মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / ঐতিহাসিক কীৰ্তিচিহ্ন আৰু লোক-বাদ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঐতিহাসিক কীৰ্তিচিহ্ন আৰু লোক-বাদ্য

ঐতিহাসিক কীৰ্তিচিহ্ন আৰু লোক-বাদ্য- আলোচনা কৰা হৈছে

 


শিৱসাগৰ পুখুৰী:-

 

আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত তেওঁৰ দ্বিতীয়গৰাকী কুঁৱৰী অম্বিকাই ১৬৫৫ শকত এই পুখুৰী খন্দোৱাইছিল। শিৱসাগৰ চহৰৰ মাজ মজিয়াত অৱস্থিত এই পুখুৰীটোৰ মুঠ মাটিকালি ১৯৪ পুৰা ২বিঘা ২কঠা ৬ লোচা।

শিৱসাগৰৰ শিৱ দৌল:-

 

স্বৰ্গদেউ শিৱসিংহৰ পত্নী, ৰাণী অম্বিকা কুঁৱৰীয়ে ১৬৫৫ শক (খৃ১৭৩১)ত শিৱসাগৰ পুখুৰীৰ পাৰত ভগৱান শিৱৰ পূজা-অৰ্চনাৰ অৰ্থে এই দৌল নিৰ্মান কৰায়। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ, ইয়াৰ উচ্চতা ১২০হাত আৰু ইয়াৰ চূড়াত ৭.৫ ফুট উচ্চতাৰ এটি সোণৰ কলচি আছে।

শিৱসাগৰৰ দেৱী দৌল:-

 

স্বৰ্গদেউ শিৱসিংহৰ পত্নী, ৰাণী অম্বিকা কুঁৱৰীয়ে ১৬৫৫ শকত শিৱসাগৰ পুখুৰীৰ পাৰত শ্ৰীশ্ৰী দুৰ্গাদেৱীৰ পূজনৰ বাবে এই দৌল নিৰ্মান কৰায়। ইয়াৰ উচ্চতা ১০.২মি. আৰু পৰিধি ৪০.৫৪মি.।

শিৱসাগৰৰ বিষ্ণু দৌল:-

 

স্বৰ্গদেউ শিৱসিংহৰ পত্নী, ৰাণী অম্বিকা কুঁৱৰীয়ে ১৬৫৫ শকত শিৱসাগৰ পুখুৰীৰ পাৰত বিষ্ণু পূজাৰ অৰ্থে এই দৌল নিৰ্মান কৰোৱায়। ইয়াৰ উচ্চতা ২৩.৭২মি. আৰু পৰিধি ৪২.৩৪মি.।

জয়সাগৰ পুখুৰী:-

 

আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ সোঁৱৰণত খৃঃ১৬৯৬ত এই পুখুৰী খন্দাইছিল। ইয়াৰ মাটিকালি ১৫৫ একৰ।

জয়সাগৰৰ জয় দৌল:-

 

আহোম ৰজা, স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ ৰজত্বকালত ১৬৯৮-১৭০০ চনত তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰীৰ পাৰত এই দৌল নিৰ্মান কৰাইছিল।

ৰুদ্ৰসাগৰৰ শিৱ দৌল বা ৰুদ্ৰ দৌল:-

 

আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই তেওঁৰ পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত ১৭৭৩ চনত ৰুদ্ৰসাগৰ পুখুৰীৰ পাৰত এই দৌল নিৰ্মান কৰাইছিল।

গৌৰীসাগৰ পুখুৰী:- শিৱসাগৰ চহৰৰ পৰা পশ্চিমে প্ৰায় ১১ কি.মি. দূৰত্বত অৱস্থিত এই পুখুৰীটো বৰৰজা বা ফুলেশ্বৰী কুঁৱৰীয়ে খৃঃ ১৭১৫-১৭ৰ ভিতৰত খণ্ডোৱাইছিল। প্ৰায় ১৫০ একৰ (৪৫৩ বিঘা ৩ কঠা ১৫ লোচা) ভূমি সামৰি থকা পুখুৰীটোৰ পাৰত তিনিটাকৈ দৌলো সজোৱা হৈছিল।

 

গৌৰীসাগৰৰ শিৱ দৌল:-

 

শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১১ কি.মি পশ্চিমে গৌৰীসাগৰ পুখুৰীৰ পাৰত অৱস্থিত এই দৌলটো বৰ বৰ ৰজা নামে খ্যত ফুলেশ্বৰী কুঁৱৰীয়ে নিৰ্মান কৰোৱাইছিল। নিৰ্মান কাল খৃঃ ১৭১৫-৩১ বুলি অনুমান কৰা হয়।

গৌৰীসাগৰৰ বিষ্ণু দৌল:-

 

শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১১ কি.মি পশ্চিমে গৌৰীসাগৰ পুখুৰীৰ পাৰত অৱস্থিত এই দৌলটো বৰ বৰ ৰজা নামে খ্যত ফুলেশ্বৰী কুঁৱৰীয়ে নিৰ্মান কৰোৱাইছিল। নিৰ্মান কাল খৃঃ ১৭১৫-৩১ বুলি অনুমান কৰা হয়।

গৌৰীসাগৰৰ দেৱী দৌল:-

 

শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১১ কি.মি পশ্চিমে গৌৰীসাগৰ পুখুৰীৰ পাৰত অৱস্থিত এই দৌলটো বৰ বৰ ৰজা নামে খ্যত ফুলেশ্বৰী কুঁৱৰীয়ে নিৰ্মান কৰোৱাইছিল। নিৰ্মান কাল খৃঃ ১৭১৫-৩১ বুলি অনুমান কৰা হয়।

নামদাঙৰ শিলৰ সাঁকো:-

 

স্বৰ্গদেউ ৰুদ্ৰসিংহ (চুখংফা)ৰ ৰাজত্বকালত এই শিলৰ সাঁকো নিৰ্মান কৰা হৈছিল। এই সাঁকো নামদাং নদীৰ ওপৰত গৌৰীসাগৰৰ ওচৰত বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত অৱস্থিত।

নামতিৰ দেৱী দৌল:-

 

শিৱসাগৰ চহৰৰ পৰা প্ৰায় ২৪ কি.মি. আঁতৰত, নাম্‌তি নামে ঠাইত এই দৌলটো স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত (খৃঃ ১৭৮০-১৭৯৬) নামতিয়াল ভাগতী বৰবৰুৱাই সজাইছিল।

 

থলুৱা আৰু লোকবাদ্য-যন্ত্ৰসমূহ:-

 

ঢোল:- ই ঘাইকৈ বিহুগীত আৰু বিহুনৃত্যৰ লগত ব্যৱহাৰ হোৱা এবিধ ঘাতবাদ্য। ইয়াক কাঠ, বাঁহ আৰু গৰুৰ চাল ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়।

তাল:- এইবিধ বাদ্য বিহুগীত, লোকগীত আৰু কিছুমান আধ্যাত্মিক নাম-কীৰ্তনত ব্যৱহাৰ হয়। আকাৰ আৰু আকৃতিৰ সামান্য পাৰ্থক্য অনুসৰি ইয়াক বিহু তাল, পাতি তাল, ভোৰ তাল, বৰ কাঁহ, খুটি তাল আদি কেইবাটাও ভাগত ভগাব পাৰি আৰু ব্যৱহাৰো বেলেগ বেলেগ হয়। (ছবিৰ উৎস- লোকশিল্পী দিজেন গগৈৰ যাদুঘৰ)

