অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

Rice Stem Borer(মজাখোৱা পোক) Scirpophaga incertulas(Pyralidae: Lepidoptera)

Rice Stem Borer(মজাখোৱা পোক) Scirpophaga incertulas(Pyralidae: Lepidoptera)

*মজাখোৱা পোকে ধানৰ কঠীয়াতলী, ৰোৱাৰ পিছত মূল পথাৰত গেৰ ধৰা অৱস্থাত আৰু ঠোকৰ গাখীৰতী অৱস্থাত আক্ৰমণ কৰিব পাৰে।

*মজাখোৱা পোকে ধানৰ পাতত কণী পাৰিলে তাৰ পৰা ওলোৱা পলুৱে বৌখাৰ ভিতৰত সোমাই প্ৰথমে সেউজীয়া অংশ খাই আৰু পিছলৈ ঠোকৰ ভিতৰত সোমাই ধানৰ মজ্জা অংশ খায়। ফলত ধানৰ ঠোকটো গোটা হৈ লাহে লাহে ৰঙা পৰি যায়। ঠোকটো টানি দিলে সহজেই ওলাই আহে।

*গেৰ ধৰা সময়ত ঠোৰৰ ভিতৰত সোমাই অনিষ্ট কৰিলে ধানৰ ঠোকটো ওলালেও পতান হয় আৰু বগা পৰি শুকাই যায়।

ৰোৱাৰ আগতে কঠীয়া শোধন -

মজাখোৱা পোক, পিঁয়াজী পোক আৰু সোহনী পোকৰ পৰা ৰক্ষা পাবৰ বাবে আগতীয়াকৈ কঠীয়া শোধন কৰিব পাৰি। ইয়াৰ বাবে প্ৰতি ১০ লিটাৰ পানীত ক্লৰ’পাইৰিফচ ২ মিলিলিটাৰ আৰু ইউৰীয়া ১০০ গ্ৰাম মিহলাই এটি মিশ্ৰণ প্ৰস্তুত কৰিব লাগে আৰু উক্ত মিশ্ৰণত ৩ ঘন্টাৰ বাবে কঠীয়াৰ শিপাখিনি ডুবাই লৈহে ৰোপন কৰিব লাগে। উক্ত পদ্ধতিৰ সলনি ফুৰাডন(প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰাম) কঠীয়াতলীত তোলাৰ ৭ দিনৰ আগতে প্ৰয়োগ কৰিব পাৰি বা ক্লৰ’পাইৰিফচ(প্ৰতি ১০ লিটাৰ পানীত ৫ মিলিলিটাৰ) কঠীয়াতলীত স্প্ৰে কৰিব পাৰি।

মজাখোৱা পোকৰ জৈৱিক নিয়ন্ত্ৰণ -

ট্ৰাইক’গ্ৰামা পোকৰ প্ৰায় ৭০০০ কণী প্ৰতি বিঘা ধাননি পথাৰত মেলি দিলে মজাখোৱা পোকৰ নিয়ন্ত্ৰণ হয়। ইয়াৰ বাবে প্ৰতিখঅন ট্ৰাইক’কাৰ্ড ৬-১২ টুকুৰা কৰি পথাৰডৰাৰ বিভিন্ন ধানৰ পাতত আঠা লগাই আঁৰি দিব লাগে।

*হালবোৱাৰ সময়ত নিমৰ খলিহৈ(প্ৰতি বিঘাত ১২-১৫ কিলোগ্ৰাম) প্ৰয়োগ কৰিলেও মজাখোৱা পোকৰ কিছু পৰিমাণে নিয়ন্ত্ৰণ হয়।

*ফেৰম’ণ ট্ৰেপৰ জৰিয়তেও মজাপোকৰ নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰতিবিঘা মাটিত ২ খন ট্ৰেপ ব্যৱহাৰ কৰিব লাগে।

উৎস: সেউজ চিন্তা

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate