অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এপ্ৰিল মাহৰ কীট-পতংগ প্ৰতিৰোধৰ ব্যৱস্থাপনা

এপ্ৰিল মাহৰ কীট-পতংগ প্ৰতিৰোধৰ ব্যৱস্থাপনা

 

এই মাহৰ কৃষি বিষয়ক পৰামৰ্শৰ বাবে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ড° দিলীপ কুমাৰ শইকীয়া, ড° বিজন চন্দ্ৰ দত্ত, ড° পুলিন পাটগিৰি, ড° ৰাতুল কুমাৰ বৰা, ড° ছাহিদুৰ ৰহমান আৰু ড° পূৰ্ণিমা দাসৰ কাষ চাপিছিলোঁ। তেওঁলোকে আগবঢ়োৱা দিহা-পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল-

*বাৰিষা অহাৰ লগে লগে ঘৰ বা ভঁৰালত এন্দুৰ-নিগনি সোমাব নোৱাৰাৰ ব্যৱস্থা কৰিব লাগে। ভঁৰাল ঘৰৰ চৌপাশ আৰু মজিয়াখন পৰিষ্কাৰ কৰি ৰাখিব লাগে। অপ্ৰয়োজনীয় বস্তু ঘৰৰ চাৰিওফালে আৰু ভঁৰালৰ মজিয়াত ৰাখিব নালাগে। গছ-গছনিৰ বাঢ়ি অহা ডাল ঘৰ বা ভঁৰালত লাগিবলৈ দিব নালাগে। ডুলি বা ধানৰ বস্তা খোৱা চাং বা পাভটিত আৰু ভঁৰাল ঘৰৰ খুঁটাত এলুমিনিয়াম চিটেৰে(৩০ ছেন্টিমিটাৰ বহল) তৈয়াৰী ‘ৰেটগাৰ্ড’ৰ ব্যৱস্থা কৰিব লাগে।

*জানুৱাৰী মাহত পোষক গছত লা-কৰ্ষণ কৰাৰ পিছত এপ্ৰিল মাহত দেখা দিব পৰা লাগ-পোকৰ আক্ৰমণকাৰী পতংগ ইউব্লেমাৰপৰা পৰিমাণ পাবলৈ এক চাহচামুচ ফিপ্ৰনিল ৫ শতাংশ এছ চি কীটনাশক ৩.২৫ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে। এপ্ৰিল মাহত লাৰ ভালদৰে শুকুৱাব লাগে। তদুপৰি এই সময়ছোৱাত লাৰ বিভিন্ন পোষকৰ পুলিবাৰী সুন্দৰকৈ পাতিবৰ আৰম্ভ কৰিব লাগে।

*পথাৰৰ শস্য চপোৱাৰ পিছত শস্য ৰাখিবৰ বাবে উত্তম ভঁৰালৰ ব্যৱস্থাটো সকলোতকৈ মনোযোগ দিবলগীয়া বিষয়। পোক-পতংগ, এন্দুৰ আৰু ভেঁকুৰে ভঁৰালৰ এক বুজন পৰিমাণৰ শস্য ধ্বংস কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ বতৰৰ অধিক আৰ্দ্ৰতাই ভঁৰালৰ অধিকাংশ পোক-পতংগ আৰু ভেঁকুৰৰ অৰিহণা যোগায়। ভঁৰালত ব্ৰুকিড(ফুটি) পোকে মগুমাহ প্ৰমুখ্যে মাহজাতীয় শস্যৰ সকলোতকৈ অধিক ক্ষতিসাধন কৰে। ব্ৰুকিড পোকৰ প্ৰাৰম্ভিক আক্ৰমণৰ সূচনা পথাৰতে হয়। পথাৰত ইহঁতে মাহজাতীয় শস্যৰ পূৰঠ ছেঁইত কণী পাৰে। কণী ফুটি ওলোৱা পলুৱে গুটিৰ ভিতৰত প্ৰৱেশ কৰি গুটিৰ ভিতৰৰ অংশখিনি খাই নোহোৱা কৰি পেলায়। চপোৱা শস্যৰ ব্ৰুকিডৰ কণী, পলু, লেটা বা পূৰ্ণাগ পোক ভঁৰাললৈ আহি ইহঁতৰ জীৱনচক্ৰ সম্পূৰ্ন কৰি ভঁৰালৰ শস্যৰ অনিষ্ট সাধন কৰে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ জলবায়ুত থকা অধিক জলীয় বাষ্পৰ কাৰণে শস্যৰ আৰ্দ্ৰতা সদায়ে দহ শতাংশতকৈ বেছি থাকে। ইয়াৰ কাৰণে ভঁৰালত ব্ৰুকিড প্ৰমুখ্যে পোক-পতংগ আদিৰ বংশবৃদ্ধি দ্ৰুতগতিত হয়। ফলস্বৰূপে শস্যৰ পৰিমাণগত আৰু গুণগত মান হ্ৰাস হয়। মাহজাতীয় শস্য থোৱা পৰম্পৰাগত আধাৰসমূহত, ৰ’দত ভালদৰে শুকাই থোৱা শস্যও সহজে পৰিৱেশৰপৰা আহৰিত জাতীয় ভাপৰ কাৰণে এনেধৰণৰ আধাৰাত ৰখা শস্যৰ আৰ্দ্ৰতা কিছুদিনৰ পিছত ১২-১৪ শতাংশ হৈ পৰে।

পোক-পতংগই এনেধৰণৰ আৰ্দ্ৰতাযুক্ত শস্য সহজে আক্ৰমন কৰে ভঁৰালৰ পোক-পতংগৰ আক্ৰমণ হ্ৰাস কৰিবলৈ বজাৰত উপলব্ধ কীটনাশকৰ প্ৰয়োগে উপভোক্তাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি সাধিব পাৰে। এই কাৰণে মাহজাতীয় শস্য সংৰক্ষণ কৰিলে স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি নকৰা দ্ৰব্যৰ প্ৰয়োগহে বাঞ্ছনীয়। মাহজাতীয় শস্য সংৰক্ষণ কৰিবলৈ হ’লে শস্যখিনি ভালদৰে ৰ’দাই লৈ মৰাপাট বা তেনেধৰণৰ বস্তাৰ ভিতৰভাগত পলিথিনৰ আস্তৰণ দি ৰ’দাই লোৱা শস্যখিনিৰ প্ৰতি কিলোগ্ৰামত তিনি গ্ৰাম পৰিমাণত জালুকৰ গুৰি ভালদৰে মিহলাই বস্তাৰ ভৰাই ৰাখিলে ব্ৰুকিডৰ আক্ৰমণৰপৰা বহুখিনি সকাহ পোৱা যায়।

*বৰষুণ অহাৰ পিছত চাহগছত নতুন কলি ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ লগে লগে চাহগছত ৰঙা চাহি, হেল’পেল্টিচ, মোৱাপোক, চগা, ওকনি আদিৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হয়। ৰঙা চাহী পোকৰ আক্ৰমনৰপৰা প্ৰতিকাৰৰূপে প্ৰপাৰজাইট ৫৭ ই ছি দৰবৰ এক চাহচামুচ প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই আবেলিৰ সময়ত ছটিয়াব লাগে।

আন কেইবিধ পোকৰ বাবে ইমিডাক্ল’ৰপ্ৰিড ১৭.৮ এছ এল দৰবৰ এক চাহচামুচ ১০ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে। যদি একেডৰা মাটিত সকলোধৰণৰ পোকৰ মিশ্ৰ আক্ৰমণ পৰিলক্ষিত হয়, তেন্তে প্ৰফেন’ফচ ৫০ ই ছি নামৰ ৰাসায়নিক কীটনাশক এক চাহচামুচ প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই গছৰ পাতত ছটিয়াব লাগে।

*বৰ্তমান মৌ-মাখিৰ ঋতুস্ৰাৱৰ সময়, সেইবাবে এই সময়ত মৌ-মাখিৰ বংশবৃদ্ধিৰ প্ৰৱণতা দেখা দিয়ে আৰু সবল মৌ-বাহে জাক উৰুৱায়। এই জাক উৰুওৱা ৰোধ কৰিবলৈ সবল মৌ-বাহৰ বিভাজন কৰিব লাগে নাইবা ৰাণীমৌ কোষসমূহ মৌজাল আহৰণ কৰিবলৈ ভাঙি দিব লাগে। আম-লিছু-নেমু আদি ফল-মূল জাতীয় শস্যৰ ফুল ফুলাৰ সময়ত প্ৰতি হেক্টৰ ফলৰ বাগিচাত পাঁচ বাহ থলুৱা সঁচৰ অথবা দুই বাহ পশ্চিমীয়া সঁচৰ মৌ-বাহ স্থাপন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়।

লেখক: ড° আটাউৰ ৰহমান, ৰুদ্ৰ নাৰায়ণ বৰকাকতি

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate