মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমৰ দেউৰীসকল আৰু তেওঁলোকৰ উৎসৱ-পাৰ্বন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ দেউৰীসকল আৰু তেওঁলোকৰ উৎসৱ-পাৰ্বন

অসমৰ দেউৰীসকল আৰু তেওঁলোকৰ উৎসৱ-পাৰ্বনৰ বিষয়ে লিখা হৈছে

হুৰে হুৰে ঘাই ডলাত কাপোৰ ঘূৰে

হুৰমি হুৰে ঐ ৰূপানি ঘূৰে

বছৰেকৰ বিহু ঐ ঘৰে ঘৰে ফুৰে৷

একেডাল বাঁহৰে তেৰডাল কামী

নিচিন বোপাইহঁত গাঁৱৰে আমি৷

শাকত দিলে শুকতি মাহত দিলে গাজি

ল’ৰা-বুঢ়া চাপি আহ বিহু কৰোঁ আজি (দেউৰীসকলৰ হুঁচৰি গীত)

অসমৰ ভৌগোলিক ভূখণ্ডলৈ প্ৰাক ঐতিহাসিক সময়ৰে পৰা অহা অসংখ্য নৃগোষ্ঠীয় লোকৰ লোকসংস্কৃতিৰ উমৈহতীয়া সমলেই হ’ল অসমীয়া সংস্কৃতি৷ এই লোকখিনিৰ সমসাময়িক বা পাছলৈ অহা মংগোলীয়, আৰ্য, অষ্ট্ৰিক আদিসকল আহি আজি অসমৰ সাংস্কৃতিক বৰভেটি গঢ়ি তুলিছে৷ এইসমূহৰ ভিতৰত অসমবৰ্মী শাখাৰ উপশাখা বড়োৰ প্ৰশাখা হ’ল কছাৰী, ডিমাচা, দেউৰী, তিৱা, ৰাভা, গাৰো, ত্ৰিপুৰী আদিসকল৷ অসমৰ কোচ-ৰাজবংশী, দেউৰী, সোণোৱাল কছাৰিসকল মূলতঃ মংগোলীয় মূলৰ হ’লেও আৰ্যীকৰণ আৰু সাংস্কৃতিক সমন্বয়ৰ ফলত বৰ্ণহিন্দুসকলৰ সৈতে একাকাৰ হৈ জনজাতীয় বৈশিষ্ট্য তাহানিতে হেৰুৱাই পেলালে৷ এতিয়া দেখি থকা বৈশিষ্ট্যসমূহ বহুকেইটা শতিকাজুৰি ঘটি থকা ৰূপান্তৰৰ ফল বুলিব পাৰি৷ কিন্তু মুলসুঁতিত মিলি যোৱাৰ পাছতো এই জনগোষ্ঠীকেইটাই নিজৰ স্বকীয় বৈশিষ্ট্য, ঐতিহ্য আৰু পৰম্পৰা সুন্দৰভাৱে ধৰি ৰাখিছে৷

দেউৰীসকলৰ বিষয়ে কিছুমান ঐতিহাসিক তথ্যও পোৱা যায়৷ চাৰ এডৱাৰ্ড গেইটৰ A History of Assam ত উল্লিখিত তথ্য অনুযায়ী ত্ৰয়োদশ শতিকাতে দেউৰীসকল সোণাগিৰি পাহাৰৰ পৰা অসমলৈ আহিছিল আৰু শদিয়াত ৰাজত্ব কৰিছিল৷ আনহাতে বেণুধৰ শৰ্মাৰ মতে দেউৰীসকল ভীস্মকৰ ৰাজ্যৰ পৰা অহা তথা আদ্যশক্তিৰ প্ৰথম পুজা কৰা কুণ্ডিল মুণিৰ বংশধৰ৷ পূৰ্বতে কেৱল শদিয়াতে বসবাস কৰা দেউৰীসকল কালক্ৰমত উজনি অসমৰ বিভিন্ন ঠাইলৈ জনবসতি সম্প্ৰসাৰিত কৰে৷ বৰ্তমান তিনিচুকীয়া জিলাৰ উপৰিও ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, ধেমাজি, লক্ষীমপুৰ আৰু শোণিতপুৰ আদি নৈপৰীয়া জিলাত দেউৰীসকলৰ বসতি দেখিবলৈ পোৱা যায়৷

দেউৰী শব্দৰ অৰ্থ হ’ল দেৱগৃহিক অৰ্থাৎ পূজা-অৰ্চনা কৰা লোক৷

দেউৰীসকলৰ উপাস্য দেৱতা অনুযায়ী তেওঁলোকৰ মুঠ চাৰিটা খেল আছে৷ সেইকেইটা হ’ল :

 

১. দিবঙীয়া,

২. টেঙাপনীয়া

৩. বৰগঞা আৰু

৪. পাটৰগঞা৷

ইয়াৰে দিবঙীয়াসকল হ’ল পূৰ্বতে দিবাং নৈৰ পাৰত থকা শিৱ উপাসক, টেঙাপনীয়াসকল হ’ল টেঙাপানী নৈৰ পাৰত পূৰ্বতে বসবাস কৰা বলিয়া বাবাৰ ভক্ত, বৰগঞাসকল হ’ল বৰনদীৰ পাৰত পূৰ্বতে থকা কেঁচাইখাতী আৰু তাম্ৰেশ্বৰীৰ উপাসক আৰু পাটৰগঞাসকল হ’ল পাটশদিয়াৰ পাটৰশালত পূজা-সেৱা কৰা লোক৷ অৱশ্যে সময়ৰ কোবাল গতিত তেওঁলোকৰ বহু বৈশিষ্ট্য নাইকিয়া হৈছে৷ বৰ্তমান কেৱল দেবঙীয়াসকলৰ মাজতহে পুৰণা দিনৰ লোকৰীতি তথা স্বকীয় বৈশিষ্ট্য-সংস্কৃতি বিদ্যমান বুলিব পাৰি৷

দেউৰী লোকসকল বসবাস কৰা প্ৰতিখন গাঁৱতে একোখনকৈ থান থাকে৷ এই থানক গোঁসানীশাল বুলিও জনা যায়৷ এই থান বা গোঁসানীশালৰ দায়িত্বত মুঠ ৯জন ব্যক্তি থাকে৷ ইয়াৰে প্ৰথম চাৰিজন ক্ৰমে বৰদেউৰী, সৰুদেউৰী, বৰভঁৰালী আৰু সৰুভঁৰালী হ’ল বিষয়ববীয়া আৰু আন ৫ জন আলধৰা৷ ধৰ্মীৰ উৎসৱ হিচাবে দেউৰীসকলে মাঘ আৰু ব’হাগ মাহৰ শুক্লপক্ষৰ প্ৰথম বুধবাৰটোত পূজা পাতে৷ এই পূজাত ব্যবহৃত মন্ত্ৰবোৰো দেউৰী ভাষাতে থাকে৷ এই পূজাসমূহ দেউৰীসকলে উৎসৱৰ দৰেই পালন কৰে৷ একালত দেউৰীসকলৰ মাজত নৰবলিৰ প্ৰথাও প্ৰচলিত আছিল ইয়াৰ বাবে নিষ্কলঙ্ক, পৰিশুদ্ধ আৰু সুঠাম ডেকাক নিৰ্বাচিত কৰা হৈছিল৷

নৈপৰীয়া দেউৰীসকল চাংঘৰত থাকে আৰু কৃষিকৰ্ম, পশুপালন ইত্যাদিৰে জীৱন নিৰ্বাহ কৰে বাবে দেউৰীসকলৰ মাজত অতীজতে বহুতো উৎসৱ উদযাপিত হৈছিল যদিও বৰ্তমানে দেউৰীসকলৰ মাজত বিহুহে বহুলভাৱে প্ৰচলিত হৈ আছে৷ দেউৰীসকলে ব’হাগ বিহু আৰু মাঘ বিহু বেছ উলহ-মালহেৰে পালন কৰে৷ ইয়াৰোপৰি কিছুমান বিশেষ পূজা আৰু সবাহ দেউৰীসমাজে বেছ উলহ-মালহেৰে পালন কৰে৷

দেউৰীসকলৰ ব’হাগ বিহু চ’ত মাহৰ শেষ সপ্তাহৰ পৰা উৰুকালৈকে চলে৷ এই বিহুক ৰাতিবিহু বুলি জনা যায়৷ কিন্তু তেওঁলোকৰ ব’হাগ বিহু অসমীয়া তিথি অনুযায়ী নহয়৷ দেউৰীসকলে ব’হাগ মাহৰ প্ৰথম মঙ্গলবাৰে উৰুকা আৰু বুধবাৰে বিহু পাতে৷ আমাৰ পৰম্পৰা অনুযায়ী চলি থকা বিহুৰ ৰীতি-নীতিবোৰৰ সৈতে দেউৰীসকলৰ বিহুৰ বহুখিনি পাৰ্থক্য দেখা যায়৷ তেওঁলোকৰ গৰু গা ধুওৱা, হুঁচৰি গোৱা, বিহুৱান দিয়া ইত্যাদিবোৰ আধুনিক সংযোজনহে৷ তেওঁলোকৰ ব’হাগ বিহু দুটা পৰ্যায়ত হয়৷ প্ৰথমটোৰ নাম আগবিহু আৰু এইটো পালিত হয় ব’হাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা শুক্ৰবাৰলৈ৷ ব’হাগৰ দ্বিতীয় সপ্তাহৰ বুধবাৰৰ পৰা শুক্ৰবাৰলৈকে উদযাপিত হয় পাছবিহু৷ এই দুয়োটা পৰ্যায়ৰ মাজৰ চাৰিটা দিনত দেউৰীসকলে হুঁচৰি গায়৷ বিহুৰ প্ৰস্তুতি হিচাবে সকলো কাম দেউৰী সমাজে ৰাজহুৱাকৈ কৰে৷ তেল পেৰা, গুৰ পগোৱা ইত্যাদিবোৰ কাম দেউৰীসকলে বিহুৰ পূৰ্বে কৰে৷ এই ব’হাগ বিহুতেই দেউৰীসকলে সুবাচনী পূজা, দেৱীপূজা ইত্যাদিবোৰ কৰে৷ এই ব’হাগ মাহতে দেউৰী গোঁসানী থানতে কোনো মহিলাৰ গাত দেও লম্ভে আৰু দেওধনীয়ে ভূত-ভৱিষ্যতৰ কথা কোৱাৰ লগতে বছৰটো কেনে যাব, কাৰ কি হ’ব ইত্যাদিবোৰ কয়৷ দুটা পৰ্যায়ত বিহু শেষ হোৱাৰ পাছত পাছৰ বুধবাৰটোত বিহু উৰুৱা বা নৌকা উটুৱা উৎসৱ পালন কৰা হয়৷

দেউৰীসকলে ব’হাগ বিহুৰ দৰে মাঘ বিহুটোও মাঘমাহৰ প্ৰথমটো বুধবাৰেহে পালন কৰে৷ এই বিহুত মেজিঘৰ সজা, ভোজভাত খোৱাৰ পৰম্পৰা আছে যদিও দেউৰীসকলে এই বিহুক মাঘ পুজা বুলিহে কয়৷ এই বিহুত তেওলোকে নিজৰ উপাস্য দেৱ/দেৱীক পূজা কৰে৷

বিহুৰ উপৰি দেউৰীসকলে বছৰটোৰ বিভিন্ন সময়ত গাঁৱৰখীয়া পূজা, সূৰ্যপূজা, জলশাই-থলশাই পূজা, ৰঙাচন দেৱতাৰ পূজা, দেওপূজা, অম্বুবাচী পূজা, ন-পুৰুষৰ পূজা, বুঢ়া ডাঙৰীয়াৰ পূজা ইত্যাদিবোৰ ধৰ্মীয় ৰীতি-নীতি তথা পৰম্পৰা অনুযায়ী উলহ-মালহেৰে পালন কৰে৷ এই পূজাসমূহত উপাস্য দেৱতালৈ তামোলৰ শৰাই আগবঢ়াই বন্দনা কৰে৷ দেউৰীসকলে নিজা দোৱানত কৰা এই বন্দনাক “এৰাও” বুলি জনা যায়৷ এই পূজাসমূহৰ উপৰি দেউৰীসকলে গৰখীয়া সবাহ, আই সবাহ, লখিমী সবাহ ইত্যাদিবোৰ পৰম্পৰা অনুযায়ী প্ৰতিবছৰে পালন কৰে৷ এই সবাহবোৰত তেওঁলোকৰ পৰম্পৰাগত খেল যেনে ঘিলা খেল, নাওখেল, কড়িখেল, লাটুমখেল ইত্যাদিবোৰ সততে দেখিবলৈ পোৱা যায়৷

বৰ্তমান সাংস্কৃতিক অৱক্ষয়ৰ মাজত বহু জনগোষ্ঠীয়ে স্বকীয় বৈশিষ্ট্য হেৰুৱাই পেলোৱাৰ বিপৰীতে দেউৰীসকলৰ কিছু সাংস্কৃতিক জাগৰণ ঘটা পৰিলক্ষিত হৈছে৷ সেইদৰে দেউৰীসকলৰ সামগ্ৰিক জীৱনচৰ্যাৰ প্ৰতিফলন ঘটা বিভিন্ন উৎসৱৰ যোগেদি দেউৰীসকল এতিয়াও অসমীয়া সমাজ জীৱনত অনন্য হৈ আছে।

লেখক: ভাস্কৰজ্যোতি দাস(সাহিত্য)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top