মূল পৃষ্ঠা / ই-প্ৰশাসন / গ্ৰাম্য উদ্যমীৰ বাবে সমল / লেপটপটো ভালে ৰখাৰ ২ ডজন কিটিপ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লেপটপটো ভালে ৰখাৰ ২ ডজন কিটিপ

লেপটপ আজিকালি প্ৰায়ভাগ মানুহৰে ঘৰে ঘৰে। এটা লেপটপ ভালে ভালে চলি থাকিবলৈ হ’লে লেপটপটোৰ উপযুক্ত যত্ন লোৱাও দৰকাৰ

চমু বিৱৰণ

লেপটপ আজিকালি প্ৰায়ভাগ মানুহৰে ঘৰে ঘৰে। এটা লেপটপ ভালে ভালে চলি থাকিবলৈ হ’লে লেপটপটোৰ উপযুক্ত যত্ন লোৱাও দৰকাৰ। সামান্য অলপ সাৱধানতা বা কষ্টৰেই আমি লেপটপ বা সামগ্ৰিকভাৱে কম্পিউটাৰটো ভালে ৰাখিব পাৰোঁ। লেপটপটো নিয়মীয়াকৈ চলাই থকাৰ মাজতে কিদৰেনো ইয়াৰ একো ক্ষতি নোহোৱাকৈ ৰাখিব পাৰি বা ইয়াৰ কাৰ্য্য ক্ষমতানো কিদৰে অটুট ৰাখিব পাৰি সেই সম্পৰ্কে তলত আলোচনা কৰা হৈছে-

লেপটপৰ কাৰ্য্য ক্ষমতা কিদৰে অটুট ৰাখিব?

  • লেপটপৰ ওচৰত পানী বা তেনে বস্তু যেনে- চাহ, কফি, চ’ডা আদি কেতিয়াও ৰাখিব নালাগে। এনে বস্তু যদিহে দুৰ্ঘটনাক্ৰমে লেপটপত পৰে, তেন্তে ই কম্পিউটাৰটোৰ ভিতৰত থকা মাইক্ৰ’ইলেক্ট্ৰনিক অংশবোৰ নষ্ট কৰি পেলাব পাৰে। কেতিয়াবা পানীৰ বাবেই লেপটপত শ্বৰ্ট চাৰ্কিট হোৱাও দেখা যায়। তেতিয়া ‘ডাটা’ নষ্ট হৈ যোৱাৰ সম্ভাৱনাও থাকে।
  • লেপটপৰ শত্ৰু হৈছে ভাইৰাছ। ভাইৰাছ নোহোৱা কৰাৰ অন্যতম উপায় হৈছে ‘এণ্টিভাইৰাছ’ ৰ ব্যৱহাৰ। আপোনাৰ পৰিচিত ব্যক্তিৰ কোনো মেইল বা আলোকচিত্ৰতো ভাইৰাছ থাকিব পাৰে। ভাইৰাছ কম্পিউটাৰ বা লেপটপত থাকিলে চাৰ্কিট বা ছফট্‌ৱেৰৰ সমস্যাই দেখা দিব পাৰে। তাৰ ফলত লেপটপৰ কামৰ গতি ধীৰ হ’ব পাৰে।
  • পানীয়ৰ দৰেই খোৱা বস্তুও লেপটপৰ ওপৰত লৈ নাখাব। তেনে কৰিলে খোৱা বস্তুৰ টুকুৰাবোৰ কী-ব’ৰ্ডত পৰিব আৰু সেয়া খাবলৈ পৰুৱা আপোনাৰ লেপটপ পাবহি। পৰুৱাই লেপটপৰ ‘চাকিট্ৰি’ নষ্ট কৰিব পাৰে। তদুপৰি লেপটপটো লেতেৰা হৈ পৰিব।
  • কুকুৰ বা মেকুৰী আৰু কম্পিউটাৰৰ সহাৱস্থান নহয়। কাৰণ এনে নোমাল জন্তুৰ নোম লেপটপৰ ভিতৰলৈ সোমাই গৈ ভিতৰৰ যন্ত্ৰাংশৰ কামকাজত বাধাৰ সৃষ্টি কৰিব পাৰে।
  • কম্পিউটাৰ বা লেপটপ সদায় এটা পৰিষ্কাৰ আৰু ধূলি-বালি নথকা কোঠাত ৰাখিব লাগে।
  • লেপটপ সদায় পৰিষ্কাৰ হাতেৰে ব্যৱহাৰ কৰিব। তেতিয়া টাচপেড সহজে ব্যৱহাৰ কৰিব পাৰিব আৰু লেপটপটো লেতেৰাও নহ’ব।
  • লেপটপটোৰ এল চি ডি ডিছপ্লে মনিটৰৰ সুৰক্ষাৰ দিশটোলৈ গুৰুত্ব দিব। লেপটপটো বন্ধ কৰোঁতে কেতিয়াও কী-ব’ৰ্ডৰ ওপৰত কলম বা পেঞ্চিল বা সৰু ইয়েৰ-ফোন এৰি নথ’ব। এনে বস্তুৱে স্ক্ৰীনখন বেঁকা কৰি পেলাব পাৰে।
  • লেপটপটোৰ স্ক্ৰীনখনত ধৰি কেতিয়াও নাদাঙিব। তলৰ অংশটোত ধৰিহে দাঙক।
  • লেপটপৰ বিদ্যুৎ সংযোগী তাঁৰডালত ধৰি ইয়াক প্লাগৰপৰা খোলাৰ চেষ্টা নকৰিব। তেনে কৰিলে তাঁৰডাল ছিঙি থাকিব পাৰে।
  • লেপটপৰ সংযুক্ত তাঁৰডাল সদায় মজিয়া আৰু আপোনাৰ ভৰিৰ পৰা নিলগাই ৰাখক। পাৰিলে তাঁৰডাল টেবুলৰ সুবিধাজনক স্থানেৰে টেপ লগাই থওক।
  • লেপটপত ফোন লাইন বা পাৱাৰ লাইন সংযোগৰ বাবে বেলেগ বেলেগকৈ স্থান নিৰ্দ্দিষ্ট কৰি দিয়া আছে। গতিকে এটা ডিভাইচৰ তাঁৰডাল লেপটপত সংযোগ কৰাৰ পূৰ্বে ডিভাইচটো ভালদৰে পৰীক্ষা কৰি চাওক। য’তে ত’তে ডিভাইচ সংযোগ কৰিবলৈ গ’লে যন্ত্ৰাংশ নষ্ট হ’ব পাৰে।
  • লেপটপৰপৰা কোনো ড্ৰাইভ উলিয়াই নিলে সাৱধানে ৰাখিব। লেপটপটোৰপৰা চিডি ড্ৰাইভটো উলিয়াই নি য’তে ত’তে পেলাই থৈ নষ্ট নকৰিব।
  • লেপটপত কিবা ড্ৰাইভ বা যন্ত্ৰাংশ ভৰাবলগীয়া হ’লে সাৱধানে, সঠিক এংগল মতেহে কৰিব। বলপূৰ্বক কোনো যন্ত্ৰাংশ সুমুৱাবলৈ গ’লে লেপটপ বেয়া হোৱাৰ সম্ভাৱনা আছে।
  • চিডি, ডিভিডি আদি লেপটপত সুমুওৱাৰ পূৰ্বে ভালদৰে লেবেলখন চাই লৈ ভৰাব, কেতিয়াও আকাৰতকৈ সৰু বা ডাঙৰ চিডি বা ডিভিডি নভৰাব।
  • সঘনে তাপমাত্ৰা সালসলনি হৈ থাকিলে তাৰ প্ৰভাৱ লেপটপতো পৰে। শীততাপত বাহিৰৰ পৰিবেশৰপৰা লেপটপটো ঘৰৰ ভিতৰলৈ আনিয়েই পোনছাটে অন নকৰিব। প্ৰথমে যন্ত্ৰটোক তাপমাত্ৰাৰ সৈতে খাপ খুৱাই ল’বলৈ দিয়ক। ৰ’দত লেপটপ নাৰাখিব।
  • গাড়ীত লেপটপ এৰিব নালাগে। গাড়ীৰ ভিতৰত তাপমাত্ৰাৰ হ্ৰাস-বৃদ্ধি হৈ থাকে। তদুপৰি লেপটপ চুৰি হৈ যোৱাৰ সম্ভাৱনাও থাকে।
  • লেপটপৰ ভিতৰৰ যন্ত্ৰবোৰ যাতে ধূলি পৰি নষ্ট হৈ যাব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ বছৰত এবাৰকৈ কোনো দক্ষ লোকৰ হতুৱাই লেপটপটো পৰিস্কাৰ কৰাই লওক।
  • লেপটপৰ ওপৰত বেছি ওজন থকা কিতাপ বা তেনে বস্তু নথ’ব। ই এল চিডিখন নষ্ট কৰি পেলাব পাৰে।
  • লেপটপটোৰ আকাৰ যেনে ঠিক তাৰ লগত মিলাকৈ এটা লেপটপ কঢ়িওৱা বেগ লওক। তেতিয়া বেগত লেপটপটো সুৰক্ষিত হৈ থাকিব।
  • লেপটপ ব্যৱহাৰ কৰাৰ পাছত বেগত থোৱাটো অভ্যাসত পৰিণত কৰক। নহ’লে নষ্ট হোৱাৰ আশংকা থাকি যায়।
  • সততে বতাহ চলাচল কৰিবপৰা মুকলি ঠাইতহে লেপটপ ব্যৱহাৰ কৰা উচিত। তেতিয়া লেপটপটো বেছি গৰম হৈ উঠিব নোৱাৰে।
  • লেপটপটোত থকা ‘এক্সহষ্ট ফেন’ৰ বায়ু যাতে বিনাবাধাই ওলাই যাব পাৰে, তাৰ প্ৰতি বিশেষ মনোযোগ দিয়ক।
  • এটা সমান আৰু পৰিষ্কাৰ সমতলৰ ওপৰত লেপটপতো ৰাখিব। তেতিয়া লেপটপৰ ক্ষতিৰ সম্ভাৱনা কম হ’ব।
  • বিছনাত থৈ লেপটপ ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে বিছনাৰ ধূলি আৰু লেতেৰা বস্তু সোমাই গৈ ফেনখন বন্ধ কৰি পেলাব পাৰে।

দামী লেপটপ এটা আপোনাৰ সম্পদ। তদুপৰি লেপটপৰ মেৰামতিৰো খৰচ আছে। গতিকে ভালদৰে লেপটপটো ৰাখিব জনা মানে খৰচৰপৰা হাত সাৰি থকা। সেয়ে আপোনাৰ লেপটপতো ভালে ৰখাৰ ক্ষেত্ৰত আপুনি নিজেই সচেতন হওক।

লেখক: ৰঞ্জিত সিং

উৎস:বিস্ময়।

2.9756097561
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top