মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া ভাষাটো সৰলীকৰণৰ বিষয়ে দুআষাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া ভাষাটো সৰলীকৰণৰ বিষয়ে দুআষাৰ

অসমীয়া ভাষাটো সৰলীকৰণৰ বিষয়ে দুআষাৰৰ বিষয়ে লিখা হৈছে ।

 

আজিৰ সমাজত এচাম অসমীয়াই অসমীয়া ভাষাটো সৰলীকৰণৰ কথা চিন্তা কৰি অসমীয়া ভাষাটোৰ কিছু সাল-সলনি কৰিছে। সেইখিনি কিমান যুক্তিসংগত আৰু আৱশ্যকীয় সেই কথা চিন্তা কৰাৰ প্ৰয়োজনীয়তা আজি আহি পৰিছে।

অসমীয়া ভাষাৰ কিছুমান বৰ্ণ -

সৰলীকৰণৰ নামত অসমীয়া ভাষাৰ কিছুমান বৰ্ণ যেনে: শ, ষ, স-ক মিলাই এটা ‘স’ কৰিব বিচৰা হৈছে। ঠিক সেইদৰে, ণ, ন; ট, ত; ঠ, থ; ড, দ আদিকো এটা কৰিবলৈ বিচৰা হৈছে। কাৰণ তাৰ উচ্চৰণবিলাকৰো আমাৰ অসমীয়া ভাষাত কোনো পাৰ্থক্য নাই। এইখিনিতে এটা কথা চিন্তা কৰা প্ৰয়োজন। বৰ্ণবিলাকৰ প্ৰকৃততে ভাষা এটাত প্ৰয়োজনীয়তা কি?

আমি ভাবোঁ, বৰ্ণবিলাক ব্যৱহাৰ কৰা হয় ভাষাটোৰ লিখিত ৰূপত। কথিত ভাষাত বৰ্ণৰ প্ৰয়োজনীয়তা বৰ বেছি বুলি ভাবিব নোৱাৰি। উচ্চাৰণটো হৈছে প্ৰধানকৈ কথিত ভাষাৰ অংগ।

গতিকে বৰ্ণৰ প্ৰয়োজনীয়তা উচ্চাৰণতকৈ বেছি বৰ্ণৰ সহায়ত লিখা শব্দৰ অৰ্থত গুৰুত্ব দি নিৰ্দ্ধাৰণ কৰাটোহে বেছি সমীচিন হ’ব বুলি ভবা হয়। শাপ, সাপ; হাট, হাত আদি শব্দবোৰৰ অৰ্থ হয়তো অসমীয়া জনা প্ৰতিজন অসমীয়াই বুজি পাব।

ইয়াতে বৰ্ণ অৰ্থাৎ alphabet-ৰ উচ্চাৰণৰ সৈতে কিমান সম্বন্ধ আছে বা থাকে সেই কথা আজিৰ পৃথিৱীৰ সবাতোকৈ বেছি প্ৰচলিত ইংৰাজী ভাষাৰ দুটামান শব্দ জুকিয়াই চালেই পোৱা যাব। উদাহৰণস্বৰূপে, put/but, chemistry/charger ইত্যাদিৰ উচ্চাৰণ আৰু বানান ইংৰাজী ভাষাৰ ন্যূনতম জ্ঞান থকা সকলোৰে জ্ঞাত।

সংস্কৃত ভাষাৰ মূলৰ পৰা উৎপত্তি হোৱা ভাষাবিলাকৰ অৱশ্যে বৰ্ণ আৰু উচ্চাৰণৰ ইমান বিভেদ নাই। তথাপিতো আমাৰ ভাব হয় বৰ্ণৰ ক্ষেত্ৰত উচ্চাৰণক অৰ্থৰ ওপৰত স্থান দিব নোৱাৰি। আমাৰ অসমীয়া ভাষাটো মূল সংস্কৃত ভাষাৰ পৰা উদ্ভৱ হোৱা। সংস্কৃত আৰু সেই মূলৰ অন্য কিছু ভাষাত শ, ষ, স অথবা ণ, ন; ট, ত; ঠ, থ; ড, দ আদিৰ উচ্চাৰণৰ আজিও বিভেদ আছে।

অৱশ্যে উচ্চাৰণৰ সেই বিভেদ আমাৰ অসমীয়া ভাষাত নাই সেইটো সঁচা; তথাপিতো আমি যদি অসমীয়া ভাষাৰ ওজা হেম বৰুৱাদেৱ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দৰে নৱ অসমীয়া ভাষাৰ জনকসকলক উলাই কৰি আমাৰ ভাষাটোৰ ঘাই শিপা অৰ্থাৎ সংস্কৃত মূলৰ পৰা আঁতৰাই আনিব বিচাৰোঁ তেন্তে হয়তো ই ভাষাৰ উন্নতি নহয়, অৱনতিহে আনিব। শিপাৰ পৰা বিচ্ছিন্ন হৈ গছ-গছনি বা ভাষাই নহয় কোনো জাতিয়ে উন্নতি নকৰে; বৰং দুৰ্বল হৈ মৃত্যুৰ মুখতহে পৰে। আজি যেতিয়া UNESCO-ৰ মতে প্ৰতি দুসপ্তাহত এটাকৈ ভাষাৰ মৃত্যু হয় বা National Geographic নামৰ আলোচনীখনৰ মতে একৈশ শতিকাৰ শেষলৈ পৃথিৱীৰ প্ৰায় সাতহেজাৰ ভাষাৰ ভিতৰত প্ৰায় আধা ভাষাই বিলুপ্ত হৈ যাব, তেনে ক্ষণত আমাৰ অসমীয়া ভাষাটোক লৈ সৰলীকৰণৰ এনে পৰীক্ষণ কৰাটো কিমান সমীচিন হ’ব অসমৰ বিজ্ঞসকলে সেইটো বিচাৰ কৰি চোৱা দৰকাৰ হৈছে।

এই সৰলীকৰণ প্ৰক্ৰিয়া প্ৰকৃততে আৰম্ভ হৈছিল ঊনবিংশ শতিকাৰ প্ৰথম ভাগতে। আৰম্ভ কৰিছিল সেই সময়ৰ অসমৰ এগৰাকী বিদগ্ধ পণ্ডিত আৰু আজিৰ নৱ-প্ৰজন্মৰ অপৰিচিত যাদুৰাম ডেকাবৰুৱাই। কিন্তু তেখেতৰ উদ্দেশ্য আছিল সম্পূৰ্ণ বেলেগ। সেই উদ্দেশ্য ভাষা সৰলীকৰণ নাছিল, আছিল আমেৰিকান মিশ্যনেৰীসকলক অসমীয়া ভাষা শিকোৱাহে।

সেই উদ্দেশ্যে যাদুৰাম ডেকাবৰুৱাদেৱে বহুতো শব্দ সংগ্ৰহ কৰি তাৰ অৰ্থৰ সৈতে এখন অভিধান লিখি উলিয়াইছিল, যিখন অভিধান পাদ্ৰী ব্ৰন্সন চাহাবে প্ৰথম অসমীয়া অভিধান হিচাপে প্ৰকাশ কৰি উলিয়াইছিল। তাৰ পাণ্ডুলিপিটো যদিও লণ্ডনৰ যাদুঘৰত আছে বুলি ভবা হৈছিল সেই পাণ্ডুলিপি তাত জনৈক অসমীয়া ভাষাপ্ৰেমী মানুহে বিচাৰি চাওঁতে বিচাৰি পোৱা নগ’ল বুলি যাদুৰাম ডেকাবৰুৱাদেৱৰ বংশজ শ্ৰীযুত দেৱকমল বৰুৱাদেৱক জনায়।

গতিকে তাৰ পাণ্ডুলিপিটো প্ৰকৃততে বৰ্তমান ক’ত আছে সঠিককৈ ক’ব পৰা নাযায়। সেইসময়ত হয়তো চাহাবক অসমীয়া শিকাবলৈ এটা সহজ-সৰল পদ্ধতিৰ দৰকাৰ হৈছিল আৰু সেয়েহে যাদুৰাম ডেকাবৰুৱা ডাঙৰীয়াই সেই কথা উপলব্ধি কৰি সেই পথ অৱলম্বন কৰিছিল। সেই মহান ব্যক্তিজনৰ ওপৰত মাত মতাৰ আমাৰ ধৃষ্টতাও নাই, অধিকাৰো নাই। পৰিস্থিতি চাই উপায় অৱলম্বন কৰাটোৱে বুদ্ধিমানৰ কাম আৰু তেখেতে হয়তো তাকেই অৱলম্বন কৰিছিল। তথাপিও ভাষাৰ ওজা হেম বৰুৱাদেৱে ‘হেমকোষ’ৰ পাতনিত এইদৰে লিখে, “১৭৮১ শকত এই লেখকে এখন ব্যাকৰণ ৰচনা কৰাত আমেৰিকাৰ মিস্যনেৰিবিলাকে তাক ছপাই প্ৰকাশ কৰে। সি এতিয়া তৃতীয় তাঙ্গৰণত সোমাইছে।

তাৰপাছত আন কোনো কোনো লোকেও ব্যাকৰণ ৰচি প্ৰচাৰিত কৰাত তাৰ অভাৱ কথাঞ্চিৎ দূৰ হৈছে। কিন্তু আমাৰ ভাষাৰ অভিধান মুঠেই নাই বুলিলেও গোটেই মিছা কোৱা নহয়; কিয়নো যদিও শিৱসাগৰৰ মিস্যনেৰিবিলাকে এই ভাষাৰ এখান অভিধান যুগুত কৰিবলৈ বিস্তাৰ দিন যত্ন কৰি বহু শব্দ গোটাই ১৮৬৭ খ্ৰীষ্টিয়ান শকত পাদ্ৰি ব্ৰন্সন্ চাহাবে তাক সমাপ্ত কৰি ছপালে। কিন্তু তাৰ বৰ্ণবিণ্যাস সমূলি অশুদ্ধ আৰু অৰ্থৰ কথাতো সি যেনে হ’ব লাগে তেনে নোহোৱা হেতু অসমীয়া শিকোঁতাবিলাকৰ তাৰ পৰা একো উপকাৰ হোৱা নাই আৰু নহয়ও।”

আজিৰ সমাজত ‘হেমকোষ’কেই নৱ-অসমীয়া ভাষাৰ মূল ভেটি হিচাপে লোৱা হয়। আমাৰ নৱ-প্ৰজন্মক অসমীয়া ভাষাটো শিকাবৰ কাৰণে ভাষাটো সৰলীকৰণ কৰাৰ কিবা প্ৰয়োজন বা যুক্তি আছে বুলি আমাৰ ভাব নহয়।

ইতিমধ্যে অসমীয়া সমাজে মানি লোৱা আৰু অসমীয়া অভিধানত স্থান পোৱা কিছু সৰলীকৰণতো আমাৰ আপত্তি আছে। সৰলীকৰণৰ নামত অসমীয়া ভাষাৰ অভিন্ন অঙ্গস্ৱৰূপ যুক্তাক্ষৰবিলাক আঁতৰাই দিও আমাৰ অসমীয়া বুদ্ধিজীৱিসকলে ভাষাটোৰ বহুতো ক্ষতি সাধন কৰিছে যেন বোধ হয়। আমি বহুতো ভাষা নাজানো। কিন্তু যি দুই-চাৰিটাৰ ন্যূনতম জ্ঞান আমাৰ আছে তাৰ ভিতৰত হয়তো অসমীয়া ভাষাটোৱে আটাইতকৈ কোমল আৰু সৰল ভাষা। অসমীয়া ভাষাৰ উচ্চাৰণৰ কোমলতাটোৱে ইয়াৰ বৈশিষ্ট্য। যুক্তাক্ষৰবিলাক আঁতৰাই দি ভাষাবিদসকলে অসমীয়া ভাষাৰ উচ্চাৰণৰ কোমলতাখিনি বহু পৰিমাণে হ্ৰাস কৰি পেলাইছে। ‘অঙ্ক’ আৰু ‘অংক’-ৰ উচ্চাৰণৰ বা ‘প্ৰহ্লাদ’ বা ‘প্ৰহ্‌লাদ’-ৰ উচ্চাৰণৰ মিল থাকিব পাৰে কিন্তু কেতিয়াও সম্পূৰ্ণ একে হ’ব নোৱাৰে। ‘ৰঞ্জিত’ আৰু ‘ৰণজিৎ’ শব্দ দুটাৰ উচ্চাৰণ প্ৰায় একে যদিও দুয়োটাৰে অৰ্থ সম্পূৰ্ণ বেলেগ। নতুন বানানবিলাক সাজোঁতে আমাৰ সমাজত এটা ধাৰণা দিয়া হৈছিল যে যুক্তাক্ষৰবিলাক কম্পিউটাৰত লিখিব নোৱাৰাৰ কাৰণেহে এই সাল-সলনিৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই কথা কিন্তু সম্পূৰ্ণ অনৰ্থক আৰু ভিত্তিহীন।

আজিৰ সময়ত প্ৰত্যেকটো যুক্তাক্ষৰকে কম্পিউটাৰত লিখিব পাৰি। যদিওবা সেইসময়ৰ কম্পিউটাৰত যুক্তাক্ষৰবিলাক  লিখাৰ সুবিধা নাছিল, তেন্তে ভাষাৰ সাল-সলনি কৰাতকৈ কম্পিউটাৰত যুক্তাক্ষৰ লিখাৰ উপায়ৰ সন্ধান কৰাটোহে বেছি সমীচিন হ’লহেঁতেন বুলি আমাৰ ভাব হয়। আমি নিৰ্বিবাদে স্বীকাৰ কৰোঁ যে সময়ৰ সৈতে সাল-সলনি নোহোৱাকৈ কোনো ভাষা জীয়াই থকাটো সম্ভৱ নহয়। ভাষাত নতুন শব্দৰ আগমন হ’বই। কিছু সাল-সলনিও কৰিব লাগিব। আমাৰ অসমীয়া ভাষাও শ্ৰীমন্ত শংকৰগুৰুৰ দিনৰ পৰা এতিয়ালৈ বহু সলনি হৈছে। ইংৰাজী ভাষাও ছেক্সপীয়েৰৰ দিনৰ পৰা আজিলৈ বহু সলনি হৈছে। ইংৰাজীতো বহুত নতুন শব্দৰ আগমন হৈছে আৰু সেয়েহে ভাষাটোৰো বহুত উন্নতিও হৈছে। আমাৰ ভাষাতো পূৰ্বতে নথকা নতুন শব্দৰ সংযোজন কৰিব লাগিব। কিন্তু ইতিমধ্যে থকা শব্দৰ প্ৰতিশব্দ অন্য ভাষাৰ পৰা ধাৰ কৰি সংযোজন কৰি ল’লে ভাষাটোৰ উন্নতিতকৈ অৱনতিহে বেছি হয় বুলি ভাব হয়। ভাষাৰ মূল ভেটিটোত হাত নিদিয়াকৈ ভাষাটোৰ সাল-সলনি কৰিবলৈ আপত্তি কৰিবলগীয়া কিবা আছে বুলি আমি নাভাবোঁ। কিন্তু সৰলীকৰণৰ নামত বৰ্ণমালাৰ পৰা বৰ্ণ কৰ্তন কৰাটো বা যুক্তাক্ষৰবিলাক আঁতৰাই দিয়াটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ইংৰাজী ভাষাত আমাৰ আজোককাৰ দিনতো শুনা মতে ২৬টা বৰ্ণই আছিল। আমাৰ নাতি-পুতিসকলেও যাতে এনে কথাই আমাৰ চিৰচেনেহী ভাষাটোৰ বিষয়ে ক’ব পাৰে সেয়ে আমাৰ কাম্য।

হেমকোষ -

আমাৰ ভাষাৰ ভেটিস্বৰূপ ‘হেমকোষ’খনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে বিজ্ঞজনে ২য় তাঙ্গৰণৰ সম্পাদনাৰ ক্ষেত্ৰত তেতিয়াৰ সম্পাদক আনন্দৰাম বৰুৱাদেৱলৈ লিখি থৈ গৈছে—–

“৺হেমচন্দ্ৰ বৰুৱাই লিখি যোৱা শব্দৰ মানেত বা আখৰ জোঁটনিত হাত দিয়াৰ আমাৰ অধিকাৰ নাই। যিবোৰ শব্দৰ নতুন মানে আজিকালি হৈছে বা ওলাইছে সেইবোৰ নতুন অভিধানত ওলাই থাকক। ‘হেম-কোষ’ reprint হে কৰা হৈছে, শুধৰোৱা হোৱা নাই; আৰু শুধৰাবৰ কাৰো অধিকাৰো নাই। তাত নতুন শব্দ অনেক সুমাই দিয়া হৈছে সঁচা কিন্তু সেইদৰে দিয়া হৈছে বুলি কোৱাও হৈছে আৰু দিয়াটো অনুচিত হোৱা নাই।

যেয়ে যিহকে কওঁক, তালৈ কাণ নিদি নিজৰ কাম কৰি যোৱা। কাণ দিবলৈ গ’লে কামত ব্যাঘাত হ’ব। সকলো কাৰ্য্যতে critic ওলাই থাকে। ভয় কৰিবৰো আৱশ্যক নাই। ‘হেম-কোষ’ নিজৰ গৌৰৱ আৰু মূল্যৰ ওপৰত তিস্থি চলিব।”

কিন্তু আজি ‘হেম-কোষ’ৰ চতুৰ্দশ তাঙ্গৰণত বৰ্তমানৰ সম্পাদক আৰু প্ৰকাশক দেৱানন্দ বৰুৱাদেৱে সাহিত্যৰথী বেজবৰুৱাদেৱৰ উপদেশলৈ ভ্ৰূক্ষেপ নকৰি এনে কিছু শব্দ আৰু অৰ্থ সুমুৱাই দিছে যাৰ কাৰণে ‘হেম-কোষ’ৰ গৌৰৱ আৰু মূল্য দুয়োটাই ‘হেম-কোষ’ প্ৰেমীসকলৰ মাজতো বহু পৰিমাণে হ্ৰাস পাইছে যেন অনুমান হয়।

উদাহৰণস্বৰূপে, এই তাঙ্গৰণৰ ১১৮৬ পৃষ্ঠাত ‘লাচিত’ শব্দৰ অৰ্থ দিয়া হৈছে ‘এবিধ বৰ্ণ সংকৰ আহুধান’ বুলি। কিন্তু আমাৰ ভাব হয় জাতীয় বীৰ লাচিত বৰফুকনদেৱৰ সন্মানাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ে এইবিধ ধানৰ নাম ‘লাচিত’ নামেৰে নামকৰণ কৰিছিল। আকৌ ৫৭৩ পৃষ্ঠাত আৰু ৯৮৯ পৃষ্ঠাত ক্ৰমে ‘জ্যোতিপ্ৰসাদ’ আৰু ‘বিষ্ণুপ্ৰসাদ’ শব্দদুটাৰ অৰ্থ দিয়া হৈছে ‘এবিধ বৰ্ণসংকৰ বৰো ধান’। অসম কৃষি বিশ্ববিদ্যালয়ে ক্ৰমে ‘ৰূপকোঁৱৰ’ আৰু ‘কলাগুৰু’ৰ সন্মানাৰ্থে তেওঁলোকৰ নামেৰে ধানৰ নামকৰণ কৰিছিল। কিন্তু বৰ্তমান ‘হেমকোষ’ৰ সম্পাদকে অসমৰ অগ্ৰণী পুৰুষসকলৰ কথা উল্লেখ নকৰাকৈ এই শব্দবিলাকৰ অৰ্থ এনেদৰে দি তেওঁলোকক অপমান কৰা নাই নে বাৰু?

কিন্তু ‘গদাপাণি’ৰ অৰ্থত শ্ৰীকৃষ্ণৰ লগতে গদাধৰ সিংহৰ নাম বুলিও উল্লেখ কৰা হৈছে। ৫৪১ পৃষ্ঠাত ‘জয়মতী’ শব্দৰ অৰ্থত ‘গদাধৰ সিংহ ৰজাৰ কুঁৱৰী’ আৰু ‘বৰ্ণসংকৰ বৰোধান’ দুয়োটা অৰ্থই দিয়া আছে।  আকৌ ৪০৬ পৃষ্ঠাত ‘গৱৰ্ণমেণ্ট’টোক অসমীয়া শব্দ কৰি তাৰ অৰ্থ দিয়া হৈছে ‘চৰকাৰ আৰু প্ৰশাসন’ বুলি।

আনকি ‘হেমকোষ’ৰ নৱতম তাঙ্গৰণত কেতবোৰ ইংৰাজী শব্দ যেনে: এক্সন, ডাইৰেক্টৰ, এক্সপ্ৰেচ, কষ্টিউম আদি শব্দক অসমীয়া শব্দ বুলি স্থান দি সেইবোৰৰ অৰ্থ দিয়া হৈছে। আমি আগেয়ে কৈছোঁ, অসমীয়াত পূৰ্বতে নথকা নতুন শব্দ অসমীয়া ভাষাত সংযোজন কৰিলে ভাষাৰ পৰিধি বিস্তৃত হ’ব; কিন্তু ওপৰত দিয়া শব্দবিলাকৰ দৰে অসমীয়া প্ৰতিশব্দ থকা অনাঅসমীয়া শব্দকো অন্য ভাষাৰ পৰা ধাৰ কৰি অসমীয়া ভাষাত স্থান দিলে অসমীয়া ভাষাটোৱে এটা সময়ত সেই ভাষাৰ দাস হৈ পৰিব বুলি আমাৰ ভাব হয়।

সেয়েহে সৰলীকৰণ কৰাসকলৰ লগতে পুৰণা অভিধানবিলাকৰ নতুন সম্পাদকসকলো অসমীয়া ভাষাটোৰ প্ৰতি যদি অলপ শ্ৰদ্ধাশীল তথা দায়বদ্ধ নহয় তেন্তে আজি সঁচাকৈয়ে সঠিককৈ কোৱাটো সম্ভৱ নহ’ব শতিকাৰ শেষলৈ আমাৰ ভাষাটোৰ প্ৰকৃততে কোন পাৰে থাকিব— মৃত ভাষাৰ পাৰে নে জীৱিত ভাষাৰ পাৰে?

আমি কোনো ভাষাবিদ নহয়, অসমীয়া ভাষাৰ ওপৰত সাধনাও কৰা নাই। তথাপিতো অসমীয়া ভাষাটোক মনে-প্ৰাণে ভাল পোৱা অসমৰ মাটিত জন্ম হৈ, গাঁৱত ডাঙৰ হৈ সৰ্বসাধাৰণৰ পৰা অসমীয়া ভাষা শিকা এজন অসমীয়া।

ভাষাটো কোৱা সকলো সৰ্বসাধাৰণ অসমীয়াৰে এই ভাষাটোৰ ওপৰত সমঅধিকাৰ আছে বুলি ভাবিয়ে অসমীয়া বুদ্ধিজীৱি সমাজলৈ মনত উদয় হোৱা এই অনুভৱখিনি আগবঢ়াই দিলোঁ। আশা কৰোঁ বুদ্ধিজীৱি সমাজে ইয়াৰ বিচাৰ-বিশ্লেষণ কৰি ভাষাটোৰ প্ৰতি থকা দায়বদ্ধতাখিনি দেখুৱাই যেন!

(ডা: চন্দন কুমাৰ বৰতামুলী)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top