মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ওজাপালি – অসমীয়া লোক-নাট্যৰ এক অনন্য উপাদান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ওজাপালি – অসমীয়া লোক-নাট্যৰ এক অনন্য উপাদান

ওজাপালি – অসমীয়া লোক-নাট্যৰ এক অনন্য উপাদান

 

কেইবা শ বছৰ আগৰ পৰাই ওজাপালি অনুষ্ঠান অসমত চলি আছে। আধুনিক ধ্যান-ধাৰণাই সমাজত বিস্তৃত ভাৱে প্ৰভাৱ পেলোৱাৰ সময়তো ওজাপালি অনুষ্ঠান সমাজত অতিশয় জনপ্ৰিয় হৈ আছে। ঘাইকৈ গাঁৱলীয়া চহা সমাজেই এই লোকনাট্য অনুষ্ঠানবিধক জীয়াই ৰখাত সহায় কৰিছে।

পৰিবেশনৰ ফালৰ পৰা চাবলৈ গ’লে ওজাপালি অনুষ্ঠান সম্পূৰ্ণভাৱে লোকনাট্য অনুষ্ঠান নহয়। তথাপি লোকনাট্য অনুষ্ঠানৰ বিষয়ে আলোচনা কৰিবলৈ হ’লে ওজাপালিক বাদ দিবও নোৱাৰি। অসমীয়া সমাজত ওজাপালি ইমানেই জনপ্ৰিয় হৈছিল যে পিছলৈ ইয়াৰ সমপৰ্যায়ৰ বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠিছিল।

প্ৰবাদ অনুসৰি পঞ্চপাণ্ডৱে ছদ্মবেশত থকা কালছোৱাত অৰ্জুনে বৃহন্নলা নাম লৈ নৃত্য, গীত শিকাইছিল। তেখেতেই স্বৰ্গৰ পৰা মৰ্ত্যলৈ ওজাপালি অনুষ্ঠানটো লৈ অহা বুলি বিশ্বাস কৰা হয়।

আন এক প্ৰবাদমতে পাৰিজাত নামৰ মহিলা এগৰাকীয়ে সপোনত এই বিদ্যা আয়ত্ব কৰা বুলি বিশ্বাস কৰা হয়। পিছত তেখেতে অনুগত শিষ্যসকলক এই বিদ্যা শিকায়।

ওজাপালিৰ দল এটাত কেইবাগৰাকীও সদস্য থাকে। তেওঁলোক ক্ৰমে ওজা, দাইনাপালি আৰু পালি। দলটোক পৰিচালনা কৰা মুখ্য সদস্যজনক ওজা বুলি কোৱা হয়। ওজাক বিভিন্ন সময়ত অৰ্থাৎ গীত, পদ আদি গাওতে, পদৰ ভাঙনি কৰোতে দাইনাপালিয়ে সহায় কৰে। দাইনাপালিজন সাধাৰণতে ৰসিক আৰু বাকপটু হয়। তেখেতে বিভিন্ন সময়ত হাস্যমধুৰ কথাৰ অৱতাৰণা কৰি দৰ্শক-শ্ৰোতাক আনন্দৰ খোৰাক যোগায়। বাকীসকলক পালি বুলি কোৱা হয়। পালি আৰু দাইনাপালিয়ে বাদ্যযন্ত্ৰ হিচাপে খুঁটিতাল ব্যৱহাৰ কৰে।

ওজাজনে কোনো আখ্যানৰ দিহা লগাই দিয়াৰ পিছত পালিসকলে সেই দিহা সুন্দৰভাৱে দোহাৰে। ভিন্ন ৰাগ, তালৰ গীত-পদ গাই থাকোতে ওজাজনে হাতেৰে অংগী-ভংগী কৰি নৃত্য প্ৰদৰ্শন কৰে। ওজাজনৰ সতে ডাইনাপালিয়েও নৃত্য কৰি অনুষ্ঠানৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। পালিসকলে গীত গাওতে শৰীৰটো এক বিশেষ ভংগীত দোলাই পদ সঞ্চালন কৰি গীতৰ তাল-লয় ৰক্ষা কৰে।

অন্যান্য অনুষ্ঠানৰ দৰে ওজাপালিয়েও সাধাৰণ সাজ-পোচাক পৰিধান কৰে। দলটোৰ প্ৰতিজন সদস্যই চুৰিয়া-চোলা পিন্ধে আৰু গাত এখন চেলেং আঁৰি লয়। কিছুমান ওজাপালিয়ে মূৰত এটি বিশেষ ধৰণৰ পাগুৰি মাৰে।

ওজাপালি কেইবা প্ৰকাৰৰো আছে। সেইবোৰ হ’ল বিয়াহৰ বা ব্যাস ওজা, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজা, বৈষ্ণৱী ওজা, তুকুৰীয়া ওজা, আপী ওজা আৰু সুকনান্নী বা সুকনাৰায়ণী ওজা।

বিয়াহৰ ওজাই ব্যাসদেৱে ৰচনা কৰা মহাভাৰতৰ গীত-পদ গায়। তেওঁলোকে মহাভাৰতৰ পদ সুন্দৰ সুৰেৰে গাই নাচ প্ৰদৰ্শন কৰি সমাজত ধৰ্মীয় কথা প্ৰচাৰ কৰে। তেনেদৰে ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজাই ৰামায়ণৰ বিভিন্ন ঘটনা বৰ সুন্দৰভাৱে পৰিবেশন কৰে। ৰামায়ণ গোৱা ওজাই সুবিধা বুজি হাস্যৰসৰ সৃষ্টি কৰি ৰাইজক আমোদ দিয়ে। এওঁলোকৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল বাদ্যযন্ত্ৰ হিচাপে খুঁটিতালৰ সলনি ভোৰতাল ব্যৱহাৰ কৰে। বৈষ্ণৱী ওজাই শংকৰদেৱ ৰচিত কীৰ্ত্তনৰ আখ্যান গায় আৰু বৈষ্ণৱ আদৰ্শ প্ৰচাৰ কৰে। সুৰ, তাল সাজ-পাৰ আদিৰ ক্ষেত্রত বিয়াহৰ ওজাৰ লগত মিল আছে।

তুকুৰীয়া ওজা ৰাভা জনজাতিৰ মাজত অতি জনপ্ৰিয়। এওঁলোকে পৰিধান কৰা সাজ-পাৰ অন্য ওজাপালিৰ দৰেই। কিন্তু তুকুৰীয়া ওজাই থিয় হৈ গীত-পদ গোৱাৰ পৰিবৰ্ত্তে বহি গীত গায় আৰু পদসমূহৰ ভাঙনি কৰে। কামৰূপ আৰু দৰং জিলাত আপী ওজাৰ দলো দেখিবলৈ পোৱা যায়। আপী ওজাই গোৱা গীত-পদসমূহো বিয়াহৰ ওজাৰ লগত মিল আছে। পাৰ্থক্য মাথোন এওঁলোকে বাদ্যযন্ত্ৰৰ সলনি হাত চাপৰি বজায়।

সুকনান্নী বা সসুকনাৰায়ণী ওজাই মনসা, দূৰ্গা, কালী দেৱীৰ শক্তি, মহিমা প্ৰকাশক গীত-পদ গায়। সুকবি নাৰায়ণদেৱে ৰচনা কৰা পদ্মাপুৰাণ, দুৰ্গাবৰ, মনকৰ আদিয়ে ৰচনা কৰা বেউলা-লক্ষীন্দৰৰ কাহিনী মনসা পূজাত গায়। মনসা বা মাৰৈ পূজাত গোৱা বাবে সুকনান্নী ওজাক মাৰৈ গোৱা ওজা বুলিও কোৱা হয়। সুকনান্নী ওজাৰ সতে দেওধা বা দেওধনীও নাচে। দেওধনীয়ে কিছুমান আচৰিত ধৰণৰ শক্তি প্ৰদৰ্শন কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। লক্ষীন্দৰ মৃত্যুৰ পিছত সতী বেউলাই স্বামীক জী তুলিবলৈ দেৱতাৰ আগত প্ৰদৰ্শন কৰা নৃত্যটোকে দেওধনী নৃত্য বুলি কোৱা হয়। সুকনান্নী ওজাপালিতো দাইনাপালিজনে হাস্যৰসৰ সৃষ্টি কৰা দেখা যায়। তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভাৰে খুহুতীয়া গীত গাই বা বচন মাতি হাস্যৰসৰ সৃষ্টি কৰে। এই খুহুতীয়া গান আৰু বচনৰ দ্বাৰা সমাজ সচেতনতা, দেশপ্ৰেম, জাতিপ্ৰেম, আৰ্থিক দৈন্যতা আদি প্ৰকাশ পায়। উদাহৰণস্বৰূপে দুটিমান গীতৰ কলি দিয়া হ’ল–
১) আইহঁত বাইহঁত
কথাত কৰা কাণ
মই এটি গাও শুনা
নতুন যুগৰ গান,
আগৰ দিনৰ আইসকলে
পিন্ধিছিল মেখেলা ৰিহা
আজিৰ দিনৰ আইসকলে পিন্ধিবলৈ নাপায় দিহা।

২) জয়মতী মনোমতী
অ’ মুলা গাভৰুৰ দেশ
ভাটিৰ দেশৰ বা লাগি
আইসকলৰ বদলি গ’ল বেশ।

৩) মৰমৰে মীনা
শাৰী নহ’ল কিনা
গোটেই বজাৰ বিচাৰিও
দোকানী নহ’ল চিনা

এনেদৰেই অসমীয়া সংস্কৃতিৰ অন্যতম অংগ ওজাপালি অনুষ্ঠানে অতীজৰে পৰা এতিয়ালৈকে অসমীয়া জাতিটোক গৌৰৱান্বিত কৰি আহিছে। পৰিতাপৰ বিষয় এয়ে যে এতিয়া মানুহে এই অনুষ্ঠানটোৰ পৰা আতৰি থকা যেন পৰিলক্ষিত হয়। সেয়ে ওজাপালিৰ দলৰ সংখ্যা কমি আহিবলৈ ধৰিছে। যিখিনি আছে সেয়া চহা আৰু আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ মাজতহে জীয়াই আছে। আঢ্যবন্ত, উচ্চ শিক্ষিত লোকসকল এই অনুষ্ঠানৰ প্ৰতি আকৰ্ষিত নোহোৱাটো নিশ্চয় ভাল কথা নহয়। ইয়াৰ মুল কাৰণ ওজাপালিৰ সদস্যসকলৰ আৰ্থিক দৈন্যতা, দুৰৱস্থা আৰু তেওঁলোকক উপযুক্ত মান-মৰ্যাদা দিব নোৱাৰাটোৱে অন্যতম। চৰকাৰী উদাসীনতাও মুখ্য কাৰণ।

তথাপি আমি জাতিটোৰ স্বাৰ্থতেই এই অনুষ্ঠানটো জীয়াই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। আমাৰ সংস্কৃতিৰ সৌন্দৰ্যসমূহ বিশ্বৰ সন্মুখত দাঙি ধৰিব লাগিব। ইয়াৰ বাবে চৰকাৰ, অসমীয়া ৰাইজ, বিভিন্ন দল-সংগঠন আদিয়ে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰাৰ যথেষ্ট থল আছে। তেতিয়াহে আমি বিশ্বৰ সন্মুখত অসমীয়া জাতি হিচাপে মূৰ তুলি থিয় হৈ ৰ’ব পাৰিম।

 

 

 

”মহোহো” – অসমীয়া সংস্কৃতিৰ এটি সুন্দৰ লোক উৎসৱ ।

 

 

 

মহোহো -অসমীয়া সংস্কৃতিৰ এটি সুন্দৰ লোক উৎসৱ

 

আমাৰ ৰাজ্য অসমখন অকল যে প্ৰাকৃতিক সৌন্দৰ্যত চহকী তেনে নহয় ; সাংস্কৃতিক দিশতো অসম এখন চহকী ৰাজ্য । ভিন্ন ভাষা-ভাষী, ধৰ্ম, জাতি-জনগোষ্ঠীৰ লোকেৰে গঠিত অসমৰ সংস্কৃতি বাৰে-ৰহণীয়া । বৈচিত্ৰতাৰে ভৰা অসমৰ সংস্কৃতিৰ পথাৰখনে দেশী- বিদেশী লোকসকলক সদায় আকৰ্ষিত কৰি আহিছে । অসমৰ বাৰে-ৰহণীয়া সংস্কৃতিয়ে ৰাজ্যখনক ভাৰতবৰ্ষৰ ভিতৰতে সাংস্কৃতিক দিশত চহকী ৰাজ্যবোৰৰ ভিতৰত এখন উল্লেখনীয় ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিছে । আহকচোন অসমৰ এটি অন্যতম লোক উৎসৱৰ বিষয়ে চিনাকি হওঁ ।

“মহোহো” অসমৰ সংস্কৃতিৰ এটি অনন্য সুন্দৰ লোক উৎসৱ । লোকবিশ্বাসৰ দ্বাৰা পালিত এই উৎসৱ অতীজৰে পৰা বৰ্তমানলৈ বিশ্বাস, পৰম্পৰাৰ মাজেৰে চলি আছে । বিজ্ঞানৰ উত্তৰণ, দ্ৰুতভাৱে বৃদ্ধি পাই অহা দৈনন্দিন জীৱনৰ ব্যস্ততা, অপসংস্কৃতিৰ পয়োভৰৰ মাজতো মহোহো উৎসৱ পূৰ্বৰ দৰে এতিয়াও নিজস্ব স্বকীয়তাৰে অসমীয়া গ্ৰাম্য সমাজত জীয়াই আছে । ইয়াৰ জনপ্ৰিয়তা এতিয়াও ম্লান পৰি যোৱা নাই ।
মহোহো মূলতঃ নামনি অসমত বহুলভাৱে জনপ্ৰিয় আৰু পালন কৰা লোক উৎসৱ । মহোহো শব্দটোত দুটা শব্দ নিহিত হৈ আছে । ‘মহ’ আৰু ‘হো’ । হো বড়ো ভাষাৰ শব্দ । ইয়াৰ অসমীয়া প্ৰতিশব্দ হ’ল খেদি দিয়া । বাৰিষাৰ কালছোৱাত অ’ত-ত’ত সিঁচৰতি হৈ থকা বৰষুণৰ পানীত মহে কণী পাৰি বংশ বৃদ্ধি কৰে । মহে কামোৰাৰ ফলত মানুহৰ শৰীৰত ৰোগে বাহ সাজে । ফলস্বৰূপে ধন-জনৰ হানি হয় । সেয়ে এই অপকাৰী মহ খেদি বা মাৰি পেলাই সমাজৰ কল্যাণ সাধন কৰাটো মহোহো উৎসৱৰ মূল উদ্দেশ্য ।

অসমৰ লোকসকলৰ বাবে আঘোণ মাহটো বৰ হেপাঁহৰ । সেউজীয়া হৈ হালি-জালি নাচি থকা পথাৰখন লাহে-লাহে সোণালী বৰণৰ হয় । পথাৰৰ লখিমী আহি কৃষকৰ ভঁৰালত ভৰি দিয়ে । আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ নিশাৰ ভাগত মহোহো উৎসৱ পালন কৰা হয় । এই উৎসৱত গাঁৱৰ ডেকাসকলে ধূতি-চোলা পৰিধান কৰি দল বান্ধি ঘৰে -ঘৰে গৈ মহোহো গীত পৰিৱেশন কৰাৰ লগতে গৃহস্থৰ মংগল কামনা কৰে । দলটোৰ ডেকাসকলে মহ খেদিবৰ অৰ্থে হাতত একোডালকৈ টোকোন লয় । মহোহো দলৰ কেইজনমান সদস্যই বিশেষ ভূমিকা পালন কৰা দেখা যায় । পৰম্পৰা অনুসৰি এজনে হাতত এটা লন্থন ল’য় । গৃহস্থই মাননি হিচাপে আগবঢ়োৱা টকা, চাউল, কণী, শাক-পাচলি আদি ল’বৰ বাবে এজনে ডাঙৰ মোনা এখন ল’য় । আন এজনে পৰম্পৰা অনুসৰি ভালুকৰ বেশ ধৰে । কাৰণ লোকবিশ্বাস মতে ভালুকে মহ খায় । ভালুকৰ বেশ ধৰাজনে গাত কলগছৰ শুকান পাত মেৰিয়াই লয় । আজিকালি অৱশ্যে ক’লা ৰঙৰ কাপোৰ বিশেষ ধৰণেৰে চিলাই লৈ ভালুকৰ বেশ ধৰা দেখিবলৈ পোৱা যায় । ভালুকৰ বেশ ধৰাজনে বাঁহৰ শুকান ঢকুৱাৰ খাৰু, মুকুট আদি পিন্ধি লয় ।

মহোহো দল মানুহৰ ঘৰলৈ গ’লে গৃহস্থই খুউব ভাল পায় । নিজৰ সাধ্য অনুসৰি গৃহস্থই দলটোক আদৰ- সাদৰ কৰে । দলটোৰ ডেকাসকলে চোতালত ঘূৰণীয়াকৈ অৱস্থান কৰে । এজনে মহোহো গীতটি জুৰি দিয়াৰ পিছত বাকীসকলে তেওঁৰ সুৰত সুৰ মিলাই গানটো গায় । গানটো গাওতে দলটোৰ সদস্যসকলে গীতৰ তালে তালে খোজ মিলায় আৰু টোকোনেৰে মাটিত খুন্দিয়ায় । ভালুকৰ বেশ ধৰা ডেকাজনে দলটোৰ মাজত জঁপিয়াই মহ ধৰি খোৱাৰ ভংগীৰে নৃত্য কৰে । ৰাইজৰ দৃষ্টিত ভালুকটো বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে । ডেকাসকলে সুন্দৰ সুৰেৰে মহোহো গীতটি গায়……..

”অ’ হৰি মহোহো
মহ খেইদবা টাকোন ল’
মহে বুলে মইল্লু দে
টেপোল পুৰা খালু দে
টেপোলত নহ’ল নুন
চাউল কাঢ়ে দোন – দোন
চাউল নিদি দিলাক কঢ়ি
এনথোৰ ঘৰ লৰি – চৰি
লৰি-চৰি যাওন্তে
সোণাৰ নাঙাল বাওন্তে
সোণাৰ নাঙাল ৰূপাৰ ফাল
ঘৰজীয়া বেটাই বাৱে হাল
হাল দিলু সীৰালে
মৈ দিলু পাটে
মহৰ মাকক পাৰ কইল্লু
বুঢ়াদিয়াৰ ঘাটে
বাঁহৰ পাত কাজেলি
আমাক লাগে আধেলি ।”
………. মহোহো গীতটোলৈ লক্ষ্য কৰিলে দেখা যায় যে গীতটি কথিত ভাষাত ৰচিত । গীতৰ ভাষা সহজ – সৰল আৰু ছন্দযুক্ত । গীতটি যিহেতু কথিত ভাষাত গোৱা হয় সেয়ে ঠাইবিশেষে ইয়াৰ কথা আৰু সুৰৰ সামান্য তাৰতম্য ঘটা দেখা যায় । তথাপি ইয়াৰ মূল লক্ষ্যৰ পৰিবৰ্তন নহয় । গীতটোৰ মূল লক্ষ্য হ’ল মনোৰঞ্জন দিয়া ।
আনহাতে শেষৰ দুইফাঁকিৰ সলনি অন্য ধৰণেও গোৱা শুনিবলৈ পোৱা যায় অথবা সংযোগ দি গায় ।
”বাঁহৰ পাত চিকিমিকি
আমাক লাগে সিকি সিকি”
অথবা …
”বাঁহৰ পাত চকা মকা
আমাক লাগে টকা টকা”
অথবা …..
”ইহাৰ ঘৰত কিহৰ ধোঙা
ছলি কান্দে টোঙা টোঙা”
অথবা ……
”ইহাৰ ঘৰত পকা জালুক
জাঁপ দি আহে বুঢ়া ভালুক”
অথবা …..
”ইহাৰ ঘৰত ভাঙা জাঁপি
বুঢ়ীয়ে হাগে এক পাচি ।” আদি ।
গীতটি গোৱাৰ পিছত মহোহো দলটোৰ সদস্যসকলে গৃহস্থৰ মংগলাৰ্থে আশীৰ্বাদ দিয়ে ।
”জয় ৰাম বোলা
জয় হৰি বোলা
গৃহস্থৰ কুঁশলাৰ্থে হৰিবোল হৰিবোল হৰিবোল |”

……… গৃহস্থই ভগৱানলৈ বুলি সেৱা জনায় । এনেদৰে মহোহো গীতটি গোৱা শেষ হোৱাৰ পিছত গৃহস্থই সাধ্য অনুসৰি মাননি আগবঢ়ায় । ডেকাসকলে দিন এটি নিৰ্দিষ্ট কৰি লৈ মাননি হিচাপে পোৱা টকা- পইচা, চাউল, কণী, শাক-পাচলি আদিৰে ৰং ৰহইচ কৰি ভোজ-ভাত খায়।
এনেদৰে ফূৰ্তি – তামাচা কৰি মহোহো উৎসৱ পালন কৰা হয় । মহোহো উৎসৱটোৱে আমাৰ সাংস্কৃতিক জগতখনক চহকী কৰিছে বৰ্তমান সময়ত বহুতেই ইয়াক গুৰুত্ব দিয়া দেখা নাযায় । এয়া পৰিতাপৰ বিষয় । আমি সচেতন হ’ব লাগিব যাতে এই সুন্দৰ লোক উৎসৱটি আমাৰ মাজৰ পৰা হেৰাই নাযায় । তাৰ বাবে ইয়াৰ বহুল প্ৰচাৰৰ প্ৰয়োজন আছে লগতে উঠি অহা ডেকাচামক জ্যেষ্ঠ লোকসকলে সঠিক দিহা-পৰামৰ্শ দি উৎসৱটোৰ প্ৰতি আকৃষ্ট কৰিব লাগিব । সুখৰ কথা এয়ে যে এতিয়াও গাঁওবোৰত এই উৎসৱটি উলহ-মালহেৰে পালন কৰে ।

উৎস-ফেহুঁজালি,গজেন দাস, বাক্সা ।

3.15384615385
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top