মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমৰ বিভিন্ন সংস্কৃতিত প্ৰচলিত কিছুমান গীত-মাতৰ বিষয়ে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ বিভিন্ন সংস্কৃতিত প্ৰচলিত কিছুমান গীত-মাতৰ বিষয়ে

অসমৰ বিভিন্ন সংস্কৃতিত প্ৰচলিত কিছুমান গীত-মাতৰ কথা লিখা হৈছে

অসমীয়া বিয়ানামত ৰামায়ণৰ উপাদান

 

লোক – সাহিত্য একোটা জাতিৰ একোখনি সুন্দৰ দাপোণ, য’ত প্ৰতিফলিত হয় লোকমন আৰু লোকজীৱন। মানুহৰ মনৰ চিন্তা আৰু কল্পনাৰ অনুপম প্ৰকাশেৰে লোক – সাহিত্য সমৃদ্ধ। অসমীয়া লোক – সাহিত্যৰ জগত খন অতি বচিত্ৰ্যপূৰ্ণ আৰু অনুপম, য’ত বহু অনুপম, য’ত বহু সময়ত নাৰী সকলৰ আবেগ – অনুভূতিৰ বিশেষ প্ৰতিফলন ঘটে। নাৰী মনৰ স্বাভাৱিক অনুভূতিৰ প্ৰকাশ ঘটা লোক – সাহিত্যৰ অন্তৰ্গত গীত – মাতসমূহৰ ভিতৰত আইনাম, ধাইনাম, গোসাঁইনাম, বিয়ানাম আদি অন্যতম। ইয়াৰ ভিতৰত অসমৰ সমাজ – জীৱনত বিয়ানামে অধিক প্ৰাধান্য লাভ কৰিছে। বিয়া উৎসৱ হ’ল মানুহৰ সমাজ আৰু সংস্কৃতিৰ অন্যতম এক অনুষ্ঠান। অসমীয়া সমাজ জীৱনত বিয়া অনুষ্ঠানত নাৰী সকলৰ ভূমিকাই অধিক। এই বিয়াৰ উপলক্ষে অসমীয়া নাৰী সকলে বিয়ানামৰ জৰিয়তে অপূৰ্ব কবিত্ব শক্তিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। অনাখৰী নাৰী স্বভাৱ কবি সকলে নাৰী মনৰ মোহনীয় ভাব – অনুভূতি, জীৱনৰ অভিজ্ঞতা, সমাজ জীৱনৰ চিত্ৰ আৰু সাংসাৰিক জীৱনৰ বিভিন্ন দায়িত্ব আৰু কৰ্তব্য এই বিয়ানাম্ৰ জড়িয়তে প্ৰকাশ কৰে। শব্দ প্ৰয়োগ, উপমা আদি অলংকাৰৰ প্ৰয়োগ, ভাষাৰ কোমলতা, চিত্ৰধৰ্মিতা, গীতিধৰ্মিতা – বিয়ানামবোৰৰ অন্যতম আকৰ্ষণ। অসমৰ সমাজ জীৱন, লৌকিক আচাৰ – নীতি, অসমৰ প্ৰকৃতি, নাৰী জীৱনৰ সহজাত আশা – আকাংক্ষা আদি বিয়ানামৰ মাজেৰে প্ৰতিফলিত হয়। তদুপৰি অসমীয়া তথা ভাৰতীয় পৰম্পৰা আৰু ঐতিহ্য – চেতনাও বিয়ানামৰ অন্যতম বৈশিষ্ট্য। ৰামায়ণ আৰু মহাভাৰত এই দুখনি মহাকাব্যৰ প্ৰভাৱ বিয়ানামবোৰত সুস্পষ্ট। যথাৰ্থতে ক’বলৈ গ’লে অসমীয়া সংস্কৃতিৰ কোঁহে কোঁহে এই মহাকাব্যৰ উপাদান প্ৰতিফলিত হৈছে।

অসমীয়া বিয়ানাম বোৰত ৰামায়ণৰ উপাদান বিশেষভাৱে প্ৰতিফলিত হয় মহাকাব্য খনৰ দুটি প্ৰধান চৰিত্ৰ তথা নায়ক – নায়িকা ৰাম আৰু সীতাক উপলক্ষ কৰি। বিয়া উৎসৱত বৰক ৰামৰুপে আৰু কইনাক সীতাৰুপে গণ্য কৰি বিভিন্ন বিয়ানামৰ সৃষ্টি হৈছে। ৰাম আৰু সীতাৰ আদৰ্শ মিলনৰ কথা উল্লেখ কৰি বৰ আৰু কন্যাক ভৱিষ্যত জীৱনত আদৰ্শ পতি – পত্নীৰুপে গঢ়ি তুলিবলৈ প্ৰেৰণা যোগোৱা হয়। বিয়ানামৰ আয়তী সকলে নাম দোহাৰোঁতে ৰাম ৰাম বা ঐ ৰাম এই শব্দ দুটা জাত লগাই গায় :

ৰাম ৰাম পাণত পত্ৰ লেখি

ৰাম ৰাম দিলেহি আইদেউ

ৰাম ৰাম পাণত পত্ৰ লেখি দিলে।।

ৰাম ৰাম সেই পত্ৰ খন

ৰাম ৰাম পাই ৰামচন্দ্ৰই

ৰাম অলঙ্কাৰ পঠিয়াই দিলে।।

বিয়া উৎসৱৰ বিভিন্ন সময়ত অৰ্থাৎ বৰ – কন্যাক নোৱাওঁতে, সজাওঁতে, কলৰ গুৰিত বৰক আদৰোঁতে, অধিবাস কৰোঁতে, কইনাক হোমৰ ওচৰলৈ আনোতে, হোমৰ গুৰিত সম্প্ৰদান কৰোঁতে, পানী তুলিবলৈ যাওঁতে – বিভিন্ন বিয়ানাম গোৱা হয়। বৰ অৰ্থাৎ দৰা নোওৱাৰ সময়ত আয়তী সকলে বিয়ানাম যোৰে এনেদৰে :

ওলাই আহা ৰামচন্দ্ৰ

এ হে দুৱাৰ দলি বাজে

ঘৰতে নোৱাব মাজে

এ হে নকৰিবা লাজে।।

অসমৰ সমাজ জীৱনত বিয়া উৎসৱত আ – অলঙ্কাৰ সাজ – পাৰৰ প্ৰাধান্য অধিক। দৰাৰ ঘৰৰ পৰা কন্যাক জোৰোণ পিন্ধাবলৈ আ – অলঙ্কাৰ, সাজ – পাৰ শৰাই ভৰাই দিওঁতে নামতীয়ে ৰাম আৰু সীতাৰ নাম উল্লেখ কৰি গায় এনেদৰে :

ৰামৰে ঘৰৰে       অয়ে অলঙ্কাৰ

আনিছোঁ শৰাই ভৰাই।

ভিতৰতে বহি        কি কৰা জানেকী

লোৱাহি মাথা দোঁৱাই।।

বিয়ানাম বোৰত ৰাম – সীতাৰ উল্লেখ কৰোঁতে অযোধ্যা, মিথিলা আদি নামৰ সংযোজনো কৰে। ৰাম – সীতাক আদৰ্শ সম্পতি ৰুপে কল্পনা কৰি আয়তীয়ে গায় এনেদৰে :

সীতাক লৈ ৰামচন্দ্ৰ অযোধ্যালৈ যায়।

নগৰৰ প্ৰজাসৱে বেঢ়ি বেঢ়ি চায়।।

ধনু ভাঙ্গি ৰামচন্দ্ৰে সীতাক লৈয়া যায়।

পৰ্শূৰামে যুদ্ধ কৰে বাটত লগে পায়।।

হোমৰ গুৰিত বহোঁতেও বৰ আৰু কন্যা যেন ৰাম আৰু সীতাৰ প্ৰতীকহে। হোমৰ গুৰিৰ কেতবোৰ বিয়ানাম অতি আকৰ্ষণীয় :

উঠোতে বহোতে        হোমতে ঘূৰোতে

ৰামচন্দ্ৰৰ লাগিছে দুখ।

সকলো দুখকে        গুচে ৰামচন্দ্ৰ

দেখিলে জানকীৰ মুখ।।

হোমৰে গুৰিতে         ঘূৰি সাতেবেলি

কৰে সাতেবেলি সেৱা।

ৰামে সুধিলে         ইন্দ্ৰ মালতী

তোমাক কিয় লাগে কোৱা।।

সুৱাগুৰি তোলা, পানী তোলা, দৰা আদৰা, আখৈ তোলা, আঙঠি সলোৱা, পাশা খেলা আদি বিয়া উৎসৱৰ অপৰিহাৰ্য্য অংগ। বাহী বিয়াৰ দিনা অৰ্থাৎ বিয়াৰ পাছদিনা দৰা – কন্যাই পাশা খেলোঁতে বাকী সকলে আনন্দ - উপভোগ কৰে। দৰা – কন্যাক আয়তী সকলে সেই সময়তি জোকাবলৈ নেৰে আৰু ৰাম – সীতাৰ নাম উল্লেখ কৰি এনেদৰে গায় :

পাতিলে পাশাৰ খেলা ৰামে সীতাই বহি।

সীতা ৰামে পাশা খেলে সাক্ষী আছে সখী।।

ডিঙিৰ সাতেসৰী ৰামে খেলাত দিলে আনি।

এই বেলিও হাৰিল চোৱা ৰাম গুণমণি।।

কন্যাক দৰাৰ ঘৰৰ আ – অলঙ্কাৰ পিন্ধাওঁতে আয়তী সকলে বিয়ানামৰ জড়িয়তে অলঙ্কাৰৰ বৰ্ণনা দাঙি ধৰে আৰু এই সময়তো ৰাম আৰু জানকী অৰ্থাৎ সীতাৰ নাম উল্লেখ কৰা হৈছে :

মায়েৰাৰ অলঙ্কাৰ থোৱাহে জানকী

পিতাৰাৰ অলঙ্কাৰ থোৱা হে

ৰামে দি পঠাইছে বিচিত্ৰ অলঙ্কাৰ

হাতে যোৰ কৰি লোৱা হে।।

বিয়ানামবোৰৰ মাজেৰে নাৰী মনস্তত্ত্ব, ৰুপ – লাৱণ্য আৰু যুৰীয়া জীৱনৰ প্ৰতি একান্ত অনুৰাগ প্ৰকাশিত হৈছে। ৰাম আৰু সীতাৰ নাম উল্লেখ কৰি দৰা আৰু কন্যাৰ মনৰ বতৰা দিয়ে এই বিয়ানাম সমূহে। প্ৰকৃততে ক’বলৈ গ’লে অসমীয়া বিয়া উৎসৱক পৱিত্ৰ কাৰ্য্যৰুপে গণ্য কৰি এই বিয়ানামবোৰ ৰচনা কৰা হয় আৰু অসমৰ সমাজ জীৱনৰ এটি নিটোল ছবি প্ৰতিফলিত হয় আৰু লগে লগে ৰামায়ণৰ উপাদানে এই বিয়ানামবোৰক কিদৰে প্ৰভাৱাম্বিত কৰিছে সেয়া সুন্দৰ ভাৱে পৰিস্ফূট হয় :

অলনি দলনি        পকা চপৰানি

আমাৰ হাতে ভৰি ভাগে।

তেওঁ নপতিয়াই        আমাৰ ৰামচন্দ্ৰই

তেওঁ বোলে জানেকীক লাগে।।

পদূলি মুখতে         বকুল ফুল ফুলিছে

তাৰ মাজে বেলৰে শাৰী।

চোৱা মূৰ দাঙি         আমাৰ ৰামচন্দ্ৰ

দেখিবা শহুৰৰ বাৰী।।

অসমীয়া লোক – সাহিত্যৰ অন্যতম অংগ। বিয়ানাম বোৰত ৰাম – সীতাৰ উপৰিও ৰাধা – কৃষ্ণ অথবা ৰাধা – ৰুক্মিণীৰ উল্লেখো বিভিন্ন ঠাইত পোৱা যায়। কেৱল বিয়ানামৰ ক্ষেত্ৰতে নহয়, বাৰমাহী গীত, বিয়াহৰ গীত, কুশান গান আদিতো ৰাম – কথাই বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। বাৰমাহী গীতবোৰৰ ক্ষেত্ৰত ৰাম – বাৰমাহী, সীতা – বাৰমাহী আদি অন্যতম। কেৱল অসমীয়া লোক – সাহিত্যৰ ক্ষেত্ৰতেই নহয়; বঙলা, উড়িয়া, তেলেগু, কাশ্মিৰী আদি ভাৰতীয় ভাষা সমূহৰ লোকগাঁথা তথা লোক – সাহিত্য সমূহতো ৰামায়ণৰ প্ৰভাৱ অপৰিসীম। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ হিন্দী ভাষা – ভাষী অঞ্চলতো ৰামায়ণৰ প্ৰধান চৰিত্ৰ দুটি ৰাম আৰু সীতাক কেন্দ্ৰ কৰি কেতবোৰ গীত প্ৰচলিত হৈ আছে যিবোৰ বিয়া আৰু অন্যান্য উৎসৱক লৈ ৰচিত হৈছে। উপনয়ন, চূড়াকৰণ আদি অন্যান্য উৎসৱ – পাৰ্বনতো ৰাম আৰু সীতাৰ উল্লেখ আছে।

অসমীয়া সমাজ তথা সংস্কৃতিৰ বিশেষ প্ৰতিফলন ঘটোৱা উৎসৱ বিয়াক উপলক্ষ কৰি অলেখ গীত ৰচিত হৈছে যিবোৰে মানুহৰ মনস্তত্ত্বৰ প্ৰতিফলন ঘটোৱাৰ উপৰিও সামাজিক ঐতিহ্য আৰু পৰম্পৰাৰ দিশটো প্ৰতিফলিত কৰিছে। অসমীয়া লোক – সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বিবাহত ৰামায়ণৰ যি উপাদান প্ৰতিফলিত কৰিছে সি সঁচাকৈয়ে লোক – পৰম্পৰাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। ইয়াৰ জড়িয়তে মহাকাব্য খনৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ (অসমীয়া সমাহ আৰু সংস্কৃতিৰ ক্ষেত্ৰত) সহজেই অনুমেয়।

 

লেখক : ড° দীপ্তি ফুকন পাটগিৰি।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

অসমৰ পৰম্পৰাত থিয় নাম বা জুনা (দিহা) নাম-

 

কেৱল ভকতি        পুৰুষক তাৰে

সহায় কাকো নচাৱে।

জ্ঞান – কৰ্মভাৱে        তাৰিতে নপাৰে

ভকতি নপাৰে যাৱে।।

মহাপুৰুষ মাধৱদেৱৰ নামঘোষাত উল্লিখিত উক্ত উল্লেখৰ পৰা জানিব পৰা হয় যে ভক্তি অবিহনে মনুষ্য প্ৰাণীৰ তৰণৰ বাট বা পথ বন্ধ। শাস্ত্ৰ অনুসৰি ভক্তি নবিধ। যেনে – শ্ৰৱণ, কীৰ্তন, সেৱা, অৰ্চন, বন্দন, স্মৰণ, সখিত্ব, দাস্য আৰু আত্মনিৱেদন। এই নবিধ ভক্তি তিনি ভাগত বিভক্ত। যেনে – কায়িক, বাচিক আৰু মানসিক। কায়িক ভগৱত ভক্তি (অৰ্চন, বন্দন, সেৱা) বাচিক ভগৱত ভক্তি (প্ৰভুৰ গুণ নামে কীৰ্তন) আৰু মানসিক ভগৱত ভক্তি (শ্ৰৱণ, স্মৰণ, দাস্য, সখিত্ব, আত্মনিবেদন)। এই নবিধ ভক্তিৰ শ্ৰৱণ – কীৰ্তনেই হ’ল প্ৰথম – দ্বিতীয়। এই দুয়োবিধ ভক্তি নকৰিলে মনুষ্যই ভক্তিৰ দিশত প্ৰৱেশ কৰিব নোৱাৰে। সেয়ে মনুষ্যৰ বাবে পৰম আৰাধ্য পৰমেশ্বৰৰ নাম, গুণ, লীলা, শ্ৰৱণ, কীৰ্তন কৰা মুখ্য উদ্দেশ্য। বৰগীততো মাধৱ পুৰুষে পূৰ্ণ মত দি কৈছে যে তুমি প্ৰভু নিৰ্গুণ গুণৰো সীমা নাই, নিৰ্গুণ হোৱন্ত জীৱ তুৱা গুণ গাই।

এনেবোৰ পটভূমিতে অসমত পৰম্পৰাগত ভাৱে নাম – কীৰ্তনৰ অনুষ্ঠানৰ প্ৰচলন হৈ আহিছে। এই সমূহৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে সম্যক গৱেষণা হোৱাৰ নথি পোৱা নাযায়। অসমত পৰম্পৰাগত ভাৱে বেদ, উপনিষদকে প্ৰমুখ্যে কৰি শাস্ত্ৰ সমূহৰ অধ্যয়ন তথা চিন্তা – চৰ্চা আৰু পাঠৰ আধাৰতে নাম – কীৰ্তনৰ বিভিন্ন প্ৰক্ৰিয়াই গঢ় লৈ উঠা বুলি গৱেষক সকলে মত ব্যক্ত কৰি আহিছে। শংকৰ – মাধৱ প্ৰমুখ্যে মহাপুৰুষ সকলে অসমত নাম – কীৰ্তনৰ অধিক প্ৰসাৰ ঘটোৱা বুলি নিসন্দেহে উল্লেখ কৰিব পাৰি। আনহাতে অসমত পৰম্পৰাগত ভাৱে প্ৰচলিত ওজাপালি, ঢুলীয়া আদি লোক – সংস্কৃতিৰ সমল সমূহক নাম – কীৰ্তনত সমাৱেশ ঘটাই ইবোৰক অধিক বিকশিত কৰিছিল। অসমত পাল নামৰ পৰম্পৰা মহাপুৰুষ সকলৰ অৱদান বুলি কোৱা হৈছে। হাতী ধৰা ৰাজকোষত মাধৱ পুৰুষ আৰু হাৰিজোৱাইক বন্দী কৰি নিয়াত মাধৱদেৱৰ কুশল প্ৰত্যাৱৰ্তনৰ বাবে মহাপুৰুষ শংকৰদেৱে সাত দিনীয়াকৈ পাল নাম পতাৰ উল্লেখ আছে। অৱশ্যে এই নাম থিয় হৈ নে বহি নিৱেদন কৰা হৈছিল সেই বিষয়ে সঠিককৈ জনা হোৱা নাই। আনহাতে ভক্ত সকলে যক্ষৰ উৎপাতত কলয়বিলত স্নান কৰিব নোৱাৰা হোৱা আৰু আনকি উক্ত বিলেৰে অহা – যোৱা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱাত আৰু সেই বিষয়ে মাধৱপুৰুষক জনোৱাত্ত কলয়বিলৰ পাৰত সাতদিন ধৰি পাল নামৰ ব্যৱস্থা কৰা হৈছিল আৰু যক্ষ আঁতৰি যাবলৈ বাধ্য হৈছিল বাবেই কলয়বিলৰ পাৰৰ পাল নাম গোৱা স্থান যক্ষ খেদা ভেটি বুলি উল্লেখ আছে। উক্ত পালনাম থিয় দি তথা বিভিন্ন মুদ্ৰাৰে গোৱাৰ উল্লেখ আছে (১৫৭৩ খ্ৰীঃত)। উক্ত পালনামৰ আধাৰতে পিছলৈ মাধৱপুৰুষে সুন্দৰীদিয়াত বীৰ – নাম সৃষ্টি কৰিছিল বুলি উল্লেখ আছে। এই বীৰ – নামৰ প্ৰচলন পিছলৈ সুন্দৰী দিয়াৰ পৰা নামনি অসমৰ বজালীকে প্ৰমুখ্য কৰি বিভিন্ন স্থানত হৈছিল আৰু ক্ৰমে সম্প্ৰসাৰণ ঘটিছিল। এই নামৰ আধাৰতে বহা নাম, থিয় নাম বা জুনা নাম, বিভিন্ন ৰাগ – পদ, গীতৰ উপৰি খঞ্জুৰীৰে গোৱা গীত, ভোৰতালেৰে গোৱা নামৰ উত্থান আৰু সম্প্ৰসাৰণ ঘটিব পাৰে বুলি উল্লেখ কৰিব পাৰি। আনহাতে থিয় নাম বহা নামৰে সম্প্ৰসাৰিত আৰু সংবৰ্দ্ধিত ৰুপ বুলিও বহুতে ধাৰণা কৰি আহিছে। থিয় নামত জুন বা দিহা থাকে বাবে অঞ্চল বিশেষে থিয় নাম জুনা নাম বা দিহা নাম বুলি প্ৰচলিত। বহা নাম পৰিৱেশনৰ আগেয়ে সমুখত ঠাই মচি – কাচি পৱিত্ৰ কৰি, ভগৱানৰ উদ্দেশ্যে থাপনা পতা হয়। তাত বন্তি, ধুপ – ধূনা জ্বলাই, তাৰ সন্মুখত ঢাৰি আদি পাৰি পাঠক আৰু পালিসকলে বহি নিৰ্দিষ্ট নামেৰে নাম আৰম্ভ কৰে। এই আৰম্ভণি নামক নাম ডাকা বুলি কোৱা হয়। নাম ডাকি শৰণ – ভজন – প্ৰাৰ্থনা নাম গোৱা হয়। নাম আৰম্ভ কৰাৰ আগেয়ে পাঠকজনে তালেৰে ঘাট বা ধ্বনি তোলে আৰি পালিসকলে হাত চাপৰিৰে তালৰ ছন্দৰ লগত মিলোৱাৰ পিছতহে পাঠকে নাম বা নামৰ পাতনি মেলে। বহা নামতো এগৰাকী দাইনাপালি থাকে। নাম ডাকাৰ সময়ত পাঠক আৰু পালি সকলে থাপনাক সন্মুখ কৰি বহে। পাঠক গৰাকী মাজত আৰু দাইনাপালি গৰাকী পাঠকৰ কাষত বা পাঠকৰ ঠিক পাছ পিনে বহে। ডাকা নামটো কিছু চুটি হয়। নাম ডাকাৰ পিছত এটি বা দুটি নাম গোৱা হ’লে পাঠকক মাজত লৈ পালি সকলে বৃত্তাকাৰে বহে আৰু নাম গায়। পাঠক গৰাকী থাপ্নাক সন্মুখ কৰি বহে। তেওঁৰ কাষত সোঁফালে দাইনাপালি বহে। ডাকা নামত তাল প্ৰাৰম্ভৰ পৰা শেষলৈকে বজোৱা হয়। পালিসকলৰ মাজত পাঠক গৰাকী থিয় হৈ নাম লগোৱা বা দিয়া কাৰ্য সম্পন্ন কৰে। থিয় হোৱাৰ আগেয়ে ভগৱানক আৰু দাইনাপালি গৰাকীক পাঠকে সেৱা কৰে। পিছত তাল থৈ সমজুৱাকে প্ৰণাম জনাই নাম আগবঢ়াই নিয়ে। নামৰ শেষৰ পিনে দ্ৰুত লয়ৰ সময়ত পাঠকে পুনৰ তাল বজাই নাম শেষ কৰে। থিয় হৈ নাম আগ বঢ়াই নিয়াৰ সময়ত হাতৰ বিভিন্ন মুদ্ৰাৰে সমজুৱাক নামৰ কথাবস্তু বুজাই দিয়ে। এনেদৰে নাম পৰিৱেশন কৰাৰ পিছত অৰ্থাৎ নাম পৰিৱেশন কৰাৰ শেষত থোৱানাম দিয়ে। থোৱানামতো আৰম্ভণিৰ পৰা শেষলৈকে তাল বজোৱা হয়। নাম ডাকাৰ আগেয়ে আৰু নাম থোৱাৰ পিছত হৰিধ্বনি দিয়া হয়। এই হৰি ধ্বনি পাঠক গৰাকীয়ে লগাই দিয়ে আৰু পালি সকলৰ লগতে উপস্থিত সকলে ধৰে। পাঠকে থিয় হৈ নাম দিয়াৰ সময়ত দাইনা পালি গৰাকীয়ে পাঠকক সহায় কৰে। । নামৰ বিশেষ অংশবোৰ পাঠকৰ সুৰত সুৰ লগাই দাইনা পালিয়েই লগাই দিয়ে, ইয়াক সুৰ টনা বুলি কোৱা হয় নামনি অসমৰ স্থানভেদে এনেবোৰ প্ৰক্ৰিয়াৰ কিছু তাৰতম্যও লক্ষ্য কৰা যায়। কিন্ত মূল প্ৰক্ৰিয়া প্ৰায় ঠিকেই থকা লক্ষ্য কৰা হয়। এনেদৰে বহা নাম দিয়াৰ পিছতহে থিয় নাম পৰিৱেশন কৰা হয়। পোনে পোনে থিয় নাম পৰিৱেশন কৰা দেখা নাযায়।

