মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমত পমুৱাৰ আগমন আৰু অসমৰ নেতৃত্ব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত পমুৱাৰ আগমন আৰু অসমৰ নেতৃত্ব

অসমত পমুৱাৰ আগমন আৰু অসমৰ নেতৃত্ম্ৰ বিষয়ে লিখা হৈছে

অসমৰ সমাজ তথা ৰাজনৈতিক জীৱনত দ্বিতীয় বিশ্ব যুদ্ধই যি বিভীষিকা নমাই আনিছিল সি ভালদৰে নিৰ্বাপিত হ’বলৈ নৌপাওঁতেই আন এটা আশংকাই অসমৰ ৰাজনীতিত ক্ৰমান্বয়ে তীব্ৰ ৰূপত ভূমুকি মাৰিছিল আৰু সেয়া হ’ল পূৱ বংগৰ (বৰ্তমান বাংলাদেশ) পৰা অহা কাৰীসকলৰ অসমৰ ৰাজনীতিত ক্ৰমবৰ্ধমান ৰূপত বাঢ়ি অহা দপদপনি৷ তেনে সময়তে ১৯৪৪ চনৰ ১০ জুলাইত কংগ্ৰেছ সভাপতি ৰাজাগোপালাচাৰী আৰু মহম্মদ আলী জিন্নাৰ আলোচনামৰ্মে উত্থাপিত চি আৰ ফৰ্মূলাটোৱে অসমীয়া মানুহৰ মনৰ জ্বলা জুইকুৰা অধিক যেন জ্বলাই তুলিছিল৷ চি আৰ ফৰ্মূলাৰ দ্বিতীয় দফাটোত কোৱা হৈছিল- ‘যুদ্ধৰ শেষত এখন কমিছন পতা হ’ব, যি ভাৰতৰ উত্তৰ, পশ্চিম আৰু পূৱ অংশৰ মূছলমান সংখ্যা গৰিষ্ঠভাৱে একেলগ হৈ থকা অংশ দুটা চিনাক্ত কৰিব৷ এনেকৈ চিনাক্ত কৰি উলিওৱা এলেকা দুটাৰ প্ৰাপ্ত বয়স্ক সকলো লোকৰে ভাগ লোৱা গণভোটৰ আধাৰত বিচাৰ হ’ব ভাৰত বিভাজনৰ বিষয়টো৷ যদি সংখ্যাগৰিষ্ঠ লোকে হিন্দু:স্থানৰ পৰা বিচ্ছেদ হৈ এনে সুকীয়া সাৰ্বভৌম দেশ বিচাৰে, তেনেহ’লে সেই সিদ্ধান্তই মানি লোৱা হ’ব৷ দাঁতিকাষৰীয়া জিলাবোৰৰো অধিকাৰ থাকিব দুয়োখন দেশৰ কোনো এখনক বাছি লবলৈ৷
যি সময়ত পূৱ বংগৰ পৰা অহা হিন্দু-মূছলমান কাৰীসকলে অসমৰ খিলঞ্জীয়া লোকসকলক নিজ ভূমিতে সংখ্যালঘু কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, সেই সময়ত এনেধৰণৰ এটা ফৰ্মূলাই অসমৰ থলুৱা মানুহক সন্দিহান কৰি তোলাটো স্বাভাৱিক কথা৷ বিশেষকৈ মুছলিম লীগৰ প্ৰত্যক্ষ উচটনিত পমুৱা মুছলমানসকলে গাৰ বলেৰে অসমৰ চৰণীয়া পথাৰ আৰু পতিত মাটি দখল কৰি অঞ্চল বিশেষে সংখ্যা গৰিষ্ঠ হৈ পৰিছিল৷ গণ ভোটৰ আধাৰত নিজৰ দেশ ঠিক কৰাৰ অধিকাৰ পালে এই সকলে যে পাকিস্তানৰ পক্ষ ল’ব, সি নিশ্চিত আছিল৷ এই শংকাটোৱে অসমৰ খিলঞ্জীয়া লোক সকলৰ ভৱিষ্যৎ অনিশ্চিত কৰি তুলিছিল ৷ লাইন প্ৰথাই দিব নোৱাৰা ভূমি সুৰক্ষা, ৰাজনৈতিক উদ্দেশ্যত হোৱা ভূমি পট্টন আদি বিষয়বোৰক কেন্দ্ৰ কৰিয়েই স্বাধীনতাৰ আগৰ সময়ছোৱাৰ বছৰ কেইটাত অসমৰ ৰাজনীতি উত্তাল হৈ আছিল৷
ছাদুল্লা মন্ত্ৰীসভাই চতুৰ্থ বাৰ ক্ষমতালৈ অহাৰ ঠিক এবছৰৰ পিচতে অৰ্থাৎ ১৯৪৩ চনৰ ২৪ আগষ্টৰ দিনা মাটি পট্টন সম্পৰ্কে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷ দেখাত এই প্ৰস্তাৱটোৰ উদ্দেশ্য অধিক খাদ্য উৎপাদন কৰা আছিল যদিও কিছুমান লোকৰ মতে ইয়াৰ প্ৰকৃত কাৰণটো আছিল মুছলমান পমুৱাৰ বাবে অসমলৈ অহাৰ বাট অধিক সুচল কৰা৷ প্ৰস্তাৱটোৰ গুৰুত্বপূৰ্ণ অংশকেইটা আছিল এনেধৰণৰ –
( ১ ) নগাঁও জিলাত পতিত হৈ থকা মাটি আৱশ্যক বুজি বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত বিতৰণ কৰা আৰু সেই অৰ্থে চৰণীয়া পথাৰবোৰৰো কিছু অংশ খেতি আৰু বসতি স্থানলৈ ৰূপান্তৰ কৰা,

( ২) কামৰূপ আৰু দৰং জিলাতো প্ৰয়োজনতকৈ অধিক চৰণীয়া পথাৰ যদি আছে তেন্তে সেইবোৰো বসতিৰ কাৰণে খুলি দিয়া আৰু

(৩) শিৱসাগৰ আৰু লখিমপূৰ জিলাৰ পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত মাটিহীন থলুৱা লোকৰ বসতিৰ বাবে নতুনকৈ ঠাই উলিওৱা৷

১৯৪৩ চনত অসমলৈ অহা ভাৰতৰ বৰলাট লৰ্ড ৱাভেলে এই প্ৰস্তাৱটোৰ জৰিয়তে অসমত “অধিক মুছলমান গজোৱা” বুলি তিৰ্যক মন্তব্য দিছিল যদিও ছাদুল্লাৰ সমৰ্থনত এচামে ক’ব খোজে যে সেই সময়ত সমগ্ৰ বিশ্বতে খাদ্য সংকটে যি ভয়ানক ৰূপ ধাৰণ কৰিছিল, তাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিশ্ৰমী পমুৱা লোকসকলে খাদ্য শস্য উৎপাদনৰ কাৰণেই অসমত সোমাই পৰিছিল ৷ চিলেট অসমৰ অন্তৰ্গত আছিল, সেয়েহে ছাদুল্লাৰ বাবে সেইয়া বাধা দিয়াৰ আন উপায়ো হাতত নাছিল৷
১৯৪৪ চনৰ ১৬,১৯ ডিচেম্বৰত মহম্মদ ছাদুল্লাৰ সভাপতিত্বত এখন সৰ্বদলীয় সভা অনুষ্ঠিত হয়৷ সভাখন অনুষ্ঠিত কৰাৰ উদ্দেশ্য আছিল ভূমি বন্দৱস্তৰ ক্ষেত্ৰত এটা উপযুক্ত নীতি বাহিৰ কৰা ৷ ছাদুল্লাই এই সভাখনত ভূমি নীতিৰ ক্ষেত্ৰত মুছলিম লীগৰ স্থিতিৰ পৰা ফালৰি কাটি আহি কংগ্ৰেছৰ স্থিতিৰ প্ৰতি নিজৰ সমৰ্থন প্ৰকাশ কৰিলে৷ সভাই ভূমি বন্দৱস্তৰ ক্ষেত্ৰত নিম্নোক্ত নীতিসমূহ গ্ৰহণ কৰিলে-

