অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক কৃষি পদ্ধতি: আলোকপাত :

জৈৱিক কৃষি পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

পৰম্পৰাগতভাৱে ভাৰতবৰ্ষত জৈৱিক পদ্ধতিৰেহে কৃষি কৰা হৈছিল। সাৰ, কীটনাশক ঔষধ আদিৰ বাবেও জৈৱ-বৈচিত্ৰ্যৰ ওপৰতহে নিৰ্ভৰ কৰা হৈছিল। কিন্তু ১৯৪২-৪৩ চনত বংগদেশত হোৱা দুৰ্ভিক্ষত প্ৰাণনাশ হোৱাত সমগ্ৰ ভাৰতবৰ্ষৰে প্ৰেক্ষাপট সলনি হৈ গ’ল। সেই সময়ত ভাৰতৰ বাৰ্ষিক খাদ্যশস্য উৎপাদন হৈছিল মাত্ৰ ৫০ মিলিয়ন টন। পাছলৈ সেউজ বিপ্লৱে কৃষিক্ষেত্ৰত এক নতুন জাগৰণৰ সৃষ্টি কৰিলে আৰু সিয়ে খাদ্যশস্য উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতা গঢ়ি তুলিলে।

১৯৬৭-৬৮ চনত খাদ্যশস্যৰ পৰিমাণ আছিল ৯৫ মিলিয়ন টন। ১৯৯৯-২০০০ চনত ই বৃদ্ধি হয় ২০৯ মিলিয়ন টনলৈ। এই ঊৰ্ধ্বগামী উৎপাদন হোৱাৰ মূলতে হ’ল বৰ্ধিত হাৰত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ, কীটনাশক দৰব আৰু উন্নত মানৰ কৃষি প্ৰযুক্তিৰ ব্যৱহাৰ। কিন্তু সময় বাগৰাৰ লগে লগে ৰাসায়নিক কৃষিৰ কেতবোৰ কুফলো পৰিলক্ষিত হ’বলৈ ধৰিলে, যেনে- মাটিৰ স্বাভাৱিক উৰ্বৰতা হ্ৰাস পোৱা, খাদ্যত পাৰ্শ্বক্ৰিয়া পৰিসফূট হোৱা, শস্যৰ প্ৰতিৰোধ ক্ষমতা কমি যোৱা ইত্যাদি। বৰ্হিজগতৰ দেশসমূহেও ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰী ল’বলৈ অস্বীকাৰ কৰা হ’ল। ই ভাৰতৰ অৰ্থনীতিত সাংঘাটিকধৰণে ক্ষতিসাধন কৰিলে। এই সকলো কাৰকেই পৰৱৰ্তী অভূতপূৰ্ব অৰিহণা যোগালে।

জৈৱিক কৃষিৰ প্ৰথম সূচনা বিংশ শতিকাৰ আগভাগত ইউৰোপত হোৱা বুলি জনা যায়। ১৯২৪ চনত অষ্ট্ৰিয়াৰ দাৰ্শনিক ড° ৰুড’লড ষ্টেইলাৰে জৈৱিক কৃষিৰ প্ৰথম ধাৰণাত্মক বৰ্ণনা দিবলৈ সক্ষম হৈছিল। ১৯২৭ চনত জৈৱিক সামগ্ৰীৰ ট্ৰেডমাৰ্ক ৰ আৰম্ভণি হয়। বৰ্তমানে ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা জৈৱিক সামগ্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ ১২০ খনতকৈয়ো অধিক দেশত জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰা হ’ল। প্ৰায় ৩০.৪ মিলিয়ন হেক্টৰ মাটি(০.৬৫ শতাংশ) এতিয়া জৈৱিক কৃষিৰ অন্তৰ্গত। ২০০৬ চনত এক সমীক্ষামতে অষ্ট্ৰেলিয়াত সৰ্বাধিক জৈৱিক কৃষিৰ অন্তৰ্ভুক্ত খেতিমাটি আছে(তালিকা নং ১)। আনহাতে শতকৰা হিচাপত মুঠ খেতিমাটিৰ সৰ্বাধিক জৈৱিক খেতিৰ অংশ লিকটেনচটেইনত বেছি(তালিকা নং ২)। ভাৰতত এই পৰিমাণ মুঠ কৃষি মাটিৰ মাথোঁ ০.৩ শতাংশহে। শেহতীয়া তথ্যমতে মুঠ মাটিকালিৰ অন্তৰ্গত জৈৱিক মাটিৰ হিচাপত ভাৰতৰ স্থান ৩৩ সংখ্যক আৰু মুঠ কৃষিমাটিৰ অন্তৰ্গত জৈৱিক খেতিৰ ক্ষেত্ৰত এই স্থান ৮৮ সংখ্যক। জৈৱিক কৃষিৰ এনে সীমাবদ্ধতাৰ হয়তো তিনিটা কাৰণ হ’ব পাৰে। সেইসমূহ হ’ল- জৈৱিক উৎসৰ পৰ্যাপ্তহীনতা, শস্যৰ বাবে  মৌলৰ অধিক প্ৰয়োজনীয়তা যিটো জৈৱিক সাৰতকৈ ৰাসায়নিক সাৰত বেছি পোৱা যায় আৰু শস্যৰ ৰোগ আৰু কীট-পতংগৰ প্ৰতিৰোধ যাৰ বাবে কেৱল জৈৱিক পদ্ধতিৰ ওপৰত ভৰসা কৰিব পৰা নাযায়।

তালিকা নং ১:

মাটিকালিৰ হিচাপত জৈৱিক খেতি কৰা দহখন দেশ(

দেশসমূহ

মাটিকালি(মিঃ হেঃ)

শতকৰা হিচাপত মুঠ কৃষিভূমিৰ অন্তৰ্গত জৈৱিক ভূমি(%)

অষ্ট্ৰেলিয়া

১২.২৯

২.৮

চীন

২.৩০

০.৪

আৰ্জেন্টিনা

২.২২

১.৭

আমেৰিকা

১.৬২

০.৫

ইটালি

১.১৫

৯.০

উৰুগুৱে

০.৯৩১

৬.১

স্পেইন

০.৯২৬

৩.৭

ব্ৰাজিল

০.৮৮০

০.৩

জাৰ্মানী

০.৮২৬

৪.৮

ইউ কে

০.৬০৫

৩.৮

 

উৎস:

তালিকা নং ২:

শতকৰা মাটিকালিৰ হিচাপত মুঠ কৃষিভূমিৰ অন্তৰ্গত জৈৱিক কৃষি কৰা বিশ্বৰ দহখন দেশ(২০০৬):

দেশসমূহ

শতকৰা হিচাপত মাটিকালি(%)

লিকটেনচটেইন

২৯.১

অষ্ট্ৰিয়া

১৩.০

ছুইজাৰলেণ্ড

১১.৮

ইটালি

৯.০

ইষ্ট’নিয়া

৮.৮

গ্ৰীচ

৭.৬

পৰ্টুগাল

৭.৩

ছুইডেন

৭.১

লাটভিয়া

৭.০

টিমৰ লেষ্ট

৬.৯

উৎস: FIBL(২০০৮)

বিশ্বৰ উন্নত আৰু উন্নয়নশীল দেশসমূহত জৈৱিক কৃষিয়ে পৃথক পৃথক অৰ্থ বহন কৰি আহিছে উন্নত দেশসমূহত উচ্চ গুণগত খাদ্যৰ চাহিদা বেছি যাৰ বাবে গ্ৰাহকে যিকোনো মূল্য দিবলৈ প্ৰস্তুত। আনহাতে উন্নয়নশীল দেশ, যেনে- ভাৰতত বৰ্ধিত জনসংখ্যাৰ বাবে গুনতকৈ পৰিমাণৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। কিন্তু শেহতীয়াকৈ ভাৰত চৰকাৰে জৈৱিক কৃষিৰ প্ৰসাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতত মুঠ কৃষিমাটিৰ মাত্ৰ ৩৮ শতাংশহে জলসিঞ্চন কৰা হয়। তাৰ বাহিৰে বাকী মাটিত সাৰ বা ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ একেবাৰে কম না নায়েই। সেয়ে এই সকলো মাটিয়েই জৈৱিক কৃষিৰ বাবে উপযুক্ত। ঠিক তেনেদৰে চাহ, কফি বা মছলাজাতীয় শস্যৰ খেতিপথাৰসমূহতো জৈৱিক পদ্ধতি প্ৰয়োগ কৰিব পৰা যায়। এনেদৰে মাটিৰ গুনাগুণ বৃদ্ধি কৰাৰ লগতে ৰপ্তানিৰ হাৰ বৃদ্ধি কৰাতো সহায় কৰিব পৰা যায়। ইতিমধ্যে কেইবাখনো ৰাজ্যই এইক্ষেত্ৰত আগভাগ লৈছে। ইয়াৰ ভিতৰত মধ্যপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ নাম বিশেষভাৱে ল’ব পৰা যায়। উত্তৰাখণ্ডৰ তৰাই অঞ্চলত চেচবেনিয়া/ক্ৰট’ল’ৰিয়া-পুছা, বাচমতি-বুটমাহৰ শস্যক্ৰম কৰি বিশেষ সুফল পোৱা গৈছে। পন্টনগৰতো ঘেঁহু, মচুৰ আৰু সৰিয়হৰ জৈৱিকভাৱে খেতি কৰি ক্ৰমে ২.৬, ১.৩ আৰু ১ টন উৎপাদন পোৱা গৈছে।

তালিকা নং ৩:

ভাৰতৰ জৈৱিক কৃষিত এক দৃষ্টিপাত(২০০৪-০৫):

জৈৱিক কৃষি

পৰিমাণ

স্বীকৃতিপ্ৰাপ্ত মাটিকালি(মিঃহেঃ)

২.৫

মুঠ স্বীকৃতি সামগ্ৰী(টন)

১,১৫,২৩৮

প্ৰস্তুতকৰণ(Proccessing) উদ্যোগৰ সংখ্যা

১৫৮

প্ৰামাণিকৰণ আৰু স্বীকৃতিপ্ৰাপ্ত পৰিদৰ্শন এজেন্সী

১২

ৰপ্তানি কৰা সামগ্ৰীৰ সংখ্যা

৩৫

জৈৱিক সামগ্ৰীৰ ৰপ্তানিত অংশ লোৱা ৰাজ্যসমূহ হ’ল- কেৰালা, পশ্চিমবংগ, কৰ্ণাটক, তামিলনাডু, পাঞ্জাব, হিমাচল প্ৰদেশ আৰু মহাৰাষ্ট্ৰ।

জৈৱিক কৃষিৰ সফলতা নিৰ্ভৰ কৰে কৃষকসকলৰ দায়বদ্ধতা আৰু কামৰ মানৰ ওপৰত। ইয়াৰ উপৰি, কৈৱিক কৃষি পদ্ধতিত স্বচ্ছতা থাকিব লাগে যি উৎপাদন ব্যৱস্থাক অধিক সক্ৰিয় কৰি তোলে। ১৯৭২ চনত গঠিত হোৱা আন্তৰ্জাতিক ফেডাৰেচনে জৈৱিক কৃষিৰ কিছুমান নীতি নিৰ্ধাৰণ কৰি দিছে।

নীতিসমূহ হ’ল -

১)উন্নত মানৰ খাদ্য-সামগ্ৰী উৎপন্ন কৰা।

২)পৰিৱেশৰ লগত সমতা ৰাখি গঠনমূলকভাৱে কাম কৰা।

৩)জৈৱিক উৎপাদন ব্যৱস্থাৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক দিশসমূহলৈ লক্ষ্য ৰখা।

৪)বিভিন্ন উদ্ভিদ, অণুজীৱ তথা প্ৰাণীৰ জৈৱিক প্ৰক্ৰিয়াসমূহ চলি থকাত অৰিহণা যোগোৱা।

৫)মাটিৰ স্বাভাৱিক উৰ্বৰতা ৰক্ষা কৰা।

৬)প্ৰতিটো উৎপাদন ব্যৱস্থাৰ লগতে ইয়াৰ চাৰিওকাষৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰা।

৭)পানী আৰু ইয়াৰ উৎসসমূহৰ সঠিক ব্যৱহাৰ।

৮)নৱীকৰণ(Renewable) বস্তুৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া।

৯)সকলো জীৱকে প্ৰাথমিক জীৱনধাৰণৰ সুযোগ দিয়া।

১০)সকলোধৰণৰ প্ৰদূষণ ৰোধ কৰা।

১১)সামাজিক আৰু পৰিৱেশ স্বীকৃত উৎপাদন, প্ৰস্তুতকৰণ আৰু বিতৰণৰ ব্যৱস্থা কৰা।

জৈৱিক কৃষি: বৈশিষ্ট্য আৰু উপকাৰসমূহ -

জৈৱিক কৃষি এনে এক উৎপাদন ব্যৱস্থা যি মাটিৰ গুণাগুণ, পৰিৱেশৰ ভাৰসাম্য তথা মানুহৰ স্বাস্থ্যৰক্ষাত বিশেষ অৰিহণা যোগায়। এই ব্যৱস্থাত অপকাৰী ৰাসায়নিক দ্ৰব্যৰ বিপৰীত জৈৱ-বৈচিত্ৰ্য আৰু জৈৱিক ক্ৰিয়াসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এক কথাত ক’বলৈ গ’লে জৈৱিক কৃষিয়ে পৰম্পৰাগত কৃষি, আধুনিক কৃষি আৰু বিজ্ঞানক একেলগ কৰি জলবায়ু তথা পৰিৱেশৰ সম্বন্ধক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

ৰাসায়নিক পদ্ধতিত উদ্ভিদক পোষণ কৰাৰ বিপৰীতে এনে পদ্ধতিত মাটিক পোষণ কৰা হয় অৰ্থাৎ প্ৰকৃতিৰ পৰা যি পুষ্টি লোৱা হয় সেয়া আকৌ ওভতাই দিয়া হয়। যিহেতুকে মাটিৰ পুষ্টি এইক্ষেত্ৰত মূল উদ্দেশ্য, সেয়া দীৰ্ঘ সময়ৰ বাবে কৰিলে অধিক উৎপাদন আশা কৰিব পৰা যায়।

জৈৱিক কৃষি পদ্ধতিক বিভিন্ন নামেৰে নামাংকিত কৰা হৈছে। যেনে- biological agriculture, ecological agriculture, bio-dynamic and natural agriculture ইত্যাদি। এই পদ্ধতিৰ মূল বৈশিষ্ট্যসমূহ হ’ল-

ক)সীমিত হাৰত থলুৱা জৈৱিক উৎসৰ অধিক ব্যৱহাৰ।

খ)মাটি-পানী-সাৰ-জীৱৰ জৈৱিক ক্ৰিয়াসমূহ চলি থকাত সহায়ক হোৱা।

গ)জৈৱ-বৈচিত্ৰ্য ৰক্ষা হোৱাৰ হেতুকে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত সহায় কৰা আদি।

