মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া বেলাড বা মালিতাঃ এটি চমু অৱলোকন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া বেলাড বা মালিতাঃ এটি চমু অৱলোকন

অসমীয়া বেলাড বা মালিতাঃ এটি চমু অৱলোকন

এক / অনাখৰী, অনামীৰ অমূল্য সৃষ্টি….

মানুহৰ মুখে মুখে বাগৰি অহা বহু পুৰণি কোনো অনামী কবিৰ অমূল্য সৃষ্টি গীত-পদবোৰক মৌখিক সাহিত্য বুলি অভিহিত কৰা হৈছে। অন্যহাতেদি এটা জাতিৰ যি অতীত জীৱন, সেয়া উত্তৰ পুৰুষে জানিব পৰাৰ অন্যতম উপায় হ’ল সেই জাতিটোৰ বিভিন্ন ধৰ্মীয় আচাৰ-বিচাৰ, লোক-বিশ্বাস, ধৰ্মি-নীতি আদিৰ অধ্যয়ন। ইয়াৰ লগতে সেই জাতিটোৰ জন-সাহিত্য (যাক ইংৰাজীত Folk literature বুলি কোৱা হয়) অধ্যয়ন কৰিও বহুখিনি কথা জানিব পাৰি।

যুগ যুগ ধৰি মানুহৰ মুখে মুখে চলি অহা গীতপদ, ফকৰা যোজনা, সাঁথৰ, মালিতা (Ballad), সাধুকথা আদিয়েই হ’ল এটা জাতিৰ লোক সাহিত্য বা জন-সাহিত্য। যি লোক সাহিত্যৰ মূল চালিকা শক্তি হ’ল স্মৃতি। বিশিষ্ট লেখক শশী শৰ্মাদেৱে “অসমৰ লোকসাহিত্য” গ্ৰন্থত উল্লেখ কৰিছে যে – লোকসাহিত্যৰ মাজেদি লোক বিশ্বাস, সংস্কাৰ, আচাৰ অনুষ্ঠান, সৰলতা-দূৰ্বলতা, শোষণ-নীপিড়ন আদিৰ আভাষ পোৱা যায়। শ্ৰমকাৰী মানুহৰ গীত-মাত, ফকৰা যোজনা ইতিকথা (legends) আদিক বোলা হয় লোক-সাহিত্য।

দুই / লোক সাহিত্যৰ সুগন্ধি সুবাস:

অসমীয়া লোক সাহিত্যৰ ভঁৰাল অতি চহকী। পাহৰণিৰ গৰ্ভৰ পৰা সেইবোৰ বুটলি আনি ডিম্বেশ্বৰ নেওগ, বিৰিঞ্চি কুমাৰ বৰুৱা, ড° প্ৰফুল্লদত্ত গোস্বামী, হেমন্ত কুমাৰ শৰ্মা, লীলা গগৈ, ড° নবীন চন্দ্ৰ শৰ্মা আদিৰ দৰে বিশিষ্ট গৱেষক পণ্ডিতসকলে অসমীয়া লোক সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাই নহয় – উত্তৰ পুৰুষৰ বাবেও ৰাখি থৈছে এক উজ্জ্বল চানেকি। অধ্যাপক লীলা গগৈদেৱে তেখেতৰ “অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা” নামৰ গ্ৰন্থত সেয়ে উল্লেখ কৰিছে-  “অসমীয়া লোক সাহিত্য অসমীয় সাহিত্যৰ ভঁৰালত মাণিকী মধুৰী জহা হৈ খুন্দ খাই আছে। ইয়াত আছে সুগন্ধি-সুবাস, তৃপ্তি আৰু মাধুৰিমা।” হয় যিমানেই লোক সাহিত্যৰ ভিতৰলৈ সোমাই সেইবোৰ অধ্যয়ন কৰিবলৈ লৈছোঁ, সিমানেই মনটো পুলকিত হৈছে – সেই অনাখৰী কবি-সাহিত্যিক সকলৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁ খাই পৰিছে। আঃ কি সুন্দৰ সৃষ্টি!!

গৱেষক-পণ্ডিত সকলে দেখুৱাই দিছে যে গদ্যতকৈ পদ্যৰ সৃষ্টি আগতে হৈছে। আমি জানো যে আদিম যুগত লিপিৰ আৱিষ্কাৰ হোৱা নাছিল। সেয়ে সকলো সৃষ্টিয়েই আছিল মৌখিক ৰূপত। মুখে মুখে ৰচনা কৰা গীত-পদবোৰ আৰু সেইবোৰৰ লয়, ছন্দ, সুৰ মানুহৰ স্মৃতিৰ মণিকোঠাত সঞ্চিত হৈ থাকি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ বাগৰি আহিছিল। মুখে মুখে সময়ৰ অগ্ৰগতিৰ লগে লগে সাধুকথা, কিংবদন্তি আদিৰ সৃষ্টি হ’ল আৰু সেইবোৰ কথিত গদ্যৰ ৰূপত প্ৰৱাহমান হৈ থাকিল।

 

তিনি / মন্ত্ৰৰ পৰা মালিতালৈ…

লোক সাহিত্যৰ এক অন্যতম ঠাল হ’ল মন্ত্ৰ সাহিত্য। পদ্যধৰ্মী মন্ত্ৰ সাহিত্য লোক সাহিত্যৰ এক অমূল্য সম্পদ। সম্ভৱতঃ মন্ত্ৰ সাহিত্যই লোক সাহিত্যৰ আটাইতকৈ পুৰণি সম্পদ। মন্ত্ৰ সাহিত্যৰ বিষয়ে অধ্যয়ন কৰি অধ্যাপক লীলা গগৈদেৱে কৈছে যে- মানুহৰ জাগতিক জীৱনত প্ৰয়োজনীয় সকলো বিষয়ৰেই মন্ত্ৰৰ প্ৰচলন আছে। ৰোগ-ব্যাধি নিৰাকৰণ, ভূত-প্ৰেত দূৰীকৰণ, বশীকৰণ, সন্মোহন, সৌভাগ্যকৰণ, ধন-ধান্য বৃদ্ধিকৰণ, শত্ৰু ক্ষয়কৰণ আদি সকলো বিষয় মন্ত্ৰপুথিত পোৱা যায়।

যি কি নহওক, অসমীয়া লোক সাহিত্যৰ মন্ত্ৰৰ পৰা মালিতালৈ যি মহাযাত্ৰা সেয়া ইয়াত আলোচনা কৰাটো সম্ভৱ নহয়। তথাপিও অসমীয়া মালিতা সম্পৰ্কে কিছু কথা আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ।

‘মালা’ শব্দৰ পৰাই ‘মালিতা’ শব্দৰ সৃষ্টি বুলি কোৱা হয়। মালিতা (Ballad) বোৰ অসমীয়া লোকগীতৰ এক অন্যতম সম্পদ। অধ্যাপক হেমন্ত কুমাৰ শৰ্মাই তেখেতৰ “অসমীয়া লোকগীতি সঞ্চয়ন” গ্ৰন্থত উল্লেখ কৰিছে যে-“অসমীয়া লোকগীত অতি সমৃদ্ধিশালী। সাহিত্যিক সৌন্দৰ্য্য আৰু আনন্দ প্ৰদানৰ উপৰি এই গীতবোৰে জনসাধাৰণৰ জন্মৰ পৰা মৃত্যুলৈকে পালিত বিভিন্ন ধৰ্ম কাৰ্য আৰু আচাৰ অনুষ্ঠানৰ লগত নিবিড় সম্বন্ধ স্থাপন কৰি আহিছে।”

সমৃদ্ধিশালী অসমীয়া লোকগীতৰ বহল পথাৰখনত মালিতা বা আখ্যানমূলক বা কাহিনী গীতসমূহৰ এক বিশেষ স্থান আছে। অসমীয়া মালিতাক বঙালীত “গাথা” বোলা হয়। গীতিধৰ্মিতাই মালিতাৰ প্ৰাথমিক লক্ষণ যদিও প্ৰতিটো মালিতাৰে এক নিজস্ব কাহিনী থাকে।

মালিতা সমূহৰ ভাষা অতি প্ৰাণস্পৰ্শী। তলত উল্লেখ কৰা মালিতাটোৰ ভাষা লক্ষ্য কৰিব-

হাবিত কান্দিলে           হঁয়কলী চৰায়ে

চিটিকাৰ মুখলৈ চাই,

জেৰেঙা পথাৰত          কান্দে জয়মতী

চাওডাঙৰ মুখলৈ চাই।

চিউ বুলি চিলনী          লনী সুৰে মাতিলে

কাউ বুলি উৰিলে কোৱা,

জয়মতী কুঁৱৰীৰ          অৱস্থা শুনিলে

নেদেখা ৰাজ্যলৈ যোৱা” (জয়মতী কুঁৱৰীৰ মালিতা)

মালিতা বা আখ্যানমূলক গীতত বৰ্ণনা কৰা আখ্যান সমূহ বুৰঞ্জীৰ পৰা সংগ্ৰহ কৰা আৰু কিছুমান আখ্যান কাল্পনিক বা কিংবদন্তিমূলক। অধ্যাপক হেমন্ত কুমাৰ শৰ্মাই উল্লেখ কৰা মতে- মালিতাত দেশৰ অতীত কাহিনী আৰু দুঃসাহসিক বা অতিপ্ৰাকৃত ঘটনাৰ সমাৱেশ দেখা যায়। কিন্তু কাৰুণ্যই এই গীতৰ প্ৰধান সুৰ। মালিতাৰ ৰচনাৰীতি সৰল, পোনপটীয়া আৰু কেতিয়াবা নাটকীয় ঠাঁচৰ হয়।

কাৰুণ্যক কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে তাৰ এটি আভাস এনে ধৰণৰ-

চালত মলঙিলে           ছালেদৈ কোমোৰা

টেকেলীত মলঙিলে লোণ

মাটিত মলঙিলে          মণিৰাম দেৱান ঐ

নেকান্দি থাকিব কোন? (মণিৰাম দেৱানৰ গীত)

মালিতা সমূহক বিষয়বস্তুৰ ফালৰ পৰা দুটা ভাগত ভাগ কৰা হৈছে। ক) বুৰঞ্জীমূলক আৰু খ) পৌৰাণিক কাহিনী মূলক।

বুৰঞ্জীমূলক গীতসমূহৰ ভিতৰত নাহৰৰ গীত, চিকণ সৰিয়হৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত ইত্যাদি বিখ্যাত আৰু প্ৰচলিত। একেদৰে পৌৰাণিক মালিতাসমূহৰ ভিতৰত মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত, বীৰোৰজাৰ গীত, বাৰমাহীৰ গীত। মধুমতীৰ গীত ইত্যাদি উল্লেখযোগ্য।

দেখা যায় যে বেছিভাগ মালিতাৰে ভাষা-বিহুনামৰ লগত মিলে। মালিতাবোৰ যিহেতু এটা সময়ত মানুহে গাইছিল সেইবাবে ইয়াৰ চৰ্চাও হৈছিল। কিন্তু আজিকালি সংগীতৰ জগতখন আধুনিক গীতে গ্ৰাস কৰাৰ ফলত আমাৰ সংস্কৃতিৰ এটা উল্লেখনীয় অংগ যেন কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হৈছে। সময় থাকোতে সকলোখিনি মালিতা ভাল শিল্পীৰ দ্বাৰা বাণীৱদ্ধ কৰাৰ ব্যৱস্থা কৰিব নোৱাৰিনে?

 

প্ৰসংগ পুথি:

১/ অসমীয়া সাহিত্যৰ ৰূপৰেখা – ড° লীলা গগৈ

২/ অসমীয়া লোকগীতি সঞ্চয়ন – ড° হেমন্ত কুমাৰ শৰ্মা

অনন্ত মোহন শৰ্মা

3.16279069767
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top