মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / ইক’লজিকেল ইঞ্জিনীয়াৰিং
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ইক’লজিকেল ইঞ্জিনীয়াৰিং

ইক’লজিকেল ইঞ্জিনীয়াৰিং

হাইদৰাবাদৰ ৰাজেন্দ্ৰনগৰস্থিত “ৰাষ্ট্ৰীয় বনস্পতি স্বাস্থ্য প্ৰবন্ধন সংস্থান”ৰ দ্বাৰা এপ্ৰিলৰ ৪ তাৰিখৰ পৰা ২৪ তাৰিখ’ ২০১৪ লৈ আয়োজিত এক কৃষিবিজ্ঞানীৰ প্ৰশিক্ষণত অংশগ্ৰহন কৰোতে এই সংস্থানৰ মুখ্য নিৰ্দেশক ড০ কে. পি. সত্যগোপালে আমাক “ইক’লজিকেল ইঞ্জিনীয়াৰিঙৰ সহায়ত শস্যৰক্ষা” শীৰ্ষক এক বিষয়ৰ প্ৰশিক্ষণ আগবঢ়ায় ৷ কৃষি ক্ষেত্ৰত পোক-পতংগ নিৰ্মূলৰ বাবে সুসংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে সকলোৱে জানে ৷ ১৯৬৭ চনৰ পৰা বিশ্ব খাদ্য সংস্থাই গুৰুত্ব প্ৰদান কৰা সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাত অপকাৰী পতংগ নিয়ন্ত্ৰণৰ বাবে শস্য পৰিচৰ্যা, ভৌতিক, যান্ত্ৰিক, জৈৱিক, থলুৱা প্ৰযুক্তি কৌশল আদি নিয়ন্ত্ৰণ ব্যৱস্থা সমূহ ব্যৱহাৰ কৰাৰ পাছতো যদি অপকাৰী কীট-পতংগই অৰ্থনৈতিক ক্ষতিকাৰী সীমা (Economic Threshold Level) মানে পতংগনাশক ব্যৱহাৰৰ লক্ষ্মণৰেখা পাৰ হ’লেই কৃত্ৰিম ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰৰ অনুমতি দিয়া হয় ৷ তেন্তে শস্যৰক্ষাৰ বাবে “সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা”ৰ দৰে এক ফলপ্ৰসূ ব্যৱস্থা থকাৰ পাছতো ইক’লজিকেল ইঞ্জিনীয়াৰিঙৰ ওপৰত নিৰ্ভৰ কৰিবলগা হ’ল।

এই কথা আমি সকলোৱে জানো যে, চুইজাৰলেন্ডৰ ৰসায়নবিদ, পল হাৰমান মুলাৰে ১৯৩৯ চনত ডি.ডি.টি.ৰ কীটনাশকতত্ব আৱিষ্কাৰ কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত মেলেৰিয়া আৰু টাইফাচ ৰোগৰ বিৰুদ্ধে ডি.ডি.টি. ব্যৱহাৰ কৰা হৈছিল ৷ যুদ্ধক্ষেত্ৰৰ সৈনিকৰ পৰা শিশুলৈকে গাত পাউডাৰ সনাৰ দৰে ডি.ডি.টি. সানি পোক-পতংগৰ আক্ৰমনৰ পৰা ৰক্ষা পৰিছিল আৰু মানৱ সমাজৰ বাবে সুফলদায়ক এই কীটনাশকৰ চমৎকাৰী আৱিষ্কাৰৰ স্বীকৃতি হিছাপে ১৯৪৮ চনত মুলাৰক নোবেল বঁটাৰে বিভুষিত কৰা হয় ৷ কিন্তু ডি.ডি.টি.ৰ এই জয়যাত্ৰা বেছিদিন নিটিকিল ৷ মানুহে লাহে লাহে ডি.ডি.টি.ৰ পৰা উদ্ভৱ হোৱা ক্ষতিকাৰী দিশৰ সম্পৰ্কে অৱগত হ’বলৈ ধৰিলে ৷ ১৯৬২ চনৰ ২৭ চেপ্টেম্বৰত প্ৰকাশিত মাৰ্কিন লেখিকা ৰাছেল কাৰ্চনৰ “চাইলেন্ট স্প্ৰিং” নামৰ গ্ৰন্থখনে বিশ্বত খলকনি তোলে ৷ শস্যক্ষেত্ৰ বা অন্য ঠাইত প্ৰয়োগ কৰা ডি.ডি.টি. পানীৰ লগত উটি গৈ এটা পানীৰ সূঁতিত পৰে, য’ত অসংখ্য চিৰ্পিং বাৰ্ডৰ অবাধ বিচৰণ আছিল ৷ ডি.ডি.টি.ৰ প্ৰয়োগৰ ফলত এই চৰাইৰ কনীৰ বকলাখন পাতল হৈ পৰিল আৰু ডি.ডি.টি.ৰ কুপ্ৰভাৱত চৰাইৰ সংখ্যা কমি অহাৰ লগতে অন্যান্য জলজ জীৱৰ সংখ্যাও কমি গ’ল ৷ পক্ষীৰ সুললিত কলৰৱহীন সূঁতিটো এদিনাখন মৃতপ্ৰায় হৈ পৰিল৷ ডি.ডি.টি.ৰ দ্বাৰা মানৱ সমাজৰ লগতে সমস্ত জীৱজগত কিদৰে ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ বৰ্ণনা থকা এই গ্ৰন্থখনে মাৰ্কিন যুক্তৰাষ্ট্ৰত এই কীটনাশক ব্যৱহাৰত নিষেধাজ্ঞা দিবলৈ বাধ্য কৰে ৷

