অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ লোক সংস্কৃতি

জাতিৰ লোক-সংস্কৃতিৰ স্বৰূপ লোক-সাহিত্যত আৰু লোক-বিশ্বাসসমূহত প্ৰকাশ পায়। অসমীয়া লোক-সংস্কৃতিৰ বিষয়ে চৰ্চা কৰিবলৈ সেই কাৰণে প্ৰথমে অসমৰ এই অলিখিত অমূল্য সাহিত্যৰাজিৰ সংগ্ৰহ আৰু বিশ্লেষণ প্ৰয়োজন। জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈকে আঁত নিছিগাকৈ চলি অহা জনশ্ৰুতিয়েই হ’ল লোক-সাহিত্য। ই গদ্য আৰু গীত দুয়ো ৰূপতেই যুগ যুগ ধৰি সমাজৰ মুখে মুখে সৃষ্ট আৰু সংৰক্ষিত। ধৰ্ম অনুষ্ঠান, পূজা-পাতল, লোক-বিশ্বাস, নিয়ম-কানুন, সাধু-উপাখ্যান, পূৰা-কাহিনী, প্ৰকৃতিৰ ব্যাখ্যা, নৃত্য-নাট্য, অভিনয়, ক্ৰীড়া, কৌতুক – এই সকলোৰে সমাহাৰত লোক-সংস্কৃতি সম্পূৰ্ণ। লোক-সাহিত্য আৰু লোক-বিশ্বাস জনসাধাৰণ সম্পৰ্কীয় বিজ্ঞান নহয়; ই পৰম্পৰাগতভাবে চলি অহা লোক-বিজ্ঞানহে। মানৱ জাতিয়ে যুগ যুগ ধৰি যি অভিজ্ঞতা লাভ কৰিলে, যি যি কথা শিকিলে, যিসমূহ বিষয় চৰ্চা কৰিলে – সেই সকলোৰে সঞ্চয়-ভাণ্ডাৰ হ’ল লোক-সাহিত্য আৰু লোক-বিশ্বাস। লোক-সাহিত্য আৰু লোক-বিশ্বাসৰ মাজতেই জাতিৰ মনোজগত আৰু জীৱন-যাপন আদৰ্শৰ পৰিচয় ওলায়। জাতিৰ ধাৰ্মিক, সামাজিক, মনস্তাত্বিক বিষয়সমূহৰ উপলব্ধিত লোক-সাহিত্যই মূল উপাদান। জাতীয় চৰিত্ৰ বিশ্লেষণ কৰিবলৈ সেই কাৰণেই লোককথাবিদসকলে জাতিৰ এই অলিখিত সাংস্কৃতিক তথ্যসমূহ সংগ্ৰহ কৰে। লোক-সংস্কৃতি আৰু লোক-বিশ্বাস অনুসন্ধানকাৰী সকলক বৰ্তমান তিনি শ্ৰেণীত ভাগ কৰা হয়।

প্ৰথম হৈছে, ভাৰতীয় শ্ৰেণী; এওঁলোকৰ ভিতৰত ম’ৰিচ ব্লুমফিলডৰ স্থান প্ৰধান। ম’ৰিচ ব্লুমফিলডৰ প্ৰণালীমতে চৰ্চা কৰাসকলে সংস্কৃত আৰু সেই গোষ্ঠীৰ ভাষাসমূহ (গ্ৰীক, জাৰ্মান) অধ্যয়ন কৰি ঘাইকৈ ভাষাৰ দৃষ্টিৰ পৰা ভাৰতৰ আৰু ইউৰোপৰ লোক-সংস্কৃতিৰ গৱেষণা আৰম্ভ কৰে।তেওঁলোকে ভাষা-উপভাষাৰ জন্ম, পৰিৱৰ্তন, বিকৃতিৰ বিষয়ে আলোচনা চলাইছে; শব্দ বাক্যাংশৰ অৰ্থৰ মূল আৰু পৰিণতিৰ কাৰণ নিৰ্ণয় কৰিছে; মানুহৰ মুখে মুখে প্ৰচলিত শব্দৰাজি আৰু ধ্বনি সংগ্ৰহ কৰিছে। ভাষা আৰু সাহিত্যৰ বুৰঞ্জীও এওঁলোকৰ আলোচনাৰ সহায়ক। ভাষাৰ লগত সেই ভাষা কোৱা মানুহৰ অংগাংগী সম্বন্ধ; গতিকে ভাষা-উপভাষাৰ চৰ্চাৰ লগত এই শ্ৰেণীৰ পণ্ডিতসকলে জাতীয় জীৱন আৰু ইতিহাসৰো প্ৰাসংগিক চৰ্চা কৰে।

দ্বিতীয় শ্ৰেণীৰ সৰহভাগ হ’ল নৃতত্ত্ববিদ আৰু সমাজ-বিজ্ঞানী; ইয়াৰে ভিতৰত প্ৰধান হ’ল ফ্ৰেঞ্চ বোৱাচ। এওঁলোকে ঘাইকৈ আমেৰিকাৰ প্ৰাচীন জাতিসমূহৰ লোক-সংস্কৃতিৰ বিষয়ে ঘোষণা কৰিছে। ভাৰতীয় শ্ৰেণীটোৰ দৰে তেওঁলোকেও ভাষা-উপভাষা অধ্যয়ন কৰিছে। কিন্তু ভাৰতীয় শ্ৰেণীটোৱে প্ৰধানতে লিখিত ভাষাৰ আলমত (অৰ্থাত্‌ সংস্কৃত আদিত ৰচিত প্ৰাচীন গ্ৰন্থ) লোক-সংস্কৃতিৰ বিচাৰ কৰিছে। আমেৰিকাৰ পণ্ডিতসকলৰ অৱশ্যে এই সুবিধা নাই; তেওঁলোকে অলিখিত ভাষা আৰু সাহিত্যৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰিব লগা হৈছে। এই বিষয়ে তেওঁলোকে নতুন নতুন পদ্ধতি অনুসৰণ কৰি বিভিন্ন জাতিৰ অলিখিত সাহিত্য বিশ্লেষণ কৰি নতুন তথ্যত উপনীত হৈছে।

তৃতীয় শ্ৰেণীৰ গৱেষকসকলৰ অগ্ৰণী হ’ল আৰ্নে আৰু থমচন। আৰ্নে ফিনলেণ্ডৰ জনকথাবিদ্‌ ষ্টিথ থমচন যুক্তৰাজ্যৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ অধ্যাপক। জনকথা গৱেষক এই দলটোৰ আন দুটা দলৰ লগত পাৰ্থক্য মন কৰিবলগীয়া। প্ৰধানত: ইউৰোপীয় সাধুকথা অধ্যয়ন কৰি এই শ্ৰেণীৰ পণ্ডিতসকলে সুকীয়া এটা পদ্ধতি উলিয়াইছে। ইয়াৰ কৰ্মপন্থা মানৱতাবাদী। এওঁলোকৰ পদ্ধতি মুখে মুখে চলি অহা ঐতিহ্যৰ দ্বাৰা প্ৰভাৱান্বিত। এই শ্ৰেণীৰ গৱেষকসকলে জনকথাৰ মূল সংগ্ৰহ কৰি তাৰ শ্ৰেণী বিভাগ কৰাত অধিক প্ৰাধান্য দিছে। একেটা সাধুকে বিভিন্ন অঞ্চলৰ লোকে ভিন ভিন প্ৰকাৰে কয়। এওঁলোকে সেই ভিন ভিন ৰূপৰ সাধুকথা সংগ্ৰহ কৰাত গুৰুত্ব আৰোপ কৰিছে। আমেৰিকা যুক্তৰাজ্য আৰু ইউৰোপ উভয়তে এওঁলোকৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি। সম্প্ৰতি ভাৰতবৰ্ষতো এই পদ্ধতিত জনকথাৰ গৱেষণা হৈছে।

অসমত লোক-সংস্কৃতি এতিয়াও প্ৰাণময় আৰু জীৱন্ত হৈ আছে। প্ৰাচীন সামাজিক প্ৰথা, বিশ্বাস আৰু পূজা-পাতল, ক্ৰিয়া-কলাপৰ অজস্ৰ তথ্যপাতি অসমত আজিও আছে। অষ্ট্ৰিক, তিব্বত-বৰ্মী আৰু আৰ্য আদি বিভিন্ন ভাষাভাষী মানুহৰ সংমিশ্ৰণৰ ফলত ই জটিল আৰু ৰহস্যময় হৈ পৰিছে।

