মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / ভাৰত বুৰঞ্জী,প্ৰফুল্ল কুমাৰ বৰুৱা / হৰ্ষবৰ্দ্ধনৰ পিছত উত্তৰ ভাৰত:ৰাজপুত শক্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৰ্ষবৰ্দ্ধনৰ পিছত উত্তৰ ভাৰত:ৰাজপুত শক্তি

হৰ্ষবৰ্দ্ধনৰ পিছত উত্তৰ ভাৰত:ৰাজপুত শক্তিৰ বিষয়ে লিখা হৈছে

 

 

 

হৰ্ষবৰ্দ্ধন সমগ্ৰ ভাৰতৰ ৰজা নাছিল।উত্তৰ ভাৰতৰো সকলোবোৰ ঠাই তেওঁ জয় কৰিব পৰা নাছিল।তথাপিও উত্তৰ ভাৰতৰ এটা বৃহৎ অঞ্চল হৰ্ষবৰ্দ্ধনৰ অধীনত আছিল।কিন্তু তেওঁৰ মৃত্যুৰ পিছত উত্তৰ ভাৰতত ভালেমান আঞ্চলিক ৰাজ্য গঢ় লৈ উঠে-

গুৰ্জৰ প্ৰতিহাৰ সকল (The Gurjara Pratiharas):

 

গুৰ্জৰ প্ৰতিহাৰ সকলে খৃষ্টীয় ৬ ষ্ঠ শতিকাত ভাৰতত প্ৰৱেশ কৰে আৰু ভালেমান সৰু সৰু ৰাজ্য গঢ়ি তোলে।বুৰঞ্জীবিদ স্মিথৰ মতে গুৰ্জৰসকল হুণসকলৰ সৈতে ভাৰতত প্ৰৱেশ কৰে।এওঁলোক আছিল হুণসকলৰ সম্পৰ্কীয়।এওঁলোকে ভাৰতত বসবাস কৰি ভাৰতীয় ধৰ্ম আৰু সভ্যতা গ্ৰহণ কৰি ভাৰতীয় জাতিগোষ্ঠীৰ সৈতে মিলি যায়।কে.এম. মুন্সীৰ মতে গুৰ্জৰ নামটো স্থানবাচক।জাতিবাচক নহয়।গুজৰাটত সুৰ্য্যবংশীয় আৰু লক্ষণৰ বংশধৰ বুলি চিনাকি দিয়ে।

গুৰ্জৰ জাতিৰ প্ৰতিষ্ঠাত আছিল হৰিচন্দ্ৰ।হৰিচন্দ্ৰৰ পিছৰ জন ৰজা আছিল প্ৰথম নাগভট্ট।তেওঁ যোধপুৰ অধিকাৰ কৰিছিল।মালৱ,গুজৰাট আৰু ৰাজপুতনাৰ কিছু অংশ তেওঁৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।এই সময়তে আৰৱ সকলে ৰাজপুতনা আক্ৰমণ কৰি উজ্জয়িনীলৈকে আগবাঢ়ি আহিছিল।প্ৰথম নাগভট্টই আৰবসকলক পৰাস্ত কৰি তেওঁলোকৰ অগ্ৰগতিত বাধা দিছিল।৭২৫-৭৪০ খৃষ্টাব্দলৈকে নাগভট্টই ৰাজত্ব কৰিছিল।

প্ৰথম নাগভট্টৰ পিছত বৎসৰাজ (৭৭৫-৮০০)ৰজা হৈছিল।এওঁ এজন শক্তিশালী ৰজা নাছিল।বঙ্গদেশৰ পালবংশৰ ৰজা ধৰ্মপালক এওঁ যুদ্ধত হৰুৱাইছিল।কিন্তু ৰাষ্ট্ৰকুট ৰজা ধ্ৰুৱৰ হাতত বৎসৰাজ পৰাজিত হৈছিল।

বৎসৰাজৰ পিছত তেওঁৰ পুতেক দ্বিতীয় নাগভট্ট সিংহাসনত আৰোহণ কৰিছিল।এওঁৱেই গুৰ্জৰ প্ৰতিহাৰ শক্তিৰ ভেটি বান্ধিছিল বুলি কব পাৰি।দ্বিতীয় নাগভট্টই প্ৰাদেশিক গুৰ্জৰ শক্তিক সৰ্বভাৰতীয় শক্তিলৈ ৰুপান্তৰিত কৰিছিল।পাল-প্ৰত্যহাৰ ৰাষ্ট্ৰকুট দ্বন্দ্ব এওঁৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনা।দেউতাকৰ নীতি অনুসৰণ কৰি দ্বিতীয় নাগভট্টই কৃষি আৰু বাণিজ্যিক দিশৰ পৰা উন্নত কনৌজ অধিকাৰ কৰাৰ মানসেৰে এওঁ কনৌজ আক্ৰমণ কৰে আৰু কনৌজৰ চক্ৰায়ুৰ্ধক পৰাস্ত কৰে।মুঙ্গেৰৰ যুদ্ধত কনৌজ আক্ৰমণ কৰে আৰু কনৌজৰ চক্ৰায়ুৰ্ধক পৰাস্ত কৰে।মুঙ্গেৰৰ যুদ্ধত ধৰ্মপালনৰ বাহিনীকো এওঁ বিধ্বস্ত কৰে।কিন্তু ৰাষ্ট্ৰকুট ৰজা তৃতীয় গোবিন্দই নাগভট্টক বুন্দেলখণ্ডৰ যুদ্ধত পৰাস্ত কৰে।নাগভট্ট পলাই যাবলৈ বাধ্য হয়।

দ্বিতীয় নাগভট্টৰ পিছত ৰামভদ্ৰ নামৰ এজন কিছুদিনৰ কাৰণে ৰাজসিংহাসনত বহে।ৰামভদ্ৰৰ শাসনকালৰ উল্লেখযোগ্য ঘটনা নাই।ৰামভদ্ৰৰ পিছত ৰজা হয় তেওঁৰ পুতেক ভোজ বা মিহিৰ ভোজ (৮৩৬-৮৮৫ খৃষ্টাব্দ)।মিহিৰ ভোজ গুৰ্জৰ প্ৰতিহাৰ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।তেওঁ তেওঁৰ পুৰ্ব পুৰুষ বৎসৰাজ আৰু দ্বিতীয় নাগভট্টৰ দৰেই গঙ্গা উপত্যকাত ৰাজ্য বিস্তাৰৰ নীতি গ্ৰহণ কৰিছিল।তেওঁ কালাঞ্জৰ আৰু দক্ষিণ ৰাজপুতনা অধিকাৰ কৰে আৰু কনৌজত আধিপত্য স্থাপন কৰে।পাল বংশৰ ৰজা দেৱপালে বাধা প্ৰদান কৰাৰ কাৰণে মিহিৰভোজ আৰু বেছি অগ্ৰসৰ হব পৰা নাছিল।

ইতিমধ্যে দেৱপালৰ মৃত্যু হয় আৰু পালশক্তি দুৰ্বল হৈ পৰে।ইপিনে দক্ষিণৰ ৰাষ্ট্ৰকুট  সকলো চালুক্য সকলৰ সৈতে যুদ্ধত ব্যস্ত থাকে।এই সুযোগতে মিহিৰভোজে গঙ্গা উপত্যকাৰ পিনে অগ্ৰসৰ হয় আৰু কনৌজ জয় কৰাৰ মন মেলে।এই উদ্দেশ্যৰে তেওঁ চেদি আৰু গুহিলোং সকলৰ সৈতে মিত্ৰতা স্থাপন কৰে।মিহিৰ ভোজই পাল শক্তিক পৰাজিত কৰি কনৌজ অধিকাৰ কৰে।ৰাষ্ট্ৰকুট দ্বিতীয় কৃষ্ণকো তেওঁ পৰাস্ত কৰে আৰু গুজৰাট আৰু মালৱৰ এটা অংশ জয় কৰে।ৰাষ্ট্ৰকুট ৰজা দ্বিতীয় কৃষ্ণই মিহিৰভোজক পুনৰ বাধা প্ৰদান কৰে কিন্তু উজ্জয়িনীৰ যুদ্ধত ভোজে ৰাষ্ট্ৰকুট সকলক পৰাভুত কৰে।ইয়াৰ পিছত মিহিৰ ভোজই পঞ্জাৱ আৰু অযোধ্যা জয় কৰে।কাশ্মীৰ,সিন্ধু,বিহাৰ,বঙ্গ আৰু কলচুৰি ৰাজ্যৰ বাহিৰে সমগ্ৰ উত্তৰ ভাৰত মিহিৰ  ভোজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।তেওঁ তেওঁৰ ৰাজধানী কনৌজলৈ স্থানান্তৰিত কৰিছিল।

ভোজৰ শাসনকালত চুলেমান নামৰ এজন আৰব পৰ্য্যটক তেওঁৰ ৰাজধানীলৈ ৮৫১ খৃষ্টাব্দত আহিছিল।পৰ্য্যটক গৰাকীয়ে ভোজৰ প্ৰতিপত্তি,শাসন ব্যৱস্থা,পৰাক্ৰম,সৈন্যবাহিনীৰ বিষয়ে উচ্চ প্ৰশংসা কৰি গৈছে।পৰ্য্যটক গৰাকীৰ মতে ভোজৰ ৰাজ্যখন আছিল সমৃদ্ধিশালী আৰু ধনে ধানে পৰিপুৰ্ণ।

মিহিৰভোজ ঘোৰ ইচলাম ধৰ্ম বিৰোধী আছিল।

ভোজৰ মৃত্যুৰ পিছত মহেন্দ্ৰপাল (৮৮৫-৯১০ খৃষ্টাব্দ)ৰজা হৈছিল।প্ৰতিদ্বন্দ্বী পাল শক্তিক এওঁ পৰাস্ত কৰিছিল আৰু উত্তৰ বঙ্গৰ কিছু অংশ আৰু মগধ অধিকাৰ কৰিছিল।অৱশ্যে এওঁ পঞ্জাৱৰ কিছু অংশ কাশ্মীৰৰ ৰজাক এৰি দিবলগীয়া হৈছিল।

মহেন্দ্ৰ পাল শিক্ষাসংস্কৃতিৰ অনুৰাগী আছিল।কাব্য মীমাংসা আৰু কৰ্পুৰ মঞ্জুৰী নাটকৰ লিখক সাহিত্যিক ৰাজশেখেৰে মহেন্দ্ৰ পালৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।

মহেন্দ্ৰ পালৰ পিছত তেওঁৰ পুতেক দ্বিতীয় ভোজ ৰজা হয়।কিন্তু অলপ দিনৰ পিছতেই তেওঁৰ ভায়েক মহীপালে তেওঁ সিংহাসনচ্যুত কৰে।মহীপালৰ ৰাজত্বকালত ৰাষ্ট্ৰকুট ৰজা তৃতীয় ইন্দ্ৰই কনৌজ ধ্বংস কৰি প্ৰয়াগৰ পিনে আগবাঢ়ি যায়।ৰাষ্ট্ৰকুট আক্ৰমণৰ ফলত গুৰ্জৰ প্ৰতিহাৰ ৰাজ্যৰ অশেষ ক্ষতি হয়।সৌৰাষ্ট্ৰ আৰু অন্যান্য বহুত ঠাই প্ৰতিহাৰ সকলে হেৰুৱাবলগীয়া হয়।

মহীপালৰ পিছত দেৱপাল,বিজয় পাল আদি যি সকল দুৰ্বল ৰজা ৰাজপাটত উঠিছিল তেওঁলোকৰ দিনৰ কোনো উল্লেখযোগ্য ঘটনা নাই।বৰঞ্চ তেওঁলোকৰ দিনত গুৰ্জৰ শক্তি ক্ৰমাৎ পতনৰ পিনে আগবাঢ়ে আৰু অৱশেষত দশম শতিকাত বিশাল গুৰ্জৰ সাম্ৰাজ্য এখন ক্ষুদ্ৰৰাজ্যত পৰিণত হয়।

গুৰ্জৰ প্ৰতিহাৰ সাম্ৰাজ্যৰ গুৰুত্ব:

 

গুৰ্জৰ প্ৰতিহাৰ সাম্ৰাজ্য,ড: আৰ চি,মজুমদাৰৰ মতে প্ৰাচীন ভাৰতৰ শেষ হিন্দু সাম্ৰাজ্য।প্ৰতিহাৰ ৰজা সকলে হৰ্ষবৰ্দ্ধনৰ পিছত ভাঙি পৰা উত্তৰ ভাৰতৰ ঐক্য অন্তত: কিছুদিনলৈ বাহাল ৰাখিবলৈ সক্ষম হৈছিল।তদুপৰি আৰবসকলৰ আক্ৰমণ প্ৰতিহত কৰি অন্তত:কিছুকাললৈ মুছলমান সকলৰ পদদলিত হোৱাৰ পৰা ভাৰতবৰ্ষক এওঁলোকে ৰক্ষা কৰিছিল।গুৰ্জৰ সকলৰ পতন মুখিতাৰ সময়তো এওঁলোকে তুৰ্কী আক্ৰমণকাৰী চুলতান মামুদক বাধা প্ৰদান কৰিছিল।

গুৰ্জৰ প্ৰতিহাৰ বংশ ক্ৰমাৎ পতনৰ পিনে আগবাঢ়ে আৰু অৱশেষত একাদশ শতিকাত ভালেমান ক্ষুদ্ৰ ক্ষুদ্ৰ বংশত বিভক্ত হৈ পৰে।সেই বংশবোৰৰ ভিতৰত চাণদেল সকল,কলচুৰি সকল,পৰমাৰ সকল,গুজৰাটৰ চালুক্য সকল আৰু চৌহান সকলৰ নাম বিশেষভাবে উল্লেখযোগ্য।

চান্দেলসকল:চান্দেল বংশৰ আদি ৰজা সকলৰ ভিতৰত হৰ্ষ আৰু যশোবৰ্মন শক্তিশালী ৰজা আছিল।যশোবৰ্মনে কালাঞ্জাৰ অধিকাৰ কৰে আৰু মাহোৰাত ৰাজধানী স্থাপন কৰে।এই বংশৰ অন্য দুজন কৃতি ৰজা আছিল ধঙ্গ আৰু কীৰ্তিবৰ্মন।এলাহাবাদ,কালাঞ্জাৰ আৰু গোৱালিয়ৰকে ধৰি উত্তৰ ভাৰতৰ এটা বুজন অংশৰ ওপৰত ধঙ্গই ৰাজত্ব কৰিছিল।মহম্মদ ঘোৰীৰ বিৰুদ্ধে হিন্দু ৰজা সকলে যি জট বান্ধিছিল সেই জোটত ধঙ্গই যোগ দিছিল।কীৰ্তিবৰ্মনে চেদী ৰজা কৰ্ণ কলচুৰিক পৰাস্ত কৰিছিল।বিখ্যাত কিৰাট হ্ৰদটোৱে কীতি বৰ্মনৰ স্মৃতি জীয়াই ৰাখিছে।চান্দেল বংশৰ শেষৰ জন কীৰ্তি ৰজা আছিল পৰমাৰ্দি।

চান্দেলসকলৰ কেন্দ্ৰস্থল আছিল খাজুৰাহো (মধ্য প্ৰদেশ)।খাজুৰাহোৰ মন্দিৰ আৰু ভাস্কৰ্য্যই চান্দেল সকলৰ কৃতিত্বৰ স্বাক্ষৰ বহন কৰিছে।

কলচুৰিসকল:কলচুৰি সকলে নিজকে ক্ষত্ৰিয় সকলৰ বংশধৰ বুলি দাবী কৰে।ষষ্ঠ শতাব্দীৰ পৰা দশম শতাব্দীলৈ এওঁলোকৰ নাম অনুশাসনত পোৱা যায়।

ত্ৰিপুৰীৰ কলচুৰিসকলেই এওঁলোকৰ  প্ৰধান ঠাই বুলি কোৱা হয়।এওঁলোকে নিজকে বিষ্ণুৰ বংশধৰ বুলি কয়।এই বংশৰ প্ৰতিষ্ঠাতা আছিল কোক্কাল আৰু এওঁ সম্ভৱ মধ্যপ্ৰদেশৰ,আজিকালিৰ জহবলপুৰ অঞ্চলত শাসন কৰিছিল।কোক্কালে গুৰ্জৰ প্ৰতিহাৰসকলৰ সৈতে বন্ধুত্বপুৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল আৰু ৰাষ্ট্ৰকুট আৰু চাণ্ডেলসকলৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল।দশম শতিকাৰ দ্বিতীয়াবৰ্ধিত ৰাজত্ব কৰা লক্ষ্মণৰাজ নামৰ এজন কলচুৰি ৰজাই বঙ্গ,কোশল,গুজৰাট,কাশ্মীৰ আৰু পাণ্ড্য ৰাজ্য জয় কৰা বুলি দাবী কৰে।কলচুৰি ৰজা দ্বিতীয় যুৱৰাজ পৰমাৰ ৰজা দ্বিতীয় বাকপতি আৰু চালুক্যৰজা দ্বিতীয় তৈল্যৰ হাতত পৰাস্ত হলেও সাঙ্গেয় বিক্ৰমাদিত্যই (১০৩০-১০৪৯ চন)কলচুৰি সকলৰ ক্ষমতা পুনৰ উদ্ধাৰ কৰিছিল।তেওঁ কীৰ (হিমাচল প্ৰদেশৰ কাংৰা উপত্যকা),বঙ্গ,উৎকল,আৰু কুন্টলৰ শাসনকৰ্তাক পৰআস্ত কৰিছিল বুলি কোৱা হয়।এলহাবাদ আৰু বাৰাণসী অধিকাৰ কৰি তেওঁ তেওঁৰ আধিপত্য গঙ্গালৈকে বিস্তাৰ কৰিছিল।পৰমাৰ ৰজা ভোজৰ হাতত গাঙ্গেয় বিক্ৰমাদিত্য পৰাজিত হৈছিল।

গাঙ্গেয় বিক্ৰমাদিত্যৰ লক্ষ্মীকৰ্ণ এজন ডাঙৰ বিজেতা আছিল(১০৪১-১০৭০ চন)।পশ্চিমে বানছ আৰু মাহী নদীৰ মোহনাৰ পৰা পুবৈ হুগলী নদীৰ মোহনালৈকে,উত্তৰে গঙ্গা যমুনাৰ উপত্যকাৰ পৰা মহানদী,ওৱাইন-গঙ্গা,ৱাদ্ধা আৰু তাওতীৰ ওপৰ ভাগলৈকে লক্ষ্মীকৰ্ণৰ  ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।লক্ষ্মীকৰ্ণ শক্তিশালী ৰজা আছিল যদিও শেষলৈ পালৰজা,(ন্যায়পাল আৰু দ্বিতীয় বিগ্ৰহ পাল)চাণ্ডেলৰজা (কীতি বৰ্মন),পৰমাৰ ৰজা (উদয়াদিত্য),চালুক্যৰজা(প্ৰথম ভীম)আৰু কল্যাণীৰ চালুক্যৰজা সোমেশ্বৰে এওঁক পৰাজিত কৰে।

লক্ষ্মীকৰ্ণৰ উত্তৰাধিকাৰী যশোকৰ্ণকো )১০৭৩-১১২৫)পৰামাৰ,চাণ্ডেল আৰু চালুক্য ৰজাই পৰাস্ত কৰিছিল।খুব সম্ভৱ তেওঁৰ শাসনকালতে গাহড়ৱালসকলে বানাৰস আৰু কনৌজৰ মাজৰ গোটেই অঞ্চল অধিকাৰ কৰাত কলচুৰিসকলে গঙ্গা যমুনা উপত্যকাত তেওঁলোকৰ কেইখনমান জিলা হেৰুৱাব লগাত পৰিছিল।

লক্ষ্মীকৰ্ণৰ উত্তৰাধিকাৰী আছিল গয়াকৰ্ণ (১১৫১)।খুব সম্ভৱ চাণ্ডেল যুৱৰাজ মদনবল্লভে তেওঁক পৰাস্ত কৰিছিল।এওঁৰ দিনতে তুম্নানৰ কলচুৰিসকলে বিদ্ৰোহ কৰে আৰু স্বাধীনতা ঘোষণা কৰে।

গয়াকৰ্ণৰ পিছৰ ৰজাসকলৰ বিষয়ে সবিশেষ জনা নাযায়।কলচুৰিসকলে সম্ভৱ জহবলপুৰ অঞ্চলত,পোন্ধৰ শতিকাৰ আগভাগলৈকে ৰাজত্ব কৰিছিল।

পৰমাৰ সকল:পৰমাৰ শক্তিৰ প্ৰতিষ্ঠাতা আছিল কৃষৰজা।চেদী আৰু প্ৰতিহাৰসকলৰ সাম্ৰাজ্যৰ ধ্বংস স্তুপৰ ওপৰত পৰমাৰ সাম্ৰাজ্য গঢ় লৈ উঠিছিল।এই বংশৰ শ্ৰেষ্ঠা ৰজা আছিল ভোজ।ভোজ শিক্ষা সংস্কৃতিৰ পৃষ্ঠপোষক আছিল।ভোজে তেওঁৰ ৰাজধানী ধাৰাবৰ্ষত এখন সংস্কৃত বিদ্যালয় স্থাপন কৰিছিল।২৫০ বৰ্গমাইল পৰিধিৰ ভোজপুৰ হ্ৰদ এওঁৱেই খন্দাইছিল।গাহড়ৱাল বা চাণ্ডেল সকলৰ দৰে কৃতিত্ব ৰাজনৈতিক নাথাকিলেও শিক্ষা-সংস্কৃতিৰ ক্ষেত্ৰত পৰমাৰ সকলৰ যথেষ্ট অৱদান আছিল।

 

গুজৰাটৰ চালুক্যসকল বা সোলাংকিসকল

 

চালুক্য বা সোলাংকিসকলে তিনি শতাব্দী ধৰি গুজৰাট আৰু কাঠিৱাৰত শাসন কৰিছিল (৯৫০-১৩০০ খৃষ্টাব্দ)।প্ৰথম মুলৰাজ,প্ৰথম ভীম এই বংশৰ উল্লেখযোগ্য ৰজা আছিল।প্ৰথম ভীমে কলচুৰি আৰু কল্যাণীৰ চালুক্যসকলৰ মিত্ৰ ৰজা হিচাপে পৰমাৰ বংশৰ প্ৰখ্যাত ৰজা ভোজক পৰাস্ত কৰিছিল।তেওঁ কলচুৰি ৰজা লক্ষ্মীকৰ্ণকো পৰাস্ত কৰিছিল বুলি কোৱা হয়।ভীমে সিন্ধুৰ মুছলমানসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল বুলি কোৱা হয় যদিও অনুশাসন সমুহত নাইবা জৈনবুৰঞ্জী লিখকসকলৰ লিখনিত ভীমৰ ৰাজত্বকালত চুলতান মামুদে সোমনাথ মন্দিৰ আক্ৰমণ কৰাৰ কথা উল্লেখ নাই।

ভীমৰ উত্তৰাধিকাৰী প্ৰথম কৰ্ণৰ (প্ৰায় ১০৬৪-১০৯৪)শাসনকাল শান্তিপুৰ্ণ আছিল।তেওঁৰ পুতেক জয়সিংহ সিদ্ধৰাজে ১০৯৪ চনৰ পৰা ১১৪৪ চনলৈকে ৰাজত্ব কৰিছিল।গুজৰাট,কচ্ছ আৰু কাথিৱাৰৰ বাহিৰেও মধ্যভাৰত আৰু ৰাজপুতনাৰ বহুত অঞ্চল তেওঁৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।পৰমাৰ ৰজা যশোবৰ্মনক সিদ্ধৰাজে পৰাস্ত কৰিছিল।চাণ্ডেলসকলে,মুছলমানসকল আৰু কিছুমান সৰু সৰু ৰজাৰ লগত যুদ্ধ কৰিছিল বুলি কোৱা হয়।প্ৰথম ভোজৰ দৰে জয়সিংহ সিদ্ধৰাজো শিক্ষাৰ পৃষ্ঠপোষক আছিল আৰু বিভিন্ন শাস্ত্ৰ শিক্ষা দিবৰ কাৰণে বিদ্যালয় সাজি দিয়াৰ উপৰিও পণ্ডিতলোকক এওঁ পৃষ্ঠপোষকতা কৰিছিল।

