মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / পাম ভিত্তিক উদ্যোগ / কৃষি পাম ব্যৱসায়ৰ কিছুমান নিয়মাৱলী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি পাম ব্যৱসায়ৰ কিছুমান নিয়মাৱলী

কৃষি পাম ব্যৱসায়ৰ কিছুমান নিয়মাৱলীৰ বিষয়ে লিখা হৈছে ।

আত্ম বিশ্লেষণ -

কোনো এক ব্যৱসায় আৰম্ভ কৰোতে আত্ম বিশ্লেষণ অতি দৰকাৰী। নিজৰ শক্তি-সামৰ্থ্য, দুৰ্বলতা, সুযোগ আৰু প্ৰত্যাহ্বানবোৰ নিৰ্দ্ধৰণ কৰি কিমানদূৰ উপযোগী আৰু আৰু অনুপযোগী বিষয়ৰ লগত মোকাবিলা কৰিব বিচৰা হৈছে সেয়া গম পোৱা যাব।
১) আৰম্ভ কৰিব বিচৰা ব্যৱসায়ৰ ওপৰত প্ৰয়োজনীয় আৰু ৰাপ আছেনে?
২) নিজৰ ৰাপ আৰু মনোভাৱৰ লগত ব্যৱসায় প্ৰতিষ্ঠনৰ চৰিত্রৰ মিল আছেনে?
৩) ব্যৱসায়টো ৰূপায়নৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু যোগ্যতা আছেনে?
৪)দক্ষতা বিকাশৰ বাবে সক্ষমতা বৃদ্ধি প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছেনে?
৫)কি কি উৎস নিজৰ হাতত আছে? যেনে, মানৱ সম্পদ, বিত্তীয় সম্পদ
৬)কিমান পৰিমাণৰ বিত্তীয় সম্পদ বিনিয়োগ কৰিবলৈ নিৰ্দ্ধাৰণ কৰা হৈছে? সেইখিনি যথেষ্ট হয়নে?
৭) কোনো বিত্তীয় বিনিয়োগ গৰাকীৰ লগত যোগাযোগ কৰাতো দৰকাৰ হ’বনে?

কি উৎপাদন আৰু বিক্ৰি কৰা হ’ব?


কি উৎপাদন কৰা হ’ব?
১) মাটিৰ ক্ষমতা নিৰ্দ্ধাৰণ: মাটিৰ ধৰণ, ভূ-তল, জলসিঞ্চন, পানী নিৰ্গমন, পৰিৱেশীয় বাধা
২) উৎপাদনৰ বাবে আৱশ্যকীয় উৎপাদনৰ লগত মাটিৰ ক্ষমতা মিলাব লাগিব
৩)প্ৰচলিত আইন কানুন
৪)উৎপাদন তথ্য: উৎপাদনৰ বাবে আৰু পৰৱৰ্ত্তী পৰ্যায়ৰ বাবে দৰকাৰী প্ৰযুক্তি কৌশল, সজুঁলি আৰু যন্ত্ৰপাতিৰ উপলভ্যতা, পৰিৱেশ সেৱা আদি।
৫)উৎপাদন তথ্যৰ উৎস: কিতাপ, ইন্টাৰনেট গৱেষণাপত্র
৬) বিকল্প আৰু প্ৰতিযগীতামূলক সামগ্ৰীৰ উপলভ্যতা।

কি বিক্ৰি কৰা হ’ব?
১) কেনেধৰণৰ উৎপাদিত দ্ৰব্য বিক্ৰি কৰা হ’ব?
২) কিমান পৰিমাণে বিক্ৰি কৰা হ’ব?
৩) বজাৰৰ ধৰণ কি?
৪)কেনেধৰণৰ বজাৰ মাধ্যম ব্যৱহাৰ কৰা হ’ব?
৫) ক’ত বিক্ৰি কৰা হ’ব?
৬) কোন শ্ৰেণী গ্ৰাহকক লক্ষ্য কৰি লোৱা হ’ব?
৭) কেনেকৈ বিক্ৰি কৰা হ’ব?
৮) কিমান দামত বিক্ৰিৰ সিদ্ধন্ত লোৱা হৈছে?

পামৰ মাটি কিনা হ’বনে বন্দবস্তি কৰি লোৱা হ’ব যদি কিনা হয়—
৯)মাটিখিনি উপযুক্ত হয়নে?
১০) জলসিঞ্চন/ পানী নিৰ্গমন ব্যৱস্থা
১১)নিকটম বজাৰৰ দূৰত্ব।
১২) অন্যান্য আন্ত:গাথনিৰ উপলভ্যতা: পথ, বিজুলী, যোগাযোগ, সহায়কাৰী প্ৰতিষ্ঠান আদি।
যদি বন্দৱস্তি কৰি লোৱা হয়—
১৩) বন্দৱস্তিৰ ব্যৱস্থা
১৪)বন্দৱস্তিৰ পৰিমাণ
১৫) বন্দৱস্তিৰ কাল, চৰ্ত আৰু চুক্তিৰ দফাসমূহ

পাম ব্যৱসায়ৰ পৰিকল্পনা কেনেকৈ কৰিব?

উৎপাদন পৰিকল্পনা:
১)উৎপাদন সমন্ধীয় তথ্য
২)খৰচৰ তথ্য
৩) হাজিৰা আৰু শ্ৰম
৪) উৎপাদনৰ কাৰ্যক্ৰম –মাহেকীয়া ভিত্তিত : সামগ্ৰী ভিত্তিত
৫)কাৰ্যকৰী ব্যয়
বজাৰ পৰিকল্পনা:
৬) বিক্ৰিৰ বাবে কি ব্যৱস্থা লোৱা হ’ব?
৭) সাম্ভাব্য বিক্ৰি কেনেকৈ নিৰ্দ্ধাৰণ কৰিব?
৮) তুলনামূলক প্ৰতিযোগিতাৰ সুযোগ কেনেকৈ ল’ব?
৯) সামগ্ৰীৰ বৰ্ণনা
১০)সামগ্ৰীৰ প্ৰতিষ্ঠা
বিত্তীয় পৰিকল্পনা:
১১)পুঁজিৰ উৎস কি?
১২) প্ৰকল্প আয়/লাভ লোকচানৰ প্ৰতিবেদন
১৩) অৰ্থপ্ৰবাহ বিশ্লেষণ
১৪) পামৰ উপাৰ্জন আৰু কৰ-কাটল
প্ৰতিষ্ঠানীয় সহযোগীতা:
১৫) প্ৰযুক্তি কৌশল: প্ৰশিক্ষণ, পৰামৰ্শ
১৬) বিত্তীয়, ঋণ,সুদ, পৰিশোধৰ কাল, ৰাজ-সাহাৰ্য
১৭)বজাৰ (ঘৰুৱা আৰু ৰপ্তানি), সম মূল্য
১৮) আইন আৰু ৰাজনৈতিক
১৯)নীতি নিৰ্দ্ধাৰণ

লেখক: নয়ন কুমাৰ বৰা

উৎস: সেউজ চিন্তা

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top