ধৰ্ম সম্বন্ধীয় লোক-বিশ্বাস

সাধাৰণভাৱে অসমীয়া লোক-সংস্কৃতিৰ ভাৰতীয় লোক-সংস্কৃতিৰ লগত মিল দেখা যায়। কিন্তু আগতেই কৈ অহা হৈছে যে, অসমীয়া জাতিটো বিভিন্ন সংস্কৃতি আৰু বহু জাতি-উপজাতিৰ সংমিশ্ৰণত গঠিত হৈছে। বৰ্তমান অধিবাসীসকলৰ উপৰি পুৰুষসকলে এৰি থৈ যোৱা উপাদানৰ ইয়াত মধুৰ সমন্বয় ঘটিছে। কিন্তু অসমৰ লোক-সাহিত্য আৰু সংস্কৃতিৰ ওপৰত সকলো প্ৰভাৱ হ’ল চীনীয় বা তিব্বত-বৰ্মীয় প্ৰভাৱ। কিয়নো খৃষ্টীয় বহু শতাব্দীৰ পূৰ্বেই চীনৰ দক্ষিণাঞ্চলৰ দেশ আৰু দেশবাসীৰ লগত অসমৰ সম্বন্ধ ঘটিছিল। চীন, তিব্বত, ভূটান আৰু ব্ৰহ্মদেশৰ এতিয়াও ঘনিষ্ঠ যাতায়াত আছে। অসমীয়া লোক-সংস্কৃতিৰ প্ৰধান উপাদানসমূহৰ বিশ্লেষণত পোন-প্ৰথমে বিচাৰ কৰিব লাগিব জনসাধাৰণৰ ধৰ্ম সম্বন্ধীয় বিশ্বাস আৰু পূজা-পাতল অনুষ্ঠানসমূহ। এইবোৰৰ মূল হ’ল ভূত-প্ৰেত, যখ-যখিনী, পিশাচ, বুঢ়া ডাঙৰীয়া, প্ৰেতাত্মা আদিৰ বিশ্বাস। গছ, পাহাৰ-পৰ্বত, নদ-নদীৰ পূজা এতিয়াও বহু সম্প্ৰদায়ৰ মাজত প্ৰচলিত। জনসাধাৰণৰ ধৰ্মৰ লগত পশু পূজাও জড়িত আৰু পশুক কেন্দ্ৰ কৰিয়েই বহুতো বিশ্বাস আৰু সামাজিক প্ৰথাৰ উত্‌পত্তি হৈছে। এই ক্ষেত্ৰত গো-সেৱা হ’ল প্ৰথম। সমাজত যেতিয়া পশু পালনৰ প্ৰাধান্য আছিল, গো-সেৱাৰ উদ্ভৱ সেই যুগতেই। অতীত কালত ইজিপ্ত  আৰু ভাৰতৰ সকলোতে গৰুক সন্মান জনোৱা হৈছিল। মহেঞ্জোদাৰোত ষাঁড়ৰ চিত্ৰ পোৱা গৈছে। শিৱৰ অন্য নাম হ’ল পশুপতি, ষাঁড় তেওঁৰ বাহন। জীৱিকাৰ কাৰণে যি দেশত মানুহে গৰুৰ ওপৰত নিৰ্ভৰ কৰিছে তাতেই গৰুৰ স্বাস্থ্য আৰু শক্তি বৃদ্ধিৰ অৰ্থে নানা পূজা পদ্ধতিৰ প্ৰচলন আছে। অসমীয়া সমাজত বিশেষকৈ বিহুত গৰুৰ শুশ্ৰূষা কৰা হয় আৰু তাৰ লগত নানা সামাজিক আচাৰ-আচৰণো পালন কৰা হয়। অসমৰ জনজাতীয় লোকসকলৰ ধৰ্মমূলক আৰু সামাজিক অনুষ্ঠান উভয় ক্ষেত্ৰত মেথোন বলি দিয়া অতি প্ৰয়োজনীয় প্ৰথা। গৰুৰ গোবৰ আৰু মূত যে ঔষধতেই ব্যৱহাৰ কৰা হয়, এনে নহয় – ইয়াৰ ভূত-পিশাচ খেদিব পৰা শক্তি থকা বুলিও ভবা হয়। চোতালত শুকান গোবৰৰ জুই ধৰাৰ উদ্দেশ্যও আচলতে এয়েই। পঞ্চগব্য হিন্দুৰ পবিত্ৰ বস্তু। সাপ পূজা অসমত প্ৰায় সকলো সম্প্ৰদায়ৰ মাজতে আছে। সাপক কেন্দ্ৰ কৰি বহু প্ৰাচীন উপাখ্যান, উপকথাৰো সৃষ্টি হৈছে। সাপৰ বিষ আৰু মোট আদি গাঁৱলীয়া ঔষধ-পাতিত আজিও ব্যৱহাৰ হয়। জেঠীক অদ্ভুত ৰহস্যময় জীৱ হিচাপে ধৰা হয়। জেঠীয়ে মংগল-অমংগল সূচায় আৰু ভৱিষ্যত সতৰ্ক কৰি দিয়ে। বুঢ়াক নৱযৌৱন দিবলৈ জেঠী বা জেঠীৰ গাৰ কোনো অংশ দৰৱত প্ৰয়োগ কৰি মন্ত্ৰ সাধন কৰা হয়। সাপৰ দৰে জেঠীও সম্ভৱ মোট সলাই নতুন হয়। এই মোটটো মোহিনী মন্ত্ৰ, বেমাৰ ভাল কৰিবলৈ কৰা মন্ত্ৰ আৰু সৌভাগ্য লাভৰ কাৰণে কৰা মন্ত্ৰত ব্যৱহাৰ হয়। পুত্ৰসন্তান হ’লে জেঠীয়ে ভূতক খবৰ দিয়াটো আৰু ফলত সেই নকৈ ওপজা কেঁচুৱাটিক নি ভূতে মাৰি পেলায় বুলি চেমা নগা সকলৰ মাজত এটা বিশ্বাস আছে। সেই কাৰণেই মুনিহ মানুহে জেঠী দেখিলেই মাৰি পেলায়। কিন্তু তিৰোতাসকলে কোনো হানি-বিঘিনি নকৰাকৈ তাক এৰি দিয়ে; ছোৱালী উপজিলে ই লুকাই থাকে, গাঁতৰ পৰা নোলায়।

জীৱ-জন্তু সম্বন্ধীয় লোকবিশ্বাস

ধৰ্ম-সম্বন্ধীয় বহুতো উৎসৱ পালনত কুকুৰা আৰু মাছৰ প্ৰয়োজন আছে। লোক-কলা আৰু লোক-সংস্কৃতিত এই দুয়োটাৰে প্ৰাধান্য অধিক। পশুৰ ভিতৰত বান্দৰ পূজা বহু সম্প্ৰদায়ে কৰে। বান্দৰ বধ কৰা পাপ বুলি বহুতৰ বিশ্বাস। কেতিয়াবা কেতিয়াবা ক’লা মেকুৰীক ভূত-প্ৰেতৰ লগত সম্বন্ধ থকা বুলি ধৰা হয়। কোনো কোনো সময়ত ঘৰত মেকুৰীয়ে মেও মেওকৈ ঘূৰি ফুৰা অমংগলৰ চিন। কোনো কোনো নগাই শত্ৰুৰ ৰোগ বঢ়াবলৈ ‘লা মেকুৰী বলি দিয়ে। দুই শত্ৰুৰ মাজত মিলা প্ৰীতি বঢ়াবলৈ মেকুৰী বলি দিয়ে। চোৰৰ মৃত্যু বাঞ্ছা কৰিলেও মেকুৰী মাৰে। নগাসকলৰ মাজত মেকুৰী সম্বন্ধীয় আৰু এটা বিশ্বাস আছে। কোনো এটা মেকুৰীৰ দাম দৰ কৰি যদি বন্দোৱস্তমতে দাম দিয়া নহয়, তেন্তে সেই মানুহজনৰ ৰোৱা ধান নষ্ট হয় আৰু তেওঁৰ মাতটো মেকুৰীৰ দৰে হুঁটা হয়। মেকুৰী হাবিলৈ পলাই গুচি যাব পাৰে; সেইটো যাতে নঘটে তাৰ কাৰণে মেকুৰী কিনোতাজনে এটা ভোজ দিয়ে। বাঘ সম্বন্ধে বহুতো বিশ্বাস প্ৰচলিত। বিশেষকৈ নগাসকলৰ মাজত ইবেছি বদ্ধমূল। চেমা নগাসকলে বাঘক ‘টোটেম’ (জাতীয় প্ৰতীক) বুলি স্বীকাৰ কৰে। বাঘ তেওঁলোকৰ উপৰি পুৰুষ। একেজনী মাকৰে তিনিটা সন্তানৰ এটা ভূত, এটা বাঘ আৰু এটা মানুহ। সেই বিশ্বাসমতে এওঁলোকৰে সতি-সন্ততিসকলেই আজিও পৃথিৱীত বাস কৰি আছে। বহুতো নগাৰ গাত পশু লম্ভে। তেওঁলোকে তেতিয়া নিজকে কুকুৰনেচীয়া বা ঢেঁকীয়াপতীয়া বুলি জ্ঞান কৰে। গাত পশু লম্ভাৰ ক্ষেত্ৰত শিয়ালৰো ভূমিকা আছে। অসমীয়া সাধুকথাত শিয়ালৰ বিষয়ে অলেখ কাহিনী পোৱা যায়। এনে কাহিনী ভাৰতীয় ভাষাসমূহতো আছে। পুৰণি অসমীয়া সাহিত্যত ‘শিয়াল-গোসাই’ কাব্য মনোৰোম। নিচুকনি গীতত শিয়াল সম্বন্ধে অনেক উল্লেখ আছে। শিয়ালৰ ধূৰ্তালি, শিয়ালৰ সখী পতা আদি অসমীয়া ভাষাত থকা সাধু কথাবোৰ আমোদজনক। হাতীক সদায়ে মংগলৰ চিন বুলি ভবা হয়। হাতীৰ ওপৰত পৃথিৱীখন ৰৈ থকা বিশ্বাস নানা আদিম মানুহৰ মাজতো আছে। হাতী সম্বন্ধে নহু সাধুকথাও আছে। ‘বগাহাতী’ প্ৰবাদ বচনত পৰিণত হৈছে। সিদ্ধিদাতা আৰু বিঘ্নেশ্বৰ গণেশ হাতীৰে ৰূপান্তৰ। শিলত কটা গণেশৰ মূৰ্তি অসমৰ সৰ্বত্ৰ সিঁচৰতি হৈ আছে। গাহৰি আৰু কুকুৰ পোহনীয়া জন্তু হিচাপে ঘৰে ঘৰে পোহপাল কৰা হয়। বড়ো ভাষাভাষী লোকসকলৰ সাংস্কৃতিক জীৱনৰ লগত গাহৰি নিবিড়ভাবে জড়িত। এওঁলোকৰ ধৰ্মমূলক আৰু সামাজিক প্ৰায়বিলাক উৎসৱতেই গাহাৰি বলি দিব লাগে। চৰাইৰ ভিতৰত বহুতো বিশ্বাসৰ উত্‌পত্তি কাউৰীৰ পৰাই হৈছে। কাউৰীৰ মাতৰ বহুত ধৰণৰ অৰ্থ কৰা হয়। ই অমংগলৰ আগজাননী আৰু আলহী অহাৰ বাতৰিও দিয়ে। এঠাইলৈ যাত্ৰা কৰিলে কাউৰীয়ে মাতিলে অমংগলৰ চিন। ফেঁচা লক্ষ্মীৰ বাহন বুলি এসময়ত মাংগলিক চৰাই স্বৰূপে গণ্য কৰা হৈছিল। কিন্তু সাধাৰণতে ইয়াক কুলক্ষণীয়া চৰাই বুলিহে ধৰা হয়। ফেঁচাই নিউ-নিউ কৰিলে মৃত্যু হয় বুলি ধাৰণা। ঘৰত ফেঁচা সোমালে পৰিয়ালৰ অমংগল। ফেঁচাৰ মঙহ আৰু পাখি কামোদ্দীপক ঔষধ। ম’ৰা চৰাইক শ্ৰদ্ধা কৰা হয়। ইয়াৰ পাখি যে কেৱল ধুনীয়া বুলিয়ে ভবা হয় এনে নহয়, পবিত্ৰ বুলিও গণ্য কৰা হয়। হিন্দু সকলৰ মতে ই কাৰ্তিকৰ বাহন। ইয়াৰ পাখি কৃষ্ণই মূৰত পিন্ধিছিল। ম’ৰা পাখিৰ বিচনী উৎসৱ অনুষ্ঠানৰ সময়ত ব্যৱহাৰ কৰা হয়। ৰোগ নিৰাময় কৰাত ম’ৰা পাখিৰ যাদু মন্ত্ৰৰ দৰে গুণ আছে বুলি বিশ্বাস। ম’ৰাক মাংলিক পক্ষী হিচাপে বিবেচনা কৰা হয়। ধুমুহা-বৰষুণৰ পৰা হাত সাৰিবলৈ ঘৰৰ মূধত ম’ৰা চৰাইৰ প্ৰতিকৃতি থোৱা হয়। ইয়াক জাতীয় পক্ষী বুলি সিদ্ধান্ত লোৱা হৈছে। পখিলাৰ দৰে ধুনীয়া প্ৰাণী যে জনকথা আৰু লোক-বিশ্বাসৰ কেন্দ্ৰ হ’ব তাত আচৰিত হ’বলগীয়া একো নাই। গাত পখিলা পৰিলে বিবাহ আগন্তুক। পখিলা মৃতকৰ আত্মা বুলি নগাসকলৰ বিশ্বাস। পখিলা মৰাটো নগাসকলৰ মাজত নিষিদ্ধ। মৌমাখি সম্বন্ধে কোনো কোনো ঠাইত এতিয়াও নানা লোক-বিশ্বাস আছে। আপোনা-আপুনি মৌমাখি এবাহ আহি ঘৰ সোমোৱাহি সৌভাগ্যৰ লক্ষণ। পোহনীয়া মৌবাহে ঘৰ এৰিলে দুৰ্ভাগ্যই দেখা দিয়াৰ সম্ভাৱনা।

শিল পূজা

শিল সম্বন্ধে বহুতো পুৰণি উপাখ্যান আৰু কিংবদন্তী প্ৰচলিত। শিল দেৱতা আৰু অপদেৱতাৰ বাসস্থান বুলিও ভবা হয়। অপসৰী আৰু মানুহ গোট মাৰি শিলা হোৱা অনেক কাহিনী পুৰণি সাহিত্যত পোৱা যায়। এই কাহিনীবোৰৰ ভিতৰত বিখ্যাত কাহিনী হ’ল গৌতমৰ পত্নী অহল্যা সম্বন্ধে। শ্ৰী শৈলধৰ ৰাজখোৱাই তেখেতৰ মনোৰম কবিতা এটিত ফুলৰা আৰু চতলা দুজনী গাভৰু দুটি সৰু সৰু পাহাৰত পৰিণত হোৱাৰ কাহিনী বৰ্ণাইছে। মৃতকৰ পোতা ঠাইৰ ওপৰত জনজাতীয় লোকসকলে থিয় শিল পোতে। অসমীয়া বিবাহ, মৃত্যু আৰু শপত খোৱা অনুষ্ঠানত শিলৰ ব্যৱহাৰ আছে। অসমৰ শিল পূজা বিষয়ক ধৰ্ম সম্বন্ধীয় আৰু সামাজিক ভালেমান তথ্যপাতি উদ্ধাৰ হ’বলৈ বাট চাই আছে।

বৃক্ষ পূজা

জন লাব্বক, টেইলৰ, ফাৰ্গুছন আৰু মনিয়ৰ উইলিয়ামছৰ গ্ৰন্থৰপৰা গছ আৰু উদ্ভিদৰ পূজা গোটেই পৃথিৱীতে যে কৰা হয় আৰু ই যে এক প্ৰাচীন প্ৰথা সেই কথা বঢ়িয়াকৈ জানিব পাৰি। গছ পূজা একালত গ্ৰীচ, ফ্ৰান্স আৰু এচিৰিয়াত চলিছিল আৰু এতিয়াও আফ্ৰিকা, পলিচেনিয়া, আমেৰিকা আৰু ভাৰতৰ বিভিন্ন সমাজৰ মানুহৰ মাজত প্ৰচলিত। আদিম যুগত গছক স্বয়ং দেৱতা জ্ঞান কৰিয়েই পূজা কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে গছবোৰত ভূত-প্ৰেতহে থাকে বুলি বিশ্বাস কৰিবলৈ ধৰা হয়। ভাৰতবৰ্ষত প্ৰচলিত গছ পূজাৰ চিন পোৱা যায় মহেঞ্জোদাৰো আৰু হৰপ্পাত। সিন্ধু উপত্যকাত বহুতো প্ৰাচীন মোহৰ আৱিষ্কৃত হৈছে। তাত বৃক্ষ দেৱ দেৱী অংকিত আছে, এওঁলোকৰ সন্মুখত প্ৰাৰ্থনা কৰি থকা চিত্ৰ আছে। এটা চীল মোহৰত দুটা ডালেৰে এজোপা আঁহত গছক বুজোৱা হৈছে আৰু এই ডাল দুটাৰ মাজত এগৰাকী দেৱী আছে। তেওঁ বিবস্ত্ৰা, চুলিকোছা বৈ পৰা, তিনিটা শিং আৰু হাতত বাজু। গতিকে গছ পূজা যে আৰ্যসকলৰ পূৰ্বৰ আৰু ভাৰতবৰ্ষত ই অতি প্ৰাচীন সি প্ৰমাণসিদ্ধ। আজিৰ হিন্দুসকলে বটগছ, আঁহত গছ, কদম গছ, বেল গছ আৰু তুলসী গছৰ পূজা কৰে। বৌদ্ধসকলে বোধিদ্ৰুমক অতি শ্ৰদ্ধাৰে পূজা কৰে। শিলিখা গছ অসমৰ বৈষ্ণবসকলৰ পৰম শ্ৰদ্ধাৰ বস্তু। এই শিলিখা গছৰ ছাঁতে শংকৰদেৱে জিৰণি লৈছিল। পঞ্চপল্লৱ বহুতো ধৰ্ম অনুষ্ঠানত প্ৰয়োজন। তামিলসকলৰ মন্দিৰৰ কাষত নিমগছ ৰুই পূজা কৰা হয়। দক্ষিণ ভাৰতৰ প্ৰায়বিলাক কালী মন্দিৰৰ চৌহদৰ ভিতৰত নিমগছ থাকেই। কালী গোসাঁনীৰ সেৱক সকলে হাতত নিমগছৰ ডাল লৈ ফুৰে। অসমত নিমগছৰ পাত ভূত খেদোৱাৰ দৰৱ। বিশেষকৈ আই ওলালে ইয়াক ব্যৱহাৰ কৰা হয়। বসন্ত ৰোগ সাধাৰণতে গোসাঁনীৰ অভিসম্পাত বুলি বিশ্বাস কৰা হয়। বড়ো-কছাৰীসকলৰ কাৰণে সিজুগছ বিশেষ অৰ্থপূৰ্ণ। তেওঁলোকে সিজুগছ চোতালত ৰুই তাৰ পূজা কৰে। অসমীয়া হিন্দুসকলে জুই, বৰষুণ আৰু ধুমুহাৰপৰা ৰক্ষা পাবৰ আশাৰে ঘৰৰ মুধতে এজাতি সিজু গছ ৰুই থয়। পথাৰৰ চাৰিসীমাত যি সিজু গছ ৰোৱা হয় তাৰ উদ্দেশ্য কেৱল গৰু-ম’হৰ অত্যাচাৰৰপৰা পথাৰ-বাৰী ৰক্ষা কৰাই নহয় – ভূত-পিশাচৰ পৰা ৰক্ষা কৰাও। অসমীয়া বিশ্বাসমতে প্ৰসূতিৰ ঘৰৰ দুৱাৰমুখত সিজু ৰুব লাগে। ডাকৰ ভণিতাত আছে –

সুতিকা নিকটে ৰাখিবা অস্ত্ৰ ।

গৃহ চাৰি চুকে দ্বাৰ মুখত ।

বচ সিজু আনি ৰুইব শকত ।।

নগাসকলৰ মানত সিজুগছেৰে বেৰা দিয়া বৰ ভয় লগা কথা। সিজু গছে ধুমুহা আনে বুলি তেওঁলোকৰ বিশ্বাস। অসমীয়া খাদ্য তালিকাত কচু ঢেঁকীয়া প্ৰধান। বিহলঙনি জৰা ফুকাত লাগে। বিহলঙনিৰে জাৰিলে ভূত-পিশাচ ভয় খাই পলায় আৰু গাৰ বিষ ভাল হয়। এনে বিশ্বাস মধ্য ইউৰোপতো আছে। বহুতো ৰোগত ইয়াক দৰৱ ৰূপে ব্যৱহাৰ কৰা হয়। সঁৰিয়হ আৰু সঁৰিয়হৰ তেল অন্যান্য কামত প্ৰয়োগ কৰাৰ উপৰিও দৰৱ আদিত ব্যৱহাৰ কৰা হয়। জুইত সঁৰিয়হ দি মুখ লগা ভঙা আৰু ভূত-প্ৰেত খেদোৱা হয়। সঁৰিয়হ প্ৰয়োগ কৰি ভূত খেদোৱা ভূতৰ গল্প অলেখ আছে। কামশাস্ত্ৰত সঁৰিয়হৰ গুণাৱলীৰ প্ৰশংসা পোৱা যায়। ছোৱালী ফুচুলাই আনিবলৈ বা স্ত্ৰীসংসৰ্গ উপভোগ কৰিবলৈ সঁৰিয়হ ব্যৱহাৰ কৰিবৰ কাৰণে পুৰণি অসমীয়া মন্ত্ৰত দিহা দিয়া আছে। তামোল-পাণে যাদুৰ কাম কৰে। অসমীয়া ধৰ্মমূলক আৰু সামাজিক জীৱনত তামোলৰ গুৰুত্বপূৰ্ণ স্থান। ভাৰতবৰ্ষত বাঁহ হ’ল পবিত্ৰ; অগ্নিৰ প্ৰতীক। কাৰণে মানুহে বিশ্বাসকৰে যে বাঁহে বাঁহে ঘহনি খাই হাবিত জুই লাগে। এই প্ৰসংগত পুৰাণৰ মুৰলাৰ কাহিনী মন কৰিবলগীয়া। মুৰলা আছিল ব্ৰাহ্মণৰ ছোৱালী। মুৰলাক তাই নজনাকৈয়ে এজন শুদ্ৰত বিয়া দিয়া হৈছিল। এই প্ৰবঞ্চনা ধৰা পৰাত মুৰলা মৰিবলৈ ওলাল। বিষ্ণুক প্ৰাৰ্থনা কৰি তেওঁ চিতাত উঠিল। মুৰলাৰ ছাইৰপৰা জন্মিল বাঁহ গছ। বাঁহ গছত ভূত-পিশাচ থাকে বুলি বিশ্বাস কৰা হয়। অমাৱস্যা, একাদশী আৰু শনিবাৰে বাঁহ কাটিব নেপায় বুলি নিষেধ বচন আছে।

কৃষি সম্বন্ধীয় লোক-বিশ্বাস

শস্য যাতে লহপহকৈ বাঢ়ে তাৰ বাবেও বহুতো আচাৰ-অনুষ্ঠান পালন কৰা হয়। কাতি বিহুত পথাৰত বন্তি দিয়া হয়। নগাসকলৰ বিশ্বাস মতে মানুহ এটা মাৰি তাৰ মঙহ খেতিৰ পথাৰত থলে খেতি নদন-বদন হয়। চাউল মানুহৰ কেৱল প্ৰধান খাদ্যই নহয়, ইয়াক মন্ত্ৰতো ব্যৱহাৰ কৰা হয়। অসমীয়াৰ বিয়াত দৰা যেতিয়া কন্যাঘৰলৈ আহে তেতিয়া দৰাক মুহিবলৈ অথবা তেওঁৰ পৰা অপদেৱতা দূৰ কৰিবলৈ চাউল ছটিওৱাৰ বা চোবোৱাৰ প্ৰথা আছে। জনজাতীয় লোকসকলেও যাদুত আৰু দেও উঠি ভৱিষ্যদ্বাণী কৰাৰ সময়ত চাউল ব্যৱহাৰ কৰে। ভঁৰালত শস্য সঞ্চয় কৰা সম্বন্ধেও অনেক বিশ্বাস আছে। কোনো মাহ আৰু দিনত ভঁৰালৰ পৰা ধান ইলিয়াব নাপায়। লঘোণ লগা সময়ত তিৰোতা মানুহক ভঁৰালৰ কাষলৈকে যাবলৈ দিয়া নহয়। ভঁৰালক পূজাও কৰা হয়। কাতি বিহুত ভঁৰালৰ সন্মুখত বন্তি জ্বলোৱা হয়। প্ৰধানত: খেতিৰ ওপৰত নিৰ্ভৰ কৰা সমাজে পানীৰ কাৰণে প্ৰাকৃতিক শক্তিসমূহক প্ৰাৰ্থনা জনায়। এই শক্তিসমূহক যাদু আৰু ধৰ্মমূলক আচাৰ অনুষ্ঠানেৰে তুষ্ট কৰে। বৰষুণ নমাবলৈ আৰু বন্ধ কৰিবলৈ অসমীয়াৰ মাজত বহুতো আচাৰ অনুষ্ঠান আৰু মন্ত্ৰৰ প্ৰচলন মন কৰিবলগীয়া। পানী বিচাৰি নাইবা মাজে মাজে হোৱা বানপানী যাতে বন্ধ হয় তাৰ কাৰণে নিজৰা আৰু নদীক পূজা কৰে। এই ধৰণৰ সামাজিক প্ৰথা জনজাতীয় লোকৰ মাজতো আছে। নগা সকলৰ বৰষুণ আনোৱা উৎসৱত দেকা আৰু ল’ৰাহঁতে বৰষুণ আহিলে ল’ৰা-ছোৱলীয়ে ধেমালি কৰাদি বাহিৰলৈ ওলাই গৈ নাচে আৰু গীত গায়। খেতি চপাই আনি প্ৰথম প্ৰথম এমুঠি চাউল ৰাইজক লগোৱাটো এনেবোৰ বিশ্বাসৰ লগত জড়িত। ধান দোৱা শেষ হোৱাৰ ঠিক পিছতেই অসমীয়াই ন-খোৱা ভোজ পাতে। এই আনুষ্ঠন্নিক ভোজ হৈ যোৱাৰ পিছতহে ন-খেতিৰ চাউল নিজে খাব পাৰে। মাঘ বিহু হ’ল খেতি চপোৱা উৎসৱ। ই আচলতে প্ৰথম শস্য গ্ৰহণৰ উৎসৱ। এই উৎসৱত তিল, চাউল, সঁৰিয়হ আদি ন-শস্য উচৰ্গা কৰি অগ্নি দেৱতাক তুষ্ট কৰা হয়। সেইদৰেই গছত প্ৰথম ফল ধৰিলে তাৰে এটা ফল দেৱতালৈ উচৰ্গা কৰা হয়। আকৌ নতুনকৈ পোৱালি জগা গাইৰ গাখীৰ খীৰায়েই খেতৰ-খেতৰণীলৈ উচৰ্গা কৰা হয়। খেতৰ-খেতৰণী খেতিৰ পথাৰৰ অধিষ্ঠাত্ৰী দেৱ-দেৱী। এই সম্পৰ্কত ন-চাউলৰ পিঠা তৈয়াৰ কৰাৰ লগত জড়িত সামাজিক প্ৰথাসমূহ সংগ্ৰহ কৰা উচিত। ন-শস্যৰ পিঠা কৰোঁতে দেৱতা তুষ্টিৰ কাৰণে কিছুমান নিয়ম পালন কৰা হয়। প্ৰথম পিঠাখন জুইত দিয়া হয়, বিহু উৎসৱত আত্মীয় স্বজনক পিঠা খোওৱাও এই শ্ৰেণীৰেই এটি মাংগলিক অনুষ্ঠান। ভিক্ষাৰীকো পিঠা দান কৰা হয়, অমংগল দূৰ কৰিবলৈ। ভঁৰাল যাতে অগ্নি, বৰষুণ আৰু নিগনিৰ পৰা নিৰাপদে থাকে আৰু পথাৰত খেতি যাতে ভালদৰে হয় তাৰ কাৰণে এই সকলোবোৰ অনুষ্ঠান পালন কৰা হয়। মাঘ বিহুত আনকি গৰুকো পিঠা খুওৱা হয়। কৃষিৰ সা-সঁজুলি বিশেষকৈ লোহাৰ আহিলা-পাতিৰ লগত বহু বিশ্বাস জড়িত। লোহাত ঐন্দ্ৰজালিক গূণ আছে বুলি মানুহৰ ধাৰণা। গতিকে কটাৰী, দা, বেজী আৰু কৃষিকৰ্ম, মাছমৰা আহিলা, তাঁতশাল আদিত ব্যৱহৃত অন্যান্য লোৰ চোকা আহিলা-পাতিৰ লগত মানুহৰ কিছুমান ধাৰণা আৰু অভ্যাস জড়িত আছে। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ’লে মৃতকৰ সত্‌কাৰ আৰু শ্ৰাদ্ধাদি যিজন লোকে কৰে তেওঁ হাতত এখন কটাৰী বা অন্য তেনে কোনো লোহাৰ চোকা সঁজুলি অশৌচৰ দিনকেইটা লগত ৰাখিব লাগে; নহ’লে মৃতকৰ আত্মাই তেওঁৰ অপকাৰ কৰিব পাৰে। সন্তান জন্মৰ পিছত, প্ৰসূতি আৰু সন্তানক ভূত-প্ৰেত, ডাইনি আদিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰসূতিৰ পাটীৰ তলত এখন কটাৰী থৈ দিয়া হয়। অসমীয়া বিবাহোত্‌সৱৰ দিনবোৰত দৰা-কন্যাই একোখন কটাৰী সদায় লগত ৰাখিব লাগে। বিধি কৰ্ম শেষ হৈ যোৱাৰ পিছত দৰা-কন্যাই টেমি-কটাৰী সলোৱা, কৌতুক আচাৰ পালিব লাগে। ভূত প্ৰেতৰ পৰা ৰক্ষা পাবলৈ সাধাৰণতে নিশা গাঁৱলীয়া মানুহে লগত কটাৰী লৈ ফুৰে। গাভৰুক কটাৰী উপহাৰ দিয়া প্ৰণয়ৰ চিন। বিহুগীতত ইয়াৰ উল্লেখ আছে। দা সম্পৰ্কেও অনেক বিশ্বাস আছে। পূজাৰ বলিকটা দা মন্ত্ৰ মাতি পূজা কৰা হয়; কালিকা পুৰাণত এনে মন্ত্ৰৰ উল্লেখ আছে। গাৰোসকলে খেতি-বাতি আৰম্ভৰ আগতে দা-কটাৰী নৃত্য গীতেৰে পূজা কৰে।

প্ৰকৃতিৰ পূজা

প্ৰকৃতিৰ বিভিন্ন ৰূপৰ সৌন্দৰ্য আৰু আশ্চৰ্য ক্ৰিয়া-কলাপত অভিভূত আৰু মুগ্ধ হৈ আদিম অৱস্থাৰে পৰা মানুহে এইবোৰক পূজা কৰি আহিছে। ঋগ্‌ বেদৰ প্ৰায়বোৰ মন্ত্ৰই প্ৰকৃতিৰ স্তৱ। চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ, তৰা (পপীয়া তৰা), আকাশ, মেঘ, ৰামধেনু, বতাহ, ধুমুহা(বৰদৈচিলা), ভূমিকম্প, অতিবৃষ্টি, অনাবৃষ্টিৰ লগত অজস্ৰ পূজা-পাতল, ক্ৰিয়া-কৰ্ম, বিশ্বাস-আখ্যান জড়িত হৈ আছে। প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ অলেখ বন্দনা গীতেৰে আমাৰ লোক-সাহিত্য সমৃদ্ধ। ওপৰত উল্লেখ কৰা প্ৰকৃতি পূজাৰ ভিতৰত অগ্নিপূজা প্ৰধান। মানুহৰ সভ্যতা বিকাশৰ লগত অগ্নি ওতপ্ৰোতভাবে সংযুক্ত। অগ্নি কুটেষাই (Fire Complex) অসমৰ পাহাৰ ভৈয়ামৰ অসলো মানুহৰ মাজত অসীম প্ৰভাৱ বিস্তাৰ কৰি আছে। ধৰ্ম আৰু সামাজিক অনুষ্ঠানত, সাধাৰণ বিশ্বাসত (দেও-ভূত দূৰ কৰা, অমংগল আঁতৰোৱা, সতীত্ব আৰু সততাৰ পৰীক্ষাত, শাওপাতত, ৰোগ নিৰাময়ত), কৃষিকৰ্মত (পথাৰত বন্তি জ্বলোৱা), উৎসৱ আৰু খেল-ধেমালিত, অগ্নিৰ বিশেষ ব্যৱহাৰ আছে। এই পিনৰপৰা চাবলৈ গ’লে মাঘ বিহু প্ৰকৃততে অগ্নি-পূজাহে। পৰ্বত-ভৈয়ামৰ মানুহৰ মাজত থকা অগ্নি সম্বন্ধীয় জনশ্ৰুতি এতিয়াও উদ্ধাৰ হোৱা নাই। এইবোৰ সংগ্ৰহ হ’লে অসমত অগ্নি-পূজাৰ প্ৰাচীনতাৰ বিষয়ে আলোচনা কৰিবলৈ সুচল হ’ব।

ভৱিষ্যত্‌ গণনা

লোক জীৱনৰ ভূত ভৱিষ্যত্‌ চিন্তাৰ লগত ভৱিষ্যত্‌ গণনা ওতপ্ৰোতভাৱে জড়িত। ভৱিষ্যতে ঘটিবলগীয়া বা কোনো দূৰণিত ঘটা ঘটনা আমাৰ অজ্ঞাত। সেই বিষয়ে জনা বা কি হ’ব আগতে কৈ দিয়া কামটো আজিও অসমৰ পৰ্বতে ভৈয়ামে থকা জনসাধাৰণৰ মাজত এক ব্যাপক অনুষ্ঠানৰ যোগেদি সমাধা কৰা হয়। জ্যোতিষ সম্বন্ধে সংস্কৃত আৰু অসমীয়া ভাষাত অৱশ্যে অজস্ৰ কিতাপ আছে। কিন্তু মুখে চলি থকা যিবোৰ কথা আছে –লিখিত পুথিতকৈ তাৰ পৰিমাণ বহুত বেছি। জনজাতিসকলৰ মাজতো এই বিষয়ে বিবিধ প্ৰথা আছে। কোনোৱে মাটিত চিত্ৰ আঁকি মঙল চায়, কোনোৱে কড়ি মাৰে, কোনোৱে ধান, তামোল আৰু কণী প্ৰয়োগ কৰে আৰু কেতবোৰে কুকুৰাৰে মঙল চায়। ভৱিষ্যত গণনা সম্বন্ধে আমাৰ দেশত প্ৰচলিত ভিন ভিন প্ৰথাৰ সংগ্ৰহ মনোৰম অধ্যয়ন হ’ব।বেমাৰ হ’লে, এঠাইলৈ যাত্ৰা কৰিলে, নতুনকৈ ঘৰ-দুৱাৰ সাজিলে, নাও সাজিলে, গৰু কিনিলে আৰু বিয়া-বাৰুৰ দিন ঠিক কৰিলে মানুহে এতিয়াও কাৰ্যৰ শুভাৰম্ভ গণনা কৰে। মঙল চোৱাৰ লগত গাঁঠিৰ বিশেষ সম্বন্ধ। প্ৰতীকৰ ক্ষেত্ৰত ধৰ্ম অনুষ্ঠানত (শাঁত নহ’লে কিহৰ গাঁঠি), ঐন্দ্ৰজালিক বিদ্যাত, বেজৰ দৰৱত গাঁঠিৰ আজিও প্ৰাধান্য। গাঁঠি বান্ধি দিয়াৰ অৰ্থ হ’ল কোনো কাৰ্য দৃঢ় বা চিৰস্থায়ী কৰা, ধৰি ৰখা; গাঁঠি দিয়া মানে বাধা দিয়া আৰু গতিৰুদ্ধ কৰাও। গাঁঠি মেলা মানে কোনো কোনো বন্ধনৰ পৰা মুকলি কৰা ইত্যাদি। গতিকে মিলন ঘটায়, বান্ধিও পেলায়। প্ৰণয় আৰু পৰিণয়ক ই সুদৃঢ় কৰে। ই পাপক দূৰ কৰে আৰু পাপীক বান্ধি কোঙা কৰে। বিয়াত দৰা-কইনাৰ চাদৰত গাঁঠি বন্ধা হয়, কুশবনৰ আঙঠি দৰা-কন্যাৰ আঙুলিত পিন্ধোৱা আদিৰ এয়ে সাংকেতিক অৰ্থ। প্ৰাচীন অসমীয়া মন্ত্ৰৰ পুথিত অনেক ভূত জৰা মন্ত্ৰ আছে। সেই মন্ত্ৰবোৰত ভূতক বান্ধিবলৈ গাঁঠি দিয়াৰ আৰু মেলি দিবলৈ গাঁঠি খোলাৰ মন্ত্ৰ আছে। পুৰুষ বা স্ত্ৰীক পাবলৈ মোহিনী মন্ত্ৰৰ লগতো গাঁঠিৰ সম্বন্ধ আছে। এই পিৰীতি গাঁঠি দিয়াৰ নিৰ্দ্দিষ্ট দিন আৰু সময় আছে। বছৰৰ কেতবোৰ দিন গাঁৱলীয়া মানুহে মংগলজনক আৰু কিছুমান আপদীয়া বা অমংগলীয়া বুলি ভাবে। সচৰাচৰ কোৱা হয় –

অমাৱস্যা প্ৰতিপদ পূৰ্ণিমা তিথি ।

মাকৰ ঘৰলৈ নেযায় যুৱতী ।।

পঞ্জিকাত এনে কিছু শুভ-অশুভ দিনৰ উল্লেখ আছে। কিন্তু জ্যোতিষৰ বিচাৰমতে বিচাৰ কৰি সিদ্ধান্ত লোৱা দিনবোৰৰ লগত কোনো সম্পৰ্ক নথকা কিছুমান দিন আছে – যিবোৰ জনসাধাৰণে নিজেই শুভ বা অশুভ হিচাপে নিৰ্ণয় কৰি লৈছে। এনে ধৰণৰ অমংগলীয়া দিনবোৰত কিছুমান কৰাৰ পৰা বিৰত থাকিব লাগে। শনি আৰু মংগলবাৰ অমংগলীয়া দিন। এই দুদিন বাঁহ কাটিব নাপায়। আনকি গালি পাৰোঁতেও মানুহে ‘শনিবাৰে হোৱা) বুলি কয়। মাছ মৰা, মাটি চহোৱা, লখিমীৰ আগ অনা, লখিমী চপোৱা, চিৰা-কৰাই ভজা-খুন্দা আদি কাম কৰাৰ ক্ষেত্ৰতো কিছুমান দিন অমংগলীয়া বুলি জনসাধাৰণৰ ধাৰণা। শুভ দিনতকৈ অমংগলীয়া দিনবোৰ সম্পৰ্কে মানুহৰ সাৱধানতা অধিক। জনসাধাৰণৰ ধাৰ্মিক সংস্কৃতিৰ লগত শাও-শপতৰ বিশেষ সম্বন্ধ। শাও-শপতে মন্ত্ৰৰ দৰে ক্ৰিয়া কৰে বুলি লোক-বিশ্বাস। এই বিষয়ে বহু বাক্য আৰু ৰীতি প্ৰচলিত আছে। সাধাৰণতে ঈশ্বৰক, প্ৰকৃতিৰ পদাৰ্থক(চন্দ্ৰ, সূৰ্য, অগ্নি, শিল, নদী) সাক্ষী কৰি অথবা পবিত্ৰ, মহান লোক, গুৰু-গোসাঁইলৈ চাই শপত খোৱা হয়। ইয়াকে কৰোঁতে ‘দান্তে তৃণ, হাতত পানী, মুখত গোবৰ বা মাটি লোৱা’ বিবিধ নিয়ম আজিও অসমীয়া আৰু জনজাতীয় সমাজত প্ৰচলিত। হিন্দু সমাজত প্ৰচলিত এনে ধৰণৰ কিছুমান নিয়ম-অনুষ্ঠান জনজাতিসমূহৰ পৰা আহিছে বুলি সমাজতাত্ত্বিক সকলে অনুমান কৰে। এই বোৰৰ সংগ্ৰহ আৰু তুলনামূলক আলোচনাৰ পৰাও জাতিৰ চিন্তাধাৰাৰ পৰিচয় ওলায়।

ভিন ভিন সংস্কাৰ

দেহৰ এক অৱস্থাৰ পৰা আন অৱস্থালৈ ৰূপান্তৰিত হওঁতে পালন কৰা সংস্কাৰ অনুষ্ঠান সমূহ নানাভাৱে অৰ্থপূৰ্ণ। কেতবোৰ সাধাৰণ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত; অন্যবোৰ সামাজিক উৎসৱৰ লগত জড়িত। এনে উৎসৱ অনুষ্ঠানে মানুহক বাবাবেগৰ অশান্তি আৰু কষ্টৰপৰা সকাহ দিয়ে; আৰু সংশ্লিষ্ট ব্যক্তিৰ মনত সামাজিক নিৰাপত্তাৰ ভাব জগায়। আন দেশৰ দৰে অসমতো জন্ম, প্ৰেম, বিবাহ আৰু মৃত্যু সম্বন্ধীয় নানা বিশ্বাস আছে; এইবোৰত বিভিন্ন ধৰণৰ অনুষ্ঠান পালন কৰা হয়। উদাহৰণস্বৰূপে, গৰ্ভৱতী তিৰোতা, বিশেষকৈ প্ৰথম সন্তান জন্ম হ’বৰ সময়ত মাকৰ ঘৰলৈ যোৱাটো অসমৰ এটা সামাজিক প্ৰথা। ভাৰতবৰ্ষতো অতীতকালত এই প্ৰথা আছিল। মাকৰ ঘৰলৈ যাওঁতে বাটতে প্ৰসৱ বেদনা হোৱাত লুম্বিনি গাঁওত কেনেকৈ গৌতম বুদ্ধৰ জন্ম হৈছিল, সেই কথা ইতিহাস প্ৰসিদ্ধ। সাধাৰণতে, অসমত সন্তান জন্ম হোৱাৰ দিনৰপৰা এমাহলৈকে মাকক অশুচি বুলি ধৰা হয় আৰু ঘৰৰ বস্তু-বেহানি একোকে তেওঁক চুব-মেলিবলৈ দিয়া নহয়। মাকৰ ওচৰত তুঁহ-জুই আৰু গোবৰ-খুঁটিৰ জুই একেৰাহে জ্বলাই থোৱা হয়। ডাকৰ বচনত এই বিষয়ে দীঘলীয়া নিৰ্দেশ আছে। ইয়াৰ উদ্দেশ্য ভূতক ভয় খুৱায় খেদোৱা। বিছনাৰ কাষত কটাৰী এখনো থৈ দিয়া হয়। জুইত সঁৰিয়হ দিয়া আৰু মাক আৰু সন্তান উভয়ৰে গাত নহৰু বাটি সানি দিয়া হয়। সন্তানৰ কাৰণে মাছ আৰু কুকুৰা উচৰ্গা কৰাটো জনজাতীয়সকলৰ সামাজিক প্ৰথা। সন্তানৰ নামকৰণ, চুড়াকৰণ আৰু অন্নপ্ৰাশনৰ সময়ত ব্ৰাহ্মণসকলে শাস্ত্ৰীয় সংস্কাৰ সমূহ যথাবিহিতৰূপে পালন কৰে। এই শাস্ত্ৰীয় বিধিসমূহৰ লগত ভালেমান লৌকিক সংস্কাৰো পালন কৰা হয় আৰু প্ৰত্যেক শাস্ত্ৰীয় অনুষ্ঠানৰ লগত লগুণ দিয়াৰ গীত আদি বিবিধ ধৰণৰ গীত গোৱা হয়। এই গীতবোৰৰ মাজত লৌকিক আচাৰৰ উল্লেখ আছে। তাৰেপৰা হিন্দু সংস্কাৰৰ লগত অসমীয়া লোকাচাৰৰ ক’ত মিল-অমিল ধৰিব পাৰি। সংস্কৃতিৰ তুলনামূলক অধ্যয়নৰ কাৰণে এই গীতবোৰৰ সংকলন অতি প্ৰয়োজনীয়। মিটিৰ-কুটুম সম্বন্ধেও নানা বিশ্বাস প্ৰচলিত আছে। উদাহৰণস্বৰূপে, মোমাই-ভাগিন সম্বন্ধটো অসমীয়াৰ কাৰনে বৰ আদৰৰ সম্বন্ধ। কোনো সম্প্ৰদায়ৰ মাজত থকা কিছুমান সামাজিক প্ৰথা মতে বিশেষ এক ধৰণৰ সম্বন্ধীয় মানুহ দেখা কৰা, যিসকলৰ লগত কথা-বতৰা পতা বা আন কোনো কাম কৰা নিষিদ্ধ। এই বিশেষ সম্বন্ধৰ মানুহ হ’ল শাহু-বোৱাৰী আদি (জোঁৱায়েকে শাহুৱেকৰ মুখ চাব নোৱাৰে; ভাই বোৱাৰী জেঠালৰ আগত ওলাব নোৱাৰে)। আন এটা গুৰুত্বপূৰ্ণ সম্বন্ধ হ’ল সখিৰ সম্বন্ধ। সমনীয়াই লগ লাগি সখি পতা এটা জনপ্ৰিয় সামাজিক প্ৰথা। কিছুমান উৎসৱত ডেকা ল’ৰা আৰু গাভৰু ছোৱালী বন্ধু হিচাপে লগ খায়হি। এই ধৰণৰ আনুষ্ঠানিক বন্ধুত্বৰ প্ৰথা জনজাতীয় ৰাইজৰ মাজতো প্ৰচলিত। তেওঁলোকে বন্ধুত্বৰ উৎসৱ পাতি ভোজভাত খায়। নগাসকল এই উদ্দেশ্যে এঠাইত সন্মিলিত হয় নৃত্য-গীত কৰে। অসমীয়া বিয়া অনুষ্ঠানত সখিৰো স্থান আছে আৰু সখি-সখিয়নীয়েও দৰা-কন্যাৰ দৰে সাজ-পোচাক পিন্ধে। অপদেৱতাক প্ৰতাৰণা কৰিবলৈকে এই নকল দৰা-কন্যাৰ ব্যৱস্থা। অপদেৱতাই ভুল কৰি আচল দৰা-কন্যাৰ গাত নলম্ভি কিজানিবা সখি-সখিয়নীৰ গাত লম্ভে। দৰা-কন্যাক অপায়-অমংগল অথবা অপদেৱতাৰ পৰা ৰক্ষা কৰিবলৈ বিবাহৰ কেইদিন শুচি-সংযমত থৈ তেওঁলোকক দেৱতা জ্ঞান কৰা হয়। সেয়েহে বিয়া নামত দৰা-কন্যাক হৰ-পাৰ্বতী, বিষ্ণু-লক্ষ্মী, ৰাম-সীতা, কৃষ্ণ-ৰুক্মিণী আদি আখ্যা দিয়া হয়। জন্মৰ পিছতেই দেহৰ প্ৰধান ৰূপান্তৰ যৌৱন। একালত ছোৱালী পুষ্পিতা হ’লে আনুষ্ঠানিকভাবে নোৱাই-তোলনি বিয়া পতা হৈছিল আৰু ৰং-ধেমালি কৰা হৈছিল। বিয়াত সচৰাচৰ পালন কৰা কিছুমান আনুষ্ঠানিক ক্ৰিয়া-কলাপ ছোৱালী যৌৱনপ্ৰাপ্ত হওঁতেই পালন কৰা হৈছিল। পুষ্পিতা হোৱাৰ কালছোৱাত ছোৱালীজনীক নিলগকৈ ৰখাটো আনকি আজিও সমাজত চলি আছে। ছোৱালীৰ গাভৰুকালত কৰা আন আন অনুষ্ঠান হ’ল কাণ বিন্ধোৱা, নাক ফুটোৱা আদি। এইবোৰ কথা আজিলৈকে লিপিবদ্ধ হোৱা নাই। এই প্ৰসংগতে নামৰ মাহাত্ম্যৰ বিষয়েও উল্লেখ কৰিব পাৰি। সাধাৰণ মানুহে নামৰ যাদুকৰি শক্তিত বিশ্বাস কৰে। অসমীয়া মানুহৰ নাম দুটা। এটা গোপন বা ৰাশিচক্ৰ চাই নিৰ্ণয় কৰা নাম; আনটো প্ৰকাশ্য নাম। প্ৰকাশ্য নামটোৱেই বন্ধু-বান্ধৱৰ মাজত আৰু সমাজত পৰিচিত। গোপন নামটো আচল নাম। ইয়াক কেৱল যিজনৰ নাম তেওঁ আৰু তেওঁৰ পিতৃ-মাতৃয়েহে জানে। আচল নামটো প্ৰকাশ কৰাৰ বিৰুদ্ধে থকা বাধা-নিষেধবোৰৰ কাৰণ আছে। সাধাৰণৰ বিশ্বাস যে নামটো নিজৰ সত্তাৰ অত্যন্ত প্ৰয়োজনীয় অংগ, আনে ইয়াক জানিলে বিপদৰ সম্ভাবনা। আচল নামটো শত্ৰুৰ আগত প্ৰকাশ হ’লে সেই নামৰ ওপৰত মন্ত্ৰ মাতি শত্ৰুৱে অপকাৰ কৰিব পাৰে বুলি বিশ্বাস কৰি তাক গোপনে ৰক্ষা কৰা হয়। ল’ৰা-ছোৱালীৰ নামকৰণ, প্ৰথম অশৌচিয়া চুলি কটা, অন্নপ্ৰাশন কাৰ্যাদি অনুষ্ঠান উৎসৱৰ যোগেদি পালন কৰা হয়। পোন প্ৰথমে কেঁচুৱাৰ অশৌচিয়া চুলি কাটোতে নাপিতক সন্মান কৰি পাত্ৰ-বস্ত্ৰ দান কৰা হয়। অন্নপ্ৰাশনত ল’ৰা-ছোৱালীৰ মুখত প্ৰথম ভাত মোমাইদেৱেকে দিয়াটো সামাজিক প্ৰথা। ল’ৰা-ছোৱালীৰ নাম প্ৰায়েই কোনো দেৱ-দেৱী বা সাধু-সন্তৰ নামেৰে দিয়া হয়। যি দেৱ-দেৱীৰ নামৰে নাম থোৱা হয় তেওঁ যাতে সততে বিপদ-আপদৰপৰা সন্তানক ৰক্ষা কৰে, সেয়ে উদ্দেশ্য। দেৱ-দেৱী বা সাধু-সন্তৰ সজ গুণসমূহ ল’ৰা বা ছোৱালীয়েও যাতে পায় সিও আন এটা উদ্দেশ্য। বৈষ্ণৱ মতাৱলম্বীসকলে সন্তানৰ নাম স্বভাৱতেই কৃষ্ণ, ৰাম, বিষ্ণু, হৰি ইত্যাদি ৰাখে। কাৰণ সন্তানৰ নাম কাঢ়োঁতে নিজৰ ইষ্ট দেৱতাৰো নাম উচ্চাৰণ কৰা হয় (অজামিল উপাখ্যান এটা উদাহৰণ)। পৰিয়ালত কোনো সন্তানৰ মৃত্যু হ’লে পিছৰ সন্তানৰ নাম কোনো কোনোৱে আকৰ্ষণীয় কৰি নিদিয়ে – যেনে তেনে এটা নাম দি থয়। কুন্ধচ নামৰ প্ৰতি অপদেৱতাৰ আকৰ্ষণ নাথাকে বুলি মানুহৰ বিশ্বাস। স্বামী, বৰজনা, বয়োজ্যেষ্ঠলোক আৰু মৃত-উপৰিপুৰুষৰ নাম কাঢ়িব নাপায়। মৃতকৰ নাম লিখোঁতে অপদেৱতাৰ দৃষ্টিৰপৰা হাত সাৰিবলৈ মৃতকৰ নামৰ আগতে (ঈশ্বৰ) বহুওৱা হয়। ভয়লগা প্ৰাণীৰ নাম উচ্চাৰন কৰাৰ ক্ষেত্ৰতো বাধা-নিষেধ আছে। ৰাতি সাপৰ নাম উচ্চাৰণ কৰিবলগীয়া হ’লে মানুহে সাপ বুলি নকৈ দীঘল-ঠেঙীয়া বুলি কয়। নামৰ এনে প্ৰতীকবোৰৰ সম্বন্ধে আলোচনা বৰ কৌতূহলোদ্দীপক। সকলো সংস্কাৰৰ ভিতৰত বিবাহ প্ৰধান। শাস্ত্ৰীয় নিয়মানুসাৰে বিবাহক ব্ৰাহ্মণ, দৈৱ, আৰ্য, প্ৰজাপত্য, আসুৰ, গান্ধৰ্ব, ৰাক্ষস আৰু পৈশাচ – এই আঠ প্ৰকাৰত ভাগ কৰা হৈছে। অনুপ্ৰৱেশৰ দ্বাৰা সৃষ্ট ইয়াৰে কেইটামান আৰ্যৰ আৰু বাকীবোৰ প্ৰথা আৰ্যীকৰণৰ ফলত জন্ম। অসমৰ বিভিন্ন সমাজত পলুৱাই অনা, চপনীয়া বা ঘৰ-জোঁৱাই চপা, ধন দি কিনা, চকলং আদি বেলেগ বেলেগ ধৰণৰ বিবাহ আদি এতিয়াও প্ৰচলিত। এইবোৰৰ লগত ভালেমান লোকাচাৰ আৰু স্ত্ৰী আচাৰ ওতপ্ৰোতভাবে জড়িত হৈ আছে। অঞ্চলভেদে আৰু সমাজভেদে এই বিবাহৰ আচাৰসমূহ বিভিন্ন। স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱাৰ Assamese Marriage System নামৰ পুথি, ডক্তৰ প্ৰফুল্লদত্ত গোস্বামীৰ সেই বিষয়ৰে ইংৰাজী প্ৰবন্ধ আৰু বিজয়চন্দ্ৰ অধিকাৰীৰ ‘আসামে বিবাহ-পদ্ধতি’ গ্ৰন্থৰ বাহিৰে এই সম্বন্ধে বহল আলোচনা হোৱা নাই। অসমীয়া আৰু জনজাতীয় বিবাহ পদ্ধতিৰ তুলনামূলক আলোচনাও প্ৰয়োজন। মৃতকৰ সত্‌কাৰ পৰিয়ালৰ কাৰণে গুৰুত্বপূৰ্ণ কাম। অন্তিম পৰত মৃতকক বেলেগ পাটীত শুৱাই বাহিৰলৈ উলিওৱা হয়। মৃতকক নতুন সাজ পিন্ধাই তেল-হালধি আদিৰে গা ধুওৱা হয়। মৰিশালিলৈ নিয়াৰ আগতে মৃতকক থোৱা ঠাইডোখৰত বগৰীৰ জেং এঠাল থোৱা হয়। ভালেমান দিনলৈকে পৰিয়ালৰ লোকসকল শোকত থাকে আৰু কিছুমান বস্তু তেওঁলোকক খাব দিয়া নহয়। বহুতো আচাৰ অনুষ্ঠান নৈষ্ঠিক হিন্দু প্ৰথামতে কৰা হয়। যিজন লোকে মৃতকৰ শেষ সত্‌কাৰ কৰে, তেওঁ চুৱা নেখেদালৈকে লগত এখন কটাৰী লৈ ফুৰিব লাগে। শৱ-সত্‌কাৰ কৰি অহাৰ পিছত মানুহবিলাকে এটুকুৰা শিলৰ ওপৰত ভৰি থৈ জুইত হাতকেইটা সেকিহে ঘৰৰ ভিতৰত সোমাব পাৰে। যদি খৰি দি উভতি আহোঁতে ৰাতি হয়, তেন্তে ৰাতি নুপুওৱালৈকে খৰি দিয়া লোকসকল ঘৰৰ ভিতৰত সোমাব নোৱাৰে। দহা-কাজ নোযোৱালৈকে মৃতকৰ আত্মা আঁতৰ নহয় বুলি মানুহৰ বিশ্বাস। জন্ম, বিবাহ, মৃত্যু আৰু অন্যান্য ধৰ্মমূলক আৰু ধৰ্ম নিৰপেক্ষ উৎসৱ অনুষ্ঠান আদিৰ লগত ৰাজহুৱাভাবে আহাৰ কৰা প্ৰথা সাঙোৰ খাই আছে। এনে দিনবোৰত একোটা ভোজ পতা হয়। কেতিয়াবা ভজৰ আগতে লঘোণ দিয়া হয় আৰু কিছুমান বিধি বিহিত আচাৰ-অনুষ্ঠান পালন কৰা হয়। বেলেগ বেলেগ উপলক্ষে পতা উৎসৱৰ আহাৰো বেলেগ বেলেগ। আকৌ। খোৱা-মেলা কেতিয়াবা ৰাজহুৱাকৈ আৰু কেতিয়াবা গোপনীয়ভাবে কৰে। ৰাজহুৱাকৈ কৰাৰ লগত কি কি বিশ্বাস জড়িত হৈ আছে আৰু এনে ভোজত কি কি বস্তু খোৱা হয় সেইবোৰ কোনোৱে সংগ্ৰহ কৰিব পাৰে। সমাজভেদে আহাৰ আৰু খোৱাৰ প্ৰথাও বেলেগ বেলেগ।

লোক-উৎসৱ আৰু লোক-নৃত্য

জাতিৰ সামাজিক জীৱন আৰু অৱসৰ বিনোদনৰ বিভিন্ন পদ্ধতি অধ্যয়ন নকৰিলে সেই জাতিৰ লোক-সংস্কৃতিৰ আলোচনা পূৰ্ণাংগ হ’ব নোৱাৰে। পঞ্জিকাত গাঁৱৰ ৰাইজৰ কাৰণে বহুতো অৱসৰ উপভোগৰ ধৰা বন্ধা দিন আছে। ইয়াৰ বাহিৰেও অন্যান্য উৎসৱ আছে; যেনে, তিনি বিহুৰ উৎসৱ। প্ৰত্যেকটো বিহুৱেই আনন্দৰ উৎসৱ; ইয়াৰ লগতে নৃত্য-গীতৰ সমাৰোহ। ব’হাগ বিহুত সমূহীয়া লোক নৃত্যই বিশেষত্ব। ডেকা-গাভৰুৱে জুম পাতি কৰা বিহু নৃত্য এফালৰ পৰা প্ৰেমৰ নৃত্য আৰু আনফালৰপৰা প্ৰজনন নৃত্যও। কাৰণ ইয়াৰ যোগেদি পথাৰত লহপহকৈ শস্য গজি উঠিবৰ কাৰণে বসুমতীক প্ৰাৰ্থনা জনোৱা হয়। বিহুৰপৰা আমি আমাৰ প্ৰাচীনতম গীতবোৰ পাওঁ। বিহু বহু ধৰণৰ। আখ্যান, কিংবদন্তী, অতীতৰ সংকেতপূৰ্ণ কাব্যিক গীতৰপৰা আৰম্ভ কৰি পোনপটীয়া, কামোদ্দীপক আৰু হাঁহি-বিদ্ৰূপমূলক গীতলৈকে অনেক ধৰণৰ বিহু গীত আছে। প্ৰেম নিবেদন কৰাৰ ক্ষেত্ৰত এই বিহু গীতবোৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ইবোৰৰ যোগেদি হাঁহি-ধেমালিৰ মাজেদি ডেকা-গাভৰুৱে প্ৰেম নিবেদন কৰে আৰু ৰং ৰহইচ কৰে। অসমৰ গাঁৱত প্ৰচলিত অন্যান্য গীত-নৃত্যসমূহৰ ভিতৰত এটা হ’ল দেওধনি। এই নৃত্য সাধাৰনতে তিৰোতাৰ আৰু ইয়াত নাচি নাচি মানুহগৰাকী অলৌকিকভাবে সমাধিস্থ হয়। ইয়াৰ উদ্দেশ্য প্ৰধানকৈ হ’ল ঐন্দ্ৰজালিক শক্তি লাভ কৰা। তাৰ পিছত আহে ওজাপালি নৃত্য আৰু মনসা পূজাৰ লগত জড়িত নৃত্য। জনজাতিসকলৰ নিজা নিজা ধৰণৰ নাচ আছে। নগসকলৰ চিকাৰী নৃত্য, মণিপুৰীৰ লোও-হাৰোবা নৃত্য, লুচাইৰ বাঁহ নৃত্য আৰু বড়োসকলৰ খেৰাই নৃত্য উল্লেখযোগ্য। অসমৰ বিভিন্ন জাতি-উপজাতিৰ মাজতে প্ৰচলিত আনুষ্ঠানিক সমদলীয় অথবা এজনীয়া নাচসমূহৰ প্ৰধানকৈ এইদৰে শ্ৰেণীবিভাগ কৰিব পাৰি।

