মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / গোৱালপৰীয়া লোকগীতত নাৰী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গোৱালপৰীয়া লোকগীতত নাৰী

গোৱালপৰীয়া লোকগীতত নাৰী

“তোৰ গলায় ৰসেৰ কাঠি, গদাধৰেৰ পাৰে পাৰে ৰে,

কী মায়া নাগাইলেন মোৰ মাহুত বন্ধুৰে”

ইংৰাজ তেতিয়াও ভাৰতবৰ্ষ এৰি যোৱা নাই, দেশখন তেতিয়াও ভাগ হৈ যোৱা নাই… নাই তেতিয়া কোনো পূৰ্ব পাকিস্থান বা নাই কোনো বাংলাদেশ নামৰ দেশ। দেশ তেতিয়া এখনেই ভাৰতবৰ্ষ, দুই পাৰৰ দুই দেশৰ মানুহৰ অবাধ যোৱা-অহা, একে বেশভূষা, একেই বন্দৰ, একেই সংস্কৃতিৰ সুতাৰে বন্ধা যেন সুখ-দুঃখৰ সেই একেই ভাষা । মনৰ ভাৱ প্ৰকাশৰো একে সুৰ একে গান… ভাওয়াইয়া।

ভাষাটোও প্ৰায় একে, স্বাভাৱিক ভাৱেই অলপ-চলপ সলনি হৈ গৈছে অঞ্চল ভেদে । সলনি হৈছে ভাষাটোৰ নামো, কৰবাত দেশী ভাষা কৰবাত হয়তো কামতাপুৰী বা গোৱালপৰীয়া, মানুহেই সময়ে সময়ে বিভিন্ন ঠাইৰে আঁকি দিয়া দেশৰ সীমা নামৰ অদৃশ্য দেৱালৰ আঁৰত । হয়, মই এনে এটা বৃহৎ অঞ্চলৰ কথাই কব বিচাৰিছোঁ, যিটো অঞ্চলেৰে  প্ৰৱাহিত হৈছে তিস্তা, তোৰ্ষা, ব্ৰহ্মপুত্ৰ, ধৰলা, গদাধৰ, গঙ্গাধৰ, চম্পা প্ৰভৃতিৰ নদ-নদী । সময়ে য'ত বিভিন্ন সময়ত শাসকৰ শক্তিৰ অনুপাতে গঢ়ি দিছে সীমা নামৰ দেৱাল, এই একেই অঞ্চলৰ বুকুয়েদি যেতিয়াই যেনেকৈ মন ভাঙিছে-গঢ়িছে এই দেৱাল খন । কালিকা পুৰাণ অনুযায়ী ভাৰতবৰ্ষৰ পূৰ্বৰ কামৰূপ বা প্ৰাগজ্যোতিষ ৰাজ্যৰ অংশ আছিল বৰ্তমানৰ এই অঞ্চল, তেতিয়া এই অঞ্চলখিনি ৰত্নপীঠ নামেৰে জনাজাত আছিল । ৰজা ভগদত্তৰ সময়ত ( খ্ৰীষ্টপূৰ্ব ১৫শ' অব্দ) এই অঞ্চল আছিল প্ৰাগজ্যোতিষপুৰৰ অন্তৰ্গত । ৪ৰ্থ শতাব্দীৰ মাজ ভাগৰ পৰা এই অঞ্চলটো বৰ্মা ৰাজবংশৰ অন্তৰ্ভুক্ত হয় । কালক্ৰমত পাল বংশ, সেন বংশ আৰু বহুত ৰাজবংশই এই অঞ্চলত ৰাজত্ব কৰে । ১৫৭৫ খ্ৰীষ্টাব্দলৈ এই অঞ্চল কোচ ৰাজ্যৰ অংশ হিচাবে কাছওয়াৰা নামেৰে জনা গৈছিল । ১৫৭৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট আকবৰৰ সেনাপতি মান সিংহই এই অঞ্চলৰ অংশ বিশেষ দখল কৰে আৰু ১৬৮৬ খ্ৰীষ্টাব্দত ৰংপুৰ আৰু কোচবিহাৰ সহ সম্পূৰ্ণ এই অঞ্চল মোগল সাম্ৰাজ্যভুক্ত হয় আৰু প্ৰায় ১০০ বছৰ মোগলৰ দখলত থকা এই অঞ্চল ১৭৬৫ খ্ৰীষ্টাব্দত বৃটিছৰ হাতত পৰে । বৃটিছৰ শাসনৰ আৰম্ভণিৰ পিছতো আমাৰ অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ মেছপাৰা, চাপৰ, পৰ্বতজোৱাৰ, গৌৰীপুৰ, কৰাইবাঢ়ী, বিজনী জমিদাৰীৰ অন্তৰ্গত সকলো অঞ্চলৰ সমগ্ৰ প্ৰশাসনিক কাম-কাজ, শিক্ষা-সংস্কৃতি আৰু ব্যৱসায়ৰো প্ৰাণকেন্দ্ৰ আছিল বৰ্তমান বাংলাদেশৰ ৰঙ্গপুৰ বা ৰংপুৰ চহৰ । আনকি অবিভক্ত গোৱালপাৰা জিলাৰ থানা বিলাক পৰ্যন্ত পৰিচালিত হৈছিল এই ৰংপুৰৰ পৰাই, ১৮২২ খ্ৰীষ্টাব্দত উপৰোক্ত জমিদাৰৰ এলাকাখিনি যুক্ত কৰি বৃটিছে গোৱালপাৰাক নতুনকৈ  জিলা বনায় । ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি যোগে বৃটিছে অসমৰ ক্ষমতা দখল কৰে আৰু সেই চনতে গোৱালপাৰা জিলাক বৃটিছে অসমৰ লগত সংযুক্ত কৰে । এইবোৰ ইতিহাসৰ কথা, ইতিহাসত সলনি হয় দেশ, দেশৰ নাম, সলনি হয় দেশৰ সীমা, সলনি হৈ যায় শাসক কিন্তু সলনি নহয় তাৰ মানুহ, তাৰ নদ-নদী, সলনি নহয় মানুহৰ গানৰ সুৰ…, সলনি নহয় লোককথা, সলনি নহয় ভাওয়াইয়া… কেৱল নামটোহে সলনি  হৈ পৰে গোৱালপৰীয়া বা হয়তো পৰিচিত হয় অন কৰবাত আন কোনো নামত । সেই দিনবোৰ আৰু নাই, কিন্তু সেই সুৰ, সেই নৈবোৰ এতিয়াও বৈ আছে। ভাওয়াইয়াৰ জন্মস্থানত এতিয়াও আছে সেই লোকগীতৰ ধৰলা নৈ, সেই  চিলামাৰীৰ বন্দৰও এতিয়াও আছে সেই একেই স্থানতে, এতিয়াও জীয়াই আছে লোকগীতৰ নাৰীৰ বিলাপ ….“কোন দিন আসিবেন বন্ধু কয়া যান কয়া যান ৰে” । (কেতিয়া উভতি আহিব বন্ধু কৈ যাওঁক কৈ যাওঁক মোক)  কিন্তু বন্ধু আৰু উভতি নাহে, দুখীয়া বন্ধু উভতিব নোৱাৰে । বন্ধু এতিয়া আন এখন দেশৰ নাগৰিক, কিন্তু প্ৰেমে জানো বুজি পায় দেশৰ সীমাৰ বাধাক ?

