মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / আধুনিক কৃষিকথা (শস্য সুৰক্ষা) / উদ্যানশস্যৰ কীট-পতংগ আৰু ইহঁতৰ নিবাৰণৰ ব্যৱস্থাৱলী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উদ্যানশস্যৰ কীট-পতংগ আৰু ইহঁতৰ নিবাৰণৰ ব্যৱস্থাৱলী :

উদ্যানশস্যৰ কীট-পতংগ আৰু ইহঁতৰ নিবাৰণৰ ব্যৱস্থাৱলীৰ বিষয়ে লিখা হৈছে ।

 

অনাদি কালৰে পৰা কীট-পতংগ মানৱ সমাজৰ লগতে ওতপ্ৰোতভাৱে জড়িত হৈ আহিছে। কথিত আছে, পৃথিৱীৰ বুকুলৈ সকলো প্ৰাণীৰ পুৰ্বে পতংগহে আহিছিল। সেইফালৰ পৰা বৰ্তমান পৃথিৱীত পতংগ বাস কৰাৰ বয়স হৈছে ৩৫০ মিলিয়ন (১ মিলিয়ন= ১০ লাখ) বছৰ। আনহাতে পৃথিৱীত মানৱ জাতিৰ বাস কৰাৰ বয়স হৈছে মাথোঁ ২০ লাখ বছৰ। ইয়াৰ উপৰি সংখ্যাৰ ফালৰ পৰা প্ৰাণীজগতত কীট-পতংগৰ স্থান সৰ্বপ্ৰথম। পতংগ মানুহৰ প্ৰধান প্ৰতিদ্বন্দ্বী প্ৰাণী। পতংগৰ প্ৰধান বিশেষত্ব হৈছে ই পৃথিৱীৰ বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত অতি সহজেই খাপ খুৱাই চলিব পৰা এক দুৰ্দান্ত শক্তিৰ অধিকাৰী, যি শক্তি প্ৰাণীজগতৰ আন কাৰোৱেই নাই। সেয়েহে হিমালয়ৰ উচ্চ শিখৰৰ পৰা গভীৰ সমুদ্ৰলৈকে আৰু মেৰু প্ৰদেশৰ পৰা আৰম্ভ কৰি বিষুৱ অঞ্চললৈকে সকলো ঠাইতে পতংগ পোৱা যায়।

সাধাৰণতে পতংগ বুলিলে সন্ধিপদী পৰ্বৰ (Phyllum:Arthropoda) অন্তৰ্গত পতংগ শ্ৰেণীৰ (Class: Insecta) সকলো প্ৰাণীকে বুজায়। অৱশ্যে কীট-পতংগৰ ভিতৰত ‘মকৰা শ্ৰেণীৰ’(Class:Arachnida) প্ৰাণীকো সামৰি লোৱা হয়। পতংগ দেহৰ প্ৰধান বিশেষত্ব হ’ল ইয়াৰ শৰীৰটো মুৰ (head) বক্ষ(thprax) আৰু পেট (abdomen)- এই তিনিভাগত স্পষ্টৰুপত বিভক্ত। পুৰ্ণাৱস্থাপ্ৰাপ্ত (adult) পতংগৰ দেহত দুযোৰ পাখি আৰু তিনিযোৰ ঠেং থাকে। অৱশ্যে উৰহ, ওকণী আদি কিছুমান পতংগৰ পুৰ্ণ অৱস্থাতো পাখি নাথাকে। পতংগৰ বিভিন্ন শ্ৰেণী বিভাগ আছে যদিও , খাদ্যশস্য অনিষ্ট কৰাৰ ক্ষেত্ৰত বিভিন্ন পখিলা জাতীয় পতংগৰে স্থান প্ৰথম। এই পতংগৰ কণী ফুটি ওলোৱা পলুবিলাকে শস্যৰ বিস্তৰ ক্ষতি কৰে। পুৰ্ণাংগ অৱস্থাৰ পখিলাই শস্যৰ অনিষ্ট নকৰে। ইহঁতে ফুলৰ ৰেণুত থকা মৌ আদি খাই জীয়াই থাকে। আনহাতে , কিছুমান পতংগৰ পোৱালি আৰু পুৰ্ণাংগ অৱস্থাৰ দুয়োটাই শস্য অনিষ্ট কৰে। উদাহৰণস্বৰুপে মোৱা পোক, পাত বা গছ চগা, কপাহী পোক ইত্যাদি।

পতংগ মানুহৰ অন্যতম প্ৰধান শত্ৰু। ইহঁতে বিভিন্ন শস্যৰ অনিষ্ট সাধন কৰাৰ উপৰি মানুহ, জীৱ-জন্তু আৰু উদ্ভিদৰ নানাবিধ বেমাৰ বাহক হিচাপে কাম কৰে। মহ, মাখি, ডাঁহ আদি পতংগই মানুহৰ বিভিন্ন ৰোগৰ বাহক হিচাপে কাম কৰা দেখা যায়। আনহাতে, মোৱা পোক (আলুৰ পাত মেৰখোৱা আৰু আলুৰ ম’জাইক ৰোগ), বগা মাখি (ভেণ্ডিৰ পাত হালধীয়া ৰোগ), ধানৰ চগা (ধানৰ টুংৰ’ বেমাৰ) আদি পতংগই শস্যৰ বেমাৰৰ বাহক হিচাপে কাম কৰা দেখা যায়। অৱশ্যে মৌ-মাখি, ৰেচম পলু, লা-পোক আদি পতংগই আমাৰ যথেষ্ট উপকাৰ সাধে। কিছুমান পতংগ আছে যি আমাৰ শস্যৰ বিশেষ অনিষ্ট নকৰে, অথচ উপকাৰো সাধন নকৰে। যিবিলাক পতংগই শস্যৰ আৰ্থিকভাৱে ক্ষতি কৰি উৎপাদন হাস কৰে, তেনেবোৰ পতংগকহে অনিষ্টকাৰী পতংগ বা শত্ৰু (Pest) হিচাপে পৰিগণিত কৰা হয়। উদাহৰণস্বৰুপে বহুত পখিলাৰ পলুৱে গছৰ পাত খায়, কিন্তু সেইবুলি এইবিলাক অনিষ্টকাৰী পতংগৰ শাৰীত নপৰে। আনহাতে নেমুজাতীয় বা কবিজাতীয় গছৰ পাত খোৱা পলুৰ পখিলা অনিষ্টকাৰী পতংগৰ শাৰীত পৰে।

উদ্যানশস্যৰ ভিতৰত বিভিন্নধৰণৰ শাক-পাচলি, ফলমুল আৰু ফুলৰ খেতিক সাঙুৰি লোৱা হয়। আমাৰ দৈনন্দিন জীৱনৰ খাদ্য তালিকাত শাক-পাচলিৰ প্ৰয়োজনীয়তা অপৰিসীম। শাক-পাচলিৰ পৰাই আমি আমাৰ দেহৰ পৰিপুষ্টি আৰু গঠনৰ বাবে প্ৰয়োজনীয় ভিটামিন, প্ৰ’টিন, শ্বেতসাৰ, লৌহ পদাৰ্থ আদি আহৰণ কৰোঁ। বৰ্তমান মহানগৰ আৰু চহৰত শাক-পাচলিৰ ঊৰ্ধ্বমুখী চাহিদাই কৃষকক প্ৰলোভিত কৰিছে। সেয়েহে যিবিলাক ঠাইত যাতায়াত আৰু পৰিবহণৰ সুচল ব্যৱস্থা আছে, তেনে ঠাইত কৃষকে আগতিয়াকৈ শাক-পাচলিৰ খেতি কৰি যথেষ্ট লাভৱান হোৱা দেখা গৈছে। বৰ্তমান বিভিন্ন শাক-পাচলিৰ উচ্চ উৎপাদনক্ষম সঁচৰ উদ্ভাৱনে এইক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে।

শাক-পাচলিৰ খেতিক ঋতু অনুযায়ী প্ৰধানকৈ গ্ৰীষ্ম আৰু শীতকালীন হিচাপে দুটা ভাগত ভাগ কৰিব পাৰি। গ্ৰীষ্মকালীন শাক-পাচলিৰ ভিতৰত প্ৰ্ধানকৈ জিকা, ভেণ্ডি, ডাংবাদি , তিঁয়হ, তিতাকেৰেলা, ভাতকেৰেলা , লাও, ৰঙালাও, কোমোৰা, পটল, ধুন্দুলী ইত্যাদি। আনহাতে শীতকালীন শাক-পাচলিৰ ভিতৰত শাকবোৰ হ’ল-লাই, পালেং, চুকা, লফা, ধনীয়া, মৰিছা, সৰিয়হ আৰু পাচলিৰ ভিতৰত প্ৰ্ধানকৈ বন্ধাকবি, ফুলকবি, ওলকবি, ব্ৰকলী, বেঙেনা, বিলাহী, গাজৰ, মুলা, মটৰমাহ, আলু, পিঁয়াজ, ফ্ৰেন্সবীন আৰু জলকীয়া। গ্ৰীষ্মকালীন শাক-পাচলিৰ তুলনাত শীতকালীন শাক-পাচলিৰ সংখ্যা যিদৰে যথেষ্ট বেছি, ঠিক তেনেদৰে শীতকালীন শাক-পাচলিক অনিষ্ট কৰা কীট-পতংগৰ সংখ্যাও বেছি। দেখা যায়, শাক-পাচলিৰ ক্ষেত্ৰত বহু সময়ত কীট- পতংগৰ জীৱনচক্ৰ গোটেই বছৰ ধৰি কম-বেছি পৰিমাণে চলি থাকে, গতিকে শাক-পাচলিৰ লগত জড়িত হৈ থকা, বিশেষকৈ অসমৰ জলবায়ুৰ ওপৰত বৰ্তি থকা প্ৰধান অনিষ্টকাৰী কীট-পতংগসমুহ্ক ঋতু অনুযায়ী ভাগ নকৰি একাদিক্ৰমে ইবিলাকৰ শস্য অনিষ্ট কৰাৰ প্ৰক্ৰিয়াৰ যৎসামান্য বিৱৰণৰ সৈতে এই প্ৰবন্ধত আলোচনা কৰিবলৈ লোৱা হৈছে। লগতে আলোচনাটিৰ শেষত সকলো অনিষ্টকাৰী কীট-পতংগৰ নিয়ন্ত্ৰণৰ ব্যৱস্থাসমুহো একেলগ কৰি উল্লেখ কৰা হ’ল।

শাক-পাচলিৰ প্ৰধান অনিষ্টকাৰী কীট-পতংগ -

১) পাত ফুটা কৰা গুবৰুৱা পোক (Flea beetle):

এই পোকে লাই, লফা, পালেং, মুলা, গাজৰ, জিকা, সৰিয়হ, লেচেৰা মাহ, ফ্ৰেন্সবীন আৰু লাওজাতীয় শস্যৰ পুলি অৱস্থাত গছৰ কুমলীয়া পাতসমুহ ফুটা কৰি খাই শস্যৰ অনিষ্ট কৰে। বিশেষকৈ লাই, গাজৰ, সৰিয়হৰ ক্ষেত্ৰত এই পোকবিধ বেছিকৈ দেখা যায়। পতংগৰ পৈণত আৰু অপৈণত দুয়োটা অৱস্থাই শস্যৰ ক্ষতি কৰে। পুৰ্ণতাপ্ৰাপ্ত গুবৰুৱাসমুহ দীঘে প্ৰায় ২ মিলিমিটাৰ, গাৰ বৰণ ঈষৎ নীলা বা কজলা বৰণৰ। এই পোকবিধে এজোপা গছৰ পৰা আন এজোপালৈ অতি সহজে উৰি যাব পাৰে। পোকৰ আক্ৰমণ তীব্ৰ হ’লে লাই, পালেং, মুলা, সৰিয়হ আদি শাকসমুহৰ পাতবিলাকত অসংখ্য ফুটা হৈ যোৱাৰ বাবে খোৱাৰ অনুপযোগী হৈ পাৰে। জিকা, ফেন্সবীন আৰু ডাংবদিৰ পুলি অৱস্থাত আক্ৰমণ কৰিলে পুলিবিলাক লেৰেলি শুকাই যায়।

২) ফুটুকী পোক বা এপিলেকনা বিটল (Epilachna beetle):

জিকা, বেঙেনা, তিয়ঁহ আৰু লাওজাতীয় শস্যৰ ই এক উল্লেখযোগ্য শত্ৰু। পোকৰ পুৰ্ণাংগ আৰু পলুৱে একোখিলা  পাতৰ দুয়োপিঠিৰ সেউজীয়া অংশ চেলেকি খাই দিয়াৰ বাবে অনিষ্ট কৰা পাতবিলাক দেখিবলৈ চালনীৰ দৰে হৈ পৰে। অনিষ্ট কৰা পাতবিলাকত মাথোঁ সিৰাবিলাকহে থাকেগৈ। পোকবিধৰ অনিষ্টৰ পৰিমাণ বাঢ়ি গ’লে গছৰ বাঢ়ন ক্ষমতা কমি যায়, গছৰ শ্ৰীবৃদ্ধি নাইকিয়া হয় আৰু লগতে উৎপাদনো কমি যায়। পোকৰ পুৰ্ণাংগবিলাকৰ ৰঙচুৱা বৰণৰ। এই পোকৰ গাত ক’লা বৰণৰ বহুতো দাগ থাকে আৰু সাধাৰণতে পাতৰ তলফালে দেখা যায়। পুৰ্ণাংগ বিটলবিলাক এজোপা গছৰ পৰা আন এজোপালৈ অতি সহজতে উৰি ফুৰে। পলুবিলাকৰ গাটো শুঙেৰে আবৃত, গাৰ বৰণ হালধীয়া।

৩) ভুঁৰ পোক (Cutworm):

পুলি অৱস্থাত থকা শস্যক গুৰিতে কাটি দিয়াটো ভুঁৰ পোকৰ এক বৈশিষ্ট্য। এই পোকে জিকা, আলু, ফ্ৰেন্সবীন, ডাংবদী, বিলাহী, আদি শস্যৰ পুলি অৱস্থাত যথেষ্ট ক্ষতি কৰে। সাধাৰণতে গ্ৰীষ্মতকৈ শীততহে খেতিৰ পথাৰত এই পোকৰ উপদ্ৰৱ সঘনাই চকুত পৰে। সেয়েহে, কবিতলীত কবি পুলি ৰুই থৈ অহাৰ পিছদিনা বা পৰ্যায়ক্ৰমে দিন বাঢ়ি যোৱাৰ লগে লগে ঠন ধৰি উঠা পুলিবিলাক ভুঁৰ পোকে গুৰিতে কাটি দি কবি পুলিৰ বিস্তৰ ক্ষতি কৰে। ঠিক তেনেদৰে বিলাহীৰ ক্ষেত্ৰতো অনিষ্ট কৰা দেখা যায়। আনহাতে, আলুৰ ক্ষেত্ৰত গছবোৰ পুৰঠ হ’লেও গছৰ গুৰি কটাৰ উপৰি আলুগুটিবোৰ এফালৰ পৰা কুটি খায়। ভুঁৰ পোকৰ পলুবিলাকেহে অনিষ্ট কৰে। পুৰ্ণাংগ ভুঁৰ পোকবিলাক পখিলা। দিনৰ ভাগত পলুবিলাক মাটিৰ তলত লুকাই থাকে। ৰাতিৰ ফালেহে মাটিৰ তলৰ পৰা ওলাই আহি শস্য অনিষ্ট কৰে। পলুবিলাক দেখিবলৈ মুগা বা কজলা বৰণৰ। হাতেৰে চুই দিলে ইংৰাজী আখৰ ‘C’ টোৰ দৰে হৈ যায়। কবিৰ ক্ষেত্ৰত ভুঁৰ পোকে বহু সময়ত বন্ধা বা ফুলকবিৰ মাজতে ফুটা কৰি ভিতৰলৈ সোমাই গৈ বন্ধা বা ফুলকবিটো খোৱাৰ অনুপযোগী কৰি পেলায়।

৪) ৰঙা পৰুৱা (Red ant):

অসমত ৰঙা পৰুৱা আলুৰ প্ৰধান শত্ৰু। মাটিৰ তলত থকা আলুগুটিবোৰ ৰঙা পৰুৱাই বেঁকা- বেঁকি সুৰংগ কৰি ভিতৰৰ কোমল শাহ অংশ খোৱাৰ বাবে আলুগুটিবোৰ ফোঁপোলা হৈ পৰে। আলুৰ উপৰি ৰঙা পৰুৱাই গাজৰ, বীট, চালগোম আৰু কবি আদি বিভিন্ন শস্যৰ শিপা অংশ ফুটা কৰি খাই অনিষ্ট কৰে। শিপা অনিষ্ট কৰা গছবিলাক লেৰেলি শুকাই যায়। সাধাৰণতে ন-ভাঙনি (নতুনকৈ উলিওৱা) মাটি আৰু পাহাৰীয়া অঞ্চলত ৰঙা পৰুৱাৰ উপদ্ৰৱ বেছিকৈ দেখা যায়। আনহাতে নৈৰ কাষৰীয়া বানপানী উঠা ঠাইত ইয়াৰ আক্ৰমণ কম হয়।

৫) বৰলীয়া পোক (Fruit fly)

এই পোকবিধ বিশেষকৈ কেৰেলা, ভাতকেৰেলা, জাতিলাও, ৰঙালাও, তিয়ঁহ, জিকা আৰু ধুন্দুলীৰ প্ৰধান শত্ৰু। পুৰ্ণবয়স্ক পোকবিধ দেখিবলৈ মাখিটোৰ দৰে, গাৰ বৰণ ৰঙা-মুগা আৰু দেহৰ পিছফালে এডাল জোঙা শুং থকে।

মাইকী বৰলীয়া মাখিয়ে লাওজাতীয় শস্যৰ কুমলীয়া ফলবিলাকত সৰু সৰু গাঁত কৰি কণী পাৰে। আক্ৰান্ত ফলবিলাক প্ৰথমে ধৰিব নোৱাৰি। কণীৰ পৰা পলু হ’লে পলুবিলাকে ফলৰ শাহ অংশ খাই সুৰংগ কৰি ভিতৰ ভাগলৈ গৈ থাকে। ফলৰ শাহ অংশ সম্পুৰ্ণৰুপে খাই দিয়াৰ বাবে কেতিয়াবা মাথোঁ ফলৰ বাকলিখনহে থাকেগৈ। বিশেষকৈ ৰঙালাও, কোমোৰা আৰু তৰমুজৰ ক্ষেত্ৰত এনে হোৱা দেখা যায়। পলুৰ আক্ৰমণ বেছি হ’লে ফলৰ ভিতৰৰ শাহ অংশ সম্পুৰ্ণৰুপে গেলি পনীয়া হৈ যায়। কেৰেলা, ভাতকেৰেলাৰ ক্ষেত্ৰত পোকৰ আক্ৰমণৰ বাবে ফলসমুহ ৰঙা পৰি অকালতে সৰি পৰে। জিকা, তিঁয়হ আৰু জাতিলাওৰ ক্ষেত্ৰত পোকে কণী পৰা অংশ সোমোৱা আৰু বেঁকা হৈ যায়। কেতিয়াবা গোটেই ফলটো গেলি যোৱাও দেখা যায়। গোটেই বছৰ ধৰি বৰলীয়া পোক দেখা যায় যদিও , জুলাই আৰু আগষ্ট মাহত ইহঁতৰ উপদ্ৰৱ বৰ বেছি হয়।

৬) মোৱা পোক (Aphid)

মোৱা পোকে সৰিয়হ, আলু, ডানহবদি, জলকীয়া, গাজৰ, ফ্ৰেন্সবীন , লাই, কবি আদি শাক- পাচলিৰ অনিষ্ট কৰে। মোৱা পোক দেখিবলৈ ওকণীৰ নিচিনা। দেহৰ বৰণ পাতল সেউজীয়া বা কজলা বৰণৰ। পুৰ্ণাংগ আৰু পোৱালি দুয়োবিধে উল্লিখিত শস্যসমুহৰ কুমলীয়া পাত, গা-গছ, ফুল আৰু নতুনকৈ আৰম্ভ হোৱা ছেঁইসমুহৰ গাত লাগি থাকি ৰস শুহি খায়। পোকৰ আক্ৰমণ তীব্ৰ হ’লে পাতবিলাক কোঁচ খাই কেঁকোৰা-কেঁকুৰি হৈ পৰে। পুলি অৱস্থাত আক্ৰমণ হ’লে গছবিলাক শুকাই যায়। ফুলত মোৱা পোকে ধৰিলে ফুলবিলাকো শুকাই যায় আৰু ফুলৰ পৰা ছেঁই উৎপন্ন নহয়। আনহাতে নতুনকৈ ওলোৱা ছেঁইত আক্ৰমণ কৰিলে ছেঁইত গুটি পুৰঠ নহয়। মোৱা পোকে নি:সৰণ কৰা মৌৰস জাতীয় এবিধ ৰসৰ ওপৰত কলা ভেঁকুৰজাতীয় বস্তুৱে গা কৰি উঠাৰ ফলত আক্ৰমণ কৰা গছৰ সেউজীয়া অংশ ঢাকি ধৰে আৰু ফলস্বৰুপে গছৰ বাঢ়ন ক্ষমতা লোপ পায়।

৭) গছৰ আগ আৰু ফল বিন্ধা পোক (Shoot and fruit borer)

বেঙেনা আৰু ভেণ্ডিগছত এই পোকবিধ প্ৰধান শত্ৰু। অৱশ্যে দুয়োবিধ শস্যকে আক্ৰমণ কৰা পোকবিধৰ প্ৰজাতি ভিন্ন যদিও অনিষ্ট কৰা প্ৰক্ৰিয়া কম-বেছি পৰিমাণে একে। বেঙেনাৰ ক্ষেত্ৰত অনিষ্ট কৰা পলুবিলাক সৰু অৱস্থাত বগা আৰু ডাঙৰ হৈ অহাৰ লগে লগে পাতল ৰঙা বা গুলপীয়া হৈ পৰে। পলুৱে কুমলীয়া পাতৰ ঠাৰি বা গা-গছৰ কাষেদি ফুটা কৰি ভিতৰলৈ সোমাই গা-গছৰ ভিতৰৰ কোমল অংশ ক্ৰমান্বয়ে খাই পেলোৱাৰ বাবে প্ৰথমে আক্ৰান্ত পাতৰ সৈতে গা- গছৰ ঠাৰিডাল শুকাই লেৰেলি যায়। পুলি অৱস্থাত আক্ৰমণ কৰিলে গছৰ আগ অংশ শুকাই যোৱাৰ ফলত গোটেই গছজোপা মৰি যোৱা দেখা যায়। অৱশ্যে পুৰঠ গছত পোকে আক্ৰমণ কৰিলে গছৰ আগ অংশ মৰি গ’লেও গছজোপা মৰি নাযায়, কিন্তু গছৰ ফল নধৰে বা কমকৈ ধৰে। গছত বেঙেনা লাগিলে পলুৱে গা-গছতকৈ বেঙেনাতহে আক্ৰমণ বেছিকৈ কৰে। আক্ৰান্ত বেঙেনাবোৰ বাহিৰৰ পৰা চালে ধৰিব নোৱাৰি, কাটি চালেহে পলুৱে অনিষ্ট কৰা অংশৰ সৈতে পলুটো দেখা যায়। বেঙেনাৰ ভিতৰৰ পলু লেটা হ’বলৈ ফুটা কৰি যেতিয়া বাহিৰ ওলাই যায়, তেতিয়াহে বাহিৰৰ পৰা বেঙেনাবোৰ আক্ৰান্ত হৈছে বুলি ধৰিব পাৰি।

ভেণ্ডিৰ ক্ষেত্ৰত এই পোকবিধে বেঙেনাগছৰ নিচিনাকৈয়ে গছ আক্ৰমণ কৰে। ফলস্বৰুপে আক্ৰান্ত গছৰ আগটো লেৰেলি শুকাই যায়। আক্ৰান্ত কৰা ভেণ্ডিবিলাক পলুৱে ফুটা কৰি ভিতৰলৈ সোমাই যোৱা ঠাইতে বেঁকা হৈ পৰে। পোকে অনিষ্ট কৰা ভেণ্ডিবিলাক খোৱাৰ বাবে অনুপযোগী হয়। ভাৰতৰ আন প্ৰদেশৰ তুলনাত এই পোকৰ আক্ৰমণ অসমত বেছি।

৮) কপাহৰ চগা (Cotton jassids)

চগা ভেণ্ডি, বেঙেনা, আলু, পিঁয়াজ , জলকীয়া শস্যৰ এক উল্লেখযোগ্য অনিষ্টকাৰী পতংগ। গ্ৰীষ্মকালত চগাৰ বৰণ ঈষৎ হালধীয়া আৰু শীতকালত পাতল ৰঙচুৱা বৰণৰ হয়। অপৈণত চগাবোৰ পাতৰ তলতে লাগি থাকে, যিহেতু ইহঁতৰ গাত পাখি নাথাকে। কিন্তু পুৰ্ণাংগৰ চগাবোৰ এজোপা গছৰ পৰা আন এজোপালৈ জাঁপ মাৰি যায়। চগাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৩ মিলিমিটাৰ। পুৰ্ণাংগ আৰু অপৈণত উভয়ে শস্যৰ পাতৰ ৰস শোষণ কৰাৰ ফলত আক্ৰান্ত পাতবোৰ হালধীয়া হৈ শেষত মুগা বা ইটাবৰণীয়া হৈ যায়। প্ৰচুৰ ৰস শোহাৰ ফলত পাতবোৰ তলমুৱাকৈ মেৰ খাই যায় আৰু পাছত শুকাই সৰি পৰে। লাহে লাহে গছবোৰ বাঢ়িব নোৱৰা হয় আৰু উৎপাদনো যথেষ্ট হ্ৰাস পায়। পিঁয়াজৰ ক্ষেত্ৰত পোকৰ আক্ৰমণৰ বাবে পাতবোৰৰ ৰং ৰুপালী বৰণৰ হৈ পৰে। পাছলৈ পাতবিলাক শুকাই কেঁকুৰা-কেঁকুৰি হৈ পৰে।

৯) হোৱাইট ফ্লাই বা বগা মাখি (White fly)

ভেণ্ডি, আলু, বেঙেনাত বগা মাখি এবিধ অনিষ্টকাৰী পতংগ। চগাৰ নিচিনাকৈ পৈণত আৰু অপৈণত উভয়ে পাতৰ ৰস শুহি খায়। অৱশ্যে গ্ৰীষ্মকালতকৈ শীতকালত শাক-পাচলিত এই পোকবিধ বেছিকৈ দেখা যায়। পুৰ্ণাংগ অৱস্থাত ইহঁত ১-১.৫ মিলিমিটাৰ দীঘল হয়। গাত লাগি থকা পাখি দুখন ঢকঢকীয়া বগা। অপৈণত অৱস্থাত ইহঁত মোৱা পোকটোৰ নিচিনা। ইহঁত পাতৰ তলফালে একগোট হৈ থাকে। পাতৰ ৰস শুহি খোৱাৰ বাবে আক্ৰান্ত পাতবিলাকত প্ৰথমে সৰু সৰু শেঁতা দাগ কিছুমান দেখিবলৈ পোৱা যায়। পাছলৈ এই দাগবোৰ আকাৰত বাঢ়ি হালধীয়া বৰণৰ হয়। আক্ৰমণ বেছি হ’লে পাতত কেৱল মাথোঁ সিৰাবিলাকহে সেউজীয়া হৈ থাকে। চগাৰ নিচিনাকৈ এই পোকেও পাতত নি:সৰণ কৰা ৰসত এবিধ ভেঁকুৰ উৎপন্ন হৈ গছৰ খাদ্য প্ৰস্তুত কৰা প্ৰণালীত ব্যাঘাত জন্মায়। সধাৰণতে বগা মাখিয়ে গছৰ ‘মোজাইক’ নামৰ বেমাৰ এবিধৰ বাহক হিচাপে কাম কৰে।

১০) পাত মেৰিওৱা পোক (Leaf roller)

এইবিধ পোকে বিশেষকৈ বেঙেনা আৰু বিলাহী গছৰ বৃদ্ধিকালত গছৰ আগভাগৰ পাতৰ দুয়োকাষ লগ লগাই দীঘলীয়াকৈ মেৰিয়াই পেলায়। মেৰখোৱা পাতবিলাকৰ মাজতে পোকৰ পলুটো সোমাই থাকি পাতৰ সেউজীয়া অংশ চেলেকি খায়। মেৰখোৱা পাতবোৰ পিছলৈ ধোঁৱাবৰণীয়া হৈ যায় আৰু পুৰঠ নোহোৱাকৈ পাতবিলাক সৰি পৰে। মটৰমাহৰ গছৰ ক্ষেত্ৰতো পাত মেৰিওৱা পোকৰ এবিধ বেলেগ প্ৰজাতি দেখা যায়। এইক্ষেত্ৰত কণীৰ পৰা ওলোৱা পলুৱে প্ৰথমে পাতৰ সেউজীয়া অংশ চেলেকি খায়। পাছলৈ গছৰ আগত থকা পত্ৰকুণ্ডলীৰ পাতসমুহ একেলগ কৰি বান্ধি পেলাই আৰু তাৰ মাজতে থাকি পাতৰ সেউজীয়া অংশ সম্পুৰ্ণকৈ খাই দিয়াৰ বাবে পাতবোৰ চিৰিলা-চিৰিলি হৈ পৰে। মৰিছা শাকৰ ক্ষেত্ৰতো এবিধ পাত মেৰিওৱা পোকে আক্ৰমণ কৰে। অনিষ্ট কৰা প্ৰক্ৰিয়া ওপৰত উল্লেখ কৰা পোকৰ সৈতে একে।

১১) পাতখোৱা পোক (Leaf eating caterpillar)

পাতখোৱা পোক বিলাহী, বন্ধাকবি, ফুলকবি, মটৰমাহৰ এক প্ৰধান অনিষ্টকাৰী পোক। বহু সময়ত এই পোকে লাই, মুলা, গাজৰ , চালগোম আদি শস্যৰ পাত খাই অশেষ অনিষ্ট কৰে। কণী ফুটি ওলোৱা পলুৱে প্ৰথমে দলবান্ধি পাতৰ সেউজীয়া অংশবোৰ এফালৰ পৰা খায় যায়। অনিষ্ট কৰা পাতৰ কেৱল সিৰা-উপসিৰা থাকেগৈ। ডাঙৰ হৈ অহাৰ লগে লগে পলুবোৰ অকলশৰে থাকি পাতৰ অনিষ্ট কৰে। আক্ৰমণ বেছি হ’লে গোটেই গছজোপাৰে পাত খোৱাৰ বাবে গছবোৰ লঠঙা হৈ পৰে। পলুবিলাক দেখিবলৈ পাতল সেউজীয়া ৰঙৰ। এইবিধ পোকে কেতিয়াবা পুৰঠ বন্ধা আৰু ফুলকবিৰ গাত ফুটা কৰি ভিতৰলৈ সোমাই গৈ ভিতৰৰ শাহ খোৱাৰ বাবে মানুহে খোৱাৰ অনুপযোগী হৈ পৰে। অক্টোবৰ মাহৰ পৰা এপ্ৰিললৈকে এই পোকবিধ খেতিপথাৰত দেখা যায়।

১২) ফলবিন্ধা পোক (Fruit Borer)

অপৈণত আৰু পুৰঠ বিলাহীৰ এই পোকবিধ অনিষ্টকৰ শত্ৰু। কণী ফুটি ওলোৱা পলুবিলাকে প্ৰথমে গছৰ কুমলীয়া পাতবোৰ খাবলৈ ধৰে। পলুবিলাক ডাঙৰ হৈ অহাৰ লগে লগে বিলাহীৰ উপৰিভাগত সৰু ঘুৰণীয়া ফুটা কৰি পলুৱে কেৱল মাথোঁ মুৰটোৰ সৈতে গাৰ আধা অংশ সুমুৱাই ভিতৰৰ শাহ অংশ খায়। এনেদৰে খাওঁতে পলুৰ দেহৰ বাকী অংশ ফলৰ বাহিৰত ওলমি থাকে। পলুৱে জীৱনকালত ২ টাৰ পৰা ৮ টালৈকে বিলাহী অনিষ্ট কৰিব পাৰে। অনিষ্ট কৰা বিলাহী পাছলৈ ভেঁকুৰ আৰু বেক্টেৰিয়াই আক্ৰমণ কৰাৰ বাবে বিলাহীবিলাক সম্পুৰ্ণভাৱে গেলি যায়। ফলবিন্ধা পোক জলকীয়াৰে এক প্ৰধান শত্ৰু। পোকৰ প্ৰজাতি বেলেগ হোৱাৰ বাবে অনিষ্ট কৰা প্ৰক্ৰিয়াও বেলেগ। এইক্ষেত্ৰত পলুৱে জলকীয়াৰ ভিতৰত সোমাই থাকি অনিষ্ট কৰে।

১৩) পাত সুৰংগী (Leaf miner)

পাত সুৰংগী পোকে বেঙেনা, মটৰমাহ , কবি আৰু আলুগছৰ পাতৰ অনিষ্ট কৰে। কণীৰ পৰা ওলোৱা পলুৱে কুমলীয়া পাতৰ দুয়ো তৰফৰ মাজলৈ ফুটা কৰি সোমাই পাতৰ ভিতৰত থাকি বেঁকা-বেঁকি  সুৰংগ কৰি খায়। আক্ৰমণ কৰা পাতবিলাক চিনাক্ত কৰিবলৈ উজু। সেউজীয়া পাতখিলাৰ মাজে মাজে ৰুপালী বৰণৰ এঁকা-বেঁকা আঁচ দেখা যায়। পাত সুৰংগী পোকৰ পখিলায়ো পাতৰ পৰা ৰস শুহি খায়। অনিষ্ট কৰা শস্যত ফুল ফুলা আৰু গুটি ধৰাত ব্যাঘাত জন্মায়। বিশেষকৈ মটৰমাহৰ পাতত পাত সুৰংগী পোকে অনিষ্ট কৰা বাবে উৎপাদন যথেষ্ট কমি আহে।

১৪) ছেঁইবিন্ধা পোক (Pod Borer)

মটৰমাহৰ ই এক প্ৰধান অনিষ্টকাৰী পতংগ। ফেব্ৰুৱাৰী আৰু মাৰ্চত এই পোকবিধ শস্যৰ তলীত বেছিকৈ দেখিবলৈ পোৱা যায়। মটৰমাহৰ উপৰি ফ্ৰেন্সবীন, লেচেৰামাহ আদিতো এই পতংগই আক্ৰমণ কৰে। কণীৰ পৰা পলু বাহিৰ হৈ পলুৱে সেউজীয়া ছেঁইবিলাকত সৰু বিন্ধা কৰি ভিতৰলৈ সোমাই গৈ ছেঁইৰ ভিতৰৰ কুমলীয়া গুটিবিলাক খায়। সাধাৰণতে এটা ছেঁইত এটাহে পলু দেখিবলৈ পোৱা যায়। শস্যত ছেঁই আৰম্ভ হোৱাৰ পুৰ্বে পোকৰ আক্ৰমণ হ’লে শস্যৰ ফুলৰ অনিষ্ট কৰে। সাধাৰণতে পলমকৈ সিঁচা মাহজাতীয় শস্যৰ ক্ষেত্ৰত এই পোকে বেছিকৈ অনিষ্ট কৰা দেখা যায়।

১৫) সৰিয়হৰ ক’লা পোক(Saw fly)

সৰিয়হৰ উপৰি, বিশেষকৈ বন্ধা আৰু ফুলকবৈৰ ই এক প্ৰধান অনিষ্টকাৰী পতংগ। অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে এই পোকবিধে শস্যৰ পাত খাই যথেষ্ট অনিষ্ট কৰে। পলুৱে গছৰ কুমলীয়া পাতবিলাক কুটি খায়। পাতৰ সেউজীয়া অংশ সম্পুৰ্ণকৈ খাই পেলোৱাৰ এটা সময়ত পাতৰ কেৱল মাথোঁ সিৰা-উপসিৰাহে থাকেগৈ। বিশেষকৈ সৰিয়হৰ ক্ষেত্ৰত গা-গছৰো সেউজীয়া অংশ খোৱা দেখিবলৈ পোৱা যায়। ফলত নতুনকৈ উঠি অহা শস্যৰ যথেষ্ট ক্ষতি হয়। সৰিয়হ ফুলাৰ সময়ত আক্ৰমণ বেছি হ’লে উৎপাদন যথেষ্ট হ্ৰাস হয়। পোকৰ পলুবিলাক ক’লা বৰণৰ। হাতেৰে চুই দিয়াৰ লগে লগে পলুবোৰ কেৰেলুৱাৰ দৰে কোঁচ খাই মাটিত পৰি যায়।

শাক-পাচলিৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থা -

অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণ কৃষিকাৰ্যৰ এক অবিচ্ছেদ্য অংগ। অধিক উৎপাদন লাভ কৰিবৰ বাবে আৰম্ভণিৰে পৰা শস্যৰ প্ৰতিপালনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। শাক- পাচলিৰ কীট-পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, বিশেষকৈ ৰাসায়নিক ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। শাক-পাচলিৰ বাবে অতি সহজতে অৱশিষ্ট নাইকিয়া হৈ পৰা কম বিষাক্তসম্পন্ন ৰাসায়নিক ঔষধহে ব্যৱহাৰ কৰিব লাগে। যিহেতু শাক-পাচলিৰ আমি বহুদিনলৈ সংৰক্ষণ কৰিব নোৱাৰোঁ। বহুক্ষেত্ৰত বহু শাক-পাচলি আমি কেঁচাকৈ বা চালাড হিচাপে ব্যৱহাৰ কৰোঁ। সেয়েহে অনিষ্টকাৰী কীট-পতংগ দেখা মাত্ৰকে ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিবলৈ যোৱাতকৈ সমন্বিত (Integrated) ব্যৱস্থাৰ ওপৰত অধিক জোৰ দিব লাগে। লগতে আমাৰ গাওঁ অঞ্চলত পুৰণি দিনৰে পৰা সহজতে কীট-পতংগ নিবাৰণৰ স্থানীয় পদ্ধতিসমুহো পৰাপক্ষত প্ৰয়োগ কৰিবলৈ যত্ন কৰা ভাল। দেখা যায় এই স্থানীয় পদ্ধতিসমুহো (ITK) বৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰতে প্ৰতিষ্ঠিত।

তলত উল্লেখ কৰা বিভিন্ন ব্যৱস্থাসমুহ অৱলম্বন কৰি অনিষ্টকাৰী কীট-পতংগ বহু পৰিমাণে কমাব পাৰি-

১) খেতিডৰাত শস্য সিঁচা বা পুলি ৰোৱাৰ পুৰ্বে মাটিডোখৰ ভালদৰে চহাই মাটিৰ ওচৰে- পাঁজৰে থকা বন-বাত ভালকৈ চিকুনাই ল’ব লাগে। এনে কৰিলে বিশেষকৈ মাটিৰ তলত লেটা বান্ধি থকা আৰু বন-বাতত আশ্ৰয় লৈ থকা কীট-পতংগসমুহ কমি যায়।

২) শস্যৰ অনিষ্টকাৰী পতংগৰ পলু দেখিলে ইবিলাকক হাতেৰে ধৰিও মাৰিব পাৰি। যেনে- বিলাহীৰ ফল বিন্ধা পোক, পাত মেৰিওৱা পোক, বেঙেনাৰ ফুটুকী পোক ইত্যদি।

৩) কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধ কৰা উচ্চ উৎপাদনক্ষম জাতসমুহৰ খেতি কৰাত গুৰুত্ব দিব লাগে।

৪) শস্যৰ আৰম্ভণিতে কীট-পতংগই আক্ৰান্ত কৰা গছবোৰ আঁতৰাই পুৰি বা পুতি পেলাব লাগে। এনে কৰিলে পতংগৰ বংশ বৃদ্ধি হৈ অধিক অনিষ্ট কৰা সম্ভাৱনা দুৰ হয়। যেনে- বেঙেনাৰ আগ আৰু ফল বিন্ধা পোক।

৫) শস্যত প্ৰয়োজনীয় পৰিমাণৰ সাৰ-জাবৰ সঠিক সময়ত মাটিত প্ৰয়োগ কৰিলে শস্যৰ শ্ৰীবৃদ্ধি ঘটে, লগতে কীট-পতংগ, বেমাৰ-আজাৰৰ আক্ৰমণ গছে প্ৰতিৰোধ কৰিব পৰা শক্তি আহৰণ কৰি লয়। মনত ৰাখিব লাগে যাতে শস্যত আৱশ্যতকৈ অধিক নাইট্ৰ’জেনযুক্ত সাৰ প্ৰয়োগ কৰিব নালাগে। এনে কৰিলে কীট-পতংগৰ বংশ বৃদ্ধি বেছি হয়।

৬) প্ৰত্যেক শস্যৰে বিভিন্ন কীট-পতংগ আছে। গতিকে শস্যচক্ৰৰ অধীনত পথাৰত একেবিধ শস্যকে বাৰে বাৰে নকৰি অন্য শস্য কৰিলে প্ৰথম শস্যৰ কীট-পতংগৰ খাদ্যৰ বাবে দ্বিতীয় শস্য অনুপযুক্ত হোৱাৰ কাৰণে সিহঁতৰ বংশ বৃদ্ধিৰ হাৰ কমি আহে। উদাহৰণস্বৰুপে বেঙেনা কৰা পথাৰত বিলাহীৰ খেতি কৰা।

৭) হালধীয়া আঠাযুক্ত ফান্দ (Yellow sticky trap) শস্যৰ মাজত ব্যৱহাৰ কৰি সাধাৰণতে শস্যৰ কুমলীয়া পাত আৰু গা-গছ শুহি খোৱা পতংগসমুহ নিয়ন্ত্ৰণ কৰিব পাৰি। যেনে-বগা মাখি, মোৱা পোক আৰু শোহনী পোক ইত্যাদি।

৮) জৈৱিক নিয়ন্ত্ৰণৰ উপায় হিচাপে ট্ৰাইক’গ্ৰামা কাইলনিচ নামৰ উপকাৰী পতংগবিধ প্ৰতি বিঘা কবি, বিলাহী, বেঙেনা শস্যৰ বাবে ১৫ হেজাৰকৈ লৈ প্ৰতি সপ্তাহৰ মুৰে মুৰে ৬ বাৰকৈ প্ৰয়োগ কৰিলে কবিৰ পাত খোৱা পলু, বিলাহীৰ ফলবিন্ধা আৰু বেঙেনাৰ আগ আৰু ফলবিন্ধা পোকসমুহক নিয়ন্ত্ৰণ কৰিব পাৰি।

৯) বিলাহী, বেঙেনা আৰু লাওজাতীয় শস্যৰ ক্ষেত্ৰত নিয়মীয়াকৈ আক্ৰান্ত ফল আৰু ডালসমুহ আঁতৰাই ৰাখিও কীট- পতংগক বহু পৰিমাণে ৰাখিব পাৰি।

১০) উপযুক্ত সময়ত শস্যৰ পুলি মুল পথাৰত ৰুবলৈ যত্ন কৰিব লাগে। এনে কৰিলে কীট পতংগ , বেমাৰ –আজৰৰ পৰা শস্যডৰাক বহু পৰিমাণে ৰক্ষা কৰিব পাৰি। যেনে-আলুৰ ক্ষেত্ৰত নৱেম্বৰৰ ১ তাৰিখৰ পৰা ১৫ তাৰিখৰ ভিতৰত আলুখেতি পথাৰত কৰিবলৈ যত্ন কৰিব লাগে। আনহাতে কোনো কাৰণতে আলুডৰাত সময় মতে মাটি চপাবলৈ পাহৰিব নালাগে। আলুত সময় মতে মাটি চপাই থাকিলে আলু কটা পখিলাৰ উপদ্ৰৱ কম হয়।

১১) বিলাহীৰ ফলবিন্ধা পোকক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি ১০-১৪ শাৰী বিলাহীৰ মাজে মাজে ওখ জাতৰ হালধীয়া নাৰ্জী ফুলৰ একোটাহঁত শাৰী ৰুব লাগে। মন কৰিব লাগে যাতে নাৰ্জী ফুলৰ পুলি বিলাহীৰ পুলিতকৈ প্ৰায় ৩০-৩৫ দিনৰ ডাঙৰ হ’ব লাগে আৰু বিলাহী ৰোৱাৰ পুৰ্বে ফুলৰ পুলিবিলাক পথাৰত ৰুব লাগে। নাৰ্জী ফুলৰ ফুলপাহে বিলাহীৰ ফলবিন্ধা পোকৰ পখিলাক খুউব সহজতে আকৰ্ষণ কৰে আৰু সেয়েহে পখিলাই বিলাহী গছত কণী নাপাৰি নাৰ্জী ফুলতহে কণী পাৰে। ঠিক তেনেদৰে কবি খেতিৰ ১০-১২ টা শাৰীৰ মাজত দুশাৰী সৰিয়হৰ গুটি সিঁচিব লাগে কবিৰ মুল পথাৰত ৰোৱাৰ আগতেই। এনে কৰিলেও কবিৰ মোৱা পোক আৰু কবিৰ পাত খোৱা পলুক নিয়ন্ত্ৰণ কৰিব পাৰি।

১২) শাক-পাচলিৰ পুলিসমুহ মুল পথাৰত নিৰ্দিষ্ট দুৰত্বৰ ব্যৱধানতহে ৰুব লাগে। খুউব ঘন হ’লে কীট-পতংগৰ আক্ৰমণ খুউব বেছিকৈ হোৱা দেখা যায়।

ৰাসায়নিক ঔষধ প্ৰয়োগ:

এইক্ষেত্ৰত অনিষ্টকাৰী কীট-পতংগৰ সংখ্যা বাঢ়ি আৰ্থিকভাৱে শস্যৰ হানি কৰিব পৰা অৱস্থা পালেহে তলত উল্লেখ কৰা ঔষধসমুহ শাক-পাচলিত প্ৰয়োগ কৰিব লাগে।

১) পাত ফুটা কৰা পোক, বগা মাখি, মোৱা পোক, শোহনী পোকক নিয়ন্ত্ৰণ কৰিবলৈ মালাথিয়ন ৫০ ই চি ঔষধৰ ১ চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই লৈ শস্যত প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ ঔষধ প্ৰয়োগ কৰাৰ পাছত ১০-১৫ দিনৰ অন্তৰত পুনৰবাৰ প্ৰয়োগ কৰিব লাগে।

২) বেঙেনাৰ আগ আৰু ফলবিন্ধা পোকৰ ক্ষেত্ৰত গছত ফুল ফুলাৰ পুৰ্বে ডেলটামেথ্ৰিন ২.৮ ই চি ঔষধ ১ চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ প্ৰয়োগ কৰাৰ ১০ দিনৰ পাছত পুনৰ দ্বিতীয়বাৰ প্ৰয়োগ কৰিব লাগে। আনহাতে দানাদাৰ ঔষধ, যেনে- কাৰ্বফুৰান ৩ জিৰ আধা চামুচ (চাহখোৱা চামুচৰ) বেঙেনা গছৰ গুৰিত পুলি অৱস্থাত প্ৰয়োগ কৰিও এই পতংগবিধক নিয়ন্ত্ৰণ কৰিব পাৰি। বিলাহীৰ ফলবিন্ধা পোকৰ ক্ষেত্ৰতো ডেলটামেথ্ৰিন ঔষধবিধ একেই অনুপাতত প্ৰয়োগ কৰিব পাৰি।

৩) বিলাহী আৰু বেঙেনাৰ কীট-পতংগৰ ক্ষেত্ৰত বিভিন্নধৰণৰ নিমজাতীয় ঔষধ, যেনে- নীমগ’লড, নীমেক্স , বায়নিম (২ চাহ চামুচ ৫ লিটাৰ পানীৰ লগত মিহলাই) আৰু নিমতেল (২ চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই) প্ৰয়োগ কৰিও সুফল পাব পাৰি।

৪) ভুঁৰ পোক আৰু ৰঙা পৰুৱাৰ নিয়ন্ত্ৰণৰ বাবে শস্য ৰোৱাৰ পুৰ্বে (আলুৰ ক্ষেত্ৰত) মাটি চহোৱাৰ সময়ত বিঘাই প্ৰতি ৩০ কেজিকৈ খলিহৈ প্ৰয়োগ কৰিব লাগে । ইয়াৰ উপৰি বিঘাই প্ৰতি ৫ কেজিকৈ মালাথিয়ন ৫ ভাগ শক্তিযুক্ত পাউডাৰ লৈ আলুত মাটি চপোৱাৰ সময়ত আলুৰ সীৰলুত প্ৰয়োগ কৰিব লাগে।

৫) লাওজাতীয় শস্যৰ অনিষ্টকাৰী পতংগ বৰণীয়া পোক নিয়ন্ত্ৰণ কৰিবলৈ আক্ৰান্ত ফলবোৰ ছিঙি নষ্ট কৰাৰ উপৰি মালাথিয়ান ৫০ ই চি ঔষধৰ ২ চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই প্ৰতি ৭-১০ দিনৰ মুৰে মুৰে ৩-৪ বাৰ প্ৰয়োগ কৰিব লাগে। আনহাতে মালাথিয়ন ৫০ ই চি ২ মিলিলিটাৰ ১ লিটাৰ পানীত (২ চাহ চামুচ ৫ লিটাৰ পানীত) মিহলাই উক্ত মিশ্ৰণৰ লগত ৩- ৫ গ্ৰাম গুৰ বা অৰেঞ্জ স্কোৱাচৰ ২ চাহ চামুচ মিহলাই দৈৰ মলাজাতীয় পাত্ৰত লৈ শস্যতলীত থৈ দিলে বৰলীয়া পোক আকৰ্ষিত হৈ কীটনাশক ঔষধৰ সংস্পৰ্শলৈ আহি মৰিব।

কীট-পতংগ নিয়ন্ত্ৰণৰ স্থানীয় পদ্ধতি -

১) পকা ভীমকল সৰু সৰু টুকুৰা কৰি আলুতলীৰ মাজে মাজে মাটিত গাঁত খান্দি ৰাখিলে ৰঙা পৰুৱা ভীমকললৈ আকৰ্ষিত হৈ অহাৰ বাব ইবিলাকক সহজে নিধন কৰিব পাৰি।

২) মোৱা পোক, বগা মাখি, পাতখোৱা পোক বা পাত গুবৰুৱা জাতীয় পোকসমুহ নিয়ন্ত্ৰণ কৰিবলৈ সময়ে সময়ে ফুটছাই ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি।

৩) মোৱা পোকৰ ক্ষেত্ৰত শস্যৰ তলীত আমৰলি পৰুৱাৰ বাহ থ’লেও সুফল পোৱা যায়। পাত পানীত ডুবাই ৰাখি (৫০০ গ্ৰাম ধঁপাতৰ পাত বা ঠাৰি+ ৫ লিটাৰ পানী) প্ৰস্তুত কৰা মিশ্ৰণটো পিছদিনা পুনৰ ৫০ গ্ৰাম কাপোৰ ধোৱা চাবোনৰ সৈতে অতিৰিক্ত ৫-৬ লিটাৰ পানী যোগ দি শস্যত প্ৰয়োগ কৰিও সুফল লাভ কৰিব পাৰি।

৫) আলুখেতিত আলুৰ গজালি ওলোৱাৰ সময়ত ফুটছাই ছটিয়ালেও কীট-পতংগৰ আক্ৰমণ বিশেষকৈ মোৱা পোক, বগা মাখিৰ আক্ৰমণ কমি যায়।

৬) আলুৰ গুটি ধৰাৰ সময়ত এবাৰ গছৰ গুৰিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে ৰঙা পৰুৱাৰ আক্ৰমণ কম হয়।

ফলমুলজাতীয় শস্যৰ প্ৰধান অনিষ্টকাৰী পতংগ -

ক) কলগছৰ অনিষ্টকাৰী পতংগ

অসমৰ সকলো অঞ্চলতে কল খেতি কৰা হয়। বৰ্তমান কলৰ খেতিক বহু কৃষকে ব্যৱসায়ভিত্তিত কৰিবলৈ লৈছে। বছৰৰ সকলো সময়তে উৎপাদন পাব পাৰি। কীট-পতংগই কল খেতিৰ যথেষ্ট অনিষ্ট কৰে। কলৰ অনিষ্টকাৰী প্ৰধান কীট-পতংগসমুহ হ’ল-:

১) গা-গছ বিন্ধোৱা পোক (Pseudostem Borer)

২) কলৰ মুঢ়া বিন্ধোৱা পোক (Corm Borer)

৩) কলৰ পাত আৰু ফল ফপৰীয়া পোক (Leaf and fruit scarring beetle)আৰু

৪) কলৰ মোৱা পোক (Banana aphid)

কলৰ গা-গছ বিন্ধোৱা আৰু মুঢ়া বিন্ধোৱা পোকৰ দৈহিক গঠন আৰু অনিষ্ট কৰা প্ৰক্ৰিয়া প্ৰায় একে। দুয়োবিধ পতংগই গুবৰুৱা জাতীয়, গাৰ বৰণ ক’লা। ইহঁতৰ পলুবোৰৰ বৰণ বগা-মুখা। দুয়োবিধ পতংগই কলগছৰ বাহিৰৰ পতুৱাবিলাকৰ ভিতৰফালে কণী পাৰে। কণীৰ পৰা ওলোৱা পলুৱে কলগছৰ পতুৱাবিলাক বিন্ধা কৰি ভিতৰি ভিতৰি খায়। গা-গছ বিন্ধোৱা পোকবোৰ কলগছজোপাৰ মাজতে সোমাই থাকে আৰু গা-গছৰ ভিতৰতে লেটা বান্ধে। আনহাতে মুঢ়া বিন্ধোৱা পোকে গা-গছডাল বিন্ধা কৰি তললৈ আহি কলৰ মুঢ়াত লেটা বান্ধে। দুয়োবিধ পতংগৰ আক্ৰমণৰ বাবে গছৰ শ্ৰীবৃদ্ধি কমি আহে, কলৰ আকাৰ সৰু হয় আৰু আক্ৰমণ বেছি হ’লে গছ মৰি যায় বা মাজভাগতে কলজোপা ভাগি যায়। সাধাৰণতে গা-গছ বিন্ধোৱা পোকৰ আক্ৰমণৰ কাৰণে কল পৈণত হোৱাৰ আগতে কলজোপা ভাগি যোৱা দেখা যায়। মুঢ়া বিন্ধোৱা পোকৰ পলুৱে লেটা হোৱাৰ পুৰ্বে কলৰ মুঢ়া অংশ খাই অনিষ্ট কৰে আৰু অনিষ্ট কৰা মুঢ়া অংশ ভিতৰি ভিতৰি গেলি যায়। আৰু এই গেলা অংশ খাবলৈ মাটিৰ পৰা কেঁচু উঠি আহে বাবে বহুতে ইয়াক কেঁচুৱে খোৱা বুলি কয়।

কলৰ পাত আৰু ফল ফলৰীয়া কৰা পোকবিধ গুবৰুৱা জাতীয় পতংগ। গাৰ বৰণ ক’লা। এইবিধ পতংগই কলগছৰ গুৰিত কণী পাৰে। কণীৰ পৰা ওলোৱা পলুৱে কলগছৰ ওচৰে- পাঁজৰে থকা ঘাঁহ-বনৰ শিপা খাই পলু অৱস্থা সম্পুৰ্ণ কৰে। মাটিত লেটা অৱস্থা সম্পুৰ্ণ কৰি বাহিৰ হোৱা পুৰ্ণ অৱস্থাপ্ৰাপ্ত পতংগই কলগছৰ পাত আৰু নতুনকৈ ওলোৱা কলৰ কুমলীয়া বাকলি খাবলৈ ধৰে। ইহঁত আন্ধাৰপ্ৰিয়, সেয়েহে দিনৰ ভাগত কলগছৰ মেৰ খাই থকা কোঁহপাতটোৰ মাজত সোমাই থাকে। ৰাতিহে ওলাই আহি পাত আৰু কলৰ বাকলি খাই অনিষ্ট কৰে। কলৰ বাকলি কুটি খোৱাৰ বাবে বাকলিত ক’লা ক’লা দাগ পৰে যাক ফাপৰে ধৰা বোলা হয়। এই পতংগৰ আক্ৰমণৰ বাবে কলৰ উৎপাদন হ্ৰাস নহয় যদিও এনে কলৰ বজাৰ দৰ কমি যায়। অৱশ্যে কলৰ পাতত আক্ৰমণ বেছি হ’লে গছৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হয় আৰু এনেক্ষেত্ৰত উৎপাদন কম হয়।

কলৰ মোৱা পোক অন্যান্য শস্যৰ মোৱা পোকৰ নিচিনাই। ইহঁত কলপাতত থোপা বান্ধি থাকে আৰু পাতৰ ৰস শুহি খায়। মোৱা পোকৰ আক্ৰমণৰ বাবে কলগছৰ প্ৰত্যক্ষভাৱে বিশেষ ক্ষতি নহয় যদিও ইহঁতে কলগছৰ তৰাপতীয়া (Buncy top)নামৰ বেমাৰবিধৰ বিস্তাৰ কৰে। এই বেমাৰ হ’লে কলগছৰ পাতবিলাক সৰু সৰু হয় আৰু ঘন হয়। পাতবিলাক হালধীয়া পৰিবলৈ ধৰে। পাতবিলাক দেখিবলৈ থুপ খাই জঁটাবন্ধাৰ দৰে হয়।

নিয়ন্ত্ৰণৰ ব্যৱস্থা -

১) কলবাৰীখন বন-বাত চিকুণাই যথাসম্ভৱ পৰিষ্কাৰকৈ ৰাখিব লাগে। কাৰণ কলৰ পাত আৰু ফল ফপৰীয়া কৰা পতংগৰ পলুৱে বন-বাতৰ শিপাতে পলু অৱস্থা সম্পুৰ্ণ কৰে।

২) গা-গছ আৰু মুঢ়া বিন্ধোৱা পোকৰ আক্ৰমণৰ ফলত মৰা বা ভাঙি যোৱা গছবিলাক আৰু কল কটাৰ পাছত গুৰিটো কাটি ‘দ’ গাঁত খান্দি পুতিব লাগে। তেতিয়া আক্ৰান্ত গছত আৰু মুঢ়াত থকা পতংগ দুবিধে সুস্থ গছলৈ যাব নোৱাৰে।

৩) কল-ফপৰীয়া কৰা পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কলফুল ওলাই আহোঁতেই সৰু সৰু ফুটা কৰা ডাঙৰ পলিথিনৰ মোনা বা পিঁয়াজৰ বস্তা কলৰ থোকটোত ভৰাই মুৰটো বান্ধি ফুল সৰালৈকে ৰাখিব লাগে। এনে কৰিলে কল ফপৰীয়া পোকে কলত দাগ বহুৱাব নোৱাৰে।

৪) তৰাপতীয়া বেমাৰত আক্ৰান্ত গছবোৰ কাটি পেলান লাগে আৰু এনে গছৰ গুৰিত থকা পুলি ৰুব নালাগে। এনে বেমাৰী গছ থাকিলে মোৱা পোকে তৰাপতীয়া বেমাৰ সুস্থ গছলৈ বিস্তাৰিত কৰাত সহায় কৰে।

৫) কলগছৰ গুৰিৰ চাৰিওফালে মাটিত প্ৰতিজোপা গছত ৫০ গ্ৰাম পৰিমাণৰ কাৰ্বফুৰাণ ৩ জি ঔষধ প্ৰয়োগ কৰিলে গা-গছ বিন্ধোৱা আৰু মুঢ়া বিন্ধোৱা পোক নিয়ন্ত্ৰণ হোৱাৰ উপৰি কলগছৰ আৰু ঘাঁহৰ শিপাত আশ্ৰয় লৈ থকা কল ফপৰীয়া কৰা পোকৰ পলুবোৰ মৰে। এই ঔষধে কলগছ আক্ৰমণ কৰা শস্য কৃমিয়ো নিয়ন্ত্ৰণ কৰে।

৬) কল ফপৰীয়া কৰা আৰু মোৱা পোক নিবাৰণৰ কাৰণে প্ৰতিলিটাৰ পানেত আধা চাহ চামুচ মালাথিয়ন ৫০ ই চি ঔষধ বা এণ্ড’ছালফান ৩৫ ই চি ঔষধ এক চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই গছত প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ ঔষধ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ১০-১৫ দিনৰ পাছত দ্বিতীয়বাৰ প্ৰয়োগ কৰিব লাগে।

খ) নেমুজাতীয় শস্যৰ অনিষ্টকাৰী পতংগ।

নেমুজাতীয় শস্য অসম তথা উত্তৰ-পুব ভাৰতৰ এবিধ প্ৰধান উদ্যানশস্য। নানাবিধ পতংগই নেমুজাতীয় শস্যৰ বিশেষ অনিষ্ট কৰে। কীট-পতংগৰ আক্ৰমণ উত্তৰ-পুব ভাৰতৰ নেমুজাতীয় শস্যৰ অৱনতিৰ (citrus decline) অন্যতম প্ৰধান কাৰণ।

নেমু শস্যৰ প্ৰধান অনিষ্টঅকৰী কীট-পতংগসমুহ হ’ল -

১) নেমুজাতীয় গছৰ কেৰোণ পোক(Citrus trunk borer)

২) নেমুৰ আগবিন্ধা পোক (Citrus shoot borer)

৩) নেমুৰ পাত খোৱা পলু (Citrus Caterpillar)

৪) গছৰ বাকলি খোৱা পোক (Bark eating caterpillar)

৫) পাত সুৰংগী পোক (Citrus leaf miner)

৬) ফলৰ ৰস খোৱা পোক (Fruit sucking moth)

৭) নেমুজাতীয় গছৰ চাইলা (Citrus psylla)

৮) নেমুজাতীয় গছৰ বগা মাখি (Citrus whitefly)

৯) নেমুজাতীয় গছৰ কপাহী পোক (Citrus mealy bug)

১০) নেমুজাতীয় গছৰ মোৱা পোক (Citrus black aphid)

কেৰোণ পোক নেমুজাতীয় শস্যৰ, বিশেষকৈ কমলা আৰু গোলনেমুৰ এক প্ৰধান শত্ৰু। কেৰোণ পোকৰ বছৰত মাত্ৰ এটা জীৱনচক্ৰ সম্পুৰ্ণ হয়। এপ্ৰিল-মে মাহত পুৰ্ণাংগ পতংগবোৰ লেটাৰ পৰা ওলাই প্ৰথমে টেঙাগছৰ পাত আৰু পাছলৈ গা-গছৰ বাকলি খাবলৈ ধৰে। এইদৰে দেহৰ পুষ্টিসাধন হোৱাৰ পাছত টেঙাগছৰ গা-গছ বা গছৰ বাকলিত ঘা লগাই তাত কণী পাৰে। কণীৰ পৰা ও লোৱা পলুৱে টেঙাগছৰ বাকলিৰ তলতে সোমাই থাকি বাকলি আৰু কোমল কাঠ অংশ খায়। এনেদৰে এমাহমান থকাৰ পাছত পলুবোৰে গা-গছত বিন্ধা কৰি ভিতৰ সোমায় অৰু লাহে লাহে ভিতৰি ভিতৰি গছৰ অনিষ্ট কৰি ওপৰলৈ গৈ থাকে। কেৰোণ পোকৰ পলুৱে গা- গছ বা গছৰ ডালবিলাক ভিতৰি ভিতৰি ফুটা কৰি খোৱাৰ ফলত আক্ৰান্ত গছজোপা বা ডালটো মৰি যায়। বয়সীয়াল গছক আক্ৰমণ কৰিলে গছজোপা সম্পুৰ্ণ মৰি নাযায় যদিও বছৰি বছৰি আক্ৰমণ কৰিলে গছজোপা শেষত মৰি যায়। আক্ৰান্ত গছৰ প্ৰথম অৱস্থাত পাতবোৰ হালধীয়া পৰিবলৈ ধৰে আৰু পাছলৈ ডালৰ পৰা পাতবোৰ সৰি পৰে।

নেমুৰ আগ বিন্ধোৱা পোকে সাধাৰণতে কাজিনেমুত বেছিকৈ আক্ৰমণ কৰে। কেৰোণ পোকৰ দৰে আগ বিন্ধোৱা পোকৰো বছৰত মাত্ৰ এটাহে জীৱনচক্ৰ সম্পুৰ্ণ হয়। এপ্ৰিল- মে মাহত পুৰ্ণাংগ পতংগই গা-গছৰ পাত খাবলৈ ধৰে আৰু পাতৰ ঠাৰিৰ গুৰিত বা কুমলীয়া ডালৰ বাকলিত কণী পাৰে। কণীৰ পৰা ওলোৱা পলুৱে টেঙাগছৰ কুমলীয়া ডালত বিন্ধা কৰি ডালৰ ভিতৰেদি তললৈ গৈ থাকে। এই পোকে গছৰ ডালত ফুটা বা বিন্ধা কৰাৰ ফলত আক্ৰান্ত গছৰ ডালবিলাকৰ আগটো লেৰেলি শুকাই যায় বা ডালৰ অংশ একেবাৰে মৰি নগ’লেও তাত লাগি থকা টেঙাবোৰ সৰি যায়।

নেমুৰ পাত খোৱা পতংগ বছৰৰ সকলো সময়তে দেখা যায় যদিও বাৰিষাহে ইয়াৰ বংশ বৃদ্ধি হয়। নেমুৰ পাত খোৱা পখিলাটো ডাঙৰ ৰংচঙীয়া ধুনীয়া পখিলা। পখিলাই টেঙাগছৰ কোমল ডাল অৰু পাতত কণী পাৰে। কণীৰ পৰা ওলোৱা পলুৱে নেমুগছৰ পাতবিলাক এফালৰ পৰা খাই শেষ কৰি দিয়াৰ বাবে ডালবোৰ লঠঙা হৈ পৰে। বহু সময়ত গছৰ ডালত পাত নথকাৰ বাবে দালবোৰ শুকাই আহে। এই পতংগই অৱশ্যে মুল বাৰীৰ নেমুটেঙা গছতকৈ পুলিবাৰীৰ শস্যত বিশেষ অনিষ্ট সাধন কৰে।

গছৰ বাকলি খোৱা পতংগই গছৰ বাকলিত কণী পাৰে। কণীৰ পৰা ওলোৱা পলুৱে গছৰ বাকলি অংশ বেঁকা-বেঁকি সুৰংগ কৰি খোৱাৰ ফলত আক্ৰান্ত গছ আৰু ডালবিলাকৰ বাঢ়ন ক্ষমতা কমি যায় আৰু গছৰ উৎপাদন হ্ৰাস পায়।

পাত সুৰংগী পোকৰ পলুৱে কুমলীয়া পাতৰ দুয়ো তৰপৰ মাজলৈ ফুটা কৰি সোমাই পাতৰ ভিতৰত থাকি বেঁকা-বেঁকি সুৰংগ কৰি খায়। আক্ৰমণ কৰা পাতখিলাৰ মাজে মাজে ৰুপালী বৰণৰ এঁকা-বেঁকা আঁচ দেখা যায়। পাত সুৰংগী পোকৰ পখিলায়ো পাতৰ পৰা ৰস শুহি খায়। পাতৰ ৰস শুহি খোৱাৰ ফলত পাতবিলাক মেটুৰা-মেটুৰি হয়, কোঁচ খাই যায় আৰু শেসত সৰি পৰে।

ফলৰ ৰস শুহি খোৱা পতংগৰ পখিলাই টেঙাগছৰ ফলবোৰৰ পৰা ৰস চুহি খায় আৰু খোৱাৰ সময়ত মুখেৰে এৰি দিয়া বিষাক্ত ৰস ফলত সোমাই যোৱাৰ বাবে ৰস চুহি খোৱা অংশ প্ৰথমে হালধীয়া হয় আৰু দুই-তিনিদিনৰ মুৰত ফলটো সৰি পৰে।

নেমুৰ চাইলা এবিধ সৰু পতংগ। অপৈণত পতংগবোৰ চেপেটা, ওকণীৰ নিচিনা। ইহঁত কোমল পাত আৰু ডালৰ কুমলীয়া আগবিলাকত থুপ খাই লাগি থাকে। গছৰ কোমল অংগ আৰু ফুলৰ পৰা ৰস চুহি খোৱাৰ ফলত পাত, আগ আৰু ফুলৰ কলিবোৰ লেৰেলি শুকাই যায়। তদুপৰি সিহঁতৰ গাৰ পৰা ওলোৱা মিঠা ৰস পাতত লাগি যোৱাৰ বাবে তাত এবিধ ভেঁকুৰজাতীয় বেমাৰ হয়। চাইলাই নেমুজাতীয় শস্যত কৰা প্ৰত্যক্ষ অনিষ্টতকৈ ‘গ্ৰিনিং ভাইৰাছ’ নামৰ বেমাৰবিধ বিয়পাই বেছি ক্ষতিকৰে।

নেমুগছৰ বগা মাখি, কপাহী পোক আৰু মোৱা পোকে গছৰ কুমলীয়া পাত আৰু ডালত জাকপাতি বা থুপ খাই লাগি থাকে আৰু এইবিলাকৰ ৰস চুহি খায়। পাতৰ ৰস শুহি খোৱাৰ  ফলত পাতবোৰ মেৰ খাই যায় আৰু এটা সময়ত সৰি পৰে। আক্ৰান্ত ডালবোৰ মজুৰা পৰি যায়। নেমুগছৰ বগা মাখিৰ আক্ৰমণৰ বাবে পাতত এবিধ ক’লা ভেঁকুৰজাতীয় বেমাৰ (sooty mould) হয়। এই ভেঁকুৰে পাতবোৰ ঢাকি ধৰাৰ কাৰণে সালোক-সংশ্লেষণ প্ৰক্ৰিয়াত বাধা জন্মে।

নিয়ন্ত্ৰণৰ ব্যৱস্থা:

১) নেমুজাতীয় শস্যৰ বাৰী সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। অৱশ্যে অন শস্যৰ দৰে এইজাতীয় গছৰ, বিশেষকৈ কমলা গছৰ গুৰি কোৰেৰে চিকুণাব লাগে। কাৰণ এইজাতীয় গছৰ শিপাবিলাক মটিৰ একেবাৰে উপৰিভাগত থকা কাৰণে কোৰেৰে চিকুণালে শিপাবোৰ কটা যাব পাৰে। গতিকে গুৰিৰ ঘাঁহ- বন হাতেৰে উঘলি বা কাঁচিৰে গুৰিতে কাটি থাকিব লাগে। গছত থকা পৰজীৱী উদ্ভিদ , যেনে- বিভিন্নধৰণৰ লতাবিলাক গুচাই দিব লাগে।

২) মৰি যোৱা গছ আৰু শুকাই যোৱা বা আধামৰা ডালবিলাক কাটি পৰাপক্ষত জ্বলাই দিব লাগে। বিশেষকৈ ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই কাম কৰিব লাগে। কিয়নো, মৰা গছ আৰু ডালত কেৰোণ পোক আৰু আগ বিন্ধোৱা পোকৰ পলুবোৰ থাকে।

৩) মাৰ্চ-এপ্ৰিল মাহত নেমুজাতীয় শস্যৰ গা-গছ আৰু পুৰঠ ডালবিলাকত চুণৰ লগত বি এইচ চি ১০ শতাংশ পাউডাৰ ১০:১ অনুপাত মিহলাই ডাঠকৈ পানীত গুলি সানি দিব লাগে। এনে কৰিলে বিশেষকৈ কেৰোণ পোক আৰু বাকলি খোৱা পোকৰ আক্ৰমণ কম হয়।

৪) নেমুজাতীয় শস্যৰ বাৰীত আমৰলি পৰুৱাৰ বাহ মেলি দিব লাগে। আমৰলি পৰুৱাই নানাবিধ অনিষ্টকাৰী পতংগৰ কণী আৰু পলুবিলাক খাই সিহঁতৰ আক্ৰমণ কমাই ৰাখে।

৫) কেৰোণ পোকৰ আক্ৰমণৰ প্ৰথমাৱস্থাত আক্ৰান্ত অঞ্চল কটাৰীৰে কাটি বাকলিৰ তলত থকা কণী আৰু পলুবোৰ মাৰিব লাগে। বাকলি খোৱা পলুৰ আক্ৰমণ দেখিলেও এনেদৰে কটাৰীৰে আক্ৰান্ত অঞ্চলৰ বাকলি কাটি পলুবোৰ মাৰিব পৰি।

৬) কেৰোণ পোকৰ পলু গা-গছৰ ভিতৰলৈ সোমালে পলুৱে গা-গছত কৰা বিন্ধাৰ মুখৰ জাৱৰখিনি ভালদৰে গুচাই ডাইক্লৰ’ভছ ৭৬ ই চি নামৰ ঔষধবিধত কপাহ তিয়াই বিন্ধাটোৰ ভিতৰলৈ খুঁচি সুমুৱাই দি বিন্ধাৰ মুখখন বোকাৰে বন্ধ কৰি দিব লাগে। এই ঔষধবিধত গেছীয় অৱস্থালৈ ৰুপান্তৰিত হৈ বিন্ধাটোৰ ভিতৰৰ পলুবোৰ মাৰিব।

৭) আগ বিন্ধোৱা পোকৰ ক্ষেত্ৰত আক্ৰান্ত গছৰ আগবোৰ কাটি গছত এণ্ডছালফান ৩৫ ই চি বা কুইন’লফছ ২৫ ই চি ঔষধৰ ১ চাহ চামুচ ৫ লিটাৰ পানীত মিলাই লৈ প্ৰয়োগ কৰিব লাগে।

৮) পাত সুৰংগী পোক, কপাহী পোক, বগা মাখি, নেমুটেঙাৰ চাইলা আদিৰ আক্ৰমণ চকুত পৰিলে ডাইমিথ’য়ট ৩০ ই চি ঔষধৰ ১ চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে।

৯) ফলৰ ৰস খোৱা পখিলাই নেমুজাতীয় শস্যৰ ফলবোৰ চুহি খোৱা দেখিলে ৰাতুই নেমুৰ বাৰীত জুই জ্বলাব লাগে। জুইৰ পোহৰত এই পখিলা সহজে আকৰ্ষিত হৈ জুইত পৰি মৰে। আনহাতে ওপৰত উল্লেখ কৰা (৮ নম্বৰ) ঔষধ প্ৰয়োগ কৰিও এইবিধ পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি।

গ) নাৰিকলৰ অনিষ্টকাৰী কীট-পতংগ

অসমৰ প্ৰায় সকলো অঞ্চলতেই কম-বেছি পৰিমাণে নাৰিকল গছ আছে আৰু ঠাইবিশেষে নাৰিকলৰ উৎপাদনো ভাল হয়। তৈলবীজ হিচাপেও নাৰিকলৰ আদৰ আছে। অসমৰ জলবায়ু ব্যৱস্থাত যিকেইবিধ কীট-পতংগই নাৰিকল গছক আক্ৰমণ কৰে সেই মুখ্য কীট-পতংগসমুহ হ’ল-

১) গঁড় পোক (Rhinoceros beetle)

২) নাৰিকলৰ গছবিন্ধা পোক (Red oalm weevil)

৩) নাৰিকলৰ কোৱা ওকণী (Coconut weevil)

৪) নাৰিকলৰ ফুলখোৱা পলু (Coconut caterpillar)

৫) নাৰিকলৰ কপাহী পোক (Mealy bug)

৬) উঁই পোক (Termite)

নাৰিকলৰ গঁড় পোকবিধ গুৰুৱাজাতীয় পতংগ। পুৰ্ণাংগ গুবৰুৱাৰ মুৰৰ সোঁমাজত গঁড়ৰ খৰ্গৰ দৰে শিং থাকে। গুবৰুৱাৰ দেহৰ পাখি সুগঢ়িত বাবে অতি সহজতে বহুদুৰলৈ উৰি যাব পাৰে। মাইকী গুবৰুৱাই পচা জাবৰ আৰু পচনসাৰৰ দমবিলাকত কণী পাৰে। কণীৰ পৰা ওলোৱা পলুৱে মাটিত পচিবলৈ আৰম্ভ কৰা বস্তুবিলাককে খায়। পলুবিলাকে মাটিতে লেটা বান্ধে। লেটাৰ পৰা বাহিৰ হোৱা গুবৰুৱাবিলাক ৰাতিৰ ভাগতহে সক্ৰিয় হয় আৰু পোহৰৰ উৎসৰ প্ৰতি ইহঁত অতি সহজতে অকৰ্ষিত হয়। এই পোকৰ পলুবিলাক অনিষ্টকাৰী নহয়। পুৰ্ণাংগ গুবৰুৱাই গছৰ পত্ৰকুণ্ডলীৰ মজ্জা অংশ, পাতৰ ঠাৰি অংশ আৰু ফুলৰ ঢকুৱাবিলাক বিন্ধা কৰি ভিতৰলৈ সোমাই যায় আৰু গছৰ ভিতৰৰ কোমল মঙহাল অংশবিলাক খাই শুকান আঁহসমুহ আক্ৰমণৰ ফলত গা-গছত হোৱা বিভিন্ন ফুটাবিলাকেদি বাহিৰলৈ উলিয়াই দিয়ে। পুলি অৱস্থাত এই পোকে নাৰিকল গছক আক্ৰমণ কৰিলে গছৰ বাঢ়িবলৈ ধৰা পত্ৰকুণ্ডলীটো নষ্ট হোৱাৰ বাবে গোটেই গছজোপাই শুকাই যোৱা দেখা যায়। গুটিধৰা নাৰিকলৰ গছৰ ফুলৰ ঢকুৱাসমুহ অনিষ্ট কৰাৰ ফলত নাৰিকলৰ উৎপদন শতকৰা ১০-১৫ ভাগ কমি যায়। সাধাৰণতে এই পোকে এটা বছৰত এটা অংশহে সম্পুৰ্ণ কৰে।

নাৰিকলৰ গা-গছ পোকবিধো দেখাত গুবৰুৱাৰ দৰেই, কেৱল মাথোঁ মুখৰ সমুখভাগ জোঙা। পুলি অৱস্থাৰ নাৰিকল গছৰ কোমল অংশত এই পোকে কণী পাৰে। কিন্তু গুটিধৰা পৈণত গছত আগৰে পৰা থকা কটা দাগ আৰু আঘাতপ্ৰাপ্ত অংশৰ ভিতৰত কণী পাৰে। কণীৰ পৰা বাহিৰ ওলায়ে পলুৱে গা-গছৰ বাকলিৰ তলফালে সুৰংগৰ নিচিনা কৰি ভিতৰৰ মজ্জা অংশলৈ সোমাই যায় আৰু ভিতৰৰ কুমলীয়া অংশ খাই দিয়াৰ বাবে গা-গছৰ ভিতৰৰ অংশ ফোঁপোলা হৈ পৰে। ফলস্বৰুপে পুলি অৱস্থাৰ নাৰিকল গছ লেৰেলি শুকাই যাবলৈ ধৰে। কিন্তু গুটিধৰা গছৰ পত্ৰকুণ্ডলীৰ মাজত থাকিহে গছৰ অনিষ্টসাধন কৰে। পুলি অৱস্থাৰ নাৰিকল গছত এই পোকে অতি সহজতে বংশ বিস্তাৰ কৰে। গুটিধৰা গছত আক্ৰমণৰ প্ৰভাৱ বেছি হ’লে পত্ৰকুণ্ডলীৰ তলফালৰ পৰা পাতবোৰ সৰি পৰে। ফলত গছজোপা মৰি যায়।

নাৰিকলৰ কোৱা ওকণী দেখাত সৰু সৰু। গাৰ বৰণ উজ্জ্বল কলা। কোৱা ওকণীয়ে নাৰিকলৰ গছৰ গুৰি, শিপা, ফুলৰ ঠাৰি আৰু পাতৰ ঠাৰি অংশত কণী পাৰে। কণী ফুটি ওলোৱা পলুৱে নাৰিকল গছৰ মাটিৰ উপৰিভাগত ওলাই থকা শিপা, পাত আৰু ফুল ফুলাৰ সময়ত ফুলৰ ঠাৰিডালৰ যথেষ্ট ক্ষতি কৰে। ফুলৰ ঠাৰিত আক্ৰমণ কৰা বাবে গুটি ধৰাৰ পাছত গুটিসমুহ পুৰঠ নোহোৱাকৈ সৰি পৰে।

নাৰিকল গছৰ ফুল খোৱা পলুবিধ নাৰিকল গছৰ ফুলসমুহ অনিষ্ট কৰা এক প্ৰধান পোক। নাৰিকল ফুল আৱৰি ৰখা ঢকুৱাবিলাকত কণী পাৰে। কণীৰ পৰা ওলোৱা পলুৱে ঢকুৱাবিলাকক বিন্ধা কৰি ভিতৰভাগলৈ সোমাই গৈ ফুলবিলাক আক্ৰমণ কৰে। পলুবিলাকে ফুলৰ কুমলীয়া অংশসমুহ খোৱাৰ ফলত অনিষ্ট কৰা ফুলত গুটি নধৰে।

গৰমৰ দিনকেইটাত কপাহী পোকৰ আক্ৰমণ খুউব বেছিকৈ দেখা যায়। পাতৰ ঠাৰিৰ ভিতৰ অংশ আৰু নতুনকৈ মেলি অহা ফুলৰ ঠাৰিৰ গুৰি অংশত থুপ পাতি থাকি এই পোকে কোষৰ ৰস শুহি খায়। পোকৰ আক্ৰমণ বেছিকৈ হ’লে পাতৰ বৰণ হালধীয়া হৈ পৰে আৰু এটা সময়ত শুকাই যায়। নতুনকৈ মেলি অহা ফুলৰ ঠাৰিত আক্ৰমণ কৰাৰ ফলত ফুল ফুলি সম্পুৰ্ণ নৌহওঁতেই ফুলপাহ শুকাই যায়।

উঁই পোকৰ আক্ৰমণ নাৰিকলৰ পুলিবাৰীত বেছিকৈ দেখা যায়। ইয়াৰ উপৰি নতুনকৈ ৰোৱা নাৰিকল পুলিৰো অনিষ্ট কৰে। উঁই পোকে মাটিৰ তলত থাকি গছৰ শিপাসমুহ নষ্ট কৰি দিয়ে আৰু ইয়াৰ ফলত গছৰ পত্ৰচক্ৰৰ আগ অংশটো শুকাই যায়।

নিয়ন্ত্ৰণৰ ব্যৱস্থা:

নিন্মোলিখিত ব্যৱস্থাসমুহ গ্ৰহণ কৰি নাৰিকল গছৰ অনিষ্টকাৰী কীট-পতংগসমুহ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

১) নাৰিকলৰ গছৰ গুৰিত বা নাৰিকল বাৰীৰ ওচৰে-পাঁজৰে জাৱৰ বা গোবৰ আদি দ’মাই ৰাখিব নালাগে। যিহেতু এইবিলাকত নাৰিকলৰ গঁড় পোকে কণী পাৰে। নাৰিকল গছৰ গুৰিত পচনসাৰ, গোবৰ আদি প্ৰয়োগ কৰিলে তাত বি এইচ চি ১০ শতাংশ বা কাৰ্বফুৰাণ ৩ জি গছেপ্ৰতি ২০ গ্ৰামকৈ প্ৰয়োগ কৰিব লাগে।

২) নাৰিকল গছৰ মুকুট অংশ মাজে-সময়ে শুকান পাত, জাবৰ আদি গুচাই পৰিষ্কাৰ কৰি থাকিলে গঁড় পোক, গা-গছ পিন্ধোৱা পোক, কপাহী পোক আৰু ফুলত আক্ৰমণ কৰা পতংগসমুহ নিয়ন্ত্ৰিত হৈ থাকে।

৩) পুলিবাৰীত নাৰিকলৰ গা-গছ বিন্ধোৱা পোকে আক্ৰমণ কৰিলে মৰা গছবোৰ কাটি যথাসম্ভৱ পুৰি পেলাব লাগে।

৪) নাৰিকলৰ মুকুট অংশত মাজে-সময়ে এণ্ড’ছালফান ৩৫ ই চি ঔষধৰ ১ চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

৫) উঁই পোক নিয়ন্ত্ৰণৰ বাবে নাৰিকল গছৰ গুৰিত বি এইচ চি ১০ শতাংশ ২৫ গ্ৰাম গুৰি বা কাৰ্বফুৰাণ ৩ জি ঔষধৰ ১০ গ্ৰাম মাটিত প্ৰয়োগ কৰিব লাগে। নাৰিকলৰ পুলি ৰোৱাৰ আগতে গাঁতত শুকান জাবৰ বা শুকান নৰা দি জ্বঅলই দিব লাগে আৰু পুলি ৰোৱাৰ সময়ত বি এইচ চি ১০ শতাংশৰ ১০ গ্ৰাম বা কাৰ্বফুৰাণ ৩ জিৰ ৫ গ্ৰাম গঁতত প্ৰয়োগ কৰিলে উঁই আৰু ৰঙা পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰি।

মছলাজাতীয় শস্যৰ অনিষ্টকাৰী কীট-পতংগ (Pests of Spices)

মছলাজাতীয় শস্যৰ ভিতৰত বিশেষকৈ ইলাচী, জালুক, লং, দালচেনি, জলকীয়া, ধনীয়া, হালধি আৰু আদাকে অন্তৰ্ভুক্ত কৰা হয়। শস্যৰ বিভিন্ন অৱস্থাত বিভিন্নধৰণৰ কীট-পতংগই আক্ৰমণ কৰা পৰিলক্ষিত হয়। আমাৰ অসমত বিশেষকৈ জালুক, জলকীয়া, ধনীয়া, হালধি আৰু আদাৰ খেতিৰ ওপৰতে অধিক গুৰুত্ব দিয়া হয়। ইলাচী, লং আৰু দালচেনি খেতিৰ বাবে অসমৰ মাটি আৰু পৰিৱেশ খুউব এটা সুচল নহয়।

ইলাচীৰ লগত জড়িত হৈ থকা বিভিন্নধৰণৰ অনিষ্টকাৰী কীট-পতংগসমুহ হ’ল -

১) মোৱা পোক (Aphid)

২) শোহনী পোক (Jassid)

৩) বিছা পোক আৰু (Hairy caterpillar)

৪) বীজখোৱা পোক (Seed borer)

মোৱা পোক আৰু শোহনী পোকে সাধাৰণতে ইলাচী গছৰ  কুমলীয়া পাত, কুমলীয়া ঠাৰি আৰু ফুলৰ কলিৰ পৰা ৰস শুহি খায়। মোৱা পোকৰ আক্ৰমণৰ বাবে ইলাচী গছৰ বিভিন্নধৰণৰ ভাইৰাছজনিত বেমাৰ পৰিলক্ষিত  হয়। আনহাতে শোহনী পোকে আক্ৰমণ কৰা ফুলবিলাক নিয়ন্ত্ৰণ কৰিবলৈ ডাইমিথয়েট ৩০ ই চি বা কুইনালফছ ২৫ ই চি ঔষধৰ ২ মিলিলিটাৰ, ১ লিটাৰ পানীত (দুই চাহ চামুচ ঔষধ ৫ লিটাৰ পানীত) মিহলাই গছত প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ ঔষধ ব্যৱহাৰ কৰা ৭-১০ দিনৰ ভিতৰত পুনৰ দ্বিতীয়বাৰৰ বাবে প্ৰয়োগ কৰা বাঞ্চনীয়।

বিছা পোকে ইলাচী গছৰ পাতবিলাক সম্পুৰ্ণকৈ খাই দিয়াৰ বাবে গছবিলাক লঠঙা হৈ পৰে। পাত নথকা গছত সালোক সংশ্লেষণত বাধাপ্ৰাপ্ত হোৱাৰ বাবে গছৰ বাঢ়ন ক্ষমতা কমি আহে। পুলি অৱস্থাত এই পলুৰ আক্ৰমণৰ বাবে গছবিলাক মৰি যোৱাও দেখা যায়। এই পোকক নিয়ন্ত্ৰণ কৰিবলৈ মালাথিয়ান ৫০ ই চি ঔষধৰ ১ মিলিমিটাৰ ১ লিটাৰ পানীত (১ চাহ চামুচ ৫ লিটাৰ পানীত) মিহলাই ৭ দিনৰ অন্তৰে অন্তৰে দুবাৰ স্প্ৰে’ কৰিব লাগে । বীজখোৱা পোকৰ পলুৱে সাধাৰণতে কুমলীয়া গছৰ গুৰি অংশত ফুটা কৰি গা-গছৰ ভিতৰৰ কুমলীয়া মজ্জা অংশ খাই দিয়ে। ফলস্বৰুপে গছজোপা ওপৰৰ পৰা শুকাই আহে অৰু এটা সময়ত গোটেই গছজোপাই মৰি যায়। আনহাতে পলুৱে যেতিয়া ইলাচীবিলাক আক্ৰমণ কৰে, আক্ৰমণ কৰা ইলাচীবিলাক এটা সময়ত শুকাই আহে। বীজখোৱা পোক নিয়ন্ত্ৰণৰ বাবে কাৰবাৰিল নামৰ ঔষধৰ ১ গ্ৰাম ১ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিলে সুফল পোৱা যায়।

জলকীয়াৰ ক্ষেত্ৰত সাধাৰণতে শোহনী পোক আৰু বগা মাখিৰ আক্ৰমণ সততে দেখা যায়। এই দুয়োবিধ পতংগৰ পৈণত আৰু অপৈণত পতংগই জলকীয়া গছৰ কুমলীয়া পাতৰ পৰা ৰস শুহি খায়। ৰস শুহি খোৱাৰ  ফলত পাতবোৰ মেটুৰা-মেটুৰী হৈ পাছলৈ শুকাই যায়। এই দুয়োবিধৰ পতংগক নিয়ন্ত্ৰণৰ কাৰণে ৭-১০ দিনৰ অন্তৰে অন্তৰে মালাথিয়ন ৫০ ই চি ১ মিলিলিটাৰ ১ লিটাৰ পানীত (১ চাহ চামুচ ৫ লিটাৰ পানীত) মিহলাই গছত প্ৰয়োগ কৰিব লাগে।

জালুকৰ ক্ষেত্ৰত অনিষ্টকাৰী কীট-পতংগৰ সংখ্যা বৰ কম। কেৱল মাথোঁ ‘পলু বিটল’ নামৰ গুবৰুৱাজাতীয় পতংগই জালুকৰ চিৰাবিলাকত আক্ৰমণ কৰি শস্যৰ বিস্তৰ ক্ষতিসাধন কৰে। সাধাৰণতে পলু বিটলৰ পুৰ্ণাংগ গুবৰুৱাবিলাকে জালুক গছৰ পাতবিলাক খাই অনিষ্ট সাধন কৰে। আনহাতে পোৱালি বা পলুবিলাকে জালুকৰ চিৰাডালত ফুটা কৰি ভিতৰলৈ সোমাই যায় আৰু চিৰাৰ ভিতৰৰ অংশ খাই নষ্ট কৰে। এই পতংগক নিয়ন্ত্ৰণ কৰিবৰ বাবে জালুক পুলি ৰোৱাৰ পাছৰ পৰা এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত পুলিৰ তলৰ মাটিভাগ সৰু কোৰেৰে চহাই থাকিব লাগে। যিহেতু এই পতংগই মাটিত কণী পাৰে। মাটি চহাই থাকিলে পতংগই পৰা কণীবিলাক নষ্ট হয়। আনহাতে জুলাই আৰু অক্টোবৰ মাহত পলু বিটলৰ সংখ্যা বঢ়াৰ বাবে অনুকুল বতৰ। সেয়েহে এই দুয়োটা মাহতে ডাইমিথয়েট ৩০ ই চি বা কুইনালফছ ২৫ ই চি ২ মিলিলিটাৰ ১ লিটাৰ পানীত (দুই চাহ চামুচ ৫ লিটাৰ পানীত) মিহলাই প্ৰতি ১০ দিনৰ মুৰে মুৰে গছত স্প্ৰে’ কৰিব লাগে।

হালধিৰ লগত জড়িত হৈ থকা অনিষ্টকাৰী কীট-পতংগকেইটা হ’ল

১) হালধিৰ পাত মেৰিওৱা পোক আৰু

২) হালধিৰ মজাখোৱা পোক।

হালধিৰ পাত মেৰিওৱা পোকে হালধি গছৰ পাতবিলাক লগ লগাই একোটাহঁত চুঙাৰ দৰে কৰি দিয়ে আৰু এই পাতৰ চুঙাৰ ভিতৰতে থাকি পাতবিলাক অনিষ্ট কৰে। অনিষ্ট কৰা পাতবিলাক প্ৰথমে লেৰেলি যায় আৰু শেষত সম্পুৰ্ণৰুপে শুকাই পৰে। এই পোকৰ পলুক নিয়ন্ত্ৰণ কৰিবলৈ কুইনালফছ ২৫ ই চি ঔষধ ব্যৱহাৰ কৰিলেই হ’ব। ব্যৱহাৰৰ প্ৰণালী পলু বিটলৰ লগত একেই। আনহাতে হালধিৰ মজাখোৱা পোকৰ পলুৱে হালধি গছৰ গুৰিত ফুটা কৰি ভিতৰলৈ সোমাই গৈ গা-গছৰ ভিতৰৰ মজ্জা অংশ খাই দিয়ে আৰু ফলস্বৰুপে গছৰ থোৰটো শুকাই আহে। এই পোকক নিয়ন্ত্ৰণ কৰিবলৈ কাৰবাইল ঔষধৰ ১ গ্ৰাম ১ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিলে সুফল পোৱা যায়। প্ৰথমবাৰ ঔষধ ব্যৱহাৰ কৰাৰ ৭ দিনৰ পাছত পুনৰ দ্বিতীয়বাৰ প্ৰয়োগ কৰিব লাগে।

হালধিৰ মজাখোৱা পোকৰ দৰে আদাতো এইবিধ পতংগৰ আক্ৰমণ দেখিবলৈ পোৱা যায়। আক্ৰমণ কৰা প্ৰক্ৰিয়াও একেই। পাৰ্থক্য মাথোঁ আদাৰ ক্ষেত্ৰত এই পতংগৰ পলুৱে গা-গছ আক্ৰমণ কৰি থোৰডাল শুকুৱৰ উপৰি মাটিৰ তলত থকা আদাতো আক্ৰমণ কৰে। নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে হালধিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা কীটনাশক ঔষধেই নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰয়োগ কৰিব পাৰি।

দালচেনিৰ ক্ষেত্ৰত দালচেনি গছৰ পাত খোৱা দালচেনি পখিলাবিধেই মুখ্য পতংগ। এই পতংগৰ পলুৱে দালচেনি গছৰ কুমলীয়া আৰু বুঢ়া সকলোধৰণৰ পাতেই এফালৰ পৰা খাই গছজোপাৰ বিস্তৰ ক্ষতি কৰে। আক্ৰমণৰ তীব্ৰতা বেছি হ’লে গছৰ বাঢ়ন ক্ষমতাত প্ৰভাৱ পৰে। এই পতংগক নিয়ন্ত্ৰণ কৰিবলৈ কুইনালফছ ২৫ ই চি নামৰ ঔষধৰ ২ মিলিলিটাৰ ১ লিটাৰ পানীত (দুই চাহ চামুচ ৫ লিটাৰ পানীত ) মিহলাই গছত প্ৰয়োগ কৰিব লাগে।

ধনীয়াৰ ক্ষেত্ৰত অনিষ্টকাৰী কীট-পতংগ নাই বুলিবই পাৰি।

ব্যৱসায়িক ভিত্তিত কৰা কেইবিধমান ফুলৰ অনিষ্টকাৰী কীট-পতংগ আৰু নিয়ন্ত্ৰণৰ উপায়

১) গ্লেডিঅ’লাছ:

অসমত ব্যৱসায়িক ভিত্তিত কৰিব পৰা ফুলৰ ভিতৰত  গ্লেডিঅ’লাছ অন্যতম। এই ফুলৰ আন এটা নাম শ্বৰ্ড লিলি (Sword lily)। অসমৰ মাটি আৰু পৰিৱেশ এই ফুলৰ খেতিৰ বাবে উপযোগী। এই ফুলৰ বিভিন্ন ৰং, যেনে-বগা, বেঙুনীয়া, ৰঙা আৰু কমলাই মানুহক আককৰে। সাধাৰণতে এই ফুলক বিভিন্নধৰণৰ কেট-পতংগ যেনে- মোৱা পোক, শোহনী পোক, ভুঁৰ পোক আৰু পাতৰ চাহীয়ে অনিষ্টসাধন কৰে। কীট-পতংগসমুহৰ আক্ৰমণৰ ফলত ফুলৰ ৰঙৰ উজ্জ্বলতা হ্ৰাস পায় বা ফুল নুফুলিবও পাৰে।

ক) মোৱা পোক:

মোৱা পোকে ফুলগছৰ কুমলীয়া পাতৰ ৰস শুহি খায় আৰু আক্ৰমণৰ মাত্ৰা বেছি হ’লে পাতবিলাক ওপৰৰ ফালৰ পৰা শুকাই আহে। এই পোকে সাধাৰণতে ভাইৰাছজনিত ৰোগসমুহৰ প্ৰধান বাহক হিচাপে কাম কৰে।

প্ৰতিকাৰ:

মিথাইল পেৰাথিয়ন ৫০ ই চি নতুবা মালাথিয়ন ৫০ ই চি ১ মিলিলিটাৰ ১ লিটাৰ পানীত (এক চাহ চামুচ ঔষধ ৫ লিটাৰ পানীত) ভালদৰে মিহলাই এসপ্তাহৰ অন্তৰে অন্তৰে তিনিবাৰ গছত প্ৰয়োগ কৰিব লাগে।

খ) শোহনী পোক:

শোহনী পোকে ফুল, ফুলৰ ঠাৰি আৰু কুমলীয়া পাতৰ ৰস শুহি খায়। আক্ৰমণৰ মাত্ৰা বেছি হ’লে ফুলবিলাক কোঁচ খাই পৰে, ফুলৰ ঠাৰি ডাল শুকাই যায় আৰু বগা বৰণৰ হৈ পৰে। এই পোকক নিয়ন্ত্ৰণ কৰিবলৈ মোৱা পোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ দিয়া ঔষধকে ব্যৱহাৰ কৰিব পাৰি।

গ) ভুঁৰ পোক:

ভুঁৰ পোকে সাধাৰণতে ফুলগছজোপাৰ গুৰিটো কাটি দিয়ে। দিনৰ ভাগত এই পোকৰ পলুবিলাক মাটিৰ তলত লুকাই থাকে আৰু সন্ধ্যা সময়ত মাটিৰ তলৰ পৰা ওলাই আহি গছক আক্ৰমণ কৰে। কেতিয়াবা ভুঁৰ পোকৰ পলুৱে কুমলীয়া ফুলগছৰ পাতবিলাকো খায়।

প্ৰতিকাৰ:

বিঘাই প্ৰতি ৪ কিলোগ্ৰাম ৫ শতাংশযুক্ত মালাথিয়ন পাউডাৰ গছৰ গুৰিত মাটি চপোৱাৰ সময়ত মিলাই দিব লাগে নতুবা শুকান খলিহৈ বিঘাই প্ৰতি ৩০ কেজি হিচাপত ব্যৱহাৰ কৰিব লাগে।

ঘ) পাতৰ চাহী:

এই পোকে পাতৰ ৰস শুহি খায় আৰু ফলস্বৰুপে পাতত সৰু সৰু বগা দাগ দেখা যায়। অনিষ্ট কৰা পাতসমুহ মেটুৰা-মেটুৰি হৈ  ৰু হৈ পৰে। আক্ৰমণ বেছি হ’লে দুখন বা তিনিখন পাত লগ লগাই জালেৰে আবৃত কৰি পেলায়। চাহীৰ আক্ৰমণত গছৰ বাঢ়ন ক্ষমতা কমি আহে। সাধাৰণতে ছাঁ পৰি থকা মাটিত গ্লেডিঅ’লাছৰ খেতি কৰিলে চাহীৰ আক্ৰমণ বেছি হয়।

প্ৰতিকাৰ:

ডাইক’ফল ৫ ই চি নতুবা ইথিয়ন ৫০ ই চি ১ মিলিলিটাৰ ১ লিটাৰ পানীত (১ চাহ চামুচ ঔষধ ৫ লিটাৰ পানীত) ভালদৰে মিহলাই এসপ্তাহৰ অন্তৰে অন্তৰে গছত প্ৰয়োগ কৰিব লাগে।

ঙ) ফুল কুটা পখিলা:

এই পখিলাৰ পলুবোৰে ফুলৰ পাহিবিলাক কুটি খায়। দিনৰ ভাগতকৈ ৰাতিৰ ফালেহে এই পোকে ফুলগছক আক্ৰমণ কৰে।

প্ৰতিকাৰ:

এণ্ড’ছালফান ৩৫ ই চি শক্তিযুক্ত ঔষধ ২ মিলিলিটাৰ ১ লিটাৰ পানীত (২ চাহ চামুচ ঔষধ ৫ লিটাৰ পানীত) মিহলাই গছত প্ৰয়োগ কৰিব লাগে।

২) ইন্দ্ৰমালতী

জনপ্ৰিয় ফুলৰ ভিতৰত গোলাপ আৰু ইন্দ্ৰমালতী ফুল অন্যতম। অসমৰ মাটি আৰু পৰিৱেশ ইন্দ্ৰমালতী ফুল খেতিৰ বাবে উপযোগী। ইন্দ্ৰমালতী ফুলকো বিভিন্ন ধৰণৰ কীট-পতংগই আক্ৰমণ কৰি ফুলৰ গুণাগুণ যথেষ্ট পৰিমাণে হ্ৰাস কৰে।

ক) মোৱা পোক:

এই পোকে গছৰ কুমলীয়া পাত, ফুলৰ কলি আৰু ঠাৰি আক্ৰমণ কৰে। ফুলৰ কলি আৰু ঠাৰিৰ পৰা ৰস শুহি খোৱাৰ বাবে এইবিলাক লেৰেলি শুকাই যায়। আনহাতে মোৱা পোকে মৌজাতীয় ৰস ফুলৰ ঠাৰিবিলাকত নি:সৰণ কৰে আৰু ইয়াৰ ওপৰত ক’লা ভেঁকুৰজাতীয় পদাৰ্থৰ সৃষ্টি হয়। ফলস্বৰুপে গছৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হৈ গছৰ বাঢ়ন ক্ষমতা কমি যায়।

প্ৰতিকাৰ:

গ্লেডিঅ’লাছ ফুলৰ দৰে একে। ইয়াৰ উপৰি ধঁপাতৰ মিশ্ৰণো গছত স্প্ৰে কৰিব পাৰি।

ধঁপাতৰ মিশ্ৰণ প্ৰস্তুত কৰা প্ৰণালী:

৫০০ গ্ৰাম ধঁপাত ১ লিটাৰ পানীত ২৪ ঘণ্টাৰ বাবে ডুবাই থ’ব লাগে। ২৪ ঘণ্টাৰ পাছত ধঁপাত আৰু পানীৰ মিশ্ৰণ ভালদৰে চেকি লৈ তাৰ লগত ১০ গ্ৰাম কাপোৰ ধোৱা চাবোন ভালদৰে মিহলাব লাগে। এতিয়া প্ৰয়োগ কৰাৰ আগতে উক্ত মিশ্ৰণ ৫-৬ লিটাৰ পানীত লগত মিহলাই ল’ব লাগে।

খ) বিছা পোক:

বিছা পোকৰ পলুৱে ইন্দ্ৰমালতীৰ পাতবিলাক এফালৰ পৰা  খাই যায় আৰু আধাখোৱা পাতবিলাক ক্ৰমান্বয়ে শুকাই যায়।

গ) শোহনী পোক:

ওকণীৰ দৰেই এই ক্ষুদ্ৰ পোকে ফুলগছৰ কুমলীয়া আগবিলাকৰ পৰা ৰস শুহি খোৱাৰ ফলত গছৰ আগ শুকাই যায়।

প্ৰতিকাৰ:

ওপৰত উল্লিখিত মোৱা পোকৰ সৈতে একে।

ঘ) পাত সুৰংগী পোক:

সাধাৰণতে গ্ৰীণ হাউছত কৰিবলৈ লোৱা ইন্দ্ৰমালতী ফুলত এই পোকৰ আক্ৰমণ বেছিকৈ দেখা যায়। এই পোকে পাতৰ দুয়ো পিঠিৰ মাজত সুৰংগ কৰি ভিতৰৰ অংশ খায়।

৩) জাৰবেৰা:

জাৰবেৰা ফুল গোটেই বছৰজুৰি বেলেগ বেলেগ সময়ত পাব পাৰি। এই ফুল বহু বেছি দিনলৈ সতেজ হৈ থাকে। এই ফুলৰ আকাৰ আৰু বিভিন্ন ৰং, যেনে- ৰঙা, বগা, গুলপীয়া, কমলা আদিৰ বাবে মানুহৰ মাজত জনপ্ৰিয় হৈ উঠিছে। জাৰবেৰা ফুলক অনিষ্ট কৰা প্ৰধান কীট- পতংগসমুহ হ’ল:

ক) বগা মাখি:

এই মাখিৰ পৈণত আৰু অপৈণত দুয়োবিধ পতংগই পাতৰ তলফালৰ পৰা ৰস শুহি খায়। আক্ৰমণৰ মাত্ৰা বেছি হ’লে পাতৰ ওপৰত বগা পাউডাৰৰ এটা প্ৰলেপ পৰে। এই পোকে মৌজাতীয় ৰস আক্ৰমণৰ সময়ত নি:সৰণ কৰা বাবে গছৰ পাতবিলাকত কলা ভেঁকুৰজাতীয় পদাৰ্থৰ সৃষ্টি হয়।

প্ৰতিকাৰ:

ক্লৰ’পাইৰিফছ ২০ ই চি ঔষধ ২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত (২ চামুচ ঔষধ ৫ লিটাৰ পানীত ) ভালদৰে মিহলাই ১৫ দিনৰ অন্তৰে অন্তৰে দুবাৰ প্ৰয়োগ কৰিব লাগে।

৪) নাৰ্জী ফুল:

অসমত লাভজনকভাৱে খেতি কৰা এবিধ ফুল হৈছে নাৰ্জীফুল। এইবিধ ফুলৰ কৃষিকাল কমিদিনীয়া হোৱাৰ বাবে অতি সহজতে এই ফুলৰ খেতি কৰিব পাৰি। নাৰ্জী ফুলক অনিষ্ট কৰা বিভিন্নধৰণৰ কীট-পতংগসমুহক হ’ল ৰঙা চাহী,  পাতখোৱা পখিলা, শোহনী পোক আৰু ফুলবিন্ধা পোক।

প্ৰতিকাৰ:

ৰঙা চাহীৰ কেওবিধ পোক নিয়ন্ত্ৰণ কৰিবলৈ ৰাসায়নিক ঔষধৰ ভিতৰত ক্লৰ’পাইৰিফছ ২০ ই চি বা এণ্ড’ছালফান ৩৫ ই চিৰ ২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত ( ২ চাহ চামুচ ৫ লিটাৰ পানীত) মিহলাই গছত প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ ঔষধ প্ৰয়োগ কৰাৰ ১০ দিনৰ পাছত পুনৰ দ্বিতীয়বাৰ প্ৰয়োগ কৰিব লাগে। ৰঙা চাহীৰ ক্ষেত্ৰত ডাইক’ফল ৫ ই চি ঔষধ ২ মিলিলিটাৰ ১ লিটাৰ পানীত (২ চাহ চামুচ ৫ লিটাৰ পানীত) মিহলাই প্ৰয়োগ কৰিব লাগে। এইক্ষেত্ৰত প্ৰথমবাৰ প্ৰয়োগ কৰাৰ ১০ দিনৰ পাছত পুনৰ দ্বিতীয়বাৰ প্ৰয়োগ কৰিব লাগে।

লেখক: ড° দিলীপ কুমাৰ শইকীয়া

উৎস: আধুনিক কৃষিকথা (শস্য সুৰক্ষা)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

3.15625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top