থিয় নামৰ বাবে এখন খলা থাকে। ইয়াক খলা ৰখা বা খলা থোৱা বুলিও কোৱা হয়। এই খলাত পাঠক জনে নৃত্য বা মুদ্ৰা ভংগি আদিৰে নামৰ পদবোৰ ধৰ্ম প্ৰাণ সমজুৱাক বুজোৱা বা শুনোৱাৰ বাবে কৰা হয় বুলি সাধাৰণতে ধাৰণা কৰা হয়। কিন্ত খলা খনৰ বিশেষ তাৎপৰ্য আছে। খলাখন একৈশ হাত দীঘল আৰু চাৰি হাত পথালি হ’ব লাগে। এই খলা খনত পাঠক গৰাকীয়ে পদাৰ্পণ কৰাৰ সময়ত তেওঁৰ গাত কুৰিটা সদ্‌জ্ঞানৰ উদয় হ’ব লাগে। গীতাৰ মতে কুৰিটা সদ্‌জ্ঞান যাৰ দেহত লম্ভে তেতিয়া পূৰ্ণজ্ঞানী নহ’লেও অজ্ঞানতা বিনাশ হৈ বিজ্ঞানত একৈশ হাতৰ খলাখনেৰে আগুৱাই গৈ, বিজ্ঞানত অনুভূৰি হৈ কৃষ্ণ প্ৰেমত প্ৰেম জন্মি ভগৱানৰ অৰ্থে পতা থাপনাৰ সন্মুখত গলস্ত্ৰ হৈ সেৱা জনাব আৰু ভগৱান প্ৰেমৰ পৰমাৰ্থযুক্ত পদবোৰ পৰিৱেশন কৰি কৰি আকৌ খলাৰ গুৰিলৈ আহিব। এই একৈশ সংখ্যাত অহা – যোৱা কৰোঁতে একৈশ দুগুণ বিয়াল্লিছ সংখ্যাত তেওঁৰ গতি হ’ব। এই বিয়াল্লিছ সংখ্যা হ’ল – চাৰি বেদ, চৈধ্য শাস্ত্ৰ, ওঠৰ পুৰাণ, ছয় দৰ্শন। এই গতি – বিধি অনুসৰণ কৰি তেওঁ ভক্তি প্ৰেমৰ প্ৰেমিক হ’ব। খলা খনৰ পথালি চাৰি হাতৰ অৰ্থ হ’ল চাৰি বৰ্গ। যেনে – ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। এই চাৰি গুণৰ অধিকাৰী পাঠক গৰাকী হোৱা উচিত। তেতিয়াহে তেওঁ তেওঁৰ সৎ কাৰ্যত সিদ্ধি লাভ কৰিব। খলাৰ সন্মুখত বহা নামৰ দৰে থাপনা থাকিব। এই খলাৰ পিছ পিনে নাম গোৱা দলটো পাঠক সকল আৰু দাইনা পালি সমন্বিতে পালি সকল থিয় হ’ব। পালি সকলে প্ৰত্যেকে নিৰ্দিষ্ট স্থানত থিয় হৈ মণ্ডল আকাৰ গ্ৰহণ কৰিব। পাঠক গৰাকীয়ে সকলোৰে মাজত থিয় হৈ হাতত তাল ধৰি বিলম্বিত লয়ত তালৰ বোল বজাব। সোৱা কাৰ্য্যৰ অংশ হিচাপে পাঠকে ভূমি বা পৃথিৱীৰ লগতে থাপনাৰ ওচৰলৈ গৈয়ো সেৱা জনায়। পাঠক জনে গোৱা পদৰ শেষ অংশ দাইনা পালিয়ে একে সুৰতে মিলাই আনি প্ৰথমে গোৱা জুনা বা দিহাত মিলাই পালি সকলক দিব আৰু পালি সকলে প্ৰথমে গোৱা জুনাটো পুনঃ পুনঃ গাই যাব। প্ৰসংগ ক্ৰমে উল্লেখনীয় যে খলাৰ দুয়োফালে নামৰ ভক্তপ্ৰাণ সকলে আসন গ্ৰহণ কৰে। পুৰুষ সকলে এটা ফালে বহিলে আনটো ফালে মহিলা সকলে আসন গ্ৰহণ কৰাৰ পূৰ্বাপৰ পৰম্পৰাও লক্ষ্য কৰা হয়। সময়ৰ বিৱৰ্তনত এনেবোৰ কাৰ্য্যৰ পৰিৱৰ্তন আৰু পৰিবৰ্দ্ধন হোৱাও লক্ষ্য কৰা হয়। জুনা বা থিয় নামৰ তিনিটা স্তৰ বিদ্যমান। প্ৰথমে বিলম্বিত লয়ত জুনা বা দিহাটো দি, সেই ক্ৰমত কিছু পদ গাই, দ্বিতীয় স্তৰত মধ্য লয়ত অৰ্থাৎ প্ৰথমৰ জুনাতকৈ কিছু খৰ মাত্ৰাত আকৌ ভিন্ন সুৰত দিহা লগোৱা হয়। ইয়াক উঠন দিহা বোলে। এই ক্ৰমটো কিছু পদ গাই তৃতীয় স্তৰত পাঠকে তাল বজাই কীৰ্তনৰ খল (খৰকৈ হাত চাপৰি বজোৱা হয়) লগাই দ্ৰুত লয়ত নাম শেষ কৰিব। এই তৃতীয় স্তৰক জুমুৰি বোলা হয়। প্ৰথমে পাঠকে জুনা লগোৱাত সেই জুনাটো অলংকৃত কৰাৰ বাবে তেওঁ সৰু সৰুকৈ তাল বজাই শ্ৰোতা সকলৰ প্ৰাণত আনন্দৰ লহৰ তুলি, পদ গোৱাৰ সময়ত হাতৰ তাল যোৰকো থয়। তাৰ কাৰণ পদ গাওঁতে পাঠক জনে মুদ্ৰা আৰু বিভিন্ন ভংগিৰে পৰমাৰ্থযুক্ত পদবোৰ সুশ্ৰাব্য লয়ত গায় আৰু শ্ৰোতাসৱে কৰ্ণদ্বাৰে হৃদয়ংগম কৰি শ্ৰৱণ কৰে। সেই সময়ত তালৰ বাজনা থাকিলে শ্ৰৱণৰ ক্ষেত্ৰত শ্ৰান্তিবোধ নহ’ব পাৰে বুলি হাতৰ তাল যোৰকে বন্ধ ৰখা হয়। থিয় নামত দাইনাপালিৰ অন্য এক মুখ্য ভূমিকা হ’ল – পাঠকে পদ আদি গাওঁতে পদৰ কোনো অংশ বাদ আদি পৰিলে বা পাঠকে হঠাৎ পাহৰা যেন হ’লে শুধৰাই বা মনত পেলাই দিয়ে। দাইনাপালিয়ে পালি সকলৰ মধ্য স্থানত অৱস্থান কৰে যদিও তেওঁ সতৰ্কতাৰে পাঠকৰ সকলো কাৰ্য্য নিৰীক্ষণ কৰে। যদিও তেওঁ নিজৰ সায়িত্বও পালন কৰে। দাইনাপালিৰ লগতে পালি সকলেও হাত – ভৰিৰ প্ৰক্ষেপ আদি কাৰ্য্য একক ভাৱে সমন্বিত ভাৱে চালিত কৰিব লাগে। কোনো ক্ষেত্ৰতে যাতে তাল ভংগ নহয় তাৰ বাবে দাইনাপালিয়ে পালি সকলৰ কাৰ্য্যও নিৰীক্ষণ কৰে। সেয়ে জ্যেষ্ঠ, বুদ্ধি সম্পন্ন আৰু মেধা থকা জনকহে দাইনা পালিৰ দায়িত্ব দিয়া হয়। সাধাৰণতে পাঠক পৰ্যায়ৰ পৰা উন্নীত হৈহে দাইনা পালিৰ আসন অলংকৃত কৰাৰ নিয়ম। পূৰ্বে বীৰ নামৰ বিষয়ে উল্লেখ কৰা হৈছে। উক্ত বীৰ নামত দাইনা পালি নাথাকে। এই দিশেৰে চালে থিয় নামৰ বিশেষত্ব তাৎপৰ্যপূৰ্ণ। থিয় নামৰ আন এক বিশেষ অংগ হ’ল ৰাগ টনা বা ৰাগ গোৱাৰ পৰম্পৰা। ই থিয় নামৰ অন্যতম প্ৰধান অংগ। প্ৰথমে থিয় নাম পৰিৱেশন কৰাৰ পিছত ৰাগ গাব লাগে। ৰাগ – ৰাগিনীৰ সংখ্যা বিয়াল্লিছটা বুলি জনা যায়। সেই সমূহৰ ভিতৰত শ্ৰীগৌৰী, পাখৰিয়া, সিন্ধুৰা, বসন্ত, কৌ, ভৈৰৱী, কেদাৰ, আহিৰ, আসোৱাৰী আদি অন্যতম। প্ৰত্যেক ৰাগ গোৱা সময়ত ৰাগৰ হুংকাৰ, ৰাগ। পাতনি, জুনা, মালতি আৰু দিহা এই ছয়টা স্তৰেৰে ৰাগ গোৱা হয়। পূৰ্বে বজালী অঞ্চলৰ চোতালী, চতেলি বা চতেৰা নামৰ থিয়নাম সদৃশ এবিধ নাম থকাৰ উল্লখো পোৱা যায়। এই বিধ নাম ইতিমধ্যে কালৰ বুকুত হেৰাই গৈছে। উক্ত থিয় নামৰ সুৰ, লয় আদিৰ আকাৰ ভিন ভিন। নামৰ পদবোৰ কীৰ্তন, নামঘোষা, গীতা, ভাগৱত, মহাভাৰত, ৰামায়ণ আদিৰ পৰা চয়ন কৰি গোৱা হয়। নাম গোৱাৰ উপলক্ষ্যও নথকা নহয়। অধ্যয়ন কৰি পোৱা গৈছে যে বিভিন্ন উৎসৱ – পাৰ্বণৰ উপৰি পুণ্য মাহ, জন্ম আৰু মৃত্যুক কেন্দ্ৰ কৰি, পৰিয়ালৰ বিভিন্ন শুভ বা মাংগলিক কাৰ্য্য, গৰু – বাচুৰৰ, মংগল কামনা, সত্যনাৰায়ণ ব্ৰত আদিতো থিয়নাম পৰিৱেশন কৰা হয়। এই সমূহৰ উপৰি প্ৰতি গাঁৱৰ গঞা ৰাইজে সমূহীয়া ভাৱে প্ৰতি বছৰে ৰাইজ নাম বুলি নাম ধৰাৰ পৰম্পৰাও চলি আহিছে। থিয় নামৰ শেষত আৰু ৰাগ গোৱাৰ পিছত থোৱা নাম পৰিৱেশন কৰা হয়। নাম থোৱাৰ সময়ত বহানামৰ দৰে পাঠক, দাইনা পালি আৰু পালি সকলে পুনৰ থাপনাত সন্মুখ কৰি বহি থোৱানাম দিয়ে বা ধৰে। থোৱানাম চুটিকৈ ধৰা হয়। থীয় নাম পুৰুষ সকলৰ মাজতহে প্ৰচলিত। নামনি অসমত তিৰোতা সকলে নাম গোৱা বা ধৰাৰ পৰম্পৰা পূৰ্বৰে পৰা প্ৰচলিত যদিও থিয়নাম গোৱাৰ পৰম্পৰা দেখা নাযায়। বহা নাম গোৱা প্ৰথাহে আছে। উক্ত নামক পাঠ্‌কেনীৰ নাম বুলিও কোৱা হয়। পূৰ্বে নামনি অসমত বিহুনামৰ আয়োজন কৰা হৈছিল। বিহু নাম বুলি ক’লেও উক্ত নাম থিয়নাম, বহানাম, পাঠ্‌কেনীৰ নামতে সীমাবদ্ধ আছিল। থিয়নাম একমাত্ৰ বাদ্য হ’ল তাল। এই তাল কাঁহৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে নামনি অসমৰ সৰ্থেবাৰীতহে নিৰ্মাণ বা তৈয়াৰ কৰা হৈছিল। অন্য ধাতুৰে তৈয়াৰ কৰা তাল থিয়নামত ব্যৱহাৰ কৰা নহয়। খঞ্জুৰী নাম, নাগৰা নাম আদিৰ অনুষ্ঠান সাম্প্ৰতিক কালৰহে। ই পৰম্পৰাগত ভাৱে চলি অহা নাম প্ৰথা বুলি ক’ব নোৱাৰি। অৱশ্যে নাগৰা নামৰ ব্যাপক উত্থানৰ লগে লগে থিয়নামৰ প্ৰচলন হ্ৰাস পাই আহিছে। থিয় নামৰ অন্যতম অংগ ৰাগ গোৱা প্ৰথা প্ৰায় বন্ধ হ’বৰ উপক্ৰম হৈছে। ৰাগ গোৱা অতি কঠিন হোৱা বাবে থিয় নামৰ দলেও ক্ৰমে ৰাগ গোৱা বা পৰিৱেশন নকৰাৰ মানসিকতাই স্থান লাভ কৰিবলৈ লৈছে। পৰম্পৰা আদিৰ জ্ঞানৰ অভাৱৰ হেতু থিয় নামৰ লগত আন বাদ্য যন্ত্ৰ, যেনে সৰু – বৰ তাল বজোৱা, টকা ব্যৱহাৰ কৰা, সৰু সৰু নাগৰা ব্যৱহাৰ কৰা অতি সাম্প্ৰতিক ভাৱে লক্ষ্য কৰা হৈছে। পৰম্পৰাগত থিয় নামৰ সংৰক্ষণ, সংবৰ্দ্ধন আদি কৰা নহ’লে অদূৰ ভৱিষ্যতে ৰাগ প্ৰধান ………।

তলত নাম ডাকা, নাম আৰু নামৰ ৰাগ আৰু থোৱানামৰ এটিকৈ উল্লেখ কৰা হ’ল।

নাম ডকা (বহা আৰু থিয় নামৰ বাবে)

(পাঠকে তাল ধৰি)  কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম,

প্ৰাণ কৃষ্ণ হৰি ৰাম হৰি ৰাম।

(পালি সকলে)     কৃষ্ণ হৰি ৰাম হৰি ৰাম নাৰায়ণ।

(পাঠকে)         অনন্ত অচ্যুত সনাতন নাৰায়ণ।।

শৰণ (নাম)

যাদৱ যদুনন্দন মাধৱ মধূসুদন (মধূসুধন)।

তুনি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাতে লৈলা শৰণ।।

ইবাৰ কৰুণাময়, হৰি কমলাপতি, মোৰে নচাৰিবা নাৰায়ণ।

অৰুণ চৰণ তলে, হৰি কমলাপতি, সত্যে সত্যে পশিলো শৰণ।।

ইবাৰ কৰুণাময় নকৰা নৈৰাশ।

ছাৰো মায়া কৰা দায়া, ভৈলো, তোমাৰ দাস।।

ইবাৰ নেৰিবা মোক বান্ধৱ হে।

চৰণে শৰণ লৈলো মাধৱ হে।।

হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ।

মানৱী জনম সফল কৈলো এ হৰি নাৰায়ণ।।

ভজন (নমা) বা ঈশ্বৰ নিৰ্ণয়

প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।

সমন্তৰে (সমস্তৰে) আত্মা হৰি পৰম বান্ধৱ।।

(শৰণ)  হে কৃষ্ণ তযু পাৱে পশিলো শৰণ।

মই অনাথৰ নাথ তুমি নাৰায়ণ।।

(ভজন)  নাৰায়ণ হৰি ৰাম গোপাল গোৱিন্দ।

ভজোহো তোমাৰ দুই পদ অৰৱিন্দ।।

(নমস্কাৰ) নমো হৰি নাৰায়ণ ৰাম ৰাম ৰাম।

সৰ্ব ধৰ্ম শিৰোমণি তুৱা গুণ নাম।।

বন্দোহো মাধৱ ৰাম মুকুন্দ মাধৱ।

যাক সুমৰণে তৰি পাপ পৰাভৱ।।

নমোকি নমো ৰাম নামো নাৰায়ণ।

অনাদি অনন্ত সন্ত শিৱ সনাতন।।

জয় নমো নাৰায়ণ দৈৱকী নন্দন।

পৰম পুৰুষ সদাশিৱ সতানত।।

(নাম ছন্দ) গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ ৰাম মুৰাৰি।

অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী।।

গোবিন্দ ৰাম মুৰাৰি এ জয় মুকুন্দ ৰাম মুৰাৰি।

ভকতি বোচন (বচন), দুখ বিমোচন, ভকতৰ ভয়হাৰী।।

পৰম পুৰুষ আনন্দ পৰম গুৰু মুৰাৰি।

অনাদি অনন্ত অচ্যুত গোবিন্দ ভকতৰ ভয়হাৰী।।

এ জয় মাধৱ এ মোৰে প্ৰাণ জীৱৰে জীৱন নাৰায়ণ।

ভকতৰ ধন তযু অৰুণ চৰণ।।

থিয় নাম (জুনা বা দিহা, পদ, উঠনি, পদ আৰু জুমুৰিসহ)

(জুনা বা দিহা) প্ৰাণ কৃষ্ণ ও আমি তুৱা দাসৰ দাস,

নিজ দাস বুলি দিয়া পদধূলি, দিয়া চৰণত বাস।

তোমাৰ চৰণ, বিনে নাৰায়ণ, নাহি আন অভিলাষ।।

(পদ)  নমো কৃষ্ণ দেৱ, পাপী বুলি কেৱে, মোক মোৰ নবোলয়।

পতিত পাৱন, জানিয়া তোমাত, আপুনি গৈলো বিক্ৰয়।।

নমো হৰি পদ, পংকজ যুগল, বিমল সুখ সাগৰ।

অনাদি অনন্ত, সপ্ত সদাশিৱ, ভগৱন্ত ভয়হৰ।।

মোহ মায়া ৰাগ, মদমল কাম, দম্ভ দ্বেষ আদি ভাৱ।

যি গুৰু জনত, ইসব নাথাকে, প্ৰণামো তাহান পাৱ।।

জয় যদুপতি, গোপাল গোবিন্দ, যাদৱ মাধৱ ৰাম।

ভকতৰ ধন, জীৱনৰ জীৱন, চৰণে কৰো প্ৰণাম।।

নমো নিত্যানন্দ, জগত কাৰণ, বাসুদেৱ ভগৱন্ত।

নিত্য শুদ্ধ বুদ্ধ, কাম অনিৰুদ্ধ, পুৰুষ প্ৰভু অনন্ত।।

ৰাম নিৰঞ্জন, দানৱ গঞ্জন, ভকত ৰঞ্জন দেৱ।

তুমিসে পৰম, গুৰু নাৰায়ণ, তুৱা পাৱে কৰো সেৱা।।

(উঠনি) মোৰ কৰম দোষে হৰালো হৰিৰ চৰণ, ও মোৰ

বিবেক বিহীন মন আৰু কোন দিনা তই ভজা নামধন।

হৰি নাম এৰি হবি সংসাৰে পতন।

(পদ)  ৰাম কৃষ্ণ নাম, ধৰ্ম অনুপাম, হৃদয়ে যিটো সুমৰে।

যত মহাপাপ, নাম অপৰাধ, সব মষিমূৰ কৰে।।

মোৰ সংসাৰৰ ঔষধ হৰিৰ, তেজিয়া নাম সম্প্ৰতি।

আৱৰ কমন, উপায়ে পণ্ডিতে লভিবে আপোন গতি।।

মোৰ ভক্তিযুক্ত, যোগীৰো জানিবা, মোতেসে চিত্ত যাহাৰ।

জ্ঞান কৰ্ম বিনে, কেৱল ভকতি, পাৱয় সংসাৰ পাৰ।।

কেৱল ভকতি, পুৰুষক তাৰে, সহায় কাকো নচাবে।

জ্ঞান কৰ্ম তাৱে, তাৰিতে নপাৰে, ভকতি নপাৰে যাৱে।।

দুষ্ট কলিসৰ্পে, সবাকো দংশিলে, হৰাইল চেতন জ্ঞান।

ইহাৰ ঔষধ, সুধা ৰাম নাম, বিনে নাহি নাহি আন।।

(জুমুৰি) ধৰিবা নেৰিবা হৰিৰ নাম।

তবেসে সফল হবো মনুষ্য জনম।।

হৰিনামে যত পাপ সংহাৰিতে পাৰে।

ততেক পাতকী পাপ কৰিতে নাপাৰে।।

অনন্ত নাৰদ শুক সনত কুমাৰ।

তাৰা গাৱে হৰি যশ জানি যোগ সাৰ।।

ৰাম কৃষ্ণ নামৰ দেখিও কেনে বল।

অধমক কৰে নামে পৰম মংগল।।

হৰি নামে নাহিকে নিয়ম অধিকাৰী।

ৰাম বুলি তৰে মিৰি আহম কছাৰী।।

ৰাগৰ হুংকাৰ বা ৰাগ টানা (বাছা)

প্ৰাথমিক কাৰ্য্য :

(পাঠক)  ও কৃষ্ণহৰি ৰাম ৰাম, ৰাম অহ-হ-হ-হয় ৰাম হৰি ৰাম

হুংকাৰ (দাইনাপালিৰ দ্বাৰা) অহ-হ-হ-হয় ৰাম হৰি ৰাম

(পালি)   অহ-হ-হ-হয় না-না-না

(পাঠক)  ই-হি-হি-হি-হি মোৰে প্ৰাণ গোপীনাথ গোবিন্দ হৰি

(দাইনাপালি) আ-হা-হা-হায় ৰাম হৰি ৰাম, গোবিন্দ হৰি

(পালি)   আহা-হা-আহা-হা, আহা-হা-হায় ৰাম হৰি ৰাম ৰাম, গোবিন্দ হৰি

(পাঠক)  ঐনা ঐনা আহা আহায় ৰাম হৰি ৰাম ৰাম

(দাইনাপালি) আহা হা, ঐনা ঐনা ৰাম হৰি ৰাম ৰাম

(পালি)   ওপৰৰ নিয়মে ধৰি হুংকাৰ শেষ কৰিব, এনেদৰে ৰাগ টনাৰ পিছত পাঠকে ৰাগ বাছিব বা কি ৰাগত নাম পৰিৱেশন কৰিব সেই বিষয়ে সিদ্ধান্ত লৈ দাইনাপালিক জনাব, তেওঁৰ সন্মতিৰ পিছত পালিদকলক জ্ঞাত কৰি পাঠকে ৰাগ প্ৰধান নাম আৰম্ভ কৰিব। তলত গৌৰী ৰাগৰ নাম এটি উল্লেখ কৰা হ’ল।

(পাঠক)  আহা-হা-হায় না-না-না, ও হৰি ৰাম ৰাম ৰাম ৰাম, আহা হায় ৰাম ৰাম ৰাম।

(দাইনাপালি)  ৰাম এ-হে-হে এ-হে-হে-হে-হে আহা-হা-হায়-ৰাম ৰাম ৰাম

(পাতনি)   ওহে মোৰে প্ৰাণৰ স্বামী অ’ কি দোষে তেজিলা মোকে অ’ প্ৰাণৰ স্বামী

(এই পাতনি পাঠকে মেলিব বা টানিব)

জুনা : অৱলা মই নাৰী জাতি        তেজিহালা প্ৰাণ পতি।

দয়া ধৰ্মই এৰিলেকে তোকে।

(আহাৰে) : জনক ৰজা মোৰ পিতা মোৰ নাম থৈলা সীতা।

অভাগিনী তোমাক পাইলো স্বামী।

কি কৰিলো তোমাৰ দোষ         দিলা প্ৰভু বনবাস

দয়া ধৰ্ম এৰিলাহা তুমি।।

অভাগিনী কৰ্ম দোষে         তেজিলাকা প্ৰভু মোকে

এয়ে মোৰ কপালৰ লিখন।

জনমিয়া দুখ মোৰ         দুখৰ নাহিকে ওৰ

কিয়নো মোৰ নহৈল মৰণ।।

নাই বন্ধু-বান্ধৱগণ        সিংহ বাঘ অগণন

কোনে মোক কৰিব ৰক্ষণ।

জানিলো মোক পালে কালে        মৃত্যু হৈব’ অকালে

আৰ নাপাও তোমাৰ চৰণ।।

(মালিতা)   জয়দেৱে গাৱে গীত হাতে তাল ধৰি।

ৰাগৰ মালিতা কও শুনা মন কৰি।

কিমতে জন্মিল ৰাগ শুনা কৰ্ণপতি।।

বিধিৰ নিৰ্বন্ধে সীতা বনবাসে গৈলা।

সীতাক বনে থৈ লক্ষণ ঘৰে চলি আইলা।।

অকলসৰে বনমাজে সীতা পটেশ্বৰী।

হা প্ৰাণনাথ বুলি কান্দে ডাকচাৰী।।

সিংহ বাঘ মহিষ যে দেখি ভয়ংকৰ।

তাক দেখি সীতা দেৱী কম্পে থৰ থৰ।।

সেই স্থানে বনমাজে পশু – পক্ষী গণ।

সীতাৰ ক্ৰন্দন শুনি আইলা সেই স্থান।।

ৰাজহংসগণে সীতা দেৱীৰ ওপৰে।

ৰৌদ্ৰতাপ ঢাকিলেক অতি দয়াতৰে।।

মাথায় আনিয়া জল সিঞ্চিলা সীতাৰে।

কুহুস্বৰে প্ৰবোধে কোকিলে ডাকছাৰে।।

বসিলেক সীতাদেৱী তৃণৰ ওপৰে।

শোকৰ বেগত সীতা হালি-জালি পৰে।।

চেতন পাই সীতা দেৱী কান্দে উচ্চস্বৰে।

ক্ৰন্দনৰ ৰোলে ৰাগ জন্মিলে সুন্দৰে।।

ৰাগ দেখি সীতাদেৱী মনত ভাবিলা।

শ্ৰীগৌৰী বুলি এই ৰাগৰ নাম দিবা দিলা।।

ৰাগসমে মালিতা শুনায় যিবা নৰে।

অক্ষয় পুণ্যক সঞ্চে পৃথিৱী ভিতৰে।।

পুণ্য মানে বৃদ্ধি হয় পাপ মানে ক্ষয়।

ধনে জনে নাৰায়ণে কৰে জয় জয়।।

এনেদৰে থিয় নামত ৰাগ গোৱা হয়। ৰাগৰ মাধ্যমেৰে বিভিন্ন ৰাগৰ জন্মৰ কাৰণো উল্লেখ কৰা হয় মালিতাযোগে। মালিতাযোগে ভাগৱত, পুৰাণ, মহাভাৰত, ৰামায়ণ আদিৰ আখ্যান বৰ্ণনা কৰা হয়। মালিতাৰ পিছত পুনৰ ৰাগ গাই বা পৰিৱেশন কৰি ৰাগ সামৰা হয়। ৰাগ গোৱাৰ পিছত সামৰণি বা থোৱানাম গোৱা হয়। থোৱানামত ঘাইকৈ ভগৱানক বন্দনা কৰা হয়। তাল বজাই থোৱানাম আৰম্ভ কৰা হয়। একেদৰে ৰাগ আৰম্ভৰ সময়ত আৰু ৰাগৰ শেষ সময়তহে তাল বজোৱা হয়। নামনি অসমত ঘাইকৈ থোৱানাম হিচাপে তলত উল্লেখ কৰা ফাকি পৰিৱেশন কৰাৰ পৰম্পৰা থিয়নামত লক্ষ্য কৰা যায় :

