অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পথাৰশস্য উৎপাদন :

পথাৰশস্য উৎপাদনৰ বিষয়ে লিখা হৈছে ।

 

অতি কম সময়ৰ ভিতৰতে গোটেই বিশ্বজুৰি জৈৱিক কৃষিয়ে গা কৰি উঠাটো বৰ্তমান পৰিলক্ষিত হৈছে। পৰিৱেশৰ প্ৰতি সজাগতা, পৃথিৱীৰ ধাৰণশীলতা বজাই ৰখাৰ উদ্দেশ্যে স্ব-নিৰ্বাহী কৃষিৰ প্ৰতি গুৰুত্ব আৰু মানুহৰ স্বাস্থ্যসন্মত খাদ্যৰ প্ৰতি অধিক আকৰ্ষণে জৈৱিক কৃষিৰ গুৰুত্ব বঢ়াইছে। শেহতীয়া ধাৰণামতে জৈৱিক কৃষি হ’ল এহাতে দৰ্শন আৰু আনহাতে এক পদ্ধতি য’ত পাৰিপাৰ্শ্বিক, সামাজিক আৰু অৰ্থনৈতিক স্ব-নিৰ্বাহিতা বৰ্তি থাকে। কৃষিৰ জৰিয়তে উৎপাদন প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা দীৰ্ঘকালীন সময়ৰ বাবে বজাই ৰাখিবলৈ জৈৱিক কৃষিক এক দিশ হিচাপে গণ্য কৰা হৈছে। বিজ্ঞান হিচাপে জৈৱিক কৃষি এক গতিশীল বিষয়। জৈৱিক কৃষিক বুজাবলৈ ব্যৱহাৰ হোৱা বিভিন্ন শব্দ বা নামকৰণবিলাক হ’ল জৈৱ-বৈজ্ঞানিক(Biological) কৃষি, পৰিস্থিতিক(Ecological) কৃষি, জৈৱ-গতিশীল(Bio-dynamic) কৃষি, প্ৰাকৃতিক(Natural) কৃষি আৰু ধাৰণশীল বা স্ব-নিৰ্বাহী কৃষি।

অসমত জৈৱিক কৃষিৰ অন্তৰ্গত মাটিকালিৰ পৰিমাণ আছিল ২২৯৫.৪২ হেক্টৰ(২০০৬-০৭), য’ত খেতি হিচাপে জহাধান, সুমথিৰা টেঙা, নেমু টেঙা, আদা আৰু হালধি খেতিক সামৰিছে। জৈৱিকভাৱে উৎপাদিত জহাধানৰ ১৭.৫০ মেট্ৰিক টন চাউল ইউৰোপ মহাদেশলৈ পঠোৱাৰ লগতে স্থানীয় বজাৰত ১৪ মেট্ৰিক টন বিক্ৰী কৰা হৈছিল।

জৈৱিক কৃষিৰ ক্ৰমবিকাশ আৰু নীতিগত দিশ -

ক্ৰমবিকাশৰ দিশৰ পৰা চাবলৈ গ’লে জৈৱিক কৃষিৰ ধাৰণা একেবাৰে পূৰণি, মানৱ সভ্যতাৰ আৰম্ভণিৰ লগে লগে। ইউৰোপিয়ান লেখাত পোৱা তথ্যমতে জৈৱিক কৃষি ১৯ শতিকাৰ পৰা চলি আহিছে। ১৯২৪ চনত ষ্টেইনাৰ নামৰ এজন বিজ্ঞানীয়ে জৈৱিক কৃষিৰ কথা উনুকিয়াই জৈৱিক কৃষিত জড়িত পামখনক এক স্বকীয় স্বয়ং জীৱন্ত ৰূপ হিচাপে গণ্য কৰে, যিহেতু গোটেই পদ্ধতিটো এটা জীৱন্ত পদ্ধতিত সাঙোৰ খাই থাকে। জাপানৰ মোকিচি অ’কাদাই ১৯৩৫ চনতে জৈৱিক কৃষিৰ কথা উনুইকিয়াইছিল, য’ত উল্লেখ কৰা হৈছিল যে পাৰিপাৰ্শ্বিকতা বিনষ্ট নোহোৱাৰ উদ্দেশ্যে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ নকৰাকৈ কৃষিৰ উৎপাদন সম্ভৱ। সময়োপযোগী কৃষি ব্যৱস্থাপনা আৰু সংৰক্ষণ ব্যৱস্থা অবিহনে ভূমি আৰু জলসম্পদ বিনষ্ট হৈ খাদ্য উৎপাদনত ব্যাঘাত জন্মাটো সম্ভৱ, যিটো প্ৰথমে অ’কাদাই উনুকিয়াইছিল। অ’কাদাক সেয়েহে জৈৱিক কৃষিৰ পিতৃস্বৰূপ বুলি আখ্যা দিয়া হয়। জৈৱিক কৃষিত সেয়েহেকৃষি আহিলা হিচাপে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, পোক-পৰুৱা নিয়ন্ত্ৰণৰ ঔষধ, শস্যৰ বৃদ্ধি নিয়ন্ত্ৰণ পদাৰ্থ আৰু জন্তুৰ দানাত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ অবাঞ্ছনীয়। জৈৱিক কৃষিৰ বিভিন্ন দিশৰ কথা কাগজে-পত্ৰই আলোচনা হৈ থাকিলেও ব্যৱহাৰিক দিশত ইয়াৰ গুৰুত্ব বাঢ়ে ৰাছেল কাৰচনৰ চাইলেন্ট স্প্ৰিং নামৰ গ্ৰন্থখন প্ৰকাশ হোৱাৰ পাছৰ পৰা। সেয়েহে সামাজিক আৰু সাংস্কৃতিক দিশক গুৰুত্ব দি আধুনিক জৈৱিক কৃষিৰ আৰম্ভ হয় ষাঠিৰ দশকৰ শেষৰ পৰা। এনেকুৱা কথাবিলাকক ভেটি হিচাপে লৈ জৈৱিক কৃষিক বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন নিয়ম-নীতিৰ ভিতৰত বান্ধি ৰাখিব খোজা হৈছে। আন্তঃৰাষ্ট্ৰীয় জৈৱিক কৃষি সংগঠন(International Federation For Organic Agriculture Movement IFOM)য়ে ১৯৯৮ চনত বান্ধি দিয়া নীতিসমূহ তলত উল্লেখ কৰা হ’ল-

*অধিক মাত্ৰাত পৌষ্টিক গুনসম্পন্ন খাদ্য উৎপাদন কৰা।

*জীৱন দীৰ্ঘায়ুকাৰী সু-সংগঠিত প্ৰাকৃতিক পদ্ধতিত শস্য উৎপাদন কৰা।

*উৎপাদিত জৈৱিক কৃষিজাত সামগ্ৰীৰ বিশাল সামাজিক আৰু পাৰিস্থিতিক প্ৰভাৱ থকা।

*পাম পদ্ধতিৰে কৰা জৈৱিক কৃষি পদ্ধতিত বিভিন্ন অণুজীৱ, উদ্ভিদ আৰু জীৱ-জন্তুক সামৰা।

*মানসম্পন্ন আৰু ধাৰণশীল জল-পাৰিস্থিতিক(aquatic-eco-system) পদ্ধতি সৃষ্টি অথবা উন্নত কৰা।

*দীৰ্ঘম্যাদী সময়ৰ বাবে মাটিৰ উৰ্বৰতা বৰ্তাই ৰখা।

*উৎপাদন পদ্ধতিত জড়িত থকা জীৱ-জন্তুৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলতো জৈৱ-বৈচিত্ৰ্য বজাই ৰখা।

*পানীৰ সু-ব্যৱহাৰৰ লগতে সম্পদ হিচাপে পানী আৰু তাত জীয়াই থকা জীৱৰ প্ৰতি উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰা।

*যিমানদূৰ সম্ভৱ স্বাধীনভাৱে উৎপাদন হোৱা পুনৰ ব্যৱহাৰ্য উৎসৰ ওপৰত গুৰুত্ব দিয়া।

*শস্য আৰু পশুধনৰ প্ৰদূষণৰ ওপৰত গুৰুত্ব দি প্ৰতিৰোধ কৰা আৰু

*সামাজিকভাৱে যুক্তিপূৰ্ণ, পাৰিস্থিতিকভাৱে যথাৰ্থতা ৰাখি শস্যৰ উৎপাদন, সংসাধন আৰু বিতৰণৰ মাজত সমন্বয় ৰাখি জৈৱিক কৃষিৰ উন্নতি সাধন কৰা।

জৈৱিক কৃষিৰ উদ্দেশ্য -

১)প্ৰকৃতিৰ লগত খোজ মিলাই খাদ্যশস্যৰ উৎপাদন।

২)পাম পৰিচালনা পদ্ধতিত জৈৱিক চক্ৰৰ উন্নতি সাধন।

৩)দীৰ্ঘ সময়ৰ বাবে ভূমিৰ উৰ্বৰতা শক্তি বজাই ৰাখিবলৈ প্ৰচেষ্টা লোৱা।

৪)প্ৰাকৃতিক সম্পদ, যেনে- মাটি আৰু পানীৰ সংৰক্ষণ আৰু সৎ ব্যৱহাৰ কৰা।

৫)যিমানদূৰ সম্ভৱ পুনৰ ব্যৱহাৰ্য পাম সম্পদৰ ব্যৱহাৰ কৰা।

৬)মাটিত জৈৱিক পদাৰ্থৰ মাত্ৰা বৃদ্ধি আৰু খাদ্যমৌলৰ চক্ৰাকাৰে পুনৰ ব্যৱহাৰ।

৭)কৃষিখণ্ডৰ পৰা উদ্ভৱ হ’ব পৰা যিকোনো প্ৰদূষণ লাঘৱ কৰা।

৮)কৃষিখণ্ডত জৈৱ-বৈচিত্ৰ্য বৃদ্ধি কৰা।

জৈৱিক কৃষি পদ্ধতিৰে খাদ্য উৎপাদনৰ সময়ত কেইটামান মানিবলগীয়া দিশ -

১)জৈৱিক কৃষি পদ্ধতিত মাটি নিৰ্বাচনৰ সময়ত বিষাক্ত ধাতুৰ উপস্থিতিৰে বা অন্যান্য পদ্ধতিৰে প্ৰদূষিত হ’ব নালাগে।

২)জৈৱিক পদাৰ্থ হিচাপে পাবলৈ পামত পশুধন পুহিব লাগে।

৩)জৈৱসাৰৰ খেতি ঘৰতে বা উৎপাদনৰ বাবে নিৰ্বাচিত মাটিটুকুৰাত কৰিব লাগে।

৪)পচনসাৰ বা কেঁচুসাৰৰ গাঁতৰ সুবিধা কৰি ল’ব লাগে।

৫)অণুজীৱ সাৰ, যেনে- সেউজ-নীলা শেলাই বা ‘এজ’লা’ৰ উৎপাদন ঘৰতে কৰিব লাগে।

৬)বৰষুণৰ পানী ধৰি ৰাখিব পৰা সুবিধা কৰিব লাগে, সেয়েহে এটা পাম পুখুৰী খান্দিব লাগে।

৭)নিজৰ বাবে আৰু বজাৰত বিক্ৰীৰ বাবে দিশ সামৰি শস্য পৰিকল্পনা কৰিব লাগে আৰু

৮)জৈৱ পোক-পৰুৱানাশক ঔষধ প্ৰস্তুতি আৰু জৈৱিক নিয়ন্ত্ৰণৰ বাবে পোক-পৰুৱাৰ সুবিধা পামতে কৰি ল’ব লাগে।

জৈৱিক কৃষিৰ প্ৰমাণিকৰণ -

জৈৱিক কৃষিৰ নীতিগত দিশসমূহ উৎপাদন প্ৰক্ৰিয়াত সম্পূৰ্ণ ব্যৱহাৰ হৈছেনে নাই সামৰিবলৈ প্ৰমাণিকৰণ আৰু পৰিদৰ্শনৰ দিশ দুটা প্ৰয়োজন। জৈৱিক কৃষিজাত বজাৰত ক্ৰয়-বিক্ৰয়ৰ সময়ত গ্ৰাহকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি জৈৱিক কৃষিৰ প্ৰমাণিকৰণৰ দিশটো প্ৰয়োজন হৈ পৰিছে। জৈৱিক কৃষিৰ বজাৰখন দিনকদিনে বৃদ্ধি হোৱা আৰু উৎপাদিত সামগ্ৰীয়ে অধিক দাম বহন কৰাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰমাণিকৰণৰ দিশটোৱে ১৯৭০ চনৰ পৰা আগস্থান পাই আহিছে। প্ৰমাণিকৰণৰ ক্ষেত্ৰত স্থানীয় প্ৰযুক্তিৰ ব্যৱহাৰক সদায় আগস্থান দিয়া যায়। উৎপাদনৰ কৃষি প্ৰযুক্তিৰ প্ৰমানিকৰণৰ মাপকাঠি সাধাৰণতে নীতিগত দিশ, প্ৰচলিত প্ৰথা, অভিজ্ঞতা আৰু বৈজ্ঞানিক ভিত্তিক একেলগে গুৰুত্ব দিয়া হয়। প্ৰমাণিৰূপে সাধাৰণতে উৎপাদন কৌশলকহে প্ৰমাণিত কৰে, উৎপাদিত সামগ্ৰী নহয়। সাৰ, ৰাসায়নিক ঔষধ-পাতি ব্যৱহাৰ কৰি আধুনিক ক্ৰৰ্গিষি পদ্ধতিৰে উৎপাদন কৰা কৃষিভূমিক জৈৱিক কৃষিলৈ নিবৰ বাবে ৰূপান্তৰৰ সময় গ্ৰহণ কৰা হয়। এই সময় নিৰ্ভৰ কৰে প্ৰমাণিকৰণৰ আঁচনিৰ ওপৰত। প্ৰমাণিকৰণৰ কাৰণে যোগাযোগ কৰিব পৰা ঠিকনা- এছ জি এছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ২৫০ উদ্যোগ বিহাৰ, ফেজ-IV, গুৰগাঁৱ- ১২২ ০১৫(ই-মেইল: manishpandey@sgs.com, ফোন: ১২৪-২৩৯৯৯৯১)

জৈৱিক কৃষিৰ বৈশিষ্ট্য -

জৈৱিক কৃষি পদ্ধতি গ্ৰহণ কৰা পামৰ ক্ষেত্ৰত পামখন পাৰিপাৰ্শ্বিকতা, সামাজিক আৰু অৰ্থনৈতিক অৱস্থাক একেলগে গুৰুত্ব দিব লাগিব।

সম্পৰ্কসমূহ সংক্ষেপে:

১)দীৰ্ঘকালীন সময়ৰ বাবে মাটিত থকা জৈৱ পদাৰ্থৰ মাত্ৰা, অণুজীৱৰ মাটিত ক্ৰিয়া আৰু যান্ত্ৰিক সঁজুলি সাৱধানেৰে প্ৰয়োগ কৰি ভূমিৰ উৰ্বৰতা অক্ষুণ্ণ ৰখা।

২)নাইট্ৰ’জেন খাদ্যমৌলৰ ক্ষেত্ৰত মাহজাতীয় শস্য বা জৈৱিক নাইট্ৰ’জেন স্থিৰীকৰণ কৰি আৰু জৈৱিক পদাৰ্থ, যেনে- শস্যৰ অৱশিষ্ট অংশ আদি মাটিত মিহলাই বৃদ্ধি কৰা।

৩)বন, ৰোগ আৰু পোক-পৰুৱাৰ আক্ৰমণ মুখ্যতঃ শস্যাৱৰ্তন, প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিব পৰা পোক এৰি, পথাৰৰ জৈৱ-বৈচিত্ৰ্য অক্ষুণ্ণ  ৰাখি, প্ৰতিৰোধক্ষম জাত ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰা।

৪)পশুধন, বিশেষকৈ পশুধনৰ বিৱৰ্তন, পৰিৱেশত খাপখোৱা আৰু জন্তুৰ কল্যাণমূলক দিশ বিশেষকৈ খাদ্য, থকা-মেলা, স্বাস্থ্য, প্ৰজন্ম আৰু প্ৰতিপালনত গুৰুত্ব দি বহুলভাৱে ব্যৱস্থাপনা কৰা আৰু

৫)পাম পদ্ধতিত পৰিৱেশ, বন্যপ্ৰাণী সংৰক্ষণ আৰু প্ৰাকৃতিক বাসস্থানৰ ওপৰত মনোযোগ ৰখা।

শস্য উৎপাদন -

জৈৱিক কৃষিত ভূমি, শস্য, কৃষি আহিলা আৰু সূক্ষ্ম পোক-পৰুৱাৰ মাজত জটিল সম্পৰ্ক বজাই ৰাখি শস্যৰ সু-স্বাস্থ্য অক্ষুণ্ণ ৰাখি কৃষি উৎপাদন কৰা হয়। শস্য উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া বিভিন্ন দিশসমূহ হ’ল- ভিন্ন শস্যক্ৰম, পোষকদ্ৰব্য ব্যৱস্থাপনা, অপতৃণ নিয়ন্ত্ৰণ, পোক-পৰুৱা নিয়ন্ত্ৰণ, ৰোগ নিৰাময়।

১)ভিন্ন শস্যক্ৰম বা শস্যাৱৰ্তন:

জৈৱিক কৃষিত উৎপাদনৰ সময়ত প্ৰচলিত আধুনিক পদ্ধতিতকৈ শস্যক্ৰমত বৈচিত্ৰ্য বজাই ৰখাটো বাঞ্ছনীয়। উৎপাদনত ধাৰনশীলতা বজাই ৰাখিবলৈ বাহিৰৰ পৰা যোগান ধৰা খাদ্যমৌলৰ উৎসত সীমাবদ্ধতা আছে। শস্য বৈচিত্ৰ্যৰ সময়ত এটা লক্ষ্য হ’ল শস্যৰ সুস্থ স্বাস্থ্য বজাই ৰখাটো আৰু বাৰে বাৰে কৰা একক কৃষিক নিৰুৎসাহিত কৰা। মাটিৰ বিভাজন অনুযায়ী শস্য লগোৱাটো জৈৱিক কৃষিৰ অন্য এটা দিশ।

শস্য বৈচিত্ৰ্যই শস্য ব্যৱস্থাপনা আৰু পাৰিস্থিতিকতাৰ অনুকূল বহুকেইটা সুবিধা দিব পাৰে, বিশেষকৈ উৎপাদন বৃদ্ধিৰ পৰিমাণ আৰু বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত। ৰোগ, পোক-পৰুৱা আৰু অপতৃণৰ উপদ্ৰৱ হ্ৰাস লোৱাৰ লগতে সুষম খাদ্যমৌল যোগান সম্ভৱ হয়। শস্য বৈচিত্ৰ্যৰ বিভিন্ন প্ৰকাৰ আছে, যিবোৰ পাম ব্যৱস্থাপনা পদ্ধতিত সামৰিব পাৰি। মিশ্ৰিত আন্তঃকৃষিৰ ক্ষেত্ৰত ব্যৱহৃত শস্যৰ জীৱনচক্ৰ প্ৰায় একে হোৱাৰ কাৰণে একেধৰণৰ শস্য ব্যৱস্থাপনা প্ৰয়োজন হয়।

শস্যক্ৰমত শস্য আৰু শস্যৰ জাত, স্থান আৰু সময় সাপেক্ষে পৰিকল্পনা যথেষ্ট গুৰুত্বপূৰ্ণ। জাতৰ ক্ষেত্ৰত কম পৰিমাণত হ’লেও কিছুমান বিশেষ দিশত, যেনে- খাদ্যমৌল প্ৰয়োজনীয়তাত, শিপাৰ বিস্তৃতিত, চপোৱাৰ পাছতে ৰৈ যোৱা অৱশিষ্ট অংশত বিশেষভাৱে মনোযোগ দিব লাগে। শস্যক্ৰম নিৰ্বাচনত নীতিগতভাৱে এটা শস্য আনটো শস্যৰ পৰিপূৰক হ’ব লাগে, বিশেষকৈ পোক-পৰুৱা আৰু বেমাৰ-আজাৰ আদিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত।

শস্যক্ৰমত বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন স্থিতীকৰণ কৰিব পৰা যিকোনো শস্যৰ অন্তৰ্ভূক্তিয়ে জৈৱিক কৃষিক কৃতকাৰ্য কৰে। শস্যক্ৰমত সেউজ সাৰৰ খেতি অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে মাহজাতীয় শস্যক সেউজ সাৰৰ খেতি হিচাপে ব্যৱহাৰ কৰিব লাগে। যথেষ্ট পৰিমাণে নাইট্ৰ’জেন স্থিতীকৰণ কৰিব পৰা আৰু নাইট্ৰ’জেন যোগান আৰু আহৰণৰ মাজত সমতা ৰাখিব পৰাটো জৈৱিক কৃষিৰ কৃতকাৰ্যতাৰ বাবে প্ৰয়োজনীয় দিশ।

প্ৰজননৰ দ্বাৰা নতুন জাত উদ্ভাৱনৰ ক্ষেত্ৰত শেহতীয়াভাৱে লক্ষ্য কৰা দিশটো হ’ল যথেষ্ট উৎপাদনক্ষম জাতৰ উদ্ভাৱন, য’ত বাহিৰৰ পৰা খাদ্যমৌল বা বেমাৰ-আজাৰৰ প্ৰতিৰোধৰ বাবে ঔষধ-পাতি প্ৰয়োগ কৰিব লাগে। এই জাতবিলাক জৈৱিক পদ্ধতিত ভাল উৎপাদন দিব পৰাটো বহুলভাৱে পৰীক্ষা হোৱা নাই। জৈৱিক কৃষিত জাত নিৰ্বাচন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্দিষ্ট জাতটোৱে ভিন্ন পাৰিপাৰ্শ্বিকতাত ভাল ফল দেখুৱাব পৰা হ’ব লাগে।

২)পোষক দ্ৰব্য যোগান ব্যৱস্থা:

মাটিৰ উৰ্বৰতা শক্তি বজাই ৰাখিবলৈ সমন্বিত খাদ্যমৌল যোগান পদ্ধতি জৈৱিক কৃষিত অপৰিহাৰ্য। খাদ্যমৌল এটা আৱদ্ধ ব্যৱস্থাপনা পদ্ধতিৰে যোগানৰ লক্ষ্য হিচাপে লোৱা হয়। খাদ্যমৌল যোগানৰ দৃষ্টিভংগীৰে উৎপাদনশীল, লাভজনক আৰু কম খাদ্যমৌল আহৰণ কৰা কৃষি পদ্ধতি নিৰ্বাচন কৰিব লাগে। জৈৱিক কৃষিত সাধাৰনতে নগৰীয়া আহৰণ কৰা কৃষি পদ্ধতি নিৰ্বাচন কৰিব লাগে। জৈৱিক কৃষিত সাধাৰণতে নগৰীয়া আৱৰ্জনাৰে প্ৰস্তুত কৰা জৈৱসাৰ প্ৰয়োগ নহয়, কাৰণ বেমাৰ-আজাৰৰ বীজাণু, লগতে বিভিন্ন বিষাক্ত মৌলৰ উপস্থিতিৰ সম্ভাৱনীয়তা যথেষ্ট আছে। এই পদ্ধতিত নাইট্ৰ’জেনৰ যোগান জৈৱ পদাৰ্থ বা নাইট্ৰ’জেন স্থিৰীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হয়। খাদ্যমৌল, বিশেষকৈ নাইট্ৰ’জেনৰ যোগান জৈৱিক পদাৰ্থৰ দ্বাৰা হোৱা কাৰণে বিভিন্ন প্ৰক্ৰিয়া, যেনে- পানীৰ জৰিয়তে ভূগৰ্ভলৈ যোৱা, ডিনাইট্ৰিফিকেচন আৰু এমোনিয়া হিচাপে উৰি যোৱা ইত্যাদিৰে হোৱা লোকচানৰ মাত্ৰা কম। হ্ৰস্ব বা মধ্যকালীনভাৱে কৰা সেউজ সাৰৰ খেতিৰ দ্বাৰা মাটিত মিহলাই দি বা আন্তঃকৃষি কৰি মাটিৰ উৰ্বৰতা শক্তি বজাই ৰাখিব পাৰি। নাইট্ৰ’জেনৰ উপৰি ফছফৰাছ আৰু পটাছৰ পৰিমাণ মাটিত স্থিৰীকৰণ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। মাহজাতীয় শস্যৰ বাহিৰেও অন্যান্য শস্য ইয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰি, বিশেষকৈ যিবিলাক শস্যৰ ভূমি আৱৰিব পৰা ক্ষমতা আছে।

শস্যৰ অৱশিষ্ট অংশ বা সেউজ সাৰ মাটিত মিশ্ৰিত কৰাৰ সময় আৰু পদ্ধতি খুবেই প্ৰয়োজনীয় দিশ। শিপাৰ দৈৰ্ঘ্যই মাটিত থকা কম ভ্ৰাম্যমাণ মৌলৰ আহৰণত যথেষ্ট প্ৰভাৱ পেলায়। জৈৱিক কৃষিত গছৰ উপযুক্ত সংখ্যা বজাই পৰাটো গুৰুত্বপূৰ্ণ দিশ। ইয়াৰ বাবে মাটিৰ প্ৰস্তুতি ভাল হোৱাৰ লগতে শস্য উপযুক্ত সময়ত সিঁচিব লাগে। গছৰ ভাল অংকুৰণ পাবলৈ সেয়েহে ডাঙৰ পুষ্ট বীজ ব্যৱহাৰ কৰিব লাগে।

আৰবাচকুলাৰ মাইকৰাইজা ভেঁকুৰে প্ৰায় ৯৫ শতাংশ শস্যত আশ্ৰয় লয়। শিপাত ইয়াৰ সহজীৱীতাই কাৰ্যক্ষম শিপাৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত খাদ্যমৌল আৰু পানী আহৰণৰ পৰিমাণ বাঢ়ি যায়। নিম্ন আহিলাৰে কৰা জৈৱিক কৃষিত এই শ্ৰেণী জীৱাণুৰ প্ৰয়োগ যথেষ্ট প্ৰয়োজন।

খেতিত পামসাৰ প্ৰয়োগে শস্য উৎপাদনৰ লগতে উৎপাদিত সামগ্ৰীৰ গুণগত দিশৰ উন্নতিসাধন কৰে। সেয়েহে পামসাৰৰ ব্যৱহাৰ আৰু সংৰক্ষণৰ লগে লগে ইয়াৰ পৰা পচনসাৰ প্ৰস্তুত জৈৱিক কৃষিৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰিছে।

৩)অপতৃণ নিয়ন্ত্ৰণ:

জৈৱিক কৃষিত অপতৃণৰ প্ৰাদুৰ্ভাৱ এটা ডাঙৰ সমস্যা, যিটো খেতিৰ আৰম্ভণিৰ পৰাই জটিল ৰূপ লোৱাৰ সম্ভাৱনা থাকে। জৈৱিক কৃষিত প্ৰয়োগ কৰিব পৰা নিৰাময়ৰ কৌশলসমূহ প্ৰধানতঃ কালচাৰেল বা কৰ্ষণধৰ্মী, যান্ত্ৰিক আৰু জৈৱিক। এই পদ্ধতিসমূহৰ দ্বাৰা অপতৃণৰ সমস্যা এটা নিয়ন্ত্ৰিত পৰিসীমাৰ ভিতৰত আৱদ্ধ ৰখা হয়। সমন্বিত পদ্ধতি অপতৃণ নিয়ন্ত্ৰণৰ বাবে উপযুক্ত পৰিপূৰক পদ্ধতি হিচাপে যান্ত্ৰিক কোব বা ‘হেৰো’ প্ৰয়োগ কৰি ভূমিকৰ্ষণ কৰিব পাৰি। শস্যক্ষেত্ৰত সময়তো ব্যৱস্থা লৈ আৰু গছৰ সংখ্যা উপযুক্তভাৱে ৰাখিও বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি।

চিৰাচৰিত প্ৰথা হিচাপে ‘ষ্টেল’ বীজতলী পদ্ধতিৰে শস্য সিঁচাৰ আগতে গজা অপতৃণ নিয়ন্ত্ৰণ কৰিব পাৰি। পথাৰত জুই জ্বলাই দিয়া, ওপৰোৱাকৈ হাল বোৱা, শস্য গজি উঠাৰ পাছত দুটা শাৰীৰ মাজত কোৰ দিয়া, প্লাষ্টিক আৱৰণ দি সূৰ্যৰ ৰশ্মি পৰিব দি ৬৫° চেলচিয়াছ উষ্ণতালৈ বৃদ্ধি কৰা আদিও অপতৃণ নিয়ন্ত্ৰণৰ অৰাসায়নিক কৌশল। জৈৱিক কৃষি পদ্ধতিত একেবাৰে বন-বাতৰ সমস্যা ধ্বংস নকৰিলেও হয়, কেৱল  বন-বাতৰ পৰা হ’ব পৰা ক্ষতিৰ শস্যৰ সংকটমান অৱস্থাত নিয়ন্ত্ৰণৰ ব্যৱস্থা ল’ব লাগে।

শস্য আৰু অপতৃণৰ পাৰিস্থিতিক বিজ্ঞানৰ সম্যক ধাৰণাৰ ওপৰত ভিত্তি কৰি কাৰ্যকৰীভাৱে অপতৃণৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰিব পাৰি।

বিভিন্ন জীৱাণুৰ পৰা বিষ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ আহৰণ কৰি অন্য ৰাসায়নিক পদাৰ্থৰ লগত মিহলাই অপতৃণৰ ওপৰত প্ৰয়োগ পৰা অপতৃণনাশক ঔষধ কেইটামান হ’ল- কলেগো, ৯ বায়’প্লাছ, মেঠোমিফে-ন’ন।

৪)পোক-পৰুৱা নিয়ন্ত্ৰণ:

জৈৱিক কৃষি পদ্ধতিত পোক-পৰুৱা নিয়ন্ত্ৰণ প্ৰতিৰোধীধৰ্মী, য’ত ৰাসায়নিক প্ৰক্ৰিয়াগত কথা জড়িত নাথাকে। কৃষি কৰা আৰু নকৰা ঠাইৰ সমতা ৰখা, শস্য আৰু জাত নিৰ্বাচনৰ ক্ষেত্ৰত সময় আৰু স্থানৰ সম্পৰ্ক ৰখা, উপযুক্ত শস্যক্ৰম নিৰ্বাচন, প্ৰাকৃতিকভাৱে পোৱা শত্ৰু পোক সংৰক্ষণ অথবা এৰি দিয়া আদি পোক-পৰুৱা জৈৱিকভাৱে নিয়ন্ত্ৰণৰ কৌশল। পাৰিস্থিতিক বিজ্ঞান আৰু বিৱৰ্তনৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি কেনেকুৱা পদ্ধতিৰে পোক-পৰুৱা নিয়ন্ত্ৰণ কৰা যায় তাৰ প্ৰতি সজাগতা  ৰাখিব লাগে। বৰ্তমান সময়ৰ কৃষি গৱেষণাই গুৰুত্বপূৰ্ণভাৱে আন্তঃকৃষি পদ্ধতিৰ দ্বাৰা মখা পোক-পৰুৱা নিয়ন্ত্ৰণৰ এক কৌশল হিচাপে পৰিগণিত হৈছে। জৈৱিক পদ্ধতিৰে কৰা ধানখেতিৰ ক্ষেত্ৰত পোক-পৰুৱাৰ আক্ৰমণ হ্ৰাস হৈ অধিক উৎপাদন পোৱা গৈছে। উদ্ভিদৰ গা-গছত নাইট্ৰ’জেনৰ পৰিমাণ হ্ৰাস হ’লে আক্ৰমণ কৰা পোক কম পৰিমাণে তিষ্ঠি থাকে, যিটো ধানখেতিৰ ‘চুহিখোৱা’ আৰু মাকৈৰ ক্ষেত্ৰত ‘মজা’ পোকত পোৱা গৈছে। জৈৱিকভাৱে অনিষ্টকাৰী পোক ধ্বংস কৰিবলৈ অন্যান্য কিছুমান জীৱ-অণুজীৱ এৰি দিও নিয়ন্ত্ৰণ কৰিব পাৰি। আটাইবিলাক পদ্ধতিৰ সমন্বিত প্ৰচেষ্টাৰে বিশেষকৈ প্ৰতিৰোধী জাত আৰু জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিৰ অধিক ব্যৱহাৰ কৰি অধিক সুফল পাব পাৰি।

৫)ৰোগ নিয়ন্ত্ৰণ:

জৈৱিক্ব কৃষিত ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰ্ষণ বা পৰিচৰ্যামূলক পদ্ধতি বিশেষ প্ৰয়োজনীয়। সাধাৰনতে জৈৱিক পদ্ধতি প্ৰয়োগ কৰি কৰা খেতিত শিপাত হোৱা বেমাৰৰ মাত্ৰা কম। পাতত হোৱা ৰোগৰ ক্ষেত্ৰত জৈৱিক আৰু আধুনিক কৃষিৰ মাজত তেনেকুৱা পাৰ্থক্য নাই। জৈৱিক কৃষিত জড়িত থকা পদ্ধতিগত দিশসমূহ হ’ল- শস্যাৱৰ্তন আৰু ইয়াৰ ভিন্ন মিশ্ৰিত পদ্ধতিত শস্যৰ খেতি আৰু ধাৰাবাহিকভাৱে জৈৱ পদাৰ্থৰ যোগান। উন্নত ভূমি ব্যৱস্থাপনা জৈৱিক কৃষিৰ এটা প্ৰয়োজনীয় দিশ, যিহেতু ভূমিত অণুজীৱৰ উপস্থিতি, শিপাত থোপা বান্ধিব পৰা বেক্টেৰিয়াৰ লগতে আৰবাচকুলাৰ মাইকৰাইজাৰ উপস্থিতিয়ে শিপাত হোৱা বেমাৰৰ মাত্ৰা কমাই ৰাখে।

ৰোগ প্ৰতিৰোধী শস্য-জাত নিৰ্বাচন, অতি কম সময়ৰ বাবে বেমাৰৰ হাতসৰা শস্য বিশেষকৈ শাক-পাচলিৰ খেতি আৰু আন্তঃকৃষি পদ্ধতি ইত্যাদিৰে বেমাৰ বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰিবলৈ উদ্ভিদজাত বিভিন্ন ভেঁকুৰনাশক ঔষধ জৈৱিক পদ্ধতিত কমমাত্ৰাত প্ৰয়োগ কৰিব পাৰি। সেউজগৃহত কৰা প্ৰতিটো খেতিত অনুমোদিত জৈৱিক পদ্ধতিৰে ৰোগ নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনীয়তা আছে। খেতিপথাৰৰ সীমাত গছ ৰোপণ কৰি অথবা শস্যৰ শাৰীৰ দিশ পৰিৱৰ্তন কৰি বতাহৰ দ্বাৰা বিয়পোৱা বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। সমন্বিতভাৱে বেমাৰ নিয়ন্ত্ৰণৰ বিভিন্ন দিশ হিচাপে শস্য আৰু শস্যৰ জাত ব্যৱহাৰ, বিভিন্ন শাস্যিক পদ্ধতিক অৱলম্বন আৰু খাদ্যমৌল যোগানৰ ব্যৱস্থাপনা আদি।

জৈৱিক ধানখেতি -

১)জৈৱিক ধানখেতিৰ বাবে প্ৰথমে যিমানদূৰ সম্ভৱ পোক-পৰুৱা বা বেমাৰ-আজাৰ প্ৰতিৰোধী বা সহ্য কৰিব পৰা জাত নিৰ্বাচন কৰাটো বাঞ্ছনীয়। উদাহৰণস্বৰূপে ‘মনোহৰ শালি’, ‘প্ৰসাদ’, ‘আই আৰ ৩৬’ আৰু ‘পংকজ’ ‘ব্লাষ্ট’ বেমাৰ সহ্য কৰিব পৰা জাত। আনহাতে ‘লখিমী’ আৰু ‘আইজাং’-এ ‘বেক্টেৰিয়েল লিফ ব্লাইট’ বেমাৰ সহ্য কৰিব পাৰে।

২)ধানখেতি সময়মতে ৰোপণ, যেনে- শালিধানৰ ক্ষেত্ৰত জুনত কঠীয়া পাৰি জুলাইত ৰোৱা।

৩)উপযুক্তসংখ্যক গছৰ সংখ্যা বজাই ৰখা। প্ৰায়বিলাক জাতৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা দুটা শাৰীৰ মাজত দূৰত্ব ২০ চে.মি. আৰু দুটা গোছৰ মাজত ২০ চে.মি.।

৪)শস্যক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ।

৫)কঠীয়াতলী অথবা মূল পথাৰত সদায় পোক-পৰুৱাৰ সমস্যা পৰিদৰ্শন কৰি জৈৱিক উপায়ে নিয়ন্ত্ৰণ কৰা। সম্ভাব্য কৌশলসমূহ-

ক)ফেৰোমোন বা আলোক ট্ৰেপৰ ব্যৱহাৰ।

খ)মজাখোৱা পোকৰ বাবে মূল পথাৰত ট্ৰাইকোকাৰ্ডৰ আৰু চৰহাৰ বাবে বিউভেৰিয়া বেচিয়ানাৰ ব্যৱহাৰ কৰা।

গ)খেতিপথাৰত জেং আদি পুতি ৰখাৰ লগতে কৃষকৰ মাজত চলি থকা যিকোনো চিৰাচৰিত জৈৱিক কৌশল অৱলম্বন কৰা।

৬)পোষক দ্ৰব্য যোগানৰ কাৰণে ব্যৱহাৰ কৰিব পৰা জৈৱিক কৌশলসমূহ হ’ল-

ক)মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি মাটি প্ৰস্তুতিৰ সময়ত পামসাৰ, পচনসাৰ, শস্যৰ অৱশিষ্ট অংশ, সেউজ সাৰ, জৈৱ গেছ প্ৰকল্পৰ অৱশিষ্ট অংশ একক বা সমূহীয়াভাৱে প্ৰয়োগ। সাধাৰণতে পচনসাৰ এক হেক্টৰ মাটিত ১০ টন পৰিমাণত প্ৰয়োগ কৰা হয়।

খ)ধানখেতিত কেঁচুসাৰ প্ৰয়োগ কৰিব পাৰি। প্ৰয়োগৰ মাত্ৰা হ’ল- ১.৫-৩ টন প্ৰতি হেক্টৰত আৰু ৰোৱাৰ এসপ্তাহ আগতে প্ৰয়োগ কৰি মিহলাই দিব লাগে। কেঁচুসাৰত থকা নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছৰ মাত্ৰা হ’ল ক্ৰমে ১.৫-২.৫%, ১.২-১.৮% আৰু ১.৫-২.৪%।

গ)পানীত হোৱা ঢেঁকীয়া বৰ্গ গছ এজোপাৰ খেতি ধানখেতিৰ ভিতৰত বা অন্য ঠাইত আগতে কৰি মাটিৰ লগত মিহলাই প্ৰতি হেক্টৰত ৩০ কেজি পৰিমাণত নাইট্ৰ’জেন যোগান ধৰিব পাৰি। এজ’লাত পোৱা নাইট্ৰ’জেন ফছফৰাছ আৰু পটাছৰ মাত্ৰা হ’ল ক্ৰমে ৪%, ০.৫% আৰু পটাছিয়াম ২-৪%।

ঘ)নীল সেউজ শেলাইৰ খেতি ধাননিত কৰি মাটিত মিহলাই দিলে হেক্টৰে প্ৰতি ২০-৩০ কেজি পৰিমাণৰ নাইট্ৰ’জেন দিব পাৰে। ধানগছে আহৰণ কৰিব পৰা ফছফৰাছ মাত্ৰাও মাটিত বৃদ্ধি হয়।

ঙ)এজ’ট’বেক্টাৰ বা এজ’স্পাইৰিলামক ধানশস্যৰ বীজত মিহলাই দি কঠীয়াৰ শিপাত নিৱেষণ কৰি বা মূল পথাৰত প্ৰয়োগ কৰি নাইট্ৰ’জেনৰ যোগান ধৰিব পাৰি। এজ’ট’বেক্টাৰ আৰু এজ’স্পাইৰিলাম হেক্টৰে প্ৰতি ২০-২৫ কেজি নাইট্ৰ’জেন স্থিৰীকৰণ কৰি ১০-১৫% উৎপাদন বৃদ্ধি কৰিব পাৰে।

চ)অনুজীৱ মিহলোৱা জৈৱিক সাৰ প্ৰতি হেক্টৰত ১ টন পৰিমাণত প্ৰয়োগ কৰিব লাগে। এইখিনি পৰিমাণত মিহলোৱা অণুজীৱ দুটা হ’ল- এজোস্পাইৰিলাম আৰু ফছফেট দ্ৰৱণকাৰী অণুজীৱ প্ৰতিবিধৰ হেক্টৰে প্ৰতি ৪ কেজি হিচাপত। শিপাত লগাই প্ৰয়োগ কৰিবলৈ পথাৰৰ এটা কোণত বোকামাটি শুকান পচনসাৰ(১০ কেজি)ৰ লগত অণুজীৱ সাৰ মিহলাই লৈ শিপা ২ ঘন্টাৰ বাবে জুবুৰিয়াই ৰাখি ৰুব লাগে।

৭)ধানখেতিত উদ্ভৱ হোৱা অপতৃণ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন সা-সঁজুলি ব্যৱহাৰ কৰি মানুহৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাৰ লগতে ধানৰ গুৰিত পানী ৰাখি বা জীপাল কৰি ৰখাৰ লগতে পাৰিস্থিতিক বা অপতৃণ উদ্ভৱ হোৱা অৱস্থাৰ পৰিৱৰ্তন সাধিও নিয়ন্ত্ৰণ কৰিব পাৰি।

৮)ধানখেতিত দেখা পোৱা ‘ছিথ ব্লাইট’ নামৰ বেমাৰবিধ নিয়ন্ত্ৰণৰ বাবে উদ্ভিদৰ পৰা প্ৰস্তুত ৰোগ নিৰাময়ী ঔষধ হিচাপে চিম্বোপগনজাতীয় বা নিমজাতীয় সামগ্ৰী ব্যৱহাৰ কৰিব পাৰি।

জৈৱিক কৃষিৰ ফলাফল -

জৈৱিক কৃষিৰ ফলাফলসমূহ হ’ল-

১)দীৰ্ঘ সময়ৰ বাবে উৎপাদনৰ ধাৰাবাহিকতা,

২)উৎপাদিত শস্যৰ গুণগত মান বৃদ্ধি,

৩)কৃষি বনুৱাৰ নিয়োগ বৃদ্ধি,

৪)পামৰ অধিক আয়,

৫)সুস্থ পাৰিপাৰ্শ্বিকতা বজাই ৰখা,

৬)শক্তি সংৰক্ষণ আৰু

৭)পানীক অধিক কাৰ্যকাৰিতাৰে ব্যৱহাৰ ইত্যাদি।

জৈৱিক কৃষিৰ সীমাবদ্ধতা -

১)জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰ বজাৰ সাধাৰণ খেতিয়কৰ বাবে উপযুক্তভাৱে সৃষ্টি নোহোৱা,

২)জটিল খৰচী প্ৰমাণিকৰণ প্ৰক্ৰিয়া,

৩)কৃষকৰ মাজত কম সজাগতা,

৪)জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰ পৰীক্ষাৰ বাবে যথোপযুক্ত পৰীক্ষাগাৰৰ অভাৱ,

৫)জৈৱিক কৃষি আহিলাসমূহৰ দ্বাৰা অধিক পৰিমাণত স্থান দখল, সৰবৰাহত কষ্ট আৰু অধিক ব্যয়,

৬)জৈৱিক কৃষি আহিলাসমূহত ভিন্নমাত্ৰাত খাদ্যমৌলৰ পৰিমাণ,

৭)খৰচী আৰু অধিক বনুৱাৰ প্ৰয়োজন,

৮)জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰ বজাৰ দৰৰ অস্থিৰতা,

৯)জৈৱিক সাৰ আৰু কীট-ৰোগনাশক ঔষধৰ বজাৰত সীমিত যোগান ইত্যাদি।

নানান সীমাবদ্ধতা সত্ত্বেও জৈৱিক কৃষিৰ গুৰুত্ব দিনে দিনে বাঢ়িবলৈ ধৰিছে। আমাৰ কৃষকেও প্ৰশিক্ষণ লৈ এই দিশেৰে আগবাঢ়িলে লাভান্বিত হ’ব।

লেখক: ড° ৰমণীকান্ত ঠাকুৰীয়া

উৎস: আধুনিক কৃষিকথা(কৃষি আৰু পৰিৱেশ)

3.14814814815
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top