অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চকলং

চকলং

আহোমসকলৰ বিবাহ পদ্ধতি

টাই ভাষাত চকলং মানে বিয়া। এই বিয়া আহোমসকলৰ বিশেষ বৈশিষ্ট্যপূৰ্ণ বৈবাহিক প্ৰথা য’ত আহোম পুৰোহিত, শাস্ত্ৰ আৰু টাই ভাষাৰ মাধ্যমেৰে অনুষ্ঠিত হয়। বিয়াৰ আগতেও আগৰ দিনকেইটাত কেইবাটাও অনুষ্ঠান পাৰ হৈ যায়। এইক্ষেত্ৰত দৰাঘৰতকৈ কইনাঘৰৰ মানুহক অধিক মান কৰা হয় আৰু দৰাঘৰৰ মানুহেহে কইনা খোজা-বঢ়া কৰা বিষয়ত আগ-ভাগ লয়।

কাৰোবাৰ ঘৰত চকুত লগা ছোৱালী দেখিলে বা কোনোবাই যোৰ মিলাই ছোৱালী দেখুৱালে কইনাঘৰৰ মানুহক খা-খবৰ দি নিৰ্ধাৰিত দিনত সোধনী ভাৰ পেলায়। কইনাঘৰলৈ যাওঁতে দৰাঘৰীয়া মানুহে হাঁহ-পাৰ, তামোল-পাণ, চাউল-পাতি, জা-জলপানৰ ভাৰ এখন লৈ যায়। ইয়াকে ‘সোধনী ভাৰ’ বোলে। উচিত মান-সত্‌কাৰ কৰাৰ পাছত সকলোৰে আগত ছোৱালী খোজা-বঢ়া কৰা হয়। কইনা ঘৰৰ মানুহে মাননি লৈ ল’ৰাৰ বংশ-মৰ্য্যাদা আদিত কোনো আসোঁৱাহ নাপালে এটা নিৰ্ধাৰিত দিনত ল’ৰাৰ ঘৰ চাবলৈ কথা দিয়ে। সেই মৰ্মে কইনাঘৰৰ জনদিয়েক মানুহ গৈ দৰাৰ ঘৰ-দুৱাৰ চাই আহেগৈ। সেইদিনা দৰাঘৰীয়া মানুহে কইনাঘৰীয়া মানুহক হাঁহ-পাৰ মাৰি মাছে-মঙহেৰে সোধ-পোচ কৰে। ইয়াকে ‘ঘৰ-চাৱনি’ বোলা হয়। ঘৰ চাৱনি খোৱাৰ দিনাই বিয়া বন্দোৱস্ত খাটাং কৰা হয়। সাধাৰণতে দৰা-কইনাৰ বংশ-মৰ্য্যাদা আদি বিচাৰ কৰাৰ উপৰি সোধন-পোছন, মান-সত্‌কাৰ, জা-জলপান, সম্বন্ধ বিচাৰ আদিও তন্ন তন্নকৈ চায়। সোধনী ভাৰ পেলোৱাৰ পিছত ঘৰ-চাৱনি খাই উভয় ঘৰৰে বুজাবুজিৰ মাজত এটা দিন স্থিৰ কৰা হয়। এইদৰে দিন স্থিৰ হ’লে বিয়াৰ আগদিনা, বিয়াৰ দিনা কইনাই পিন্ধিবলৈ এযোৰ উত্‌কৃষ্ট পোছাক আৰু লগতে যাৱতীয় সমলেৰে আ-অলংকাৰো দিয়ে। জোৰোণ দিয়া পদ্ধতিটো বৈদিক পদ্ধতিৰ বিয়াৰ লগত মিল আছে যদিও টাই ভাষাৰে মন্ত্ৰ উচ্চাৰণ কৰা হয়। যেনে – “ অ’ ফ্ৰা’ ম’-ফুক চক্‌লং চি-চিম হাউতেম্‌” – অৰ্থাত্‌ ‘ হে পৰমেশ্বৰ, কাইলৈ হ’ব খোজা বিয়াৰ মংগল সাধন কৰা’। জোৰোণৰ পৰা কইনা সম্প্ৰদানলৈকে টেকেলি দিয়া, দেওবান কৰা, মূৰত তেল দিয়া, গাঁঠিয়ন খুন্দা, ৰিক্‌খন কৰা, আপতাঙ কৰা, দৈয়ন দিয়া আদি ভালেমান অনুষ্ঠান পাৰ হৈ যাব লাগে। টেকেলি দিয়া, গাঁঠিয়ন খুন্দা, দিয়ন দিয়া আদি বৈদিক পদ্ধতিৰ সৈতে মিলে; কিন্তু বাকীকেইটা অনুষ্ঠান সম্পূৰ্ণ সুকীয়া আৰু আহোম পদ্ধতিৰ মতে হয়। বিয়াৰ আগদিনা আহোম দেৱতা লাংকুৰি, জান-চাই-হুং,লা-ৰেং, লেংডন আৰু জাছিংফাক পূজা কৰিব লাগে। তাকে দেওবান্‌ কৰা বোলে। দেওবান্‌ কৰিবলৈ দৰাঘৰৰপৰা কইনাঘৰলৈ সাতোটা কলপটুৱাৰ টোপোলাত কটা তামোল পঠিয়াই দিয়ে। তাৰ উপৰি ১২ টা চাউল, লাও আৰু বাৰখন থুৰীয়া তামোল দি পুৰোহিতক উপাসনা কৰে। দেওবান্‌ কৰাৰ পিছত ৰভাত বহুৱাই মূৰত তেল দিয়া হয়। দেওবান্‌ৰ আগদিনা আহোম পুৰোহিতে এখন জাকৈ, তামোল-পাণ, কণী আৰু চাউল লৈ এখন নৈ, বিল বা পুখুৰীত খাওখাম দেৱতাক পূজা কৰে। পূজাৰ অন্তত তিনি খেও জাকৈ মাৰে। মাছ উঠিলে সেই মাছ আনি দৰা-কইনাক ৰান্ধি নামমাত্ৰ খুৱায়। তাকে ৰিক্‌খন কৰা বা আয়ুতোলা বোলে। এইদৰে সকলো বিপদ-আপদৰ পৰা ৰক্ষা পাবলৈ সৰ্বৌষধি মিশ্ৰিত পানীকটা মন্ত্ৰেৰে জৰা পানীৰে গা ধুৱায়। গা-ধুৱাওঁতে পানীত বজ্ৰকুঠাৰ, বজ্ৰশিল, বাঘদাঁত, বৰাগাহৰিৰ দাঁত, বানহুং, বান-কা-লুক, পানী কাঁইট, গৰুকণীয়া, তিনিমূৰীয়া, কেচুমতা, ক’লীয়া হালধি, সোণবৰীয়াল, তাংলতি, ছিংকৰা ফুল, উধান মাটি আৰু অষ্ট ধাতু, হৰিণাৰ শিং আৰু যুঁজত ভগা ম’হৰ শিং মিহলাই দিয়ে। পানী কাটি গা ধুৱাওঁতে এখন চালনিৰ ওপৰত উঠি এটা সৰু কুকুৰা পোৱালি ভৰিৰে গৰকি ধৰি ডালে-পাতে ভৰপূৰ হৈ থকা গছ এজোপালৈ চাই মূৰত পানী ঢালে। চকলং কৰিবলৈ তিনিদিন, পাঁচদিন, সাতদিন বা ন-দিনৰ আগৰ পৰা পানী তুলি নোৱাই-ধুৱায়। আগৰ দিনত দৰাঘৰৰ পৰা কইনাঘৰে ধন লোৱাৰ নিয়ম আছিল; কিন্তু চকলং কৰিবলৈ হ’লে দৰাঘৰৰ পৰা কোনো ধন-বস্তু গা-ধন হিচাপে নলৈছিল। চকলং বা সম্প্ৰদানৰ সময়ত কইনাৰ লগত যৌতুক হিচাপে দিব খোজা বস্তু-বাহানি ৰভাৰ তলত সজাই থোৱা হয়। চকলং কৰিবলৈ সাতোটা বৰণেৰে এখন মড়ল সাজে। মড়লত এশ এটা ভাগ কৰে। এশ এটা ভাগত এশ এটা চাকি লগয়। সেই চাকিপূৰ্ণ মড়লৰ সন্মূখত বহি দৰা-কইনাই দাম্পত্য জীৱনৰ মন্ত্ৰ আৰু সংকল্প গ্ৰহণ কৰে। চকলং কৰিবলৈ এশ এপাহ ফুল থকা দুধাৰ মালা, তিনিখন থুৰীয়া তামোল, এখন গামোচা, এটা চাউল থকা দুণৰি, দুখন মাইহাঙত আখৈ-পৰমান্ন আৰু পঞ্চামৃত, দুযোৰ লোটা-চৰিয়া, তিনিডাল খৰিকা আৰু হেংদান লাগে। এই চকলং বিয়াৰ ক্ষেত্ৰত ৰজাঘৰৰ সাধাৰণ নিয়মৰ ব্যতিক্ৰম ঘটা দেখা যায়। সাধাৰণতে কইনাৰ ঘৰত চকলং সম্প্ৰদান হয় ; কিন্তু ৰজা বা ৰাজকোঁৱৰৰ বিয়া হ’লে ৰজাৰ ঘৰতহে সম্প্ৰদান হয়। বিয়াৰ তিনিদিনৰ দিনা কইনাঘৰৰ মানুহ দৰাঘৰলৈ যায় আৰু পাঁচদিনৰ দিনা দৰা-কইনা দুয়ো কইনাৰ মাকৰ ঘৰলৈ যায়। ইয়াকে ‘ঘৰ উঠিবলৈ যোৱা’ বুলি কয়। ঠিক সেইদৰে ন-দিন বা এঘাৰ দিনত পুনৰ কইনাঘৰৰ আৰু দৰাঘৰৰ মানুহ অহা-যোৱা কৰে। তাকে ‘দোনাবলৈ যোৱা’ বোলে। তলত চকলঙৰ পদ্ধতিসমূহ ক্ৰমান্বয়ে বৰ্ণনা কৰা হ’ল –

জোৰোণ পিন্ধোৱা

দৰাঘৰৰ পৰা কইনাক পিন্ধাবলৈ কাপোৰ আৰু সাধ্য অনুসৰি কিছু অলংকাৰ, টেকেলি পঠায়। দৰাৰ মাক বা অন্য কোনো সম্বন্ধীয় মাইকী মানুহ কইনাৰ ঘৰলৈ যায়। টেকেলি এটা মড়লৰ মাজত ৰাখি এগছ চাকি জ্বলাই ঈশ্বৰক আৰাধনা কৰে। লগতে আহোম মন্ত্ৰ উচ্চাৰণ “অ’ ফ্ৰা, ম’ ফুক্‌ চক্‌লঙ চিচিম্‌ হেউতিম্‌”—( হে পৰমেশ্বৰ, কাইলৈৰ বিবাহ মংল কৰা) এই বুলি কৈ ফুল, তিল, চাউলৰ মড়লৰ মাজত থকা চাকি লৈ লগে লগে সেৱা কৰিব। তাৰ পাছত দৰাঘৰৰ মানুহ কইনাঘৰ পালেগৈ কইনাক সমাজৰ মাজত বহুৱাই জোৰণত দিয়া কাপোৰ আৰু অলংকাৰ আদি পিন্ধাই উৰুলি দি নাম গায়। কইনাৰ আগত বাওঁহাতে কইনাৰ ঘৰলৈ নিয়া টেকেলি আৰু সোঁহাতে দৰাৰ টেকেলি ৰাখে। কইনাই দৰাৰ টেকেলিৰ পৰা মাহ-হালধিৰ বাটি উলিয়াই পুনৰ বাটিটো টেকেলিত ভৰাই থয়। জলপান আদি খোৱাৰ পাছত দৰাৰ টেকেলি দৰাৰ ঘৰলৈ ওলটাই আনে আৰু সেই টেকেলিৰে পানী তোলা আৰু নোওৱা কাম কৰা হয়।

টেকেলি দিয়া নিয়ম

দৰাঘৰত দৰা আৰু কইনা ঘৰলৈ দুটা আঁক থকা টেকেলি লৈ উভয়ৰ ডিঙিত এখন এখন গামোচা মেৰাই দৰালৈ সজোৱা টেকেলিটোত এধাৰ মণি ৰখা হয়। কইনাৰটোত মণিৰ আৱশ্যক নাই। দুয়োটা টেকেলিতে সৰু বাটি দুটাত মাহ-হালধি বাটি লয়। বিয়া ন দিনীয়া হ’লে ন আঙুল, সাত দিনীয়া হ’লে সাত আঙুল, তিনি দিনীয়া হ’লে তিনি আঙুল কৰি হালধি ল’ব। লগতে মাটিমাহ দুই তোলা আৰু আৰৈ চাউলৰ গুড়ি দুই তোলা বাটি দুই তোলা তেলৰ লগত মিহলি কৰাৰ নিয়ম।

