মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া সাহিত্যত লোকভাষা আৰু লোকসাহিত্যৰ প্ৰভাৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া সাহিত্যত লোকভাষা আৰু লোকসাহিত্যৰ প্ৰভাৱ :

অসমীয়া সাহিত্যত লোকভাষা আৰু লোকসাহিত্যৰ প্ৰভাৱৰ বিষয়ে লিখা হৈছে ।

 

“প্ৰতিখন কিতাপৰ আঁৰত একোজন মানুহ আছে৷ মানুহজনৰ আঁৰত এটি জাতি আছে৷ জাতিটোৰ আঁৰত প্ৰাকৃতিক আৰু সামাজিক অৱদান আছে৷”

বাকলি-বসন পিন্ধি হাবি-বননি, গছৰ ফেৰেঙনি বা গুহাত বাস কৰিবলৈ লোৱাৰে পৰা মানুহে ঠাৰে-চিয়াৰে, সাংকেতিক উকি বা পৰস্পৰবোধ্য চিঞৰ মাৰি অথবা কঠিন শিলত সাংকেতিক চিহ্ন আঁকি নিজৰ মনৰ ভাৱ প্ৰকাশৰ চেষ্টা কৰিছিল৷

ক্ৰমাৎ অঘৰী মানুহে পাত-বাঁহেৰে ঘৰ সাজি বসবাস কৰিবলৈ লোৱাৰ সময়ৰ পৰাই বোধহয় ভাৱ প্ৰকাশৰ স্বাৰ্থত বা সুচাৰুৰূপে দৈনন্দিন কাম সমূহ পৰিচালনাৰ বাবে আৰম্ভ হৈছিল ভাষাৰ; নিৰ্দিষ্ট ধ্বনি, আকাৰ-ইঙ্গিত, নৃত্যৰ মাজেৰে তেওঁলোকে নিজে বুজি পোৱা কিছু শব্দৰ৷

এই শব্দসমূহেই যোঁট বান্ধি সময় পৰিৱৰ্তন আৰু সভ্যতাৰ উন্নতিৰ লগে-লগে কিছু উন্নত হৈ একোটা নিৰ্দিষ্ট ভৌগলিক অৱস্থানৰ, কিছু নিৰ্দিষ্ট জনগোষ্ঠীৰ মানুহৰ মনৰ ভাৱ প্ৰকাশৰ প্ৰধান মাধ্যম হৈ পৰিল; এনেকৈয়ে চাগৈ আৰম্ভ হ’ল লোকভাষাৰ৷

লোকভাষা হ’ল বিভিন্ন ভাষা-সম্প্ৰদায়ৰ মাজত প্ৰচলিত কথ্য-ভাষা৷ ধ্বনি, উচ্চাৰণ ৰীতি, শব্দৰ প্ৰয়োগ আৰু অৰ্থৰ পাৰ্থক্য ভেদে বিভিন্ন অঞ্চলত বিভিন্ন লোকভাষা প্ৰচলিত৷ লিখিত ভাষাতকৈ মুখ বাগৰি অহা এনে ভাষা অধিক সুৰীয়া, হৃদয়স্পৰ্শী আৰু ব্যঞ্জনাধৰ্মী৷

লোকভাষাত প্ৰয়োগ হোৱা শব্দ, বাক্য বা কোনো বিষয় বুজাবলৈ ব্যৱহাৰ কৰা উদাহৰণ সমূহ চিত্ৰসম্বলিত৷ যথাযোগ্য আৰু বহু শব্দ প্ৰয়োগৰ অক্ষমতাৰ হেতু বোধহয় উপমা-উদাহৰণেৰে সেই সময়ৰ মানুহে বক্তব্য ৰখাৰ চেষ্টা কৰিছিল৷

