মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / ভাৰতৰ বৌদ্ধধৰ্মী ত্তাইসকল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাৰতৰ বৌদ্ধধৰ্মী ত্তাইসকল

ভাৰতৰ বৌদ্ধধৰ্মী ত্তাইসকলৰ বিশযে লিখা হৈছে

 

ভাৰতৰ ত্তাই জনগোষ্ঠী বুলি  ক’লে এটা জাতিৰ নামেই বহুতৰ মনলৈ আহে-আহোমসকল।কিন্তু এই কথা বহুতে নাজানে যে আহোমসকলৰ বাদে আন কেইবাটাও ত্তাই জনগোষ্ঠী উত্তৰ-পুব ভাৰতৰ ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশত বিদ্যমান।পাঁচটা শাখাত এই গোষ্ঠীসমুহ বিভক্ত-আইতন,খামতি,খাময়াং,তুৰুং আৰু ফাকে।খামতিসকলক বাদ দি সমুহীয়াভাৱে কেউটা জনগোষ্ঠীকে ‘মান (ত্তাই-ভাষী)’নামেৰে চৰকাৰী দস্তাবেজত উল্লেখ কৰা হৈছে।‘মান’ বুলি কোৱাৰ কাৰণ হ’ল এওঁলোক ভাৰতবৰ্ষৰ এই অঞ্চললৈ মান বা ব্ৰহ্মদেশৰ (বৰ্তমান ম্যানমাৰ)পৰা আহিছিল।অৱশ্যে এইক্ষেত্ৰত সকলো একমত নহয়।এওঁলোকৰ বহুতে ,বিশেষকৈ আইতন,খাময়াং আৰু তুৰুংসকলে শ্যাম উপাধি লিখে বাবে তেওঁলোকৰ শ্যাম তেওঁলোকক ‘শ্যাম’গোষ্ঠীৰ লোক বুলিও কোৱা হয়।শ্যাম শব্দটো প্ৰকৃততে ‘শান’শব্দৰপৰা আহিছে।শান হ’ল ত্তাই জাতিৰ এটা ঠাল।আহোমসকলো এই ঠালৰে লোক।অৱশ্যে সমগোত্ৰীয় আহোমসকলৰ বিপৰীতে খামতি আৰু মান (ত্তাই-ভাষী)সকলৰ ধৰ্ম হ’ল বৌদ্ধ।এই প্ৰবন্ধত সেই বৌদ্ধধৰ্মী ত্তাইসকলৰ ইতিহাস আৰু বৰ্তমান অৱস্থাৰ ওপৰত আলোকপাত কৰিবলৈ বিচৰা হৈছে।

ইতিহাস

 

ত্তাইসকলৰ আদি বাসস্থান সম্পৰ্কে বহুতে বহু মতবাদ আগবঢ়ায়।কিন্তু গৰিষ্ঠস্ংখ্যক পণ্ডিতৰ মতে এছিয়া মহাদেশৰ পুব প্ৰান্তত অৱস্থিত মংগোলীয় দেশেই হ’ল ত্তাই লোকৰ আদিভুমি।খ্ৰিষ্টপুৰ্ব ২২০০ চনৰ পুৰ্বে তেওঁলোকে চীনদেশৰ ভুখণ্ডত প্ৰৱেশ কৰিছিল;কিন্তু চীনাসকলৰ লগত হোৱা সংঘাতৰ ফলস্বৰুপে পৰৱৰ্তী কালত তেওঁলোকে য়ুনানলৈ গমন কৰে (খ্ৰিষ্টপুৰ্ব  পঞ্চম শতিকা)।ইয়াৰ পাছত তেওঁলোক সমগ্ৰ হুকং উপত্যকাত বিস্তাৰিত হৈ বহুতো সৰু সৰু ৰাজ্য প্ৰতিষ্ঠা কৰে।এই ৰাজ্যবোৰৰ ভিতৰত অন্যতম আছিল মাওলুং,য’ত অসমৰ প্ৰথম ত্তাই ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুং ছ্যুকাফাৰ জন্ম হৈছিল (আনুমানিক ১১৮৯ খ্ৰিষ্টাব্দ)।কোৱা হয় যে সিংহাসন লৈ হোৱা ভাতৃকেন্দ্ৰিক সংঘাতৰ ফলস্বৰুপে চাওলুং ছ্যুকাফাই মাওলুং ত্যাগ কৰি নতুন ৰাজ্য প্ৰতিষ্ঠাৰ আশাত ১২২৮ খ্ৰিষ্টাব্দত সৌমাৰপীঠত প্ৰৱেশ কৰিছিল।ছ্যুকাফাৰ লগত অহা ত্তাই লোকসকল পৰৱৰ্তী কালত ‘আহোম’নামেৰে জনাজাত হয় আৰু তেওঁলোকৰ ৰাজ্যখনে ‘আসাম’বা ‘অসম’নামেৰে খ্যাতি লাভ কৰে।অৱশ্যে সৌমাৰপীঠত প্ৰৱেশ কৰাৰ পাছত তেওঁলোক হিন্দুধৰ্মত দীক্ষিত হয়।আনহাতে অন্যান্য ত্তাইসকলে অসমত প্ৰৱেশ কৰাৰ কেইবাশ বছৰ আগেয়ে বৌদ্ধধৰ্ম গ্ৰহণ কৰে।

ভাৰতৰ বৌদ্ধধৰ্মী ত্তাইসকলৰ ইতিহাস সম্পৰ্কে তলত পৃথক পৃথকভাৱে আলোচনা কৰা হ’ল।

আইতনসকল:

 

অসমীয়া মানুহে আইতনীয়া বুলি কোৱা ত্তাই জাতিৰ এই গোষ্ঠীটোৰ নাম প্ৰকৃততে ত্তাই-আইতন।অসমলৈ প্ৰব্ৰজন কৰাৰ আগেয়ে আইতনীয়া নগা গাঁৱৰ বাস কৰা হেতুকে এওঁলোকক আইতন বুলি কোৱা হয় ।ঘটনাক্ৰমে এওঁলোক আইতনীয়া গাঁৱৰ কাষত বহিব পাৰে,কিন্তু আইতন নামটো দৰাচলতে আইতন-মুং বা মুং আইতনৰপৰাহে আহিছে।চাওলুং ছ্যুকাফা অসমলৈ আহোঁতে বাটত মুংকুং ৰাজ্য জয় কৰি আহিছিল ।সেই সুত্ৰে তেওঁ মুংকঙৰ অধীনস্থ বিভিন্ন ৰাজ্যৰ লগতে আইতন-মুঙৰো কৰভাৰ লাভ কৰিছিল।মুং আইতন নাম-তায়ুক নৈৰ উপত্যকাত অৱস্থিত।নাম-তায়ুক  দিহিঙৰ আগলিছোৱাৰ এটি  নাম।আইতনসকল অসমলৈ অহাৰ কাৰণ ৰাজনৈতিক ।১৮ শতিকাৰ মাজভাগত উত্তৰ ব্ৰহ্মৰ ত্তাই ৰাজ্যবোৰ মান ৰজাৰ অধীন হোৱাত ত্তাই লোকসকলৰ ওপৰত নানা অত্যাচাৰ আৰম্ভ হয়।এই বিষম পৰিস্থিতিৰ হাত সাৰিবলৈ আইতনসকলে পাটকাই পৰ্বত পাৰ হৈ অসম ভুমিত প্ৰৱেশ কৰে ।প্ৰথমে তেওঁলোক শদিয়াৰ খামতিসকলৰ লগতে আছিল যদিও পৰৱৰ্তী কালত গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ অঞ্চলবিশেষলৈ উঠি আহে।বৰ্তমান আইতনসকলে পুব কাৰ্বি আংলং জিলাৰ বালিপথাৰ আৰু বৰপথাৰ (বানলুং,বান –ছায় আৰু বান ছেং গাঁও),শিলনিজান (বানছেন আৰু বানহিন বা আহোমনি গাঁও),চকীহোলা (কালিয়নী আৰু চকীহোলা শ্যাম গাওঁ )আৰু গোলাঘাট জিলাৰ বৰপথাৰ ,টেঙানি,দুবৰনি আৰু বৰহোলা গাঁও অঞ্চলত বাস কৰি আছে।এওঁলোকৰ মাজত থাওমুং ,ফালুং,চিৰিং ,চৌহাই,চাওপি আদি ফৈদ আছে।জনসংখ্যা ৫,০০০।উল্লেখযোগ্য যে চকীহোলাৰ কালিয়নী গাঁৱত থকা বৌদ্ধ বিহাৰৰ প্ৰধান মুৰ্তিটো মান সেনাপতি মিঙিমাহা বান্দুলাই খামতিসকলক দিছিল বুলি প্ৰবাদ আছে।অৱশ্যে এই অঞ্চলত বৰ্তমান খামতি মানুহৰ বসতি নাই।

খামতিসকল:

 

অসম বুৰঞ্জীৰ উল্লেখযোগ্য জাতি খামতিসকলে খ্ৰিষ্টীয় ১৪ শতিকাত চীনৰ য়ুনান প্ৰদেশৰ পৰা আহি বৰ-খামতি বা খামতি-লুং অঞ্চলত (চীন-ব্ৰহ্ম সীমান্ত) থিতাপি লয়।কিন্তু ১৮ শতিকাত মানসকলে সেই ৰাজ্য আক্ৰমণ কৰাত তেওঁলোকে পাটকাই পৰ্বত পাৰ হৈ আহোম ৰজা ৰাজেশ্বৰ সিংহৰ (১৭৫১-১৬৬৯ চন)অনুগ্ৰহত উজনি অসমৰ টেঙাপানীত বসতি স্থাপন কৰে।অৱশ্যে চিংফৌসকলৰ উপদ্ৰৱত থাকিব নোৱাৰি তেওঁলোক শদিয়ালৈ গুচি যায়।কিছু বছৰ পাছত উজনি অসমত মোৱামৰীয়া বিদ্ৰোহৰ অভ্যুত্থান ঘটে আৰু ফলস্বৰুপে আহোম ৰাজ্যৰ পুবৰ এখণ্ড মটকসকলৰ অধীন হয়।সীমান্ত অঞ্চল মুল ৰাজ্যৰ পৰা বিচ্ছিন্ন হৈ পৰাত খামতিসকলে শদিয়াৰ আহোম বিষয়া শদিয়াখোৱা গোহাঁইক আঁতৰ কৰি নিজৰে এজনক শদিয়াখোৱা গোহাঁই পাতে(১৭৯৪ চন)এইদৰে খামতিসকল শদিয়া অঞ্চলৰ অধিপতি হৈ পৰে।

প্ৰথম ইংগ –বৰ্মী যুদ্ধৰ(১৮২৪-১৮২৬ চন) সময়ত মানসকলৰ বিৰুদ্ধে কৰা সহায়ত সন্তুষ্ট হৈ ইংৰাজে  খামতিসকলক শদিয়া অঞ্চলৰ কৰ-কাটল তোলাৰ অধিকাৰ দিছিল।অসমৰ অন্যান্য প্ৰজাৰ দৰে খামতিসকলেও ইংৰাজসকল মান খেদিবলৈ আহিছে বুলি জানি ভাল পাইছিল।কিন্তু মানসৈন্যক পৰাস্ত কৰাৰ পাছতো অসম এৰি নোযোৱাত সকলোৰে মনত ইংৰাজৰ প্ৰতি সন্দেহৰ সৃষ্টি হয়।১৮৩০ চনত পিয়লি ফুকন আৰু ধনঞ্জয় বৰগোহাঁইৰ নেতৃত্বত আহোমসকলে সশস্ত্ৰ বিদ্ৰোহৰ আয়োজন কৰে।তেওঁলোকে সেই সময়ৰ  খামতি ৰজা চাও ছালান গোহাঁইৰ লগতো যোগাযোগ কৰিছিল ।অৱশ্যে দুৰ্ভাগ্যবশত:এই বিদ্ৰোহ বিফল হয়।

১৮৩৫ চনত ৰজা চাও ছালানৰ মৃত্যু হোৱাত চৌৰাংফাট শদিয়া খোৱা গোহাঁই  হয়।এই সময়তে চৈখোৱা অঞ্চলৰ মাটি লৈ খামতি আৰু  মটকসকলৰ মাজত বিবাদৰ সুত্ৰপাত হয়।এনে পৰিস্থিতিত শদিয়াৰ ইংৰাজ বিষয়াই হস্তক্ষেপ কৰি খামতি ৰজাক কিছু নীতি-নিৰ্দেশনা দিয়ে,কিন্তু খামতি ৰজাই ইংৰাজৰ আদেশ অমান্য কৰি মাটি দখল কৰি লয়।এই অপৰাধত চৌৰাংফাট ৰজাক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰা হ’ল।ইয়াৰ লগে লগে শদিয়াত ইংৰাজৰ পোনপটীয়া শাসন প্ৰতিষ্ঠিত হয় (১৮৩৮ চন)।

ইংৰাজে খামতিসকলৰ ৰাজ্য দখল কৰিলেও তেওঁলোকক বশ কৰিব পৰা নাছিল।স্বাধীনতাপ্ৰিয় খামতিসকলে ১৮৩৯ চনৰ ২৯ জানুৱাৰি তাৰিখে শদিয়াৰ ইংৰাজ ছাউনীত আক্ৰমণ কৰি মেজৰ আডাম  হোৱাইটকে (Adam White) প্ৰমুখ্য কৰি প্ৰায় ৮০ জন সৈন্যক হত্যা কৰে।কিন্তু যিহেতু খামতিসকল সংখ্যাত তাকৰীয়া আছিল,সেয়ে তেওঁলোকৰ এই সাফল্য স্থায়ী নহ’ল।অৱশিষ্ট ইংৰাজ বাহিনীয়ে তেওঁলোকৰ গাঁও-ভুই জ্বলাই ছাৰখাৰ কৰিলে।১৮৩৯ চনৰ পৰা ১৮৪৩ চনলৈকে এই চাৰি বছৰ কাল আছিল খামতিসকলৰ দুৰ্দিনৰ সময়।পৰ্বতৰ হাবিত লুকাই তেওঁলোকে নিজৰ স্বাধীনতা ৰক্ষা কৰি  আছিল।সেই সময়ছোৱাত তেওঁলোকৰ ঘাই নেতা আছিল চাও ফা প্লাংলু বা ৰণুৱা গোহাঁই।এওঁৰ সাহস,বীৰত্ব আৰু নেতৃত্ব দেখি সকলোৱে তেওঁক ৰজা বুলি মানি লৈছিল।

চাও ফা প্লাংলুৰ পুতেক চৌলিকক চিংফৌ আৰু মটৰক সহায় লৈ ইংৰাজে বন্দী কৰিছিল,কিন্তু ইংৰাজৰ বশ্যতা স্বীকাৰ কৰিবলৈ অমান্তি হোৱাত তেওঁক বধ কৰা হয়।ইয়াৰ পাছত তেওঁৰ পুতেক চৌকিং গোহাঁয়ে আত্মসমৰ্পণ কৰে।ইংৰাজে তেওঁক ডিব্ৰুগড়ৰ চৌকিডিঙি অঞ্চলত বহুৱায়।চৌকিডিঙিৰ পুৰণি নাম চৌকিং টিংহে।চৌকিং গোহাঁইৰ নামেৰেই ইয়াৰ নাম প্ৰথমে চৌকিং টিং আৰু পাছত চৌকিডিঙি হৈছে।

ইয়াৰ পাছত ভদীয়া গোহাঁই ওৰফে চাওলা গোহাঁইৰ নেতৃত্বত আত্মসমৰ্পণ কৰা প্ৰায় ৯০০ খামতি লোকৰ এটা দলক  ইংৰাজে নাৰায়ণপুৰ অঞ্চলত (লখিমপুৰ জিলা)বহুৱায়।খামতি বিদ্ৰোহীৰ অন্তিমটো দলে ১৮৪৩ চনত ইংৰাজৰ ওচৰত আত্মসমৰ্পণ কৰে।এই দলটোৰ নেতা কাপ্তান গোহাঁইৰ অধীনত এদল লোকক শদিয়াৰ পুব দিশে চুণপোৰাত বহুউৱা হয়।আনহাতে অৰুণাচল প্ৰদেশৰ চৌখাম অঞ্চলত আন এদল খামতিক সংস্থাপন কৰা হ’ল।এতিয়া চৌখামক কেন্দ্ৰ কৰি ওচৰে-পাঁজৰে বিছখনমান খামতি গাঁও বহিছে।নামচাইতো তেওঁলোকৰ কেইবাখনো গাঁও আছে।আনহাতে অসমৰ নাৰায়ণপুৰ (লখিমপুৰ জিলা),লিডু-মৌংলাং আৰু শদিয়া (তিনিচুকীয়া জিলা)আদি অঞ্চলত খামতিসকলৰ বসতি দেখা পোৱা যায়।তেওঁলোকৰ মুঠ জনসংখ্যা ১৫,০০০ ৰ ভিতৰত ধৰা হৈছে।তেওঁলোকৰ মাজত নামচুম,লুংকে,মানলুং,মৌকে,কামথ্ং চৌহাই আদি ফৈদ আছে।

খাময়াংসকল:

 

খাময়াংসকল খামজাং নামেৰেও জনা যায়।প্ৰকৃততে এওঁলোককহে শ্যাম সম্প্ৰদায় বুলি কোৱা হয়।আনহাতে অসম বুৰঞ্জীত এওঁলোক ‘নৰা’নামেৰে জনাজাত।অৱশ্যে নৰা শব্দটো এটা বিকৃত অপভ্ৰংশহে ।দৰাচলতে পাটকাই পাহাৰৰ নামনিৰ যিটো অঞ্চলত খাময়াংসকলে অসমভুমিত পদাৰ্পণ কৰাৰ আগতে বাস কৰিছিল,সেই অঞ্চলৰ এটা অংশ বছৰৰ বাৰ মাহেই পানীত ডুব গৈ আছিল।সেইবাবে সেই অঞ্চলটোক স্থানীয় মানুহে নালা (না-পথাৰ,লা-জলাতক)বুলি কৈছিল।কালক্ৰমত না-লা শব্দৰ অপভ্ৰ্ংশ হৈ ‘নাৰা’বা ‘নৰা’হয়।আনহাতে অসমীয়া মানুহে গোটেই অঞ্চলটোকেই নৰা ৰাজ্য নাম দি ইয়াত বাস কৰা লোকসকলক ‘নৰা মানুহ’বুলিবলৈ ধৰিলে।

আহোমৰ লগত খাময়াংসকলৰ অতি ওচৰ সম্পৰ্ক।আহোমসকলৰ লগত তেওঁলোকেও ১২১৫ চনত চাওলুং ছ্যুকাফাৰ নেতৃত্বত পিতৃভুমি মাও লুঙৰ (চীনৰ য়ুনান প্ৰদেশ)পৰা প্ৰাচীন কামৰুপ অভিমুখে ৰাওনা হৈছিল।কিন্তু তেওঁলোক বাটতে ৰৈ গ’ল।ছ্যুকাফাই তেওঁৰ যাত্ৰাপথত বিভিন্ন ঠাই অতিক্ৰম কৰি অৱশেষত খামজাং নামৰ এডোখৰ ঠাইত উপনীত হৈছিল।এই ঠাইডোখৰৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবৰ বাবে তেওঁ নিজ দলৰ কিছুমান মানুহক তাতে সংস্থাপিত কৰি তেওঁলোকৰ ওপৰত কাংখ্ৰুমুং নামৰ এজনক খামজঙীয়া গোহাঁই (ত্তাই ভাষাত-থাওমুং খামজাং )নিযুক্তি দিয়ে।কালক্ৰমত সেই ঠাইডোখৰ নামেৰে এই লোকসকল জনাজাত হ’ল।

বুৰঞ্জীত উল্লেখ থকা তথ্য অনুসৰি খাময়াংসকলে ১২৩৬ চনতে প্ৰথম সৌমাৰ পীঠত প্ৰৱেশ কৰিছিল।ছ্যুকাফাই পিতৃৰাজ্য মাওলুং ত্যাগ কৰাৰ পাছত সেই দেশৰ ৰজা আৰু ছ্যুকাফাৰ ককায়েক ছ্যুকানফাই ভায়েকৰ খা-খবৰ ল’বলৈ খাময়াংসকলৰ এটা দলক অসমলৈ পঠায়।এই দলটোৱে স্বৰ্গদেউ ছ্যুকাফাক সাক্ষাৎ কৰি তেওঁলোকৰ আগমনৰ কাৰণ ব্যাখ্যা কৰে।ছ্যুকাফাই দুয়োখন ৰাজ্যৰ মাজত সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত সীমান্ত অঞ্চলত থাকিবৰ বাবে খাময়াংসকলক অনুৰোধ কৰে।এই মৰ্মে খাময়াংসকলে পাটকাই পাহাৰৰ নামনিত বসবাস কৰিবলৈ লয়।অসমলৈ প্ৰকৃত ৰুপত প্ৰব্ৰজন কৰাৰ আগলৈকে খাময়াংসকলে আহোম ৰাজ্যৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল।কেইবাগৰাকীও খাময়াং কুঁৱৰী আহোম ৰজালৈ বিয়া হোৱাৰ লগতে ১৭৫৮ চনলৈকে (ৰাজেশ্বৰ সিংহৰ দিন)আহোম ৰাজসভালৈ খাময়াং কটকী আহি আছিল।

প্ৰায় পাঁচশ বছৰ পাটকাই পাহাৰৰ নামনিত বাস কৰাৰ পাছত খাময়াংসকল অসমলৈ আহিবলগীয়া হয়।মান ৰজাৰ অত্যাচাৰৰ হাত সাৰিবলৈ অন্যান্য ত্তাই গোষ্ঠীবোৰৰ লগতে খাময়াংসকলেও স্বদেশ এৰি অসমভুমিত প্ৰৱেশ কৰে (সম্ভৱত: ১৭৫৮ খ্ৰিষ্টাব্দৰ পাছত)।প্ৰথমে তেওঁলোকে শদিয়াৰ খামতিসকলৰ লগতে বাস কৰিছিল,কিন্তু কিছুবছৰ পাছত তেওঁলোকে আহোম ৰাজধানী যোৰহাট পায়হি।উল্লেখযোগ্য যে সেই সময়ত মোৱামৰীয়া বিদ্ৰোহৰ বাবে আহোম ৰাজ্যৰ ৰাজধানী ৰ্ংপুৰৰপৰা যোৰহাটলৈ স্থানান্তৰিত হৈছিল।সেই সময়ত ৰজা আছিল স্বৰ্গদেউ গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫ খ্ৰিষ্টাব্দ)।স্বৰ্গদেউক সাক্ষাৎ কৰি খাময়াংসকলে তেওঁলোকৰ দুখ-দুৰ্দশাৰ কথা বৰ্ণনা কৰে।নিজগোত্ৰীয় লোকসকলৰ দুৰৱস্থা দেখি স্বৰ্গদেৱে তেওঁলোকক যোৰহাট জিলাৰ তিতাবৰ অঞ্চলত ধলি নৈৰ কাষত খাট-পাম দি সংস্থাপিত কৰে।তদুপৰি তেওঁলোকৰে মাজৰ কাংখাম থাওমুং নামৰ এজনক ৰাজখোৱা (৩০০০ পাইকৰ অধিনায়ক )পদবী দিয়া হয়।এইজনা ৰাজখোৱাই মানৰ আক্ৰমণৰ সময়ত অসমৰ স্থানীয় লোকৰ ৰক্ষাকৰ্তাৰ ভুমিকাত অৱতীৰ্ণ হৈছিল।মানৰ বেশ ধৰি চিংফৌসকলে বন্দী কৰি নিয়া বহুতো অসমীয়া প্ৰজাক এওঁ মুক্তি দিয়াইছিল।তদুপৰি থাওমুং ডাঙৰীয়াৰ এলেকাত মানৰ আক্ৰমণ নোহোৱা হেতুকে (যিহেতু মানবিলাক খাময়াংসকলৰ দৰেই বৌদ্ধধৰ্মী আছিল )।ওচৰ –পাঁজৰৰ বহু অসমীয়া প্ৰজা তেওঁৰ শৰণাপন্ন হৈছিলহি।এইদৰে খাময়াংসকল অসমৰ অন্যান্য জাতিৰ সংস্পৰ্শলৈ আহিল।