  • পুজা-পাতল আৰু ধৰ্ম অনুষ্ঠানৰ লগত জড়িত নাচ ,
  • প্ৰকৃতিৰ সন্তুষ্টিৰ অৰ্থে কৰা নাচ ,
  • অলৌকিক শক্তি লাভৰ নাচ ,
  • প্ৰেম নিবেদন, বিবাহ, উৎসৱৰ লগত সম্বন্ধ থকা নাচ ,
  • মৃত্যু, শোক, বিবাহ আৰু অমংগল দূৰ কৰিবলৈ নচা নাচ (যেনে- মাৰি-মৰকৰ সময়ত কৰা নগৰ সংকীৰ্তনৰ নাচ),
  • কৃষি আৰু ঋতু উৎসৱৰ লগত জড়িত নাচ ,
  • চিকাৰ, মাছ মৰা আদি খাদ্য সংগ্ৰহৰ নাচ ,
  • যুদ্ধ-যাত্ৰা, যুদ্ধ-জয়, শত্ৰু-নিধন, শক্তি-পৰীক্ষা আদি হৰ্ষ-উল্লাসৰ নাচ।

ইয়াৰ উপৰিও ধান ৰোৱা, দোৱা, বনা আৰু আনকি নৈলৈ পানী আনিবলৈ যোৱা বিষয়ৰ যিবোৰ দৈনন্দিন কাম আছে তাৰ লগত জড়িত কিছুমান শ্ৰম নৃত্য আছে। এই কামবোৰ কৰাৰ লগত অংগ-প্ৰত্যংগৰ যি ছন্দময় ভংগী আছে সি গীতৰ লগত লগ লাগি মাধুৰিমাময় হৈ পৰে। এই গীতসমূহৰ যোগেদি কামৰ ছেৱে ছেৱে তাল ৰাখি, কামৰ গতি নিৰৱচ্ছিন্নভাবে অব্যাহত ৰাখি আৰু কাম কৰি থকা সময়ত লগা আমনি আঁতৰাই, কামৰ দক্ষতা বঢ়োৱা হয়। ধান বানোতে গোৱা ঢেঁকীৰ গীত, সূঁতা কাটোঁতে গোৱা যঁতৰৰ গীত, গৰখীয়াৰ গীত, নাৱৰীয়াৰ গীত, মাছমৰীয়াৰ গীত আৰু টোকাৰী গীত আদি বহু বিষয়ৰ গীত আছে। যি কাম কৰা হয়, সেই কামৰ লগত ৰজিতা খাই গীত আৰু নৃত্যই এক নতুন ৰূপ গ্ৰহণ কৰে। এই নৃত্য-গীতবোৰৰ লগতে অন্য এবিধ সৰু গীতৰো উল্লেখ কৰিব পাৰি। লোক-সাহিত্যৰ অংগ হিচাপে ই বৰ সৰবৰহী। এই কবিতাবোৰ আওৰাওঁতে জিভাখন খুব দ্ৰুতগতিত ঘূৰাব লাগে। ইয়াৰ প্ৰত্যেক শব্দৰ ধ্বনি একে। এই কবিতাবোৰ এফাঁকিও হ’ব পাৰে, নাইবা এশাৰীও হ’ব পাৰে। কিন্তু কিন্তু ডাঙৰকৈ কেইবাবাৰো আওৰাবলৈ এইবিধ কবিতা বৰ টান (যেনে- লাই পুলি লৰাই ৰুলো)। একেটা ব্যঞ্জন একে-লেথাৰিয়ে আওৰাব লগা হ’লে জিভাখন ঘূৰোৱা-পকোৱা টান। জনবিশ্বাসমতে এনেকৈ জিভা ঘূৰাই শব্দ উচ্চাৰণ কৰি থাকিলে চুটি জিভা দীঘল হয়। ই কেৱল ল’ৰা-ছোৱালীৰ ধেমালিৰ বস্তুৱেই নহয়, ল’ৰা-ছোৱালীৰ উচ্চাৰণো ইয়াৰ ফলত স্পষ্ট হয়। এইবোৰ বহু পুৰুষ ধৰি মুখে মুখে চলি আহিছে। এতিয়া এইবোৰৰ সংগ্ৰহৰ প্ৰয়োজন।

খেল-ধেমালি

খেল-ধেমালিও আমোদপূৰ্ণ সামাজিক ব্যৱস্থা, কিয়নো, খেলিবলৈ হ’লে এজনতকৈ বেছি লোকৰ প্ৰয়োজন। খেল-ধেমালি ক্ৰীড়া হিচাপে জনসাধাৰণৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। খেল-ধেমালিৰ ওপৰত আজিকালি যি ধৰণৰ গুৰুত্ব আৰোপ কৰা হৈছে, সেই পিনৰ পৰা বিচাৰ কৰিলে খেলেই আধুনিক জীৱন আৰু তাৰ সংস্কৃতিৰ এক বিশিষ্ট ৰূপৰ গঢ় দিয়ে। মূলত: খেল এখন নাটক। খেলুৱৈবোৰ ইয়াৰ ভাৱৰীয়া, ছন্দময় গতি ইয়াৰ নৃত্য। কিছুমান খেলত গীতো থাকে। খেলৰ ভিতৰত আৰু গোটাদিয়েক বিশিষ্ট লক্ষণ আছে। প্ৰত্যেক খেলৰে কিছুমান নিয়ম আছে। এই নিয়মবিলাকৰ সৰহভাগেই জনসাধাৰণৰ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। খেল-ধেমালি সম্বন্ধেও কিছুমান পুৰণি বিশ্বাস আছে। খেলবিলাক সকলো সময়তে স্ত্ৰী-পুৰুষ নিৰ্বিশেষে সকলোৱে সকলো ঠাইতে আৰু সকলো বয়সৰ মুনিহ-তিৰোতাই খেলিব নোৱাৰে। অসমত কড়ি সচৰাচৰ ব’হাগ বিহুত খেলা হয়; কাৰণ, উৰ্বৰতাৰ লগত কড়িৰ সম্বন্ধ। বহু সমাজত খেল-ধেমালি পূজাৰ অংগবিশেষ। কালিকা পুৰাণৰ মতে চণ্ডিকা পূজা পঞ্চালিকা বিহাৰ আৰু শিশু কৌতুকেৰে সম্পন্ন কৰিব লাগে। কেতিয়াবা ভৱিষ্যত গণনা কৰিবলৈ কৰি আৰু পাশা খেলা হয়। কিছুমান খেল কেৱল ল’ৰা-ছোৱালীয়ে খেলিব পাৰে। সাধাৰণতে গীত গাই গাই কৰা খেলবোৰ ল’ৰা-ছোৱালীয়ে খেলে। জাতীয় খেলবিলাকৰ বিষয়ে আৰু তথ্য পাতি সংগ্ৰহ কৰিব পাৰি। বিশ্বাস, সাধুকথা, লোকগীতি, বিহুগীত বা লোক-কথাৰ আন যিকোনো বিষয়ৰ দৰেখেলৰো অনেক বিচিত্ৰ ধৰণ আছে আৰু এই বিষয়ে যথেষ্ট গৱেষণা কৰাৰ থল আছে। অসমৰ পূব আৰু পশ্চিম অঞ্চলত কিছুমান খেলৰ নিয়ম একে নহয়। ইয়াৰ কাৰণ আমি ফঁহিয়াই চাব লাগিব। আমি আৰু চাব লাগিব এটা খেল এঠাইৰ পৰা আন এঠাইলৈ আৰু এটা শতিকাৰ পৰা আন এটা শতিকালৈ এনেকৈ বাগৰে আৰু এনেকৈ বাগৰোতে ই কিয় ৰূপ সলায়। খেলৰ উৎপত্তিৰ উৎস জাতিগত নে তাৰ মূল ভৌগোলিক – এইবোৰেই খেল ধেমালি সম্বন্ধে কৰিব লগা আলোচনা। খেল-ধেমালিৰ ধৰণ-কৰণৰ পৰা জাতিৰ শক্তি, সাহস, বীৰত্ব, কৰ্মশক্তি আৰু আমোদ-প্ৰমোদৰ বিষয়ে জানিব পাৰি।

উৎস: অসমৰ লোক-সংস্কৃতি।

শেহতীয়া উন্নীতকৰণ: : 6/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate