মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমৰ থলুৱা নৌকাশিল্প :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ থলুৱা নৌকাশিল্প :

অসমৰ থলুৱা নৌকাশিল্পৰ বিষয়ে লিখা হৈছে ।

 

অতি পুৰণি কালৰ পৰাই অসমত নৌকা বা নাওৰ প্ৰচলন আছিল।অসমে চুবুৰীয়া ৰাজ্য বা দেশৰ লগত ব্যৱসায় বানিজ্য কৰিবলৈ নাৱৰ ব্যবহাৰ কৰাৰ লগতে যুদ্ধসমূহত নাৱৰ ব্যবহাৰ কৰিছিল। অনাদি কালৰ পৰা এতিয়ালৈকে যাতায়তৰ ক্ষেত্ৰত নাৱৰ ব্যাপক প্ৰচলন হৈ আহিছে। ইয়াৰ উপৰিও খেলা-ধূলা কাৰ্যত নাৱক ব্যবহাৰ কৰা হৈ আহিছে(বৰপেতা ধুবুৰীৰ পৰম্পৰাগত নাও খেল)।

অসমৰ থলুৱা নাওসমূহ -

১/মাৰ নাও:

দুখন সমান আকাৰৰ নাৱক জোৰা দি মাৰ নাও নিৰ্মান কৰা হয়। এনে নাও ৮০/৯০ ফুটমান দীঘল আৰু ২০/২৫ ফুটমান বহল হয়। এনে নাৱক বস্তু অনা-নিয়া কাৰ্যত ব্যৱহাৰ কৰা হয়।

২/বৰ নাও:

বৰ নাওবোৰ বহলে প্ৰায় ৮/৯ হাত আৰু দীঘলে প্ৰায় ৬০/৭০ হাত হয়। এনেবোৰ নাৱকো বয়-বস্তু অনা নিয়া কাৰ্যত ব্যবহাৰ কৰা হয়। এনেবোৰ নাৱত এটা সৰু ঘৰ দেখিবলৈ পোৱা যায়। ইয়াক “আহোন ঘৰ” বোলা হয়।

৩/গুটীয়া নাও:

এনেবোৰ নাও একেডাল কাঠ কাটি তৈয়াৰ কৰা হয়।এই নাও যাতায়তত ব্যবহাৰ কৰা হয়।

৪/মাজি নাও:

এনেধৰনৰ নাও দেখাত আনবোৰ নাৱতকৈ বেলেগ। এইবোৰ নাৱৰ টিঙ দুটা যথেষ্ট ওখ কৰি নিৰ্মান কৰা হয়। এইবোৰ নাও মাছমৰীয়াসকলে বেছিকৈ ব্যৱহাৰ কৰে।

৫/হাত নাও:

এনেবোৰ নাও যাতায়তৰ বাবে ব্যবহাৰ কৰা হয়। এনেবোৰ নাও ১০ৰ পৰা ২০ জন মানুহ অহা-যোৱা কৰিব পৰাকৈ নিৰ্মান কৰা হয়। বাৰিষাৰ সময়ত নদীপৰীয়া ৰাইজে ঘাহ কাটিবলৈও এই নাও ব্যবহাৰ কৰে।

৬/মেছিন নাও:

বিজ্ঞান প্ৰযুক্তিৰ বিকাশৰ লগে লগে নাওসমূহৰ নিৰ্মানতো ইয়াৰ প্ৰভাৱ পৰিল। গতিকে যিবোৰ নাৱ মেছিনৰ ব্যবহাৰ কৰি চলোৱা হয় সেইবোৰ নাৱকে মেছিন নাও বোলে।

নাৱৰ নিৰ্মান প্ৰণালী -

নাও নিৰ্মানৰ অন্যতম কেচামাল হৈছে কাঠ। নাও নিৰ্মানৰ বাৱে শাল, আজাৰ, উৰিয়াম, শিলিখা আদি গছৰ কাঠ ব্যবহাৰ হয়।

নাও নিৰ্মান কৰিবলৈ ব্যবহাৰ কৰা সামগ্ৰীবোৰ হৈছে -

*বাইছ(কোৰ সদৃশ সামগ্ৰী),

*হাতুৰী,

*দা,

*কৰত,

*বটালী,

*কুঠাৰ,

*বিন্ধনা,

*চেনা,

*চিয়াহী আদি।


নাও নিৰ্মান কৰোতে প্ৰৰ্থমে দুচতা সমান কাঠ থিয় কৰি তাক বাহৰ খুটিৰে বান্ধি একাদিক্ৰমে মঙাল লগোৱা হয়। দুইমূৰে মঙাল লগোৱাৰ পিছত বহল কাঠেৰে তলিখন জোৰা দিয়া হয়। ইয়াৰ পাছত বানী, চুকবানীৰে নাৱৰ খালী অংশসমূহ জোৰা লগোৱা হয়। নাও নিৰ্মানত ব্যবহৃত গজালবিধক ‘খিলি’ বোলা হয়। এই গজালবিধ চেপেতা আৰু দুইমোৰ জোঙা হয়। শেষত নিদিষ্ট মূৰে-মূৰে ভাউৰী আৰু পিৰি লগোৱা হয়। ভাওৰী আৰু পিৰিয়ে নাওখন মজবুত হোৱাত সহায় কৰে। নাওখন চলাই নিবলৈ ব্যৱহাৰ কৰা মাৰিডালক বঠা বোলা হয়। উজনি অসমত ঠাইভেদে বঠাক লগিও বোলে।

লেখক: ভাস্কৰ কলিতা

উৎস: সাহিত্য.অৰ্গ

 

 

 

 

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top