মূল পৃষ্ঠা / কৃষি / উত্তম অভ্যাস / কৃষিৰেহে ভূমি সংৰক্ষণ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষিৰেহে ভূমি সংৰক্ষণ:

ভূমিক্ষয়ৰ আন এটা অৱধাৰিত পৰিণতি বান। বানৰ ক্ষয়ক্ষতিৰ বিষয়ে কোৱাৰ প্ৰয়োজন নাই

 

ভূমিক্ষয়ৰ আন এটা অৱধাৰিত পৰিণতি বান। বানৰ ক্ষয়ক্ষতিৰ বিষয়ে কোৱাৰ প্ৰয়োজন নাই, বানৰ বাবে হোৱা বিপৰ্যয় আমি প্ৰতি বছৰে প্ৰত্যক্ষ কৰি আহিছো। আমাৰ মুলুকত বেছি বৰষুণ বানৰ কাৰক নহয়, ইয়াৰ মূল কাৰণ হ’ল- নদীৰ অৱবাহিকাত পৰিৱেশ বিনষ্ট হোৱাটোৱে। অৱবাহিকাত হোৱা ক্ষিপ্ৰ উন্নয়নমূলক কামৰ বাবদ উপযুক্ত ব্যৱস্থা নোলোৱা বাবে মাটিৰ ওপৰৰ আচ্ছাদন নাইকিয়া হোৱাৰ বাবে পানীয়ে মাটিবোৰ ধুই লৈ আহে। ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ বা খনিজ দ্ৰব্য নিষ্কাসনৰ বাবে খন্দা মাটিবোৰ ঠাইতে আবদ্ধ কৰি নৰখাৰ ফলত সেইবোৰ পানীয়ে কঢ়িয়াই আনি নদীৰ মূল সোঁত পোৱায়হি। ইয়াকে আমি পলস বুলি কওঁ। পলসবোৰ জমা হোৱা বাবে নদীৰ বুকু বাম হয়। ফলত নদীৰ পানী বহন ক্ষমতা কমি যায়। ভৈয়ামত নদীয়ে দুয়োপাৰ ওপচাই পেলাই বানৰ লগতে খহনীয়াৰ সৃষ্টি কৰে। খহনীয়াই খেতিৰ মাটিৰ লগতে বাসস্থানো গ্ৰাস কৰে। নদীবান্ধৰ জলাশয়ত পানীৰ সলনি পলসে ঠাই লয়। জলাশয়ৰ জীৱন টুটি যায় আৰু সময়ত ই খেলপথাৰৰ ৰূপ ধাৰণ কৰে। এটা সমীক্ষাত কোৱা হৈছে যে আমাৰ দেশত প্ৰতি ছমাহত ইটাৰ ঘৰ সাজিবলৈ যিমান মাটি প্ৰয়োজন হয়, তাতোকৈ বেছি পৰিমাণৰ মাটি আমি ভূমিক্ষয়ৰ নামত হেৰুৱাই আছো। একমাত্ৰ ভূমিক্ষয়ৰ বাবেই আমাৰ সৰু সৰু নদীৰ বুকুৰ দলংবোৰ কিছু বছৰৰ মূৰে মূৰে ওখ কৰিব লগা হৈছে। ব্ৰহ্মপুত্ৰই অকলে ৪৭২ মিলিয়ন টন গেদ কঢ়িয়াব লগা হৈছে প্ৰতি বছৰে। অৰ্থাৎ সম পৰিমাণৰ মাটি ইয়াৰ অৱবাহিকাত ক্ষয় হৈ আছে।

নদীৰ পাৰৰ উৰ্বৰ ভূখণ্ডতহে প্ৰথমে সভ্যতাৰ উন্মেষ ঘটিছিল। শীত গ’লে বসন্ত আহে- ৰাতিৰ পিছত দিন আহে। গছ-বিৰিখ শেষ নোহোৱা পৰ্যন্ত আমি কামত লগাব পাৰো। শেষ হ’লে নতুনকৈ গছ লগাব পাৰো। কিন্তু মাটিৰ কথা সম্পূৰ্ণ সুকীয়া। মাটি এবাৰ ক্ষয় হ’লে তাক ঘূৰাই পাবলৈ যিমান বছৰৰ প্ৰয়োজন হয়, সিমান বছৰ আমাৰ জীৱনকাল নাথাকে। কাৰণ, এক ইঞ্চি মাটিৰ গঠন হ’বলৈ হেজাৰ বছৰ লাগে।

পৰিৱেশ সংৰক্ষিত কৰি ৰাখিবলৈ ভূমিৰপৰা উপযুক্ত পৰিমাণৰ গুণগত ফচল উৎপাদন কৰিবলৈ ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ কথা চিন্তা কৰি উন্নয়নমূলক কামত অগ্ৰসৰ হোৱাটো বাঞ্ছনীয়। ভূমি সংৰক্ষণে সকলো দিশতে অগ্ৰাধিকাৰ পাব লাগে। আমি যদি কওঁ যে মাটিৰ ক্ষয়ৰোধ কৰা মানে ভূমি সংৰক্ষণ কৰা, তেনেহ’লে ‘ভূমি সংৰক্ষণ’ৰ সূত্ৰ সম্পূৰ্ণ নহ’ল। কেৱল ক্ষয়ৰোধ ব্যৱস্থাই ভূমি সংৰক্ষণ হ’ব নোৱাৰে। ক্ষয়ীকৰণ বন্ধ কৰাৰ লগে লগে সেই ভূমিৰপৰা অনাগত ভৱিষ্যতেও যাতে সমপৰিমাণৰ উৎপাদন লাভ কৰিব পাৰো সেইটোহে প্ৰধান লক্ষ্য হোৱা উচিত। অৰ্থাৎ প্ৰতি ইঞ্চি মাটিকেই বিজ্ঞানসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰি কোনো কালেই উৎপাদন ব্যাহত নোহোৱাকৈ মাটিডৰা ৰখাটোহে প্ৰকৃত ভূমি সংৰক্ষণ। উৎপাদনক্ষম ভূমিৰ ক্ষেত্ৰত Conservation Farming বা সংৰক্ষণ কৃষি মানেই ভূমি সংৰক্ষণ। অনুৰ্ব্বৰ ভূমিৰ বাবে ভূমিক প্ৰকৃত শ্ৰেণী বিভাজনৰ আওতালৈ আনি কৃষি বা অন্য কামৰ বাবে ব্যৱহাৰ কৰাটোহে যুঁক্তি-যুক্ত। মানুহৰ শৰীৰৰ ৰোগ অনুসৰি ডাক্তৰে বিধান দিয়াৰ নিচিনাকৈ ভূমিৰ সক্ষমতা বিচাৰ কৰি ব্যৱহাৰ কৰিলেহে লাভদায়ক ফল পোৱা যায়। এই বিষয়ে পিছত আমি বিতং আলোচনা কৰিম।

মাটিৰ গুণাগুণ হ্ৰাস নোহোৱাকৈ প্ৰকৃত পদ্ধতিৰে কৰা নিগাজি খেতিয়েই Conservation Farming । ই মানুহ আৰু মাটিৰ প্ৰকৃত যোগসূত্ৰ। নহ’লে দুয়োৰে এৰা-এৰি অনিবাৰ্য। ভৱিষ্যতৰ বংশধৰে যদি আপোনাক প্ৰশ্ন কৰে- ‘আপুনি উত্তৰাধিকাৰী সূত্ৰে মোক অঞ্চল এটা দিলে হয়, পিছে খেতিৰ মাটি ক’ত’? তেতিয়া আপোনাৰ উত্তত নাথাকিব।

লেখক: কন্দৰো মজুমদাৰ(দৈনিক অসম)

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top