মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / মহা শক্তিপীঠ কামাখ্যা-তীৰ্থৰ উৎপত্তি আৰু মাহাত্ম্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহা শক্তিপীঠ কামাখ্যা-তীৰ্থৰ উৎপত্তি আৰু মাহাত্ম্য

মহা শক্তিপীঠ কামাখ্যা-তীৰ্থৰ উৎপত্তি আৰু মাহাত্ম্য

 

 

উৎপত্তি -

চিৰপবিত্ৰ ভাৰতভূমিত হিন্দুসকলৰ বাবে বিভিন্ন ধাম, তীৰ্থস্থান, পীঠস্থান আদি বিৰাজমান। এইবিলাকৰ ভিতৰত পবিত্ৰ অসমভূমিৰ অন্তৰ্গত কামৰূপৰ কামাখ্যা ক্ষেত্ৰত থকা কামাখ্যা-তীৰ্থ বা কামাখ্যা-ধাম সকলো তীৰ্থস্থান বা পীঠৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আৰু জাগ্ৰত বুলি বিশ্বাস কৰা হয়। প্ৰজাপতি দক্ষৰ কন্যা আৰু শিৱৰ পত্নী মহামায়া বা সতীৰ দেহৰ অংশৰ পৰাই কামাখ্যা-তীৰ্থৰ উৎপত্তি হৈছে।

পুণ্যভূমি ভাৰতত এই তীৰ্থস্থানসমূহ এনে এক মনোৰম স্থানত অৱস্থিত যে সেইবিলাক স্থানত উপস্থিত হ’লে স্বাভাৱিকতে মানুহৰ দেহ-মন পবিত্ৰ হৈ নৱজীৱনৰ সঞ্চাৰ হয়, মন-প্ৰাণ প্ৰশান্তিৰে ভৰি পৰে। সেয়ে মহান ঋষি-মুনি সকলে এই অনিত্য সংসাৰৰ মায়া-মোহ, পাপ-তাপ, জ্বালা-যন্ত্ৰণা আদিৰ পৰা পৰিত্ৰাণ লাভ কৰি দেহ-মনক শীতল কৰাৰ বাবে তীৰ্থ-পৰ্যটনৰ দ্বাৰা দেৱ-দেৱীৰ দৰ্শন আৰু পূজাৰ বিধান দি গৈছে। এই তীৰ্থস্থানসমূহ হিন্দুসকলৰ ধৰ্ম আচৰণৰ আদি পীঠস্থান। প্ৰকৃতপক্ষে ক’বলৈ গ’লে এইবিলাক পবিত্ৰ ভূমি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ লীলাক্ষেত্ৰ যিবিলাক ঠাইত পদাৰ্পণ কৰিলে সততে ভগৱদ ভাৱৰ উদ্ৰেক হয়।

কালিকা পুৰাণ, শিৱপুৰাণ আদি গ্ৰন্থৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত একাৱন্নখন মহাপীঠ আৰু ছাব্বিছখন উপ-পীঠ থকাৰ কথা পোৱা যায়। বিষ্ণুৰ সুদৰ্শন চক্ৰৰ দ্বাৰা সতীদেহ ছিন্ন-ভিন্ন হৈ যিবিলাক ঠাইত পতিত হৈছিল সেইবিলাক স্থানতেই সতী বা মহামায়াৰ শক্তিৰ আবিৰ্ভাৱ হৈ একো একোখন পীঠ স্থান হৈছিল। দেৱীৰ মূল ৫১টি অঙ্গৰ দ্বাৰা ৫১খন মূল পীঠস্থান আৰু অন্যান্য উপাঙ্গৰ দ্বাৰা ২৬খন উপ-পীঠ স্থানৰ সৃষ্টি হয়।

শ্ৰীমদ্ভাগৱত পুৰাণত বিষ্ণুৰ সুদৰ্শন চক্ৰৰ প্ৰভাৱত সতীদেহ ছিন্ন-ভিন্ন হৈ বিভিন্ন ঠাইত পতিত হোৱাৰ কাহিনী পোৱা যায়। কাহিনী অনুসৰি সৃষ্টিৰ পাতনিতে যেতিয়া ব্ৰহ্মা আৰু বিষ্ণু সৃষ্টি কাৰ্যত ব্ৰতী হয়, তেতিয়া মহাযোগী শিৱ মহাযোগত তন্ময় হৈ আছিল। যিসকল সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কাৰণ, তেওঁ লোকৰ এজন উদাসীন থাকিলে সৃষ্টি কাৰ্য অচল হয়। সেই কাৰণে ব্ৰহ্মাই নিজ মানসপুত্ৰ দক্ষক জগন্মাতাৰ পূজা কৰিবলৈ ক’লে,-“হেৰা দক্ষ! তেওঁ যেন তোমাৰ কন্যাৰূপে জন্মগ্ৰহণ কৰি শিৱৰ ভাৰ্যা হয়।” সেই অনুসাৰে দক্ষৰজাই বহুবছৰ ধৰি কঠোৰ তপস্যাৰ বলত জগন্মাতাক সন্তুষ্ট কৰিলে। মহামায়া আৱিৰ্ভূতা হৈ ক’লে,-“মই তোমাৰ কন্যাৰূপে জন্মগ্ৰহণ কৰি শিৱ-পত্নী হ’ম, কিন্তু তুমি যেতিয়া মোক অনাদৰ কৰিবা তেতিয়া দেহ ত্যাগ কৰিম।” সেইমৰ্মে যথাসময়ত মহামায়া আদ্যাশক্তি দক্ষৰাজ-পত্নী বীৰিণীৰ গৰ্ভত জন্ম গ্ৰহণ কৰে আৰু সতী নামে খ্যাত হয়। সতীয়ে সদায় পূজা-অৰ্চনাৰ জৰিয়তে মহাদেৱক সন্তুষ্ট কৰে আৰু অৱশেষত দক্ষই শিৱৰ লগত নিজ কন্যা সতীক বিয়া দিয়ে।

বিবাহৰ পিচত শিৱ আৰু সতীয়ে কৈলাস শিখৰত অৱস্থান কৰিবলৈ ধৰিলে। ইয়াৰ কিছুকাল পাছত প্ৰজাপতি সকল মিলিত হৈ স্বৰ্গৰাজ্যত এক মহাযজ্ঞৰ আয়োজন কৰে। সপ্তৰ্ষি, দেৱতা, সিদ্ধমুনিগণ, গন্ধৰ্ব-কিন্নৰ আদি সকলোৱে সেই যজ্ঞভূমিত নিমন্ত্ৰিত হৈ উপস্থিত হৈছিল। অগ্নি, শিৱ, ব্ৰহ্মা আদি সকলোৱে নিজ নিজ আসনত বহিছিল। ঠিক সেই সময়তে প্ৰজাপতি দক্ষ যজ্ঞভূমিত প্ৰৱেশ কৰিছিল। তেওঁক দেখি ব্ৰহ্মা আৰু শিৱৰ বাহিৰে উপস্থিত সকলোৱে সন্মান জনাবৰ বাবে নিজ নিজ আসনৰ পৰা উঠি প্ৰণাম জনাইছিল। ব্ৰহ্মাৰ নিৰ্দেশত দক্ষই নিজৰ বাবে ৰখা আসনত বহিছিল। নিজৰ জোঁৱায়েক শিৱই তেওঁক কোনো সন্মান প্ৰদৰ্শন নকৰাত দক্ষ ৰুষ্ট হৈ উপস্থিত সকলোকে সম্বোধি শিৱৰ প্ৰতি না না কটু বাক্যবাণ নিক্ষেপ কৰি শিৱক সকলোৰে সন্মুখত নিন্দা কৰিব ধৰিলে।

ইমানতো শিৱ নিৰ্বিকাৰ হৈ বহি থকাত দক্ষই সভাস্থিত সজ্জন সকলৰ প্ৰবল বাধাকো আওকাণ কৰি খঙত একো নাই হৈ এইদৰে অভিশাপ দিছিল-“চন্দ্ৰ, ইন্দ্ৰ, অগ্নি, বৰুণ, উপেন্দ্ৰ আৰু আন আন দেৱতাতকৈ শিৱ অধম হ’ব। তেওঁলোকৰ লগত শিৱই যজ্ঞৰ ভাগ নাপাব।” এইদৰে অভিশাপ দি দক্ষই সভাঘৰ ত্যাগ কৰিছিল। এই কথাত শিৱ মনে মনে থাকিলেও শিৱৰ প্ৰধান অনুচৰ নন্দীয়ে ক্ৰোধান্বিত হৈ দক্ষ আৰু শিৱ-নিন্দাৰ সমৰ্থনকাৰী সভাস্থিত ব্ৰাহ্মণ সকলক অভিশাপ দি ক’লে,-“ যি ভেদ বুদ্ধি সম্পন্ন নগণ্য দক্ষই শিৱৰ বিদ্বেষ কৰিলে তেওঁ পৰমাৰ্থ তত্ত্বজ্ঞানৰ পৰা বঞ্চিত হ’ব। বেদৰ গূঢ় তত্ত্ব নুবুজি তুচ্ছ ঐহিক সুখৰ আশাত অসাৰ কৰ্মকাণ্ডাদিতে নিমগ্ন হ’ব। তেওঁ অহং ভাৱত মজি আত্মা-তত্ত্ব বিস্মৃত হৈ পশুতুল্য আচৰণ কৰিছে। গতিকে তেওঁৰ মুখখনো ছাগলীৰ নিচিনা হওক আৰু আজীৱন কষ্ট ভোগ কৰ থাকিব লাগিব। শিৱদ্বেষী দ্বিজসকলে দেহ আৰু ইন্দ্ৰিয়াসক্ত হৈ নিজকৰ্মফলৰ বাবে ভিক্ষা প্ৰাৰ্থী হৈ দেশ-বিদেশ ভ্ৰমণ কৰি ফুৰিব লাগিব।”

নন্দীয়ে এইদৰে অভিশাপ দিয়াত যজ্ঞ পুৰোহিত মহৰ্ষি ভৃগু ক্ৰোধান্বিত হৈ শিৱ অনুগামী সকলৰ প্ৰতিও অভিশাপ দি ক’লে,-“যি সকল শৈৱ তেওঁলোকে সৎশাস্ত্ৰ বিৰুদ্ধাচাৰী হৈ পাষণ্ডী নামে জনাজাত হওক। পবিত্ৰ আচৰণ বৰ্জিত মূৰ্খবোৰে জঁটা, ভস্ম, হাড়, লাওখোলা আদি ধাৰণ কৰি ভাং, ধুতুৰা, মদ আদি খাই জীৱন নাশ কৰিব।”

এইদৰে দুয়োপক্ষই শাপ আৰু প্ৰতিশাপ বৰ্ষণ কৰাত শিৱ দুঃখিত হৈ ক’লে,-“ যদিও নন্দী আৰু ভৃগু দুয়োজনৰে শাপ ফলিয়াব, তথাপিও মই সীমা বান্ধি দিলোঁ যে যিসকলে একমাত্ৰ কৃষ্ণক আশ্ৰয় কৰিব, সেইসকলক নন্দী আৰু ভৃগুৰ শাপে স্পৰ্শ কৰিব নোৱাৰিব।” এইবুলি শিৱই অনুচৰবৰ্গক লৈ যজ্ঞভূমিৰ পৰা কৈলাসলৈ গমন কৰিলে। অৱশেষত ইমান অথন্তৰ ঘটাৰ পিচতো প্ৰভু জনাৰ্দনৰ কৃপাত যজ্ঞটো সুসম্পন্ন হ’ল।

দক্ষই শিৱক, নন্দীয়ে দক্ষ আৰু ব্ৰাহ্মণ সকলক আৰু ভৃগুমুনিয়ে শিৱভক্ত সকলক অভিশাপ দিলে। কিন্তু দেৱাদিদেৱ মহাদেৱে কাকো অভিশাপ প্ৰদান নকৰিলে। তেওঁ মনত দুখ পালে যদিও ক্ৰোধিত নহ’ল। তেওঁ ক্ৰোধ কৰিলে নিমিষতে বিশ্বব্ৰহ্মাণ্ড ধ্বংশ কৰিব পাৰিলেহেঁতেন। তেওঁ মহাজ্ঞানী-আশুতোষ। ব্ৰহ্মা আৰু বিষ্ণুৱেও নীৰৱ দৰ্শক হৈ বহি থাকিল। তেওঁলোক হ’ল ভগৱান নাৰায়ণৰ ভিন্ন ৰূপ-ব্ৰহ্মা সৃষ্টি কৰ্ত্তা, বিষ্ণু পালন কৰ্ত্তা আৰু শিৱ সংহাৰকৰ্ত্তা দেৱশ্ৰেষ্ঠ।

সেইদিনাৰ পৰা শহুৰ আৰু জোঁৱাই- দক্ষ আৰু শিৱ উভয়েই বহুদিন ধৰি সম্পৰ্ক ৰহিত হৈ থাকিল। কালক্ৰমত ব্ৰহ্মাই দক্ষক প্ৰজাপতি সকলৰ অধিপতি পদত অভিষিক্ত কৰিলে। তেতিয়াৰ পৰা দক্ষৰ অহংকাৰ দ্বিগুণে বৃ্দ্ধি পালে। তেওঁ নিজকে সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বশক্তিমান বুলি ভাবিবলৈ ধৰিলে। তেওঁ নিজৰ ক্ষমতা বিস্তাৰ কৰিবলৈ বাজপেয় নামৰ যজ্ঞ কৰিছিল। তাৰপিচত তেওঁ “বৃহস্পতি” নামৰ এক মাহযজ্ঞৰ আয়োজন কৰি তালৈ শিৱ আৰু সতীৰ বাহিৰে সকলো দেৱতা, গন্ধৰ্ব-কিন্নৰ, তপস্বী- মহৰ্ষি, পিতৃগণ আদি ত্ৰিভুৱনৰ সকলোকে নিমন্ত্ৰণ কৰিছিল। কোনোৱে বৃহস্পতি যজ্ঞ দেখা নাছিল বাবে সেই যজ্ঞ চাবলৈ নিমন্ত্ৰিত সকলোৱে যজ্ঞভূমিত উপস্থিত হৈছিল। দক্ষৰ অন্যান্য কন্যা সকলেও স্বামীৰ সৈতে মহা আনন্দৰে দিব্য বিমানত আৰোহণ কৰি পিতৃ গৃহলৈ গমন কৰিছিল। যজ্ঞাভিমুখী বাটৰুৱাৰ মুখে গম পাই সতীৰো পিতাকে পতা মহাযজ্ঞলৈ যাবলৈ মন থৌকি বাথৌ হ’ল। সতীয়ে স্বামী শিৱক কাৰুণ্য-কাকূতিৰে নানা যুক্তি দেখুৱাই অনিমন্ত্ৰিত সত্বেও পিতৃগৃহলৈ যাবলৈ অনুমতি বিচাৰি খাটনি ধৰিলে। সতীয়ে দাঙি ধৰা জাগতিক নিয়ম আৰু দৈহিক সম্বন্ধজনিত যুক্তিৰ বিপৰীতে শিৱই পাৰমাৰ্থিক যুক্তি দৰ্শাই সতীক যাবলৈ বাৰণ কৰিলে। সতীদেৱীয়ে ব্যাকুল ভাৱেৰে ঘনে ঘনে কাতৰ প্ৰাৰ্থনা কৰিও স্বামীৰ পৰা অনুমতি নোপোৱাত তেওঁ ক্ৰোধত অধীৰ হ’ল। স্বামীৰ অনুমতি ভিন্ন গত্যন্তৰ নাই কাৰণে অৱশেষত সতীদেৱীয়ে দশমহাবিদ্যাৰূপ প্ৰকাশ কৰি তেওঁৰ ওপৰত এনেভাৱে প্ৰভাৱ বিস্তাৰ কৰিলে যে সদাশিৱই তেওঁক অনুমতি নিদিয়াকৈ থাকিব নোৱাৰিলে। অগত্যা শিৱৰ পৰা সন্মতি পাই সতীদেৱীয়ে অনুচৰবৰ্গক লগত লৈ যজ্ঞস্থলীত উপস্থিত হ’ল। দক্ষ প্ৰজাপতিয়ে ঘৃণিত শিৱ-পত্নী সতীক তাত উপস্থিত হোৱা দেখি আদৰ-সাদৰ কৰা দূৰৰ কথা, ক্ৰোধতে নানা ধৰণে শিৱ-নিন্দা কৰিবলৈ ধৰিলে।

অসংখ্য দেৱ-ঋষি সমবেত যজ্ঞভূমিত অবিৰাম পতিনিন্দা শুনিবলৈ পাই সতীদেৱীয়ে শোকে-লাজে অভিভূত হৈ পৰিল আৰু শিৱ-নিন্দুক দক্ষৰ ঔৰষত লাভ কৰা নিজৰ দেহ সতীৰ মৃতদেহৰ দৰে অপবিত্ৰ যেন বোধ হ’ল। তেওঁ দৃঢ়ভাৱে স্বামীৰ চৰণ চিন্তি যোগবলেৰে যজ্ঞস্থলীতে প্ৰাণ-ত্যাগ কৰিলে। তাকে দেখি সতীৰ অনুচৰ বিলাকে ক্ৰোধান্বিত হৈ যজ্ঞ নাশ কৰি দক্ষক বধ কৰিবলৈ উদ্যত হ’ল। কিন্তু ভৃগুমুনিয়ে মন্ত্ৰবলেৰে “ঋভু” নামৰ কিছুমান দেৱতা স্ৰজি তেওঁলোকৰ দ্বাৰা সতীৰ অনুচৰ বিলাকক খেদাই যজ্ঞ ৰক্ষা কৰিলে।

অলপ পিচতে নাৰদৰ মুখে সেই দুঃসম্বাদ পাই শিৱৰ খঙৰ ভমকত নিজৰ মূৰৰ জঁটা চিঙি তাৰ পৰা ভীষণ মূৰ্তি বীৰভদ্ৰক সৃষ্টি কৰি সভাস্থিত দেৱতা সকলক আৰু দক্ষৰ লগতে তেওঁৰ বংশ নাশ কৰিবলৈ আদেশ দিলে। বীৰভদ্ৰই প্ৰভুৰ আদেশ পাই ধুমুহা বেগেৰে নন্দী আদি অনুচৰ সকলেৰে গৈ যজ্ঞভূমি লণ্ড-ভণ্ড কৰি সভাস্থিত দেৱতাসকলক নগুৰ-শাস্তি কৰিলে। ভৃগুৰো দাড়ি উভালি পেলালে আৰু দক্ষৰ শিৰশ্ছেদ কৰি যজ্ঞৰ অগ্নিত পেলাই দি ভস্ম কৰি কৈলাসলৈ উভতি গ’ল।

ব্ৰহ্মা আৰু বিষ্ণুৱে তেনে অঘটনৰ সম্ভাৱনা দেখি আৰু শিৱবিহীন যজ্ঞত উপস্থিত হোৱা নাছিল। শিৱৰ অনুচৰ বিলাকৰ অস্ত্ৰৰ আঘাতত ক্ষত-বিক্ষত দেহাৰে দেৱতা সকলে শিৱৰ ক্ৰোধৰ পৰা নিস্তাৰৰ উপাই বিচাৰি ব্ৰহ্মাৰ ওচৰ চাপিল। ব্ৰহ্মাই শিৱক যজ্ঞভাগৰ পৰা বঞ্চিত কৰিবলৈ বিচৰা দেৱতাসকলক নিন্দা কৰি আশুতোষৰ শৰণাপন্ন হৈ ক্ষমা খুজিবলৈ উপদেশ দি নিজেও তেওঁলোকৰ লগত শিৱৰ ওচৰলৈ গ’ল।

কৈলাসত শিৱক যোগাসনত বহি মালাৰে ভগৱন্তৰ নাম জপ কৰি থকা অৱস্থাতে সকলোৱে শিৱক প্ৰাৰ্থনা জনালে। দক্ষই পতা যজ্ঞ, শিৱৰ অনুচৰ বিলাকৰ দ্বাৰা বিঘ্নিত হোৱাত অসমাপ্ত হ’ল। ব্ৰহ্মা আদি দেৱতাগণে সেই যজ্ঞৰ উদ্ধাৰ আৰু বীৰভদ্ৰ আদি শিৱৰ অনুচৰ সকলৰ হাতত ক্ষত-বিক্ষত হোৱা দেৱতা সকলৰ শৰীৰৰ আৰোগ্য কামনা কৰি শিৱক প্ৰাৰ্থনা জনালে, যাতে যজ্ঞৰ অৱশিষ্ট উৎকৃষ্ট অংশ গ্ৰহণ কৰি শিৱই যজ্ঞৰে সৈতে দক্ষক উদ্ধাৰ কৰে। তুষ্ট হৈ শিৱই ব্ৰহ্মা আদি দেৱতা সকল আৰু মুনিসকলৰ লগত যজ্ঞভূমিলৈ গমন কৰিলে। শিৱই দক্ষৰ শিৰহীন দেহত এটা খাহী ছাগলীৰ মূৰ সংযোগ কৰি পুনৰ্জীৱন দান দিলে আৰু আঘাতপ্ৰাপ্ত দেৱতাসকলৰ অঙ্গবোৰ নিৰাময় কৰিলে। ভৃগুমুনিৰ মুখো ছাগলীৰ দাড়িৰে পূৰণ কৰিলে। ছাগলীৰ মূৰযুক্ত দক্ষই নিজৰ ভুল বুজিব পাৰি শিৱৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে। ব্ৰহ্মাৰ নিৰ্দেশত দক্ষই পুনৰ যজ্ঞ আৰম্ভ কৰি  ভগৱন্তৰ ধ্যান কৰিলে।

ভগৱান নাৰায়ণে সোঁশৰীৰে উপস্থিত হোৱাত সকলোৱে সেৱা জনালে। দক্ষই এইবাৰ যথাৰীতিৰে কৃষ্ণক পূজা কৰি সকলো দোষৰ পৰা মুক্ত হৈ ব্ৰহ্মা, শিৱক পূজা কৰি পিচত অন্যান্য দেৱতাসকলক পূজা কৰি যজ্ঞ সমাপন কৰে। সকলোৱে পৰম সন্তোষ লভি নিজ নিজ স্থানে গমন কৰিলে। কিন্তু অত্যন্ত শোকত জৰ্জৰিত হৈ ভোলানাথে সতীদেৱীৰ শৱদেহটো কান্ধত তুলি লৈ উন্মত্তৰ দৰে ত্ৰিভুৱন ভ্ৰমণ কৰিবলৈ ধৰিলে।

শিৱৰ এনেকুৱা আচৰণ দেখি ত্ৰিভুৱন নাশ হোৱাৰ ভয়ত ব্ৰহ্মা আদি দেৱতা সকল স্তম্ভিত হৈ পৰিল আৰু সকলোৱে বিষ্ণুৰ শৰণাপন্ন হৈ শিৱৰ ক্ৰোধ সম্বৰণ কৰাৰ বাবে প্ৰাৰ্থনা জনালে। শিৱ-শৰীৰ স্পৰ্শ হৈ থকা বাবে সতীৰ শৱদেহ গেলি-পচি যাব নোৱাৰে আৰু আনহাতে শিৱ স্কন্ধত সতীদেহ বিদ্যমান থাকিলেও শিৱক ভ্ৰমণৰ পৰা বিৰত কৰাটো অসম্ভৱ।

সেয়ে জগত পালক বিষ্ণুৱে উপাই চিন্তি সুদৰ্শন চক্ৰৰে মহাদেৱৰ কান্ধত থকা সতীদেহটো কৌশলেৰে খণ্ড খণ্ড কৰি একাৱন্ন খণ্ডত বিভক্ত কৰিলে। বিষ্ণুৰ সুদৰ্শনচক্ৰৰ দ্বাৰা ছিন্ন-ভিন্ন হৈ দেৱীৰ অঙ্গ-প্ৰত্যঙ্গ বিলাক ত্ৰিলোচনৰ স্কন্ধৰ পৰা ঠায়ে ঠায়ে পৰিবলৈ ধৰিলে। ভাৰতভূমিৰ যিবিলাক ঠাইত সতী দেহৰ পদ, জঙ্ঘা, জিভা, মুখ স্তন, বুকু, যোনি আদি পৰিছিল, সেইবিলাক ঠাই পুণ্যভূমি বুলি প্ৰসিদ্ধ হ’ল আৰু মহাপীঠস্থানৰূপে পূজিত হ’ল। দেৱীয়ে সেইবিলাক স্থানত নিত্য অধিষ্ঠিতা হৈ থাকে বাবে সেইবিলাক হ’ল সিদ্ধপীঠ। এইবিলাক স্থান দেৱতাৰো দুৰ্লভ, এই বিলাকেই মহাতীৰ্থ আৰু ভূমি তলত মুক্তিক্ষেত্ৰ বুলি পৰিচিত।

দেৱীৰ দেহৰ অঙ্গ-প্ৰত্যঙ্গাদি পৃথিৱীত পৰাৰ লগে লগে সেইবিলাকে শিলাৰূপ ধাৰণ কৰে। সেই স্থান বিলাকত মহাদেৱে  সতীস্নেহবশতঃ মোহিত হৈ স্বয়ং লিঙ্গৰূপে অৱস্থান কৰে-

“যত্ৰ যত্ৰাপতন্ সত্যাস্তদাপাদাদয়ো দ্বিজাঃ।

তত্ৰ তত্ৰ মহাদেবঃ স্বয়ং লিঙ্গস্বৰূপধৃক।

তস্তৌ মোহস্মাযুক্তঃসতীস্নেহবশানুগঃ।।”( কালিকাপুৰাণ। অষ্টাদশ অধ্যায়)

কামৰূপ-কামাখ্যাক্ষেত্ৰত দেৱীৰ মুখ্য অঙ্গ যোনি পৰিছিল, সেই গতিকে সেই স্থান পীঠশ্ৰেষ্ঠ আৰু সকলো তীৰ্থৰ চূড়ামণি বুলি প্ৰসিদ্ধ। এই স্থান মহাবাহু ব্ৰহ্মপুত্ৰৰ তীৰত আৰু মহাযোগস্থল বুলি জগতৰ হিতকৰ।

যি ঠাইত সতীৰ যোনিমণ্ডল পৰিছিল, সেই ঠাইৰ নাম কুব্জিকাপীঠ আৰু মহামায়া দেৱীও সেই পীঠতেই বিলীন হৈ ৰয়। এই পৰ্বতত দেৱীৰ গুপ্ত-অঙ্গ পতিত হোৱাত ই নীলবৰ্ণ ধাৰণ কৰিছিল; এই কাৰণে এই পৰ্বত নীলাচল নামেও বিখ্যাত-

“তস্মিংস্তু কুব্জিকাপীঠে সত্যাস্তদ যোনিমণ্ডলম্।

পতিতং তত্ৰ সা দেৱী মহামায়া ব্যলীয়ত।।

লীনায়াং যোগনিদ্ৰায়াং ময়ি পৰ্বতৰূপিনী।

স নীলবৰ্ণঃ শৈলোহভূৎ পতিতে যোনিমণ্ডলে।”(কালিকাপুৰাণ। দ্বিষষ্ঠিতম অধ্যায়)

কালিকাপুৰাণত আছে যে সতীৰ বিছিন্ন যোনিমণ্ডল পৰ্বতত(নীলাচলত) পতিত হৈ শিলাৰূপ ধাৰণ কৰে আৰু সেই শিলাময় যোনিত দেৱী নিত্য অৱস্থান কৰে। যি লোকে এই শিলা স্পৰ্শ কৰে তেওঁ অমৰত্ব লাভ কৰে আৰু অমৰ হৈ ব্ৰহ্মলোকলৈ গৈ পৰিশেষত মোক্ষলাভ কৰে বুলি বিশ্বাস কৰা হয়।

দেৱীভাগৱতৰ মতে নীলাচলত দেৱতাসকলে পৰ্বতৰূপে অৱস্থান কৰিছে আৰু প্ৰধান প্ৰধান দেৱতাসকল সেই বিলাক পৰ্বতত অধিষ্ঠিত হৈ আছে। সেই ঠাইৰ সমস্ত ভূ-ভাগকেই জ্ঞানীসকলে দেৱীস্বৰূপা বুলি উল্লেখ কৰিছে আৰু উক্ত কামাখ্যাযোনিমণ্ডলতকৈ প্ৰশস্ততম্ ঠাই আৰু দ্বিতীয়খন নাই বুলি অভিহীত কৰিছে।

