অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পশুধনৰ চবকা বেমাৰ- এই ৰোগৰ ছিটাকৰণৰ প্ৰয়োজনীয়তা

পশুধনৰ চবকা বেমাৰ- এই ৰোগৰ ছিটাকৰণৰ প্ৰয়োজনীয়তা

পশুধনৰ চবকা বেমাৰ- এই ৰোগৰ ছিটাকৰণৰ প্ৰয়োজনীয়তা

বিগত কেইবাবছৰ ধৰি আমাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰু, ম’হ, ছাগলী ইত্যাদি জীৱ- জন্তুবোৰৰ চবকা বেমাৰ হোৱাৰ ফলত গো-পালকসকল আৰ্থিকভাৱে জুৰূলা হৈ পৰিছে।  এইবছৰো ইতিমধ্যে উজনি অসমৰ বিভিন্ন অঞ্চলত এই ৰোগ বিয়পি পৰিছে। এই ৰোগ অকল ইলেক্ট্ৰন মাইক্ৰ’স্কোপত দৃশ্যমান এবিধ ভাইৰাছজাতীয় জীৱাণুৰ দ্বাৰা হয়। যদিও এই ৰোগত আক্ৰান্ত পশুধন খুব বেছি ৫ শতাংশমানহে মৃত্যুমুখত পৰে, কিন্তু আনহাতে, গোপালকক আৰ্থিকভাবে খুব অনিষ্ট কৰে। কাৰণ এই ৰোগত আক্ৰান্ত গাখীৰতী গাইৰ গাখীৰ উৎপাদন শীঘ্ৰে লোপ পায়, হালৰ গৰু ব্যবহাৰৰ অনুপয়োগী হয়, মাংসৰ বাবে ব্যৱহাৰ্য পশুধন খোৱাৰ অনুপযোগী হয়, কিছু ক্ষেত্ৰত আক্ৰান্ত সৰু পোৱালিবোৰৰ এশ শতাংশই মৃত্যুমুখত পৰে। পোৱালিবোৰ আক্ৰান্ত হ’লে অতি সোনকালে হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ সম্ভাবনা থাকে।

ৰোগৰ বিস্তাৰ, লক্ষণ আৰু প্ৰ্তিকাৰ সম্পৰ্কে

  • ই এবিধ সংক্ৰামক বেমাৰ। গতিকে আক্ৰান্ত জন্তুৰ সংস্পৰ্শ অথবা এই ৰোগৰ বীজানুৰ দ্বাৰা দূষিত হোৱা খাদ্য বস্তুৰ জৰিয়তে এই ৰোগ বিস্তাৰ হয়। এই ৰোগৰ বীজাণু বতাহৰ লগত ওপঙী বহু দূৰ-দূৰণীলৈ বেমাৰ বিয়পিব পাৰে।

এই ৰোগ হ’লে জীৱ-জন্তুৰ (গৰু, ম’হ, ছাগলী, ভেৰা, গাহৰি, হৰিণা) খুৰাৰ মাজত, মুখত, জিভাত আৰু ওহাৰত পানীজোলাৰ দৰে হৈ সেইবোৰ ফাটি ঘা হয়। অধিক জ্বৰ হয়। জীৱ-জন্তুৱে খাব নোৱাৰা হয়, ভালদৰে খোজকাঢিব নোৱাৰে, মুখেৰে লেলাউটি ওলায়।

  • সচৰাচৰ বিশ্বাস মতে এই ৰোগত আক্ৰান্ত গৰু-ম’হক বোকাত বান্ধি থ’ব নালাগে। যিমানদূৰ সম্ভৱ ওখ, শুকান, চাফ-চিকুণ ঠাইত ৰাখিব লাগে। ৰোগত আক্ৰান্ত পশুধনক সুস্থ পশুধনৰ সৈতে ৰাখিব নালাগে। ৰোগত আক্ৰান্ত পশুধনক খাদ্য, দানা-পানী সুকীয়া পাত্ৰ্ত সুকীয়াকৈ দিব লাগে। পৰাপক্ষত ৰোগাক্ৰান্ত মাকৰ পৰা পোৱালিক আঁতৰাই ৰাখিব লাগে, মাকৰ গাখীৰ খাব দিব নালাগে।
  • খুৰাৰ ফাঁকৰ ঘাবোৰত যাতে মাখিয়ে পোক দিব নোৱাৰে, তাৰবাবে পটাছ পানীৰে পুৱা-গধূলি ধুই চাফ-চিকুণ কৰি Topicure জাতীয় ঔষধ ব্যৱহাৰ কৰিব লাগে। কিবা কাৰণত পোক উৎপত্তি হ’লে Ivermectin বেজী ছালৰ তলত দিব লাগে। ৰোগৰ গভীৰতা অনুযায়ী এন্টিবায়’টিক,এন্টিইনফ্লামেটৰী,এন্টিহিষ্টামিনিক আৰু ভিটামিন-AD3E বেজী দিব পাৰি।

চবকা বেমাৰৰ প্ৰতিষেধক বেজী ব্যৱহাৰৰ ক্ষেত্ৰত লক্ষণীয় দিশকেইটামান

  • পশুধনক এই ৰোগৰ ছিটা বছৰত দুবাৰ দিব লাগে। বছৰৰ দ্বিতীয়টো ছিটা ৬মাহ হ’বলৈ কেইদিনমান বাকী থাকোতেই দিব পাৰিলে ভাল।
  • চবকা ৰোগৰ ছিটা ব্যৱহাৰ কৰি সঠিক মাত্ৰাত ৰোগ প্ৰতিৰোধ ক্ষমতা পাবলৈ হ’লে, ছিটাটো উৎপন্নস্থলীৰ পৰা গৰু-ম’হৰ গাত প্ৰয়োগ কৰাপৰ্যন্ত ৪ ডিগ্ৰী চেন্টিগ্ৰেড উষ্ণতাত সংৰক্ষণ কৰি ৰখা হ’বই লাগিব। অন্যথা উষ্ণতাৰ তাৰতম্যই ছিটাৰ গুণাগুণ নষ্ট কৰে আৰু এনেকুৱা ছিটাৰ পৰা পা'ব লগা জোখত ৰোগ প্ৰতিৰোধী শক্তি পোৱা নাযায়।
  • যদিও কোৱা হয় গৰু-ম’হৰ পোৱালিক চাৰিমাহ বয়সৰ পৰাহে চবকাৰ ছিটা দিব লাগে, কিন্ত পোৱালিক চাৰিমাহ বয়স হোৱালৈ ৰৈ থাকিলে পোৱালি মাৰি নিঃশেষ হৈ যাব। গতিকে পোৱালি এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকিলে সিহঁতৰ এদিন বয়সতে ছিটা দিব লাগে। এইক্ষেত্ৰত দেখা যায় যে এদিন বয়সত ছিটা প্ৰয়োগ কৰিলে পোৱালিৰ কোনো বিৰুপ প্ৰতিক্ৰিয়া নহয় আৰু পোৱালিয়ে বেমাৰ প্ৰতিৰোধ ক্ষমতাও আহৰণ কৰি লয়।
  • গাভিনী গাই গৰুক নিশ্চয়কৈ চবকা বেমাৰৰ ছিটা দিব লাগে। কাৰণ গাভিনী গাই এই ৰোগত আক্ৰান্ত হ’লে গৰ্ভপাত হোৱাৰ পুৰ্ন সম্ভাৱনা থাকে।

চবকা বেমাৰ সম্পৰ্কে কিছুমান তথ্য

  • গাত অতিপাত জ্বৰথকা সময়ত(১০৪-১০৬ ডিগ্ৰী F) এই ৰোগত আক্ৰান্ত জন্তৰ তেজ, গাখীৰ, মূত্ৰ আৰু শৌচত এই ৰোগৰ বীজাণু পোৱা যায়।
  • এই ৰোগত আক্ৰান্ত হোৱাৰ পাছত গৰুৱে ২-৫ বছৰলৈ আৰু ছাগলীয়ে ৯ মাহলৈ বীজাণু কঢিয়াব পাৰে।
  • এইৰোগৰ বীজাণু শীতলীকৃত মাংসত এশদিনলৈ বৰ্তি থাকিব পাৰে।
  • এই ৰোগৰ বীজাণুৰ দ্বাৰা দূষিত চুলি আৰু মাটিত এমাহলৈ আৰু খেৰ বা ঘাঁহত ৪-৫ মাহলৈ ৰোগৰ বীজাণু বৰ্তি থাকিব পাৰে।
  • এই ৰোগৰ বীজাণু খাৰজাতীয় পদাৰ্থ যেনে-ছডিয়াম হাইড্ৰ’ক্সাইডৰ দ্বাৰা সহজে নাশ হয়। বীজাণু নাশ কৰিবৰ বাবে ৪ শতাংশ ছডিয়াম কাৰ্বনেট ব্যৱহাৰ কৰিব পাৰে।
  • পানীজোলাবোৰৰ ভিতৰত থকা হালধীয়া খেৰবৰণৰ জুলীয়া পদাৰ্থ আৰু লেলাউটিত আটাইতকৈ বেছি মাত্ৰাত এই ৰোগৰ বীজাণু থাকে।

চবকা বেমাৰৰ দ্বাৰা মানুহ কেনেদৰে আক্ৰান্ত হয়

  • মানুহৰ গাত এই বেমাৰৰ ভাইৰাছ একমাত্ৰ কটা-ছিঙা অংশৰ জডিয়তে বিস্তাৰ হয়, যেতিয়া কটা অংশটো বেমাৰী গৰুৰ লেলাউটি বা পানীজোলাৰ ভিতৰত থক হালধীয়া বৰণৰ জুলীয়া পদাৰ্থবোৰ স্পৰ্শ কৰে। মানুহৰ ক্ষেত্ৰত এই ৰোগ কিছু নৰম আকাৰত হয়। এই বেমাৰ হ’লে বেমাৰীৰ গাত কম পৰিমাণে জ্বৰ থাকে, মুখ শুকাই যায়। ইয়াৰ উপৰি বেমাৰীৰ মুখ আৰু জিভাত পানীজোলাৰ সৃষ্টি হয়। এই ৰোগৰ বীজাণু ক্ষুদ্ৰান্তৰ মিউক’ছা ভেদ কৰিও মানুহৰ গাত বেমাৰটো হ’ব পাৰে, যদিহে এই ৰোগৰ আক্ৰান্ত গাইগৰুৰ গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী খাদ্য বা বেমাৰী জন্তৰ মাংস খোৱা হয়। বেমাৰী জন্তুৰ লগত লাগি থকা মানুহৰ শৌচত এই বেমাৰৰ বীজাণু পোৱা গৈছে।

চবকাৰ ছিটাকৰনৰ পাছত পশুধন এই ৰোগত আক্ৰান্ত হয় নেকি?

চবকা ৰোগৰ ছিটাকৰণৰ পাছতো এই বেমাৰটো পশুধনৰ গাত দেখা দিয়া বুলি কেতিয়াবা শুনা যায়। কি ধৰণৰ পৰিস্থিতিত এনেকুৱা হ’ব পাৰে।

  • ছিটাৰ মান একেবাৰে নিম্ন পৰ্যায়ৰ বা শূন্যমানৰ হ’লে ছিটা দিয়াৰ ৬ মাহ উকলি নাযাওঁতে বেমাৰে আকৌ দেখা দিব পাৰে। ছিটাৰ উৎপাদনস্থলীৰ পৰা একেবাৰে জন্তুৰ লগত প্ৰয়োগ কৰা পৰ্যন্ত Cold Chain অৰ্থাৎ ৪ ডিগ্ৰী চেন্টিগ্ৰেড উষ্ণতা বজাই ৰাখিবলৈ সক্ষম নহ’লে ছিটাৰ গুণাগুণ নষ্ট হয়।
  • এই ৰোগৰ বীজাণুৰ মুঠ ৭টা ষ্ট্ৰেইন থাকে আৰু সেইবোৰ হৈছে O, A, C, Asia-1, SAT-1,2,3। কিন্তু আমাৰ দেশত চাৰিটা অৰ্থাৎ O, A, C আৰু Asia-1 নামৰ ষ্ট্ৰেইনকেইটাৰহে স্থিতি পোৱা গৈছে। তাৰ ভিতৰত C-Strainৰ উপস্থিতি একেবাৰে নগণ্য বা নাই বুলি ক’লেও হয়। সেয়েহে ছিটা প্ৰস্তুত কৰা সময়ত ছিটাৰ দাম কম হ’ব ইত্যাদি কথাৰ বাবে অযথা C-Strainটো সংযুক্ত নকৰি বাকি তিনিটা যেনে- O, A, Asia-1 সংযুক্ত কৰি ছিটা তৈয়াৰ কৰা হয়। কিন্তু কিবা কাৰণত ছিটা প্ৰয়োগ কৰা অঞ্চলত C-Strain যুক্ত চবকাৰ বীজাণুৰ প্ৰৱেশ ঘটিলে, ছিটাকৰণৰ পাছতো বেমাৰে দেখা দিব পাৰে । ইয়াৰ উপৰি ব্যৱহাৰ কৰা ছিটাৰ পৰাই বেমাৰটো হৈছে নেকি ইত্যাদি কথাবোৰ চোৱাৰ দৰকাৰ আছে।

 

এতিয়া বাৰিষা নামিছে, বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে। গতিকে বান হোৱাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। এই সময়ত গো-পালকে যিমান সোনকালে সম্ভব হয়, পশুধনৰ বিভিন্ন বেমাৰৰ, বিশেষকৈ চবকা, জহৰ বাত, গলফুলা ইত্যাদি ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ বান হৈ যোৱাৰ পাছত এই বেমাৰবোৰ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰি বান হৈ থকা অৱস্থাত বা হৈ যোৱাৰ ঠিক পাছতেই বানত আক্ৰান্ত পশুধন যথেষ্ট চাপত থকা বাবে সেই সময়ত ছিটাকৰণ কৰা উচিত নহয়। বান হোৱাৰ আগতে বিভিন্ন বেমাৰৰ ছিটা প্ৰয়োগ কৰি পশুধনক পাৰ্যমানে শক্তিশালী ৰূপত ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পাৰিলে, বানৰ সময়ত আন বেমাৰতো আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাথাকে।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate