মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কুলা বুঢ়ী নাচৰ পৰম্পৰা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কুলা বুঢ়ী নাচৰ পৰম্পৰা :

কুলা বুঢ়ী নাচৰ পৰম্পৰাৰ বিষয়ে লিখা হৈছে ।

 

বিবাহ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজতে এক পৱিত্ৰ অনুষ্ঠানৰুপে পৰিগণিত হৈ আহিছে। বিবাহ কাৰ্যৰ মুল উদ্দেশ্য একে হ’লেও প্ৰতিটো জনগোষ্ঠীৰ মাজতে এই সংস্কাৰ পালনৰ ৰীতি-নীতি কিছু সুকীয়া সুকীয়া হোৱা দেখা যায়। এই সুকীয়া ৰীতি-নীতিসমুহেই প্ৰতিটো জনগোষ্ঠীৰ বিবাহ অনুষ্ঠানক এক বহু বৰ্ণময় ৰুপ প্ৰদান কৰিছে।

উজনি অসমৰ জনগোষ্ঠীয় সমাজখনলৈ মন কৰিলে দেখা যায় যে বিশেষকৈ মৰাণ, ঠেঙাল কছাৰী আৰু সোণোৱাল কছাৰীসকলৰ সমাজত মাংগলিক অনুষ্ঠান বিবাহৰ লগত সংগতি ৰাখি এক পৰম্পৰাগত নৃত্য-গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সেয়া হ’ল কুলা বুঢ়ী নাচ। কুলা বুঢ়ী নাচ পৰিৱেশন কৰাৰ একমাত্ৰ উদ্দেশ্যই হ’ল কইনাৰ অনাগত জীৱলৈ আহিব পৰা অপশক্তিসমুহক বাধা দিয়া বা নাশ কৰা। এই তিনিওখন সমাজতে পৰিৱেশিত কুলা বুঢ়ী নাচৰ মুল উদ্দেশ্য একে হ’লেও উভয়ৰে পৰিৱেশন ৰীতিৰ ক্ষেত্ৰত কিছু নিজস্বতা পৰিলক্ষিত হয়। ঠেঙাল কছাৰী সমাজত বিশেষকৈ এগৰাকী আদহীয়া মহিলাই কইনাক নোৱাবৰ বাবে পানী তুলিবলৈ যোৱাৰে পৰা কইনাক ৰভাতলত বহুওৱালৈকে এই সমগ্ৰ সময়ছোৱাত নৃত্য-গীত কৰি দৰ্শকক আমোদ দিয়ে। কুলা বুঢ়ী নচা মহিলাগৰাকীৰ হাতত থাকে এডাল বাঁহৰ লাখুটি। লাখুটিডালৰ এটা মুৰ অলপ ফালি সেই ফলা মুৰত এটোপোলা খোলাকটি বান্ধি দিয়া হয়। নাচোনৰ তালে তালে লৰি থকা লাখুটিডালৰ মুৰটো বাজি বাজি এক বিচিত্ৰ শব্দ ধ্বনিত হয়। সেয়ে ঠেঙাল সমাজত এই নাচক ‘খোলা কিতাং’ নাচ বুলিও জনা যায়। এই নৃত্যৰ লগত সংগত কৰা গীতসমুহ যথেষ্ট আমোদজনক-

মং নাচে নাচে

মখৰি নাচে নাচে

নাচে কি ভোগৰাম

খিলাঙে চাপৰি বজায়।।

পাণ খিলি খিলি

তামোল খিলি খিলি

খিলি খিলি বিৰিণাৰ পাত

ৰভাৰে তললৈ কুলা বুঢ়ী আহিলে

ঘনাই লগাই যাওঁ মাত।।

পাণ খিলি খিলি

তামোল খিলি খিলি

খিলি খিলি বগৰীৰ পাত

আমাৰ বিয়াঘৰত কুলা বুঢ়ী নাচিছে

ফটা ৰিহা মেৰাইছে গাত।।

খোলা কিতাং খোলা কিতাং

লাখুটি বাওঁ তাখুটি বাওঁ

লাখুটি নহ’লে কেনেকৈ যাওঁ…

আনহাতে উজনি অসমৰ আন এটা অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীসকলৰ বিবাহ অনুষ্ঠানতো কুলা বুঢ়ী নাচ পৰিৱেশন কৰা হয়। বিশেষকৈ কোনো ছোৱালী মানুহ হ’লে অৰ্থাৎ পুষ্পিতা হ’লে তেওঁক নোৱাই তোলনী বিয়াৰ গাঠিয়ন খুন্দা অনুষ্ঠানৰ লগত সংগতি ৰাখি কুলা বুঢ়ী নচা হয়। বগা সাজ পৰিহিত সাতগৰাকী মহিলাই হাতত গামোচাৰে তামোলৰ টোপোলা বন্ধা একোডাল লাখুটি আৰু আনখন হাতেৰে মুৰত এখন কুলা লৈ কন্যাগৰাকীৰ আগত কুলা বুঢ়ী নৃত্য পৰিৱেশন কৰে। মুৰত লোৱা কুলাখনত এযোৰ তামোল-পাণ আৰু এটা খেৰৰ জুমুঠি থাকে। পাণ-তামোল আৰু জুমুঠিটো উৰ্বৰতাৰ প্ৰতীক। ভৱিষ্যতে কইনাগৰাকী সুস্থ- সবল  সন্তানৰ মাতৃ হোৱাৰ কামনাৰে আৰু অপশক্তিৰ পৰা উদ্ভৱ হ’ল পৰা বিপদ-বিঘিনিৰ পৰা কইনাগৰাকীক ৰক্ষা কৰাৰ মানসেৰে এই নৃত্য পৰিৱেশন কৰা হয়। আনহাতে মৰাণ সমাজত প্ৰচলিত বৰবিয়া আৰু নোৱাই তোলনী বিয়াত গাঠিয়ন খুন্দাৰ এক পৰম্পৰা প্ৰচলিত। বিয়াঘৰত কইনাসহিত আয়তীসকলে গাঠিয়ন খুন্দা কাৰ্য পৰিচালনা কৰোঁতে তেওঁলোকক এখন বগা বস্ত্ৰেৰে আঁৰ দি ৰখা হয়। গাঠিয়ন খুন্দাৰ লগে লগে আয়তীসকলে জাত জাতকৈ গায়-

শদিয়া ৰাজৰে খুন্দে গাঠিয়নে

নামনি ৰাজৰে পতা ৰামে হৰি

নামনি ৰাজৰে পতা।

পানী পাই পুনিয়ে কৰে তলে বলে

বাম পাই মেলিলে শিয়া ৰামে হৰি

চিকন সৰেগৰে তৰা।

তাতোতকৈ চিকনে দেখি থৈ আহিছোঁ

বায়ু চন্দনৰে দৰা ৰামে হৰি

বায়ু চন্দনৰে দৰা।

গাঠিয়ান খুন্দা কাৰ্য চলি থকাৰ সময়ছোৱাত দুগৰাকী আয়তীয়ে মাংগলিক অনুষ্ঠানত ব্যৱহৃত কেইপদমান সামগ্ৰী পৃথকে পৃথকে টোপোলা বান্ধি লৈ এখন পাঁচকঠীয়া কাপোৰত লৈ গাঠিয়ন খুন্দি থকা মহিলাসকলৰ ওপৰত গাঠিয়ন খুন্দা নামৰ ছেৱে ছেৱে জোকাৰি থাকে। নামৰ শেষত তেওঁলোকৰ মাজত প্ৰশ্নৰ আদান-প্ৰদান হয়। এগৰাকীয়ে সোধে-কি খুন্দিছ। আনগৰাকীয়ে উত্তৰ দিয়ে- গাঠিয়ন খুন্দিছোঁ- এনেদৰে তিনিবাৰ প্ৰশ্ন কৰাৰ পাছত আয়তী দুগৰাকীয়ে কাপোৰত লৈ থকা সামগ্ৰীকেইপদ কাষত কাপোৰৰ আঁচল পাতি থকা মহিলাকেইগৰাকীৰ কোলাত এবাৰ এবাৰকৈ পেলাই দিয়ে। গাঠিয়ন খুন্দা শেষ হোৱাৰ লগে লগে কইনাগৰাকীক দৈয়ন দিয়া হয়। সেই সময়ত কইনা আৰু টেকেলি ধৰা গাভৰুগৰাকীৰ মুখখন কাপোৰেৰে ঢাকি ৰখা হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কইনাৰ আগত কুলা বুঢ়ী নচা হয়। এগৰাকী মহিলাই হাতত এপাট যাঠি, মুৰত এখন ডলা লৈ এই নৃত্য পৰিৱেশন কৰে। সেই সময়ত তেওঁ মৰাণসকলৰ জাতীয় পোছাক কলীয়া ৰিহা পৰিধান কৰে। তেওঁ নৃত্যৰ সময়ত মুৰত লোৱা ডলাখনত এযোৰ তামোল-পাণ, এযোৰ গাঠিয়ন, অলপমান কঁপাহ, এখামোচ দুৱৰি বন, এৰেনাগুটি, আমৰ ডালি, মহিলাৰ চুলি অলপমান , নিমখ, এঙাৰ, গাখীৰৰ বাটি এটা, এটা খেৰৰ সোপা আৰু এযোৰ শিলগুটি থাকে। কুলা বুঢ়ী নৃত্য পৰিৱেশন কৰা মহিলাগৰাকীয়ে হাতত লোৱা যাঠিডালত তল আৰু ওপৰফালে এক বিশেষ পদ্ধতিৰে আমপাত বান্ধি ৰখা হয়। মাজত এখন গামোচাত এটা চাউলৰ টোপোলা বান্ধি ৰখা হয়। ঢোলৰ খুট আৰু গীতৰ তালে তালে তেওঁ বিয়াঘৰত নৃত্য পৰিৱেশন কৰে।

কুলা বুঢ়ী নাচোতে পৰিৱেশন কৰা গীতটি হ'ল -

পাহাৰৰে পৰা অ’ কুলা বুঢ়ী

আহে কুলা বুঢ়ী অ’ কুলা বুঢ়ী

লাং বাং লাখুটি লৈয়ে কুলা বুঢ়ী

আহে কুলা বুঢ়ী নামি শশীলতা

কি কম দুখৰ কথা/ক’লে চকুপানী/ দুধাৰি ওলাব / তিয়াব বিছনাৰ গাৰু…

কুলাবুঢ়ীৰ নাচ যথেষ্ট ধীৰ আৰু লয়বদ্ধ। মৰাণসকলৰ লোক বিশ্বাস মতে তিনি থেৰেপনীয়া বাট, ওঁঠ কুলা, দাঁত কুলা, শনিবৰীয়া , মঙলবৰীয়া মানুহৰ মুখত খুবা-খবুনি থাকে। তেওঁলোকে ভাল বুলি ক’লেও মুখ লাগে বেয়া বুলি ক’লেও মুখ লাগে। এই অপশক্তিৰ পৰা কইনা-দৰাক ৰক্ষা কৰিবৰ বাবে বিয়াঘৰত কুলা বুঢ়ী নচা হয়। কুলা বুঢ়ীগৰাকীয়ে নৃত্যৰ মাজতে কইনাৰ ওচৰলৈ আহে। তেতিয়া দোনৰি, টেকেলি আৰু লোটা লোৱা মহিলাকেইগৰাকীয়ে কুলা বুঢ়ীক কইনাৰ কাষলৈ যোৱাত বাধা প্ৰদান কৰে। তেওঁলোকৰ মাজত নাটকীয় ধৰণেৰে বিভিন্ন কথাৰ কটাকটি হয়। এই কথোপকথনে বহুক্ষেত্ৰত বিয়াঘৰত বিমল হাস্যৰসৰ যোগান ধৰে। ইয়াৰ পাছত পুনৰ কুলা বুঢ়ী নাচ পৰিৱেশন কৰা মহিলাগৰাকীয়ে ঢোলৰ খুঁটত নৃত্য পৰিৱেশন কৰে। এনেদৰে নৃত্য কৰি কৰি তেওঁ কইনাৰ কাষৰ পৰা সকলো অপায়-অমংগল টোপোলা বান্ধি লৈ অনাগত দিনত কইনাগৰাকীৰ জীৱনটো সুখৰ হোৱাৰ পথ মুকলি কৰি থৈ যায়।

তোলনী বিয়াত কুলা বুঢ়ী নচাৰ পাছত কইনাগৰাকীৰ মুখ ঢাকি ৰখা কাপোৰখন আঁতৰাই পুবফালে জোন, তৰা আৰু হাতী অংকণ কৰি ৰখা এখন ধৰালৈ তেওঁক আঙুলিয়াই দেখুওৱা হয়। এই কাৰ্যৰ অন্তৰালত কইনাগৰাকী ভৱিষ্যতে এগৰাকী সুস্থ-সবল, নিৰোগী সন্তানৰ মাতৃ হোৱাৰ ধাৰণাটোৱেই নিহিত হৈ থাকে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বহু মৰাণ গাওঁ, সোণোৱাল আৰু ঠেঙাল গাঁৱত বৰ্তমান কুলা বুঢ়ী নচাৰ পৰম্পৰা হেৰাই যাব ধৰিছে। ইয়াৰ লগে লগে হেৰাই গৈছে কুলা বুঢ়ী নাচৰ সৈতে জড়িত বহু সোণসেৰীয়া গীত আৰু ঢোলৰ পৰম্পৰাগত চাপৰ (খুঁত) ।ই সমগ্ৰ অসমীয়া সংস্কৃতিৰ বাবেই যথেষ্ট পৰিতাপৰ বিষয়। এই ক্ষেত্ৰত সমগ্ৰ অসমবাসী সচেতন নহ’লে লোকসংস্কৃতিৰ এক আপুৰুগীয়া সমল কুলাবুঢ়ীৰ নাচৰ অৱেশেষকণো সময়ৰ সোঁতত নিশ্চিহ্ন হ’ব।

লেখক: ড° চন্দ্ৰকমল চেতিয়া (দেওবৰীয়া সুকন্যা)

 

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top