হৰি ৰাম শ্ৰীৰাম।

গোপাল গোবিন্দ ৰাম।

কৃষ্ণ ৰাম হৰি ৰাম।

গোপাল্ম গোবিন্দ ৰাম।।

ৰাম ৰাম শ্ৰীৰাম।

হৰি ৰাম শ্ৰী ৰাম।।

গোবিন্দ হৰে ৰাম।

হৰি ৰাম শ্ৰী ৰাম।।

তালৰ তালে তালে ক্ৰমে হাত চাপৰি বজাই আৰু হৰি ৰাম, শ্ৰীৰাম খৰকৈ উচ্চাৰণ কৰি নাম সামৰা হয়। নামৰ শেষত হৰিধ্বনি দিয়া হয়। একেদৰে নামৰ প্ৰাৰম্ভ অৰ্থাৎ নাম ডাকাৰ আগেয়েও হৰিধ্বনি দিয়া হয়। এই হৰি ধ্বনিকে নামৰ অংগ হিচাপে ধৰা হয়।

 

লেখক : সতীশ চন্দ্ৰ চৌধুৰী।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

অবিভক্ত গোৱালপাৰাৰ বিয়ানাম-

 

বিয়া এহাল নাৰী – পুৰুষক এক বন্ধনেৰে বান্ধি ৰখাৰ চিৰন্তন নিয়ম। বৈবাহিক জীৱনক জীৱনৰ প্ৰথম দিনটোত নানা ধৰণৰ মাঙ্গলিক ক্ৰিয়া – কৰ্ম সম্পন্ন হয়। সংগীত উক্ত অনুষ্ঠানৰ এক অপৰিহাৰ্য্য অংগ বুলি ক’ব পাৰি। ভাৰতৰ সকলোবোৰ ঠাইতে বিয়াৰ সময়ত গান গোৱাৰ ৰীতিৰ প্ৰচলন আছে। অসমৰ অইন অইন ঠাইৰ দৰে গোৱালপাৰা জিলাতো বিয়াগানৰ প্ৰচলন আছে। পানীতোলা, আখা তোলা, দৰা – কন্যাক গা ধোওৱা, সুৱাগ তোলা আদিকৰি বিয়াৰ শেষলৈকে প্ৰত্যেকটো অধ্যায় লৈ বিধে বিধে গীত আছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য, গোৱালপৰী্যা বুজন সংখ্যক গীতৰ কথাত ‘বেচে্যা খাবা’ অৰ্থাৎ বেচি খোৱা শব্দটোৰ প্ৰয়োগ পোৱা যায়। এই অঞ্চলৰ অৰ্থাৎ অবিভক্ত গোৱালপাৰা জিলাৰ পশ্চিম খণ্ডত বিবাহ অনুষ্ঠানত পণৰ প্ৰচলন ব্যাপক। মন কৰিব লগীয়া কথা যে পণৰ প্ৰচলন দৰাপক্ষৰ সলনি কইনা পক্ষৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। অতীজৰে পৰা ইয়াত কইনা পক্ষক পণ বা গা-ধন লৈ বিয়া দিয়াৰ নিয়ম চলি আহিছে। বিয়াৰ সময়ত ছোৱালীৰ মাক-বাপেকে টকা – পইচাৰ দাবী জনোৱা ইয়াৰ গাঁৱলীয়া সমাজৰ এক প্ৰাচীন প্ৰথা। অৰ্থাৎ দৰাপক্ষৰ বিপৰীতে কইনা পক্ষকহে মাননি দিয়াৰ নিয়ম। সেই ফালৰ পৰা অৰ্থ বা বেচ লৈ ছোৱালীক বিয়া দিয়াটো ছোৱালীক বেচি দিয়াৰে নামান্তৰ হয়। বিয়াৰ আন এটি নাম সেইবাবেই বেচেয়া খাৱা।

বিয়াৰ বাবে যি পৰিমাণৰ অৰ্থৰ আৱশ্যক হয়, সেই পৰিমাণৰ অৰ্থ গোটাব নোৱাৰাৰ বাবে দুখীয়া ছোৱালীৰ মাক – বাপেকে টকা – পইচাৰ বিনিময়ত ছোৱালীৰ অনিচ্ছা সত্ত্বেও পচন্দ নোহোৱা বুঢ়া দৰা নাইবা অগ্ৰহণীয় দৰাৰ লগত বিয়া পাতি দি বিপদ সংকুল দূৰণি ঠাইলৈ উলিয়াই দিয়ে। ফলত দুৰ্ভগীয়া ছোৱালী জনীৰ মনৰ অৱস্থা কেনেকুৱা হয় তাৰ বৰ্ণনা গীতেৰে সুন্দৰ বাৱে ফুটি উঠা দেখা যায় :

দাদা দুইশ টাকা পণ দিয়া

বেচেয়া খালু দাদা বুঢ়া বৰ দেখিয়া

ও দাদা কওঁ তোৰ আগে

গাবুৰ বয়সে বুঢ়া পুৰুষ মনত না লাগে

নাইবা

মোক বেচেয়া নাখাইসৰে দাদা

চৰুৱা জাগাতে।

নাইবা

বাপ-মাও মোৰ দুৰাচাৰ

বেচেয়া খাইছে মোক দুৰান্তৰ।

গোৱালপৰীয়া বিয়াৰ লগত উজনি আৰু নামনি অসমৰ বিয়াৰ কিছু প্ৰভেদ দেখা যায় যদিও অসমীয়া বিবাহ পদ্ধতি, আচাৰ – অনুষ্ঠানৰ এটি স্পষ্ট যে গোৱালপৰীয়া বিয়াত দেখিবলৈ পোৱা যায় সেই কথা অনস্বীকাৰ্য্য। প্ৰসংগতঃ উল্লেখ্য, বিয়াৰ পূৰ্বৰ অনুষ্ঠান জোৰণ শব্দৰ প্ৰয়োগ আৰু গোৱালপৰীয়া বিয়াত বিদ্যমান। বিয়া সম্পৰ্কত বহুত গীত আছে। আটাইবোৰ গীতৰ উল্লেখ কৰা এই ক্ষুদ্ৰ প্ৰবন্ধত মুঠেই সম্ভৱ নহয়। নমুনা হিচাপে ইয়াত বিয়া গীতৰ পৰিপ্ৰেক্ষিতত কিছুমান গীতাংশ দঙি ধৰা হ’ল।

কইনাৰ ঘৰত বৈৰাতী সকলৰ গোন্ধতেল ভজাৰ গীত :

সোন্দা (১) ভাজে সোহাগিনি, নিশা ভাৰ ৰাতি

সেই সোন্দাৰ বাস (২) গেইল ৰাঙা মাটিৰ ভাটি

সোন্ধালে পয়ৰালো এমোন কইনাৰ মাসী

সোন্দা কইৰলো চুৰি …

সকল আইয়োৰ (৩) অঞ্চলে ঝাৰিয়া চানু

কইনাৰ মাসীৰ অঞ্চলেৰ তলত সোন্দাৰ গোন্ধ পালু

সোন্দা মেথী ভাজলু পালঙ্কে বসিয়া

সেই সোন্দাৰ বাস বিৰাইল কাছাৰী ফাটৰাৰে। ইত্যাদি।

কইনাৰ গাত হালধি সানি স্নান কৰোৱাৰ গীত :

হলদি হলদি তুই বড় হলদিৰে

কি বাছা হলদি পইলেন কোন খানেৰে

মোৰ মাওক বন্ধক থুইয়া হলদি আনিলং যায়াৰে। ইত্যাদি।

অধিবাসৰ স্থান :

নাল সাজে নাতাৰ সাজে

নাল পাইকৰেৰ তলে

সোণৰ ময়নাক তুলিয়া আইনলং

নাল পালকিত ভৰে

সুৱাগুৰি তোলা :

আগে ছাতি পাছে বাটি

সুৱাগ ঝৰে ৰাতিহে

সুৱাগ কৰে সিংহৰ বেটী

ধন্য বাপেৰ বেটীহে।

পানীতোলা :

পানী তোলা আপীকেইটাৰ

ভৰিতে লেম্পুৰ

আহে অকৰামতী

গৰাদাঙি বুল।

জোৰণ অহা :

নীলমনেৰ জোৰণ আইল নীল ঘোঁৰায় চৰিয়াৰে

বান্দো ঘোঁৰা বাবাৰ দুৱৰেৰ আগেৰে নীলমন। ইত্যাদি।

সম্প্ৰদানৰ সময়ত গোৱা গীত :

বালিৰ বাবাৰ মন্দিৰেৰ আগে

জোৰ কশালেৰ গাছ

একটা ফল ছিড়িয়া সম্প্ৰদান কৰে।

সম্প্ৰদান কৰে বাবা মোচে চোখেৰ পানী

আজি হাতে মোৰ মন্দিৰ হৈল খালী।

দৰা – কইনা ওলাই যোৱাৰ সময়ৰ গীত :

ঘোঁৰাৰ ঝুল মোৰ বাতাসে হালে

মালীৰ ফুল মোৰ নিথৰে ভিজলিৰে

বাবাৰ দেশ মোৰ আন্দাৰ হৈলবে

শ্বাণ্ডৰ দেশ মোৰ জোনালী হৈলৰে।।

উপৰিউক্ত গীত সমূহৰ উপৰি পুৰোহিত – নাপিত – ঢুলীয়াক উদ্দেশ্য কৰি জোকোৱা গীত – মাত প্ৰচলিত আছে। তদুপৰি ৰামায়ণৰ উপাদান এই বিয়া গীত বিলাকত সোমাই থকাটো বিশেষ ভাৱে মন কৰিব লগীয়া। ৰাম – সীতাক কেন্দ্ৰ কৰি বিয়াৰ বিৱৰণ দি আৰু সেই চৰিত্ৰবোৰ দৰা – কইনাত আৰোপিত কৰি গীত গোৱা পৰিলক্ষিত হয়। যেনে :

আই সীতাৰ কপালতে

মানিকে জেঠী

অযোধ্যাৰ ৰাম আহি

ধেনু ভাঙাইল আজি।

উল্লেখ্য যে ইয়াৰ গীতত দৰাক বৰু, দীমান, নীলমন আদি আৰু কইনাক বালী, নীলমণি, ললিতা, ময়না আদি নামেৰে অভিহিত কৰা হয়। এই প্ৰসংগত এই অঞ্চলৰ মুছলমান সকলৰ বিয়া গীতৰ অৱতাৰণা কৰাৰ আৱশ্যক। কাৰণ এই অঞ্চলৰ হিন্দু বিয়াৰ লগত এই অঞ্চলৰ গাঁৱলীয়া মুছলমান সমাজৰ বিয়াৰ কিছুমান ৰীতিগত সাদৃশ্য দেখিবলৈ পোৱা যায়। এই বক্তব্য খিনি পৰিষ্কাৰ ভাৱে নক’লে কোনোবাই ভুল বুজাৰ আশংকা আছে। সেয়েহে দৃষ্টান্তৰ উল্লেখ প্ৰয়োজন। বহুতৰে এটা উপৰুৱা ধাৰণা আছে যে সেন্দুৰ, সাখা, হালধি আদি বিয়াৰ সামগ্ৰী কেৱল হিন্দু সকলৰ বিয়াৰ ক্ষেত্ৰতেই ব্যৱহৃত হয়। কিন্ত এই ধাৰণা ঠিক নহয়। এই অঞ্চলৰ গাঁৱলীয়া সমাজৰ মুছলমান সকলৰ বিয়াত উল্লিখিত সামগ্ৰী বিলাক বিয়াৰ অপৰিহাৰ্য্য উপাদান আছিল। আনকি এই অঞ্চলৰ হিন্দু সকলৰ বিয়াৰ কিছুমান নিয়ম যেনে আখৈ তোলা আদি মুছলমান সকলৰ বিয়াতো প্ৰযোজ্য। ইয়াৰ পৰা স্পষ্টভাৱে প্ৰমাণিত হয় যে হিন্দু সকলৰ বিয়াৰ লগত এই অঞ্চলৰ মুছলমান সকলৰ বিয়াৰ ভালেমান ৰীতিগত মিল আছিল। ইয়াৰ নিদৰ্শন পোৱা যায় বিয়া গান বিলাকত :

মৰিচেৰ গাছে হেলানি দিয়া

কান্দে মৰুচমতী

যুৱা বেটীক ঘৰত থুইয়া

সেন্দুৰেৰ আকুট কৰে

ছিঃ ছিঃ কৈনাৰ শৰম নাই তোৰ

সিয়ান বেটীক ঘৰে থুইয়া

সেন্দূৰেৰ আকুট কৰে। ইত্যাদি।

অৱশ্যে এইটো কথা ঠিক যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই ৰীতি – নীতি বিলাকৰ সাল – সলনি হৈছে আৰু এই বিলাকৰ প্ৰচলন হ্ৰাস পাই আহিছে। ইয়াত অলপ অপ্ৰাসংগিক হ’লেও খুব সংক্ষেপে এটা বেলেগ প্ৰসংগৰ অৱতাৰণা কৰিব খুজিছোঁ। এই কথা স্বীকাত কৰিবই লাগিব যে এই জিলাৰ লোক – সংস্কৃতি আৰু লোক – সংগীত হিন্দু – মুছলমানৰ প্ৰচেষ্টা আৰু সাধনাৰ ফল। সাম্প্ৰদায়িকতাৰ দোষে এই লোক – সংগীতক চুব পৰা নাই। মুছলমানে গীত ৰচিছে হিন্দু দেৱ – দেৱীৰ মাহাত্মক লৈ, আকৌ হিন্দুৱে ৰচিছে মুছলমানৰ পীৰ – পীৰানীক লৈ। সাম্প্ৰদায়িকতাৰ বাছ – বিচাৰ নকৰি মুছলমান সকলে হিন্দু দেৱ – দেৱীৰ মহাত্ম্যক উপলদ্ধি কৰিবলৈ চেষ্টা কৰিছে, আকৌ ধৰ্মৰ বৈষম্যক পাহৰি কামৰ বন্ধনত মিলিজুলি ধান কটা, ধান তোলা, বাইচখেল ইত্যাদি গানৰ মাজেদিও মানুহৰ লগত মানুহৰ মধুৰ সম্পৰ্কৰ সূত্ৰক দৃঢ় কৰি তোলাৰ চেষ্টা কৰাও দেখা যায়। সেয়ে কয় :

কায় হিন্দু কায় মুছলমান

ভগৱানেৰ দুনিয়াত আমৰা

সবায় সমান।

 

লেখক : নিখিলেশ বৰুৱা।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

গোৱালপৰীয়া লোকগীতত প্ৰেম-

 

গোৱালপৰীয়া লোকগীতত প্ৰেমৰ অতি সুন্দৰ চিত্ৰ দেখিবলৈ পোৱা যায়। যৌৱনৰ আগমনৰ লগে লগে ডেকা – গাভৰুৰ মনত এক অনাবিল প্ৰেমৰ ভাৱ আহি পৰে। বিভিন্ন গীত – মাত আৰু নৃত্যৰ দ্বাৰাই অন্তৰত থুপ খাই থকা প্ৰেম – বাসনাৰ মুক্ত প্ৰকাশ ঘটে। গোৱালপৰীয়া লোকগীতত প্ৰকাশিত প্ৰেমক চাৰি ভাগত ভাগ কৰিব পৰা যায়। (ড° ধীৰেন দাশৰ গোৱালপৰীয়া লোক সংস্কৃতিআৰু লোকগীতৰ বিভাজন অনুযায়ী)।

(ক) সাধাৰণ প্ৰেম

(খ) পৰকীয়া প্ৰেম

(গ) দাম্পত্য প্ৰেম

(ঘ) ৰাধা – কৃষ্ণ প্ৰেম

(ক) সাধাৰণ প্ৰেম :

যৌৱন কালত ডেকা – গাভৰুৰ মনত উদয় হোৱা প্ৰেমৰ মুক্ত প্ৰকাশ সম্পন্ন গীত বিলাকক এই শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হৈছে। ডেকা সকলে নানা কথাৰে গাভৰুৰ মন আকৰ্ষণ কৰিবলৈ বিচাৰে আৰু গাভৰু সকলে নিজৰ মনে খোৱা ডেকা ল’ৰাৰ সংগ পাবলৈ বিচাৰে। ডেকা – গাভৰুৰ অন্তৰত সৃষ্টি হোৱা প্ৰেম কোনো নিয়ম – নীতিৰ অধীন নহয়। কোনো বাধাৰ প্ৰাচীৰ ইয়াৰ প্ৰতিবন্ধক হ’ব নোৱাৰে। প্ৰেমানু ৰাগৰ ফলত উদ্ভৱ হোবা বিভিন্ন পৰিস্থিতিৰ কথা এই শ্ৰেণীৰ লোকগীতত প্ৰকাশ পাইছে।

আৰ মনেৰ আশা মনে ৰইল

দাৰুণ বিধি মোৰ যম হইল

পৰাণ বন্ধু মোৰ হয়া গেইল পৰ।

প্ৰিয় জনৰ বিৰহৰ প্ৰেমিকাই অন্তৰৰ বেজাৰ লোকগীতৰ মাজেৰে ব্যক্ত কৰিছে। ঠিক তেনেদৰে যুৱতী কন্যাক দেখি কোনো ডেকাৰ অন্তৰত প্ৰেমৰ জোৱাৰ উথলি উঠে। উদ্বেলিত ডেকাৰ মনৰ ভাব গোৱালপৰীয়া লোকগীতত এইদৰে প্ৰকাশ পায় :

ঢালুৱা খোপা মুকুট চুল

শাৰীৰ আঞ্চল বাতাসে উৰায় নাৰে

তোৰ নাৰী নৱ – যেৱন

তাকে দেখিয়া মন মোৰ ঢুৰ খেলায় ৰে।

বহু দিন লগ নোপোৱা প্ৰেমিকক অন্তৰৰ জ্বালাৰ কথা ক’ব নোৱাৰি প্ৰেমিকাই চাটি – ফুটি কৰিব লাগিছে। শেষত অন্তৰৰ বেদনাত প্ৰেমিকে পাহৰি যোৱা বুলি আক্ষেপেৰে গাইছে :

মন কান্দে মোৰ ভইজী

সোনা মইনাৰ বাদে

পীৰিত কৰিয়া গেইছেৰে ভুলিয়া

আৰ নাচায় ফিৰিয়া ৰে।

প্ৰেম আৰু বিৰহৰ সুন্দৰ প্ৰতিচ্ছবি গোৱালপৰীয়া লোকগীতৰ অমূল্য বৈভৱ। সংবেদনশীল কথা আৰু প্ৰাণস্পৰ্শী সুৰে ইয়াক প্ৰাণৱন্ত কৰি তোলে।

(খ) পৰকীয়া প্ৰেম :

প্ৰেম কোনো সীমাৰেখাৰ মাজত আৱদ্ধ নাথাকে। বহু ক্ষেত্ৰত নিজৰ ভালপোৱা প্ৰেমিকৰ লগত বিয়া হ’ব নোৱাৰি কোনো অচিন পুৰুষৰ লগত বিবাহ পাশত আৱদ্ধ হ’ব লগীয়া হয়। বিয়াৰ পিছত এনে নাৰীৰ অন্তৰত আগৰ প্ৰেমিকৰ প্ৰতি থকা গোপন প্ৰেম আৰু মিলন – বাসনাই এইবিধ লোকগীতৰ প্ৰধান বিষয়।

বিবাহিত পুৰুষ বা নাৰীৰ পৰনাৰী বা পৰপুৰুষৰ লগত হোৱা প্ৰেমকেই পৰকীয়া প্ৰেম আখ্যা দিয়া হয়। পৰকীয়া প্ৰেমক সমাজে স্বীকৃতি নিদিয়ে বাবে এই প্ৰেমত নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱাৰ বেদনাই প্ৰেমিক প্ৰেমিকাক অধীৰ কৰি তোলে।

যিদৰে পতিয়ে সতীত্ব সম্পন্না নাৰী বিচাৰে তেনেদৰে নাৰীয়েও নিজৰ পুৰুষক অইন পত্নীৰ লগত প্ৰেমপাশত আৱদ্ধ হোৱাটো সহ্য কৰিব নোৱাৰে। প্ৰেম স্বতঃস্ফূৰ্ত হোৱা হেতুকে নিজৰ প্ৰেমিকক বাদ দি অইন পুৰুষৰ লগত বিবাহ পাশত আৱদ্ধ হ’লেও ভিতৰি ভিতৰি পুৰণি প্ৰেমিকৰ প্ৰতিও অনুৰাগ থাকি যায়। পুৰুষৰ ক্ষেত্ৰতো মনে বিচৰা প্ৰেমিকাৰ লগত বিবাহ – পাশত আৱদ্ধ হ’ব নোৱাৰি অইন ছোৱালীক বিয়া কৰাব লাগিলে আগৰ প্ৰেমিকাক পাবলৈ মন উদ্‌বাউল হৈ উঠে। পত্নীয়ে এই কথা জানিও কোনো প্ৰতিকাৰ কৰিব নোৱাৰি নিজৰ জীৱনটো বৃথা বুলি আক্ষেপ কৰি গায় :

পৰেৰ লগত পীৰিত কৰিয়া

তোমাৰ বৰ গলা,

মোক দেখিলে কথা নাকন

দেখিলে হয় জ্বালা।

ও মোৰ পতি ৰে

মুই হনু তোৰ বিষ ফুলেৰ মালা।

প্ৰতিজন পুৰুষে নিজৰ পত্নীক চৰিত্ৰৱতী হোৱাটো আশা কৰে। পত্নীৰ আন পুৰুষৰ প্ৰতি থকা আসক্তিয়ে পুৰুষ জনক মানসিক ভাৱে দুৰ্বল কৰি তোলে আৰু পত্নীক প্ৰেমাস্পদৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি ব্যৰ্থ হয়। তেনে বিৱৰণ সম্পন্ন অজস্ৰ লোকগীতে গোৱালপৰীয়া লোওকগীতৰ ভঁৰাল মেটমৰা কৰি ৰাখিছে।

(গ) দাম্পত্য প্ৰেম :

বিবাহিত স্বামী – স্ত্ৰীৰ মাজত মধুৰ প্ৰেমেই হ’ল দাম্পত্য প্ৰেম। বিবাহিত জীৱনৰ সুখ – শান্তিৰ বাবে দাম্পত্য প্ৰেমৰ অতি প্ৰয়োজন। দাম্পত্য প্ৰেমৰ গীত বিলাকত স্বামী – স্ত্ৰীৰ মাজৰ আকৰ্ষণ তথা সাময়িক বিচ্ছেদৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায় :

ও কি দয়াল ৰে

কাৰ জন্যে ৰাখিছং ৰে সোণাৰ যৈৱন।

যুগ্ম জীৱন মান – অভিমানেৰে পৰিপূৰ্ণ। নিজৰ স্বামীৰ হাত্ত সৰ্বস্ব অৰ্পণ কৰিবলৈ পত্নী গৰাকী অধীৰ আগ্ৰহেৰে ৰৈ থাকে। দৈনন্দিন জীৱনৰ পাতনি মেলাৰ লগে লগে বিভিন্ন কথা লৈ মান – অভিমানে দুইকো দুইৰো প্ৰতি অধিক আকৰ্ষিত কৰি তোলে। নিজৰ স্বামীৰ পৰা সামান্যতমো অৱহেলা সহিব নোৱাৰি বিলাপ কৰি গোৱা গান গোৱালপৰীয়া লোকগীতত আছে :

বালুচৰা পক্ষী কান্দে ৰে

দয়াল বালুতে পৰিয়া

ওৰে ভৰ যুৱতী নাৰী কান্দে

পালাঙ্কীতে শুইয়া ৰে।

নিজৰ প্ৰিয় জন বিদেশলৈ যোৱাত প্ৰেমিকাই বিৰহ বেদনাত চাটি – ফুটি কৰিছে। প্ৰবাসী স্বামীৰ বাবে পত্নীৰ অন্তৰে কান্দি উঠে। এনেহেন বিৰহ বেদনা সুন্দৰ ভাৱে প্ৰকাশ পাইছে নিম্নোক্ত লোকগীত ফাকিত :

অ’ৰে পিয়া         গেইছে পৰদেশ

ৰুইয়া গেইছে কলা

তাৰ পাত কাটিয়া        ভাত নাই দেং

মোৰ ভৰা যৈৱন বেলা ৰে।

অ’ৰে নলেৰ আগুন        তলে তলে

কাঁশিয়াৰ আগুন জ্বলে

আৰ মোৰ অভাগীৰ         মনেৰ আগুন

দিনে ৰাতি জ্বলে ৰে।

গাৰ্হস্থ্য জীৱন সুখময় হ’বৰ বাবে দাম্পত্য প্ৰেমৰ আৱশ্যক। এই প্ৰেম যুগমীয়া কৰি সংসাৰত সুখ – শান্তি চিৰস্থায়ী কৰি ৰাখিবলি হ’লে পৰকীয়া প্ৰেমে প্ৰাধান্য পাব নেলাগিব। গীতৰ মাজেৰে ইয়াক সুন্দৰ ভাৱে প্ৰকাশ কৰিছে :

আঠিয়া কলাক কলা খোচ নাকং ৰে

তাৰ বিচি খোচ খোচ কৰে

পৰ পুৰুষক পুৰুষ নাকং ৰে

নিদান কালে ছাৰে ৰে।

স্বামী – স্ত্ৰীৰ মধুৰ সম্পৰ্কই ইজনে সিজনক নিকপকপীয়াকৈ বান্ধি ৰাখে। পৰস্পৰে পৰস্পৰৰ বিচ্ছেদ সহ্য কৰিব নোৱাৰে। বিভিন্ন কাৰণত স্বামী নিজৰ ঘৰৰ পৰা আঁতৰলৈ গ’লে পত্নীয়ে ব্যাকুল হৈ তেওঁ ঘূৰি অহালৈ বাট চাই থাকে। আনহাতে স্বামীৰ দুখ পত্নীয়ে সহ্য কৰিব নোৱাৰে। গোৱালপৰীয়া লোকগীতত দাম্পত্য প্ৰেমৰ স্বচ্ছ আৰু নিভাঁজ চিত্ৰও উদ্ভাসিত হৈ উঠিছে।

(ঘ) ৰাধা – কৃষ্ণৰ প্ৰেম :

মুৰুলীধৰ কৃষ্ণ আৰু ৰাধাৰ প্ৰেম – কাহিনীয়ে গোৱালপৰীয়া লোকগীতৰ ভঁৰাল চহকী কৰি ৰাখিছে। কৃষ্ণৰ মোহন বাঁহীৰ সৰ্বত্ৰ – সঞ্চাৰী ধ্বনিয়ে ৰাধাৰ মন ব্যাকুল কৰি তোলে। বংশীধৰ কৃষ্ণৰ বাঁহীৰ মাত শুনি নিজকে বান্ধি ৰাখিব নোৱাৰি ৰাধাই কৈছে :

কানাই আৰ নাবাযান বাঁশুৰী

তোৰ বাঁশীৰ সুৰে মন বান্ধিতে নাপাৰি।

ৰাধাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগত কৃষ্ণৰ লীলা জড়িত হৈ আছে। ৰাধাই পানী তুলিবলৈ যাওঁতে কৃষ্ণই যমুনাৰ পাৰৰ কদম গছত উঠি বাঁহী বজায়। বাঁহীৰ মাতত ৰাধাৰ মন থৌকি – বাথৌ হো পৰে :

যখন আমি জলে আসি

তখন কালা বাজায় বাঁশী

তাৰে বাঁশীৰ সুৰে খসিয়া পৰে

গলাৰ হাঁসুলী।

যখন আমি জলে আসি

তখন কালা বাজায় বাঁশী

বাঁশীৰ সুৰে খসিয়া পৰে

মোৰ খোপাৰ মালতী।

কানাইৰ উৎপাতত কেতিয়াবা গোপিনী সকল না-জল না-থল অৱস্থাত পৰে। ইপিনে কানাইৰ প্ৰতি থকা মোহ, আনপিনে কানাইৰ মৰমৰ অত্যাচাৰ। কানাই যি ঘাটত আছে তাত পানী তুলিবলৈ যাবলৈ মানা কৰি গোপিনীয়ে কৈছে :

নাযাইও নাযাইও সই হে

ঐ না যমুনাৰ জলে

বাৰ মাসে তেৰ ফুল ফোটে

বছৰে ফোটে চিকণ আৰো কালা

দিলেৰ বিষম জ্বালা সই হে

নাযাইও যমুনাৰ জলে।

যে ঘাটে ভৰিব আৰো জল

সেই ঘাটে কালা সই হে

নাযাইও যমুনাৰ জলে।

গোৱালপৰীয়া লোকগীতত ৰাধা – কৃষ্ণৰ কাহিনী অজস্ৰ পোৱা যায়। ইয়াৰ ৰচনা শৈলী আৰু সুমধুৰ সুৰে শ্ৰোতাৰ মনত এক স্বৰ্গীয় আনন্দ প্ৰদান কৰি আহিছে। ৰাধাৰ ওচৰলৈ কৃষ্ণ কেতিয়াবা আহে আৰু কেতিয়াবা নাহে। কৃষ্ণ আহিলে ৰাধা আনন্দত আত্মহাৰা হৈ উঠে। কৃষ্ণৰ বাঁহীৰ মাতে ৰাধাৰ যন্ত্ৰণাদগ্ধ মন উল্লসিত কৰি তুলিব পাৰে :

কেনেহে ৰাধে তোৰ বিৰস মন

তোৰ কানাইয়া বাজায় বাঁশী।

কৃষ্ণই নানান কৌশলেৰে ৰাধাৰ মন জয় কৰিবলৈ সক্ষম হয়। সেই সমস্ত চিত্ৰ এই শ্ৰেণীৰ লোকগীতত বিদ্যমান।

 

লেখক : যোগেন শৰ্মা।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top