ভাওয়াইয়া বা গোৱালপৰীয়া লোকগীত খাঁটি খোৱা শ্ৰেণীৰ মানুহৰ মনৰ ভাৱ, নাৱৰীয়া, গৰখীয়া, মৈশাল (ম'হ ৰখিয়া),গাড়ীয়াল (গৰু/ম'হৰ গাড়ীৰ চালক), হাতীৰ মাহুত, খেতিৰ মজদুৰৰ মুখে মুখে প্ৰচলিত আৰু প্ৰচাৰিত গান ।  “ওকি ও বন্ধু কাজল ভোমৰা ৰে”… এই সন্ধিয়া পৰত ব্ৰহ্মপুত্ৰৰ পাৰত থকা সৰু ঘুমটি দোকানখনত কেৰাচিনৰ লেম জ্বলাই গাবলৈ ধৰিলে ৰতনে, এই সন্ধিয়া তাৰ দোকানখনৰ বিক্ৰীৰ আশা নাথাকিলেও কি আশাত যে দোকান খোলা ৰাখি গানেৰেই ব্যক্ত কৰে হৃদয়ৰ দুখবোৰ তাক বুজি পোৱাটো জানো সহজ ? গান গাই গাই সদায়েই প্ৰেমিকা কমলালৈ এখনকৈ পত্ৰ লিখে ৰতনে । পত্ৰত লিখে তাৰ মনৰ কথা, সময় হ'লে পিছদিনা কেতিয়াবা সেই পত্ৰ দি আহেগৈ চিলমাৰিৰ ডাকঘৰত, কিন্তু বেছিভাগ পত্ৰই ডাকঘৰত দিয়া নহয়গৈ । ৰতন বাহেৰ প্ৰেমিকা এতিয়া গাওঁত, তাৰ বাবেই কি ৰতনৰ মন ইমান উতলা…?? ইমান ব্যথা বাহেৰ গানৰ সুৰত ? চিলমাৰীৰ বন্দৰত ৰতন বাহেৰ এই সৰু গুমটি দোকান খন, ৰতনৰ ঘৰ কেদাৰ নামৰ গাওঁত । বৰ্তমানৰ ধুবুৰী জিলাৰ গোলোকগঞ্জৰ পৰা নালীয়াগাওঁ হৈ মাত্ৰ ৬ কিলোমিটাৰ আঁতৰত। প্ৰেমিকা কমলাৰ ঘৰো কেদাৰ গাওঁতে, গাওঁখনৰ মাজেৰে বৈ গৈছে ভুৰুঙ্গামাৰী নামৰ গঙ্গাধৰ নদীৰ সৰু সুঁতি এটা । ৰতন বাহে শালী ধানৰ বতৰ শেষ হলেই  ম'হৰ গাড়ীৰে ধানৰ বস্তাবোৰ লৈ গুচি যায় প্ৰায় ৪০ কিলোমিটাৰ দূৰৰ চিলমাৰী বন্দৰত । তাতে ধানবোৰ বিক্ৰী কৰি নৈৰ ঘাটতে থকা তাৰ ঘুমটিটোতে ব্যৱসায় কৰে আৰু পুনৰ বহাগ বিহুৰ আগে আগে চিলমাৰীৰ পৰা নিজৰ ম'হৰ গাড়ীখনেৰে ঘুৰি আহে নিজা গাওঁ কেদাৰলৈ । কিন্তু শৈশৱৰ সেই আপোন সৰু নৈখনেই এদিনাখন হ'লগৈ কাল, ভুৰুঙ্গামাৰী নৈ খন ১৯৪৭ চনত ৰূপান্তৰিত হৈ পৰিল দেশ নামৰ সীমাত । কমলা আৰু ৰতন ইমান কাষত থাকিও হৈ পৰিল যেন বহু বহু দূৰৰ… কমলা সুঁতিটোৰ এইটো পাৰত ভাৰতৰ নাগৰিক আৰু ৰতন সিপাৰে পাকিস্থানী…। মাত্ৰ ৩০ হাত বহল নৈ ভুৰুঙ্গামাৰী  যেন হৈ পৰিল এক বিশাল সাগৰ । নাহ, এই দূৰত্ব সহ্যৰ সীমাৰ বাহিৰত ৰতনৰ… বুকু যেন ফাটি যায় বেদনাত দুইজনৰে সুঁতিটোৰ দুয়ো পাৰে । মাঘ বিহুৰ পিছত ম'হৰগাড়ীত ধানৰ বস্তা লৈ চিলমাৰী গুচি গ'ল গাড়ীয়াল ৰতন, যোৱাৰ আগত কথা দি গ'ল কমলাক এইবাৰ ঘুৰি আহিলেই পাৰ হ'ব এই সাগৰ খন… এই দেশ, এই মাটি, এই নদী আৰু আপোন আপোন নালাগে তাক । দিন যায় বহাগ আহে, পিছে বন্ধু  যে ঘুৰি নাহে… কমলা সদায়েই বাট চাই ৰয়… গাড়ীয়াল তথাপিও নাহে …

“আৰ কতো দিন ৰম মুই পন্থেৰ দিকে চায়া ৰে,

যেদিন গাড়িয়াল উজান যায় নাৰীৰ মন মোৰ ঝুৰিয়া ৰয় ৰে

ও কি গাড়িয়াল ভাই কত কাঁন্দিম মুই নিধুয়া-পাথাৰে ।

ও কি গাড়িয়াল ভাই হাঁকাও গাড়ি তুই চিলমাৰীৰ বন্দৰে”

বুকুৰ মাজৰ এই হাহাকাৰ কোনো এগৰাকী নাৰীৰ নহয়, হাজাৰ লাখ নাৰীৰ । ৰতন ৰায় আৰু কমলা সুন্দৰীৰ প্ৰেমক তাৰ এক প্ৰতীকি হিচাপে উপস্থাপন কৰিছোঁহে মাত্ৰ । বন্ধু হয়তো এতিয়া আৰু মৈশাল নহয়, নহয় এতিয়া গাড়ীয়াল বা হাতীৰ মাহুত, বন্ধু হয়তো এতিয়া ৰিক্সা চলায় বা জীৱিকাৰ সন্ধানত হাল বায় কোনোবা এজন মহাজনৰ ঘৰত । কিন্তু তাতে কি…? ডেকা-গাভৰুৰ মনৰ বিৰহৰ বেদনা কমি নাযায় তেতিয়াও…!

“মইষ চড়ান মোৰ মইষাল বন্ধু ৰে

বন্ধু কোন বা চৰেৰ মাঝে,

এলাও কেনে ঘণ্টিৰ বাজন

না শোনঙ মুই কাণে মইষাল ৰে”

শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত নহয়, গাড়ীয়ালৰ ম'হৰ গ'লৰ টিলিঙাৰ শব্দত আকুল হৈ ঘৰৰ পৰা দৌৰি নঙলা মুখলৈ ওলাই আহে গোৱালপৰীয়া লোকগীতৰ ৰাধা । কিন্তু গাড়ীয়ালাৰ গাড়ী যে আৰু এই পথৰে নাহে…!  মৈশাল যে গৈছে ধুনীয়া ধুনীয়া গাভৰুৰ দেশত, যি দেশৰ গাভৰুয়ে “ছল কৰিয়া কাড়িয়া নিবে/হাতেৰ দোতৰা মইষাল ৰে” আৰু“সেই না দেশে পুৰুষ বান্ধা/থাকে নাৰীৰ কেশে ৰে”  কিন্তু আমাৰ গোৱালপৰীয়া গানৰ ৰাধাও তো কম নহয় সেয়ে, সাপৰ বেজে যেনেকৈ জৰা-ফুকাকৈ সাপৰ বিষ নমায়, আমাৰ ৰাধাও তেনেকৈয়ে… “মুই অভাগী ঝাৰুঙ বন্ধুক/কেশেৰ আগাল দিয়া ৰে”।

গোৱালপৰীয়া লোকগীত মূলত কৃষিজীৱি সমাজৰ লগত জড়িত । বিশেষকৈ মৈশাল, গাড়ীয়াল, গৰু-ৰখিয়াৰ বিৰহ-বেদনাৰ কথা, এই কাহিনীৰ নায়ক এই 'মৈশাল' আৰু নায়িকা তাৰ প্ৰেমিকা যুৱানাৰী 'চেংৰীনাৰী' । এই দুই চৰিত্ৰই বাহেৰ দেশৰ ৰাধা আৰু কৃষ্ণ । তিস্তা, ধৰলা, গদাধৰ সিহঁতৰ যমুনা । নিধুয়া-পাথাৰ ( নিৰলা পথাৰ)  এওঁলোকৰৰ বৃন্দাবন, শিমলু বৃক্ষ সিহঁতৰ কদম আৰু চিলমাৰীৰ বন্দৰ সিহঁতৰ মথুৰা । কৃষ্ণই যেনেকৈ মথুৰালৈ গৈ উভতি নাহে, গোৱালপৰীয়া নাৰীয়েও তাৰ গাড়িয়াল বন্ধুক ঠিক তেনেকৈয়ে হেৰাই পেলায় চিলমাৰীৰ বন্দৰত, কোচবিহাৰত বা গোৱালপাৰাত । প্ৰাণবন্ধু হয়তোবা বন্ধা খাই পৰে ব্ৰহ্মপুত্ৰ বা তিস্তাৰ কোনো চৰ-চাপৰিত থকা মহাজনৰ মৈশেৰ বাথানত (ম'হৰ খুটিত)

“বাথান বাথান কৰেন মৈশাল ৰে মৈষাল,

বাথান কইৰচেন বাড়ি_ যুবা নাৰী ঘৰে থুইয়া,

কায় কৰেন চাকিৰি মৈষাল ৰে।…

বাথান ছাৰেক, বাথান ছাৰেক ৰে

ও মৈষাল ঘুৰিয়া আইসেক বাড়ি,

গলাৰ হাৰ বেচেয়া দিম মুই

ঐ চাকিৰিৰ কড়ি মৈষাল ৰে”

মৈশাল আৰু তাৰ যুৱানাৰীৰ প্ৰেম-দাম্পত্য মিলনহীন । সিহঁত যেন চিৰ বিৰহী বগ-বগলী । সামন্ত সমাজত মৈশালৰ স্বাধীন কোনো ভূমিকা নাই । ইফালে বাপেক-ককায়েক আৰু সমাজৰ শাসনত লোকগীতৰ নাৰীগৰাকী আবদ্ধ । তাৰ প্ৰেমিক পেটৰ যাতনাতে কোনোবা দূৰৰ দেশত ঘুৰি ফুৰিবলগীয়া হয় নাইবা বন্ধ হৈ ৰয় চাকৰিৰ ফান্দত। এই কৰুণ জীৱনৰ ব্যথা ফুটি উঠে ভাওয়াইয়া সম্ৰাট আব্বাসউদ্দীনৰ গানতো-

“ফান্দত পড়িয়া বগা কান্দে ৰে ...

উড়িয়া যায় ৰে চকোয়া পঙ্খি

বগীক বলে ঠাৰে

তোমাৰ বগা বন্দী হইছে

ধৰ্লা নদীৰ পাৰে।

এই কথা শুনিয়া বগী দুই পাখা মেলিল

ওৰে ধৰ্লা নদীৰ পাড়ে যায়া দৰ্শন দিল ৰে;

বগাক দেখিয়া বগী কান্দে ৰে

বগীক দেখিয়া বগা কান্দে ৰে”

লোকগীতৰ নাৰী-পুৰুষ এনেকৈয়ে কান্দে জীৱনৰ যুঁজত আৰু জমিদাৰৰ শোষণৰ ফান্দত বন্দী হৈ পৰস্পৰৰ বাবে। এই গান মাটিৰ গান, এই গান মোৰ হৃদয়ৰ স্পন্দন, এই গান জনসমাজৰ গান । এই গান মৈষাল, গাড়ীয়াল বা মাহুতৰ স্বাধীন বিচৰণৰ আকাঙ্ক্ষী কন্ঠ আৰু দৰিদ্ৰ কৃষক-কন্যাৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদৰ কন্ঠ ।

গোৱালপৰীয়া লোকগীতত নাৰী মনৰ বাসনা, বেদনা আৰু বিদ্ৰোহ হ'ল প্ৰধান স্বৰ । নাৰীৰ এই নিৰন্তৰ আকুলতাই গোৱালপৰীয়া লোকগীতৰ প্ৰাণ-ভোমোৰা । নাৰীৰ প্ৰেমৰ স্বাধীনতাক ৰক্ষণশীলতাৰ শিকলিৰে বন্ধাৰ চেষ্টা কৰিলে, গোৱালপৰীয়া লোকগীতত নাৰীয়ে তাৰ বিৰুদ্ধে বিদ্ৰোহ কৰে । বাপেক-ককায়েকে যেতিয়া তাক ক'ম বয়সতে প্ৰেমিকৰ সলনি স্বামী নামক এক অচিন অজান ব্যক্তিৰ হাতত তুলি দিয়ে, সেই অভাগিনী নাৰীয়ে তেতিয়া বাপেক-ককায়েকও আৰু সেই স্বামীক ক্ষমা নকৰে । তাৰ তেতিয়া মনত পৰে বগাৰ কথা, মৈশাল, গাড়ীয়াল বন্ধু বা প্ৰেমিক কাজল ভোমোৰাৰ কথা । মদাসক্ত স্বামীৰ অত্যাচাৰত জৰ্জৰিত লোকগীতৰ এই নাৰীয়ে তেতিয়া আশ্ৰয় লয় তৰুণ দেৱৰেকৰ ।

