অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থেকেৰা টেঙাৰ সৈতে মাছৰ জোল

থেকেৰা টেঙাৰ সৈতে মাছৰ জোল

উপকৰণ

  • মাছ ২৫০ গ্ৰাম।
  • মিঠাতেল এক টেবুল চামোচ
  • থেকেৰা টেঙা ৫-৬ ফোটা
  • দুটা সিজোৱা আলু
  • পিঁয়াজ এটা
  • বগা সৰিয়হ অলপমান
  • পিঠাগুড়ি/ আটা এক টেবুল চামোচ
  • সোৱাদ অনুসৰি নিমখ আৰু হালধি

প্ৰণালী

প্ৰথমতে, থেকেৰা কেইফোটা এবাতি পানীত তিয়াই ৰাখক। নিমখ আৰু হালধি সানি লৈ মাছকেইডোখৰ গৰম তেলত ভাজি লওক। মাছখিনি কেৰাহীৰ পৰা নমাই সেই তেলতে কাটি থোৱা পিঁয়াজ আৰু বগা সৰিয়হ অলপমান দি ৰঙচুৱা হোৱালৈ ভাজক। তাৰ পিছত সিজাই থোৱা আলু দুটা পিতিকি লৈ ৰঙচুৱা হোৱা পিয়াজখিনিত আলুখিনি দি একেলগে ভাজক। অলপ ভজা গ’লে তিয়াই থোৱা থেকেৰাকেইফোটা  আৰু আটাখিনি এবাতি পানীত ভালদৰে মিহলাই সেই মিশ্ৰণটো কেৰাহীত দি  উতলিবলৈ দিয়ক। এতিয়া তাত হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি ঢাকোন মাৰি থৈ দিয়ক। আঞ্জাখিনি ভালকৈ উতলাৰ পিছত তাত মাছকেইডোখৰ দি আৰু অলপ সময় উতলিবলৈ দিয়ক। সাত মিনিটমান ভালকৈ উতলাৰ পাছত আঞ্জাখন নমাই থওক আৰু ভাতৰ লগত পৰিবেশন কৰক।

গীতাশ্ৰী

 

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate