মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কৃষি উৎসৱ বিহুৰ বিশ্বজনীনতা প্ৰাচীনতা আৰু অসমত ইয়াৰ স্থিতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি উৎসৱ বিহুৰ বিশ্বজনীনতা প্ৰাচীনতা আৰু অসমত ইয়াৰ স্থিতি

বিহু কৃষি উৎসৱ এই ষাৰ কথা আৰু কাকো এতিয়া বুজাই কোৱাৰ প্ৰয়োজন নাই। আটায়ে জানে। কিন্ত অসমৰ বিহু যে বিশ্বজনীন ৰুপ এটা আছে আৰু ই যে মানৱ সভ্যতাৰ সমান প্ৰচীন এইবোৰ কথা বৰ বেচি বিচাৰ বিশ্লেষণ হৈছে বুলি মনে নধৰে।

 

বিহু উৎসৱ মূলত:

বিহু কৃষি উৎসৱ এই ষাৰ কথা আৰু কাকো এতিয়া বুজাই কোৱাৰ প্ৰয়োজন নাই। আটায়ে জানে। কিন্ত অসমৰ বিহু যে বিশ্বজনীন ৰুপ এটা আছে আৰু ই যে মানৱ সভ্যতাৰ সমান প্ৰচীন এইবোৰ কথা বৰ বেচি বিচাৰ বিশ্লেষণ হৈছে বুলি মনে নধৰে। আচলতে অসমৰ বিহুক বিশ্বৰ ভিন ভিন দেশৰ কৃষি উৎসৱ সমূহৰ সৈতে ৰিজাই অথবা বিশ্বৰ ভিন ভিন দেশৰ কৃষি উৎসৱৰ আধাৰত বিচাৰ কৰি চালহে অসমৰ বিহু উৎসৱৰ যথাৰ্থ স্বৰুপটো অধিক উজ্জ্বল হৈ উঠে। কাৰণ সুদূৰ প্ৰাচীন কালত পৃথিৱীৰ ভিন্‌ ভিন্‌ দেশৰ বসন্ত কালীন কৃষি উৎসৱ নানান লোক-বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়ে গঢ় লৈ উঠিছিল আৰু পৰৱৰ্তী কালত সভ্যতাৰ বিকাশৰ লগে লগে যুক্তিবাদী বিজ্ঞানে পশ্চিমৰ কৃষি উৎসৱ বোৰৰ ভিকাচন ভাঙিলে। পশ্চিমৰ কৃষি-উৎসৱ লোক-বিশ্বাস সৰ্বস্ব আছিল বাবেই এনে হ’ল। কিন্ত অসমত ক্ৰমশ: সভ্যতাৰ বিকাশ আৰু বস্তুবাদী বিজ্ঞানৰ প্ৰসগতি অতি দ্ৰুতভাৱে হৈছে যদিও অসমৰ বিহুৱে নিজস্ব মূল্য হেৰুওৱা নাই ; বৰং শিক্ষিত সমাজতহে বিহুৰ উলহ-মালহ ক্ৰমশঃ বৃদ্ধি হোৱা দেখা গৈছে। পূব আৰু পশ্চিমৰ বিহু অথবা কৃষি-উৎসৱৰ এই পাৰ্থক্যটো কিয় স্পষ্ট হৈ উঠিল, এই বোৰ কথা গভীৰ ভাৱে অধ্যয়ন কৰাৰ সাৰুৱা থলী এখন এতিয়াও পৰি আছে।

সি যি নহওক, কৃষি উৎসৱ বিহুৰ বিশ্বজনীনতা আৰু প্ৰাচীনতাৰ সামান্য আভাস দি অসমৰ বিহুৰ স্বৰুপটোৰ বিষয়ে কিছু চিন্তা কৰা যাওক।

অসমৰ অসমীয়া সংস্কৃতিৰ বাপতি সাহোন বুলি কোৱা হয় আৰু এই বিহুৱে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সম্প্ৰিতিৰ এনাজৰী এডালৰ কামো কৰি আহিছে। প্ৰাচীন কালত অসমত কৃষি কৰ্মৰ আৰম্ভণিতে কৃষিৰ উন্নতিৰ উদ্দেশ্যেৰেই এই উৎসৱ পতা হৈছিল যদিও যুগ পৰিৱৰ্তনৰ লগে লগে অসমৰ একালৰ কৃষি-উৎসৱ বিহুৱে কালক্ৰমত ৰুপ সলনি কৰিলে। কিন্তু পাশ্চাত্য দেশ সমূহত প্ৰাচীন কালৰ কৃষি-উৎসৱে ৰুপ সলাই জাতীয় সংস্কৃতিৰ মৰ্য্যাদা আহৰণ কৰাত ব্যৰ্থ হ’ল। বৰং নতুন সভ্যতাৰ নতুন পোহৰত পাশ্চাত্যৰ কৃষি উৎসৱ অন্ধবিশ্বাস সৰ্বস্ব বুলি বিবেচিত হ’ল আৰু কলক্ৰমত নিঃশেষ প্ৰায় হৈহে আহিল। পূবৰ দেশ অসমত আৰু পশ্চিমৰ দেশ সমূহত কৃষি উৎসৱ বিহুৱে এনে বিপৰীত মুখী ৰুপ লোৱাৰ বিশেষ কিছুমান কাৰণ আছে। এতিয়া সেই কাৰণ সমূহ বিচাৰ কৰা যাওক।

অসমৰ কৃষি-উট্‌সৱ বিহুৰ যে বিশ্বজনীন ভিত্তি আছে আৰু এই উৎসৱৰ প্ৰাচীনতা যে মানৱ সভ্যতাৰ সমান প্ৰাচীন, এইষাৰ কথা বিভিন্ন তথ্যৰ পৰা জানিব পৰা যায়।

প্ৰাচীন কালত অৰ্থাৎ যিখিনি সময়ত মানৱ সভ্যতা সঠিক ৰুপত গঢ় লৈ উঠা নাছিল; কিন্ত সমাজে খেতি কৰিবলৈ শিকিছিল, সেই সময়ত কৃষি কৰ্মক কেন্দ্ৰ কৰি সমাজ ভেদে ভিন ভিন লোক বিশ্বাস গঢ়ি উঠিছিল। বহু সময়ত কিছুমান দেশৰ জনসমাজ বিশেষে এনে কিছুমান লোক বিশ্বাস আছিল যে, সেই বোৰ লোক-বিশ্বাস পোষণ কৰা সমাজবোৰ নিঃসন্দেহে বৰ্বৰ্ সমাজৰ গোটাদিয়েক নিদৰ্শন আঙুলিয়ালেই এই কথা ষাৰৰ সত্যতা প্ৰতিপন্ন হয়। খ্ৰীষ্ট পূৰ্ব কালৰো বহু আগত পশ্চিম আফ্ৰিকাৰ মানুহে যেতিয়া কৃষি কৰিবলৈ আৰম্ভ কৰিছিল; সেই প্ৰথম স্তৰতে তাৰ সমাজে বছৰৰ কৃষি কৰ্ম আৰম্ভ কৰোঁতে একোটা সামাজিক নিয়ম পালন কৰি লৈছিল। তেওঁলোকৰ মনত বিশ্বাস গঢ় লৈ উঠিছিল যে, কৃষি কৰ্মৰ আৰম্ভণিত একোটা অনুষ্ঠানৰ দ্বাৰা কৃষিৰ অধিষ্ঠাতা অথবা অধিষ্ঠাত্ৰীক সন্তুষ্ট কৰি ল’লে কৃষি-কৰ্ম নদন-বদন হয়। এনে ধৰণৰ অন্ধ বিশ্বাসৰ বশবৰ্তী হৈয়ে সুদূৰ প্ৰাচীন কালত পশ্চিম আফ্ৰিকাত খেতিৰ আৰম্ভতে সমাজৰ সিদ্ধান্ত অনুসৰি এহাল পুৰুষ-তিৰোতাক নিৰ্বাচন কৰে আৰু নিৰ্দ্ধাৰিত দিনত শস্য ক্ষেত্ৰত সকলোটি সমবেত হৈ নীতি-নিয়মেৰে সেই পুৰুষ-তিৰোতা হালক কৃষিৰ অধিষ্ঠাতালৈ উছৰ্গা কৰা হয়। উছৰ্গা কৰাৰ পিছত পুৰুষ তিৰোতা হালক শস্য ক্ষেত্ৰাতে হত্যা কৰি মাটিত পুতি থোৱা হয়। তেওঁলোকৰ বিশ্বাস, এনে কৰিলে শস্য নদন-বদন হয়। ঠিক সেইদৰে সুদূৰ প্ৰাচীন কালত অৰ্থাৎ সভ্যতা গঢ় লৈ উঠাৰ আগৰ কাল ছোৱাত গিনিৰ সমাজত কৃষি আৰম্ভৰ সময়ত সামাজিক ভাৱে এগৰাকী যুৱতীক শূলত দি হত্যা কৰাৰ সামাজিক নিয়ম প্ৰচলিত আছিল। আনকি সভ্যতাৰ পোহৰ নপৰা পশ্চিমৰ একোখন প্ৰাচীন সমাজত খেতিৰ আৰম্ভণিত সমাজৰ আটাইতকৈ সুন্দৰী যুৱতী এগৰাকীক শস্য পথাৰলৈ নি কাঁড় মাৰি হত্যা কৰা হয় আৰু যুৱতী গৰাকীৰ দেহৰ তেজ আৰু মাংস শস্য পথাৰত চটিয়াই দিয়া হয়। অতি প্ৰাচীন কালত উত্তৰ আমেৰিকাৰ সমাজ বিশেষতো বসন্ত কাল অহাৰ লগে লগে কৃষি আৰম্ভ কৰিছিল আৰু কৃষিৰ আৰম্ভণিত পূজা প্ৰধান একোটা অনুষ্ঠান আয়োজন কৰা হৈছিল। সভ্যতাৰ প্ৰাক স্তৰত জাৰ্মানত নৰ্থাছ, ৰোমত চিবীচ, গ্ৰীচত ৰহীঅ’ নামৰ কৃষি অধিষ্ঠাতা দেৱতাক পূজা কৰা হৈছিল। ঠিক তেনেদৰে মধ্য ইউৰোপৰ সমাজতো কৃষিৰ আৰম্ভণিত বিশেষ এবিধ গছৰ পাত, কণী আৰু চাউল নৈবেদ্য স্বৰুপে আগ বঢ়াই পৃথিৱীক সন্তুষ্ট কৰিবলৈ পূজা-অৰ্চনা কৰিছিল। ইউৰোপৰ সমাজ বিশেষত “মেট্ৰি” নামৰ অনুষ্ঠান এটা সমাপন কৰিহে কৃষি আৰম্ভ কৰিছিল। পৃথিৱীৰ অন্যান্য দেশৰ দৰেই থাইলেণ্ড, কলম্বিয়া, ব্ৰহ্মদেশৰ সমাজত ‘মংগজান’ নামৰ অনুষ্ঠান এটাৰে কৃষি আৰম্ভ কৰিছিল।

পৃথিৱীৰ পশ্চিমৰ দেশ সমূহত প্ৰাচীন কালত কৃষি কৰ্মৰ আৰম্ভণিত নানান প্ৰকাৰ পূজা-পাতল অনুষ্ঠিত কৰাৰ দৰে প্ৰাচীন ভাৰতীয় সমাজতো বসন্ত কালত আৰম্ভ কৰা কৃষিৰ সময়ত বিবিধ পূজা-পাতল কৰাৰ তথ্য পোৱা যায়। ঋক্‌ বেদত বসন্ত কালত পৃথিৱীক স্তুতি কৰাৰ বহু তথ্য পোৱা যায়। আকাশত পিতৃ আৰু পৃথিৱীক মাতৃ ৰুপে কল্পনা কৰা হৈছিল। আৰু এই যে বসন্ত কালত মেঘ গৰ্জন হয়, সেই মেঘ গৰ্জনক আকাশ দেৱতাৰ সংগ্ৰাম প্ৰয়াসী মনৰ পৰিচায়ক বুলি ব্যাখ্যা দিয়া হৈছিল। বসন্ত কালত মেঘ গৰ্জনৰ পিছত যি বৰষুণ হয়; সেই বৰষুণৰ ফলত পৃথিৱী সৃষ্টি সম্ভৱা হৈ উঠে। এনে ধাৰণাৰ বশৰ্ৱতী হৈয়ে বৈদিক যুগত বসন্ত কালত পৃথিৱীক বিশেষ স্তোত্ৰৰে পূজা-উপাসনা কৰা হৈছিল। অথৰ্ব বেদৰ ভূমি সূক্ততো বসন্ত কালত পৃথিৱী অৰ্চনাৰ কথা আছে। সেইদৰে বেদৰ পৰৱৰ্তী কালৰ ৰচনা ঐতৰেয় ব্ৰাহ্মণত উল্লেখ আছে যে, বসন্ত কালত বিশেষকৈ দিন-ৰাতি সমান হোৱাৰ দিনা “বিষুৱন্ত” নামৰ পূজা-প্ৰধান অনুষ্ঠান এটা পতা হৈছিল। মন কৰিব লগীয়া যে, এই বিষুৱন্ত অনুষ্ঠানত যি পূজা-অৰ্চনা কৰা হৈছিল; সেই পূজা-অৰ্চনা কিন্ত পৃথিৱীৰ সন্তুষ্টিৰ বাবে কৰা নাছিল। এই পূজা-অৰ্চনা কৰা হৈছিল সূৰ্য্য দেৱতাৰ সন্তুষ্টিৰ বাবেহে।

কৃষি ভিত্তিক এনে ধৰণৰ বিশ্বাস বোৰেই পৰৱৰ্তী পুৰাণৰ যুগত আৰু অলপ পৃথক ৰুপ লোৱা দেখা গ’ল। পুৰাণৰ যুগত গঢ় লৈ উঠা কৃষি কেন্দ্ৰিক বিশ্বাসৰ পৰাই “হোলী” উৎসৱৰ জন্ম হৈছিল আৰু বসন্ত ঋতুত পালন কৰা এই হোলী উৎসৱ পৰৱৰ্তী কালত ৰং-তামাচাৰ উৎসৱলৈ ৰুপান্তৰ হৈছিল। হোলী শব্দটো হলকা শব্দৰ পৰা অহা বুলি কোনো কোনোৱে মত প্ৰকাশ কৰে। ‘হলকা’ শব্দৰ অৰ্থ শস্য। মন কৰিব লগীয়া যে, হোলঈ উৎসৱৰ কেন্দ্ৰ্ বিন্দু আছিল কৃষ্ণ। এই কৃষ্ণ গো-পালক। গৰু আৰু কৃষি সম্পৰ্ক এৰাব নোৱাৰা।

ঢোলৰ ব্যৱহাৰ

সি যি নহওক, বৈদিক যুগৰ পৰা ভাৰতত বসন্ত ঋতুত কৃষি বিশ্বাস ভিত্তিক উৎসৱ পতা হৈ আহিছে আৰু সাম্প্ৰতিকেও ভাৰতৰ সবৰ্ত্ৰ এই উৎসৱ পালন কৰা হয়। পাৰ্থক্য ইমানেই যে, স্থান বিশেষে বসন্ত কালীন এই উৎসৱৰ ৰং আৰু ৰুপ একে নহয়। উত্তৰ ভাৰত, দক্ষিণ ভাৰত, পূব ভাৰত, পশ্চিম ভাৰত আৰু মধ্য ভাৰতৰ ভিন ভিন ঠাইৰ্ৱ সমাজ ভেদে বসন্ত কালীন এই উৎসৱৰ আচাৰ-ৰীতি পৃথক কৰাৰ পৰিৱৰ্তে আনন্দ-উৎসৱলৈ ৰুপান্তৰ হৈ আহিছে।

কৃষি উৎসৱে যে সময়ৰ লগে লগে ৰুপ সলাই আহিছে, তাৰ প্ৰমাণ পোৱা যায় ঢোলৰ ব্যৱহাৰৰ ক্ষেত্ৰত। প্ৰাচীন কালত কৃষিৰ সৈতে ঢোলৰ বিশ্বাসো জড়িত হৈ থকাৰ প্ৰমাণ পোৱা যায়। প্ৰাচীন কালৰ কৃষিজীৱী সমাজৰ বিশ্বাস আছিল যে, বসন্ত কালত ঢোলৰ্ মাতে বৰষুণ আনে। সেই বোৰ তাহানি কালৰ প্ৰশান্ত সাগৰীয় দ্বীপপুঞ্জ আৰু দক্ষিণ আমেৰিকাৰ সমাজে বসন্ত কালৰ খেতিৰ সময়ত শস্য পথাৰত ঢোল বজাইছিল। সেইদৰে উত্তৰ আমেৰিকা, চীন, জাপান আদি দেশৰ কৃষি জীৱী সমাজে একালত ঢোলৰ ভিতৰত শস্যৰ গুটি ভৰাই শস্য পথাৰত ঢোল বজাইছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে, এনে কৰিলে শস্য নদন-বদব হয়। দেশ আৰু জাতিভেদে বিশ্বাসবোৰ বেলেগ আছিল বাবে তাহানি কালৰ আমেৰিকাৰ কৃষিজীৱী সমাজে ঢোলত ৰামধেনু আৰু ডাৱৰ আঁকি লৈছিল। মেক্সিকোত আক’ ঢোলত ৰঙা কাপোৰ মেৰিয়াই লৈছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে, ৰঙা ৰং সৃষ্টিৰ প্ৰতীক আৰু সেয়ে ৰঙা ৰঙৰ কাপোৰ মেৰিয়াই ঢোল বজালে শস্য পথাৰ সষ্টি সম্ভৱা হয়।

ঢোলত ব্যৱহাৰ প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ সকলো দেশতে প্ৰচলন হৈ আহিছে। অথৰ্ববেচদ, নাট্যশাস্ত্ৰ আদিৰ পৰা জানিব পৰা যায় যে প্ৰাচীন ভাৰতীয় সমাজত ঢোলৰ ব্যৱহাৰ কৰা হৈছিল।

সি যি নহওক, ইতিপূৰ্বে কৈ অহা কথাখিনিৰ পৰা এইটো স্পষ্ট হৈ পৰিল যে, সুদূৰ প্ৰাচঈন কালতে পৃথিৱীৰ ভিন ভিন দেশৰ জনসমাজে কৃষি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে কৃষি কৰ্মক কেন্দ্ৰ কৰি কিছুমান লোক বিশ্বাস গঢ় লৈ উঠিছিল। সেই সময়ত জনসমাজ বৌদ্ধিক চিন্তা-চৰ্চাৰ দিশত আগ বঢ়া নাছিল বাবে প্ৰকৃতিৰ অসীম শক্তিক দেৱতা অথবা দেৱীৰুপত গ্ৰহণ কৰিছিল আৰু পৃথিৱী খনকো পৰম ৰহস্যময় ৰুপতে গ্ৰহণ কৰিছিল। এনেবোৰ কাৰণতে প্ৰাচীন কালত কৃষিকেন্দ্ৰিক বিভিন্ন লোক-বিশ্বাসৰ সৃষ্টি হৈছিল।

কৃষিক কেন্দ্ৰ কৰি প্ৰাচীন কালতে অসমতো অনেক লোক-বিশ্বাস গঢ় লৈ উঠিছিল। কিন্ত পশ্চিমৰ দেশবোৰৰ দৰে জঘন্য লোক-বিশ্বাসৰ প্ৰমাণ অসমত পোৱা নাযায়। প্ৰাচীন কালত বিভিন্ন অন্ধবিশ্বাস জনিত কেতবোৰ লোক-বিশ্বাস যে কৃষিক কেন্দ্ৰ কৰি জনসমাজত চলিছিল; সেইষাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। অষ্ট্ৰিক সকলৰ প্ৰভাৱত বসন্ত কালত কৃষিৰ আৰম্ভণিত কণী ভাঙি শস্য পথাৰত চটিয়াই দিয়া, আৰ্য্য সকলৰ গো-পূজাৰ প্ৰভাৱত খেতিৰ আৰম্ভণিৰ আনুষ্ঠানিক উৎসৱক গৰুক পবিত্ৰ জ্ঞান কৰি পূজা কৰা আদি কিছুমান লোক-বিশ্বাস বিহুক কে ন্দ্ৰ কৰি চলিছিল। কিন্তু আহোম স্বৰ্গদেউ সকলৰ নৃত্য-গীত প্ৰিয় মানসিকতাৰ বাবেই বসন্ত ঋতু কালীন কৃষি-উৎসৱৰ নৃত্য-গীতে উজনি অসমত বসন্ত উৎসৱৰ ৰুপ সলনি কৰিলে। পৰম্পৰাগত নৃত্য-গীত প্ৰধান উৎসৱলৈ ৰুপান্তৰ হ’ল। কিন্ত নামনি অসমত আহোম শাসন তন্ত্ৰৰ প্ৰভাৱ গভীৰ আৰু বিস্তৃত ভাৱে নহ’ল বাবে নামনি অসমত বৈদিক পূজা প্ৰধান অনুষ্ঠান ৰুপেহে এতিয়ালৈকে চলি আছে।

আহোম স্বৰ্গদেউ সকলৰ দিনত পথাৰৰ নৃত্য-গীতে ৰাজকীয় সমাদৰ তথা স্বীকৃতি লাভ কৰাৰ ফলত বসন্ত কালীন নৃত্য-গীতে সামাজিক স্বীকৃতি আৰু মৰ্য্যাদা লাভ কৰিলে। উৎকট যৌন প্ৰধান নৃত্য-গীতক জনসাধাৰণে অশ্লীল বুলি গণ্য নকৰা হ’ল। কৃষিৰ উন্নতিত নৃত্য-গীতে সহায় কৰে বুলি ভবা বাবেই পুৰণি কালত পথাৰত নৃত্য-গীত বাদ্য পৰিবেশন কৰা হৈছিল। নৃত্য-গীত প্ৰধান এই অনুষ্ঠান পতা হৈছিল বসন্ত কালত অৰ্থাৎ কৃষি কৰ্ম আৰম্ভ কৰাৰ সময়ত। এই নৃত্য-গীত-বাদ্য পৰিৱেশন কৰিলে কৰিলে পৃথিৱী সৃষ্টি সম্ভৱা হয়, শস্য নদন-বদন হয়, এনে বিশ্বাসৰ আধাৰতে খেতিৰ আৰম্ভণিৰ বসন্ত কালত পথাৰত নৃত্য-গীত-বাদ্য পৰিবেশন কৰা হৈছিল। এই কাৰ্য্যৰ মূলত আছিল সৃষ্টিৰ কথা। গতিকে এই সৃষ্টিৰ সৈতে যৌৱনৰ উন্মাদনাও জড়িত হৈ থকাতো স্বাভাৱিক। য’ত সৃষ্টি আৰু যৌৱনৰ উন্মাদনা জড়িত হৈ থাকে, তাৰ নৃত্য-গীতত যৌৱনৰ উত্তাল মাদকতাৰ কথা থাকিবই। সেইবাবে আহোম স্বৰ্গদেউ সকলে উপভোগ কৰিবলৈ লোৱাৰ আগলৈকে পথাৰৰ নৃত্য-গীত আছিল উদ্দাম যৌৱনৰ প্ৰাণোচ্ছলতাৰে উপচি পৰা। কিন্ত ৰজা, ডা-ডাঙৰীয়া আৰু জনতাৰ সন্মুখৰ শিৱসাগৰৰ ৰংঘৰ বাকৰিত পথাৰৰ নৃত্য-গীত যেতিয়া প্ৰদৰ্শন কৰিব লগা হ’ল, তেতিয়া এই নৃত্য-গীতৰ পৰা যৌৱন সুলভ কামোম্মাদনা বহু পৰিমাণে নিয়ন্ত্ৰিত হ’বলৈ বাধ্য হ’ল। ইয়াৰ পিছত ক্ৰমশঃ ডা-ডাঙৰীয়াৰ ঘৰ আৰু জনসাধাৰণৰ চোতাললৈ যেতিয়া সম্প্ৰসাৰিত হ’ল, তেতিয়া কৃষি উৎসৱ জনিত নৃত্য-গীত ততোধিক পৰিমাৰ্জিত হ’বলৈ ধৰিলে। এনে বিৱৰ্তনৰ ফলত বসন্ত ঋতু কালীন নৃত্য-গীত প্ৰধান এই অনুষ্ঠান বিহু ৰুপে গণ্য হ’ল আৰু এই বিহুৰে নৃত্য-গীতৰ দিশটো হুঁচৰি ৰুপে বিশেষভাৱে চিহ্নিত হ’বলৈ ধৰিলে।

চ’ত-ব’হাগৰ সংক্ৰান্তিৰ দিনা উদ্‌যাপন কৰা বিহু ৰং-ৰহইচৰ সৈতে জড়িত হৈ পৰাৰ বাবেই বিহু শব্দৰ মাজত ৰঙালী বিশেষণটোও প্ৰয়োগ হ’বলৈ ধৰিলে আৰু এই অনুষ্ঠান সপ্তাহ জোৰাকৈ চলিবলৈ ধৰিলে। পিছলৈ ৰঙালী বিহু বুলিলেই উজনি অসমত হুঁচৰিৰ ধাৰণাটোহে মনলৈ অহা হ’ল।

সামাজিক বিশ্বাস, নিয়ম-কানুন, আচাৰ-অনুষ্ঠানবোৰ যুগ পৰিৰ্ৱতনৰ লগে লগে সলনি হয়। আহোম স্বৰ্গদেউ সকলে আদৰি লোৱাৰ পিছত জনসমাজৰ ঘৰে ঘৰে কেৱল পুৰুষ সকলেহে ঢোল, তাল, পেপাঁ লৈ হুঁচৰি গাইছিল। কিন্ত ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা অসমৰ ৰাজনৈতিক দৃশ্যপাত সলনি হোৱাৰ ফলত চুবুৰীয়া বঙ্গদেশৰ মধ্যবিত্ত শিক্ষিত সকল অসমলৈ অহাত সেই সকলৰ যাত্ৰা পাৰ্টিৰ প্ৰভাৱত বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধত ৰঙালী বিহুৰ হুঁচৰিত্ ল’ৰাক ছোৱালীৰ বেশত সজাই নাচনী ৰুপে গ্ৰহণ কৰাৰ ব্যৱস্থাও হ’ল। আনকি যাত্ৰা পাৰ্টিত ল’ৰাক ছোৱালী সজাই নচাওতে নাচনীয়ে ৰঙীণ ৰুমাল হাতৰ কেঞা আঙুলিত বান্ধি লৈছিল। কিন্ত স্বাধীনতা লাভৰ পিছৰ পৰা ক্ৰমশঃ সমাজ পৰিৱৰ্তন হোৱাৰ ফলত এইবোৰ ব্যৱস্থা নাইকিয়া হ’ল। আনহাতে পূৰ্বৰ ৰঙালী বিহুৰ ৰং-ৰহইচো কমি আহিবলৈ ধৰিলে আৰু ক্ৰমশঃ হুঁচৰিৰ ব্যৱস্থাও ক্ষীণ হো আহিবলৈ ধৰিলে। স্বাধীনতা লাভৰ পিছৰ পৰা দেশৰ ৰাজনীতি সকলৰ অযোগ্যতা আৰু ভ্ৰষ্টাচাৰিতাৰ বাবে কৃষক ৰাইজৰ অৰ্থনৈতিক স্বচ্ছলতা নাইকিয়া হ’ল আৰু ইয়াৰ ফলত দীৰ্ঘদিনীয়া ৰঙালী বিহুৰ মাদকতাও নোহোৱা হৈ পৰিল।

সম্প্ৰতি ৰঙালী বিহুৰ ৰং-ৰুপ আৰু অধিক সলনি হোৱা দেখা গৈছে। গাঁৱৰ কৃষক সমাজত নিয়ম স্বৰুপে গৰু গা-ধোওৱা, আৰ্থিক ভাৱে জোৰা মৰিলে দুই এখন পিঠা-পনা কৰা আদি কাৰ্য্যবোৰ চলি আছে। আনহাতে, ব্যৱসায় আৰু চাকৰিজীৱি নগৰীয়া সমাজত জোৰ কৰি বিহু মাদকতা উপভোগ কৰাৰ প্ৰৱণতা এটাই সৰ্বগ্ৰাহী ৰুপ লোৱা দেখা গৈছে। ৰঙালী বিহুৰ আচল ৰুপ, আচল মাদকতা সম্ভৱ অৰ্থনৈতিক ভাৱে স্বচ্ছল কৃষক সমাজতহে; কৃষি কৰ্মৰ যন্ত্ৰণামধুৰ মাদকতা উপলব্ধি কৰিব নোৱাৰা নগৰীয়া সমাজে ৰঙালী বিহুৰ আচল মাদকতা উপলব্ধি কৰা সম্ভৱ নহয়। সেইবাবে নগৰৰ চুবুৰীয়ে চুবুৰীয়ে বিহু সন্মিলন পাতিলেও চহৰীয়া মানুহৰ মনত ৰঙালী বিহুৰ উন্মাদনা অনুভৱ হ’ব ক’ৰ পৰা? একুৰিয়ামত জীয়াই থোৱা মাছ জীয়াই থাকে; কিন্ত বংশ বৃদ্ধি নহয়। বৃদ্ধিৰ বাবে স্বাভাৱিকতা লাগে। সন্মিলনমুখী বিহুৰো একেই অৱস্থা। তথাপি এই বিহু সন্মিলনবোৰেই এতিয়া বিহুৰ ঐতিহ্য ৰক্ষা কৰিব লাগিব। নহ’লে উপায়ো নাই। কাৰণ এতিয়া আৰু তাহানিৰ ৰামো নাই, অযোধ্যাও নাই। এনে পৰিস্থিতিত বিহু সন্মিলনবোৰ হ’ব লাগিব সুপৰিকল্পিত আৰু পৰিমাৰ্জিত। বিহু সন্মিলনবোৰে ৰঙালী বিহুৰ প্ৰকৃত সামাজিক আৰু সাংস্কৃতিক মৰ্য্যাদা যাতে ৰক্ষা কৰিব পাৰে এই দিশত সতৰ্ক দৃষ্টি ৰাখিব লাগিব। এই ক্ষেত্ৰত মনত ৰাখিব লাগিব যে, এই লেখাৰ প্ৰথম ছোৱাত পৃথিৱীৰ ভিন ভিন দেশৰ কৃষি ভিত্তিক যিবোৰ লোক-বিশ্বাস আৰু লোক-বিশ্বাস জনিত কাৰ্য্যবোৰৰ কথা কোৱা হৈছিল, সেইবোৰ পৰৱৰ্তী কালত্ বিজ্ঞানৰ যুক্তিবাদী চিন্তাধাৰাই নিঃশেষ কৰি পেলালে। কিন্ত একে কৃষি বিশ্বাস জনিত যদিও অসমত প্ৰাচীন কালৰ কৃষি উৎসৱক আধুনিক বৈজ্ঞানক চিন্তাই শেষ কৰিব নোৱাৰিলে। বৰং অসমৰ কৃষি উৎসৱ কালক্ৰমত বিহুৰুপে জাতীয় উৎসৱলৈ উন্নীতহে হ’ল। ইয়াৰ কাৰণটো হ’ল অসমৰ কৃষি উৎসৱে অন্ধবিশ্বাসৰ পৰিৰ্ৱতে নৃত্য-গীত প্ৰধান সাংস্কৃতিক মৰ্য্যাদা তথা প্ৰমূল্যৰ ওপৰত দিয়া গুৰুত্ব। সেইবাবেই বিহু অসমৰ জাতীয় উৎসৱ হ’ল, জাতিৰ বাপতি সাহোন হ’ল। এতিয়া আমি আটায়ে সচেতন হ’ব লাগিব, বিহুৱে ন ন যুগৰ ন ন পথ অতিক্ৰম কৰোঁতে যাতে ই কলাৰ সৌন্দৰ্য্য আৰু সাংস্কৃতিক ঐশ্বৰ্য্য নেহেৰুৱায়, বিহু সন্মিলনবোৰে যাতে সাংস্কৃতিক মূল্যবোধ হেৰুৱাই দুষ্কৃতিৰ ৰুপ নলয়। এইবোৰ কথাত সচেতন নহ’লে বিহু সংস্কৃতি নহৈ দুষ্কৃতি হ’ব, বিহু নহৈ জাতিৰ বিহ হ’বও পাৰে। সচেতবতাইহে সুস্থ সংস্কৃতিৰ গতি নিৰ্ণয় কৰে।

 

লেখক : ড° প্ৰহ্লাদ কুমাৰ বৰুৱা

উৎস : লোক-সংস্কৃতিৰ সঁফুৰা

3.0625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top