জৈৱিক খেতিৰ প্ৰধান আহিলাসমূহ হৈছে- থলুৱা বীজৰ ব্যৱহাৰ, শস্যক্ৰমৰ প্ৰয়োগ, বহুজাতীয় তথা মিশ্ৰিত শস্যৰ ৰোপণ, ন্যূনতম কৃষিকাৰ্য(Tillage), জৈৱিক আৱৰণ(mulching), জৈৱসাৰ, কেঁচুসাৰ আদিৰ ব্যৱহাৰ তথা পোক-পতংগৰ জৈৱ নিয়ন্ত্ৰণ ইত্যাদি। ইয়াৰ উপৰি আন কেতবোৰ দিশ আছে য’ত বিশেষ লক্ষ্য ৰাখিবলগীয়া হয়, যেনে- জৈৱিক কৃষিৰ বাবে উপযুক্ত মাটি তথা উন্নত থলুৱা প্ৰজাতিৰ চিনাক্তকৰণ, মাটিৰ গুণাগুণ বৃদ্ধিৰ বাবে নতুন পদ্ধতিৰ অৱলম্বন, বিভিন্ন শস্যক্ৰমৰ ভূমিকা, উৎপাদান প্ৰক্ৰিয়াৰ মূল্য নিৰূপণ, মাটি আৰু শস্যৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ নিৰীক্ষণ কৰা ইত্যাদি।

জৈৱিক কৃষি ব্যৱস্থাৰ সুবিধা আৰু অসুবিধাসমূহ -

জৈৱিক কৃষি ব্যৱস্থাত সকলো উপাদান সহজলভ্য তথা সকলোৰে সাধ্যৰ ভিতৰত হোৱা বাবে খেতিয়কসকলৰ কাৰণে বিশেষ লাভজনক হৈ উঠিছে। এই ব্যৱস্থাৰ মূল সুবিধাসমূহ হ’ল-

ক)অধিক লাভাংশ:

জৈৱিক খাদ্য-সামগ্ৰীসমূহ সাধাৰণতে আন সামগ্ৰীতকৈ ২০-৩০ শতাংশ অধিক মূল্যত বিক্ৰী হয়। যাৰ পৰা সাধাৰণ খেতিয়কে অধিক লাভাংশৰ আশা কৰিব পাৰে।

খ)কম মূলধন:

জৈৱিক খেতিত ৰাসায়নিক সাৰ বা অন্যান্য কৃত্ৰিম দ্ৰব্যৰ প্ৰয়োগৰ পৰিৱৰ্তে জৈৱিকভাৱে প্ৰস্তুত কৰা সাৰহে প্ৰয়োগ কৰা হয়। সেয়ে ইয়াত মূলধনৰ পৰিমাণো কম হয়।

গ)পৰম্পৰাগত ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োগ:

ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষিক্ষেত্ৰত অপৰ্যাপ্ত পৰম্পৰাগত ব্যৱহাৰিক জ্ঞান আছে যিবোৰ কেৱল জৈৱিক কৃষি কাৰ্যতহে প্ৰয়োগ কৰিব পাৰি।

জৈৱিক কৃষি যদিও এক লাভজনক খেতি তথাপি ইয়াতো কেতবোৰ অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। এই খেতি আৰম্ভ কৰাৰ প্ৰধান অন্তৰায় হৈছে কম উৎপাদন। এডৰা ৰাসায়নিক খেতিৰ মাটিক জৈৱিকক্ষেত্ৰলৈ পৰিৱৰ্তিত কৰোঁতে প্ৰথম অৱস্থাত উৎপাদনৰ হাৰ যথেষ্ট কম হয়। এনে ব্যৱস্থাত ব্যৱহাৰ হোৱা বায়’কন্ট্ৰ’ল এজেন্টবিলাকেও পৰিৱেশৰ লগত খাপ খাওঁতেই প্ৰায় ৩-৪ বছৰ সময় লাগি যায়। তদুপৰি এইক্ষেত্ৰত সফলতাৰ হাৰ সাধাৰণতে খাদ্যশস্যতকৈ উদ্যানশস্যতহে বেছি হোৱা দেখা যায়। ফলত সাধাৰণ খেতিয়কসকলে কোনো নিশ্চয়তা নোহোৱাকৈ এনে পদ্ধতি অৱলম্বন কৰিবলৈ অলপ পিছ হুঁহকি যায়।

জৈৱিক কৃষিৰ এই অসুবিধাসমূহ IFDAৰ কাৰ্যালয়ে(International Fund for Agriculture Development) অধ্যয়ন কিছুমান মতামত আগবঢ়াইছে। এই মতামতসমূহ হ’ল-

১)জৈৱিক কৃষি শ্ৰমনিৰ্ভৰশীল। কিন্তু ক্ষুদ্ৰ খেতিয়কৰ বহুজনীয়া পৰিয়ালৰ বাবে ই কেতিয়াবা লাভজনকো হৈ উঠিব পাৰে।

২)এই পদ্ধতিও খৰচী হৈ উঠিব পাৰে যদিহে মাটিৰ গঠন তথা গুণাগুণ সলনি কৰিবলগা হয় বা লগতে প্ৰামাণিকৰণ(certification) কৰিবলগা হয়।

৩)উচ্চমানৰ বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ কম।

৪)যিহেতু জৈৱিক সামগ্ৰীসমূহ সকলোধৰণৰ বজাৰত বেচা-কিনা কৰা নহয়, সেয়ে ক্ষুদ্ৰ খেতিয়কসকলৰ বাবে ই এক গুৰুতৰ সমস্যা হিচাপে পৰিলক্ষিত হয়।

৫)এনে পদ্ধতিত মাটিক নিয়মিত হাৰত জৈৱিক সাৰ প্ৰয়োগ কৰি থাকিবলগা হয় যিটো কেতিয়াবা খেতিয়কৰ সামৰ্থ্যৰ বাহিৰলৈ গুচি যায়।

৬)জৈৱিক সামগ্ৰীৰ মূল্য স্থিৰ নোহোৱা হেতুকে খেতিয়কসকল উচিত মূল্যৰ পৰা বঞ্চিত হ’বলগা হয়।

৭)উৎপাদন কম হোৱা বাবে(মুঠ উৎপাদনৰ ১-২ শতাংশ) এনে সামগ্ৰীৰ ন্যূনতম বিক্ৰীমূল্য(minimum support price) নিৰ্ধাৰণ কৰা কঠিন হৈ পৰে।

৮)ক্ষুদ্ৰ খেতিয়কৰ বাবে এই কৃষি ব্যৱস্থাৰ প্ৰামাণিকৰণ পদ্ধতিৰে(certification) খৰচ বহন কৰাৰ ক্ষমতা নাথাকে।

জৈৱিক সামগ্ৰী আৰু ভাৰতত ইয়াৰ চাহিদা -

সমগ্ৰ বিশ্বতে মানুহৰ স্বাস্থ্য সচেতনতা তথা জলবায়ুৰ প্ৰতি সজাগতা বৃদ্ধি হোৱাৰ বাবে বিশ্ব বজাৰত জৈৱিক সামগ্ৰীৰ চাহিদা দিনকদিনে বৃদ্ধি পাব লৈছে। এনে বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰেও এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ২০০০ চনত দশম পঞ্চবাৰ্ষিক পৰিকল্পনাত ১০০ কোটি টকাৰে জৈৱিক কৃষিৰ আৰম্ভণি কৰা হয়। একে সময়তে বাণিজ্য মন্ত্ৰ্যালয়ে National Programme of Organic Production(NPOP) নামৰ এটা প্ৰকল্প স্থাপিত কৰে যাৰ মুখ্য উদ্দেশ্য হ’ল জৈৱিক উৎপাদনৰ নীতি-নিৰ্দেশনা স্থিৰ কৰা, পৰীক্ষণ তথা প্ৰমাণিতকৰণ কৰা আৰু কিছুমান নিয়ম প্ৰয়োগ কৰা ইত্যাদি। ইয়াৰ লগতে ভাৰতে নিজাকৈ উৎপাদিত জৈৱিক সামগ্ৰীৰ বাবে প্ৰতীকচিহ্ন(Logo)ও প্ৰস্তুত কৰি উলিয়ায়। ২০০২ চনত কৃষি মন্ত্ৰ্যালয়ে জৈৱিক কৃষিৰ কেতবোৰ কাৰ্যকৰী নিৰ্দেশনাও প্ৰস্তুত কৰে।

ভাৰতত উৎপাদিত জৈৱিক সামগ্ৰীসমূহ মূলতে আমেৰিকা আৰু ইউৰোপলৈ ৰপ্তানি কৰা হয়। এপিদাই(APEDA) এই ৰপ্তানিসমূহ কৰে। এই জৈৱিক সামগ্ৰীসমূহৰ যি অধিস্বীকৃতিকৰণ(Accrediation) আৰু প্ৰামাণিকৰণ(Certification)ৰ নিৰ্দেশনা আছে, সেয়া আন্তৰ্জাতিকভাৱে স্বীকৃতি হোৱা বাবে এনে সামগ্ৰীৰ ৰপ্তানিৰ দ্বাৰা বৰ্তমান ভাৰতে জৈৱিকভাৱে উৎপাদন কৰা ঔষধি গছ, মছলাজাতীয় শস্য তথা বাচমতি ধানৰ চাহিদা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। বৰ্তমান ভাৰতত প্ৰায় ৫৮,৫৯৭ মিঃ টন স্বীকৃতিপ্ৰাপ্ত জৈৱিক সামগ্ৰীৰ উৎপাদন হয়, যেনে- খাদ্যশস্য, মাহজাতীয় শস্য, মৌ, চাহ, কফি, মছলা, তেলজাতীয় শস্য, ফল-মূল, শাক-পাচলি ইত্যাদি।

খাদ্য-সামগ্ৰীৰ লগতে আৰু সামগ্ৰী, যেনে- কপাহ, কাপোৰ, প্ৰসাধন সামগ্ৰী, কেঁচুৱাৰ লাগতিয়াল সামগ্ৰী আদিও জৈৱিকভাৱে উৎপাদন কৰা হয়। ২০০৭-০৮ চনৰ এক সমীক্ষামতে ভাৰতে প্ৰায় ৫,৮৫,৯৭০ টনৰ মুঠ উৎপাদিত সামগ্ৰীৰ ১৯,৪৫৬ টন সামগ্ৰী ৰপ্তানি কৰে। এই সামগ্ৰীসমূহ প্ৰধানকৈ ইউৰোপ, আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, ছুইজাৰলেণ্ড, মধ্যপ্ৰাচ্য আদি দেশলৈ ৰপ্তানি কৰা হয়। ৰপ্তানি কৰা সামগ্ৰীসমূহৰ ভিতৰত বাচমতি চাউলৰে চাহিদা সৰ্বাধিক। সেয়ে ২০০৯ চনত চৰকাৰে এই চাউলৰ পৰা ৰপ্তানি কৰ আঁতৰোৱাৰো সিদ্ধান্ত ল’লে।

তলৰ তালিকাখনত ভাৰতৰ জৈৱিক সামগ্ৰীৰ উৎপাদন তথা ৰপ্তানিৰ বিষয়ে এটি চমু আভাস দিয়া হ’ল।

তালিকা নং ৪:

জৈৱিক সামগ্ৰীৰ উৎপাদন তথা ৰপ্তানি -

 

মুঠ উৎপাদন(টন)

=৫,৮৫,৯৭০

মুঠ ৰপ্তানিকৃত সামগ্ৰী(টন)

=১৯,৪৫৬

ৰপ্তানিকৃত সামগ্ৰীৰ মূল্য(মিলিয়ন টকা)

=৩০১২.৪০

স্বীকৃতিপ্ৰাপ্ত জৈৱিক খেতিৰ অন্তৰ্গত মুঠ মাটিকালি(হেঃ)

৩,৩৯,১১৩

জৈৱিক কৃষিত নিযুক্ত খেতিয়কৰ সংখ্যা

=১,৪১,৯০৪

 

উৎস: www.apeda.com

যোৱা চাৰিটা দশক ধৰি সমগ্ৰ বিশ্বতে হোৱা জনবিসফোৰণে এনে সমস্যাৰ সৃষ্টি কৰিছে যে ই কেৱল এখন দেশৰ বা এটা জাতিৰ সমস্যা হৈ থকা নাই। এনেক্ষেত্ৰত কেৱল আধুনিক কৃষি ব্যৱস্থা বা জৈৱিক কৃষি ব্যৱস্থাই অকলে এই খাদ্যৰ বিশাল চাহিদা পূৰণ কৰিব নোৱাৰে। সেয়ে এই দুয়ো কৃষি ব্যৱস্থাৰ উচিত সমন্বয়ে খাদ্যৰ চাহিদা পূৰণ কৰাৰ লগতে গোটেই কৃষি জগতলৈ এক নতুন জাগৰন কঢ়িয়াই আনিব পাৰে। ভাৰতত বিশেষকৈ জৈৱিক কৃষিৰ বাবে নানা সমল আছে। এই সমলবিলাকৰ যথোচিত তথা সময়োপযোগী ব্যৱহাৰে ভাৰতক কৃষিভিত্তিক উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰি তোলাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো অৰিহণা যোগাব পাৰে।

তালিকা নং ৫:

মাটিকালিৰ হিচাপত বিভিন্ন ৰাজ্যত কৰা জৈৱিক খেতিৰ পৰিমাণ(হেক্টৰ):

 

