অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বাৰ্তা

কৃষি বাৰ্তা লিখা হৈছে

মৰাপাটৰ ব্যৱসায় বৃদ্ধিৰ বাবে নেক্সট-১ নেচাৰৰ বিশেষ পদক্ষেপঃ

 

যোৱা ৪০ বছৰ ধৰি কেঁচা মৰাপাট ব্যৱসায়ী হিচাপে মৰাপাট উদ্যোগত কাম কৰাৰ লগতে উত্তৰ-পূবৰ ৰাজ্যত মৰাপাটৰ বিবিধ সামগ্ৰীৰ প্ৰসাৰৰ বাবে ১৫ বছৰ ধৰি বস্ত্ৰ মন্ত্ৰ্যালয়ক প্ৰতিনিধিত্ব কৰা যুৱ সদস্যজনে পৰম্পৰাগত পাৰিবাৰিক ব্যৱসায়ত যোগদান কৰাৰ সলনি আন কিবা কৰাৰ কথা চিন্তা কৰিলে। ২০১৫ চনত নেক্সট ২ নেচাৰ স্থাপন কৰা হৈছিল, অসম আৰু মেঘালয় ৰাজ্যত কাৰিকৰী বস্ত্ৰৰ ৰূপত মৰাপাট জিঅ’ টেক্সটাইল প্ৰসাৰ কৰাৰ উদ্দেশ্যেৰে আৰু পাছলৈ অসমত Crijaf sona উৎপাদন কৰাৰ ধাৰণাৰে। মৰাপাট কৃষিত নিযুক্ত কৃষকসকলে সন্মুখীন হোৱা অসুবিধাবোৰ আৰু তেওঁলোকৰ সমস্যা সমাধান কৰাত Crijaf sona ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি নেক্সট ২ নেচাৰ, গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া নিশান্ত চাৰাউগিয়ে কয় যে ২০১৭ বৰ্ষৰ বাবে ১.০০ লাখ কিগ্ৰা Crijaf sona উৎপাদনৰ লক্ষ্যৰে পৰৱৰ্তী বছৰৰ পৰা উৎপাদন দুগুণ বৃদ্ধিৰ পোষকতা কৰে। আৰু লগতে মৰাপাট উৎপন্ন হোৱা জিলাত সৰু বিপণী স্থাপনৰ চেষ্টা কৰিব যি কৃষকসকলৰ বাবে সহায় কেন্দ্ৰৰ দৰে কাম কৰিব। বিভিন্ন কৃষক কল্যাণ আঁচনিৰ যোগেৰে কৃষকসকলৰ মাজত Crijaf sona জনপ্ৰিয় কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কৃষি বিভাগক অনুৰোধ জনাইছে। নেক্সট ২ নেচাৰে গুৱাহাটী বায়োটেক পাৰ্ক (বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, অসম চৰকাৰ) আৰু ICAR-CRIJAF (কৃষি মন্ত্ৰ্যালয়, ভাৰত) বেৰেকবোৰৰ সহযোগিতাত ৫ জুন ২০১৭ তাৰিখৰ পৰা মাইক্ৰোবিয়েল ফৰ্মুলেচন প্ৰস্তুত কৰা আৰম্ভ কৰিছে। য’ত ৰাষ্ট্ৰীয় মৰাপাট ব’ৰ্ড আৰু ভাৰতীয় মৰাপাট নিগমে (বস্ত্ৰ মন্ত্ৰ্যালয়, ভাৰত চৰকাৰ) এই সামগ্ৰীৰ প্ৰচাৰৰ বাবে কৃষকৰ ওচৰ চপাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। গুৱাহাটী বায়োটেক পাৰ্ক (জিবিপি) হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথম জৈৱ-প্ৰযুক্তি পাৰ্ক, যিখনে এই অঞ্চলৰ উদ্যোগশীলতা উন্নয়ন, জৈৱ-প্ৰযুক্তি আৰু সম্পৰ্কিত ক্ষেত্ৰবোৰত উদ্যোগিক বিকাশত সহায় কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এই প্ৰকল্পটো ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগৰ দ্বাৰা সমৰ্থিত। পাৰ্কখনৰ মূল উদ্দেশ্য হৈছে দেশখনৰ উত্তৰ-পূব অঞ্চলৰ সমৃদ্ধ প্ৰাকৃতিক সম্পদৰ সঠিক আৰু কাৰ্যকৰী ব্যৱহাৰৰ দ্বাৰা উত্তৰ-পূব অঞ্চলত জৈৱ-প্ৰযুক্তি উদ্যোগৰ বিস্তাৰ দ্ৰুত কৰাত সহায় কৰা। ইয়াৰ পৰাই জৈৱ-প্ৰযুক্তি তথা সম্পৰ্কিত ক্ষেত্ৰত গৱেষণাৰ কাৰ্যকলাপ ত্বৰান্বিত কৰা আৰু এই অঞ্চলৰ স্থানীয় মানৱ সম্পদ শিক্ষিত আৰু ব্যৱহাৰ কৰাতো গুৰুত্ব আৰোপ কৰিছে। অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত আমিনগাঁৱত গুৱাহাটী বায়োটেক পাৰ্ক ইনকিউবেচন কেন্দ্ৰ CBPIC নিৰ্মাণ কৰাৰ বাবে ৩,৪৭৮ কোটি টকা আবণ্টন কৰিছে। অতি সোনকালে CBPICৰ আধাৰশিলা স্থাপন কৰা হব। বৰ্তমানে পাৰ্কখনে আইআইটি গুৱাহাটী চৌহদৰ ইয়াৰ অস্থায়ী স্থানত ইনকিউবেচন কেন্দ্ৰটো CBPIC স্থাপন কৰিছে। অসমৰ মুখ্য সচিব ভি কে পিপাৰছেনিয়া, আইএএছ, অতিৰিক্ত মুখ্য সচিব অলোক কুমাৰ, আইএএছ আৰু জিবিপিৰ মুখ্য কাৰ্যবাহী বিষয়া বিনোদ ছেছান, আইএএছ-ৰ নিৰ্দেশনা আৰু নেতৃত্বত এতিয়া জিবিপি আগবাঢ়ি গৈছে।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

কৃষকৰ ভাগ্য নিয়ন্ত্ৰাৰূপী কৃষি বিজ্ঞান কেন্দ্ৰঃ

 

কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ বাবে নিজৰ দায়বদ্ধতা অক্ষুণ্ণ ৰাখি কেন্দ্ৰীয় চৰকাৰে কৃষি বিজ্ঞান কেন্দ্ৰসমূহক অধিক শক্তিশালী আৰু প্ৰভাৱশীল কৰি তুলিছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে উৎপাদন আৰু উৎপাদিত সামগ্ৰীৰ গুণগত মান বৃদ্ধি পাবলৈ ধৰিছে। এই কেন্দ্ৰসমূহত কৃষকে আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ লাভ কৰে। কেন্দ্ৰীয় চৰকাৰে দেশব্যাপী ৬৭১ কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনৰ লগতে ইয়াৰ দক্ষতা বিকাশৰ বাবে সবল পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰ জৰিয়তে ৫৩১ কৃষি বিজ্ঞান কেন্দ্ৰই দালি আৰু ৪৩৪ কে ভি কেই তৈল শস্য উৎপাদনত গুৰুত্ব আৰোপ কৰিছে। বিগত ৩ বছৰত মাহজাতীয় তথা তৈল শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকে ক্ৰমে ১.৬২ লাখ আৰু ১.১১ লাখ কৃষি ভূমি ব্যৱহাৰ কৰিছিল। কৃষি বিজ্ঞান কেন্দ্ৰসমূহক ৯৩০ ভূমি পৰীক্ষণ যন্ত্ৰ উপলব্ধ কৰোৱা হৈছে। যাৰফলত কৃষকৰ বাবে ৮.৯ লাখ ছইল হেলথ কাৰ্ড প্ৰস্তুতৰ কাম সম্পূৰ্ণ হৈ উঠিল।

মোৰ গাওঁ মোৰ গৌৰৱঃ

 

২০১৫-১৬ বৰ্ষত আৰম্ভ কৰা ‘মোৰ গাওঁ মোৰ গৌৰৱ’ আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে কৃষকক বিজ্ঞানসন্মত প্ৰণালীৰে সামৰিব খোজে।

এই কাৰ্যসূচীৰ জৰিয়তে বিজ্ঞানসন্মত প্ৰযুক্তি প্ৰয়োগেৰে কৃষকক আধুনিক কৃষি প্ৰণালীৰ তথ্য অৱগত কৰোৱা হয় আৰু তেওঁলোকৰ কৌশল বিকাশত গুৰুত্ব আৰোপ কৰে। ২০১৫-১৬ বৰ্ষত এই কাৰ্যসূচীৰ অধীনত ১০,৭১২ খন গাওঁ সামৰি লোৱা হৈছিল। এইবছৰ ২০১৬-১৭ত গাঁৱৰ সংখ্যা ১৩,৫০০ লৈ বৃদ্ধি কৰা হৈছে।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

নৱ প্ৰযুক্তিৰে কৃষি বিকাশঃ

 

কৃষকসকলক লাভাৱান্বিত কৰাৰ লগতে অনাগত ৫ বছৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ অৰ্থে ভাৰত চৰকাৰে আদৰণীয় পদক্ষেপসমূহ ৫২ নতুন প্ৰযুক্তি উদ্ভাৱনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

কৃষি ভূমিক উৰ্বৰ কৰি তোলাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৫ বৰ্ষত ‘স্বস্থ ধাৰা খেট হৰা’ শীৰ্ষক এক শ্ল’গান দিছিল। ইয়াৰ জৰিয়তে কৃষি বিজ্ঞানীৰ জৰিয়তে কৃষি ভূমিৰ উৰ্বৰতা বৃদ্ধিত প্ৰযুক্তিৰ প্ৰয়োগ সম্ভৱ হৈ উঠিল। বিগত ৩ বছৰত এই উদ্দেশ্যেই ৫২ নতুন প্ৰযুক্তি বিকশিত হ’ল। মাটি পৰীক্ষণৰ বাবে ১২টা মিনি লেব, মফচলীয় অঞ্চলত অৰ্গেনিক ফাৰ্মিং পেকেজ সহিতে বিগত তিনি বছৰত আৰু বহু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ প্ৰয়োগ হ’ল। উন্নত প্ৰযুক্তিৰ জৰিয়তে ধান, ঘেঁহু আৰু সৰিয়হৰ উৎপাদন এনে এক পৰ্যায়লৈ উন্নীত হ’ল য’ত নদৰ পানী জলসিঞ্চনত প্ৰয়োগৰ আন্তঃগাঁথনি স্থাপন হ’ল। লগতে ১৪ এগ্ৰ’ক্লাইমেট ক্ষেত্ৰত ৩৮ অন-ষ্টেছন আইএফএছ মডেল আৰু পূৰ্বৰ ৬৩ আইএফএছ মডেল আপডেট কৰা হ’ল। এয়াই নহয় দুৰ্গম অঞ্চলসমূহৰ ভিতৰত ৫৭২ গ্ৰাম্য জিলাত এই সুবিধা উপলব্ধ কৰোৱা হ’ল। দেশৰ বিভিন্ন এগ্ৰ’ইক’লজিকেল ক্ষেত্ৰত ৭৫ আদৰ্শ ৱাটাৰ হেড স্থাপন কৰা হ’ল।

সহিষ্ণু/প্ৰতিৰোধক জলবায়ুনুকূল ব্যৱস্থা গ্ৰহণৰ পৰিসংখ্যা

 

ফচল

জানুৱাৰী ২০১২ৰ পৰা মে’ ২০১৪ লৈ

জুন ২০১৪ৰ পৰা ডিচেম্বৰ ২০১৬ লৈ

অনাজ

৬৯

১৪৪

তৈল শস্য

৩৮

৮৩

মাহজাতীয় শস্য

৩৩

৮০

অন্যান্য

২১

৪২

মুঠ

১৬১

 

৩৪৯

(উৎসঃ নিয়মীয়া বাৰ্তা)।

পোক-পৰুৱা নিয়ন্ত্ৰণত ছেক্স ফেৰ’মোনৰ ভূমিকাঃ

 

