অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফলমূল আৰু শাক-পাচলিৰ সংৰক্ষণ :

ফলমূল আৰু শাক-পাচলিৰ সংৰক্ষণৰ বিষয়ে লিখা হৈছে ।

 

ফলমূল আৰু শাক-পচলিৰ উৎপাদনত ভাৰতবৰ্ষই পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে। কিন্তু দুখৰ বিষয় ফলমূল আৰু শাক-পাচলিবোৰৰ মুঠ উৎপাদনৰ ২৫-৩০% শস্য চপোৱৰ পাছত উপযুক্ত সঞ্চয়ন ব্যৱস্থাৰ অভাৱত অপচয় হয়। শস্য সংৰক্ষণ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে অনায়াসে এই সামগ্ৰীসমূহৰ অপচয় ৰোধ কৰিব পৰা যায়। এই সামগ্ৰীবোৰৰ সংৰক্ষণৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ে এই লেখাটিত সংক্ষেপে আলোচনা কৰিবলৈ লোৱা হৈছে।

সংৰক্ষণৰ প্ৰয়োজনীয়তা -

ফলমূল আৰু শাক-পাচলিবোৰৰ সংৰক্ষণৰ মুখ্য উদ্দেশ্য হৈছে- এই সামগ্ৰীবোৰৰ প্ৰাপ্তিকাল বৃদ্ধি কৰা। ফলমূল আৰু শাক-পাচলিসমূহ গছৰ পৰা ছিঙাৰ পাছতো জীৱিত অৱস্থাত থাকে; যিহেতু, এই সামগ্ৰীসমূহত বিভিন্ন জৈৱিক প্ৰক্ৰিয়া, যেনে- শ্বাস-প্ৰশ্বাস, প্ৰচ্ছেদন আদি অব্যাহত থাকে। যিমানদিনলৈ এনেধৰণৰ প্ৰক্ৰিয়াবোৰ উদ্ভিদ দেহত চলি থাকিব সিমানদিনলৈ এই শস্যসমূহ সতেজ অৱস্থাত থাকিব। শস্য চপোৱাৰ পাছত এই জৈৱিক প্ৰক্ৰিয়াবোৰৰ কৰ্মক্ষমতা পাৰিপাৰ্শ্বিক উষ্ণতা আৰুঅ আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে।

কম তাপমাত্ৰা আৰু আৰ্দ্ৰযুক্ত পৰিৱেশত শস্যবোৰ বেছি দিনলৈ সতেজ অৱস্থাত থাকে। আনহাতে উষ্ণতা বৃদ্ধিৰ লগে লগে শস্য সংৰক্ষণৰ হ্ৰাস ঘটে। সাধাৰণতে প্ৰতি ১০° চেন্টিগ্ৰেড পাৰিপাৰ্শ্বিক উষ্ণতা বৃদ্ধিৰ লগে লগে শস্য সংৰক্ষণৰকাল দুগুণ কমি যায়। সেয়েহে, কম উষ্ণতাসম্পন্ন শীতল ভাণ্ডাৰ, ৰেফ্ৰিজাৰেটৰ বা অন্যান্য ব্যৱস্থাৰ সহায়ত এই সামগ্ৰীসমূহ বহুদিনলৈ সতেজ কৰি ৰাখিব পাৰি। কম উষ্ণতাত বেমাৰৰ বীজাণুবোৰৰ বংশবৃদ্ধি কম হয় আৰু ফলমূল আৰু শাক-পাচলিবোৰ সোনকালে শুকাই যোৱাৰ পৰা ৰক্ষা পৰে।

শস্য চপোৱাৰ পাছত পোনে পোনেই শস্যসমূহ সংৰক্ষণৰ বাবে পঠোৱাৰ পৰিৱৰ্তে কেইটামান প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত।

প্ৰাক সংৰক্ষণৰ ব্যৱস্থাসমূহ হৈছে -

১)প্ৰাক-শীতলীকৰণ ব্যৱস্থা:

শস্য চপোৱাৰ সময়ত ফলমূল আৰু শাক-পাচলিৰ দেহত থকা উত্তাপ কমাবৰ বাবে পথাৰতে প্ৰায় ১০° চেন্টিগ্ৰেড উষ্ণতাৰ পানীত নিৰ্দিষ্ট সময়ৰ বাবে ঠাণ্ডা কৰাৰ ব্যৱস্থা কৰিব লাগে। এনে কৰিলে শস্য চপোৱাৰ পাছত উদ্ভিদ দেহত চলি থকা বিভিন্ন জৈৱিক প্ৰক্ৰিয়াসমূহৰ গতি মন্থৰ হৈ পৰে, যাৰ ফলত এই সামগ্ৰীসমূহৰ সংৰক্ষণৰ কাল বৃদ্ধি হয়।

২)চাফাই কৰা:

শস্য চপোৱাৰ পাছত ফলমূল আৰু শাক-পাচলিৰ দেহৰ উপৰিভাগত ধূলি-মাকতি, বেমাৰ-আজাৰৰ বীজাণু, কীটনাশক ঔষধৰ অৱশিষ্ট লাগি থাকে। এইবিলাক পানীৰে ধুই আঁতৰাই ল’লে পৰৱৰ্তী সংৰক্ষণৰকালত এইবোৰে সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে।

৩)নিৰ্বাচন:

কটা-ছিঙা, গেলা, অধিক পৰিপক্ব বা পকা আৰু আঘাতপ্ৰাপ্ত ফলমূল আৰু শাক-পাচলিবোৰ বাছি উলিয়াব লাগে, যাতে এইবোৰে আন সামগ্ৰীসমূহৰ সংৰক্ষণৰ বিৰূপ ক্ৰিয়া নকৰে।

৪)বিভাজন:

ভৰ, ঘনত্ব আৰু আকাৰ অনুযায়ী ফলমূল বা শাক-পাচলিবোৰ বিভিন্ন জোখত বিভক্ত কৰিব লাগে, যাতে ই পৰৱৰ্তী ক্ৰয়-বিক্ৰয় কাৰ্যত সহায় কৰে।

৫)পেকিং:

সঞ্চয়ন কক্ষত থোৱাৰ আগতে কিছুমান ফলমূল আৰু শাক-পাচলি পলিথিন বেগ বা আন ফাইব্ৰা ব’ৰ্ড বাকচত ভৰোৱাৰ ব্যৱস্থা কৰা হয়। এনে কৰিলে শস্যসমূহৰ সংৰক্ষণৰ কাল বৃদ্ধি হয়।

আলু আৰু পিঁয়াজৰ বাবে বিশেষ ব্যৱস্থা -

ক)আলুৰ বাবে শুকনি আৰু সংসাধন প্ৰক্ৰিয়া:

শস্য চপোৱাৰ সময়ত আলুৰ বাকলি এৰাই যাব পাৰে বা আলুৰ গাত সামান্য আঘাত লাগিব পাৰে যাৰ বাবে আলুবোৰ সংৰক্ষণৰ গৃহত গেলি যায়। আলুত পানী থাকিলেও আলু গেলি যাব পাৰে। এনেবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আলুবোৰ ১০ ফুটমান বহল আৰু ৪ ফুট ওখকৈ দ’ম কৰি তাৰ ওপৰত ডাঠকৈ খেৰ দি ১০-১৫ দিনৰ বাবে ঢাকি দিব লাগে। এনে কৰিলে আলুখিনি সূৰ্যৰ প্ৰত্যক্ষ পোহৰৰ পৰা বচাৰ লগতে দ’মটোৰ ভিতৰত সমান উষ্ণতা বজাই ৰাখিব পাৰি।

ছাঁ পৰা ঠাইতো এনেদৰে দ’ম কৰি আলুৰ সংসাধন ব্যৱস্থা কৰিব পাৰি। অৱশ্যে এইক্ষেত্ৰত খেৰেৰে আলুখিনি ঢাকি দিব নালাগে। ইয়াৰ পাছত বেমাৰী আলুবোৰ বাছি উলিয়াব লাগে। ৭৫ গ্ৰামতকৈ অধিক ওজনৰ আলুবোৰ বজাৰত বিক্ৰী কৰিবৰ বাবে আৰু ২৫-৭৫ গ্ৰামৰ ওজনৰ আলুবোৰ গুটিৰ বাবে ৰাখিব লাগে। সংৰক্ষণৰ সময়ত আলুত গজালি মেলা প্ৰতিৰোধ কৰিবলৈ চি আই পি চি নামৰ হৰম’নবিধ ০.৫ শতাংশ হাৰত আলুবোৰৰ ওপৰত স্প্ৰে’ কৰা উচিত।