“ও মোৰ ভাবেৰ দেওৰা

থুইয়া আয় মোক বাপ ভাইয়াৰ দেশে ৰে

বাপ ভাই মোৰ দুৰাচাৰ বেচেয়া খাইছে মোক দুৰান্তৰ ৰে

বেচেয়া খাইছে মোক মদ-কিয়াৰ ঘৰেতে”

তাৰ ওচৰত তেতিয়া,

“স্বামী মোৰ যেমন তেমন,

দ্যাওৰা মোৰ মনেৰ মতোন

দ্যাওৰা মৰলে হমো পাগল,

হমো দেশান্তৰী ৰে”।

এই অবৈধ প্ৰণয়েই তাৰ প্ৰতিবাদ । জমিদাৰ আৰু প্ৰতিপত্তিশালীৰ হেঁচাত তাৰ আপোন প্ৰেম য'ত অৱৰুদ্ধ, তাৰ পৰাই জন্ম এই পৰকীয়া প্ৰেমৰ ধাৰাৰ । এই প্ৰেম কিন্তু ৰাধা-কৃষ্ণৰ লীলাৰ পৰা সুকীয়া, যাৰ কাৰণেই এই পৰকীয়া প্ৰেমৰ মাজতো লুকাই থাকে তাৰ আপোন 'সোনাৰ চান্দ'ক ঘুৰাই পোৱাৰ বাসনা । লোকগীতত গোৱালপৰীয়া নাৰীৰ প্ৰেমে নিজেকে সলনি কৰিবলৈ অস্বীকাৰ কৰে, তাৰ প্ৰেমিক 'কালা' ভগৱান কৃষ্ণ হৈ নাযায় কেতিয়াও । তাৰ মৈষাল তাৰেই আপোন, পৰকীয়া নহয় । কীৰ্তন-পদাবলি ইত্যাদিৰ লগত ইয়াতেই তাৰ বিসদৃশতা । গোৱালপাৰীয়া নাৰীৰ নিজস্ব স্বৰ আৰু আৱেগ এই বৈশিষ্টই  প্ৰেমৰ অন্যান্য জনশ্ৰুতিৰ পৰা ইয়াক স্পষ্ট ৰূপত সুকীয়া কৰিছে । বাহেৰ দেশত প্ৰকৃতিয়েই যেন সুৰ হৈ বাজে। এই গীতত মানৱ-মানৱীৰ ভাৱাবেগক প্ৰকৃতিৰ স'তে ৰিজনিৰে বুজোৱা হয়। নিধুয়া-পথাৰৰ ৰুক্ষতা আৰু তিস্তা বা গদাধৰৰ খৰস্ৰোতৰ দৰেই তাৰ জীৱন । প্ৰকৃতিৰ লীলাৰ মাজতে গীতে জীৱনৰ অৰ্থ আৰু মনৰ ভাষা বিচাৰি পায়। মানৱ দেহ আৰু প্ৰকৃতিৰ সংমিশ্ৰণ বিনে একোৱেই প্ৰকাশ হ'ব নোৱাৰে এই লোকগীতত ।

গোৱালপৰীয়া লোকগীত ফুটি উঠে কাৰো আগত প্ৰকাশ কৰিব নোৱাৰা মনৰ ভাষা আনকি নিজৰ মাকও যি কথা খুলি কথা খুলি ক'ব নোৱাৰে নিজ সন্তানে, মনৰ সেই কথাও বাহিৰ হৈ আহে গানৰ ভাষা হৈ -

“যখন মাও মোৰ নিদ্ৰাৰে যাইবে

পত্ৰ থুইবেন কাগা সিথানেৰ পৰে

ওকি কাগা দেইখবে মাও মোৰ সকালে উঠিয়া ৰে”।

এই গীত আৰু জীৱনৰ সাংঘাতিক মিল আছে আমাৰ অগোচৰে । আনকি এই গীত ইতিহাসৰ আঞ্চলিকতাৰ খোপে খোপে বাঢ়ি উঠা এই ভূখণ্ডৰ মানৱিক ইতিহাস । আমাৰ নিম্নবৰ্গীয় সমাজৰ লিখিত সাহিত্য প্ৰায় নাই বুলিয়ে কোৱা যায় । একমাত্ৰ লোকগীত-লোকসাহিত্যই আমাৰ নিম্নবৰ্গীয় সমাজৰ সাহিত্যৰ আধাৰ । য'ত আমাৰ আনন্দ-বেদনা, আশা-আকাঙ্ক্ষা,সপোন আৰু ভালপোৱাবোৰ আমি দেখা পাওঁ । য'ত পাওঁ মাটিৰ সুবাস, যি সুবাসক বিদেশী শাসন, দেশৰ সীমা ভাগ আৰু নানান বিপৰীত সংস্কৃতিৰ হেঁচাৰ মাজতো নিজকে হেৰাই পেলোৱা নাই, বিকৃত হোৱা নাই এটি বিন্দুও আৰু সেই কাৰণেই দেশৰ সীমাকো নেওঁচি বতাহত ভাঁহি ফুৰে এতিয়াও লোকগীতৰ সেই চিনাকি সুৰ তাৰ নিজৰ জন্মস্থানত আপোন মহিমাৰে । ধুবুৰী জিলাৰ কাষৰ কুড়িগ্ৰামৰ সীমান্তত তিস্তা, ধৰলা আৰু ব্ৰহ্মপুত্ৰ নৈৰ মাজত হাজাৰ বছৰ পূৰণি চিলমাৰীৰ বন্দৰ আজিও আছে। সেই বন্দৰত হয়তো এতিয়াও পালতৰি যোৱা নাওঁবোৰ আহে বনিজৰ আশাৰে, বন্দৰৰ ঘাটত হয়তোবা এতিয়াও আছে ৰতন ৰায়ৰ সেই সৰু গুমটি দোকান খন । পাৰ্থক্য গাড়ীয়াল-মৈশাল-মাহুত বন্ধু সকল আৰু ঘুৰি আহিব নোৱাৰে সেই ঠাইৰ পৰা । কমলা সুন্দৰী এতিয়া ৮০ বছৰীয়া বৃদ্ধা, তথাপিও কেদাৰ গাওঁত এতিয়াও বাট চাই আছে বন্ধুলৈ , “কোন দিন আসিবেন বন্ধু কয়া যান কয়া যান ৰে”।

কিন্তু ৰতন আৰু ঘুৰি নাহে কাৰণ, “মইশেৰ চাকৰিৰ ভীষণ দায়, মনেৰ বাঘ মইশালক ধৰিয়া খায় ৰে” । সেয়ে পিছ-ডাকে আজিও মৈশালক এৰা নিদিয়ে । প্ৰেমিক মাহুত দুৰ দেশলৈ যাবগৈ ওলালে বিদায় দিয়াৰ পিছতো প্ৰেমিকায় পিছপিনৰ পৰাই আকৌ এবাৰ সোধে …

“তোমৰা গেইলে কি আসিবেন, মোৰ মাহুত বন্ধুৰে”!

শব্দাৰ্থ

নাগাইলেন= লগালে; আসিবেন= আহিব; বাহে= দেউতা/বাপ; ঘুমটি= সৰু দোকান; গাড়ীয়াল= ম'হৰ গাড়ীৰ চালক;  মুই= মই; পন্থেৰ= পথৰ; নিধুয়া= নিৰলা; হাঁকাও= চলাই নিয়া; মৈশাল= ম'হ ৰখিয়া; মইষ=ম'হ; না শোনঙ= নুশুনো; কেশেৰ আগাল= চুলিৰ আগ; কইৰচেন= কৰিছে; থুইয়া= থৈ; বেচেয়া= বিক্ৰী কৰি; কড়ি= টকা; বেচেয়া= বিক্ৰী কৰা; হমো= হৈ যাম; কাগা= কাউৰী; থুইবেন= থৈ দিব; সকালে= ৰাতিপুৱা

লিখক: জয়দ্বীপ চক্ৰৱৰ্তী

 

2.79032258065
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top