( ১) থলুৱা লোকৰ বাবে পতিত মাটিৰ ৩০ শতাংশ সংৰক্ষণ কৰা৷

(২) ভূমিহীন থলুৱা আৰু ১৯৩৮ চনৰ আগতে অসমলৈ কৰা লোকসকলৰ বাবে অৱশিষ্ট পতিত মাটি পট্টন দিয়াৰ এক পৰিকল্পিত বন্দৱস্ত কৰা৷

(৩) জনজাতীয় লোকৰ বাবে গঠন কৰি দিয়া বেষ্টনীবোৰত (Belts) জনজাতীয় লোকসকল যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে এক বিশেষ সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা আৰু

(৪) চৰণীয়া পথাৰবোৰ যাতে দখলৰ পৰা মুক্ত হৈ থাকে, তাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰি অবৈধ দখল উচ্ছেদ কৰা৷

সৰ্বদলীয় সভাৰ এই সিদ্ধান্তবোৰে কংগ্ৰেছৰ কৌশলগত বিজয় সাব্যস্ত কৰিছিল যদিও সকলোৱে একমুখে প্ৰস্তাৱবোৰ সমৰ্থন কৰা নাছিল৷ কাৰীসকলক প্ৰতিনিধিত্ব কৰা দুগৰাকী অংশগ্ৰহণকাৰীয়ে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ সৰ্বদলীয় এই সভাৰ প্ৰস্তাৱবোৰ কাৰ্যকৰী কৰিবলৈ ১৯৪৫ চনৰ ১৬ জানুৱাৰীত অসম চৰকাৰে এটা নতুন প্ৰস্তাৱ গ্ৰহণ কৰে৷ এই প্ৰস্তাৱমৰ্মে গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও জিলাৰ পতিত মাটি সমূহ সকলো শ্ৰেণীৰ ভূমিহীন লোকৰ মাজত বিতৰণ কৰাৰ আঁচনি লোৱা হয়৷
“সকলো শ্ৰেণীৰ ভূমিহীন লোক” শীৰ্ষক কথাষাৰে ১৯৩৮ চনৰ আগতে অসমলৈ কৰা লোকসকলক সামৰি লৈছিল৷ এনেদৰে আবণ্টন কৰা মাটিৰ সৰ্বোচ্চ সীমা পৰিয়ালে প্ৰতি ৩০ বিঘা (১০ একৰ) নিৰ্ধাৰণ কৰি দিয়া হৈছিল৷ যদিহে উল্লিখিত জিলাকেইখনত আবণ্টন দিবলৈ পৰ্যাপ্ত মাটি নাথাকে তেনেহ’লে লখিমপুৰ মহকুমাৰ পতিত মাটিবোৰ এইসকল লোকৰ বাবে মুকলি কৰা হ’ব বুলিও সিদ্ধান্ত লোৱা হৈছিল৷ যিজন মানুহৰ হাতত পাঁচ বিঘাতকৈও কম কৃষি ভূমি থাকিব সেইজনকহে ভূমিহীন বুলি গণ্য কৰা হ’ব৷ এই ঘোষণাৰ আন গুৰুত্বপূৰ্ণ প্ৰম্ভাৱবোৰ আছিল এনেধৰণৰ-

( ১ ) জনজাতিৰ বাবে আছুতীয়া এলেকা বা বেষ্টনী গঠন কৰা হ’ব আৰু এই এলেকা বা বেষ্টনীবোৰৰ মাটিৰ পৰিমাণ জনজাতিৰ হাতত তেতিয়া পৰ্যন্ত থকা মাটিৰ পৰিমাণৰ দুণ্ডণ হ’ব ৷ ইয়াৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ জনজাতিৰ বাবে আছুতীয়াকৈ ভূমি সংৰক্ষণ কৰি ৰখা হ’ব৷

