মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / কৃষিত জৈৱ-নিয়ন্ত্ৰক পতংগ ট্ৰাইক’গ্ৰামাৰ সুপ্ৰয়োগঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষিত জৈৱ-নিয়ন্ত্ৰক পতংগ ট্ৰাইক’গ্ৰামাৰ সুপ্ৰয়োগঃ

যিকোনো পৰিবেশতন্ত্ৰত উদ্ভিদৰ ক্ষতিকাৰী পোক-পতংগৰ লগতে ইহঁতক খাদ্যৰূপত বা অন্য প্ৰকাৰে

বিৱৰণ

যিকোনো পৰিবেশতন্ত্ৰত উদ্ভিদৰ ক্ষতিকাৰী পোক-পতংগৰ লগতে ইহঁতক খাদ্যৰূপত বা অন্য প্ৰকাৰে ধ্বংস কৰিব পৰা জৈৱিক নিয়ন্ত্ৰকো উপলব্ধ৷ জৈৱ নিয়ন্ত্ৰক সমূহ পৰভোজী বা পৰজীৱী হ’ব পাৰে৷ ট্ৰাইক’গ্ৰামা হ’ল একধৰণৰ পৰজীৱী পতংগ, যি অকল পখিলাজাতীয় মজাখোৱা পতংগৰ কণী ভক্ষণ কৰি বৃদ্ধি হয়৷ ইহঁতে, উদ্ভিদৰ কোনো ক্ষতি নকৰে৷ পৰিবেশৰ দৃষ্টিকোণেৰে পতংগ নিয়ন্ত্ৰণত ট্ৰাইক’গ্ৰামা নিৰাপদ ৷ সৰ্বোপৰি, ট্ৰাইক’গ্ৰামাৰ বিৰুদ্ধে মজাখোৱাই প্ৰতিৰোধ ক্ষমতা গঢ়িব নোৱাৰে৷ বৰ্তমান, সমন্বিত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ অন্তৰ্গত, জৈৱ নিয়ন্ত্ৰক ট্ৰাইক’গ্ৰামাৰ প্ৰয়োগ নিতান্তই প্ৰয়োজনীয়৷

মজাখোৱা পোক

যি সমূহ পখিলাজাতীয় পোকে শস্য নষ্ট কৰে, সেইবোৰৰ ভিতৰত মজাখোৱা পোক অন্যতম৷ কৃষক সকলৰ মাজতো মজাখোৱা পোকৰ উপদ্ৰৱ সৰ্বজনবিদিত৷ বিভিন্ন প্ৰজাতিৰ মজাখোৱা পোকে ধান, গোমধান, কুঁহিয়াৰ, বেঙেনা আদি শস্যক বৃদ্ধিৰ বিভিন্ন স্তৰত আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ মজাখোৱা পোকৰ আক্ৰমণৰ ফলত পূৰঠ গছৰ উৎপাদন ক্ষমতা হ্ৰাস পোৱাৰ বিপৰীতে কুমলীয়া শস্য সমূলঞ্চে মৰি যায়৷

উদ্ভিদৰ বিভিন্ন অংশ ছিদ্ৰ সৃষ্টিৰে খাদ্য গ্ৰহণ কৰা মজাখোৱা পোকক, বাহিৰৰ পৰা প্ৰয়োগ কৰা কৃত্ৰিম কীটনাশকে ধ্বংস কৰিব নোৱাৰে৷ সেয়েহে ইহঁতক নিয়ন্ত্ৰণ কৰিবৰ বাবে ডিম্ব পৰজীৱী “ট্ৰাইক’গ্ৰামা” পতংগক ব্যৱহাৰ কৰা হয়৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগ বিদ্যা বিভাগৰ জৈৱিক নিয়ন্ত্ৰণ পৰীক্ষাগাৰত “ট্ৰাইক’গ্ৰামা” যুক্ত ট্ৰাইক’কাৰ্ড উপলব্ধ৷ একোখন ট্ৰাইক’কাৰ্ডত প্ৰায় ২০,০০০ টা ট্ৰাইক’গ্ৰামাৰ লেটা থাকে, যাক পথাৰত মুকলি কৰাৰ পাচতেই পূৰ্ণাংগ উৎপন্ন হয়৷

ডিম্ব পৰজীৱী ট্ৰাইক’গ্ৰামাৰ সৈতে মজাখোৱা পোক

ডিম্ব পৰজীৱী ট্ৰাইক’গ্ৰামাৰ গৰ্ভৱতী মাইকীজনীয়ে মজাখোৱা পোকৰ ডিম্বৰ উৎসৰ সন্ধান কৰি, তাৰ প্ৰতিটো ডিম্বৰ ভিতৰত নিজস্ব ডিম্ব প্ৰসৱ কৰে৷ মজাখোৱা পোকৰ ডিম্বৰ অভ্যন্তৰ ভাগ খাদ্যৰূপত গ্ৰহণ কৰি বৃদ্ধি হোৱা ট্ৰাইক’গ্ৰামাই জৈৱ নিয়ন্ত্ৰণৰ লেখত ল’বলগীয়া কাৰকৰ ভূমিকা লয়৷ ট্ৰাইক’গ্ৰামাৰ ডিম্বসমূহ ১ দিনৰ ভিতৰতে ফুটি পলুলৈ পৰিৱৰ্তিত হয় আৰু ২-৩ দিনৰ ভিতৰত পলুৰ পৰা লেটা অৱস্থালৈ আহে৷ লেটাৰ পৰা পূৰ্ণাংগ ট্ৰাইক’গ্ৰামা সৃষ্টি হওতে ৩ -৪ দিনমান সময়ৰ প্ৰয়োজন হয়৷ গড় হিচাপে এজনী মাইকী ট্ৰাইক’গ্ৰামাই মজাখোৱাৰ ১০০ মান কণীৰ ভিতৰত এবাৰতে কণী পাৰিব পাৰে৷ ফলত পিচত মজাখোৱাৰ কণীৰ পৰা মজাখোৱাৰ পলুৰ পৰিৱৰ্তে ট্ৰাইক’গ্ৰামাহে উৎপন্ন হয়৷

কিছু জানিবলগীয়া কথা

ধান ৰোৱাৰ প্ৰায় এমাহ মানৰ পাচৰে পৰা ধানৰ পাতৰ তল পিঠিত মজাখোৱা পোকে কণী পাৰিবলৈ আৰম্ভ কৰে৷ সেয়েহে ধানৰোৱাৰ এমাহ মানৰ পাচত ধাননি পথাৰত পৰজীৱী পতংগ ট্ৰাইক’গ্ৰামাৰ লেটাযুক্ত ট্ৰাইক’কাৰ্ড ব্যৱহাৰ কৰিব লাগে৷ প্ৰতি হেক্টৰ ধাননি পথাৰত প্ৰত্যেক বাৰত ৫০,০০০ ট্ৰাইক’গ্ৰামা মুকলি কৰিব লাগে৷ প্রথম প্ৰয়োগৰ ৭ দিনৰ পিছত প্ৰতি সপ্তাহৰ অন্তৰালত ৬-৭ বাৰলৈ ধাননিত প্ৰয়োগ কৰা উচিত৷ সেই হিচাপত প্ৰতি হেক্টৰ ধাননিত মুঠ তিনি লাখ ট্ৰাইক’গ্ৰামা অৰ্থাৎ ১৫ খন ট্ৰাইক’কাৰ্ডৰ প্ৰয়োজন হয়৷ ধাননি পথাৰত ট্ৰাইক’কাৰ্ড সমূহ প্ৰয়োগ কৰিবলৈ নিওঁতে পলিথিন বেগ বা কাঁচৰ বটলৰ ভিতৰত মুখ বন্ধ কৰি নিয়া দৰকাৰ৷ তাৰ পিছত প্ৰতিখন ট্ৰাইক’কাৰ্ড কেঁচিৰে ৬-১২ টুকুৰাকৈ কাটি ট্ৰাইক’গ্ৰামা নথকা ফালটো ধানৰ পাতৰ তলপিঠিত আঠা লগাই দিব লাগে৷ যিকোনো ধৰণৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ সমীপলৈ আহিলেই ট্ৰাইক’গ্ৰামাৰ মৃত্যু হয়৷ সেয়েহে ট্ৰাইক’গ্ৰামা মুকলি কৰাৰ অন্ততঃ দুসপ্তাহ পাছলৈকে ধাননি পথাৰত কোনো ধৰণৰ  ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা অনুচিত৷ বৰষুণ আৰু অধিক উষ্ণতাত যাতে ট্ৰাইক’গ্ৰামা নষ্ট নহয়, তাৰ বাবে সতৰ্ক হ’ব লাগে৷

লেখকদ্বয়: ৰুদ্ৰ নাৰায়ণ বৰকাকতি, ড° দিলীপ কুমাৰ শইকীয়া,

পতংগ বিদ্যা বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়

3.25714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top