খ)পিঁয়াজৰ বাবে শুকনি আৰু সংসাধন ব্যৱস্থা:

পথাৰৰ পৰা চপোৱাৰ পাছত পিঁয়াজবোৰ শুকুৱাব লাগে, যাতে সঞ্চয়নৰ কালছোৱাত এইবোৰ গেলি নাযায়। চপোৱাৰ পাছত পিঁয়াজবোৰ পাতেৰে সৈতে শাৰী শাৰীকৈ পথাৰত এনেদৰে ৰাখিন লাগে যাতে পিছৰ শাৰীৰ পাতবোৰে নুশুকুৱালৈকে অৰ্থাৎ ২-৩ দিন মানলৈকে পথাৰ্ত ৰাখিব লাগে। বেছি গৰম অঞ্চলত পিঁয়াজবোৰ ছাঁ পৰা ঠাইতহে শুকুৱাৰ ব্যৱস্থা কৰা উচিত। পিঁয়াজৰ ডিঙি অংশ টান হৈ ওপৰৰ সৰু সৰু পাতবোৰ যেতিয়া শুকাই যাব আৰু পিঁয়াজটোৰ আৰম্ভণি ওজনৰ ৩-৫ শতাংশ হ্ৰাস ঘটিব, তেতিয়াই পিঁয়াজৰ সংসাধন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে বুলি গণ্য কৰা হয়।

সংসাধনৰ পাছত শুকান পাতবোৰ গুচাই ১ চে.মি. মান ডিঙি অংশ ৰাখি তাৰ ওপৰত কাটি দিব লাগে। এতিয়া পিঁয়াজবোৰ উপযুক্ত প্ৰিৱেশত সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত।

সংৰক্ষণৰ ব্যৱস্থাসমূহ -

শীতলভাণ্ডাৰ(Cold strorage):

এই ভাণ্ডাৰত তাপ আৰু আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰা হয়। প্ৰশীতন যন্ত্ৰৰ সহায়ত তাপ নিৰ্গত কৰি এই ভাণ্ডাৰত উষ্ণতা নিম্নগামী কৰা হয়। প্ৰশীতক গেছ, যেনে- এম’নিয়া, ফিৰণ আদিৰ সম্প্ৰসাৰণ ঘটাৰ লগে লগে ই ভিতৰৰ তাপ উলিয়াই দিয়ে। সম্প্ৰ্সাৰিত গেছৰ পুনৰ সংকোচন ঘটে আৰু এই সংকুচিত গেছৰ পৰা পানীৰ সৰবৰাহৰ যোগেদি তাপ নিৰ্গত হয়। গেছখিনি জুলীয়া অৱস্থালৈ ৰূপান্তৰিত হয় আৰু এই চক্ৰটোৰ পুনৰাবৃত্তি হৈ থাকে। উষ্ণতাৰ দৰেই শীতল ভাণ্ডাৰত আৰ্দ্ৰতা নিয়ন্ত্ৰণৰ দিশটোৱেও শস্যৰ সংৰক্ষণৰ গুণাগুণৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। ফলমূল আৰু শাক-পাচলিসমূহ শীতল ভাণ্ডাৰত এক নিৰ্দিষ্ট উষ্ণতা আৰু আৰ্দ্ৰতা ৮৫-৯০ শতাংশ হ’ব লাগে।

এনে পৰিৱেশত আমবোৰ ১ মাহলৈকে সঞ্চয় কৰিব পাৰি। পিঁয়াজৰ ক্ষেত্ৰত শীতল ভাণ্ডাৰৰ উষ্ণতা ০° চেন্টিগ্ৰেড আৰু আৰ্দ্ৰতা ৬৫-৭০ শতাংশ হ’লে পিঁয়াজবোৰ ৫-৬ মাহৰ বাবে সঞ্চয় কৰি ৰাখিব পাৰি।

এই শীতলীকৰণ ভাণ্ডাৰসমূহ অত্যন্ত ব্যয়বহুল। চৰকাৰৰ তৰফৰ পৰা খেতিয়কসকলক এনেধৰণৰ ভাণ্ডাৰ নিৰ্মাণৰ বাবে ঋণ দিয়াৰ ব্যৱস্থা আছে। যিসকল কৃষকে ব্যৱসায়িক ভিত্তিত ফলমূল আৰু শাক-পাচলিৰ খেতি কৰে, তেওঁলোকে শীতল ভাণ্ডাৰ নিৰ্মাণৰ বাবে বিভাগীয় চৰকাৰৰ লগত যোগাযোগ কৰি এইক্ষেত্ৰত আগবাঢ়িব পাৰে। ক্ষুদ্ৰ খেতিয়কসকলৰ ক্ষেত্ৰত এনেধৰণৰ ভাণ্ডাৰ নিৰ্মাণৰ বাবে ব্যয় বহন কৰাটো আৰ্থিকভাৱে সম্ভৱপৰ নহয়, সেয়ে ক্ষুদ্ৰ খেতিয়কসকলে কম খৰচতে কিদৰে এনেধৰণৰ শীতলীকৰণ ভাণ্ডাৰ নিৰ্মাণ কৰি উৎপাদিত সামগ্ৰীসমূহ সঞ্চয় কৰিব পাৰে- সেই বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে।

শূণ্য শক্তিসম্পন্ন শীতলীকৰণ ভাণ্ডাৰ(Zero energy cool chamber) -

প্ৰত্যক্ষভাৱে জলীয় বাষ্পৰ দ্বাৰা সৃষ্ট শীতলীকৰণ কৌশল প্ৰয়োগ কৰি শূন্য শক্তিসম্পন্ন শীতলীকৰণ ভাণ্ডাৰ নিৰ্মাণ কৰা হৈছে। এই কম খৰচৰ শীতলীকৰণ ভাণ্ডাৰৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল- এইধৰণৰ ভাণ্ডাৰ নিৰ্মাণ কৰোঁতে বৈদ্যুতিক শক্তি বা আন কোনো শক্তিৰ প্ৰয়োজন নহয় আৰু এই ঘৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ কম খৰচৰ আৰু অতি সহজলভ্য। যিহেতু এই প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ কোনো কাৰিকৰী দক্ষতাৰ প্ৰয়োজন নহয়, সেয়ে আমাৰ সাধাৰণ কৃষকসকলে সহজতে এনেধৰণৰ শীতলীকৰণ কক্ষ নিৰ্মাণ কৰি হ্ৰস্বকালৰ বাবে ফলমূল আৰু শাক-পাচলিবোৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে।

নিৰ্মাণ কৌশল -

এই ভাণ্ডাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ’ল- ইটা, বালি, বাঁহ, খেৰ, পলিথিন শ্বিট, মৰাপাটৰ বস্তা, কাপোৰ আৰু পানী যোগানৰ ব্যৱস্থা(পানীৰ টেংক, পাইপ আদি)। ১০০ কেজি ফলমূল আৰু শাক-পাচলিৰ সঞ্চয়ন ক্ষমতাৰ এনে এটা ঘৰৰ জোখ হ’ব এনেধৰণৰ- দৈৰ্ঘ্য ১.৬৫ মিঃ, বহল ১.১৫ মিঃ আৰু উচ্চতা ০.৬৭৫ মিঃ। বহলটো একে ৰাখি প্ৰয়োজন অনুসৰি ঘৰটোৰ দৈৰ্ঘ্য বঢ়াব পাৰি। এই ভাণ্ডাৰ নিৰ্মাণৰ বাবে ৪০০ চলা ইটা আৰু ১০ বেগ বালিৰ প্ৰয়োজন আৰু ঘৰটোৰ নিৰ্মাণত খৰচ হয় প্ৰায় ৩৫০০.০০ টকা।

এটি সৰু খেৰী ঘৰৰ তলত এই ভাণ্ডাৰটো নিৰ্মাণ কৰিব লাগে। প্ৰথমতে ঘৰটোৰ মজিয়াখনত অলপ বালি ছটিয়াই ভেটিটো মজবুত কৰি ল’ব লাগে আৰু তাৰ ওপৰত ইটোৰ এটা তৰপ দি মাজৰ ফাঁকবোৰত বালি ভৰাই সমান কৰি লোৱা উচিত। আয়তাকৃতিৰ এনে কক্ষৰ চাৰিওকাষৰ বেৰবোৰ ইটাৰ দুটা তৰপেৰে সাজি তৰপ দুটাৰ মাজত ৩ ইঞ্চি ঠাই খালী ৰাখিব লাগে। মাজৰ খালী ঠাইডোখৰ ভিজা বালিৰে পূৰ কৰি দিয়া দিয়া হয়। মৰাপাতৰ বস্তা কাপোৰ বাঁহাৰে বান্ধি কক্ষটোৰ জোপৰত ঢাকনি হিচাপে ব্যৱহাৰ কৰিব লাগে।

কক্ষটো বনোৱাৰ পাছত ইটা, বালি আৰু ঢাকনিখনত পানী ছটিয়াই সম্পূৰ্ণৰূপে দিব লাগে। সামগ্ৰীসমূহ সঞ্চয়নৰ বাবে থোৱাৰ আগতে কক্ষটোৰ ভিতৰত যাতে এটা সম্পূৰ্ণ আৰ্দ্ৰ পৰিৱেশৰ সৃষ্টি হয়- সেইটো নিশ্চিত কৰিব লাগে। তাৰ পাছত ইটাৰ তৰপ দুটাৰ মাজৰ বালি অংশত পুৱা আৰু গধূলি পানী দিয়াৰ ব্যৱস্থা কৰি কক্ষৰ ভিতৰত প্ৰয়োজনীয় উষ্ণতা আৰু আৰ্দ্ৰতাৰ সৃষ্টি কৰা হয়।

উৎকট গৰমৰ দিনতো এনেধৰণৰ ভাণ্ডাৰৰ ভিতৰত উষ্ণতা পাৰিপাৰ্শ্বিক উষ্ণতাতকৈ ১৭-১৮° চেন্টিগ্ৰেড কম থাকে আৰু বাহিৰৰ আৰ্দ্ৰতা ২০ শতাংশ থকা সময়ত ইয়াৰ ভিতৰত আৰ্দ্ৰতা থাকে ৯৫ শতাংশ। শীতকালতো বাহিৰৰ উষ্ণতাতকৈ ভিতৰৰ উষ্ণতা ৫° চেন্টিগ্ৰেড কম থাকে।

কক্ষৰ ভিতৰত উপযুক্ত সঞ্চয়ন পৰিৱেশ গঢ়ি উঠাৰ পাছত প্লাষ্টিকেৰে তৈয়াৰী বিন্ধাযুক্ত খৰাহী, বাস্কেট আদিত প্ৰণালীবদ্ধভাৱে ফলমূল আৰু শাক-পাচলিসমূহ ৰাখিব লাগে। এইবোৰৰ ওপৰত এখন প্লাষ্টিক দি শেষত ঢাকনিখনেৰে ঢাকি দিব লাগে। ভাণ্ডাৰটোৰ ভিতৰত এটা থাৰ্ম’মিটাৰ আৰু এটা হাইগ্ৰ’মিটাৰ ৰাখিলে ক্ৰমে উষ্ণতা আৰু আৰ্দ্ৰতাৰ বিষয়ে গম পোৱা যায়। এই ভাণ্ডাৰত থ’লে ফলমূলবোৰ সমভাৱে পকে আৰু  বাহিৰৰ পৰিৱেশত ৰখাতকৈ ফলৰ গঠন আটিল হয়। গৱেষণাৰ পৰা দেখা গৈছে গৰমৰ দিনত পকা আম ৮ দিন, ঠাণ্ডাৰ দিনত কমলা ২৭ দিন আৰু বসন্ত কালত বগৰী ১২ দিনলৈ এই শীতল ভাণ্ডাৰত সঞ্চয় কৰি ৰাখিব পাৰি। ইয়াৰ বিপৰীতে এই ফলবিলাক বাহিৰৰ পৰিৱেশত যথাক্ৰমে ৪,৭ আৰু ৫ দিনলৈহে ৰাখিব পাৰি। ক্ষুদ্ৰ খেতিয়কসকলে মধ্যস্থতাকাৰী দালালৰ পৰা হাত সাৰিবলৈ কেইদিনমানৰ বাবে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ এই ভাণ্ডাৰত মজুত কৰি নিজে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিলে তেওঁলোকে আৰ্থিকভাৱে অধিক উপকৃত হ’ব।

অন্যান্য ব্যৱস্থাসমূহ -

চেপনি(clamp) ব্যৱস্থা:

আলু, চালগোম, বীট আদিৰ সঞ্চালনৰ বাবে এই ব্যৱস্থা খুবেই উপযোগী। ইয়াৰ বাবে পথাৰখনৰ এচুকত পানী জমা নোহোৱা এডোখৰ ঠাই নিৰ্বাচন কৰিব লাগে। ঠাইডোখৰৰ বহল ৩-৭.৫ ফুট আৰু দৈৰ্ঘ্য প্ৰয়োজন অনুসৰি হ’ব পাৰে। মাটিৰ উপৰিভাগত ধানখেৰ পাৰি তাৰ ওপৰত পাচলিবোৰ দ’ম কৰা হয়।

দ’মটোৰ উচ্চতা ১-২.৫ ফুটমান হোৱা উচিত। দ’মটো ধানখেৰেৰে ৭ ইঞ্চিমান ডাঠকৈ ঢাকি দিব লাগে আৰু ওপৰলৈ ক্ৰমে জোঙা কৰি টুপীৰ দৰে কৰি দিব লাগে, যাতে বৰষুণৰ পানী তাত জমা হৈ থাকিব নোৱাৰে। ২ সপ্তাহৰ পাছত ‘চেপনি’টো ৭ ইঞ্চিমান ডাঠকৈ মাটিৰে লিপি দিব লাগে।

ৰাত্ৰিকালৰ শীতলীকৰণ ব্যৱস্থা -

যিবিলাক অঞ্চলত দিবাৰাত্ৰিৰ উষ্ণতাৰ পাৰ্থক্য খুব বেছি, সেইবোৰ অঞ্চলত ৰাতিৰ সময়ছোৱাত বতাহ চলাচলৰ উপযুক্ত ব্যৱস্থা কৰিলে এই সামগ্ৰীসমূহৰ সঞ্চয়নকাল বৃদ্ধি কৰিব পাৰি।

ফলমূল আৰু শাক-পাচলিবোৰ পলিথিনৰ বেগত ভৰাই তাৰ ভিতৰত এক ৰূপান্তৰিত পাৰিপাৰ্শ্বিক পৰিৱেশৰ সৃষ্টি কৰিও এইবোৰৰ সঞ্চয়নকাল বৃদ্ধি কৰিব পাৰি। তদুপৰি বিভিন্ন ৰাসায়নিক পদাৰ্থ, যেনে- মমৰ প্ৰলেপ, চাইট্ৰিক এচিড, এছকৰবিক এচিড, ছ’ডিয়াম মেটাবাইছালফেট, ভেঁকুৰনাশক, যেনে- বেভিষ্টিন আদি প্ৰয়োগ কৰিও এই সামগ্ৰীসমূহৰ সঞ্চয়নকাল বৃদ্ধি কৰিব পৰা হয়।

গতিকে দেখা গ’ল যে শস্য চপোৱাৰ পাছৰ পৰা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে সামগ্ৰীভেদে ফলমূল আৰু শাক-পাচলিবোৰ বহুদিনলৈ সতেজ কৰি ৰাখিব পাৰি।

লেখক: ড° মনোৰঞ্জন নেওগ

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

 

 

 

 

 

3.03703703704
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top