অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বাৰ্তা

কৃষি বাৰ্তা লিখা হৈছে

ভেণ্ডি আৰু জিকা শস্যৰ কৃষি কথা


গ্ৰীষ্মকালীন শাক-পাচলিবোৰৰ ভিতৰত বেছিভাগেই শাক-পাচলি লতা জাতীয় অর্থাৎ লাওজাতীয় বতৰ আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি শাক-পাচলিৰ চাহিদা বেলেগ বেলেগ হয়। গ্রীষ্মকালত ভেণ্ডি আৰু জিকাৰ চাহিদা বহুত বেছি। কাৰণ গ্রীষ্মকালীন শাক-পাচলিবোৰৰ ভিতৰত ইহঁতকো পুষ্টিকৰ পাচলি হিচাপে গণ্য কৰা হয়। যিহেতুকে এই শস্যবোৰত মানৱ দেহৰ বাবে প্রয়োজনীয় প্ৰ’টিন, ভিটামিন, খনিজ লৱণ ইত্যাদিৰ যোগান ধৰে। জিকা, ভেণ্ডি খেতিৰ বাবে ৰ’দ ঘাই, ওখ, সাৰুৱা বালিচহীয়া মাটিৰ প্রয়োজন হয়। অৱশ্যে পাতল আলতীয়া মাটিতে এই শস্যৰ খেতি কৰিব পাৰি। অধিক পচন সাৰযুক্ত ধান খেতিৰ বাম চানেকীয়া মাটিতে ওখ ভেটি তৈয়াৰ কৰি জিকা, ভেণ্ডিৰ খেতি কৰিব পাৰি। আজিকালি আগতীয়া শস্যৰ চাহিদা বাঢ়ি যোৱা বাবে মাঘ-ফাগুন মাহতেই ধানৰ পথাৰৰ ওখ ভেটি কৰি জিকা, ভেণ্ডি, তিয়হ আদিৰ খেতি কৰা হয়।

ভেণ্ডি শস্যৰ উন্নত মানৰ সঁচবোৰ হৈছে— পুচা চাৱনী, প্রভানী ক্রান্তি, অৰ্কা অনামিকা, বিভিন্নধৰণৰ বর্ণসংকৰ জাত। জিকা খেতিৰ বাবে উন্নত জাতৰ সঁচবোৰ হৈছে—পুচা নাছদাৰ, চুৰেফ, গ্ৰীন লং ইত্যাদি। অৱশ্যে আজিকালি বর্ণসংকৰ আৰু সৰু সৰু থোপোকা জাতৰ জিকাৰ (যাক চটপতি কোনোৱে কয়) খেতিও কৰা দেখা যায়। পথাৰত ভেণ্ডিৰ বীজবোৰ সিঁচাৰ আগতে চেঁচা পানীত এৰাতি তিয়াই পাছত পানীৰ পৰা টুকি এটা দিন কাপোৰেৰে মেৰিয়াই থ’ব লাগে। ঠিক তেনেদৰে জিকাৰ বীজবোৰো এৰাতি বা ১০-১২ ঘণ্টা পানীত তিয়াই পাছত পানীৰ পৰা টুকি কাপোৰত মেৰাই এদিন থ’ব লাগে।

এবিঘা মাটিত খেতি কৰিবৰ বাবে জিকা বীজৰ পৰিমাণ ৫০০-৬০০ গ্রাম আৰু ভেণ্ডি শস্যৰ বাবে বীজৰ পৰিমাণ হয় বসন্তকালৰ বাবে (ফাগুন-চ'ত মাহ) ২০০০ গ্রাম, কিন্তু বহাগ-জেঠৰ পৰা বাৰিষা কাললৈ খেতি কৰিবৰ বাবে বীজৰ পৰিমাণ হয় এক কিল’গ্রাম। এৰাতি তিয়াই লোৱা বীজবোৰ পাছদিনা পথাৰত শাৰী শাৰীকৈ সিঁচিব লাগে। বসন্ত কালত দুটা শাৰীৰ মাজত ব্যৱধান এফুট আৰু প্ৰতিটো শাৰীত অধিক ফুটৰ ব্যৱধানত বীজ সিচিব লাগে। কিন্তু বাৰিষা কালত কৰা খেতিৰ বাবে দুটা শৰীৰ ব্যৱধান ডেৰ ফুটৰ পৰা দুফুট আৰু প্ৰতিটো শাৰীত এফুট ব্যৱধানত বীজ সিঁচা হয়। জিকা শস্যৰ বাবে ৩-৪ ফুট ব্যৱধানত এফুট ওখকৈ একোটাহঁত টিপ কৰি প্ৰতিটো টিপত দুটাকৈ বীজ ৰোপণ কৰিব লাগে।

দুফুট দীঘল আৰু এফুট দকৈ কোৰ মাৰি তৈয়াৰ কৰা ওখ ঢিপত বা ভেটিত ১-২ পাচি গোবৰ, ৪০-৫০ গ্রাম ইউৰিয়া, ৪০-৫০ গ্রাম একক ছুপাৰ ফছফেট আৰু ৮০-৯০ গ্রাম মিউৰেট অব পটাছ সাৰ মিহলাই ল’ব লাগে। ভেণ্ডি শস্যৰ বাবে চাহ কৰা মাটিত বিঘাই প্রতি ১০ কুইণ্টল গোবৰ বা পচন সাৰ, ১২ কিল’গ্রাম (৬+৬ কিঃ গ্রাঃ) ইউৰিয়া, ৪০ কিঃগ্ৰাঃ একক ছুপাৰ ফছফেট আৰু ১০ কিঃগ্ৰাঃ মিউৰেট অব পটাছ সাৰ প্রয়োগ কৰিব লাগে। বীজ সিঁচাৰ ৩০-৪০ দিনৰ পাছত দ্বিতীয় ভাগ ৬ কিঃ গ্ৰাঃ ইউৰিয়া দুটা সিৰাৰ মাজত প্রয়োগ কৰিব লাগে।

ভেণ্ডিৰ পুলি ডাঙৰ হৈ অহাৰ লগে লগে এমাহৰ পাছত বন-বাতবোৰ নিৰাই দিব লাগে। গৰম আৰু খৰাং বতৰত (সাধাৰণতে ফাগুন মাহত) শস্য ডৰাত এবাৰ বা দুবাৰ পানী দিব লাগে। পুলি কটা-পোৰাৰ পৰা গজি উঠা পুলিবোৰ ৰক্ষা কৰিবৰ বাবে শেষৰ বাৰ হাল বা কোৰ মাৰোঁতে বিঘাই প্রতি ২.৫ কিঃগ্ৰাঃ মালাথিয়ন পাউদাৰ ছটিয়াই ল’ব লাগে। পাতখোৱা আৰু ফল বিন্ধা কৰা পোকৰ বাবে জুলীয়া মালাথিয়ন দৰৱ ৩০ টোপাল একলিটাৰ পানীত মিহলাই ১৫-২০ দিনৰ ব্যৱধানত ছটিয়াই থাকিব লাগে। এনে কৰিলে ভেণ্ডি শস্যত হোৱা পাত হালধীয়া পৰা ভাইৰাছ বেমাৰ ৰোধ কৰিব পাৰি। কাৰণ এই বেমাৰ পাতৰ ৰস শুহি খোৱা এবিধ মোৱা পোকে কঢ়িয়াই আনে। জিকা শস্যৰ অনিষ্টকাৰী পোক হৈছে পাত খোৱা বিটল পোক আৰু বৰল পোক। এই পোকৰ নিবাৰণৰ বাবে ৩০ টোপাল মালাথিয়ন দৰৱ একলিটাৰ পানীত মিহলাই পাতত ছটিয়াব লাগে। বৰল পোকৰ বাবে দৰৱ ছটিওৱাৰ আগত অলপমান গুৰ মালাথিয়নৰ মিশ্রণত মিহলাই ল’ব। লাগে। পাতত বগা বগা দাগ পৰা পাউদাৰী মিলদিউ বেমাৰৰ বাবে দুই গ্রাম বেভিষ্টিন একলিটাৰ পানীত মিহলাই পাতত ছটিয়াব লাগে। আকৌ কেতিয়াবা পাতবোৰৰ মাজ অংশ বা কাষত মুগাবৰণৰ দাগ পৰি বাঢ়ি যায় আৰু ৰঙচুৱা-ক’লা পৰি যায়। ভেকুৰৰ দ্বাৰা আক্রমণ কৰা এই পোকৰ নিবাৰণৰ বাবে এক শতাংশ বৰ ডে মিশ্রণ পাতত ছটিয়াব লাগে। আকৌ কেতিয়াবা পাতবোৰৰ মাজ অংশ বা কাষত মুগাবৰণৰ দাগ পৰি বাঢ়ি যায় আৰু ৰঙচুৱা-ক’লা পৰি যায়। ভেকুৰৰ দ্বাৰা আক্ৰমণ কৰা এই পোকৰ নিবাৰণৰ বাবে এক শতাংশ বৰডো মিশ্ৰণ পাতত ছটিয়াব লাগে। জিকা তিতা হোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে বীজবোৰ এৰাতি ৮০ পি পি এম শক্তি ছাকচেনিক এচিড বা বি ৯ নামৰ হৰম’ন মিশ্রণত তিয়াই থ’ব লাগে। আকৌ সেই পৰিমাণৰ মিশ্ৰণ পুলি গজি দুই বা তিনিপতীয়া অৱস্থাত ছটিয়ালে তিতা সাঁচৰ জিকা মিঠা হোৱা দেখা যায়।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, অসম বাণী।

নাৰ্জী ফুলৰ বছৰজোৰা খেতি-


অসমৰ জলবায়ুত লাভজনক ৰূপত খেতি কৰিব পৰা ফুলসমূহৰ ভিতৰত নাৰ্জী ফুল অন্যতম। সাধাৰণতে দুবিধ নাৰ্জী ফুল পোৱা যায়। ডাঙৰ আকাৰৰ হালধীয়া আৰু কমলা বৰণৰ ফুল ফুলা ওখ জাতৰ নাৰ্জীবোৰ হ’ল আফ্ৰিকান নাৰ্জী। আনহাতে, চাপৰ জোপোহা গছ আৰু মুগাৰ পৰা ৰঙচুৱা অথবা চকলেট ৰঙা বৰণীয়া ফুল ফুলা নাৰ্জীবোৰ হ’ল ফ্রেন্স নাৰ্জী| ফ্রেন্স নাৰ্জী ফুলৰ আকাৰ সৰু হয় আৰু প্রতিজোপা গছত ফুলা ফুলৰ সংখ্যাও আফ্রিকান নাৰ্জীৰ তুলনাত সৰহ হয়। আফ্রিকান নাৰ্জীৰ বিভিন্ন জাতবোৰ হ’ল পুচা নাৰেংগী গেইন্দা, জায়েণ্ট ডাবল আফ্রিকান, হাজো লোকেল, গ’ল্ডেন গ্ল’, পট অব গ’ল্ড ইত্যাদি। আনহাতে, ফ্রেন্স নাৰ্জীৰ অন্যান্য জাতবোৰ হ’ল-হাৰমণি, ৰাষ্টী ৰেড, ষ্টাৰ অব্‌ ইণ্ডিয়া, ফ্লেম স্প্ৰে’ আদি।

বছৰৰ সকলো সময়তে নাৰ্জী ফুলৰ খেতি কৰিব পৰা যায় যদিও সাধাৰণতে শীতকালতহে এই খেতি আমাৰ খেতিয়কসকলে কৰে। শীতকালীন খেতিত ব্যৱহৃত জাতবোৰে উষ্ণতা বৃদ্ধিৰ লগে লগে গছৰ বৃদ্ধি হ্রাস হোৱা, ফুলৰ উৎপাদন আৰু আকাৰ হ্রাস হোৱা আদি লক্ষণ দেখুৱায়। প্রকৃততে নাৰ্জী ফুলৰ বিকাশ আৰু ফুল ফুলাটো পোহৰ আৰু উষ্ণতা সম্পর্কীয়। সেই বছৰৰ অন্য সময়ত এই খেতি কৰিবলৈ বতৰ আৰু জলবায়ু অনুসৰি উপযুক্ত জাত নিৰ্বাচন কৰাটো প্ৰয়োজনীয়। তলত শীত, গ্রীষ্ম আৰু বাৰিষাকালীন খেতিৰ বাবে উপযুক্ত কেইটামান জাতৰ নাম উল্লেখ কৰা হ’ল—

সময়

জাত

শীতকাল

পুচা নাৰেংগী গেইন্দা, পুচা বাসন্তী গেইন্দা, আফ্ৰিকান জায়েন্ট ডবল অৰেঞ্জ।

গ্ৰীষ্মকাল

ক্ৰেকাৰ জেক, চিৰাকুল।

বাৰিষাকাল

আফ্ৰিকান জায়েন্ট টল য়েল্ল’, আফ্ৰিকান জায়েন্ট টল অৰেঞ্জ।

 