বংশ বিস্তাৰৰ জৰিয়তে নিজৰ জন্মস্বত্ব, অধিকাৰ সাব্যস্ত কৰিবলৈ ক্ষুদ্ৰাতিক্ষুদ্ৰ অণুজীৱৰ পৰা বৃহদাকাৰ প্ৰাণীলৈকে সকলোৱে প্ৰয়াস কৰে। জীৱনচক্ৰ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সকলো পৰ্যায় প্ৰাণীয়ে অতিক্ৰম কৰিব লগা হয়। মতা-মাইকীৰ মিলনৰ জৰিয়তে যিহেতু বংশ বিস্তাৰ হ’বই লাগিব, নানান জীৱশৈলীৰ চাৰিত্ৰিক আচৰণৰ জৰিয়তে মতা পোকক আকৰ্ষণ কৰিবলৈ Sex Pheromone নিঃসৰণ কৰে। যাতে সংগমৰ জৰিয়তে কণীবোৰ নিষিদ্ধ কৰি পোৱালি জগাব পাৰে। উদাহৰণ হিচাপে ধান খেতিৰ অনিষ্টকাৰী মজা খোৱা পোকৰ জৈৱিক নিয়ন্ত্ৰণৰ বাবে PEST-O-LURE ব্যৱহাৰ কৰা হয়। চুপীসদৃশ কাণ্ডৰ মাজত থকা ফুটাটোত মাদুলি সদৃশ LURE এটা সুমুৱাই ৰখা হয়। পথাৰত প্ৰয়োগ কৰাৰ সময়ত বাঁহৰ বা কাঠৰ মাৰি এডালত বান্ধি ধানৰ উচ্চতাতকৈ এক ফুটমান ওখ কৰি প্ৰতি হেক্টৰত ৩-৪ টা LURE ব্যৱহাৰ কৰা হয়। বেলেগ বেলেগ Ware Length-ত LURE-ৰ পৰা মতা পোকবিলাকে সংকেত পায় আৰু সি মগজুত ক্ৰিয়া কৰাৰ ফলত উত্তেজিত হৈ পৰে আৰু মাইকী পোকে সংগমৰ বাবে প্ৰস্তুত হোৱা বুলি উত্ৰাৱল হৈ চুপিটোৱে ভিতৰত থকা LURE লৈ আহি যায়। ইতিমধ্যে কেবাটাও মতা পোক আহি তাত গোট খায় আৰু প্ৰতিযোগিতামূলকভাৱে সহবাসৰ যুদ্ধত লিপ্ত হয়। ফলত চুপিটোত সংযোজিত হৈ থকা পলিথিনৰ মোনাটোত সোমাই পৰে। পৰিদৰ্শনৰ কালত ২-৩ দিনৰ মূৰে মূৰে ৬-৮টা পৰ্যন্ত মতা মজা খোৱা প্ৰাপ্তবয়স্ক পোক দেখিবলৈ পোৱা যায় আৰু সিহঁতক সহজতে মাৰি পেলোৱা হয়। ইতিমধ্যে পেটত কণী লৈ নিষিদ্ধ কৰিবলৈ সক্ষম নোহোৱা মাইকী মজা খোৱা পোকবোৰে বংশ বিস্তাৰৰ সুযোগ হেৰুৱায়। এনেদৰে কৃত্ৰিমভাৱে জৈৱিক পদ্ধতিত পোক-পৰুৱা নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হৈ উঠিছে। (ETL) অৰ্থকাৰী পৰিসীমাৰ তলত ৰাখিব পাৰিলেও কৃষক ৰাইজৰ উৎপাদনত কোনো হীন-দেড়ি নহয়।

পৰিৱেশ সচেতন হৈ পৰিস্থিতিতন্ত্ৰত কোনো বিৰূপ প্ৰভাৱ নপৰাকৈ কৃষিকৰ্ম কৰিব পাৰিলে পৰিৱেশ বদ্ধভাবাপন্ন পৰিস্থিতিৰ সৃষ্টি হয় আৰু সকলোৰে মংগল হ’ব। মাটি, পানী, বায়ু, জীৱজগত আৰু উদ্ভিদ জগতখনক লাগতিয়াল সম্পদ হিচাপে গণ্য কৰাটোৱেই আমাৰ সকলোৰে নিত্য নৈমিত্তিক কৰ্তব্য।

(উৎসঃ নিয়মীয়া বাৰ্তা, লেখক সহকাৰী সঞ্চালক (কৃষি), জিলা কৃষি বিষয়াৰ কাৰ্যালয়, নলবাৰী)।

3.175
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top