মানুহে জীৱনত কি দেখিলে, কি কি অভিজ্ঞতা লাভ কৰিলে, বা সেই অভিজ্ঞতা সম্পৰ্কে মনৰ মাজত কি ধাৰণা হ’ল ঘাইকৈ সেয়া প্ৰকাশৰ বাবেই মুখে-মুখে প্ৰচলন হোৱা লোকভাষাই প্ৰগতিৰ লগে-লগে পৰিশীলিত ৰূপত সেই জাতিৰ, জনগোষ্ঠীৰ এক সুকীয়া পৰিচয় হৈ আন্তৰ্জাতিক পৰিৱেশত সেই জাতিৰ জাতীয় অস্তিত্ব ঘোষণা কৰিলে৷

অৰ্থাৎ মৌখিক কথা-বতৰাৰে একোটা অঞ্চলবিশেষৰ সামাজিক পৰিৱেশ, খোৱা-লোৱা, ৰীতি-নীতি-পৰম্পৰা, উৎসৱ-পাৰ্বন, হাঁহি-আনন্দ, দুখ-দুৰ্দশা আদি বুজাবলৈ যি ভাষাৰ সৃষ্টি হ’ল, সি সময়ৰ গতিত এনেদৰে ছন্দোৱদ্ধ হৈ সুললিত হৈ পৰিল যে লোকভাষা প্ৰস্ফূটিত হ’ল লোকসাহিত্যৰূপে৷

কোনো এটা জাতিৰ মন আৰু চৰিত্ৰই যুগে-যুগে কেনেদৰে প্ৰগতিৰ পথত আগুৱাইছে তাকে দাঙি ধৰে লোকসাহিত্যই৷ অপৰিষ্কাৰ ৰূপত চলি আহিলেও অসমীয়া সাহিত্যত লোকভাষা বা লোকসাহিত্যৰ অৱদান যথেষ্ট৷ অসমৰ জাতীয় জীৱনত ভূমুকি মাৰিবলৈ ভূমুকি মাৰিব লাগিব অসমীয়া লোকসাহিত্য৷

জগতৰ সকলো সাহিত্যৰে আৰম্ভণি হৈছে গীত বা কবিতাৰে৷ গীতিধৰ্মিতা লোকসাহিত্যৰ প্ৰধান গুন৷

অনাখৰী লোকৰ দ্বাৰা ৰচিত আৰু সমাদৃত অসমীয়া লোকসাহিত্যক প্ৰধানকৈ তিনিভাগত ভগাব পাৰি -

১) লোকগীত,

২)ফকৰা-যোজনা, সাঁথৰ-পটন্তৰ আৰু

৩)সাধুকথা৷

অসমীয়া লোকগীত সমূহৰ ৰচনাকাল সম্পৰ্কে খাটাংকৈ একো ক’ব নোৱাৰি৷ এইসমূহ স্মৃতিৰ ওপৰত ৰৈ থকা সাধাৰণ মানুহৰ মনৰ বিভিন্ন অৱস্থা বা ভাৱপ্ৰকাশক ছন্দোৱদ্ধ ৰচনা৷

বুদ্ধিমত্তা বা পাণ্ডিত্যৰ পৰিচয় নাই যদিও গীতসমূহৰ সাহিত্যিক মূল্য আছে৷ সৰহভাগ লোকগীত দুলৰী আৰু পয়াৰ ছন্দত ৰচিত৷ অসমীয়া লোকগীত সমূহক তিনিভাগত ভগাব পাৰি৷

ক)অনুষ্ঠানমূলক গীত

খ)কৰ্মবিষয়ক গীত আৰু

গ)আখ্যানমূলক গীত৷

অনুষ্ঠানমূলক গীতসমূহৰ ভিতৰত বিহুগীত, বিয়ানাম, ভক্তিমূলক গীত, মহোহো গীত, জুনা আদি উল্লেখযোগ্য৷ হুচৰি-গীত, বন-ঘোষা, বনগীত আদিক বিহুগীতৰ অন্তৰ্গত বুলিব পাৰি৷ উদাহৰণস্বৰূপে,

“প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে

তাৰ পাছত স্ৰজিলে জীৱ

সেইনোজন ঈশ্বৰে পিৰীতি কৰিলে

আমিনো নকৰিম কিয়?”(বন-ঘোষা)

“আগলি বাঁহৰে লাহৰি গগনা

বহি তাঁতৰ পাতত বাওঁ,

আহে কি নাহে ঐ মোৰ ধন লাহৰী

চিৰি পাতি মঙ্গলখন চাওঁ৷(বিহুগীত)

লোকসাহিত্যত বিয়ানামৰ কথা কওঁতে ভেকুলী-বিয়াৰ উল্লেখ কৰিব পাৰি৷ উজনিৰ ফালে বৰষুণ কামনাৰে যেনেদৰে ভেকুলী-বিয়া অনুষ্ঠিত হয়, একে উদ্দেশ্যৰে নামনিত হুদুম পূজাৰ গীত প্ৰচলিত৷

সেইদৰে মহ-খেদোৱাৰ উদ্দেশ্যে নামনি অসমত মহোহো গীত গাই মহোহো উৎসৱ পালন কৰা হয়৷

“অ’ হৰি মহো-হো

ম’হ খেইদেবা টোকোন লো৷

মহে বোলে মইল্লু দে,

টেপল পুৰা খালু দে৷

টেপলত নহ’ল নুন

চাউল লাগে দোণ দোণ।(মহখেদা গীত)

নলবাৰী, মঙলদৈ, বৰপেটা আৰু গোৱালপাৰাৰ মহোহো গীত প্ৰায় একে, কেৱল ভাষাৰ পাৰ্থক্য আৰু কথা-বস্তুৰ সামান্য ইফাল-সিফাল৷ একেধৰণৰ অনুষ্ঠানমূলক অন্য লোকগীতসমূহ হ’ল কামৰূপৰ বাম্বোল-পিটা গীত আৰু গোৱালপাৰাৰ এউৰী মগা গীত৷

ভক্তিমূলক গীত বুলিলে আইনাম, দেৱীনাম, সুবচনী-ব্ৰত, জগন্নাথৰ নাম, লখিমী আদৰা নাম, চৰা-ব্ৰতৰ গীত, পাগলা পাৰ্বতীৰ গীত, দেহ বিচাৰৰ গীত, টোকাৰী গীত, হাইদাং গীতৰ লগতে আজান পীৰৰ নামত প্ৰচলিত জিকিৰসমূহো ভক্তিমূলক গীত আৰু অসমীয়া ভাষাৰ অমূল্য সম্পদ৷

শ্ৰম-লাঘৱৰ হেতু কাম কৰাৰ সময়ত আনন্দ লাভৰ উদ্দেশ্যে যি সমূহ গীত গোৱা হয়, সেইয়াই হৈছে কৰ্মবিষয়ক গীত বা কৰ্মসংগীত৷ সৰু ল’ৰা-ছোৱালীক ওমলাবৰ বাবে নিচুকনি গীত বা ধাইনাম গোৱা হয়৷

নলবাৰী অঞ্চলত ইয়াক ’চ’লি ভুৰকোৱা গীত’ আৰু গোৱালপাৰা জিলাত ’নিন্দালি গীত’ বা ’ছাৱা ভুৰ্কা গীত’ বোলা হয়৷

কাণ খৱা এ নাহিবি ৰাতি

তোৰে কানেকাটি লগামে বাতি,

চাকি নুমাল, বাতি নুমাল,

বাপাই দেখে আন্ধাৰ

দুৱাৰ মুখোত বহি আছে

ভকোলুমুৱা বান্দাৰ৷

একেদৰে, গোৱালপৰীয়া ভাষাত__

আয়ৰে আয় জোন কাকা,

আয় আয় আয়-

দুধ দিম, ভাত দিম,

চাঙেৰ তলত খেলা দিম

হৈ-হৈ-হৈ৷

বড়ো, ৰাভা, মিচিং, ডিমাচা, কাৰৱি ভাষাৰ নিচুকনি গীতৰ ভড়ালো চহকী৷ কৰ্মবিষয়ক নাওখেলৰ গীত, তাঁতশাল সম্পৰ্কীয়, মলুৱাৰ গীত, গৰু ৰখিবলৈ গৈ গোৱা গৰখীয়া গীত, কুঁহিয়াৰ পেৰা গীত, মোৱামৰীয়া ৰণুৱাৰ গীত আদিও হ’ল কৰ্মসংগীত৷ গছ-কটা গীত, ধান-বনা গীত আদি গোৱালপাৰা জিলাত প্ৰচলিত কৰ্মবিষয়ক গীত৷ কৰ্মবিষয়ক আন এবিধ লোকগীত হ’ল, জুনা৷

জুনা হ’ল এবিধ কাল্পনিক কাহিনী গীত৷ মূলতে জুনা শব্দই হুঁচৰি গাঁৱতে নাচনীয়ে নাচিবলৈ লোৱাৰ আগতে গোৱা বিহুগীত বুলি বুজাইছিল যদিও পিছলৈ কেইটিমান নিৰ্দিষ্ট কাহিনী-গীতক জুনা ৰূপে ধৰা হয়৷

ইয়াৰ ভিতৰত অসমীয়া ভাষাত নাঙলৰ জুনা, পৰুৱা শিপিনীৰ জুনা, কপাহৰ জুনা, তাঁতীৰ জুনা আদি বিশেষ বিশেষ কামৰ লগত জড়িত কেইবিধমান জুনা আছে৷ তাঁতীৰ জুনাৰ কাব্যিক সৌন্দৰ্য অতি মনোৰম৷

দীঘলে সাৰংগ পুতলে বৰ৷

তাৰ আগে দিবা গুনা বিস্তৰ৷৷

শিৰত লিখিবা বসুদেৱ পিতা৷

ওৰণীত লিখিবা দৈৱকী মাতা৷৷

আঁচুতে লিখিবা আকাশী তৰা৷৷ (তাঁতীৰ জুনা)

আখ্যানমূলক গীতসমূহৰ মাজেদি একোটি আখ্যান বৰ্ণনা কৰা হয়৷ ইয়াক কাহিনী-গীত বা মালিতাও বোলা হয়৷ ড° লীলা গগৈ চাৰে কৈছে, “ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁথি থোৱা গীতিব্যঞ্জক কাহিনীয়েই হ’ল মালিতা৷

কৰুণ ৰসেই এই গীতৰ প্ৰধান সুৰ যদিও এনে গীতৰ মাজেদি বীৰত্বব্যঞ্জক, আদি ৰসাত্মক, দুঃসাহসিক বা অতিপ্ৰাকৃত ঘটনাও বৰ্ণিত হয়৷

বিষয়বস্তুৰ ফালৰপৰা তিনিভাগত ভগোৱা আখ্যানমূলক লোকগীতসমূহৰ বুৰঞ্জীমূলক মালিতাত নাহৰৰ গীত, চিকন সৰিয়হৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰনাথ সিংহৰ গীত, হৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত আদি পৰে৷

ইয়াৰ ভিতৰত নাহৰৰ গীতসমূহ প্ৰাচীনতম বুলি পোৱা যায়৷ কিংবদন্তী বা জনশ্ৰুতিৰ ওপৰত ৰচিত গীতসমূহৰ ভিতৰত মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, ময়নামতীৰ গীত, কমলা কুঁৱৰীৰ গীত আদিবোৰ প্ৰধান৷

কাল্পনিক গীতসমূহ হ’ল বাৰমাহী গীত৷ বাৰমাহৰ প্ৰাকৃতিক পৰিৱেশৰ কবিত্বময় বৰ্ণনা থাকে বাবেই এই গীতসমূহ বাৰমাহী গীত৷

নামনি অসমত এইবিধ গীতৰ অধিক প্ৰচলন৷ পুৰণি কালত আঘোণ মাহক বছৰৰ প্ৰথম মাহ বুলি ধৰি বছৰ-গণনা কৰা হৈছিল, সেয়ে ইয়াক অগ্ৰহায়ণ আৰু মাৰ্গশীৰ্ষ বোলা হয়৷

কন্যা বাৰমাহী, সীতা-বাৰমাহী, দুবলা শান্তিৰ গীত, মধুমতীৰ গীত আদি প্ৰায়বোৰ গীতেই আঘোণ মাহেৰে আৰম্ভ হৈছে৷ উদাহৰণস্বৰূপে,

আঘোণৰ মাহতে নাকাটিলা পাত৷

খাবলৈ নাপালা প্ৰভু নৱ ধানৰ ভাত৷ ৷

আঘোণৰ মাহতে শান্তি দ্বিতীয়াৰে জোন৷

ষোল বছৰে শান্তিৰ ভৈলন্ত যৌৱন৷ ৷

আঘোণ মাহতে কন্যা সংসাৰে নৱান ধান৷

কতেক খাইতে মধু কতেক পুৰাণ৷৷

বিৰহিণী নাৰীৰ অন্তৰতম প্ৰদেশৰ পৰা ওলোৱা কৰুণ সুৰেই বাৰমাহী গীতৰ মূলকথা৷ দ্ৰৌপদী, ৰাধিকা, যশোদা আদি পৌৰাণিক চৰিত্ৰৰ সতে জড়িত বহুতো বিলাপ-গীত পোৱা যায়৷ গোৱালপাৰা অঞ্চলত ভাৱাইয়া, চট্কা, মাহুত বন্ধুৰ গীত, মৈষাল-বাইসাল বন্ধুৰ গীত আদি প্ৰেমমূলক আৰু ৰসাত্মক গীতৰ প্ৰচলন আছে৷

ড° মহেশ্বৰ নেওগ ডাঙৰীয়াই কৈছে যে, তুলনামূলক ভাৱে ইউৰোপীয় লোকগীতসমূহ প্ৰধানকৈ আখ্যানমূলক আৰু দেশাত্মবোধক; কিন্তুু অসমীয়া লোকগীতসমূহৰ সৰহভাগেই লিৰিকেল বা এক ভাৱব্যঞ্জক৷

লোকগীতৰ দৰে ফকৰা, যোজনা, পটন্তৰ আদিও অসমীয়া লোক-সাহিত্যৰ আপুৰুগীয়া সম্পদ৷ লীলা গগৈ চাৰে বৈষ্ণৱসকলৰ দ্বাৰা ধৰ্মৰ গোপনীয়তা ৰক্ষা কৰা বা গাম্ভীৰ্য বৰ্ধনৰ হেতু ৰচিত কিছু কথাকে ফকৰা বুলিছে৷

ফকৰা -

ফকৰা হ’ল পাৰমাৰ্থিক অৰ্থবোধক কথা৷ ’বাৰকুৰি বৰগীত, তেৰকুৰি ফকৰা’ কথাফাকিৰ দ্বাৰা আনুমাণিক তেৰকুৰি ফকৰাৰ প্ৰচলন আছিল বুলি গম পোৱা যায় যদিও চাৰিশতকৈও অধিক ফকৰা বিভিন্নজন পণ্ডিতৰ দ্বাৰা সংগৃহীত হৈছে৷

অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন লোকভাষাত অনেক ফকৰা-যোজনাৰ এতিয়াও প্ৰচলন আছে৷ ভোজনঠেলা(জলকীয়া), গুৱা(তামোল-পাণ), চাউলমুঠি(ভাত) আদি ইংগিতসূচক শব্দ ফকৰাত ব্যৱহাৰ হয়৷

চাৰি চোৰ দহ হাতী

এক কাউৰে লৈ যায়

কাক কম কোনে পতিয়াব

কোনে বুলিব হয় হয়৷

ইয়াত চাৰি হাতী=কাম, ক্ৰোধ, লোভ, মোহ; দহ হাতী=দশ ইন্দ্ৰিয়; এক কাউৰ=মন৷

একেদৰে,

শাল-শিঙী দুয়ো হ’ল ভকত৷

কুচিয়া আতাক তুমি আনিয়ো লগত৷

শাল=গীতা, শিঙী=ভাগৱত, কুচিয়া=বেদ৷ এনেদৰে ফকৰাবোৰ দেখাত বিসংগতি যেন লাগিলেও অৰ্থ ভঙাৰ পাছত উপভোগ্য হৈ পৰে৷ ফকৰাসমূহত নিহিত অৰ্থলৈ চালে সেইসমূহ সৃষ্টি পণ্ডিতব্যক্তিৰ দ্বাৰাহে হৈছিল বুলি অনুভৱ হয়৷

‘বনলতা’ই প্ৰকাশ কৰা জীৱন চন্দ্ৰ কোচৰ ’ফকৰা-যোজনা’ গ্ৰন্থখনিত অসমত প্ৰচলিত বিভিন্ন ভাষাৰ ফকৰা সংযোজন কৰা হৈছে৷ আনহাতে ডিম্বেশ্বৰ নেওঁগৰ ’ৰহৰহী’ প্ৰায় দুহাজাৰমান উৎকৃষ্ট যোজনা সংযোজন কৰা হৈছে৷

যোজনাবিলাক সাধাৰণতে দুফাঁকি কথাৰ গঠিত৷ ইয়াৰে এফাঁকি শুনিবলৈ শুৱলা কৰিবলৈ সংযোগ কৰা হয়৷ শেহৰপিনেহে প্ৰকৃততে আচল কথাটো কয়৷ (শালক শিঙীয়ে হাঁহে; /তয়ো কাজী ময়ো কাজী/ভালেতো গৰাকী নাহে) পটন্তৰতো দুফাকি কথা থাকে৷

দুয়োফাকি কথাৰ বিষয়বস্তুৰ স্বভাৱৰ মিল থাকে আৰু সিটোৰ লগত ইটোক ৰিজাবলৈ ব্যৱহাৰ কৰা হয়৷ (আটাইতকৈ তিতা নেমুটেঙাৰ পাত/তাতোকৈ তিতা মাহীআইৰ মাত)৷ প্ৰবাদ বা প্ৰবচনবিলাক কোনো এটা ঘটনাৰ পটভূমিত সৃষ্টি হয়৷

তাৰ পিছত সমজাতীয় ঘটনাৰ পৰিণতি বুজাবলৈ বা ৰিজনি দিবলৈ উক্ত প্ৰবচন ব্যৱহাৰ কৰা হয় (কুকুৰৰ নেজ দীঘল নিজে পাৰি বহে; ৰূপহ’লে, সোণ হ’লে ৰজাৰ জীয়ৰীও পোন)৷

যোজনা-পটন্তৰ সমূহো জ্ঞানী আৰু বুধিয়ক মানুহৰ ৰচনা৷ ভাৱৰ ঐক্য থাকিলেও এইসমূহত ভাষাৰ পাৰ্থক্য দেখা যায়৷ ভাৰতীয় প্ৰাদেশিক ভাষাসমূহৰ মাজত অসমীয়া ফকৰা, যোজনা, পটন্তৰ, প্ৰবচন সমূহৰ স্থান সুকীয়া৷