(২) ১৯৪০ চনতেই ঠিক কৰা অনুসৰি সকলো জিলাতেই অন্ততঃ শতকৰা ৩০ ভাগ মাটি ভৱিষ্যৎ প্ৰজন্মৰ বাবে ৰখা হ’ব৷
১৯8৫ চনৰ ২৮ জানুৱাৰীত গুৱাহাটীত প্ৰাদেশিক মুছলিম লীগ কাউঞ্চিলৰ এখন সভা মৌলানা আব্দুল হামিদ খানৰ সভাপতিত্বত বহে আৰু সভাই চৰকাৰে কেতিয়া কোন অসমলৈ আহিছিল সেই বিষয়ে সময়ৰ কোনো বাছ-বিচাৰ নকৰাকৈয়ে সকলো মাটিহীন কাৰীক মাটি দিয়াৰ দাবী তোলে৷ অসমীয়া সমাজ তথা কংগ্ৰেছে আপত্তি প্ৰদৰ্শন কৰি ক’লে যে প্ৰায়বোৰ থলুৱা থেতিয়কৰ হাততে পাঁচ বিঘাতকৈ অধিক মাটি আছে সেয়েহে নতুন ঘোষণা অনুসৰি তেওঁলোকক এতিয়া মাটিহীন বুলি ধৰা নহ’ব ৷ এই ঘোষণাৰ জৰিয়তে ছাদুল্লা চৰকাৰে মৈমনসিং জিলাৰ লোকক মাটি দিবৰ কাৰণে অধিক তৎপৰ হোৱা বুলি আৰু একে সময়তে জনজাতীয় এলেকা কমাই অনা তথা অসমীয়াক মাটি দিয়াৰ কথা আওকাণ কৰা বুলি কংগ্ৰেছীসকল সন্দিহান হৈ উঠিল ৷ তদুপৰি, সৰ্বদলীয় সভাৰ সিদ্ধান্তৰ বিপৰীতে এই ঘোষণাই এতিয়া তিনি বছৰতকৈ অধিক কাল অবৈধভাৱে চৰণীয়া পথাৰত খেতি কৰি থকা অবৈধ দখলকাৰীক উচ্ছেদ নকৰিবলৈ স্থানীয় বিষয়াক যথেষ্ট পৰিমাণৰ ক্ষমতা দিয়া বুলি কংগ্ৰেছী সকলে অনুভৱ কৰিছিল ৷ ইয়াৰ অৰ্থ আছিল এয়ে যে ১৯৩৭ চনৰ পিচত অসমত প্ৰবেশ কৰা কাৰীসকলে চৰণীয়া পথাৰবোৰত অবৈধভাৱে হলেও তিনি বছৰ কাল দখল ৰখা বুলি প্ৰমাণ কৰিব পাৰিলে সিবিলাকে মাটি লাভ কৰিব পাৰিব ৷ এই ঘোষণাই অসমৰ থলুৱা লোকক সকাহ দিয়াৰ সলনি অধিক বিপদতহে পেলাব পাৰে বুলি শংকা প্ৰকাশ কৰি অৱশেষত কংগ্ৰেছে এই সিদ্ধান্তক সমৰ্থন নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
ইয়াৰ আগতে অসমৰ পৰিস্থিতিৰ সবিশেষ উল্লেখ কৰি ১৪ মাৰ্চত গান্ধীজীলৈ বৰদলৈয়ে এখন দীঘলীয়া পত্ৰ প্ৰেৰণ কৰিছিল আৰু এই পত্ৰখনৰ প্ৰত্যুত্তৰত গান্ধীজীয়ে বৰদলৈক এই বিষয়ত নিজাববীয়া সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছিল ৷ ১৮ মাৰ্চত গোপীনাথ বৰদলৈ আৰু ৰোহিণী কুমাৰ চৌধুৰীয়ে যুটীয়াভাৱে এখন পত্ৰ ছাদুল্লালৈ প্ৰেৰণ কৰে, য’ত পাঁচটা প্ৰস্তাৱ সন্নিবিষ্ট কৰা হৈছিল৷ এই প্ৰস্তাৱমৰ্মে বৰদলৈ আৰু চৌধুৰীয়ে ছাদুল্লাক এখন কংগ্ৰেছ সমৰ্থিত চৰকাৰ পুনৰ গঠন কৰিবলৈ আহ্বান জনায়৷ ১৯ মাৰ্চৰ দিনাখন বৰদলৈ আৰু চৌধুৰীৰ লগত আলোচনা কৰি সিদ্ধান্তলৈ আহিবলৈ ছাদুল্লাক তেওঁৰ দলে পূৰ্ণ ক্ষমতা প্ৰদান কৰে৷ ২২ মাৰ্চত তিনিওগৰাকী নেতাই এখন চুক্তিত স্বাক্ষৰ কৰিলে আৰু চুক্তিখনে নিম্নোক্ত বিষয়সমূহ সামৰি ল’লে…

(১ ) নাগৰিক স্বাধীনতা সম্বন্ধে প্ৰস্তাৱ,

( ২) আধিপ্ৰাপ্তি আৰু যোগান,

(৩) মাটিপট্টন,

( ৪ ) লোকেল বৰ্ড সমষ্টিৰ গঠন আৰু

(৫) মন্ত্ৰী সভাৰ পুনৰ গঠন৷

চুক্তি অনুসাৰে ২৩ মাৰ্চৰ দুপৰীয়া ছাদুল্লাই মন্ত্ৰী পদ ত্যাগ কৰে আৰু নকৈ মন্ত্ৰী সভা গঠন কৰে ৷
ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হোৱাৰ পিচত অসমৰ কংগ্ৰেছীসকলে ইয়াক এক ডাঙৰ বিজয় বুলি গণ্য কৰিছিল আৰু গোপীনাথ বৰদলৈয়ে ‘এক নৱযুগৰ আৰম্ভণি’ ঘটা বুলি মুকলিভাৱে ঘোষণা কৰিছিল৷ অৱশ্যে সকলো ভবা ধৰণে নঘটিল৷ ২৭ মাৰ্চত তৈয়বুল্লাই কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে ৷ এই ত্ৰিপাক্ষিক চুক্তিৰ প্ৰতি তীব্ৰ বিষোদ্গাৰ প্ৰকাশ কৰি তৈয়বুল্লাই কয় যে কংগ্ৰেছৰ নামত বৰদলৈয়ে চৌধুৰী তথা ছাদুল্লাৰ নিচিনা দুগৰাকী যুদ্ধ সহযোগীৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ কোনো নৈতিক অধিকাৰ নাই ৷ তৈয়বুল্লাই বৰদলৈৰ বিৰুদ্ধে নেহৰু আৰু কালাম আজাদৰ ওচৰতো গোচৰ তৰিলেগৈ ৷ তেওঁ বিষয়টো বিচাৰৰ কাৰণে অসম প্ৰাদেশিক কংগ্ৰেছৰ পূৰ্ণ অধিবেশন এখন পতাৰ অনুমতি বিচাৰিলে ৷ অৱশ্যে জৱাহৰলাল নেহৰু আৰু আব্দুল কালাম আজাদে তৈয়বুল্লাৰ এই অভিযোগক বিশেষ গুৰুত্ব সহকাৰে গ্ৰহণ নকৰিলে ৷
১৯৪৫ চনৰ মাৰ্চৰ ত্ৰিপাক্ষিক চুক্তিখন এক অৰ্থত অসমত বিৰাজ কৰা আতংক আৰু নিৰাপত্তাহীন অৱস্থাটোক নীৰসন কৰাৰ এক প্ৰতিশ্ৰুতি স্বৰূপ আছিল বুলি ক’ব পাৰি৷ এই চুক্তিখনৰ জৰিয়তে বৰদলৈয়ে তেওঁ দেখা প্ৰদেশখনৰ তেতিয়াৰ আটাইবোৰ প্ৰধান সমস্যা, যেনে ১৯৪৫ চনৰ জানুৱাৰীৰ মাটি পট্টন সম্পৰ্কীয় ঘোষণা, খাদ্য যোগান, আধিপ্ৰাপ্তিৰ সমস্যা, ৰাজনৈতিক বন্দীৰ মুক্তি আৰু নাগৰিক স্বাধীনতা, লোকেল বৰ্ডৰ আসন বিতৰণ আদি বিষয়ত ছাদুল্লাৰ পৰা তেওঁ বিচৰা ধৰণে প্ৰতিশ্ৰুতি পালে৷ ইয়াৰ বিনিময়ত ছাদুল্লাই লাভ কৰিলে তেওঁৰ এখন নতুন মন্ত্ৰীসভা আৰু সংসদীয় ৰাজনীতিৰ এক অনুকূল পৰিবেশ ৷
কিন্তু ত্ৰিপাক্ষিক চুক্তিয়ে ভৱা ধৰণে এটা কামো কাৰ্যকৰী কৰিব নোৱাৰিলে৷ কংগ্ৰেছৰ অভ্যন্তৰত চুক্তিখনক লৈ হোৱা অসন্তুষ্টি, চুক্তিখনক লৈ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটীৰ সভাপতি তৈয়বুল্লাৰ বিৰূপ মনোভাৱ আদিয়েও বৰদলৈৰ মনত ভালেমান নেতিবাচক মনোভাৱৰ জন্ম দিছিল৷
ইপিনে কংগ্ৰেছৰ লেখীয়াকৈ মুছলিম লীগৰ বৰমূৰীয়াসকল ত্ৰিপাক্ষিক চুক্তিৰ মাটিৰ পট্টন বিষয়ক লৈ জ্বলি-পকি উঠিছিল৷ লীগৰ কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডৰ পৰা ছাদুল্লালৈ উপদেশ আহিল যে মহম্মদ আলী জিন্নাৰ লগত আলোচনা নকৰাকৈ চুক্তিখন কাৰ্যকৰী কৰাটো উচিত নহ’ব ৷ তেওঁলোকে চূক্তিখনৰ সংশোধনীৰ বাবেও প্ৰস্তাৱ ৰাখিলে ৷ ২৮ জুলাইত ছাদুল্লাই ৰাজহ মন্ত্ৰী ৰোহিণী কুমাৰ চৌধুৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰি প্ৰস্তাৱিত সংশোধনীৰ বিষয়ে উল্লেখ কৰিলে৷ এই সংশোধনীৰ সাৰমৰ্ম আছিল এয়ে যে যিসকল কাৰীয়ে ইতিমধ্যে এবাৰ বীজ সিঁচিছে তেওঁলোকক ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিয়াৰ সময় বিবেচনা নকৰি মাটি পট্টন দিব লাগে৷ ২৮ জুলাইত ৰোহিণী কুমাৰ চৌধুৰীয়ে এই চিঠিখন অসম প্ৰাদেশিক কংগ্ৰেছ কমিটীৰ হাতত অৰ্পণ কৰে ৷
এই চিঠিখন পোৱাৰ পিচত কংগ্ৰেছ আৰু ছাদুল্লা মন্থীসভাৰ মাজত বিৰোধ তীব্ৰতৰ হৈ উঠে ৷ অৱশেষত ত্ৰিপাক্ষিক চুক্তি কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত বৰদলৈয়ে ছাদুল্লা মন্ত্ৰী সভাৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে আৰু ১৯৪৫ চনৰ ১ অক্টোবৰত মন্ত্ৰী সভা ভংগ কৰি দিয়া হয়৷ অৱশ্যে ১৯৪৬ চনৰ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনলৈ তত্ত্বাৱধায়ক চৰকাৰখনৰ মুৰব্বীৰ ভাৰ চলাই নিবলৈ ছাদুল্লাক অনুমতি প্ৰদান কৰা হয় ৷

 

উৎস-সাহিত্য ডট অৰ্গ,লেখক-তুলতুল কুটুম

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top