মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / স্বাধীনতা সংগ্ৰামত অসম:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাধীনতা সংগ্ৰামত অসম:

স্বাধীনতা সংগ্ৰামত অসমৰ কথা লিখা হৈছে

 

গুলীৰ আঘাত পোৱা লোকসকল হৈছে:

 

১)মণি কছাৰী, ২)কুণ্ডা কছাৰী, ৩)ভোলা নাথ, ৪)নাথিনী, ৫)কলী দৈ নাথিনী, ৬)মেদিৰ নাথিনী, ৭)গোলাপী নাথিনী, ৮)তুলাই নাথিনী, ৯)চন্দ্ৰ নাথ, ১০)দৰিকী নাথিনী, ১১)হেৰাং বড়ো, ১২)ৰাজেন্দ্ৰ প্ৰসাদ বসুমতাৰী, ১৩)ভোগাই নাথ, ১৪)গোপী কোঁচ, ১৫)জয়ৰাম নাথ, ১৬)কমলা কান্ত দাস, ১৭)মায়াকিশোৰ ঠাকুৰীয়া, ১৮)নৰেশ্বৰ পিয়ন, ১৯)গোবৰ্দ্ধন দাস, ২০)দয়াৰাম নাথ, ২১)মইনা কছাৰী, ২২)ৰামচৰণ গোৱালা, ২৩)ৰাম ভূঞা।

(এই তালিকাত দিয়াতকৈ আৰু অধিক লোক হতাহত হৈছিল। কিন্তু সকলোৰে নাম ইয়াত দিয়া কঠিন হ’ল। কাৰণ ভালকৈ অনুসন্ধান কৰাৰ সুবিধা নহ’ল।)

বৰহমপুৰৰ গুলীচালনা:

 

১৯৪২ চনৰ ১৮ ছেপ্টেম্বৰ তাৰিখে বৰহমপুৰৰ ৰাইজে পুলিচৰ হাতৰ পৰা শান্তি সেনা শিবিৰটো কাঢ়ি ল’লে আৰু দিনটো উদযাপনৰ কাৰণে এটা ভোজ পাতিলে। ঠিক খোৱাৰ সময়তেই মিলিটাৰীৰ দল এটা উপস্থিত হ’লগৈ। বিশেষ মেজিষ্ট্ৰেট মিঃ ভি এইচ ৰুজেক আই-চি-এছ প্ৰতাপ চন্দ্ৰ শৰ্মা, বি-এল দেৱে বুজাই ক’লে যে ৰাইজে খোৱা প্ৰসাদ শেষ হ’লেই তাৰ পৰা শান্তিপূৰ্ণভাৱে সকলো গুচি যাব। মিঃ পিছতেই প্ৰতাপ শৰ্মাকে ধৰি এঘাৰজনক গ্ৰেপ্তাৰ কৰি এখন মিলিটাৰী ভেনত তুলি আঁতৰলৈ গ’ল। তাৰ পিচতে তাত থকা মানুহৰ ওপৰত গোৰ, লাঠিৰে প্ৰহাৰ কৰিবলৈ ধৰিলে, প্ৰসাদ লণ্ড-ভণ্ড কৰিলে। মানুহৰ মন ক্ষুণ্ণ হ’ল। তেওঁলোকে ‘বন্দে মাতৰম’ ধ্বনি তুলিলে।

‘বন্দে মাতৰম’ ধ্বনি শুনি ওচৰৰ গাঁৱৰ পৰা মানুহ আহিবলৈ ধৰিলে। শ্ৰীমতি ৰত্নবালাই হাতত জাতীয় পতাকা লৈ নেতৃত্ব বহন কৰিলে, লগত আছিল মাক ভোগেশ্বৰী ফুকননী। মিলিটাৰীয়ে দলটোক বাধা দিবৰ বাবে আগবাঢ়ি গ’ল। ভীষণ টনা-আজোৰা কৰি ৰত্নবালাৰ হাতৰ পৰা পতাকাখন মিঃ ফিনিচে কাঢ়ি লৈ জনতাৰ ওপৰত ৰিভলভাৰ উলিয়াই গুলী চলাবলৈ ধৰিলে। গুলীচালনাত তলত নাম দিয়াসকলে মৃত্যুবৰণ কৰিলে আৰু আহত হ’ল-

নিহত:

 

১)লক্ষীকান্ত হাজৰিকা,

২)ঠগীৰাম সূত,

৩)বলোৰাম সূত,

৪)ভোগেশ্বৰী ফুকননী।

আহত:

 

১)হলিৰাম হাজৰিকা,

২)চকিৰাম নাথ,

৩)ডম্বৰুধৰ বৰুৱা,

৪)ভেলেউৰাম নাথ।

(সাধাৰণ আঘাত পোৱা লোকৰ সংখ্যা ৯২ জনমান হ’ব বুলি চিকিৎসক দলে বতৰা দিছিল।)

বেবেজিয়াত গুলীচালনা:

১৯৪২ চনৰ ২৫ আগষ্ট তাৰিখে নিশা কোনোবা অচিনাকী লোকে বেবেজিয়াৰ কাঠৰ দলঙৰ কিছুমান কাঠৰ পাত পুৰি পেলায়। পিছদিনা দুপৰীয়া এদল পুলিচ আৰু এদল মিলিটাৰী সেই গাঁৱত উপস্থিত হৈ আক্ৰমণ কৰিলে। এই আক্ৰমণে অনেকৰ ঘৰৰ বেৰা-দুৱাৰ ধ্বংস কৰিলে আৰু বাসিন্দাসকলৰ ওপৰত অমানুষিক অত্যাচাৰ চলালে। এনেকি এটা মিলিটাৰীয়ে বন্দুকৰ আগত থকা সংগীনেৰে বেৰত খোচ ধৰোতে ডম্বৰু দাস নামৰ গিৰিহঁতৰ পেটত সোমায়। শেষত প্ৰায় চাৰিশ লোকক গ্ৰেপ্তাৰ কৰে। আনকি তিনিদিনৰ আগতে প্ৰসৱ হোৱা ৰোহিনী নামৰ এগৰাকী মহিলায়ো এই গ্ৰেপ্তাৰৰ পৰা হাত সাৰিব নোৱাৰিলে। পঞ্চানন শৰ্মাৰ ৮০ বছৰীয়া বৃদ্ধ শয্যাশায়ী ককায়েককো এৰি নিদিলে। শুদা গাৰে পথাৰত কাম কৰি থকা লোকক গা ঢাকি কাপোৰ এখন ল’বলৈকো সময় নিদিলে। এইদৰেই সকলোকে পশুৰ জাক খেদি নিয়াৰ দৰে নগৰলৈ লৈ গ’ল। মৰ্মস্তুদ কাহিনী যে প্ৰসৱ বেদনাক্লিষ্ট বলোৰাম শৰ্মাৰ পত্নীক খেদি লৈ যাওঁতে তেওঁ আনৰ লগত সমানে যাব নোৱাৰাৰ কাৰণে অপমান সহ্য কৰিব লগাত পৰিছিল। পাঁচ মাইল বাট এইদৰে জাক পাতি নিয়াৰ পিছত বীড দলঙৰ কাষত তাৰে ৯৮ জনক এৰি দিলে।

সেইদিনা দিনে-নিশাই এটা খুদকণ আৰু পানী এটোপা নিদিয়াকৈ তেওঁলোকক আটক কৰি থৈছিল। অনেক অনুৰোধ কৰা সত্ত্বেও উপায়ুক্ত মিঃ ৰাধাৰঞ্জন ধৰে কোনো সহায় কৰিবলৈ মান্তি নহৈছিল। পিছদিনা ইয়াৰে ৩০ জনক জেললৈ পঠায়, বাকীসকলক এৰি দিয়ে।

এই অমানুষিক অত্যাচাৰৰ বাতৰি পাই পিছদিনা ওচৰৰ অনেক গাঁৱৰ লোকৰ নগৰলৈ সোঁত ব’বলৈ ধৰিলে। এই নিৰপৰাধী, শান্তিপ্ৰিয় লোকসকলৰ ওপৰতো দলঙৰ তলত লুকাই থাকি মিলিটাৰীয়ে গুলী চলালে। ফলত দুজন লোকৰ থিতাতে মৃত্যু হ’ল আৰু ৬ জন আহত হ’ল। সেইসকল হৈছে-

মৃত্যু:

 

১)কলাই কোঁচ(কুমাৰ গাঁও),

২)হেমকান্ত বৰুৱা(হাতীহড়)।

আহত:

১)প্ৰদীপ শইকীয়া(এজন ছাত্ৰ),

২)ৰাজেন্দ্ৰ ৰাম কলিতা,

৩)নাহৰ নাথ,

৪)মোহন চন্দ্ৰ নাথ,

৫)বগাই ৰাম ডেকা,

৬)কালিসিং ৰাজবংশী(পিছত যক্ষ্মাৰোগত ভুগি ১৯৪৬ চনত মৃত্যু হয়।)

জোঙালবলহু গড়ৰ গুলীচালনা:

 

বেবেজিয়াৰ নৃংশস গুলীচালনাৰ কথা জিলাখনৰ চাৰিওফালে বিয়পি পৰিল আৰু সকলোৰে মাজত প্ৰচাৰ হ’ল যে নগাঁৱলৈ আৰু মিলিটাৰী অনাৰ ব্যৱস্থা চলিছে যাতে কংগ্ৰেছৰ আন্দোলন মষিমূৰ কৰিব পাৰি। এনে বাতৰি শুনি সকলো আতংকিত হ’ল আৰু বিমোৰত পৰিল। আগন্তুক বিপদৰ পৰা হাত সৰাৰ উদ্দেশ্যে যাতে গুৱাহাটীৰ পৰা অত্যধিক মিলিটাৰী আনিব নোৱাৰে তাৰ বাবে নগাঁৱৰ পৰা ১৬ মাইল পশ্চিমত নগাঁও-গুৱাহাটী ৰাস্তাৰ জোঙালবলহু গড়ৰ ওচৰৰ দলংখন ভাঙি দিয়াৰ বাবে ৰাইজ সমৱেত হ’ল। তেওঁলোকে কামত লাগি থাকোতেই কিছুমান মিলিটাৰী তাত উপস্থিত হ’লহি আৰু কোনো জাননী নিদিয়াকৈ নিৰস্ত্ৰ লোকৰ ওপৰত গুলী চলোৱাৰ ফলত থিতাতে দুজনৰ মৃত্যু হ’ল। তেওঁলোক হ’ল-

১)হেমৰাম পাটৰ(বাৰপূজীয়া) আৰু

২)গুণাভিৰাম বৰদলৈ(দৰংগীয়া গাঁও)।

আহতসকল হৈছে:

১)গোলক চন্দ্ৰ ভূঞা,

২)বনাই লালুং,

৩)মোহন চন্দ্ৰ ডেকা।

বাৰপূজীয়াৰ গুলীচালনা:

জোঙালবলহু গড়ৰ ঘটনাৰ দিনাই নিশালৈ চৰকাৰী নথি-পত্ৰৰ সৈতে ৰহাৰ চাৰ্কোল অফিচটো অগ্নিসংযোগ কৰি ভস্মম্ভূত কৰে। এই কাৰ্যই জুইত ঘিউ ঢলাৰ দৰে হ’ল। পুলিচে বাৰপূজীয়াৰ মানুহকে এই কাৰ্যত লিপ্ত থকা বুলি ভাবিলে। ২৬ আগষ্টৰ নিশা এজন পুলিচ উপ-আৰক্ষী অধীক্ষকৰ তত্ত্বৱধানত গাঁওখন আক্ৰমণ কৰে।

বাৰপূজীয়াৰ মানুহবিলাক কংগ্ৰেছৰ অনুগত আছিল আৰু গোটেই আন্দোলনটোত একান্ত মনে কাম কৰি গৈছিল। পণ্ডিত জৱাহৰলাল নেহেৰুৱে এই গাঁওখনত ১৯৩৭ চনত পদাৰ্পণ কৰে। গাঁওখনলৈ বাহিৰৰ পৰা কোনো অনিষ্ট চিন্তাকাৰী লোক যোৱা বন্ধ কৰিবৰ কাৰণে এটা শান্তি-সেনাৰ দল গঠন কৰিছিল আৰু এই দলে গাওঁখনৰ প্ৰধান বাটত অনবৰত পহৰা দি আছিল। নিশা একমান বজাত এটা গাঁও আক্ৰমণ কৰা মিলিটাৰী দল উপস্থিত হ’ল। তিলক ডেকাই তেওঁলোকক প্ৰত্যাহ্বান জনালে। তেওঁক তাতে গুলী কৰি হত্যা কৰা হ’ল।

(১৯৭২ চনত অসম ৰাজ্যিক মুক্তি যুঁজাৰু অভিৱৰ্তন উপলক্ষে প্ৰকাশিত ‘ভাৰতৰ মুক্তি যুঁজত অসম’ নামৰ গ্ৰন্থৰ ‘বিভিন্ন জিলাত হোৱা গুলীচালনা’ শীৰ্ষক প্ৰবন্ধটোৰ অংশ বিশেষ ইয়াত তুলি দিয়া হৈছে। গুলীচালনাৰ অন্যান্য ঘটনাৱলী ইয়াৰ পিছত শ্বহীদসকলৰ চমু পৰিচিতিতেই উল্লেখ কৰা হৈছে।)

স্বাধীনতা সংগ্ৰামৰ অসমৰ শ্বহীদসকল:

 

গমধৰ কোঁৱৰ:

ইয়াণ্ডাবু সন্ধিৰ পৰাই চিৰকাল স্বাধীন হৈ থকা অসম ইংৰাজৰ পৰাধীন হ’লেও স্বাধীনমনা অসমবাসীয়ে কিন্তু ইংৰাজৰ বশ্যতা স্বীকাৰ কৰিবলৈ সহজে মান্তি নহ’ল। আনহাতে সেই সময়ৰ পৰিস্থিতিও কোনো ধৰণৰ বিপ্লৱৰ বাবে অনুকূল নাছিল। আজিও স্মৰণ কৰিলে গাৰ নোম ডাল ডাল হৈ উঠা ‘মানৰ দিনৰ’ বিভীষিকাৰ কথা তেতিয়াও অসমৰ মানুহৰ মনৰ পৰা আঁতৰ হোৱা নাছিল। মানৰ আক্ৰমণ, অত্যাচাৰ-উৎপীড়নত উছন হৈ পৰিছিল গাঁও-ভুঁই। ছাৰখাৰ হৈ পৰিছিল মানুহৰ স্বাভাৱিক জীৱনৰ গতি। নাছিল ধন জনৰ বল, ভাগি পৰিছিল মনৰ শকতি।

তথাপি স্বাধীনতাপ্ৰিয় অসমবাসীয়ে সহ্য কৰিব পৰা নাছিল সেই অপ্ৰত্যাশিত পৰাধীনতা।

বিশেষভাৱে ক্ষুণ্ণ হৈ পৰিছিল ছশ বছৰ কাল অসমত ৰাজত্ব কৰা ৰাজ পৰিয়াল আৰু অন্যান্য ডা-ডাঙৰীয়াৰ পৰিয়ালৰ লোক। ৰাজ পৰিয়ালৰে অন্যতম সম্ভ্ৰান্ত ব্যক্তি ফেনা কোঁৱৰৰ পুত্ৰ গমধৰ কোঁৱৰে ইংৰাজক স্বদেশৰ মাটিৰ পৰা খেদাৰ বাবে সিদ্ধান্ত কৰি আঁচনি তৰিলে। গমধৰ কোঁৱৰৰ সক্ৰিয় সহযোদ্ধা হ’বলৈ আগবাঢ়ি আহিল পূৰ্বৰ ৰাজসভাৰ এজন বিষয়া ধনঞ্জয় পিয়লীয়া বৰগোহাঁই।

গমধৰ কোঁৱৰৰ নেতৃত্বত অসমৰ এই প্ৰথম স্বাধীনতা সংগ্ৰামীসকলে ইংৰাজৰ বিৰূদ্ধে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰিলে। কিন্তু লেফটেনেন্ট ৰুথাৰ ফৰ্ডৰ নেতৃত্বাধীন ইংৰাজ সৈন্যবাহিনীয়ে আৰম্ভণি পৰ্যায়তে দমন কৰিলে এই বিদ্ৰোহ। গমধৰ কোঁৱৰকে ধৰি বহুতো বিদ্ৰোহীক আটক কৰিলে ইংৰাজ সৈন্যই। বহুতৰে কাৰাগাৰাত বন্দী কৰি থলে। কেইবাজনো বিপ্লৱী কাৰাগাৰৰ পৰা পলাই সাৰিল। বিদ্ৰোহীৰ নেতা গমাধৰ কোঁৱৰক বংগদেশৰ ৰংপুৰৰ কাৰাগাৰত ৭ বছৰৰ বাবে কাৰাদণ্ড বিহিলে। তাৰ পিছত অসমৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ নেতাজনৰ কি হ’ল সেই কথা জনা নাযায় বুলি বুৰঞ্জীবিদসকলে মন্তব্য কৰিছে।

গমধৰ কোঁৱৰৰ মৃত্যু যিভাৱেই নহওক লাগে, অসমৰ ৰাইজে এই গৰাকী মুক্তিযোদ্ধাক শ্বহীদৰ মৰ্যাদা দি আহিছে।

পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা:

গমধৰ কোঁৱৰৰ নেতৃত্বত হোৱা প্ৰথম স্বাধীনতা সংগ্ৰাম বিফল হ’লেও স্বাধীনতাপ্ৰেমীসকল হতাশ নহ’ল। পিয়লি ফুকনৰ নেতৃত্বত জীউৰাম বৰুৱা, বাপচান্দ কছাৰী আদি জনচেৰেক স্বাধীনতাপ্ৰিয় অসম সন্তানে দেশমাতৃক ইংৰাজৰ পৰা উদ্ধাৰ কৰিবলৈ আঁচনি প্ৰস্তুত কৰি গোপনে সংগঠন কৰিবলৈ আৰম্ভ কৰিলে। ছিংফৌ, খামতি, মিচিং, মিচিমি আদি অসম আৰু দাঁতিকাষৰীয়া অঞ্চলৰ সকলো জনজাতীয় ৰাইজে পিয়লি ফুকনৰ এই মুক্তিকামী আহ্বানৰ প্ৰতি আগবঢ়ালে অকুণ্ঠ সমৰ্থন। আৰম্ভ হ’ল ইংৰাজৰ বিৰুদ্ধে আকৌ স্বাধীনতা সংগ্ৰাম।

অলিখিত বুৰঞ্জীৰূপে লোকগীতত অসমৰ এই প্ৰথম স্বাধীনতা সংগ্ৰামৰ বৰ্ণনা পোৱা যায় এনেদৰে-

বাপচান্দ কছাৰী পিয়লি বোপাটি

যেন জোনৰ লগত তৰা;

দেখিলো থিতাতে কোনোবা ধুমুনিত

যেন পাখি লগা ঘোঁৰা।

ক’ত কিনো জগৰ লগালি পিয়লি

কাৰনো লগালি দোষ,

ৰংপুৰৰ খাৰঘৰত জুই দি থাকোতে

পৰীয়াই ধৰিলে তোক।

পিয়লি ফুকন আছিল আহোম স্বৰ্গদেউৰ গুৱাহাটীস্থ প্ৰতিনিধি বদনচন্দ্ৰ বৰফুকনৰ দ্বিতীয় পুত্ৰ। জন্মৰে পৰা তেওঁ আছিল চাকোলা। ফুৰা-চকা লৈ তেওঁক সততে এজন সংগীৰ প্ৰয়োজন হৈছিল আৰু বাপচান্দ্ৰ কছাৰী আছিল তেওঁৰ ফুৰা-চকাৰ সংগী।

মুক্তি সংগ্ৰামৰ এটা পৰ্যায়ত পিয়লি ফুকন আদিৰ নেতৃত্বত ইংৰাজ বিৰোধী স্বাধীনতা সংগ্ৰামীসকলে সিদ্ধান্ত কৰিলে ৰংপুৰত(শিৱসাগৰ) থকা ইংৰাজৰ খাৰঘৰত জুই দিব।

দিনটো আছিল ১৮৩০ চনৰ ২৫ মাৰ্চ। মাজনিশা খাৰঘৰত জুই দিবলৈ ওলাই আহিছিল জীউৰাম দুলীয়াবৰুৱা, খামতি বুঢ়াগোহাঁই, হৰনাথ বুঢ়াগোহাঁই আৰু জনদিয়েক ওলাই আহিল দুপৰ নিশা খাৰঘৰত জুই দিবলৈ। পাছে পাছে গল দলনেতা পিয়লি ফুকন। জীউৰামে জনাহৰ গুটি সিঁ লোৱা কাঁড়ৰ আগত জুই লগাই খাৰঘৰৰ চাললৈ মাৰি পঠিয়ালে। নিমিষতে আন্ধাৰ ভেদি দপদপাই জ্বলি উঠিল খাৰঘৰ। (এইটো আছিল অসমৰ স্বাধীনতা সংগ্ৰামীসকলক ইংৰাজৰ বিৰুদ্ধে দ্বিতীয় আঘাত) জুই দেখি খেদি আহিল ইংৰাজৰ চিপাহী-চন্তৰী। বিদ্ৰোহীসকল পলাবলৈ ধৰিলে। কিন্তু পলাব নোৱাৰি লোকৰ কান্ধত উঠি পাছত থকা চাকোলা পিয়লি ফুকন।

পিয়লিক সাব্যস্ত কৰিলে এক নম্বৰ বিদ্ৰোহী বুলি। পিয়লি ফুকন, হৰনাথ বুঢ়াগোহাঁই, জীউৰাম বুঢ়াগোহাঁই, জীউৰাম দুলীয়াবৰুৱা, ৰূপচান্দ কোঁৱৰ, দেউৰাম দিহিংগীয়া ডেকা, ব’ম চিংফৌ আদিক ধৰি আনি বিচাৰৰ বাবে বন্দী কৰা ফ’ল। বিদ্ৰোহ কৰাৰ অপৰাধত ধৰা পৰাৰ পিছতো পিয়লি ফুকন কিন্তু অলপো বিচলিত নহৈ নিৰ্ভীক হৈ থাকিল। সেয়েহে বোধকৰো পিয়লি কেপ্টেইন নিউভিল(Captain Neufville) চাহাবৰ আগত নিৰ্ভীকভাৱে ক’ব পাৰিছিল- ‘মই দেশ উদ্ধাৰ কৰিবলৈ অহা সঁচা। পাৰিতপক্ষে কোনেও পৰাধীন হৈ থাকিবলৈ ভাল নাপায়। আমি মৰিম্ বুলি ভয় কৰি তোমালোকক খেদিবলৈ ওলোৱা নাই’।

