অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উৎপাদন প্ৰযুক্তি

সংহত কীট-পতঙ্গ নিবাৰণ কৌশল

বিভিন্ন শাক-পাচলিৰ ভিতৰত অকৰা যিটো লেডিচ ফিংগাৰ বুলি জনাজাত, গোটেই দেশজুৰি উতৎপাদন কৰা হয়। কীট-পতঙ্গ, বেমাৰ আৰু পৰজীৱিৰ আক্ৰমণ হ’ল ইয়াৰ বহু পৰিমাণে লোকচান ঘটোৱা কাৰণ সমূহৰ ভিতৰত অন্যতম কাৰণ। কোমল আৰু মাংসল হোৱা বাবে আৰু ইয়াৰ খেতি উচ্চ জলীয়বাষ্প আৰু সাৰৰ দ্বাৰা হোৱা বাবে ই অতি সহজতে কীট-পতঙ্গৰ আক্ৰমনৰ বলি হয় আৰু ৰক্ষণশীল হিচাপত লোকচান প্ৰায় ৩৫-৪০ শতাংশ।

অধিক পৰিমানে কীট-নাশক দৰৱ প্ৰয়োগ কৰাৰ ফলত হোৱা সমস্যা

এইবিলাক কীট-পতঙ্গৰ আক্ৰমণৰ পৰা অকৰাত হোৱা লোকচান প্ৰতিহত কৰিবলৈ উচ্চ মাত্ৰাত কীটনাশক দৰৱ ব্যৱহাৰ কৰা হয়।

  • চমু সময়ৰ অন্তৰালত চপোৱা শাক-পাচলিত আঁতৰ কৰিব নোৱাৰাকৈ উচ্চ পৰিমাণৰ কীট-নাশক দৰৱ থাকিব পাৰে যি উপভোক্তাৰ বাবে বিপদজনক হ'ব পাৰে।
  • অধিক পৰিমণ্ণৰ ৰাসায়নিকৰ ওপৰত নিৰ্ভৰ কৰিলে কীট-পতঙ্গবিলাক ৰাসায়নিক প্ৰতিৰোধী, পুনঃএকেধৰনৰ পোকৰ আক্ৰমন, পৰিবেশ প্ৰদূষণ আৰু প্ৰয়োজনীয় গছ-গছনি বিলোপ হোৱাৰ সম্ভাৱনা থাকে।

উৎস: www.ppqs.gov.in

শ্বেড হাউচ

শ্বেড হাউচ হ'ল খালীঠাই সমূহৰ মাজেদি প্ৰয়োজনীয় ৰ’দ, জলীয়বাষ্প, আৰু বতাহ পাৰ হৈ যাবলৈ দিয়া এগ্ৰ’নেট বা আন তেনে বোৱা সামগ্ৰীৰে আবৃত সঁজা। ই গছ-গছনিৰ বৃদ্ধিৰ বাবে উপযোগী ক্ষুদ্ৰ জলবায়ু সৃষ্টি কৰে। ইয়াক শ্বেড নেট হাউচ বা নেট হাউচ বুলিও জনা যায়।

শ্বেড হাউচৰ ব্যৱহাৰ

  • ই ফুলগছ, পাত গছ, ঔষধি গছ, শাক-পাচলি আৰু মচলাজাতীয় গছৰ খেতি কৰাত সহায় কৰে।
  • ফল-মূল আৰু শাক-পাচলিৰ নাৰ্চাৰি আৰু হাবিৰ প্ৰজাতিৰ উৎপাদনত ব্যৱহাৰ কৰা হয়।
  • বিভিন্ন কৃষিজাত সামগ্ৰীৰ উচ্চমানত শুকুৱাত সহায়ক হয়।
  • কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়।
  • প্ৰাকৃতিক বতৰে কৰা ক্ষতিসমূহ যেনে ধুমুহা, বৰষুণ, শিলাবৃষ্টি আৰু হিমকণা আদিৰ পৰা ৰক্ষা কৰিব পাৰি।
  • কলম দি গছপুলি উতৎপাদন কৰা আৰু গৰমৰ দিনত ইহঁতৰ মৃত্যুৰ হাৰ কমাবলৈ ব্যৱহাৰ কৰা হয়।
  • টিছুকালচাৰ কৰি পোৱা পুলি বিলাক টান কৰিবলৈ ব্যৱহাৰ কৰা হয়।

উৎস: ncpahindia.com

শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate