মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / শাৰদীয় দুৰ্গোৎসৱ আৰু ইয়াৰ তাৎপৰ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শাৰদীয় দুৰ্গোৎসৱ আৰু ইয়াৰ তাৎপৰ্য :

শাৰদীয় দুৰ্গোৎসৱ আৰু ইয়াৰ তাৎপৰ্যৰ বিষয়ে লিখা হৈছে ।

 

যা দেৱী সৰ্বেভূতেষু শক্তি ৰূপেন সংস্থিতা

নমস্তস্যঔ নমস্তস্যঔ নমস্তস্যঔ নমো নমঃ

অৰ্থাৎ যি দেৱীয়ে সকলো প্ৰাণীৰ মাজত শক্তিৰঊপে সংস্থান লৈছে, সেই শক্তিক আমি সকলোৱে প্ৰণিপাত জনাওঁ।

অসমত প্ৰাক বৈষ্ণৱ যুগৰ পৰা শক্তি পূজাৰ প্ৰচলন আছিল। বিভিন্ন ৰূপত অতীজৰে পৰা শক্তিক পূজা-অৰ্চনা কৰি অহা হৈছে।

চৰাচৰ জগতখনক গতিশীল কৰিবলৈ শক্তিৰ দৰকাৰ। জগত স্ৰজন, পালন আৰু বিনাশৰ বাবেও শক্তিৰ প্ৰয়োজন, কিন্তু এই শক্তি কোনেও সৃষ্টি অথবা বিনাশ কৰিব নোৱাৰে।

শক্তিৰ ৰূপান্তৰহে ঘটে। দেৱী পূজাৰ প্ৰচলন হৈছিল এই শক্তিক উপাসনাৰ বাবে। অতীজত কেঁচাইখাইতী, বুঢ়ী গোসাঁনী আদি ৰূপত শক্তিৰ আৰাধনা চলিছিল।

পৰৱৰ্তী সময়ত-

*পাৰ্বতী,

*কালী,

*ভৈৰৱী,

*বৈষ্ণৱী,

*সৰস্বতী,

*লক্ষ্মী আদি দেৱীৰ ৰূপত শক্তিৰ পূজা-অৰ্চনা আৰম্ভ হ’বলৈ ধৰিলে। ইয়াৰ ভিতৰত মহামায়া দুৰ্গাদেৱীৰ পূজাৰ বিশেষ তাৎপৰ্য আছে।

প্ৰবাদ আছে যে মহিষাসুৰৰ অত্যাচাৰত দেৱতাসকলে পৰিত্ৰাণ বিচাৰি জগতৰ স্ৰষ্টা ব্ৰহ্মাৰ শৰণাপন্ন হৈছিল। ব্ৰহ্মাই তেতিয়া দেৱতাসকলক কৈছিল যে এগৰাকী নাৰীৰ দ্বাৰাহে দৈত্যৰাজ মহিষাসুৰক নিধন কৰাটো সম্ভৱ। তেতিয়া দেৱতাসকলে নিজৰ তেজৰ পৰা আদ্যাশক্তি, পৰমাপ্ৰকৃতি আদি দেৱী দুৰ্গাক জন্ম দিয়ে। ভিন ভিন দেৱতাই ভিন্ন ভিন্ন তেজস্বী অস্ত্ৰ যেনে-

*শিৱই ত্ৰিশূল,

*বিষ্ণুৱে চক্ৰ,

*ব্ৰহ্মাই চাৰিবেদ,

*অগ্নিয়ে ধনু-কাঁড়,

*ইন্দ্ৰই বজ্ৰ আৰু গিৰিৰাজ,

*হিমালয়ে দেৱীক ফুৰিবলৈ বাহন হিচাপে সিংহ আদি দান কৰিলে।

তেজস্বী অস্ত্ৰসমূহ দহখন হাতত ধাৰণ কৰি সিংহবাহিনী দশভূজা দেৱীয়ে দুৰ্গা ৰূপ লৈ মহিষাসুৰক বধ কৰি দেৱতাসকলৰ দুৰ্গতি নাশ কৰি শান্তি স্থাপন কৰিলে। সেয়েহে দুৰ্গাক মহিষাসুৰ মৰ্দিনী বুলিও জনা যায়। এনেদৰে দুৰ্গতি নাশিনী দশভূজা দুৰ্গাদেৱীৰ আবাহন হ’বলৈ ধৰিলে।

সুৰথ নামৰ এজন ৰজাই সৰ্বপ্ৰথমে বসন্ত কালত দেৱী দুৰ্গাৰ পূজা আৰম্ভ কৰিছিল। বসন্ত কালত হোৱা পূজাক বাসন্তী পূজা বুলি জনা যায়।

ৰঘুনন্দন শ্ৰীৰামচন্দ্ৰই ৰাক্ষসেশ্বৰ লংকাধিপতি ৰাৱণৰ কৱলৰ পৰা সীতাক উদ্ধাৰৰ হেতু ৰাৱণ বধৰ বাবে বসন্ত কালত প্ৰচলিত দুৰ্গা পূজা শৰৎ কালত অনুষ্ঠিত কৰিছিল।

অকালতে হোৱা বাবে শৰতৰ এই দুৰ্গাপূজা ‘অকাল বোধন’ ৰূপে প্ৰচলিত। পিছলৈ শাৰদীয় দুৰ্গাপূজা অধিক জনপ্ৰিয় হৈ উঠে।

শ্ৰীৰামচন্দ্ৰক দেৱীয়ে শক্তি প্ৰদান কৰি দুৰ্গতি নাশি অধৰ্মৰ পৰাজয় ঘটাই জগতত ধৰ্মৰ জয় নিশ্চিত কৰিছিল।

জগত বন্দিত দুৰ্গাদেৱী ভিন্ন ৰূপত ভিন্ন নামেৰে বিভূষিত যেনে-

*দুৰ্গা,

*মহিষাসুৰ মৰ্দিনী চামুণ্ডা,

*পাৰ্বতী,

*সতী,

*বিশ্বেশ্বৰী,

*মহেশী,

*মহেশ্বৰী,

*মহাশ্বেতা,

*কাত্যায়নী,

*মহাভাগা,

*নাৰায়ণী,

*গৌতমী,

*জয়ন্তী,

*ভৈৰৱী,

*মুণ্ডমালিনী,

*কালীগোসাঁনী,

*চণ্ডী,

*সুৰেশ্বৰী,

*দক্ষজা,

*ত্ৰিশূলী,

*ত্ৰিনয়না,

*কৌশিকী,

*বিজয়া,

*গৌৰী,

*ব্ৰহ্মচাৰিণী,

*ধাত্ৰী ইত্যাদি।

উপৰোক্ত নামসমূহ উল্লেখ কৰা হৈছে যদিও কিছু পৰৱৰ্তী সময়ত শক্তিৰ উপাসকসকলে সচৰাচৰ দশভূজা মহামায়া ভগৱতী দুৰ্গাদেৱীক যথা বিধি পূজা-অৰ্চনা কৰি আহিছে।

কিছুমান মন্দিৰত দেৱীৰ দশ মূৰ্তি- কালী, তাৰা, ষোড়শী, ভূৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলা, মাতংগী আৰু কমলাৰ মূৰ্তিও পৰিলক্ষিত হয়।

শৰৎ কালৰ আহিন অথবা কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠীৰ আবাহনৰ পৰা বিজয়া দশমীৰ বিসৰ্জনৰ দিনালৈকে ভক্তপ্ৰাণ ৰাইজে অতি উৎসাহ-উদ্দীপনাৰে মহাপয়োভৰেৰে সমাজৰ পৰা অপায়-অমংগল, ৰোগ, ব্যাধি অসূয়া-অপ্ৰীতি নাশ কৰি সমাজত শান্তি স্থাপনাৰ্থে দেৱী মাৰ শক্তিৰে শক্তিমন্ত হোৱাৰ মানসেৰে দেৱীমাৰ শ্ৰীচৰণত প্ৰাণিপাত জনাই আশিস নিৰ্মালি বিচাৰে।

আজিকালি কোনো কোনো অঞ্চলত বিজয়া দশমীৰ দেৱী বিসৰ্জনৰ পিছত অধৰ্মৰ প্ৰতীক হিচাপে ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা পৰিলক্ষিত হৈ আহিছে।

অসমীয়া সমাজত প্ৰচলিত উৎসৱ-পাৰ্বণবোৰ উদযাপনৰ জৰিয়তে মানুহৰ মাজত একতা, শান্তি-সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি ধৰি ৰখাত বাৰুকৈয়ে প্ৰভাৱ পেলাই আহিছে।

লেখিকা: ইন্দিৰা পাঠক চৌধুৰী(ৰাইজৰ বাতৰি)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top