ইয়াৰ পাছত জয়সাগৰ পুখুৰীৰ পাৰত সদৰ দেৱানী পঞ্চায়ন বহিল। আৰম্ভ হ’ল ‘বিদ্ৰোহীসকলৰ’ বিচাৰ। তথাকথিত পণ্ডিত বিষয়া মেলুৱৈয়ে বিচাৰ কৰি তেওঁলোকক ৰজাদিনীয়া নিয়মমতে ৰাজদ্ৰোহী বুলি সাব্যস্ত কৰিলে আৰু সেই মতে লঘু লাঞ্ছনা কৰি ফাঁচী কাঠত তুলি মৃত্যুদণ্ড দিবলৈ স্থিৰ কৰা হ’ল। কিন্তু পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰহে অকল ফাঁচী হ’ব লাগে বুলি অনুমোদনৰ অৰ্থে উৰ্দ্ধতম বিষয়া কমিচনাৰ ডেভিদ স্কটৰ ওচৰলৈ আৰ্জি পঠোৱা হ’ল। তেওঁৰ পৰা অনুমোদন আহি পোৱাৰ আগতেই জেমচ মেথীৰ আদেশ অনুসৰি ১৮৩০ চনৰ আগষ্ট মাহত শিৱসাগৰৰ পুখুৰীৰ পাৰৰ ঈশান কোণত দুয়োজনকে ফাঁচী দিয়া হয়।

মণিৰাম দেৱান আৰু মহেশ চন্দ্ৰ বৰুৱা ওৰফে পিয়লি বৰুৱা:

‘সোণৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম

ৰূপৰ ধোঁৱাখোৱাত খালি,

কিনো ৰজাঘৰৰ দ্ৰোহ আচলিৰি

ডিঙিত ছিপজৰী ল’লি’।

সোণৰ ধোঁৱাখোৱা, ৰূপৰ ধোঁৱাখোৱাত ধঁপাত খোৱা মণিৰাম দেৱানৰ জন্ম হৈছিল ১৮০৬ চনৰ ২১ এপ্ৰিল তাৰিখে শিৱসাগৰ জিলাৰ চাৰিঙত। দেউতাক ৰাম দত্ত বৰুৱা কোম্পানী চৰকাৰৰ এজন উচ্চ পদস্থ বিষয়া আছিল। অগাধ পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰী হোৱা হেতুকে আৰু নিজৰ চেষ্টাৰ ফলতো বহুতো ধন-মান অৰ্জন কৰিব পৰা বাবে তেওঁক ‘কলিতা ৰজা’ও বুলিছিল। অসমীয়া ভাষাৰ উপৰিও সংস্কৃত, বঙালী আৰু পাৰ্চী ভাষাতো তেওঁৰ যথেষ্ট জ্ঞান আছিল। গোৱালপাৰা জিলাত তেওঁ দো-ভাষীৰ কামো কৰিছিল। মণিৰাম দেৱান নামেৰে পিছৰ কালত বিখ্যাত হৈ পৰা এই গৰাকী ব্যক্তি জীৱনৰ আগছোৱাত আছিল ইংৰাজ শাসনৰ সমৰ্থক। কিন্তু দিন বাগৰি যোৱাৰ লগে লগে তেওঁ হৈ পৰিল ইংৰাজ শাসনৰ ঘোৰ বিৰোধী।

১৮২৬ চনৰ পৰা ২৫ বছৰ কাল ইংৰাজসকলে অসম এৰি যাব বুলি দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ কোনো চিন নেদেখি মণিৰাম দেৱান চিন্তিত আৰু অতীষ্ঠ হৈ পৰিল। অসমীয়াৰ জাতীয় সন্মানৰ প্ৰতি ইংৰাজে হীন আৰু অৱজ্ঞাসূচক মনোভাব পোষণ কৰা বাবে অপহৃত স্বাধীনতা ঘূৰাই আনিবলৈ মণিৰামৰ মনে বিদ্ৰোহ কৰি উঠিল। অকল সেয়ে নহয়, দেশৰ সকলো পদতে ব্ৰিটিছ কৰ্মচাৰী নিযুক্ত কৰি আৰু দেশত কানি বিহ প্ৰচলন কৰি অসমীয়া জাতিটোক নিশকটীয়া কৰা কাৰ্যই মণিৰাম দেৱানক ঘোৰ ইংৰাজ বিৰোধী কৰি তুলিলে।

তেনে তেটা সময়তেই চিপাহী বিদ্ৰোহৰ অগনি সমগ্ৰ ভাৰতবৰ্ষৰ চাৰিওফালে বিয়পি পৰিলো। মণিৰাম দেৱানেও সুযোগলৈকে অপেক্ষা কৰি আছিল। ১৮৫৩ চনত কলিকতাৰ সদৰ আদালতৰ জজ এজে মফট মিলচ অসমলৈ আহোতে মণিৰাম দত্ত দেৱানে আহোম ৰজাৰ শাসনৰ পুনৰ প্ৰৱৰ্তন, ইংৰাজ চৰকাৰৰ অন্যায়-অত্যাচাৰ আৰু অভাৱ-অভিযোগবোৰৰ বিষয়ে তেওঁৰ ওচৰত আৰ্জি দাখিল কৰে। লগে লগে তেওঁ আহোম শাসনৰ পুনৰ প্ৰৱৰ্তনৰ বাবেও উঠি-পৰি লাগিল। স্বৰ্গদেউ কন্দৰ্পেশ্বৰ সিংহই তেওঁক এই কামত সকলো প্ৰকাৰৰ সহায়-সুবিধা আগবঢ়াবলৈ ধৰিলে। তেওঁৰ আবেদনৰ কোনো সঁহাৰি নাপাই শেষ চেষ্টা হিচাপে কন্দৰ্পেশ্বৰ সিংহৰ হৈ কোম্পানী চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ ওচৰত এনে অন্যায়ৰ বিৰূদ্ধে সাহায্য প্ৰাৰ্থনাৰ বাবে মণিৰাম দেৱানে নিজেই কলিকতালৈ যাত্ৰা কৰে। তেওঁ অসমৰ পৰা ইংৰাজ চৰকাৰক একেবাৰে আঁতৰ কৰি পঠোৱাৰ মানসেৰে ভাৰতৰ আন আন ঠাইৰ ইংৰাজ খেদা আন্দোলনৰ বিৱৰণ দি স্বৰ্গদেউ কন্দৰ্পেশ্বৰ সিংহলৈ বাতৰি পঠিয়াবলৈ ধৰিলে।

মণিৰাম দেৱানৰ পৰামৰ্শ মতেই স্বৰ্গদেউ কন্দৰ্পেশ্বৰ সিংহ আৰু তেওঁৰ(ৰজাৰ) সোঁহাতস্বৰূপ মহেশ চন্দ্ৰ বৰুৱা ওৰফে পিয়লি বৰুৱাৰ নেতৃত্বত সকলো একগোট হৈ ইংৰাজৰ বিৰুদ্ধে বিপ্লৱৰ বাবে সাজু হ’ল। আন্দোলনৰ আহ্বানৰ লগে লগে ব্যক্তিস্বাৰ্থ জলাঞ্জলি দি মাতৃভূমিৰ স্বাধীনতাৰ কাৰণে সকলো একগোট হ’ল। বিদ্ৰোহ ঘণীভূত হৈ পৰাত কোম্পানী চৰকাৰেও বিদ্ৰোহ দমনৰ বাবে ব্যাপক অভিযান চলাবলৈ ধৰিলে। তেনে সময়তে মণিৰাম দেৱানে কন্দৰ্পেশ্বৰ সিংহলৈ লিখা চিঠিকেইখনমান শিৱসাগৰ জিলা বিষয়া কেপ্টেইন চাৰ্লচ হলৰয়ডে হস্তগত কৰাত ইংৰাজসকল অধিক সজাগ আৰু সচকিত হৈ পৰিল আৰু লগে লগে মণিৰাম দেৱানক কলিকতাতে আটক কৰা হ’ল।

এই ষড়যন্ত্ৰ সম্পৰ্কে বিচাৰ কৰিবলৈ ১৮৫৭ চনৰ(Act 14)ৰ অধীনত কেপ্টেইন হলৰয়ডক বিশেষ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয় আৰু ১৮৫৮ চনৰ ২৩ ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ বিচাৰ আৰম্ভ হয় আৰু পিয়লি বৰুৱাৰো বিচাৰ আৰম্ভ হ’ল। বিচাৰত দুয়োজনক ৰাজদ্ৰোহীতাৰ অপৰাধত দোষী সাব্যস্ত কৰি দুয়োকে মৃত্যুদণ্ড ফাঁচীৰ হুকুম দিয়া হ’ল। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা জন্মভূমিৰ মুক্তিৰ বাবে ফাঁচীকাঠত প্ৰাণ আহুতি দিলে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই।

কনকলতা বৰুৱা:

কলংপুৰৰ বৰঙাবাৰী গাৱঁৰ আন দহজনী পাটগাভৰু ছোৱালীৰ দৰে কনকলতাও আছিল চকুত আশাৰ সপোন সনা এজনী ষোড়ষী। গাভৰু কালৰ সুখৰ সপোন দেখি তাঁতৰ পাতত চানেকি বাচোতে কনকলতাই এদিন দেখিলে কোনোবা কবিয়ে বাটে বাটে সিঁচা গানৰ জুই ফিৰিঙতি। কনকলতাৰ কাণত ভাহি উঠিল অগ্নিবৰষা মুক্তি মন্ত্ৰ- ‘বন্দে মাতৰম- ইনকিলাব জিন্দাবাদ’।

জাগি উঠিল কনকলতাৰ সুপ্ত স্বাধীনতাপ্ৰয়াসী মন। ১৯৪২ চনৰ ৯ আগষ্ট গণবিপ্লৱৰ সময়। ভাৰতৰ স্বাধীনতা আন্দোলনে তেতিয়া পাইছিলগৈ চৰম পৰ্যায়। এই দিনটোতে কংগ্ৰেছে গ্ৰহণ কৰিলে সেই ঐতিহাসিক সিদ্ধান্ত ‘কৰিম বা মৰিম’। এই মহামন্ত্ৰই এটা নতুন যুগৰ সূচনা কৰাৰ উপৰিও দেশবাসীৰ প্ৰাণত সঞ্চাৰ কৰিলে এক নতুন প্ৰেৰণা। চহৰতকৈ গাঁওসমূহতহে অধিক উৎসাহেৰে ডেকা-বুঢ়া, ল’ৰা-ছোৱালী, ছাত্ৰ-ছাত্ৰী সকলোৱে আন্দোলনত অকাতৰে প্ৰাণ ঢালি যোগ দিলে।

অসমৰ যি কেইগৰাকী বীৰ-বীৰাংগনাই এই আন্দোলনত অংশগ্ৰহণ কৰি প্ৰতাপী ইংৰাজৰ বিৰুদ্ধে যুঁজ দি প্ৰাণহুতি দিছিল সেইসকল বীৰ-বীৰাংগণাৰ ভিতৰত ওঠৰ বছৰ বয়সীয়া বৰঙাবাৰীৰ কনকলতা বৰুৱাও আছিল অন্যতম। দেশ মাতৃতৰ পূজাত তেজৰ আহুতি দিবলৈ মুক্তিব্ৰত লৈ তেওঁ ওলাই আহিল। নিচেই কম বয়সৰ পৰা কনকলতাৰ মনত দেশাত্মবোধৰ ভাব উজ্জীৱিত হৈ আছিল।

কংগ্ৰেছে ‘ভাৰত ত্যাগ’ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে কেন্দ্ৰীয় আৰু প্ৰাদেশিক নেতাসকলক ইংৰাজে বন্দী কৰি থলে। দৰং জিলাত আন্দোলনৰ আঁত ধৰিলে ৰূপান্তৰৰ কলাকাৰ চিৰ বিপ্লৱী জ্যোতি প্ৰসাদ আগৰৱালাই। সাম্ৰাজ্যবাদী ইংৰাজ চৰকাৰৰ প্ৰশাসনৰ প্ৰতীক থানা আৰু কাছাৰীত ছলে-বলে-কৌশলে জাতীয় পতাকা উত্তোলন কৰি আমাৰ নৈতিক বিজয় সুনিশ্চিত কৰা হওক আৰু তেনে কৰিলে বিশ্বৰ দৃষ্টিত ব্ৰিটিছৰ মৰ্যাদা হানি হ’ব, ব্ৰিটিছ অপমানিত হ’ব- জ্যোতিপ্ৰসাদৰ এই প্ৰস্তাৱটো জিলা কংগ্ৰেছত সৰ্বসন্মতিক্ৰমে গৃহীত হ’ল সেই মতে পতাকা উত্তোলনৰ ব্যৱস্থা কৰা হ’ল।

ইয়াৰ পিছত দেশৰ স্বাধীনতা আন্দোলনত নাৰী শক্তিয়েও ভাগ ল’ব লাগে বুলি জনোৱা উদাত্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই কনকলতাই সকলো কথাকে আওকাণ কৰি মৃত্যু বাহিনীত ভৰ্তি হ’ল। দিন ঠিক হ’ল ছেপ্টেম্বৰ মাহৰ কুৰি তাৰিখ। সেই দিনটোৰ প্ৰথম আৰু প্ৰধান কাৰ্যসূচী আছিল- অহিংস সেনানীয়ে হাতত ত্ৰিৰংগ পতাকা লৈ পুলিচ থানা দখল কৰিব। কাৰ্যসূচী অনুসৰি কলবাৰীৰ ফালৰ পৰা প্ৰায় চাৰি হেজাৰ আৰু বৰঙাবাৰীৰ ফালৰ পৰা প্ৰায় চাৰি হেজাৰ লোক সমদল যাত্ৰা কৰি ওলাই আহিল গহপুৰ থানা অভিমুখে।

এই জনতাৰ সমদলটোৰ আগশাৰীত আছিল ত্ৰিৰংগ পতাকা লৈ কিশোৰী অথচ চকুত জ্বলন্ত অগনিৰে বীৰাংগনা কনকলতা। গহপুৰ থানাৰ পশ্চিমফালৰ তোৰণৰ মৃত্যু বাহিনীৰ পবিত্ৰ মন্ত্ৰত দীক্ষিত হৈ মৃত্যুক জয় কৰিবলৈ উদ্যম হোৱা কনকলতাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক শান্তিপূৰ্ণভাৱে জাতীয় পতাকা তুলিবলৈ অনুমতি বিচাৰিলে। এনে সৰল মিনতিয়ে কাম নিদিয়াত আৰু বিষয়াজনে এখোজ আগবাঢ়িলেও ‘গুলী কৰা হ’ব’ বুলি ভয় দেখুৱাতে পতাকা উত্তোলন কৰিবলৈ কনকলতা বীৰদৰ্পে আগুৱাই গ’ল আৰু লগে লগে দুৰ্ধৰ্ষ পুলিচ বাহিনীৰ নিষ্ঠুৰ গুলীয়ে কনকলতাৰ কোমল বুকু থকা-সৰকা কৰি দিলে।

জাতীয় পতাকাখন হাতৰ মুঠিত লৈয়েই কৃষ্ণকান্ত বৰুৱা আৰু কৰ্ণেশ্বৰী বৰুৱাৰ দুহিতা কনকলতাই মৃত্যুই সাৱটি মাটিত ঢলি পৰিল আৰু মৃত্যুৱে কপালত সানি দিলে শহীদৰ বিজয় তিলক।

ভোগেশ্বৰী ফুকননী:

বৰহমপুৰ। নগাঁও জিলাৰ এক ঐতিহ্যমণ্ডিত অঞ্চল। সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰা বিয়াল্লিছৰ গণবিপ্লৱৰ ঢৌ অসমৰ এই অখ্যাত অঞ্চলতো বিয়পি পৰিছিল।

বৰহমপুৰবাসী ৰাইজে আগবাঢ়ি আহিল দেশমাতৃৰ মুক্তিৰ সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ। বৰহমপুৰবাসী মুক্তি সংগ্ৰামীসকলৰে এগৰাকী ভোগেশ্বৰী ফুকননী।

ভোগেশ্বৰী ফুকননীৰ জন্ম হৈছিল ১৮৮৫ চনত। স্বামী ভোগেশ্বৰ ফুকনসহ ছজন পুত্ৰ আৰু দুগৰাকী ছোৱালীৰে তেওঁৰ আছিল সংসাৰ। ১৯৪২ চনৰ ‘ভাৰত ত্যাগ’ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিল বৰহমপুৰৰ বোৱাৰী ভোগেশ্বৰী ফুকননীয়েও।

কংগ্ৰেছৰ বিভিন্ন কাৰ্যসূচীৰে বৰহমপুৰ শিবিৰ মুখাৰিত হৈ পৰিছিল। সেই সময়ত বৰহমপুৰ কংগ্ৰেছ শিবিৰ অধিকাৰ কৰি আছিল চৰকাৰী পুলিচে। ইতিমধ্যে নগাঁৱৰ পশ্চিম অঞ্চলত পুলিচ আৰু মিলিটাৰীৰ অৱৰ্ণনীয় অত্যাচাৰে চৰম সীমা পাইছিলেগৈ। অত্যাচাৰ-উৎপীড়ন নেওচি বৰহমপুৰৰ শান্তি সেনাসকলে পুলিচৰ হাতৰ পৰা এই শিবিৰ উদ্ধাৰ কৰাৰ আনন্দতে সেই অঞ্চলৰ সকলোৱে মিলি ভোজভাত খোৱাৰ আয়োজন কৰিলে। এনে কাৰ্যত পুলিচ আৰু মিলিটাৰীসকলে ব্ৰিটিছ সাম্ৰাজ্যৰ কাৰণে বিপদৰ গোন্ধ পাই শীঘ্ৰে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে কেপ্টেইন ফিনিচৰ অধীনত সেই ঠাইলৈ মিলিটাৰীৰ দল এটা পঠিয়ালে। ফলত খন্তেকতে সেই আনন্দৰ থলী কৰুণ ৰণথলীত পৰিণত হ’ল।

পুলিচ-মিলিটাৰীৰ আগমনৰ লগে লগে ‘বন্দে মাতৰম’ ধ্বনিৰে চাৰিওদিশ মুখৰিত হৈ পৰিল। ওচৰৰ গাঁৱৰ পৰা দলে-বলে মানুহ হাতত পতাকা লৈ শোভাযাত্ৰা কৰি ওলাই আহিল। দলৰ সন্মুখত হাতত ত্ৰিৰংগ পতাকা লৈ আহিল ৰত্নমালা আৰু লগতে ভোগেশ্বৰী ফুকননী। পুলিচৰ সন্মুখীন হোৱাৰ লগে লগে কেপ্টেইন ফিনিচে ষোড়ষী গাভৰু ৰত্নমালাৰ হাতৰ পৰা সজোৰে ত্ৰিৰংগ পতাকাখন কাঢ়ি অনাৰ চেষ্টা কৰিলে। টনা-আজোৰাত ৰত্নমালা মাটিত পৰি গ’ল আৰু পতাকাখন কেপ্টেইন ফিনিচে কাঢ়ি নিলে। ৰত্নমালা আৰু ত্ৰিৰংগ পতাকাৰ এনে অপমান কৰা দেখি ভোগেশ্বৰী ফুকননী উত্তেজিত হৈ পৰিল।

উত্তেজনাত তেওঁৰ হাতত থকা ৰাষ্ট্ৰীয় পতাকাখন মাৰি ডালেৰে ফিনিচ চাহাবৰ মুখত খোচ মাৰি দিলে। এনে অপমানত কেপ্টেইন ফিনিচ ক্ৰোধান্বিত হৈ ৰিভলভাৰ উলিয়াই ভোগেশ্বৰী ফুকননীৰ মূৰলৈ ওপৰাওপৰিকৈ গুলী মাৰি দিলে। তাৰিখটো আছিল ২০ ছেপ্টেম্বৰ। স্বাধীনতা আন্দোলনত অসমৰ অন্যতম মহিলা শ্বহীদ ৫৭ বছৰীয়া ভোগেশ্বৰী ফুকননীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে।

কুশল কোঁৱৰ:
বিয়ালিছৰ গাণবিপ্লৱৰ ঢৌৱে অন্যান্য অঞ্চলৰ লগতে গোলাঘাটৰ গাওঁবোৰতো খলকনি তুলিছিল। গোলাঘটতো মুক্তি প্ৰয়াসী নৰ-নাৰীসকল ওলাই আহিছিল দেশ মাতৃৰ মুক্তিৰ যুদ্ধত অংশগ্ৰহণ কৰিবলৈ। গাঁৱে গাঁৱে সংগঠিত হৈছিল মুক্তি সংগ্ৰামীৰ দল। ‘কৰিম কিম্বা মৰিম’ সংকল্প লৈ দলে-বলে ওলাই আহিছিল বৃটিছ চৰকাৰক অচল কৰি দিবলৈ, চৰকাৰী অফিচ কাছাৰী দখল কৰিবলৈ, ৰে’ল চলাচল বন্ধ কৰি দিবলৈ। কুশল কোঁৱৰো আছিল এই সকলৰে এজন।

শিৱসাগৰ জিলাৰ গোলাঘাট মহকুমাৰ অন্তৰ্গত সৰুপথাৰৰ গন্ধকৰৈ গাঁৱত কুশল কোঁৱৰৰ জন্ম। তেওঁৰ দেউতাকৰ নাম সোণাৰাম আৰু মাকৰ নাম আছিল কেৰকেৰী। শ্ৰেণীত মেধাৱী ছাত্ৰ বুলি নাম থকা কুশলে আৰ্থিক নাটনিৰ কাৰণে পাঠশালা পাছ কৰি আৰু আগুৱাব নোৱাৰিলে। ১৯২০-২১ চনৰ অসহযোগ আন্দোলনত যোগদান কৰি কংগ্ৰেছৰ এজন সাধাৰণ সেৱক হিচাপে কাম কৰি পিছলৈ তেওঁৰ সৰলতা আৰু অমায়িকতাৰ বাবে সকলোৰে মৰমৰ পাত্ৰ হৈ পৰিছিল।

উৎস:ৰাইজৰ বাতৰি

 

 

 

 

2.80701754386
monindra patowary Feb 24, 2019 11:28 AM

আমি এইখিনি কথা জানি থোৱআতো অতিকৈ জৰুৰী

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top