অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বাৰ্তা

আত্মসংস্থাপনৰ বাবে দুগ্ধপামঃ

 

দেশৰ ক্ৰমবৰ্ধমান জনসংখ্যা, সংকুচিত কৃষিভূমিৰ পৰিপ্ৰেক্ষিতত আৰু নিবনুৱা সমস্যাই গা কৰি উঠাৰ সময়ত পশুপালনে এক বিশেষ গুৰুত্ব লাভ কৰিছে। কিন্তু পশুধন পাম স্থাপনত প্ৰয়োজনীয় পৰিশ্ৰম, আগ্ৰহ আৰু ধৈৰ্যই হ’ল সফলতাৰ আধাৰস্বৰূপ। ৰাজ্যৰ অৰ্থনীতিত বিশেষ বৰঙণি যোগোৱা পশুধন আৰু পশুপালন বিষয়ক উন্নয়নমূলক আঁচনিত চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ লগে লগে পশুপালনৰ বিভিন্ন ব্যৱহাৰিক দিশসমূহক সহজ-সৰল ভাষাত বুজাই আগ্ৰহী কৃষক, পশুপালক, নিবনুৱা যুৱক-যুৱতীক এইক্ষেত্ৰত অংশগ্ৰহণৰ বাবে আগ্ৰহী কৰি তোলাৰ লগতে সম্যক আভাস দিয়াৰ চেষ্টা কৰা হৈছে।

আৰ্থিক সকাহ তথা অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত দুগ্ধপামৰ বৰঙণি মন কৰিবলগীয়া। ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ এক অধ্যয়নৰ মতে ৩, ৬ আৰু ৮ জনী গাইগৰুৰে আৰু ৩, ৬ জনী ম’হেৰে আৰম্ভ কৰা দুগ্ধপামৰ গোটৰ পৰিচালনা আৰু আৰ্থিক লাভালাভৰ দিশেৰে আদৰ্শনীয়। তদুপৰি এনে বৰ্ণসংকৰ প্ৰতিজনী গাই আৰু ম’হৰ পৰা প্ৰতি পিয়নত ১,৮০০ লিটাৰৰ পৰা ২,০০০ লিটাৰ গাখীৰ পাব পাৰে যদিহে পৰিপুষ্টি আৰু পৰিচালনাত যথোচিত গুৰুত্ব দিয়া হয়। কিন্তু মহৰ ক্ষেত্ৰত ১,৭০০ লিটাৰৰ তলৰ উৎপাদন আৰ্থিকভাৱে লাভজনক নহয়। আনহাতে প্ৰতি লিটাৰ গাখীৰ উৎপাদনত ব্যয় হোৱা খৰচৰ দিশটোও চাবলগীয়া বিষয়।

দুগ্ধপামৰ আৰ্থিক সফলতাৰ ক্ষেত্ৰত পশুধনৰ স্বাস্থ্যৰ সুৰক্ষা এক গুৰুত্বপূৰ্ণ উপাদান। বিশেষকৈ বৰ্ণসংকৰ জাতৰ গাইগৰুসমূহক সংক্ৰামক আৰু মাৰাত্মক ৰোগসমূহৰ পৰা মুক্ত ৰখাৰ বাবে নিয়মীয়া প্ৰতিষেধক ছিটা দিয়াব লাগে। তেনেদৰে পাক প্ৰক্ৰিয়াজনিত ৰোগ যেনে- পেটফুলা, বদহজম আদি ৰোগৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে। মিল্ক ফিভাৰ আদি মেটাবলিজিম সম্পৰ্কিত ৰোগ প্ৰতিৰোধৰ বাবে নিয়মীয়াকৈ কেলছিয়াম, মেগনেছিয়াম আদি জাতীয় ঔষধ খুৱাই থাকিব লাগে। যিহেতু এই ৰোগ অধিক গাখীৰ উৎপাদনক্ষম গাইগৰুৰ হয়। যিকোনো ৰোগত আক্ৰান্ত হোৱাৰ লক্ষণ দেখা পালেই পশু চিকিৎসকৰ সহায় ল’ব লাগে।

দুগ্ধপামৰ সফলতাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত দানা যোগান এক অন্যতম গুৰুত্বপূৰ্ণ দিশ। সাধাৰণতে পামৰ পৰিচালনাত ব্যয় হোৱা মুঠ ধনৰ ৬০ শতাংশই দানাৰ যোগানত ব্যয় হয়। সেয়ে মুকলি বজাৰৰ পৰাই হওক বা নিজাববীয়াকৈ প্ৰস্তুত কৰা দানাসমূহত পৰিপুষ্টিৰ বাবে প্ৰয়োজনীয় আটাইবোৰ উপাদান থকা উচিত।

তেনেদৰে ঘাঁহ যোগানৰ ক্ষেত্ৰত থলুৱাভাৱে উৎপাদিত ঘাঁহৰ ওপৰত নিৰ্ভৰ নকৰি উন্নতজাতৰ ঘাঁহ যেনে- ওট, লুচাৰ্ণ, দীননাথ, নেপিয়াৰ, গিনি, পাৰা, কাওপি, মাকৈ, জোৱাৰ আদি ঘাঁহৰ খেতি কৰিব লাগে। এইক্ষেত্ৰত পশুপালন বিভাগৰ পৰা যথোচিত পৰামৰ্শ লোৱা উচিত।

(উৎসঃ অসমীয়া খবৰ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পুস্তিকাৰ পৰা উদ্ধৃত)।

বাঢ়নীয়া কুকুৰাৰে আৰম্ভণি কৰা পামঃ

 

কণী পৰা জাতৰ কুকুৰাৰ পাম এখন আৰম্ভ কৰোতে দুই ধৰণেৰে কৰিব পৰা যায়। কুকুৰাজাকক এদিনীয়া বয়সৰে পৰা প্ৰতিপালন কৰি নতুবা কোনো বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰা বাঢ়নীয়া বয়সৰ কুকুৰা কিনি আনিও পামখন আৰম্ভ কৰিব পৰা যায়। যিবোৰ পামত কুকুৰা এদিনীয়া বয়সৰ পৰা প্ৰতিপালনৰ সুবিধা নাথাকে, যত বিজুলী সুবিধা নাই অথবা থাকিলেও অত্যন্ত অনিয়মীয়া ইত্যাদি অসুবিধা থকা পামসমূহে বাঢ়নীয়া বয়সৰ কুকুৰাৰে পাম আৰম্ভ কৰাত বেছি সুবিধা দেখা যায়। কিয়নো এই বয়সত কুকুৰাজাকৰ স্বাভাৱিক মৃত্যুৰ সংখ্যাও প্ৰায় নাইকিয়া হয় আৰু দিব লগা ছিটাসমূহৰ প্ৰায়খিনিয়েই দিয়া শেষ হয়।

বাঢ়নীয়া কুকুৰা বিক্ৰী কৰা পামসমূহে সাধাৰণতে ৮-১০ সপ্তাহ বয়সৰ কুকুৰাহে বিক্ৰী কৰা দেখা যায়। আনহাতে কিছুমান প্ৰতিষ্ঠানে আকৌ ১৬ৰ পৰা ২০ সপ্তাহমান বয়সৰ কুকুৰাহে বিক্ৰী কৰে। এনে ধৰণৰ বাঢ়নীয়া কুকুৰা অৰ্থাৎ ঠিক কণী পাৰিবলৈ সাজু হোৱা বয়সৰ কুকুৰা কিনিলে আপাত দৃষ্টিত লাভজনক যেন বোধ হ’লেও বিশেষতঃ দূৰণিবটীয়া ঠাইৰ বাবে লাভজনক নোহোৱাই স্বাভাৱিক। কিয়নো জাকটো স্থানান্তৰ কৰোতে বিভিন্ন স্তৰত উদ্ভৱ হোৱা প্ৰচণ্ড হেঁচা বা পীড়নে কুকুৰাজাকৰ কণী পৰাৰ স্বাভাৱিক ক্ষমতাক পিছুৱাই দিয়ে। পামত সাধাৰণতে কণী পাৰিবৰ বাবে সাজু হোৱা এজাক কুকুৰাক বৰ সাৱধানে ৰখা হয় যাতে কুকুৰাবোৰে কোনো ধৰণৰ কষ্ট, হেঁচা বা পীড়ন নাপায়। এই বয়সছোৱাত বিক্ৰী হোৱা বাঢ়নীয়াবোৰ ধৰিবলৈ খেদা-খেদি কৰোতে আৰু দানা-পানী নোহোৱাকৈ দূৰলৈ যাত্ৰা কৰোতে হোৱা পীড়নৰ বাবে সিহঁতৰ স্বাভাৱিক উৎপাদনৰ ক্ষমতা হ্ৰাস হয় আৰু বেমাৰ আদিও হোৱাৰ সম্ভাৱনা থাকে। এনে এটা জাকৰ পৰা ভাল উৎপাদন আশা কৰিব নোৱাৰি। সেয়েহে বাঢ়নীয়া কুকুৰাৰে পাম আৰম্ভ কৰিব খোজা পালকসকলে সদায় ৮-১২ সপ্তাহ বয়সৰ কুকুৰা কিনিলেহে সুবিধাজনক হোৱা দেখা যায়। বাঢ়নীয়া কুকুৰা কিনি পাম চলাব খোজা পালকসকলৰ জ্ঞাতাৰ্থে কেইটিমান দৰকাৰী কথা তলত আগবঢ়োৱা হ’ল-

v  বাঢ়নীয়া কুকুৰা কিনিবলৈ ওলোৱা কুকুৰাপালকসকলে আগতীয়াকৈ সঠিকভাৱে আঁচনিখন কৰি লোৱা উচিত যাতে বহু আগতেই অৰ্ডাৰ দিব পৰা যায় নতুবা মূঢ়ামূঢ়ি সময়ত বাঢ়নীয়া কুকুৰা বিচাৰোতে কেতিয়াবা নিম্ন গুণমানৰ কুকুৰা কিনি লোকচানৰ মুখ দেখিব লগা হ’ব পাৰে। আঁচনি প্ৰস্তুত কৰোতে এনেভাৱে কৰা উচিত যাতে পুৰণা কুকুৰাজাকৰ কণী পৰা শেষ হোৱাৰ আগেয়েই নতুন কুকুৰাজাকে কণী পৰা আৰম্ভ কৰে।

-  সদায় উচ্চ গুণমান বিশিষ্ট কুকুৰা কিনা উচিত।

- কুকুৰাজাক কিনিবৰ সময়ত সিহঁতৰ জন্মৰ তাৰিখ, প্ৰতিটো ছিটা দিয়াৰ তাৰিখ আৰু সম্ভৱ হ’লে বেমাৰ আদি হোৱাৰ ৰেকৰ্ড, দানা-পানী খোৱাৰ পৰিমাণ ইত্যাদি লিখি লোৱা উচিত।

- কুকুৰাজাকৰ ঠোঁট কটা আৰু পেলুৰ ঔষধ দিয়াৰ তাৰিখ আদিও লিখি ল’ব লাগে।

-  কুকুৰাজাক খাচাত ভৰোৱাৰ আগতেই এবাৰ নিৰীক্ষণ কৰা উচিত। জাকটোত থাকিব পৰা সৰু, পংগু, বেমাৰী আদি দুই-এটা কুকুৰা থাকিলে লগে লগে বাতিল কৰিব লাগে।

-  জাকটোৰ ১০-১২টা মান কুকুৰা ওজন কৰি চোৱা উচিত যাতে জাকটোত সেই সময়ত থাকিবলগীয়া ওজন আছে নে নাই ৰিজাই চাব পৰা যায় আৰু সঠিক ওজনতকৈ কম-বেছি থাকিলে তাৰ বাবে যাতে পামত নিয়াৰ পাছত বিহিত ব্যৱস্থা কৰিব পৰা যায়।

-  কুকুৰা বিক্ৰী কৰা প্ৰতিষ্ঠানটোৱে ব্যৱহাৰ কৰা বেণ্ডৰ দানা ব্যৱহাৰ কৰিলে কুকুৰাজাকটোৱে নতুন পৰিৱেশত মিলি যাবলৈ সুবিধা পায়।

- কুকুৰা প্ৰতিপালনৰ পুস্তিকাখন ল’বলৈ পাহৰিব নালাগে।

-  কুকুৰাজাক যিকোনো ছিটা দিয়াৰ ৭ দিনৰ ভিতৰত স্থানান্তৰ কৰিব নালাগে। নহ’লে পীড়নত ভুগি পালকৰ লোকচান হ’ব পাৰে।

স্থানান্তৰ কৰোতে ল’ব লগা সাৱধানতাসমূহঃ

বাঢ়নীয়া কুকুৰাক কষ্ট নোপোৱাকৈ স্থানান্তৰ কৰাতো এটা বৰ দুৰূহ কাম। জাকটো খুব সাৱধানে স্থানান্তৰ কৰা উচিত। কিয়নো ইয়াৰ ফলত হ’ব পৰা হেঁচা বা পীড়নৰ বাবে জাকটোৰ উৎপাদন ক্ষমতা কমি যাব পাৰে।

-  দুই বা ততোধিক ভিন্ন বয়সৰ কুকুৰা আনিব লগা হ’লে বেলেগ বেলেগ খাচাত ভৰাই অনা উচিত।

- স্থানান্তৰ কৰাৰ ১০ দিনৰ আগে-পাছে ঠোঁট কটাৰ ব্যৱস্থা কৰিব নালাগে।

-  দূৰণিবটীয়া ঠাইৰ বাবে ভান বা বন্ধ ট্ৰাক উপযোগী। খোলা ট্ৰাক হ’লে ত্ৰিপালেৰে ঢাকি লোৱা উচিত যাতে কুকুৰাজাকক ৰ’দ, বৰষুণ, বতাহ, ধূলি আৰু ঠাণ্ডা নোপোৱাকৈ নিব পৰা যায়। ত্ৰিপাল ব্যৱহাৰ কৰিলে বতাহ অহা-যোৱা কৰিব পৰা সুৰুঙা ৰখা দৰকাৰ।

-  গৰমৰ দিনত ৰাস্তাত ৰাখিব লগা হ’লে, সেই সময়খিনিত ত্ৰিপালখন আঁতৰাই দিয়া উচিত।

- কুকুৰাজাকে ভালদৰে দানা-পানী খাই লোৱাৰ পাছতহে ধৰাৰ ব্যৱস্থা কৰিব লাগে। আবেলি ৰ’দৰ চোক কম হোৱাৰ পাছত কুকুৰাজাকক ধৰা উচিত। ধৰাৰ আগমুহূৰ্তলৈকে পানীৰ পাত্ৰবোৰ ৰাখি থোৱা উচিত।

-  কুকুৰাবোৰ ট্ৰাকত ভৰাওতে বাঁহেৰে বনোৱা বহল খাচা বা কাঠৰ ফ্ৰেমত আঁৰৰ জালেৰে বনোৱা খাচা ব্যৱহাৰ কৰা উচিত। খাচাবোৰ ব্যৱহাৰ কৰাৰ আগেয়ে ভালদৰে পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি ল’ব লাগে।

-  কুকুৰাবোৰ খাচাত ভৰাবৰ সময়ত হিচাপ কৰি ভৰোৱা উচিত আৰু থেপাথেপিকৈ বা ওপৰা-ওপৰিকৈ হেঁচা-ঠেলা কৰি নিয়া অনুচিত, নহ’লে তলত পৰা কুকুৰাবোৰ শ্বাসৰুদ্ধ হৈ মৃত্যৰ মুখত পৰিব পাৰে। খাচাটোৰ প্ৰতি বৰ্গফুট ঠাইৰ বাবে তিনিটাতকৈ অধিক কুকুৰা ভৰাব নালাগে।

- পৰাপক্ষত ৰাতিহে যাত্ৰা কৰা উচিত যাতে পুৱাৰ লগে লগে গন্তব্য স্থান পাব পৰা যায়।

- খাচাবোৰ ট্ৰাকত স্থাপন কৰোতে মাজত ১৫ ছেঃ মিঃ খালী ঠাই ৰখা আৱশ্যক, যাতে কুকুৰাজাকে শ্বাসকষ্ট নাপায়।

ওপৰত উল্লিখিত ধৰণেৰে আবেলি দানা-পানী ভালদৰে খোৱাৰ পাছত যাত্ৰা কৰিলে বাটত জাকটোক দানা-পানী দিয়াৰ প্ৰয়োজন নাথাকে। ট্ৰাকখন আহি পামৰ পৰিসীমা পোৱাৰ পাছত জপনা মুখৰ পৰাই খাচাবোৰ কঢ়িয়াই নিয়াৰ ব্যৱস্থা কৰা উচিত। ট্ৰাকখন পামৰ সীমাৰ ভিতৰলৈ সোমাব দিয়া উচিত নহয়। যিটো ঘৰত কুকুৰাবোৰ ৰখাৰ ব্যৱস্থা কৰা হয়, তাক আগতেই ভালদৰে চাফ-চিকুণ কৰি নতুন লিটাৰ দি দানা-পানীৰ ব্যৱস্থা কৰি থোৱা উচিত। যাতে কেইবাঘণ্টাও যাত্ৰা কৰি অহাৰ পাছত সিহঁতে লগে-লগেই দানা পানী খাব পায়। পানীত গ্লুক’জ আৰু বি-কমপ্লেক্স ভিটামিন আদি দিয়া উচিত।

কুকুৰাজাকে নতুন পৰিৱেশত সহজ হৈ ল’বৰ বাবে কিছু সময়ৰ আৱশ্যক হয়। এইক্ষেত্ৰত পামৰ পালকজনে জাকটোক কিছু সহায় কৰিব পাৰে। কুকুৰাজাকে যাতে নতুন পামতো আগৰখনৰ দৰে দানা-পানীৰ বাচন, কৃত্ৰিম পোহৰ তথা আন্ধাৰৰ ব্যৱস্থা আৰু কিছুদিনৰ বাবে হ’লেও একে প্ৰতিষ্ঠানৰ দানা দিলে জাকটোৱে নতুন পৰিৱেশত সোনকালে খাপ খাবলৈ সুবিধা পায়। তদুপৰি স্থানান্তৰ কৰাৰ বাবে উদ্ভৱ হোৱা হেঁচা বা পীড়নৰ পৰিমাণ কমাবলৈ আৰু তাৰ প্ৰভাৱৰ পৰা সোনকালে মুক্ত হ’বলৈ কুকুৰাজাকটোক ভিটামিন, এণ্টিবায়’টিক আদি দিব লাগে। ইয়াৰ উপৰি কুকুৰাজাকক কেইটিমান দানা-পানীৰ বাচন কিছুদিনৰ বাবে বেছিকৈ দিয়া উচিত।

(উৎসঃ অসমীয়া খবৰ, ডাঃ কুল প্ৰসাদ কলিতা)।

মৎস্যকুল সংৰক্ষণ আৰু মীন আইন সম্পৰ্কে যৎকিঞ্চিৎঃ

 

ৰাজ্যখনত উপলভ্য থলুৱা প্ৰজাতিৰ মৎস্যকুলৰ সুৰক্ষা, সংৰক্ষণ আৰু গুণগত মানৰ পোনাৰ উপলভ্যতা নিশ্চিত কৰিবলৈ ‘অসম মীন পোনা আইন, ২০০৫’ (অসম মীন পোনা নিয়মাৱলী, ২০১০) আৰু ‘অসম মীন আইন, ১৯৫৩’ বলবৎ কৰা হৈছে। আইন দুখনৰ ঈপ্সিত উদ্দেশ্য সফলভাৱে বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে দায়িত্ব। প্ৰাকৃতিক প্ৰাচুৰ্যতাৰে ভৰপুৰ অসম বিশ্বৰ অলৱণীয় জলৰ মৎস্য বিবিধতাৰ এটা উষ্ণ স্থান বৰ্তমানলৈ ৰাজ্যখনত ১০টা বৰ্গ, ৩৭টা গোত্ৰ, ১০৮টা গণৰ অধীনত ২১৬ মৎস্য বিধ প্ৰজাতি নথিভুক্ত কৰা হৈছে। প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থাই দিয়া ৰঙা তালিকাৰ সংশোধিত শ্ৰেণীভেদ আৰু শেহতীয়া তথ্যপাতিৰ আধাৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৬টা প্ৰজাতি গুৰুতৰভাৱে সংকটপূৰ্ণ, ৩১টা প্ৰজাতি সংকটপূৰ্ণ আৰু ৪৬টা প্ৰজাতি হননীয় বুলি ঠাৱৰ কৰা হৈছে। তথ্যানুসৰি পানী বিবৰা নামৰ মাছবিধ ইতিমধ্যে আমাৰ ৰাজ্যৰ পৰা বিলুপ্ত হৈছে আৰু পাভ, শিলঘৰীয়া, চেঙেলী, গেদগেদী, বেচা, নাৰ, ককিলা, ভেউ, পাটীমুতুৰা, চন্দা, পুঙা, গেথু, কাৰুলি, খালৈভাঙী, মৰঙিপুথি আদি বিলুপ্ত হোৱাৰ পথত। যদি আমি মৎস্যকুল সংৰক্ষণত যথাৰ্থ গুৰুত্ব দিয়াত ব্যৰ্থ হও তেতিয়াহ’লে আমাৰ পৰিচিত আৰু বহু মাছ অচিৰেই নোহোৱা হৈ যোৱাৰ উপক্ৰম নুই কৰিব নোৱাৰি। সেয়েহে মীন বিজ্ঞানীসকলে দুই ধৰণৰ সংৰক্ষণ যেনে আৱাসভূমিৰ সংৰক্ষণ আৰু মৎস্যকুলৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

(উৎসঃ অসমীয়া খবৰ, ড ধ্ৰুৱজ্যোতি শৰ্মা, ড সঞ্জয় শৰ্মা)।

ভেণ্ডি খেতিৰ পৰিচৰ্যাঃ

 

গ্ৰীষ্মকালীন শাক-পাচলিৰ ভিতৰত ভেণ্ডি এবিধ উল্লেখনীয় পাচলি। শস্যতলীত ভেণ্ডিৰ বীজ দিয়াৰ পৰা আৰম্ভ কৰি এক নিৰ্দিষ্ট দিনৰ ব্যৱধানত শস্য চপোৱালৈকে বিভিন্ন ধৰণৰ কীট-পতংগ আৰু বেমাৰে গছজোপা আক্ৰমণ কৰে। ফলত ভেণ্ডিৰ উৎপাদন লক্ষণীয়ভাৱে হ্ৰাস পায়। এই ক্ষেত্ৰত কৃষকসকলে গছৰ বিভিন্ন ৰোগৰ আক্ৰমণৰ লক্ষণসমূহ ভালদৰে বুজি লৈ সঠিক সময়ত নিৰাময়ৰ ব্যৱস্থাসমূহ প্ৰয়োগ কৰিলে ৰোগসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি। ভেণ্ডিৰ পাতৰ সিৰা হালধীয়া হৈ মজাইক সৃষ্টি হোৱা ৰোগ ভেণ্ডি গছৰ অত্যন্ত ক্ষতিকাৰক ৰোগ। বাৰিষাকালত ই বেছিকৈ হয়। বীজ অংকুৰণৰ এমাহৰ ভিতৰত গছত এই ৰোগ হ’লে ভেণ্ডিৰ উৎপাদন প্ৰায় ৯৫ শতাংশলৈকে হ্ৰাস পায়। এই ৰোগৰ বীজাণু বিশেষকৈ বগা মাখিৰ দ্বাৰা বিস্তাৰিত হয়। এই ৰোগৰ প্ৰধান লক্ষণ হ’ল কুমলীয়া আৰু নতুনকৈ ওলোৱা পাতবোৰ ঈষৎ হালধীয়া বৰণৰ হৈ যায়। লগতে গছৰ ফলবিলাকো পাতল হালধীয়া, শেতা ৰঙৰ হৈ পৰে।

ৰোগৰ প্ৰতিকাৰঃ

-  সঘনে ৰোগ দেখা দিয়া অঞ্চলত আগতীয়াকৈ ভেণ্ডি খেতি কৰাৰ ওপৰত গুৰুত্ব দিব লাগে।

-  আক্ৰান্ত গছৰ সংখ্যা কম হ’লে গছবোৰ উভালি পুৰি পেলাব লাগে।

-  বীজ অংকুৰণৰ পাছতেই মালাথিয়ন ৫০ ই চি বা ডাইমিথ’য়েট ৩০ ই চি (১ লিটাৰ প্ৰতি ৫০০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰি ৰোগবাহক বগা মাখিৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা যায়।

ভেণ্ডি খেতিত বিভিন্ন ধৰণৰ কীট-পতংগয়ো আক্ৰমণ কৰে। খেতিডৰাত সাধাৰণতে গা-গছ বিন্ধা কৰা পোক, পুলি কটা পোক আৰু ফল বিন্ধা কৰা পোকৰ উপদ্ৰৱ বেছিকৈ হোৱা দেখা যায়। গা-গছ আৰু ফল বিন্ধা কৰা পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পুলিবোৰ অলপ ডাঙৰ হোৱাৰ পাছত মালাথিয়ন ৫০ ই চি দৰব চাহ চামুচেৰে এচামুচ প্ৰতি ১০ লিটাৰ পানীৰ হিচাপত মিহলাই ১০-১৫ দিনৰ ব্যৱধানত স্প্ৰে’ কৰিব লাগে। আনহাতে পুলি কটা পোক নিয়ন্ত্ৰণৰ বাবে শেষৰ বাৰ হাল বোৱাৰ সময়ত বিঘাই প্ৰতি ২ কেজিকৈ ৫ শতাংশ শক্তিৰ মালাথিয়ন গুড়ি ছটিয়াব লাগে।

(উৎসঃ অসমীয়া খবৰ)।

 

2.97222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top