ৰংঘৰৰ পথাৰত সাত বিহুৰ দিনা যি খেল্-ধেমালি হৈছিল তাক গ্ৰীচ দেশৰ অলিম্পিকৰ দৰে জাতীয় উত্সৱত পৰিণত হৈছিল্। ৰজনীকন্ত বৰদলৈ দেৱৰ ৰংপুৰৰ সাত্বিহু উত্সৱৰ বিৱৰণত লিখিছে- “আজি ৰংপুৰৰ ৰং পথাৰত লোকে লোকাৰণ্য্। ভাৰ মানুহ্, চহা, হোজা, নগৰীয়া,গাঁৱলীয়া, ল্’ৰা, তিৰোতা, ডেকা-গাভৰু,মিৰি-মিৰিয়নী ইত্যাদি প্ৰায় প্ৰজায়ে আজি ৰংপুৰৰ পথাৰত্। অতি কমেও এক্লাখৰ কিজানিকম নহ্’ব্”। --সেইমতে আমাৰ মাজৰে, সেই সময়ৰ কোচ ৰাজ্য্, কছাৰী ৰাজ্য্, চুটিয়া ৰাজ্য্, ব জয়ন্তীয়া ৰাজ্য, মণিপুৰ ৰাজ্য আৰু সৰু-বৰ সকলো পাৰ্বত্য ৰাজ্যতে নানা ধৰণৰ খেল্-ধেমালিয়ে ৰজাঘৰৰ পৃষ্ঠপোষকতা পোৱাৰ কথা জানিব পাৰি। কিন্তু সাই বোৰৰ বিশদ বিৱৰণ পোৱা নাযায়্। দেওধাই বুৰঞ্জীত আহোমৰ কিছু খেল্-ধেমালিৰ উল্লেখ পোৱা যায়্। সেইখেল সমুহৰ ভিতৰত শেনৰ খেল বা শেন মেলা, হাতীৰ যুঁজ, ম্’হৰ যুঁজ্, মনুহৰ যুঁজ্, বাঘ্-ভালুক্, গাহৰি,ঘঁৰিয়াল,গঁড়্, ঘোং, মেঠোন আদিয়েই প্ৰধন্। কিন্তু সেই সময়ৰ অসমত বন্দী হৈ থকা মানুহক বাঘ্,সিংহ,বা ভালুকৰ লগত যুঁজ কৰিব দি ৰং চোৱাৰনিয়ম নাছিল্।
খেল ধেমালিৰ ভিতৰত শেনৰ খেল বা শেন মেলা এবিধ জনপ্ৰিয় খেল আছিল। এই বিধ খেলৰ বাবে ৰজাই এক শ্ৰেণীৰ বিষয়া নিযুক্ত কৰিছিল যাক শেনচোৱা বৰুৱা বোলা হৈছিল। শেনৰ খেলৰ বিষয়ে পুৰণি শেনচোৱা পুথিত বিষদ বিৱৰণ পোৱা যায়্। পুৰণি সাঁচিপতীয়া শেনচোৱা পুথিৰ মতে শেন চাৰি বিধ্- চাহ্বচা, কোমাৰু বচা, অৰঙ্গী বচা, ইৰাণি বচা। তাৰে আকৌ ভাগ্- চিতেচৰা, বেচেৰা,বহৰি,কুহিশেন্। তাৰ ভিতৰত কুহি আৰু বহৰি শেনক যদি ভাল ওস্তাদে পায় আৰু মন বুজি শিকাই ল্’ব পাৰে তেতিয়া পাকত কনুৱা ধৰিব পাৰে। কুহি শেনৰ কেইতামান ভাগ আছে যেনে জালি কুহি, ইলাহি কুহি, ইটালি কুহি, নগৰ জগৰ কুহি, খৰ্চমি কুহি, ৰামনি কুহি, চান্দনি কুহি, কলিয়া অদি। তেনেদৰেবহৰি শেনৰও কেইটামান ভাগ আছে যেনে চাহিন্, কুহিৰ্, জহৰি, আদচাকে, লৰুক, আদলগৰী নগৰ দমি, চিতে চেৰা,বেচেৰাআদি।