পণ্ডিতসকলৰ মতে সাঁথৰকো যোজনাৰ ভিতৰুৱা কৰিব পাৰি৷ কিন্তুু সাঁথৰ আৰু যোজনাৰ মাজত পাৰ্থক্য হ’ল যে, যোজনাত বক্তব্য প্ৰায় মূৰ্ত হৈ থাকে আৰু সাঁথৰত থাকে সুপ্ত হৈ৷ অৰ্থাৎ সাঁথৰ হ’ল গুপ্ত বা গোপনীয় অৰ্থযুক্ত কথা৷

ডিম্বশ্বৰ নেওগদেৱে সাঁথৰক ’প্ৰাচীন জগতৰ সৃষ্টি’ বুলিছে৷ মুখে-মুখে প্ৰচলিত হৈ আহি কাব্যধৰ্মিতাৰ বাবে সাহিত্যৰ মান পালে সাঁথৰে৷

আগ খঁৰা, গুৰি খঁৰা৷ যায় গুমগুম নাহৰ বৰা৷৷

টুপ্ টুপ্ টুপলী৷ পানী পালে মুকলি৷৷ (পানীমিঠৈ, জনকাব্য, ডিম্বেশ্বৰ নেওগ)

ডাকৰ বচন সমূহো একপ্ৰকাৰ প্ৰবচন৷ ডাক এজন বিশিষ্ট বা ঐতিহাসিক পুৰুষ আছিলনে নাছিল সেই লৈ মতভেদ থাকিলেও বা প্ৰকৃত তথ্য উপলব্ধ নহয় যদিও ডাকৰ বচনসমূহ হ’ল লোকসাহিত্যৰ এক গুৰুত্বপূৰ্ণ ভাগ৷ “ডাকৰ বচন অসমীয়া জন-জীৱনৰ ব্যৱহাৰিক জ্ঞানৰ এখন মৌখিক বিশ্বকোষ৷

“(ড° লীলা গগৈ) মুঠ ষোল্লটা বিষয়ত ডাকৰ বচনসমূহ ৰচিত হৈছে৷ তাৰ ভিতৰত কৃষি বিষয়ক, জন্ম-প্ৰকৰণত প্ৰসূতিয়ে মানিবলগা বিধি, ৰন্ধন-প্ৰকৰণ, স্বাস্থ্য-সম্পৰ্কীয়, জ্যোতিষ বিষয়ক, ৰাজনীতি বিষয়ক তথা মানুহৰ চৰিত্ৰ আৰু লক্ষণ সম্বন্ধীয় ডাকৰ-বচনসমূহ স্বীকৃত আৰু সৰ্বজনবিদিত৷

জেঠত দৈ আহাৰত খৈ৷

শাওনত মৰাশাক খাবা গৈ৷৷

ভাদত ওল আহিনত কল৷

কাতিত কচু বঢ়ায় বল৷৷ (স্বাস্থ্য-বিষয়ক)

জালুকত গোবৰ পাণত মাটি৷

কলাপুলি ৰুবা তিনিবাৰ কাটি৷৷ (কৃষি-বিষয়ক)

লোকসাহিত্যৰ অন্তৰ্গত আৰু এটি জনপ্ৰিয় ভাগ হ’ল সাধুকথা৷ শিশুৰ দৰে সৰল অনাক্ষৰী জনসাধাৰণৰ মাজত নীতি-শিক্ষা থকা, কিছু অলৌকিক, কিছু কাল্পনিক অনেক ভাষাৰ বহুতো সাধুকথাৰ প্ৰচলন আছে৷

তেজীমলা, তুলা আৰু তেজা, কুকুৰীকণা জোঁৱাই আদি মাত্ৰ কেইটিমান সাধুৰ উদাহৰণ যদিও অসমীয়া ভাষাত নগৰ অঞ্চলতে হওক বা গাওঁ অঞ্চলতে হওক, আজিও বহল পৰিসৰত বহুতো সাধুকথা প্ৰচলিত৷

লোকসাহিত্য হ’ল এটা জাতিৰ মান আৰু লোকভাষা হ’ল অভিমান৷ লোকভাষাৰ আধাৰত ৰচিত অনাক্ষৰী মানুহৰ মৌখিক সাহিত্য এটা জাতিৰ জাতীয় সম্পদ৷ সেইসূত্ৰে উল্লিখিত লোকসাহিত্যৰ প্ৰতিটো ভাগেই অসমীয়া সাহিত্যৰ অবিচ্ছিন্ন অংগ৷

ওপৰত উল্লেখ কৰা লোকগীতসমূহৰ উপৰিও কাৰ্বি, তিৱা, ৰাভা, বড়ো আদি ভাষাত লিখিত বিভিন্ন বিষয়ক লোকগীতসমূহেও অসমীয়া জাতিৰ মান বঢ়াইছে৷ অসমৰ মাৰ-যাব খোজা গাৱলীয়া জীৱনৰ চিত্ৰখন অসমীয়া লোকভাষা আৰু লোকসাহিত্যৰ মাজত সজীৱ হৈ আছে আৰু ই বিজতৰীয়া ৰচনা-ৰীতিৰপৰা অসমীয়া ভাষাক স্বতন্ত্ৰতা প্ৰদান কৰিছে৷

ড° বিৰিঞ্চি কুমাৰ বৰুৱাই কৈছে; “বহুল প্ৰচাৰ আৰু লোক-চিত্ৰ জয় কৰিবলৈ সাহিত্যই লোক-ভাষাৰ সহায় লোৱা কৰ্তব্য৷ এই প্ৰসঙ্গত ৰবীন্দ্ৰনাথে, সাধুকথাৰ লাগী আৰু এলাগী কুঁৱৰীৰ লগত সাধু আৰু লোক-ভাষাক তুলনা কৰি কৰা মন্তব্য প্ৰণিধানযোগ্য৷

কবিগুৰুৱে কৈছে, ’এলাগী কুঁৱৰীৰ দৰে ইমানদিন লোক-ভাষাৰ ঠাই আছিল জুপুৰিত, ৰান্ধনিঘৰত, গোহালিত, গোবৰৰ ভেৰৰ ওচৰে-পাঁজৰে, চোতালৰ তুলসীতলত৷ ……কিন্তু মোৰ বিশ্বাস লাগী কুঁৱৰীয়ে বিদায় ল’ব লাগিব আৰু এলাগী আহি ৰাজ-আসনত বহিব৷ ’ লোক-ভাষাক অনাদৰ আৰু বৰ্জন কৰিলে সাহিত্য এমুঠি মাথোন মানুহৰ মাজতে সংকীৰ্ণ আৰু সীমাবদ্ধ হৈ থাকিব৷

“সেয়ে কওঁ, লোকভাষাৰ বহুল ব্যৱহাৰ হওক আৰু লোকসাহিত্যৰ আদৰ বাঢ়ক৷ অসমীয়া ৰাইজে অসমত প্ৰচলিত সকলো লোকভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সেইখিনি কেৱল মৌখিক ভাৱে নহয়, লেখা-মেলাৰেও আগবঢ়াই লৈ যোৱাটো জাতীয় দায়িত্ব৷

(এইক্ষেত্ৰত নৱ-আংগিকেৰে অসমীয়া কবিতাক এক সুকীয়া মাত্ৰা দিয়া নৱকান্ত বৰুৱা চাৰৰ কবিতাত কামৰূপী উপভাষাৰ প্ৰয়োগৰ কথা উল্লেখনীয়৷)অসমীয়া লোকসাহিত্যৰ ক্ষেত্ৰতো আমাৰ একে দায়িত্ব৷

লেখক: প্ৰাণজ্যোতি নাথ

উৎস: সাহিত্য.অৰ্গ

 

 

3.6
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top