মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / উন্নত পদ্ধতিৰে আলুৰ খেতি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উন্নত পদ্ধতিৰে আলুৰ খেতি:

উন্নত পদ্ধতিৰে আলুৰ খেতিৰ বিষয়ে লিখা হৈছে

 

শীতকালত হোৱা শাক-পাচলিৰ ভিতৰত আলু এবিধ পুষ্টিকৰ পাচলি। আলুক পাচলিৰ ৰজা বুলি কোৱা হয়। আমাৰ দৈনন্দিন জীৱনৰ খাদ্য তালিকাত আলুৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। আলুত যথেষ্ট পৰিমাণে পুষ্টিকাৰক গুণো আছে। প্ৰতি এশ গ্ৰাম সতেজ আলুত শতকৰা ৭৬ ভাগ পানী, ২০ গ্ৰাম শৰ্কৰা, ২ ভাগ ছাই থকাৰ উপৰি যথেষ্ট পৰিমাণে ভিটামিন বি, চি আৰু কিছু পৰিমাণে খনিজ লৱণো থাকে।

আলুৰ জাত:

কুফ্ৰী চন্দ্ৰমুখী, কুফ্ৰী জ্যোতি, কুফ্ৰী ছিন্ধুৰি, কুফ্ৰী অলংকাৰ, কুফ্ৰী মেঘা আদিয়েই প্ৰধান।

আলু ৰোৱা পদ্ধতি:

আলু খেতিৰ বাবে উপযোগী মাটি হ’ল পানী জমা নোহোৱা, ওখ, বালিচহীয়া মাটি। মাটি দ-কৈ হাল বাব লাগে আৰু মৈ দি মাটিৰ উপৰিভাগ সমান কৰি ল’ব লাগে, যাতে জলসিঞ্চন বা বৰষুণৰ পানী মাটিত জমা হৈ নাথাকে আৰু চাৰিওফালে বিস্তৃত হৈ পৰে। আলু খেতিৰ বাবে প্ৰতি বিঘাত প্ৰায় ৩ কুইন্টল বীজৰ প্ৰয়োজন হয়ু। বীজ ৰোৱাৰ বাবে ৩-৪টা চকু, ২.৫ ছেত্ন্টিমিটাৰ ব্যাস আৰু ২৫-৩০ গ্ৰাম ওজনৰ বীজ উপযুক্ত। আলুৰ বীজবোৰ ডাঙৰ হ’লে ২-৩টা চকু ৰাখি আলুটোক দীঘে বা পথালিয়ে ফালি লৈ ৰোপণ কৰিব লাগে। মাটিৰপৰা হোৱা বিভিন্ন বেমাৰৰপৰা আলুগছবোৰ ৰক্ষা কৰিবলৈ আলুৰ বীজবোৰ প্ৰতি লিটাৰ পানীত ৫ গ্ৰাম ডাইথেন এম-৪৫ মিহলাই ১০ মিনিট ডুবাই ৰাখি পিছত ছাত দুদিন শুকুৱাব লাগে। মাটি শেষৰবাৰ হাল বাওঁতে পচন বা গোৱৰ সাৰ ১০-১৫ টন প্ৰতি হেক্টৰ মাটিত ছটিয়াই ভালকৈ মিহলাব লাগে। ইয়াৰ পিছত ৰাসায়নিক সাৰখিনি ভালকৈ মিহলাই দিব লাগে, যাতে আলুৰ গুটিবোৰ সাৰৰ লগত পোনপটীয়া সংস্পৰ্শলৈ নাহে। বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিৰ প্ৰতি বিঘাত ইউৰিয়া ১৯ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৪৫ কিলোগ্ৰাম আৰু মিউৰিয়েট অব পটাছ ১২ কিলোগ্ৰাম আৰু জলসিঞ্চনৰ ব্যৱস্থা থকা খেতিত প্ৰতি বিঘাত ইউৰিয়া ১৯ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৯০ কিলোগ্ৰাম আৰু মিউৰিয়েট অব পটাছ ২৪ কিলোগ্ৰাম।

শোধন কৰা বীজবোৰ শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। প্ৰতিটো শাৰীত দুজোপা গছৰ মাজৰ দূৰত্ব ১৫ ছেন্টিমিটাৰ আৰু দুটা শাৰীৰ মাজৰ দূৰত্ব ৫০ ছেন্টিমিটাৰ হ’ব লাগে। বীজবোৰ ২.৫ ছেন্টিমিটাৰ দ-কৈ মাটিত লগাব লাগে। আলুৰ পুলি গজাৰ এমাহৰ পিছত গুৰিত মাটি চপাই দিব লাগে। প্ৰথমবাৰ মাটি চপোৱাৰ এমাহৰ পিছত দ্বিতীয়বাৰ মাটি চপাব লাগে। জলসিঞ্চনৰ কাৰণে আলুৰ পথাৰত গোটেই শস্যকালত মুঠতে তিনিবাৰ পানী দিব লাগে। প্ৰথমবাৰ জলসিঞ্চন কৰিব লাগে প্ৰথম মাটি চপোৱাৰ পিছত, দ্বিতীয়বাৰ ইয়াৰ ২০ দিনৰ পিছত আৰু তৃতীয়বাৰ দ্বিতীয়বাৰৰ এমাহৰ পিছত। মালচিং ব্যৱহাৰ কৰিলে তৃতীয়বাৰ পানী নিদিলেও হয়। মালচিং সাধাৰণতে মেটেকাৰে কৰিব পাৰি। আলুৰ বীজবোৰ লগোৱাৰ পিছত মাটি জাপি শাৰীবোৰ মেটেকাৰে ঢাকিব লাগে। ফলত মাটি বহুদিনলৈকে জীপাল হৈ থাকে, পিছত মেটেকাবোৰ পচি গ’লে, গছজোপাক পটাছ সাৰৰ যোগান ধৰে। শস্যৰ কাল অনুসৰি প্ৰায় আঢ়ৈ মাহমানৰপৰাই আলু তুলিব পাৰি। আলুগছৰ পাত হালধীয়া হৈ পৰিব ধৰিলে দুই-এটা আলু তুলি ভালকৈ লক্ষ্য কৰিলে যদি দেখা যায় যে আলুৰ উপৰিভাগ চকচকীয়া আৰু টান হৈছে, তেতিয়া আলু তোলাৰ উপযুক্ত সময় বুলি বুজিব পআৰি। কোৰ মাৰি বা ঢাপৰ মাজেদি নাঙল চপাই আলু উঠাব পাৰি।

লেখিকা: ড° মিনছুৰা বেগম(দৈনিক অসম)

2.79411764706
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top