শেন মেলাৰ আগতে শেনৰ পৰীক্ষা লোৱা হয়, তাকে বাউল দিয়া বোলে। ইয়াকো চাবলৈ ৰজা আৰু প্ৰজাৰ সমাগম হয়্। এটা পাৰ চৰাই এঠাইত বান্ধি থৈ শেনৰ চকুৰ পৰা গিলিপ্(চকু ধকা কাপোৰ্) গুচাই আৰু ঠেঙ্ত দীঘল ৰচি লগাই এৰি দিয়ে। যদি শেনে পৰা চৰাই কোবাই পুনৰ শেনচোৱাৰ হাতত পৰেহি তাক পুনৰ চুটি ৰচি লগাই মলি দিয়া হয়্, তাতো শেনে পৰ কোবাই আহি হাতত পৰেহি তেতিয়া কেবাজনো মানুহৰ মাজত পাৰটো থৈ শেন মেলি দিয়া হয়্, এইবাৰ শেন গৈ যদি পৰ চৰাইটো কোবাই খেদি মাৰি ঘুৰি আহে তেন্তে বাউলিত বা পৰীক্ষাত উত্তীৰ্ণ হৈছে বা উঠিছে বুলি ধৰি লোৱা হয়। নিৰুপিতদিনত ভালেমানঠাইত সৰু সৰু মাছ দি চৰাইৰ চোং পাতে। মাছ খাবলৈ পাই বনৰীয়া কনুৱা চৰাই বাঢ়ি যায়্। হজাৰ বাৰশ কনুৱা আহি একে চোঙ্গতে গোট খায়হি। চৰাইৰ চোঙ্গৰ বিষয়াবিলাকে এই দৰে বহুত ঠাইত কনুৱা চৰাইৰ চোঙ পাতে। খেললৈ শেন মেলাৰ আগতে শেন টোৰ গাত ছুই এনেদৰে মন্ত্ৰ পঢ়ে- “লগৰ ভাগৰ দুগুটি আখি। সমে ভাগিলে চাৰিটি পাখী। দেৱীয়ে বোলে পুত্, তোৰ শৰীৰ মই বাস্লৈলো নকৰিবি তৈ মনত্....। আনৰ ঠোট তই জগতৰ হাড়্, বৰঠোট কৰ বুন্দামাৰ্।চল চল বিলম্ব নকৰ – মহাদেৱৰ্,শ্ৰীৰামৰ্,শঙ্কৰ বাবাৰ আদামৰ আজ্ঞা পাৱ সাকদেৰ আদেশৰ আজ্ঞাবশ মন্ত্ৰ্- অৰ্দ্ধেশৰা বাবা আদমৰ কাচম্”। সৰহকৈ কনুৱা গোট খোৱা চোঙলৈ শেনচোৱাবিলাকে বছা বছা শেন লৈ যায়্। ৰজা-প্ৰজা সকলোৱে খেল চাবলৈ গোট খায়্। চোঙত গোট খাই থকা কনুৱাবোৰক মানুহে খেদি উৰুৱাই দিয়ে।কনুৱা উৰি গৈ বহুত ওপৰ পালেগৈ আৰু চকুৰে ৰিণি ৰিণি দেখা হ’লে শেনচোৱাই শেনৰ গাত মন্ত্ৰ মাতি শেনৰ চকুৰ কাপোৰ খুলি ভৰিৰ ডোল মেলি দিয়ে। মেলা মাত্ৰকে শেনে কনুৱালৈ চোঁচা মাৰে। আকাশত শ শ কনুৱা নানা ফালে পলায়্। আৰু দুই চাৰিটি বুকু ফলা পাখী ভগা কনুৱা ওপৰৰপৰা মাটিত পৰেহি। ৰাইজে হৈ-ধ্বনি কৰে এনেদৰে শেনে কনুৱা মাৰি এটা কনুৱাৰ বুকুত বহি শেনচোৱাৰ হাতত পৰেহি। জিকাশেনৰ মালিকে ৰজা ঘৰৰ পৰা বঁটা পায়্।যাৰ শেনে কনুৱা নামাৰি কেনিবাদি উৰি যায় সেই ওজাই শাস্তি ভোগ কৰিব লাগে।
অসম বুৰঞ্জী ৬২ নং পৃষ্ঠাৰ মতে স্বৰ্গদেও ৰুদ্ৰসিংহৰ দিনত সন্দিকৈ বৰ্ফুকনেই প্ৰথম হিলৈ চৰা নাৱক দুইমুৰেমগৰ লগাই বাবলৈ নাও- বৈচা শিকাই লাচ চাব লগাই স্বৰ্গদেৱক ৰং দেখাই মগৰী চৰা আৰু বহৰী শেন দুইৰো খেল উলিয়ালে। পোহনীয়া চৰাই লৈ বনৰীয়া চৰাই ধৰা প্ৰথা ৰাজস্থানতো আছিল্।পাৰ চৰাইক ভালদৰে শিকাই চিঠি-পত্ৰাদি আদান্-প্ৰদান কৰাৰ কথা ‘পত্ৰ কৌমুদি’ নামৰ পুথিত পোৱা যায়্।
লিখক: পলাশ জ্যোতি ভৰালী
শেহতীয়া উন্নীতকৰণ: : 7/4/2020