কুমাৰ পাল এই বংশৰ এজন শক্তিশালী ৰজা আছিল (১১৪৪-৭৩)।এওঁ শাকম্ভৰিৰ ৰজা অৱলোৰাজক পৰাস্ত কৰিছিল বুলি কোৱা হয়।কুমাৰ পালে আঁবৰ পৰমাৰসকলৰ লগত;কোংকণৰ শাসনকৰ্তাসকলৰ লগত আৰু সৌৰাষ্ট্ৰৰ নেতাসকলৰ লগত যুদ্ধ কৰিছিল বুলি উল্লেখ আছে।কুমাৰ পাল জৈনধৰ্মাৱলম্বী আছিল।

কুমাৰ পালৰ পিছত ১১৭৮ চনৰ পৰা ১২৪১ চনলৈ দ্বিতীয় ভীমে শাসনকাৰ্য চলায়।এওঁৰ দিনত মহম্মদ ঘোৰীয়ে গুজৰাট আক্ৰমণ কৰিছিল।দ্বিতীয় ভীমৰ হাতত মহম্মদ ঘোৰী পৰাজিত হয় বুলি কোৱা হয় আৰু পৰাজিত হৈ মহম্মদ ঘোৰী ঘজনীলৈ উলটি যায়গৈ।১১৯৫ চনত কুতুবুদ্ধিন আইবাকে অনহিলৱাদ লুটপাত কৰিছিল।এই যুদ্ধবিগ্ৰহবোৰে ৰাজকীয় কৰ্তৃত্ব দুৰ্বল কৰি পেলাইছিল আৰু কৰতলীয়া ৰজা মন্ত্ৰীসকলক স্বাধীনতা ঘোষণা কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল।

গুজৰাটৰ চালুক্য বংশৰ শেক্ষৰ জন ৰজা আছিল দ্বিতীয় কৰ্ণ (১২৯৭),তেওঁৰ শালনকালতে গুজৰাট আলাউদ্দিন খিলিজীৰ ৰাজ্যৰ লগত চামিল কৰা হৈছিল।

চৌহানসকল:

 

চৌহানসকলে একাদশ শতিকাত শকাম্বৰী অঞ্চলত ৰাজত্ব কৰিছিল।তেওঁলোকে সুৰ্যবংশীয় বুলি নিজকে চিনাকি দিয়ে আৰু পৰ্বতত থকা মহৰ্ষি বশিষ্ঠৰ যজ্ঞকুণ্ডৰ পৰা তেওঁলোকৰ উৎপত্তি হৈছিল বুলি কবি চাঁদবৰদাই উল্লেখ কৰিছে।

অজয় ৰজাই আজমীৰত চৌহানবংশ প্ৰতিষ্ঠা কৰে।তেওঁৰ পিছত ১১৩৩ চনত অৰ্ণৰাজ আজমীৰ সিংহাসনত বহে।তেওঁ তুৰ্কী আক্ৰমণকাৰী সকলক পৰাস্ত কৰি স্বাধীনতা ৰক্ষা কৰে।অৰ্ণৰাজে চালুক্যৰজা জয়সিংহৰ কন্যাক বিয়া কৰাইছিল যদিও চালুক্যসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতা চলাইছিল।

অৰ্ণৰাজৰ পিছত চতুৰ্থ বিগ্ৰহ ৰাজ (১২৫৩-১১৬৩)সিংহাসনত উঠে।বিগ্ৰহ ৰাজে চালুক্য আৰু পৰমাৰ সকলক পৰাস্ত কৰে।তেওঁ তোমৰ শক্তিক পৰাস্ত কৰি দিল্লী আৰু পুব পঞ্জাৱ অধিকাৰ কৰে।বিগ্ৰহৰাজ সাহিত্যপ্ৰেমী আছিল।তেওঁ “হৰকেলী”নামৰ এখন নাটক ৰচনা কৰিছিল।উত্তৰে শিবালিক পৰ্বতৰ পৰা দক্ষিণে ৰাজপুতনালৈকে এওঁৰ ৰাজ্য বিস্তৃত আছিল।বিগ্ৰহৰাজৰ পিছত দ্বিতীয় পৃথ্বীৰাজ আৰু তাৰ পিছত সোমেশ্বৰ চৌহান ৰজা হয়।

চৌহানবংশৰ শ্ৰেষ্ঠ ৰজা আছিল তৃতীয় পৃথ্বীৰাজ (১১৭৮-১১৯২)।বহুত বুৰঞ্জীবিদে তেওঁক প্ৰাচীন যুগৰ শ্ৰেষ্ঠ হিন্দুৰজা বুলি অভিহিত কৰিছে।তুৰ্কী ঐতিহাসিক সকলেও এওঁৰ বিষয়ে বহুত কথা লিখি থৈ গৈছে।পৃথ্বীৰাজক কেন্দ্ৰ কৰি কিংবদন্তীও গঢ় লৈ উঠিছে;পৃথ্বীৰাজ বিজয় নামৰ কাব্যও ৰচিত হৈছে।

চুলতান মহম্মদ ঘোৰীয়ে চুলুক্যসকলক আক্ৰমণ কৰাৰ উদ্দেশ্যৰে পৃথ্বীৰাজ চৌহানৰ সহায় বিচাৰিছিল।চালুক্যসকল পৃথ্বীৰাজৰ শত্ৰু আছিল।গতিকে যি কোনো এটা পক্ষ ললেও ইটো পক্ষ দুৰ্বল হৈ পৰিব আৰু তেতিয়া তিনিটা পক্ষৰ মাজৰ যুদ্ধ দুটা পক্ষৰ মাজৰ যুদ্ধ হৈ পৰিবগৈ।এইবোৰ কথা চিন্তা কৰি মন্ত্ৰীসকলৰ পৰামৰ্শ মতে পৃথ্বীৰাজে নিৰপেক্ষ নীতি গ্ৰহণ কৰিলে।ইতিমধ্যে চালুক্যৰজাই মহম্মদ ঘোৰীক পৰাস্ত কৰে আৰু সাময়িকভাৱে তুৰ্কী আক্ৰমণৰ আশঙ্কা কমি আহে।

যিকি নহওক ১১৯০ চনত মহম্মদ ঘোৰীয়ে হিন্দুস্থান আক্ৰমণ কৰাৰ মানসেৰে তবৰহিন্দ অধিকাৰ কৰে।মহম্মদ ঘোৰীক পৃথ্বীৰাজে বধা দিয়ে আৰু প্ৰথম তৰাইনৰ যুদ্ধত মহম্মদ ঘোৰীক পৰাস্ত কৰে।আহত অৱস্থাত মহম্মদ ঘোৰীয়ে যুদ্ধক্ষেত্ৰ ত্যাগ কৰিবলৈ বাধ্য হয়।

১১৯২ চনত প্ৰায় ১ লাখ পঞ্চাশ হেজাৰ সৈন্যৰে মহম্মদ ঘোৰীয়ে পুনৰ হিন্দুস্থান আক্ৰমণ কৰে।পৃথ্বীৰাজেও ১৫০ জন ৰজাৰ এটা জোট গঠন কৰি মহম্মদ ঘোৰীৰ মুখামুখি হয়।তৰাইনত দ্বিতীয়খন যুদ্ধ হয় আৰু এই যুদ্ধত পৃথ্বীৰাজ পৰাজিত হয়।মহম্মদ ঘোৰীয়ে তেওঁক হত্যা কৰে।পৃথ্বীৰাজ পৰাজিত হোৱাৰ প্ৰধান কাৰণ আছিল কনৌজৰ শক্তিশালী ৰজা জয়চন্দ্ৰই এই যুদ্ধত ১৫০ জন ৰজাৰ জোটত যোগ নিদি আঁতৰি থাকে।আনটো প্ৰধান কাৰণ আছিল অন্য অঞ্চলত ব্যস্ত থাকিবলগীয়া হোৱাত পৃথ্বীৰাজৰ দক্ষ সেনাপতি স্কন্দই তৰাইনৰ যুদ্ধত সৈন্যবাহিনী পৰিচালনা কৰিব পৰা নাছিল।তৰাইনৰ দ্বিতীয় যুদ্ধ এটা যুগান্তকাৰী ঘটনা।কাৰণ এই যুদ্ধত কেৱল চৌহান শক্তিৰেই পতন হোৱা নাই,উত্তৰভাৰতৰ ৰাজপুত শক্তিৰ পতনৰ পথো মুকলি হব।

তৰাইনৰ যুদ্ধত জয়লাভৰ পিছত মহম্মদ ঘোৰীয়ে আজমীৰ আৰু দিল্লী অধিকাৰ কৰে।পৃথ্বীৰাজৰ ভায়েক হৰিৰাজাই স্বাধীনতা ঘোষণা কৰিবলৈ যত্ন কৰোতে মহম্মদ ঘোৰীৰ সেনাপতি কুতুবুদ্দিন আইবাকে তেওঁক বিতাৰিত কৰে।ইয়াৰ পিছত চৌহানবংশই আজমীৰ পৰিহাৰ কৰি ৰণথাম্বৰলৈ যায় আৰু তাত কোনোৰকম তিষ্ঠি থাকে।১৩০১ চনত আলাউদ্দিন খিলিজীয়ে ৰণথাম্বৰ দখল কৰে।তেতিয়াৰ পৰা চুড়ান্তভাৱে চৌহানশক্তিৰ পতন ঘটে।

কনৌজৰ যশোবৰ্মন:হৰ্ষবৰ্ধনৰ মৃত্যুৰ পিছত তেওঁৰ মন্ত্ৰী অৰ্জুনে কনৌজৰ সিংহাসন দখল কৰি স্বাধীনভাৱে ৰাজত্ব কৰিবলৈ লয়।এওঁ চীনা সম্ৰাটে পঠিওৱা চীনা দুতক আক্ৰমণ কৰে।সেই কাৰণে চীনাসম্ৰাটৰ জোৱায়েক তিব্বতৰ ৰজা ষ্ট্ৰং-সান-গামপোই অৰ্জুনক আক্ৰমণ কৰি পৰাস্ত কৰে আৰু বন্দী কৰে।অৰ্জুনৰ পিছত কিছুকাল ধৰি কনৌজৰ ইতিহাস সম্পৰ্কে একো জনা নেযায়।যশোবৰ্মনৰ সময়ৰ পৰাই কনৌজৰ ইতিহাসৰ কিছু কথা জানিব পৰা যায়।

যশোবৰ্মন এজন পৰাক্ৰমী ৰজা আছিল।এওঁ মগধ,বঙ্গ প্ৰভৃতি ৰাজ্য জয় কৰিছিল ।চালুক্যৰজা নিলয়াদিত্যৰ হাতত এওঁ পৰাজিত হৈছিল।কাশ্মীৰৰ ৰজা ললিতাদিত্যৰ সৈতে যশোবৰ্মনে মিত্ৰতা স্থাপন কৰিছিল।আধুনিক ঐতিহাসিক সকলৰ মতে যশোবৰ্মন আৰু ললিতাদিত্য লগ লাগি চীন সম্ৰাটৰ সহায় লৈ আৰব আৰু তিব্বতৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল।অৱশ্যে পিছলৈ ললিতাদিত্যৰ সৈতে এওঁৰ মিত্ৰতা ভঙ্গ হৈছিল আৰু দুয়োৰে মাজত যুদ্ধ হৈছিল।এই যুদ্ধত যশোবৰ্মণ শোচনীয়ভাৱে পৰাজিত হৈছিল।যশোবৰ্মনে চীনদেশলৈ ৭৩১ চনত দত পঠিয়াইছিল।

যশোবৰ্মনৰ সভাত বাকপতি,ভৱভুতি আদি বহুতো বিদ্বান ব্যক্তি উপস্থিত আছিল।এওঁৰ মৃত্যুৰ পিছত কনৌজৰ ইতিহাসত অন্ধকাৰ যুগ পুনৰ আৰম্ভ হয়।

গাহড়ৱাল বংশ:কনৌজৰ গাহড়ৱালসকল কিছুদিন ৰাষ্ট্ৰকুটসকলৰ অধীনত আছিল।খৃষ্টাব্দ ১০৮৫-ত চন্দ্ৰদেৱে ৰাষ্ট্ৰকুট শক্তিৰ গোপিয়াক পৰাস্ত কৰি কনৌজ অধিকাৰ কৰে।চন্দ্ৰদেৱে ৰাষ্ট্ৰকুটসকলক পৰাস্ত কৰি পাঞ্চাল আৰু কলচুৰিসকলক পৰাস্ত কৰি এলাহাবাদ আৰু বাৰাণসী অধিকাৰ কৰে।চন্দ্ৰদেৱৰ পিছত মদনচন্দ্ৰ গাহড়ৱাল সিংহাসনত বহে।ঘজনীৰ চুলতান তৃতীয় মাচুদৰ সৈতে এওঁৰ যুদ্ধ হৈছিল বুলি জনা যায়।

