। গৰু গাড়ী টনা আৰু হালবোৱাৰ বাবে ষাঁৰ বিলাক যথেষ্ট শক্তিশালী।

হাৰিয়ানা:

প্রধানতঃ পোৱা যায়-

*হাৰিয়ানা,

*দিল্লী,

*পশ্চিম এম.পি-ৰ কার্নাল,

*হিছাৰ,

*আৰু গুৰঁগাও জিলাতদুগ্ধ উৎপাদন ১১৪০-৪৫০০ লিটাৰ। পথ পৰিবহন আৰু দ্রুতগতিত হাল বোৱাৰ বাবে ষাঁড়বিলাক যথেষ্ট শক্তিশালী।

কাঙ্কৰেজ:

প্রধানতঃ পোৱা যায় গুজৰাটতদুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ১৩০০ লিটাৰ আৰু ব্যৱসায়িক পামত: ৩৬০০লিটাৰ। প্রথম পোৱালি দিয়াৰ সময়ত বয়স ৩২-৩৬ মাহ। পোৱালি দিয়াৰ মধ্যবর্তী সময়কাল ১৫ মাহ। ষাঁড় বিলাক দ্রুতগামী আৰু শক্তিশালী। গাড়ী টনা আৰু অন্যান্য কৃষিকৰ্মৰ বাবে উপযোগী।

দেওনি:

প্রধানতঃ পোৱা যায় অন্ধ্ৰ্প্ৰদেশৰ উত্তৰ-পশ্চিম আৰু পশ্চিমাংশত। গাই বিলাক দুগ্ধৱতী আৰু ষাঁড় বিলাক কামৰ উপযোগী।

*ভাৰবাহী জাত,

*অমৃতমহল:

প্রধানতঃ কর্ণাটকত পোৱা যায়। হাল বোৱা আৰু পৰিবহনৰ উপযোগী।

হল্লিকাৰ:

প্রধানতঃ পোৱা যায়

*কর্ণাটকৰ টুমকাৰ,

*হাছছান,

*মাইচোৰ জিলাত।

খীল্লাৰ:

দক্ষিণ ভাৰতত উপলব্ধ। হালবোৱা আৰু পৰিবহনৰ বাবে-ই সাধাৰণতঃ ব্যৱহৃত হয়।

কনগায়াম:

*তামিলনাড়ুৰ কোয়েম্বাটুৰ,

*ইৰোড,

*নামাক্কাল,

*কাৰুৰ,

*ডিন্দিগুল জিলাত প্রধানতঃ পোৱা যায়। হালবোৱা আৰু পৰিবহনৰ বাবে-ই সাধাৰণতঃ ব্যৱহৃত হয়। কঠিন পৰিবেশো সহ্য কৰিব পাৰে।

বিদেশী দুগ্ধৱতী জাত:

জাৰ্ছী:

প্রথম পোৱালি হোৱাৰ সময়ত বয়স ২৬-৩০মাহ। পোৱালি দিয়াৰ মধ্যবর্তী সময়কাল ১৩-১৪ মাহ। গাখীৰ উৎপাদন ৫০০০-৮০০০ লিটাৰ।

বিশুদ্ধ সঁচৰ পৰা প্রতি দিনে পোৱা যায় ২০ লিটাৰ, সংকৰ প্ৰজাতিৰ পৰা পোৱা যায় ৮-১০লিটাৰ। ভাৰতৰ পৰিৱেশত, বিশেষকৈ গৰম আৰু সেমেকা পৰিৱেশত ভালকৈ খাপ খাই যায়।

হলস্টেইন ফ্রেইছিয়ান:

এই জাতটো হল্যন্ডৰ। দুগ্ধ উৎপাদন- ৭২০০-৯০০০ লিটাৰ। দুগ্ধ উৎপাদন কৰা হিচাপত বিদেশী জাতবিলাকৰ তুলনাত ইয়েই শ্রেষ্ঠ। গড়ে প্রতিদিন ২৫ লিটাৰ গাখীৰ পোৱা যায়। সংকৰ প্রজাতিৰ গাইৰ পৰা পোৱা যায় গড়ে প্রতিদিন ১০-১৫ লিটাৰ। সমুদ্র-তীৰবর্তী অঞ্চল আৰু ব-দ্বীপ অঞ্চলত এই গাইৰ পৰা সৰ্বাধিক উৎপাদন পোৱা যায়।

খীৰতি গাইজনী কিনাৰ আগেয়ে জানিবলগীয়া কথা:

অধিক দুগ্ধ উৎপাদনৰ প্ৰথম কথাটোৱেই হ’ল গাই গৰুৰ সঠিক বাছনি। যদিহে খীৰতি গাই এজনী কোনো চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰা হয় তেনেহ’লে গৰুজনীয়ে দিয়া গাখীৰৰ পৰিমাণ, কেইবাৰ পোৱালি দিছে, গাইজনীৰ স্বাস্থ্য সম্পৰ্কীয় খুঁটি-নাটি তথ্য, প্ৰজনন ক্ষমতা আদিৰ বিষয়ে খৰচি মাৰি জানি লোৱা উচিত।

যদিহে এই ধৰণৰ তথ্যসমূহ পোৱা নাযায়, তেনেহ’লে গাইজনী ক্ৰয় কৰাৰ আগেয়ে নিম্নোক্ত দিশসমূহৰ ওপৰত আপুনি মন দিয়ক:

প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি গৰুজনীয়ে কিমান গাখীৰ দিয়ে সেয়া চাইহে গৰুজনী ক্ৰয় কৰা উচিত।

*আকৰ্ষণীয় শাৰিৰীক গঠন, উজ্জ্বল চকু,

*সকলো সময়তে সক্ৰিয় কিন্তু শান্ত প্ৰকৃতিৰ,

*চাৰিখন ঠেঙেৰে সমানে মাটিত ভৰ দিব পৰা,

*কোমল চালৰ লগতে উজ্জ্বল মিহি নোম থকা,

*পিচৰ ফালটো সন্মুখতকৈ বহল,

*ওহাৰখন কোমল আৰু পিছ ঠেং দুটাৰ সোঁমাজত পৰা হোৱা উচিত।

*গাইজনীৰ মাকৰ বা তাইৰ নিজৰে বেছি গাখীৰ দিব পৰাৰ ক্ষমতা থকা,

*কম বয়সতে প্ৰাপ্তবয়স্ক হোৱা আৰু পোৱালী জন্ম দিয়া,

*বছৰত কমেও ৩০০ দিন গাখীৰ দিব পৰা,

*খোৱা খাদ্য সহজতে হজম হ’ব পৰা,

*নিৰোগী,

*নিয়মীয়াভাৱে গৰম হোৱা আৰু পোৱালী জন্ম দিয়া চৰিত্ৰবোৰত গুৰুত্ব দিয়া উচিত। পোৱালী জন্ম দিয়াৰ সময়ত গৰুজনীয়ে কোনো অসুবিধা পোৱা হ’ব নালাগে।

গাখিৰতী গাইৰ দৈহিক গঠনৰ ক্ষেত্ৰত নিম্নোক্ত কথাকেইটাত গুৰুত্ব দিয়া উচিত:

মিহি চালৰ, ধুনীয়া গাঢ়ৰ, অধিক মেদ-মাংস নথকা। মূৰৰ অংশ মিহি, নিমজ, বৈ পৰা।ডিঙি আৰু দেহৰ জোৰা অংশ পৰিস্ফুট হোৱা। আগফালৰ পৰা পিচফাললৈ ক্ৰমে বহল আকৃতিৰ হোৱা। ওহাৰৰ আগফাললৈকে বহল।

সংকুচিত বুকু আৰু ডাঙৰ পেট। তপিনা ডাঙৰ, সুগঠিত, ক্ষীণ কৰঙন। প্ৰকট, ডাঙৰ, অকোৱা-পকোৱা আৰু বিস্তাৰিত দুগ্ধ সিৰাযুক্ত।

সাধাৰণতে গাইগৰু এজনীয়ে গৰ্ভধাৰণ কৰাৰ পৰা পোৱালি জন্ম দিয়ালৈকে ২৮২ দিন সময় লাগে। পৰিস্থিতি অনুসৰি এই সময়ৰ ৫ দিনমান কম-বেছি হ’ব পাৰে।

গোপালকসকলে গাইজনী গৰম হোৱা আৰু পালখোৱা প্ৰজনন কৰোৱাৰ সঠিক তাৰিখ হিচাপ কৰি প্ৰসৱৰ্ দিনটো আগতীয়াকৈ ঠিক কৰি প্ৰয়োজনীয় ব্যৱস্থা লোৱা উচিত।

গাভিনী গাইক কেতিয়াও জপিয়াবলৈ, দৌৰিবলৈ বা জাকৰ মাজত সোমাবলৈ নিদিব। পোৱালী জন্ম দিয়াৰ আগমুহুৰ্তত গাইজনীৰ ওহাৰখন ফুলি উঠি তললৈ ওলমি পৰে আৰু যোনী অংশ ওখ হৈ ফুলি উঠে। পোৱালী জন্ম দিয়াৰ আগমুহুৰ্তত গাইজনীক মুকলি, পৰিষ্কাৰ কোঠাত ৰাখি তাত নৰা, খেৰ, বস্তা আদিৰে কোমল পাৰি দিব লাগে।

প্ৰসৱৰ সময়ত যদি প্ৰথমে পোৱালিটোৰ আগঠেং দুটা আৰু নাকটো যোনীৰে ওলাই আহে তেনেহ’লে চিন্তা কৰিব নালাগে।

কিন্তু এই কাৰ্য যদি ৪ ঘণ্টাৰ ভিতৰত সম্পন্ন নহয় তেনেহ’লে লগে লগে পশু চিকিৎসকৰ সহায় লোৱা উচিত। প্ৰসৱৰ পাছত মাকজনীৰ পিছফালৰ অংশ আৰু পেটৰ আধাভাগলৈ পটাচ বা নিমপাত সিজোৱা কুহুমীয়া গৰম পানীৰে পৰিষ্কাৰকৈ ধুই দিয়ক।

কোঠাটো সামান্য গৰম কৰি ৰাখিব পাৰিলে ভাল। প্ৰসৱৰ পাছত গৰুজনীক খোৱা পানীৰ সৈতে গুৰ মিহলাই চৰ্বত হিচাপে খাবলৈ দিয়ক। কিছু পৰিমাণে গাখীৰ (ফেঁহু) খীৰাই দিয়ক।জল বা ফুল ২-৪ ঘণ্টাৰ ভিতৰত ওলাই আহিবলৈ দিব লাগে। যদিহে ১২ ঘণ্টাৰ পাছতো ফুল নসৰে তেন্তে চিকিৎসকৰ সহায় লওক। ফুল সৰাৰ পাছত লগে লগে দকৈ পুতি পেলাওক। গৰুজনীয়ে যাতে ফুলখিনি চেলেকি খাই নেপেলাই তাৰ প্ৰতি লক্ষ্য ৰাখক। ফুল খালে গাখীৰৰ পৰিমাণ কমি যায়।জল বা ফুল নিজে নসৰাকৈ কেতিয়াও টানি আনিব নালাগে।

সাধাৰণতে অধিক পৰিমাণৰ গাখীৰ দিয়া গাইবোৰৰ মিল্ক ফিভাৰ বা ওহাৰ ফুলা বেমাৰ হোৱা দেখা যায়।

প্ৰথম বেমাৰবিধৰ পৰা হাত সাৰিবলৈ পোৱালি জন্ম দিয়াৰ ৪-৫ দিনলৈ সম্পূৰ্ণকৈ গাখীৰ খীৰাব নালাগে আৰু দ্বিতীয় বেমাৰবিধৰ ক্ষেত্ৰত ওহাৰৰ বাটবোৰ পৰিষ্কাৰকৈ কুহুমীয়া পটাচ পানীৰে ধুব লাগে। প্ৰাৰম্ভিক অৱস্থাত চিকিৎসা কৰিলে দুয়োটাৰ পৰা হাত সাৰিব পৰা যায়।

গৰু ম’হৰ সচৰাচৰ হোৱা ৰোগৰ প্ৰতিষেধক ছিটা:

চবকা(ফুট এণ্ড মাউথ ডিজিজ) ৰোগৰ লক্ষণ:

প্ৰথমে জ্বৰ উঠে আৰু এদিনমান পাছতেই মুখৰ ভিতৰ আৰু খুৰাৰ মাজত পানীজোলা বান্ধে। পাছলৈ জোলাবোৰ ফাটি ঘা হয় আৰু খাবলৈ নোৱাৰা হয়। ঘাবোৰত মাখিয়ে কণী পাৰিলে ঘা সোনকালে নুশুকায়।

প্ৰতিষেধক ছিটা(এফ এম ডি ভেকছিন):

প্ৰথম চাৰিমাহ বয়সত আৰু দ্বিতীয় ছিটা আঠ মাহত্ দিয়া হয়। প্ৰতি ছমাহৰ মূৰে মূৰে ছিটা দিব লাগে।

টেটুৱা (এনথ্ৰাক্স) ৰোগৰ লক্ষণ:

ৰোগাক্ৰান্ত জন্তুবোৰৰ জ্বৰ উঠে, খাবলৈ অনিহা হয় আৰু অতি কম সময়তেই খৰতকীয়া গতিৰে উশাহ নিশাহ লৈ মৃত্যু মুখত পৰে।

মৰাৰ পিছত নাক, মুখ আৰু শৌচ দ্বাৰাৰে ক’লা তেজ ওলায়। মৃত জীৱ জন্তু দ গাঁত কৰি পুতিব লাগে যাতে ইয়াৰ ইয়াৰ স্ংক্ৰমণ হ’ব নোৱাৰে।

প্ৰতিষেধক ছিটা:(এনথ্ৰাক্স স্পৰ ভেকচিন):

ডাঙৰ গৰু-ম’হ- ১ মিলিলিটাৰ

সৰু গৰু-ম’হ -০.৫ মিলিলিটাৰ

প্ৰতি বছৰ মাঘ ফাগুন মাহত এই ৰোগৰ ছিটা দিয়া হয়।

গলফুলা(হেম’ৰেজিক চেপ্টিচেমিয়া)ৰোগৰ লক্ষণ:

আক্ৰান্ত জন্তুবোৰৰ ডিঙিৰ ভিতৰভাগ ঘাইকৈ জিভাৰ গুৰিটো ফুলি জিভাখন মুখৰপৰা বাহিৰলৈ ওলাই আহে, মুখেৰে ডাঠ লেলাউটি দীঘলকৈ মাটিলৈ বৈ পৰে। উশাহ নিশাহত কষ্ট পায় আৰু মৃত্যুমুখত পৰে।

প্ৰতিষেধক ছিটা: (হেম’ৰেজিক চেপ্টিচেমিয়া ভেকচিন)

ছিটাৰ পৰিমাণঃ ডাঙৰ -৪ মিলিলিটাৰ

সৰু -২ মিলিলিটাৰ

প্ৰতি বছৰ মাঘ ফাগুণ মাহত এই ছিটা দিব লাগে।

জহৰ বাত(ব্লেক কুৱাৰ্টাৰ):

এই ৰোগ সাধাৰণতে ছমহীয়াৰ পৰা দুবছৰীয়া ম’হৰ ক্ষেত্ৰত দেখা যায়।

ৰোগৰ লক্ষণ

প্ৰথম জ্বৰ উঠে। পিছলৈ ফুলা ঠাইৰ মাংসপেশী ক’লা পৰে আৰু পিহি দিলে মৰমৰকৈ শব্দ কৰে। এইদৰে থাকি দুদিনমানৰ ভিতৰত ৰোগাক্ৰান্ত জন্তুটোৰ মৃত্যু হয়।

প্ৰতিষেধক ছিটা(ব্লেক কুৱাৰ্টাৰ ভেকচন)

ছিটাৰ পৰিমাণঃ ডাঙৰ- ৪ মিলিলিটাৰ

সৰু এমহীয়া পোৱালি- ২ মিলিলিটাৰ

৮-৯ মাহৰ মূৰে মূৰে পুনৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

কেইবিধমান উন্নত জাতৰ ঘাঁহ:

নেপিয়াৰ:

কেইবা ঋতুজোৰা নেপিয়াৰ, অসমৰ কৃষি জলবায়ুৰ সৈতে খাপ্ খোৱা এবিধ অতি উত্ত্ম ঘাঁহ। ইয়াক বৰষুণপুষ্ট মাটি এডোখৰত দুই তিনিটা গাঁঠিযুক্ত পূৰঠ গাগছ ৰোপণৰ পদ্ধতিৰে ৰোৱা হয়।

গাঁঠিবোৰ দুফুট আঁতৰৰ শাৰীত প্ৰতিজোপা নেপিয়াৰ ঘাঁহ ডেৰ ফুটৰ পৰা ২ ফুট অন্তৰত ৰুব লাগে। হাইব্ৰিড নেপিয়াৰ ঘাঁহৰ উৎপাদন বিঘাই প্ৰতি ১০-১২ টন সেউজীয়া ঘাঁহ।

গিনি ঘাঁহ:

গিনি ঘাঁহ ওখ কিন্তু বৰষুণপুষ্ট মাটিত কৰা হয়। ইয়াক তিনিফুট আঁতৰে আঁতৰে লাইন কৰি তিনিফুট ব্যৱধানত (প্ৰতিটো শাৰীত) দুই তিনিটাকৈ শিপাযুক্ত মূল, ধানৰ কঠিয়া ৰোৱাদি ৰুব লাগে। এই ঘাঁহ ছমাহ পিছৰ পৰা প্ৰতি মাহত কাটিব পৰা হয়। গিনি ঘাঁহৰ উৎপাদন ক্ষমতা নেপিয়াৰৰ সদৃশ।

ৰীণা ঘাঁহ:

মাটিত সহজে খোপনি পুতি লহপহীয়াকৈ বাঢ়ি আহিব পৰা ক্ষমতাৰ এইবিধ ঘাঁহে শেহতীয়াকৈ পশুপালকসকলৰ ব্যাপক সঁহাৰি পাইছে।

গাঢ় সেউজ বৰণৰ এই বিধ ঘাঁহ অতি ওখ হয়। (৬-৮ ফুট) বিঘাই প্ৰতি ৮৫০০ গ্ৰাম বীজৰ দৰকাৰ।

উৎপাদন ক্ষমতা: বিঘাই প্ৰতি ৬-৭ টন সেউজীয়া ঘাঁহ।

ওটচ:

গো পালক সকলে সচৰাচৰ জাৰকালি ঘাঁহৰ অভাৱত জুৰলা হয়। তেওঁলোকক বিশেষ সকাঁহ দিয়াৰ বাবে নবেম্বৰ মাহত এই ঘাঁহৰ ৰোপণ অতি প্ৰয়োজনীয়।

বিঘাই প্ৰতি বীজৰ পৰিমাণ ১৪ কিলোগ্ৰাম।

উৎপাদন ক্ষমতাঃ

বিঘাই প্ৰতি ৪ টন সেউজীয়া ঘাঁহ।

উৎস: দুগ্ধ উন্নয়ন সঞ্চালকালয় অসম

3.23076923077
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top