অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাঁহ পোহাৰ আনন্দ

হাঁহ পোহাৰ আনন্দৰ বিষয়ে লিখা হৈছে

হাঁহ-

অতীজৰেপৰা অসমীয়া সমাজত হাঁহ-কুকুৰা ,পাৰ আদি পোহনীয়া জীৱই এঘৰ মানুহৰ জীৱিকা উপাৰ্জনৰ ক্ষেত্ৰত যথেষ্ট সকাহ দি আহিছে।

বৰ্তমান সময়তো মাংস আৰু কণীৰ ক্ষেত্ৰত অসমে বহি:ৰাজ্যৰ ওপৰত নিৰ্ভৰ নকৰিলে থলুৱাভাৱে উৎপাদিত মাংস আৰু কণীয়ে চাহিদা পুৰাব পৰা অৱস্থাত নাই।আমি যদি বৰ্তমান বজাৰৰ দৰলৈ লক্ষ্য কৰোঁ তেতিয়া দেখিম যে বজাৰত এটা হাঁহৰ মুল্য ৩০০ ৰ পৰা ৩৫০ টকাৰ ভিতৰত আৰু এটা থলুৱা কণীৰ মুল্য ৭ টকাৰ পৰা ১০ টকাৰ ভিতৰত।

আমাৰ অসমীয়া গ্ৰাম্য জীৱনৰ প্ৰত্যেকৰে বাস কৰা বাৰীডৰা যথেষ্ট আহল-বহল আৰু প্ৰায়বিলাকৰ ঘৰতেই সৰুৱেই হওক বা ডাঙৰেই হওক এটি পুখুৰী থাকে।সেয়েহে আমি আমাৰ ঘৰৰ বাৰীৰ ভিতৰতে সুন্দৰকৈ ভিতৰত ৰ’দ,বতাহ সোমাব পৰা এটি গঁৰাল সাজি স্থানীয়ভাৱে উৎপাদিত হাঁহ পুহি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব পাৰোঁ।

বহাগ মাহ হ’ল (এপ্ৰিল আৰু মে’)প্ৰায়বিলাক চৰাই-চিৰিকটিৰ প্ৰজননৰ সময়।এই সময়তে বিশেষকৈ আমাৰ অসমৰ থলুৱা প্ৰজাতিৰ হাঁহৰ কণী পৰাৰ সময়।এই সময়ছোৱাত প্ৰতিজনী হাঁহে ২০ ৰ পৰা ২৫ টা কণী পৰাৰ পাছতে উমনি ল’বলৈ বিচাৰে।এই সময়ছোৱাই হৈছে হাঁহক উমনি দিয়াৰ উপযুক্ত সময়।কিয়নো এই সময়ত হাঁহ পোৱালি জাগিলে সিহঁতৰ খাদ্য প্ৰচুৰ পৰিমাণে প্ৰাকৃতিকভাৱেই সৃষ্টি হোৱাৰ লগতে বেমাৰ আজাৰো কম হয়।

কেনেকৈ উমনি দিব

 

একোজনী হাঁহে একেবাৰতে ২০ ৰ পৰা ২৫ টা কণী উমনি লয়।উমনি দিবলৈ হাঁহৰ কণী নিৰ্বাচন কৰোঁতে সদায় মতাহাঁহ থকা জাকৰপৰাহে কণী সংগ্ৰহ কৰিব লাগে।এটা খৰাহিত ২০ ৰ পৰা ২৫ টামান কণী ধানখেৰৰ ওপৰত থৈ উমনি বিচৰা হাঁহজনী নিৰ্বাচন কৰি উমনিত বহাব লাগে আৰু হাঁহৰ গঁৰালটো চুণ দি চাফ-চিকুণ কৰি ল’ব লাগে।উমনি দিওঁতে খেৰৰ তলত বিহলঙনী দিলে হাঁহজনীয়ে চাহিৰৰ পৰা মুক্তি পায়।উমনিৰ সময়ছোৱাত গঁৰালতে হাঁহজনীক খাবলৈ দিলে বাহিৰলৈ বেছিকৈ নোলায়।তাৰ ফলত কণী ঘোলা কম হ’ব।এমাহৰ অন্তত ,কেতিয়াবা ২৫/২৬ দিনৰ পাছত কণী ফুটি পোৱালি ওলোৱাৰ সময়ত অলপ যত্ন ল’লেই পোৱালিকেইটা নিৰাপদে কণী ফুটি বাহিৰ ওলাব আৰু তেতিয়াই মাকৰ সৈতে পোৱালিকেইটা বেলেগ এটা গঁৰাললৈ স্থানান্তৰিত কৰিব লাগে।

এইদৰে বহাগ মাহত (এপ্ৰিল আৰু মে’ মাহত)আমি যদি ১০ জনী হাঁহ উমনি দিব পাৰোঁ তেন্তে আমি প্ৰায় ১৫০ ৰ পৰা ২০০ টা হাঁহৰ পোৱালি আশা কৰিব পাৰোঁ।

আমি যদি ১৫০ ৰ পৰা ২০০ হাঁহৰ পোৱালি বহাগ মাহৰ পৰা ভাদ মাহৰ ভিতৰত (এপ্ৰিলৰ পৰা অক্টোবৰ)লালন পালন কৰিব পাৰোঁ তেন্তে চাৰি-পাঁচমাহৰ পাছত ২০০ হাঁহৰ পোৱালি প্ৰতিটোৰ দাম নুন্যতম ৩০০ টকাকৈ হ’লেও (৩০০*২০০=৬০,০০০)৬০,০০০ টকা উপাৰ্জন কৰিব পাৰোঁ।

সেয়েহে মহিলাসকলেই হওকা বা নিবনুৱা যুৱকসকলেই হওক ঘৰত থকা আজৰি সময়খিনিতে অলপ মাত্ৰ কষ্ট কৰি বেছি টকা খৰচ নকৰাকৈ কম সময়ৰ ভিতৰতে হাঁহ পালনেৰে স্বাৱলম্বনৰ পথ উলিয়াই ল’ব পাৰোঁ।

বহাগৰপৰা ভাদ মাহ পৰ্যন্ত অসমৰ জলবায়ু হাঁহ পালনৰ বাবে অত্যন্ত উপকাৰী।

লেখক:মনোৰঞ্জন মইনা দত্ত (প্ৰান্তিক)

3.19444444444
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top