গোবিন্দচন্দ্ৰ গাহড়ৱাল (১১১৫-১১৫৪)সিংহাসনত আৰোহণ কৰি পাল,সেন আৰু মিথিলাৰ ৰজাৰ সৈতে যুদ্ধ কৰিবলগীয়া হয়।এওঁ পাল ৰজাৰ হাতৰ পৰা মুঙ্গেৰ অধিকাৰ কৰে যদিও মদনপালে মুঙ্গেৰ পুনৰ অধিকাৰ কৰে।দক্ষিণৰ চালুক্যৰাজ তৃতীয় সোমেশ্বৰৰ সৈতে এওঁৰ যুদ্ধৰ সময়ত চোলসকলৰ সৈতে গোবিন্দই মিত্ৰতা স্থাপন কৰে।কাশ্মীৰৰ লোহাৰ বংশৰ সৈতে মিত্ৰতা স্থাপন কৰি গোবিন্দই তুৰ্কী আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা কৰে।তুৰ্কী আক্ৰমণৰ পৰা তেওঁ হিন্দুৰ তীৰ্থস্থানবোৰ ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল।গোবিন্দ এজন প্ৰভাৱশালী ৰজা আছিল আৰু নানান সদগুণৰ অধিকাৰী আছিল।

গোবিন্দচন্দ্ৰৰ ৰাজ্য জয় আৰু কুটনৈতিক কৌশলে সেই সময়ত গাহড়ৱাল বংশক উত্তৰ ভাৰতৰ ৰাজনীতিত এখন বিশিষ্ট স্থান দিছিল।তেওঁ কালচুৰী,পাল,চাণ্ডেল,দশহৰ্ণ আদি ভালেমান জাতিক পৰাস্ত কৰিছিল।অন্যান্য ৰাজ্যৰ সৈতে তেওঁ বন্ধুত্বপুৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল।ৰাজতৰঙ্গীনিত উল্লেখ থকা মতে কান্যকুব্জৰ ৰজাৰ সৈতে তেওঁৰ বন্ধুত্বপুৰ্ণ সম্পৰ্ক আছিল।কাশীৰৰ বুদ্ধিজীৱিৰ সভালৈ গোবিন্দ চন্দ্ৰই (১১১৪ চন-১১৫৪)তেওঁৰ প্ৰতিনিধি পঠিয়াছিল।তাঞ্জোৰৰ ৰজাৰ সৈতেও তেওঁৰ বন্ধুত্বপুৰ্ণ সম্পৰ্ক আছিল।তেওঁ এজন সাহসী ৰজা আছিল আৰু তেওঁৰ দিনত গাহড়ৱাল ৰাজ্য উন্নতিৰ শিখৰত উঠিছিল।

গোবিন্দ চন্দ্ৰৰ দিনত সাহিত্যৰ বিকাশ ঘটিছিল।লক্ষ্মীধৰ নামৰ তেওঁৰ এজন মন্ত্ৰীয়ে ন্যায় শাস্ত্ৰ বিষয়ে ক্ৰত্যকল পতৰু নামৰ এখন কিতাপ লিখিছিল।তেওঁৰ দিনত অন্যান্য পুথিও ভালেমান ৰচনা কৰিছিল।গোবিন্দ চন্দ্ৰ ধৰ্মৰ ক্ষেত্ৰত সহিষ্ণু আছিল।তেওঁ নিজে বৌদ্ধাধৰ্মাৱলম্বী কুমাৰ দেৱীক বিয়া কৰাইছিল।আনলি ইচলাম ধৰ্মাৱলম্বী সকলৰ প্ৰতিও তেওঁ সহনশীলতা প্ৰকাশ কৰিছিল ।Dr.R.S.Tripathi ৰ মতে তেওঁৰ দিনত ব্ৰাহ্মণ আৰু বৌদ্ধ সকলৰ মাজত বিয়া-বাৰুৰ প্ৰচলন আছিল।

গোবিন্দ চন্দ্ৰৰ পিছত বিজয়চন্দ্ৰ (১১৫৫-১১৬৯)ৰজা হয়।এওঁ মালিক খসৰুৰ আক্ৰমণ প্ৰতিহত কৰে।বিজয়চন্দ্ৰৰ পিছত ৰজা হয় জয়চন্দ্ৰ।জয়চন্দ্ৰ ভাৰত বুৰঞ্জীৰ এজন চিনাকি ৰজা।কবি চাঁদবৰদাইৰ “পৃথ্বীৰাজ ৰসো”-ত জয়চন্দ্ৰ আৰু পৃথ্বীৰাজৰ মাজৰ বিবাদ আৰু পৃথ্বীৰাজৰ জীয়েক সংযুক্তাৰ ৰোমাণ্টিক কাহিনীৰ বৰ্ণনা আছে।জয়চন্দ্ৰৰ পুবসীমাত আছিল বঙ্গদেশৰ সেনশক্তি আৰু পশ্চিম সীমাত আছিল চৌহান আৰু চান্দেল শক্তি।এই প্ৰতিবেশী সকলৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ জয়চন্দ্ৰ সক্ষম হৈছিল।মহম্মদ ঘোৰীয়ে দ্বিতীয়বাৰ কনৌজ আক্ৰমণ কৰাৰ সময়ত দ্বিতীয় তৰাইনৰ যুদ্ধত জয়চন্দ্ৰই পৃথ্বীৰাজক সহায় কৰা নাছিল।মহম্মদ ঘোৰীয়ে পৃথ্বীৰাজক পৰাস্ত কৰি কনৌজ আক্ৰমণ কৰে আৰু জয়চন্দ্ৰক পৰাজিত কৰে।ইয়াৰ ফলত গাহড়ৱাল শক্তিৰ পতন ঘটে।জয়চন্দ্ৰই তেওঁৰ জীয়েক সংযুক্তাৰ সয়ম্বৰ সভালৈ পৃথ্বীৰাজক মতা নাছিল।

সংযুক্তাই মনে মনে পৃথ্বীৰাজক স্বামীবৰণ কৰিম বুলি ভাবি আছিল।এই কথা লৈয়েই দুয়োৰে মাজত বিবাদ হৈছিল।

কাশ্মীৰ ৰাজ্য:কাশ্মীৰত সেই সময়ত কাৰ্কট বা নাগবংশৰ দুৰ্লভবৰ্ধনে ৰাজত্ব কৰিছিল।হিউৱেন চাঙৰ মতে এওঁ পশ্চিম আৰু উত্তৰ-পশ্চিম পঞ্জাৱৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল।

চন্দ্ৰাপীড় আছিল কাশ্মীৰৰ নাগবংশৰ এজন শ্ৰেষ্ঠ ৰজা।আৰব আক্ৰমণকাৰী মহম্মদ-ইবন-কাচিমৰ বিৰুদ্ধে চন্দ্ৰাপীড়ে চীনদেশৰ সম্ৰাটৰ সাহায্য বিচাৰি বিফল মনোৰথ হৈ অকলেই আৰব আক্ৰমণকাৰীজনৰ বিৰুদ্ধে যুদ্ধ কৰি আৰব আক্ৰমণ প্ৰতিৰোধ কৰিছিল।এই বীৰত্বৰ কাৰণে চীনা সম্ৰাটে তেওঁক “ৰজা”উপাধি প্ৰদান কৰিছিল।চন্দ্ৰাপীড় সৎ আৰু ন্যায়পৰায়ণ ৰজা আছিল।ন্যায় প্ৰদানৰ ক্ষেত্ৰত এওঁ উচ্চ-নীচৰ মাজত ভেদাভেদ নাৰাখিছিল।

চন্দ্ৰাপীড়ৰ পিছৰ ৰজাসকলৰ ভিতৰত ললিতাদিত্য সৰ্বশ্ৰেষ্ঠ আছিল।এওঁ ললিতাদিত্য মুক্তাপীড় নামেৰে জনাজাত আছিল।কনৌজৰ যশোবৰ্মনৰ সৈতে মিত্ৰতা স্থাপন কৰি আৰব আৰু তিব্বতৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যৰে ৭৩৬ খৃষ্টাব্দত এওঁৰ চীন সম্ৰাটৰ ওচৰলৈ কটকী পঠিয়াইছিল।অৱশ্যে ললিতাদিত্য আৰু যশোবৰ্মনৰ মিত্ৰতা বেছিদিন স্থায়ী নহ’ল।ললিতাদিত্যই কনৌজ আক্ৰমণ কৰি যশোবৰ্মনক পৰাস্ত কৰে।যশোবৰ্মন কনৌজ এৰি যাবলৈ বাধ্য হয়।ইয়াৰ পিছত ললিতাদিত্যই বঙ্গদেশ অভিমুখে অভিযান আৰম্ভ কৰে।ললিতাদিত্যই কম্বোজ,তুৰ্কী,দাৰদ আৰু তিব্বতৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈছিল।ইয়াৰ উপৰিও তেওঁ কামৰুপ,কলিঙ্গ,গুজৰাট আদি ঠাই জয় কৰিছিল।গুপ্তসাম্ৰাজ্যৰ পতনৰ পিছত ভাৰতবৰ্ষত যি কেইখন হিন্দু ৰাজ্য গঢ় লৈ উঠিছিল তাৰ ভিতৰত ললিতাদিত্যৰ সাম্ৰাজ্যই সৰ্বশ্ৰেষ্ঠ আছিল বুলি ঐতিহাসিকসকলে মত পোষণ কৰিছে-“His extensive conquests made the king of Kashmir,for the time being the most powerful emoire that India had seen since the days of the Guptas.”

মেৱাৰৰ গুহীলটসকল:এই বংশৰ আদি ৰজাসকলৰ বিষয়ে সবিশেষ একো জনা নাযায়।ৰাণা সংগ্ৰামসিংহ,ৰাণা প্ৰতাপসিংহৰ কৃতিত্বৰ কাৰণেই এই বংশই প্ৰসিদ্ধি লাভ কৰিছিল।চাৰণ কবিসকলৰ গীতত উল্লেখ থকা মতে এওঁলোক ৰামায়ণৰ নায়ক ৰামৰ বংশধৰ।কিন্তু অনুশাসনত থকা প্ৰমাণে গুহীলট সকলৰ উৎপত্তি হুণ-গুৰ্জৰসকলৰ পৰাহে হৈছিল বুলি কৈছে।এই বংশৰ আদিতম অনুশাসনত থকা মতে গুহীলটসকলৰ আদি পুৰুষসকল গুজৰাটৰ আনন্দপুৰত বাস কৰা বিদেশী ব্ৰাহ্মণ আছিল।

এই বংশৰ প্ৰতিষ্ঠাপক আছিল বাপ্পা।কিন্তু বাপ্পা তেওঁৰ আচল নাম হয় নে নহয় কব নোৱাৰি।কাৰণ এই বংশৰ ৰজাসকলৰ তালিকাখন গুহদত্তৰ নামৰ পৰা আৰম্ভ হৈছে।এই বংশৰ আদি ৰজাসকলে সবৰমতী উপত্যকাৰ উত্তৰ অঞ্চলত এখন সৰু ৰাজ্যত ৰাজত্ব কৰিছিল।তেওঁলোকৰ কেইজনমান পৰমাৰ আৰু চালুক্যসকলৰ কৰতলীয়া আছিল।গুহীলটসকল সঠিক কোনটো সময়ত স্বাধীন হৈছিল সেই কথা কোৱা টান।তেৰ শতিকাত মেৱাৰৰ শাসনকৰ্তা জয়সিংহই (১২১৩-১২৫৬) কেইবাটাও মুছলমান আক্ৰমণ প্ৰতিৰোধ কৰিবলগীয়া হৈছিল।ৰত্ন সিংহৰ শাসনৰ কালত এই বংশৰ যশ শীৰ্ষবিন্দু পাইছিল গৈ।১৩০৩ চনত আলাউদ্দিন খিলিজীয়ে মেৱাৰ আক্ৰমণ কৰি ৰাজধানী চিতোৰ অধিকাৰ কৰিছিল।

উৎস:ভাৰত বুৰঞ্জী

 

 

 

2.96774193548
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top