কালিকা পুৰাণমতে আগতে নীলাচল পৰ্বত এশ যোজন ওখ আছিল; মহামায়াৰ গুপ্ত-অঙ্গ পতিত হোৱাত মহামায়াৰ গাঢ় আলিঙ্গন হেতুকে এই অতি ওখ পৰ্বতে যোনিমণ্ডলৰ ভাৰ সহিব নোৱাৰি কঁপিবলৈ ধৰে আৰু ক্ৰমে পাতাললৈ প্ৰবেশ কৰিব ধৰে। ইয়াকে দেখি ব্ৰহ্মা-বিষ্ণু-শিৱই প্ৰত্যেকে একোটিকৈ শৃঙ্গ ধাৰণ কৰে। তথাপিতো এই সুউচ্চ শৃঙ্গ তিনিটা ক্ৰমে অধোগামী হ’ব ধৰাত দেৱীয়ে নিজে আকৰ্ষণৰ দ্বাৰা ধাৰণ কৰি পুনৰ অধোগামী হোৱাৰ পৰা ৰক্ষা কৰে।

সেই মহাদেৱীয়েই কেৱল নিখিল জগতৰ প্ৰকৃতি; সেই কাৰণেই এই জগত প্ৰসৱ-কাৰিণীক ব্ৰহ্মা, বিষ্ণু আৰু শিৱই ধাৰণ কৰি আছে।

“শতং শতং যোজনানাং তুঙ্গমাসীদিগৰিত্ৰয়ম।

তদাক্ৰান্তং মহাদেব্যা সৰ্বমেব হ্যধোগতম্।।

একা সমস্তজগতাং প্ৰকৃতিঃ সা যতস্ততঃ

ব্ৰহ্মাবিষ্ণুশিবৈদৈবৈৰ্দ্ধৃতাং সা জগতাং প্ৰসূঃ।।”(কালিকাপুৰাণ। দ্বিষষ্ঠিতম অধ্যায়)

এই পৰ্বত ব্ৰহ্মা, বিষ্ণু আৰু শিৱ পৰ্বত নামেৰে তিনিটা শৃঙ্গত বিভক্ত হৈছে। পূবপিনে যি ঠাইত ভুবনেশ্বৰী মহাপীঠ আছে সেই ঠাই ব্ৰহ্ম পৰ্বত, মধ্যস্থানত য’ত মহামায়াৰ মহাপীঠ তাক শিৱ পৰ্বত আৰু পশ্চিমে যি পৰ্বত অৱস্থিত সেয়ে বিষ্ণু বা বৰাহ পৰ্বত নামে খ্যাত।

এই কামাখ্যা ধামলৈ প্ৰতিদিনে প্ৰতিবছৰে দেশী- বিদেশী অসংখ্য ভক্তৰ সমাগম ঘটে। ভক্তসকলে যিকোনো কামনা কৰি দেৱীৰ দৰ্শন আৰু সাধনা কৰিলে মনৰ অভীষ্ট সিদ্ধি হয়। সেয়ে যোগিনীতন্ত্ৰত কৈছে- কামৰূপ দেৱীক্ষেত্ৰ; ইয়াৰ নিচিনা দেৱী ক্ষেত্ৰ আৰু নাই। দেৱী অইন ঠাইত বিৰলা হ’লেও কামৰূপৰ ঘৰে ঘৰে বিদ্যমান-

“কামৰূপং দেৱীক্ষেত্ৰং কুত্ৰাপি সমং ন চ।

অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে।।”

প্ৰসঙ্গ পুথি -

১) শ্ৰীমদ্ভাগৱত (দ্বাদশ স্কন্ধ সম্পূৰ্ণ ভাগৱতৰ গদ্যৰূপ)-সুৰেন্দ্ৰ কুমাৰ দাস

২) কামাখ্যা-তীৰ্থ-ধৰণীকান্ত দেৱশৰ্মা, বৰপূজাৰী

৩)শ্ৰীমদ্ভাগৱত কথামৃত- প্ৰেমকান্ত মহন্ত

লেখক: লক্ষেশ্বৰ হাজৰিকা

উৎস: সাহিত্য.অৰ্গ

 

 

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top