ওপৰত উল্লিখিত জাতসমূহক সঠিক সময়ত ৰুব পাৰিলে বছৰজোৰা নাৰ্জী খেতিৰে লাভৱান্বিত হ’ব পাৰি। অৱশ্যে ঋতু অনুসৰি নাৰ্জীৰ গুটি সিঁচা আৰু পুলি ৰোৱাৰ সময় ভিন্ন হয়। তলত ইয়াৰ তালিকা দিয়া হৈছে-

ফুল ফুলাৰ সময়

গুটি সিঁচাৰ সময়

পুলি ৰোৱাৰ সময়

বাৰিষাকালৰ শেষৰফাল

জুন মাহৰ মাজভাগ

জুলাই মাহৰ মাজভাগ

শীতকাল

ছেপ্টেম্বৰ মাহৰ মাজভাগ

অক্টোৱৰ মাহৰ মাজভাগ

গ্ৰীষ্মকাল

জানুৱাৰী, ফেব্ৰুৱাৰী

ফেব্ৰুৱাৰী, মাৰ্চ

 

নাৰ্জী ফুলৰ বংশ বৃদ্ধি দুই ধৰণেৰে কৰিব পাৰি— গুটিৰ পৰা আৰু কলম প্রস্তুত কৰি। বীজখিনি ওখ, সাৰুৱা আৰু তৈয়াৰ কৰি লোৱা ভেটিত সিঁচি পুলি গজাব লাগে। টাব, বীজ বাকচ আদি ব্যৱহাৰ কৰিও পুলি উৎপাদন কৰিব পাৰি। গুটি সিঁচাৰ আগতে নাৰ্ছাৰীৰ মাটি ফৰমেল ডি হাইডৰে শোধন কৰি লোৱাটো আৱশ্যকীয়। গুটিবোৰ ৬-৮ চেঃমিঃ আঁতৰত পাতলকৈ সিঁচিব লাগে, এনে কৰোঁতে মাটিত প্রায় দুই চে:মিঃ তলত গুটি দিয়াটো বাঞ্ছনীয়। গুটি দিয়াৰ পাছত ভেটিটো মিহি বালিৰে ঢাকি দিব লাগে। পর্যাপ্ত পৰিমাণৰ পানীৰে ভেটিটোত জীপ ৰখাৰ ব্যৱস্থা কৰিব লাগে। সাধাৰণতে গ্ৰীষ্ম আৰু বৰ্ষাকালীন খেতিৰ বাবে প্রতিবিঘা মাটিত ৭০-১০০ গ্রাম বীজৰ প্রয়োজন হয় আৰু শীতকালীন খেতিত প্রতি বিঘাত ৫০-৭০ গ্রাম বীজ লাগে৷ এমহীয়া পুলিবোৰ চাপৰ জাতৰ ক্ষেত্ৰত ৩০ চেণ্টিমিটাৰ আৰু ওখজাতৰ ক্ষেত্ৰত ৪৫ চেঃমিঃ ব্যৱধানত ৰুব লাগে। পুলি ৰোৱাৰ আগতে প্রতি বর্গমিটাৰ মাটিত ৮-১০ কিঃগ্ৰাঃ পচনসাৰ দিলে খেতি অধিক লাভযুক্ত হয়। নাইট্র’জেন আৰু ফছফৰাছৰ ব্যৱহাৰে নাৰ্জী ফুলৰ বৃদ্ধি, বিকাশ আৰু উৎপাদনত সুপ্ৰভাৱ বিস্তাৰ কৰে। পুলি ৰোৱাৰ ৪০ দিনৰ পাছত গছৰ কুমলীয়া আগবোৰ ছিঙি দি গছবোৰ জোপোহা কৰিলে উৎপাদন বৃদ্ধি হয়।

নাৰ্জী ফুল সম্পূৰ্ণকৈ ফুলাৰ পাছত ছিঙা হয় আৰু ফুল ছিঙাৰ আগত মাটিত সম্পূৰ্ণকৈ জীপ থকাকে পানী দিব লাগে যাতে ছিঙা ফুলবোৰ অধিক সময়লৈ সতেজ হৈ থাকে।

বিজ্ঞানসন্মতভাৱে কৰা খেতিৰ পৰা প্রতি বিঘাত ১-১.৬ টন ফ্রেন্স নাৰ্জী তথা ১.৬-২.৭ টন ফ্ৰেন্স নাৰ্জী তথা ১.৬-২.৭ টন আফ্রিকান নাৰ্জীৰ উৎপাদন কৰিব পাৰি।

লেখকদ্বয়: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, অসম বাণী,শেৱালি শইকীয়া, সুদেষ্ণা বৰুৱা, দৈনিক জনমভূমি।

2.97368421053
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top