অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উৎপাদিত সামগ্ৰী কঢ়িয়াবৰ বাবে কিবা বাহন ঋণৰ আঁচনি আছে নেকি?

উৎপাদিত সামগ্ৰী কঢ়িয়াবৰ বাবে কিবা বাহন ঋণৰ আঁচনি আছে নেকি?

উৎপাদিত সামগ্ৰী পথাৰৰ পৰা আনি চহৰাঞ্চলৰ বজাৰত বিক্ৰী কৰাত সহায়ক হোৱাকৈ কৃষকক চাৰিচকীয়া গাড়ী দিয়াৰ বাবে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কৃষি বিভাগে প্ৰস্তাৱ লৈছে। এই গাড়ী ক্ৰয় কৰাৰ বাবে কৃষি বিভাগে কৃষক গোটলৈ ৰাজসাহাৰ্য্য আগবঢ়াব। ইয়াৰ বাবে জিলাভিত্তিক এখন বাচনি সমিতিয়ে হিতাধিকাৰী নিৰ্বাচন কৰিব। উক্ত আঁচনিৰ জৰিয়তে আপুনি বিচৰা সুবিধা লাভ কৰিবলৈ জিলা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰক।

ইয়াৰ উপৰিও মধ্যভোগীৰ উপস্থিতি দূৰ কৰি কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী গাঁৱৰ পৰা আনি চহৰৰ বজাৰত উপযুক্ত মূল্যত বিক্ৰী কৰিব পৰাকৈ কৃষি বিভাগে উৎপাদকসকলক পৰিবহণ ৰাজসাহাৰ্য্য আগবঢ়াইছে। এই সুবিধা লাভ কৰাৰ বাবেও জিলা কৃষি বিষয়া বা গুৱাহাটীৰ খানাপাৰাত থকা কৃষি সঞ্চালক (বাণিজ্য)ৰ সৈতে যোগাযোগ কৰিব পাৰিব।

উৎস: কৃষি বিভাগ, অসম

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate