মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অংকীয়া নাটৰ উপাদান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অংকীয়া নাটৰ উপাদান

অসমীয়া জাতীয় জীৱনৰ চিত্ৰ অংকিত, লোকধৰ্মী, আৰু নাট্যধৰ্মী অভিনয় সম্ভূত অসমৰ একমাত্ৰ নাট্য সম্পদ হ’ল অংকীয়া নাট৷

অসমীয়া জাতীয় জীৱনৰ চিত্ৰ অংকিত, লোকধৰ্মী, আৰু নাট্যধৰ্মী অভিনয় সম্ভূত অসমৰ একমাত্ৰ নাট্য সম্পদ হ’ল অংকীয়া নাট৷ অসমৰ ধৰ্ম, ভাষা, সাহিত্য আৰু গুৰু মহাপৰুষ শংকৰদেৱৰ সৃষ্টি এই অংকীয়া নাট৷ শংকৰদেৱেই হৈছে অসমৰ নাট্য সাহিত্যৰ প্ৰথম স্ৰষ্টা৷ তাৰোপৰি পৃথিৱীৰ ভিতৰত অসমতেই সৰ্বপ্ৰথমে আঞ্চলিক ভাষাত নাটকৰ উৎপত্তি হৈছিল৷

মহাপুৰুষ শংকৰদেৱে জনসাধাৰণৰ মাজত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি কৃষ্ণ নামৰ প্ৰতি সকলোকে আকৃষ্ট কৰি সকলেৰে মন প্ৰাণ ভকতিতত নিমজ্জিত কৰিবলৈ এই অংকীয়া নাট ভাওনাকে মাধ্যম ৰূপে গ্ৰহণ কৰিছিল৷

শংকৰদেৱৰ এই নাটকসমূহত কেইবাবিধো বিশেষ উপাদান সংযোগ

শংকৰদেৱৰ এই নাটকসমূহত কেইবাবিধো বিশেষ উপাদান সংযোগ কৰি নাটসমূহক উৎকৃষ্ট মৰ্যদা প্ৰদান কৰিবলৈ সক্ষম হৈছে৷ সেই সমূহ হৈছে –

ক) প্ৰাচীন নাট্য শাস্তৰ উপাদান
খ) বিভিন্ন তীৰ্থ ভ্ৰমণৰ পৰা পোৱা উপাদান
গ) অসমৰ থলুৱাভাৱে প্ৰচলিত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমৰ উপাদান
ঘ) নিজস্ব সৃজনী প্ৰতিভা৷

এই সমগ্ৰ উপাদানবোৰত আছিল ভাওনাৰ গাম্ভীৰ্যতা, আধ্যাত্মিক চেতনা, ভক্তি ৰসৰ প্ৰাচুৰ্য আদি৷

শংকৰদেৱ বিৰচিত নাটসমূহ হল

পত্নীপ্ৰসাদ, কালীয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, শ্ৰী ৰামবিজয়৷

শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱেও গুৰুৰ আদৰ্শ আৰু লক্ষ্য আগত ৰাখি অংকীয়া নাট ৰচনা কৰিছিল৷ অৱশ্যে মাধৱদেৱৰ পাচখন নাটৰ ভিতৰত অৰ্জুন ভঞ্জনকহে নাটৰ আখ্যা দিয়া হয়৷ বাকী কেইখনক কেৱা হয় ঝুমুৰা৷ মাধৱদেৱ নিজস্ব প্ৰতিভাৰে গীত নৃত্য আৰু স্ত্ৰী চৰুত্ৰ পয়োভৰেৰে শিশু কৃষ্ণৰ নানা লীলাক সংযোজিত কৰি কেইখনমান নাট বা ঝুমুৰা ৰচনা কৰিছিল৷ সেইসমুহ হল অৰ্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গোচোৱা, ভোজন বেহাৰ, ভূমি লেটেৱা৷

এই পাচখন নাটৰ বাহিৰেও মাধৱদেৱৰ নামত কোটোৰা খেলোৱা, ব্ৰহ্মামোহন, ভূষণ হৰণ, ৰাস জুমুৰা নামৰ চাৰিখন নাট পোৱা যায়৷ কিন্তু এইকেইখন নাট মাধৱদেৱৰ নহয় বুলি পণ্ডিতসকলে সন্দেহ প্ৰকাশ কৰে৷


অংকীয়া নাটসমূহত থকা ৰাগ তালযুক্ত গীতসমূহকে অংকীয় গীত বোলা হয়৷ অংকীয়া নাটসমুহত গীতৰ প্ৰয়োভৰ ইমানেই বেছি যে ইয়াৰ সংলাপ আৰু কথাসুত্ৰখিনি পৰিহাৰ কৰিলেও অকল গীতৰ সহায়তেই নাট্য কাহিনিৰ আভাস পাব পাৰি৷

অংকীয়া নাটত পোৱা গীত

অংকীয়া নাটত সাধাৰণতে তিনি প্ৰকাৰৰ গীত পোৱা যায়৷
ক) ভতিমাযুক্ত গীত
খ) ৰাগ তালযুক্ত কাহিনিৰ আধাৰত ৰচনা কৰা গীত
গ) পয়াৰ বা স্তুতিসূচক গীত৷

ভতিমাযুক্ত গীত

নাটৰ ভতিমাযুক্ত গীতক তিনি ভাগত ভাগ কৰিব পাৰি৷ প্ৰাৰম্ভিক ভতিমা, মধ্য ভতুমা, আৰু মুক্তি মংগল ভতিমা৷ শংকৰদেৱৰ আটাইকেইখন নাটকতে এই ভটিমা পোৱা যায়৷ কিন্তু মাধৱদেৱৰ ভোজন বেহাৰ নাটতহে এটা ভতিমা পোৱা যায়৷

ৰাগ তালযুক্ত কাহিনীৰ আধাৰত ৰচনা কৰা গীত

শংকৰদেৱৰ ছয়খন নাটত মুঠ এশবিধ গীত পোৱা যায়৷ আনহাতে মাধৱদেৱৰ পাচখন নাটত পঁচিশটা গীত পোৱা যায়৷ তেওঁলোকে গীতসমূহত ব্যৱহাৰ কৰা ৰাগ সমূহ হল –

শংকৰদেৱৰ নাটৰ ৰাগ::

অহিৰ আশোৱাৰী কল্যাণ কাণাড়া
কাৰুণ্য কেদাৰ কেদাৰ কৌ গৌৰী

তুড় তুড় ভাটিয়ালী ধনশ্ৰী নাট

পূৰ্বী বসন্ত বেলোৱাৰ ভাটিয়ালী

নাট মল্লাৰ মাহুৰ মাহুৰ ধনশ্ৰী শ্যাম শ্ৰী

মাধৱদেৱৰ নাটৰ ৰাগ::

আশোৱাৰী বেলোৱাৰ কল্যাণ কাণাড়া

গৌৰী কামোদ তুড় ভাটিয়ালী বসন্ত

বড়াৰি ভাটিয়ালী শ্যাম শ্ৰী সুন্ধুৰা শ্ৰী গান্ধাৰ

ওপৰোক্ত গীতসমূহত ব্যৱহাৰ হোৱা তালসমূহ এনেধৰণৰ-

একতাল, পৰিতাল, জৌতিমান, জৌতিতাল, ধৰম জৌতি, চুতকলা, ৰূপকতাল, খৰমান আদি৷

এনেদৰেই গুৰু দুজনাই অংকীয়া নাটত ৰাগ, গীত সৃষ্টি কৰি গৈছে৷ আচলতে গুৰু দুজনাই অসমীয়া জাতীয় সংস্কৃতিৰ ভৰাল চহকী কৰি থৈ গৈছে৷

লেখক:- অৰুণাভ কুমাৰ নাথ

উৎস:- আৰম্ভণি

3.34210526316
শ্ৰী স্বৰাজ দাস। Nov 27, 2017 11:54 AM

ধন‍্যবাদ মহাশয় আপোনাৰ এই বহুমুলীয়া লেখাৰ বাবে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top