ইফালে, পতংগ নিয়ন্ত্ৰণৰ শেষ অস্ত্ৰ হিচাপে ৰাসায়নিকৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগে লগে সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা সমালোচনাৰ সম্মুখিন হ’ল ৷ সমালোচক সকলে, সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা (IPM বা Integrated Pest Management)ক সু-সংহত পতংগনাশক ব্যৱস্থাপনা (Integrated Pesticide Management) নামেৰে অভিহিত কৰিবলৈ‍ ধৰিলে ৷ সেয়েহে, মুখ্য নিৰ্দেশক ড০ কে. পি. সত্যগোপালে, অপকাৰী পতংগ নিয়ন্ত্ৰণৰ বাবে পূৰ্বৰে পৰা চলি অহা ETL ৰ পৰিৱৰ্তে কৃষি পৰিবৱে‍শতন্ত্ৰৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়ে৷ কৃষি পৰিৱে‍শ তন্ত্ৰত অপকাৰী কীট পতংগ সমূহৰ লগতে উপকাৰী কীট পতংগও থাকে ৷ যিদৰে বাঘে হৰিণাক খাদ্যৰূপে গ্ৰহণ কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিছে, ঠিক তেনেকৈ উপকাৰী কীট সমূহে অপকাৰীবোৰক প্ৰাকৃতিক ভাৱে দমন কৰি আছে৷ কৃত্ৰিম ৰাসায়নিক দ্ৰৱ্যৰ অপপ্ৰয়োগে অপকাৰী আৰু উপকাৰী দুইধৰণৰ পতংগ ধ্বংস কৰে ৷ আমাৰ পৰিৱে‍শ তন্ত্ৰক যথেষ্ট ক্ষতি কৰিছে ৷ কীটনাশকৰ সক্ৰিয়তা হ্ৰাস হোৱাৰ পাছত প্ৰাকৃতিক শত্ৰুৰ অভাৱত অপকাৰী কীটসমূহৰ প্ৰাদূৰ্ভাৱ বাঢ়ি যায় ৷ সেয়েহে কৃত্ৰিম ৰাসায়নিক পদাৰ্থ প্ৰয়োগৰ আগেয়ে মানুহ সচেতন হোৱাৰ আৱশ্যক ৷ কম কমকৈ বেলেগ বেলেগ খেতি কৰিলে অপকাৰী পোক-পতংগক প্ৰাকৃতিক ভাবে দমন কৰি থকা জীৱবোৰৰ সক্ৰিয়তাৰ বাবে কোনো ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ নকৰাকৈ শস্য ৰক্ষা কৰিব পৰা যায় ৷ উদাহৰণস্বৰূপে, জিঁয়াই শস্য অনিষ্টকাৰী পোকৰ কনী খাই সেইবোৰৰ বংশবৃদ্ধি ৰোধ কৰে; আকৌ, মকৰাই বহুত পোকক জীৱন্তে খাদ্য ৰূপত গ্ৰহণ কৰে৷ ইয়াক Ecological Engineering বুলি কোৱা হয়, শ্ৰুতিমধুৰ এই শব্দটোৰ লগত কোনো “ৰকেট চাইঞ্চ” জড়িত নহয়, তথাপি ই মানুহক খাদ্য সুৰক্ষা দিবলৈ সক্ষম।

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

2.93150684932
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top