ৰাজ্যসমূহ

স্বীকৃত মাটিকালি

ৰূপান্তৰিত মাটিকালি

সৰ্বমুঠ মাটিকালি

অন্ধ্ৰপ্ৰদেশ

৫,৫৬১,২০

৪,৯২৫.৯০

১০,৪৮৭.১০

অৰুণাচল প্ৰদেশ

৬৫.৯

৬৩২.৮

৬৯৮.৭

অসম

২,৫৬২.৬০

৫৪০.২০

৩,০৬৬.৮০

চত্তিশগড়

২৭৯.২০

২৮.৭০

৩০৭.৯০

দিল্লী

৩,৬৩২.৬০

১,৭৩০.৪০

৫,৪৬৩.০

গোৱা

৪,১০০.৫০

২,৮৪৯.৮০

৬,৯৫০.৩০

গুজৰাট

৭,১০২.৩০

৬৫৮.৫০

৭,৭৬০.৮০

হাৰিয়ানা

৩,৩৮২.৫০

১৫.৮০

৩,৩৯৮.২০

হিমাচল প্ৰদেশ

৬৯.০

৯,৫০৭.৭০

৯,৫৭৬.৭০

জম্মু-কাশ্মীৰ

৩২,৫৪১.৮০

-

৩২,৫৪১.৮০

ঝাৰখণ্ড

১০.৫০

২,২৫৩.৪০

২,২৬৩.৯০

কৰ্ণাটক

৮,৭৩৫.১০

২,৯৭৬.৮০

১১,৭১১.৮০

কেৰালা

১১,৬৩১.৯০

৩,১১২.৭০

১৪,৭৪৪.৭০

মণিপুৰ

৯১৩.৭০

৫,১০৫.৯০

৬,০১৯.৬০

মহাৰাষ্ট্ৰ

৪১,৩৯০.৫০

৭২,২৩৮.৪০

১,১৩,৬২৪.৯০

মধ্যপ্ৰদেশ

৮৭,৫৩৬.০০

৫৯,৮৭৫.৮০

১,৪৭,৪১১.৪০

মিজোৰাম

-

১৬,৮০২.৫০

১৬,৮০২.৫০

মেঘালয়

-

৩০৪.৪০

৩০৪.৪০

নাগালেণ্ড

-

৮৭৮.৯০

৮৭৮.৯০

উৰিষ্যা

৬৬,৬২৫.৪০

৭,৯৫৯,৭০

৭৪,৫৮৫.১০

পাঞ্জাব

৩৪৭.৬০

৬৯৮.৪০

১,০৪৬.১০

ৰাজস্থান

১৫,০৩৪.৩০

৯,৬৯৭.৫০

২৪,৭৩১.৮০

ঞ্চিকিম

২৪৭.৮০

১,৫৩১.৯০

১,৮০৬.৭০

তামিলনাডু

৩,৪১৪.১০

১,৬৫২.৪০

৫,০৬৬.৫০

উত্তৰ প্ৰদেশ

৫,৫৮৯.৫০

১,৭০০.৬০

৭,২৯০.১

উত্তৰাখণ্ড

৩,১৭৮.৬০

৫,২৫০.৯০

৮,৪২৯.৫০

পশ্চিমবংগ

৭,৩৩২.৭০

৩,১৪৭.২০

১০,৪৭৯.৯০

অন্যান্য

৫১০.৫০

৯৬৬.৩০

১,৪৭৬.৮০

মুঠ

৩,১১,৭৮৬.৯০

২,১৭,১৪৩.৪০

৫,২৮,৯৩০.৩০

জৈৱিক কৃষিৰ ৰাষ্ট্ৰীয় নিয়মাৱলী -

এখন কৃষিপাম জৈৱিক পামলৈ পৰিৱৰ্তন কৰিবলৈ কিছুমান নিয়মাৱলী আছে। সেইবোৰ হৈছে-

ক)ৰূপান্তৰকৰণ(Conversion Requirement):

শস্য আৰু পশুপালন দুয়োটাই প্ৰথমে জৈৱিক কৃষিলৈ পৰিৱৰ্তন কৰি ল’ব লাগিব। জৈৱিক খেতি কৰিবলৈ লোৱা পথাৰডৰা সম্পূৰ্ণ জৈৱিক খেতিলৈ ৰূপান্তৰ কৰিবলৈ তিনি বছৰ সময় লাগে। অৱশ্যে মাটিডৰাৰ পূৰ্ব ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্ধাৰিত সময়ৰ কম-বেছি হ’ব পাৰে।

এখন কৃষিপাম জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰিবলৈ হ’লে প্ৰথমেই জৈৱ-বৈচিত্ৰ্যত জোৰ দিব লাগিব। ইয়াকে কৰিবলৈ বিভিন্ন কৃষি পদ্ধতিৰ(Farming system) সমাহাৰ বা Display হ’ব লাগে। এটি সু-শৃংখলিত লিখিত পৰিকল্পনা লাগে।

ৰূপান্তৰকৰণৰ নিয়মাৱলী তলত দিয়াধৰণৰ:

১)আৰম্ভণিৰে পৰা সকলো জৈৱিক নিয়মাৱলী মানি চলিব লাগে।

২)যদি গোটেই পামখন জৈৱিকলৈ ৰূপান্তৰ কৰা নহয়, তেতিয়া জৈৱিক কৃষি কৰা মাটিডৰা অন্য মাটিৰ পৰা পৃথক কৰিব লাগে।

৩)জৈৱিক উৎপাদন কৰাৰ আগতেই মাটিডৰা পৰীক্ষণ(Inspection) কৰাটো দৰকাৰ। ৰূপান্তৰকৰণ সময় হৈছে, মানপত্ৰ পাবৰ কাৰণে কৰা দৰ্খাস্ত অথবা যি সময়ৰ পৰা কোনো অস্বীকৃত বস্তু ব্যৱহাৰ কৰা হোৱা নাই সেই সময়ৰ পৰা ধৰিব পৰা যাব।

৪)জৈৱিক কৃষি অন্য খেতিৰ লগত কোনো কাৰণতে মিশ্ৰিত হ’ব নালাগিব। ইয়াৰ বাবে জৈৱিক আৰু অজৈৱিক কৃষিৰ মাজত এটি নিৰ্দিষ্ট ব্যৱধান(Buffer zone) থাকিব লাগিব।

৫)যিবোৰ অঞ্চলত জৈৱিক নিয়মাৱলী বহু বছৰ ধৰি কৰি আছে তাত সম্পূৰ্ণ ৰূপান্তৰ সময়ৰ দৰকাৰ নহ’ব।

৬)জৈৱিক প্ৰমাণিকৰণ এটি নিৰন্তৰ(Continuous) পদ্ধতি, যিটো বহু বছৰ ধৰি চলি থাকে।

৭)জৈৱিক কৃষিত জৈৱ-বৈচিত্ৰ্যত জোৰ দিয়া হয়। জৈৱিক পামৰ এটি অংশ কমকৈ হ’লেও জৈৱ-বৈচিত্ৰ্য অঞ্চল(Bio-diversity) থাকিব লাগে।

খ)শস্য উৎপাদন:

১)শস্য আৰু জাত নিৰ্বাচন:

শস্য বা জাত মাটি আৰু জলবায়ুৰ লগত সামঞ্জস্য ৰাখি নিৰ্বাচন কৰিব লাগে। তদুপৰি বেমাৰ-আজাৰ ৰোধ কৰিব পৰা গুণ থাকিব লাগে। সাধাৰণতে জৈৱিক কৃষিত জৈৱ পামত উদ্ভুত আৰু প্ৰমাণিকৰণ থকা শস্য আৰু জাত লগাব লাগে। যদি এনে শস্য বা জাত পোৱা নাযায়, তেতিয়া যিকোনো শস্য বা জাত মাত্ৰ ৰাসায়নিক পদাৰ্থ নিমিহলোৱা হ’লেই হ’ব। কিন্তু পিছৰ বছৰত সম্পূৰ্ণ নিজৰ জৈৱিক পামত কৰা বীজ ব্যৱহাৰ কৰা উচিত।

২)বহুজাতীয় শস্য উৎপাদন(Diversity in crop production):

শস্যৰ বিভিন্নতা থাকিব লাগে। এই বিভিন্নতা তলত দিয়া ধৰণে পাব পাৰি-

ক)মাহজাতীয় উদ্ভিদ বা শস্য থাকিব লাগে।

খ)মিশ্ৰিত শস্যৰ খেতি।

৩)সাৰ প্ৰয়োগ আৰু মাটিৰ উৰ্বৰতা সংৰক্ষণ:

অপৰ্যাপ্ত পৰিমাণৰ জৈৱসাৰ যেনে- অণুজীৱ, পচনসাৰ আৰু গোবৰ মাটিত প্ৰয়োগ কৰিব লাগে।

মাটিৰ উৰ্বৰতা বা সাৰুৱা গুণ এনেদৰে ৰাখিব লাগে যাতে সাৰুৱা গুণ ক্ষয় নহয়, গুৰুমৌল মাটিত জমা নহয় আৰু মাটিৰ অম্লতা বা ক্ষাৰীয় গুণ সমভাৱত থাকে। যিকোনো ৰাসায়নিক সাৰ জৈৱিক কৃষিত বৰ্জন কৰিব লাগে।

৪)পোক, বেমাৰ আৰু অপতৃণ নিয়ন্ত্ৰণ:

জৈৱিক কৃষিত পোক, বেমাৰ বা অপতৃণৰ পৰা হ’ব পৰা লোকচান কম কৰাত প্ৰাধান্য দিয়া হয়। মাটি আৰু জলবায়ুৰ লগত খাপখোৱা জাত মাটিত জৈৱ-বৈচিত্ৰ্য, শস্যক্ৰম ৰক্ষা কৰা, সেউজ সাৰ আদি দৰকাৰী কথা, পোক-পৰুৱা, বেমাৰ বা অপতৃণৰ লোকচান কম কৰে। প্ৰাকৃতিক সম্পদ, যেনে- উপকাৰী কীট বা ভেঁকুৰ বা বেক্টেৰিয়া আদিৰ সংৰক্ষণ কৰা, পামতে হোৱা গছৰ পৰা কীটনাশক তৈয়াৰ কৰা আদি প্ৰধান।

গ)প্ৰদূষণ নিয়ন্ত্ৰণ:

জৈৱিক পামখন বা খেতিডৰা প্ৰদূষণমুক্ত হ’ব লাগে। যিকোনো ধৰণৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব লাগে।

ঘ)মাটি আৰু পানী সংৰক্ষণ:

মাটিৰ যাতে ক্ষয় নহয়, পানী আৰু মাটি যাতে প্ৰদূষিত নহয় এইবোৰত চকু ৰাখিব লাগে।

গছ লতিকা জুই লগাই পোৰাটো ন্যূনতম হ’ব লাগে। অতিৰিক্ত পানীৰ ব্যৱহাৰ কমাব লাগে। পানী আৰু মাটি সংৰক্ষণৰ ব্যৱস্থা ল’ব লাগে।

লেখক: ড° বিজিত কুমাৰ সাউদ, মন্দাকিনী ভাগৱতী

উৎস: আধুনিক কৃষিকথা(কৃষি আৰু পৰিৱেশ)

 

3.24390243902
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top