আহোম ৰজাই খাময়াংসকলক দিয়া ধলি খাটখন চাহ খেতিৰ বাবে অতি উপযুক্ত আছিল।ইংৰাজে অসম অধিকাৰ কৰাৰ পাছত আসাম টি কোম্পানিৰ (Assam Tea Company)মুৰব্বী ৰৰ্বাট ব্ৰুছৰ চকু খাময়াংসকলৰ মাটিৰ ওপৰত পৰাত নানা কৌশলেৰে ইয়াক কোম্পানীৰ অধীনলৈ আনে।সংখ্যাত তাকৰীয়া হোৱা বাবে খাময়াংসকলে অনিচ্ছাসত্বেও নিজৰ মাটি এৰি দিবলগীয়া হয়।ইয়াৰ পাছত তেওঁলোকে দক্ষিণলৈ যাত্ৰা কৰি নগাপাহাৰৰ ওচৰত আৰু বৰ্তমানৰ বান্দৰচলিয়া চাহ বাগিচাৰ ওচৰত বাস কৰিবলৈ লয়।ইতিমধ্যে তেওঁলোকৰ আৰু দুটা দল পাটকাইৰ ইপাৰৰপৰা আহি তেওঁলোকৰ লগ লাগে আৰু আটাইকেইটা দলৰ লোক একেলগ হৈ গাঁও পাতি থাকিবলৈ লয়।তেওঁলোকে এই গাঁৱৰ নাম দিছিল বৰগাওঁ।কিন্তু ইয়াত  খাময়াংসকলে বেছিদিন থাকিব নোৱাৰিলে।হাইজা (মহামাৰীত কলেৰা)আক্ৰান্ত হৈ বৰগাঁৱৰ অৰ্ধেক লোকৰ মৃত্যু হয়।এনে পৰিপ্ৰেক্ষিতত তেওঁলোকে সেই ঠাই পৰিত্যাগ কৰে।সেইবাবে সেইখন গাঁৱক এতিয়া ‘এৰা –বৰগাওঁ’বুলি কোৱা হয়।উল্লেখযোগ্য যে মহামাৰীৰ কবলত পৰাত খাময়াংসকলৰ বহু বিজ্ঞ লোকৰ মৃত্যু ঘটে।ইয়াৰ ফলত তেওঁলোকৰ ভাষাটোৰ যথেষ্ট ক্ষতি সাধন হয়।

বৰগাঁৱৰ পুব দিশত খাময়াংসকলে ‘পানী নৰা’নামেৰে এখন নতুন গাঁও প্ৰতিষ্ঠা কৰে,কিন্তু ইয়াতো তেওঁলোক বেছিদিন থাকিব নোৱাৰিলে।ইতিমধ্যে হৈ যোৱা ঘটনাৱলীয়ে তেওঁলোকক জুৰুলা কৰি তুলিছিল।সেয়ে মানসিক শান্তি আৰু আৰ্থিক সুৰক্ষাৰ খাতিৰত খাময়াংসকলে পিছৰ পৰ্যায়ত নাতিদুৰৈত বালিজান,বেতবাৰী আৰু ন-শ্যাম নামৰ তিনিখন গাওঁ প্ৰতিষ্ঠা কৰিলে।এই তিনিখন গাওঁ বৰ্তমানলৈকে আছে।তিতাবৰ মহকুমাৰ খৰিকটীয়া অঞ্চলত এই গাওঁকেইখন অৱস্থিত।কালিয়নী বিহাৰৰ দৰেই বালিজান গাঁৱৰ বৌদ্ধ বিহাৰৰ লগতো ইতিহাস জড়িত  হৈ আছে।এই বিহাৰৰ প্ৰধান বুদ্ধ মুৰ্তিটো মান সেনাপতি মিঙিমাহা তিলোৱাই প্ৰদান কৰা বুলি কোৱা হয়।মুৰ্তিটোৰ উপৰিও তেওঁ এখন তালপাতৰ পুথি আৰু এখন চীৱৰ (বৌদ্ধ ভিক্ষুৱে পৰিধান কৰা গেৰুৱা বস্ত্ৰ)খাময়াংসকলক প্ৰদান কৰিছিল।এই সামগ্ৰী কেইবিধ এতিয়াও এই বিহাৰত সংৰক্ষণ কৰি থোৱা গৈছে।

সেই তিনিখন গাঁৱৰ পৰা কালক্ৰমত উজনি অসমৰ বিভিন্ন জিলাত খাময়াংসকল বিয়পি পৰে।বৰ্তমান যোৰহাটৰ বালিজান,বেতবাৰী আৰু ন-শ্যাম গাঁৱৰ উপৰিও গোলাঘাট জিলাৰ ১ নম্বৰ ৰজাপুখুৰী (সৰুপথাৰ),অবিভক্ত শিৱসাগৰ জিলাৰ দিচাং পানী (সোণাৰি),চলাপথাৰ (লাকুৱা)আৰু ৰহণ পথাৰ (সাপেখাতী)আৰু তিনিচুকীয়া জিলাৰ পাৱৈমুখত (মাৰ্ঘেৰিটা)খাময়াংসকলে গাঁও পাতি আছে।তদুপৰি অৰুণাচল প্ৰদেশৰ লোহিত আৰু চাংলাং জিলাতো কেইখনমান খাময়াং গাঁও আছে।এওঁলোকৰ মুঠ জনসংখ্যা প্ৰায় ৭,০০০।এওঁলোকৰ মাজত থাওমুং (গোহাঁই),তুংখাং,বাইলুং,চাওলু,চৌলিক,খেনলুং ,পাংয়ুক আদিকে ধৰি প্ৰায় ২০ ফৈদ বা বংশ আছে।

তুৰুংসকল:

 

তুৰুংসকলো ত্তাই-শান গোষ্ঠীৰ এটা ঠাল।আইতনসকলৰ দৰে এওঁলোকো মুংকং ৰাজ্যৰ মানুহ।তুৰুংসকলৰ মাজত প্ৰচলিত প্ৰবাদ অনুসৰি তেওঁলোক প্ৰকৃততে য়ুনানৰ মুংমাও চং ৰাজ্যৰ মানুহ।অন্যান্য ত্তাই লোকৰ দৰে তেওঁলোকেও সেই ৰাজ্যৰ পৰা ব্ৰহ্মদেশৰ হুকং উপত্যকালৈ প্ৰব্ৰজন কৰিছিল।তাৰ পৰা আহি তেওঁলোকে পাটকাইৰ ওচৰৰ নাম-তুৰুং বা তুৰুংপানী নৈৰ পাৰত বসবাস কৰিবলৈ লয়।তাৰপৰাই তেওঁলোকৰ নাম তুৰুং হয়।ইয়াৰ পুৰ্বে তেওঁলোকে বৰখামতি ৰাজ্যৰ দাঁতি-কাষৰীয়া ঠাইত বাস কৰিছিল।তুৰুংপানী নৈৰ কাষত থকা কালতে খাময়াংসকলৰ আহ্বানক্ৰমে তেওঁলোকে আহোম ৰাজ্য অভিমুখে ৰাওনা হয়।কিন্তু বাটতে চিংফৌসকলে তেওঁলোকক বন্দী কৰে।এইদৰে কেইবাবছৰো চিংফৌসকলৰ কবলত থকাৰ পাছত ১৮২৫ চনত ইংৰাজ বিষয়া কেপ্টেইন নিউভিলে আন বহুতো অসমীয়া বন্দীৰ লগতে তুৰংসকলকো মুক্তি দিয়ায়।চিংফৌ সমাজত বাস কৰা হেতুকে এওঁলোকৰ ভাষাত চিংফৌ প্ৰভাৱ দেখা যায়।বৰ্তমান যোৰহাট জিলাৰ পথাৰ গাঁও,পহুকটীয়া আৰু বাগৰদিয়া শ্যাম গাঁও (তিতাবৰ অঞ্চল),পুব কাৰ্বি আংলং জিলাৰ বালিপথাৰ তুৰুং গাঁও (বালিপথাৰ অঞ্চল )আৰু গোলাঘাট জিলাৰ ২ নম্বৰ ৰজাপুখুৰী গাঁৱত (সৰুপথাৰ অঞ্চল )তুৰুংসকলে বাস কৰে।অৰুণাচল প্ৰদেশৰ লোহিত আৰু চাংলাং জিলাতো এওঁলোকৰ কিছু বসতি আছে।জনসংখ্যা প্ৰায় ৫,০০০।তেওঁলোকৰ মাজত চাওপু,লুবুং আদি ফৈদ আছে।

ফাকেসকল:

 

অসমৰ অন্য সম্প্ৰদায়ৰ লোকে ফাকিয়াল বুলি কোৱা ত্তাই ফাকেসকলো আহোম,খামতি,খাময়াং আদিৰ দৰে য়ুনানৰপৰা অহা ত্তাই জাতিৰ এটা ঠাল।‘ফাকে’শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ কোনেও উলিয়াব পৰা নাই।কোনোৰ মতে ফাকে ৰজাৰ পৰিয়াল,কাৰোবাৰ মতে চাৰিওপিনে শিলে আগুৰি থকা ঠাইৰ লোক।মুঠতে ফাকেসকল ত্তাই জাতিৰ মানুহ আৰু ছ্যুকাফাই এৰি অহা ৰাজ্যখনেই এওঁলোকৰো পিতৃভুমি।সম্ভৱত:চিংফৌ আৰু মান আক্ৰমণকাৰীৰ হাত সাৰিবলৈ খামতিসকল অহা বাটেদি আহি ফাকেসকলে নং-টাউ হ্ৰদৰ পাৰত বাস কৰিছিল।তাৰ পৰা আহি তেওঁলোকে শদিয়াত থিতাপি লয়।আহোমৰ বিৰুদ্ধে কৰা খামতিসকলৰ বিদ্ৰোহত যোগ দিয়াৰ বাবে আহোম ৰজাই ফাকেসকলক শদিয়াৰপৰা তুলি আনি যোৰহাটত বহুৱাইছিল।জনা যায় যে আহোম ৰজাই পোন প্ৰথমে এওঁলোকক বুঢ়ীদিহিং নৈৰ পাৰত বাস কৰিবলৈ দিছিল।ফাকেসকলৰ নেতৃত্ব কৰি অহা লোকজনৰ নাম চাও-টা-মেং-খুৱেম-মেং।এওঁ মুংকঙৰ ৰজাৰ পৰিয়ালৰ লোক আছিল।১৭৬০ চনত এওঁলোক মুল ঠাইৰপৰা উঠি আহে আৰু বুঢ়ীদিহিঙৰ পাৰত বাস কৰিবলৈ লয়।সেই সময়তে আহোম ৰাজ বিষয়া চন্দ্ৰ গোহাঁই ওৰফে কাপ্তান গোহাঁয়ে চিংফৌ ৰণলৈ যাওঁতে ফাকেসকলক যোৰহাটলৈ লৈ আহে (১৮০৪ চন)।সেই সময়ত তেওঁলোকৰ সংখ্যা আছিল ১৫০ ঘৰ।বৰ্তমান তেওঁলোকৰ জনসংখ্যা ৩,০০০ ভিতৰত ধৰা হয়।ডিব্ৰুগড় জিলাৰ নাম –ফাকে আৰু টিপাম –ফাকে গাঁও,তিনিচুকীয়া জিলাৰ বৰ ফাকে,মৌংলাং,মান-মৌ আদি গাঁৱত তেওঁলোকৰ বসতি আছে।তেওঁলোকৰ মাজত থাওমুং (গোহাঁই)মানদাই ,টুমটেন,চাখাপ আদি ফৈদ আছে।

ওপৰত উল্লেখ কৰা বৌদ্ধ ত্তাইসকল সভ্যতা-সংস্কৃতিৰ ফালৰ পৰা অত্যন্য চহকী।কিন্তু ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত এওঁলোক যথেষ্ট পিছপৰা।কেন্দ্ৰীয় চৰকাৰৰ কথাতো বাদেই ,ৰাজ্যিক আইন সভা বা বিধানমণ্ডলবোৰতো এওঁলোকৰ প্ৰতিনিধিত্ব শুন্য।সেয়েহে এওঁলোকক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ অন্তৰ্ভুক্ত কৰি পাৰ্বত্য জনজাতিৰ মৰ্যাদা দিয়া হৈছে।অসম চৰকাৰ অধীনত এওঁলোকৰ এখন যুটীয়া উন্নয়ন পৰিষদো (চিংফৌ,ছেমা আৰু টাংছাসকলৰ সৈতে)আছে,তথাপি এওঁলোকৰ যথাযথ উন্নয়ন হোৱা নাই।সংকীৰ্ণ দলীয় ৰাজনীতি,আৰু এই গোষ্ঠীৰ লোকসকলৰ মাজত সচেতনৰ অভাৱেই ইয়াৰ মুল কাৰণ।

প্ৰসংগ পুথি:

১।টাই সংস্কৃতিৰ ৰুপৰেখা ,ড০ লীলা গগৈ।

২।তাই খাময়াং সমাজ আৰু সংস্কৃতি,অজন্তা ৰাজখোৱা

৩।ত্তাই খাময়াং বুৰঞ্জী,চৈমেত বাইলুং আৰু অন্যান্যসকল।

৪।A Comprehensive History of As-sam,S.L. Baruah.

৫।The Tai and the Tai Kingdoms ,p.Gogoi.

৬। Ahom Buranji,G.C. Barua.

লেখক:প্ৰতীক ৰঞ্জন শ্যাম (প্ৰান্তিক)

 

 

 

2.96774193548
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top