আনন্দ লহৰী:- ঘাইকৈ টোকাৰী গীতৰ সৈত্যে ব্যৱহাৰ হোৱা আৰু কাঠ, বাঁহ, গুঁইৰ চাল আৰু সূতাৰে তৈয়াৰী এবিধ বাদ্য। স্থানভেদে ইয়াক কামৰূপী লোকগীত বা গোৱালপৰীয়া লোকগীতৰ লগতো ব্যৱহাৰ হোৱা দেখা যায়। (ছবিৰ উৎস- লোকশিল্পী দিজেন গগৈৰ যাদুঘৰ)

বাদুলী চুঙা:- বিহু আৰু অন্যান্য লোকগীতৰ সৈত্যে ব্যৱহাৰ হোৱা, বাঁহ আৰু বেতেৰে তৈয়াৰী বাদ্য। ইয়াৰ পৰা বাদুলীৰ মাতৰ দৰে শব্দ নিৰ্গত হয়। (ছবিৰ উৎস- লোকশিল্পী দিজেন গগৈৰ যাদুঘৰ)

ডবা:- সত্ৰীয়া নৃত্য, প্ৰাৰ্থনা, আৰতি আৰু নাম পৰিবেশন আদিৰ সময়ত সঙ্গত কৰা এবিধ ঘাত বাদ্য। কাঠ বা ধাতু, জন্তুৰ চাল, বাঁহ আদি ব্যৱহাৰ কৰি ইয়াক নিৰ্মান কৰা হয়। (ছবিৰ উৎস- লোকশিল্পী দিজেন গগৈৰ যাদুঘৰ)

দগৰ:- লোকগীত, টোকাৰী গীত আদিৰ সৈত্যে ব্যৱহাৰ হোৱা বাদ্য, ইয়াক কাঠ আৰু গুঁইৰ চালেৰে নিৰ্মান কৰা হয়। (ছবিৰ উৎস- লোকশিল্পী দিজেন গগৈৰ যাদুঘৰ)

গগণা:- ঘাইকৈ বিহু পৰিবেশনৰ সময়ত ব্যৱহাৰ হোৱা হাৰ্প(harp)জাতীয় ঘনবাদ্য। এইবিধ বাদ্যৰ ৰামধন, লাহৰী, শালিকী ঠুঁটীয়া আদি কেইবাটাও প্ৰকাৰ পোয়া যায়। ঘাইকৈ বাঁহেৰে নিৰ্মিত যদিও কোনো কোনো ঠাইত ইয়াৰ লগত মূগাৰ সূতাও ব্যৱহাৰ কৰা হয়। (ছবিৰ উৎস- লোকশিল্পী দিজেন গগৈৰ যাদুঘৰ)

তংতং:- বিহু গীত আৰু নৃত্য পৰিবেশনৰ সময়ত ব্যৱহাৰ হোৱা লুপ্তপ্ৰায় লোকবাদ্য, বাঁহেৰে নিৰ্মিত। (ছবিৰ উৎস- লোকশিল্পী দিজেন গগৈৰ যাদুঘৰ)

খোল:- বৰগীত, সত্ৰীয়া নৃত্য, গায়ন-বায়ন আদি পৰিবেশনত ব্যৱহাৰ হোৱা বাদ্য। ইয়াক কাঠ, জন্তুৰ চাল আদি ব্যৱহাৰ কৰি নিৰ্মান কৰা হয়।

কৰতাল:- টোকাৰী গীত আৰু লোকগীতৰ সৈত্যে ব্যৱহাৰ হোৱা, বাঁহেৰে নিৰ্মিত বাদ্য।

ম’হৰ শিঙৰ পেঁপা:- ঘাইকৈ বিহুগীত আৰু বিহু নৃত্য পৰিবেশনৰ সময়ত ব্যৱহাৰ হোৱা সুষিৰ বাদ্য। আকাৰ আকৃতি আৰু শব্দৰ প্ৰকৃতি অনুসৰি ইয়াক ৰামশিঙা, ৰণশিঙা, ৰংশিঙা খংশিঙা আদি ভাগত ভগোৱা হয়। ইয়াক ম’হৰ এটা শিং অথবা দুটা শিং একেলগ কৰি তাৰ লগত বাঁহ, নল, পিতল আদি ব্যৱহাৰ কৰি নিৰ্মান কৰা হয়।

নাগাৰা বা নেগেৰা:- নেগেৰা নাম, লোকগীত আদিত ব্যৱহাৰ হোৱা ঘাতবাদ্য, কাঠ, মাটি, বাঁহ আৰু জন্তুৰ চাল ব্যৱহাৰ কৰি নিৰ্মান কৰা হয়।

মুৰুলি বা পঠালি বাঁহী:- বিহু, লোকগীত, বৰগীতকে আদি কৰি প্ৰায় সকলোবোৰ লোকসঙ্গীতৰ লগত ব্যৱহাৰ কৰা হোৱা, বাঁহ আৰু কাঠেৰে নিৰ্মিত সুষিৰ বাদ্য। জনগোষ্ঠী অনুযায়ী ইয়াৰ আকাৰ, নক্সা, নাম আৰু নিৰ্গত শব্দৰ সুৰ বেলেগ বেলেগ হয়।

চায়েণ্ডাৰ বা চাৰেংদাৰ:- বাগুৰুম্বা, কামৰূপী লোকগীত, সত্ৰীয়া নৃত্য আদিৰ লগত সঙ্গত কৰা তন্ত্ৰীযুক্ত এবিধ তত বাদ্য।

সুতুলি:- ঘাইকৈ বিহু নৃত্য আৰু বিহুগীতৰ সৈত্যে সঙ্গত কৰা এবিধ সুষিৰ বাদ্য। ইয়াক মাটিৰে তৈয়াৰ কৰা হয়।

টকা:- বিহুগীত আৰু বিহুনৃত্যৰ সৈত্যে ব্যৱহাৰ কৰা, বাঁহেৰে নিৰ্মিত বাদ্য। আকাৰ আৰু নিৰ্গত শব্দৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি ইয়াক বৰটকা, সৰুটকা আদি ভাগত ভগোৱা হয়।

জেংটং:- বিহু গীত আৰু বিহুনৃত্য পৰিবেশনৰ সময়ত ব্যৱহাৰ হোৱা লুপ্তপ্ৰায় লোকবাদ্য, বাঁহ আৰু বেতেৰে নিৰ্মিত। (ছবিৰ উৎস- লোকশিল্পী দিজেন গগৈৰ যাদুঘৰ)

টোকাৰী:- টোকাৰী গীত, দেহ বিচাৰ গীত, ভকতীয়া বা পৰমাৰ্থিক গীতত আৰু অন্যান্য লোকগীতৰ সৈত্যে সঙ্গত কৰা এবিধ ততবাদ্য। ইয়াক কাঠ, গুঁইৰ চাল, মূগাৰ গুণাজৰী আদি ব্যৱহাৰ কৰি নিৰ্মান কৰা হয়।

শংখ:- মঠ-মন্দিৰ, দৌল-দেৱালয়, সত্ৰ, নামঘৰ আদিত বিভিন্ন ধৰ্মীয় অনুষ্ঠানত মাংগলিক বাদ্য হিচাপে শংখ বজোৱা হয়। সাধাৰণতে সাগৰৰ পৰা শামুকজাতীয় প্ৰাণীৰ খোলা সংগ্ৰহ কৰি তাৰ এটা মূৰ কাটি এইবিধ বাদ্য তৈয়াৰ কৰা হয়।

পৌৰাণিক সা-সঁজুলিসমূহ:-

কাকৈ:- চুলি, নোম আদি ফনিওৱা, বাঁহেৰে নিৰ্মিত সঁজুলি। ইয়াক বিহুৱতী গাভৰুৱে চুলিৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে খোপাত গুজি ৰাখে।

 

উৎস-অচিন্ত্য বৰঠাকুৰ ,সাহিত্য ডট অৰ্গ

3.06666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top