নোওৱাৰ নিয়ম

নদিনীয়া, সাতদিনীয়া, পাঁচদিনীয়া, আৰু তিনিদিনীয়া হ’লে উক্ত মাহ-হালধি বটা ন, সাত, পাঁচ আৰু তিনিভাগ কৰি লৈ একো একো ভাগ প্ৰত্যেক দিনাই নতুনকৈ বাটি লৈ নোওৱা কাৰ্য্য কৰি আৰু সেই টেকেলিৰে পানী তুলি আনে। সেই বাটিটোৰ এভাগ মাহ-হালধিকে সাতভাগ কৰি লৈ প্ৰথম ভাগ মুখত, দ্বিতীয় ভাগ বাহুত, তৃতীয় ভাগ হাতত, চতুৰ্থ ভাগ কঁকালত, পঞ্চমভাগ উৰুত, ষষ্ঠ ভাগ জানুত আৰু সপ্তম ভাগ ভৰিত সানি টেকেলিৰে তুলি অনা পানী প্ৰথমে ঢালি তাৰ পাছত অন্য কলহৰ পানী ঢালে। নোওৱাৰ বাহনৰ পৰা দৰা বা কইনা নামি অহা মাত্ৰকে বাহন ভাঙি পেলোৱা হয়। নোওৱা টেকেলি-দুণৰি মড়লৰ মাজত থয়। প্ৰত্যেক দিনেই নোৱায়।

জ্ঞাতি ভোজ

বিয়াৰ দুই-এদিনৰ আগত দৰা আৰু কইনাৰ ঘৰত ন-পুৰুষৰ উদ্দেশ্যে জ্ঞাতি ভোজ এটি দিয়া হয়।

দেওবান্‌

বিয়াৰ আগদিনা দৰা আৰু কইনাৰ ঘৰত দেওবান্‌ কৰে। আহোমৰ ইষ্ট দেৱতা লাংকুৰি, জানছাইহুং, লাৰেং, লেংডন আৰু জাছিংফা এই সকলক তামোল-পাণৰ শৰাই দি আৰাধনা কৰা হয়। দ্ৰব্যসমূহ দৰাঘৰৰ পৰা কইনাঘৰলৈ সাতটা কলপটুৱাৰ পেৰাত আগ-গুৰি কটা তামোল ভৰাই পঠায়। সেই দ্ৰব্যৰে কইনাঘৰত দেওবান্‌ কৰে। তদুপৰি বাৰটা কণী, চাউল, ৰহি, ছিংকৰা ফুলৰ যুকিওৱা তামোল বাৰখনেৰে পুৰোহিতে মন্ত্ৰৰ দ্বাৰা উপাসনা কৰে। তাৰ পিছতে একে শাৰীতে ঘৰৰ মৃতকৰ কাৰণেও এখন শৰাই দিয়া হয়। ভকত আৰু আইসকলকো একোখনকৈ দিয়ে।

মূৰত তেল দিয়া

দেওবান্‌ কৰাৰ পিছত মূৰত তেল দিয়ে।

ৰিক্‌খন বা আয়ুতোলা

দেওবান্‌ কৰাৰ আগদিনা ‘আয়ুতোলা’ কৰিব লাগে। নিয়ম অনুসৰি দুজন বা তিনিজন পুৰোহিতে এখন জাকৈ লৈ নৈ, বিল বা পুখুৰী আদিত তামোল-পাণ, কণী, চাউল লৈ খাওখাম্‌ জলদেৱতাৰ পূজা কৰিব লাগে। পাছত খাওখাম্‌ বৰুণ দেৱতাক চিন্তা কৰি জাকৈ তিনি খেও মাৰি তাত যি মাছ উঠে পাছদিনা কাউৰি মাটিত নৌপৰোঁতেই দোকমোকালিতে সেই মাছ ৰান্ধি দৰা বা কইনাক নামমাত্ৰ খুওৱা হয়। এইদৰে পৰমায়ু তুলি মংগল কামনা কৰি ৰিক্‌খন বা আয়ুতোলা কৰে।

আপতাং

আয়ুতোলাৰ পিছতে ‘আপতাং’ পানীকটা মন্ত্ৰেৰে সৰ্ব ঔষধি লৈ দৰা বা কইনাই গা ধুব। ধোওঁতে এখন চালনীৰ ওপৰত উঠি লৈ  এটা সৰু কুকুৰা পোৱালি গচকি লয়। এজোপা ডালে-পাতে ভৰপূৰ হৈ থকা বৃক্ষলৈ চাই ঈশ্বৰৰ নাম লৈ সেই পানী মূৰত ঢালে। ধোৱাৰ শেষত গাত থকা বস্ত্ৰ খহাই নতুন বস্ত্ৰ পিন্ধে। হাতত কাঁচি লৈ পাছ হুহঁকি ঈশ্বৰৰ নাম লৈ তিনিটা আঁক মাৰি গুচি আহে। আহোঁতে কয়, “আজিৰে পৰা কোনো বিপদ-আপদ এই আঁক পাৰ হৈ মোৰ গালৈ নাহিবা”। তাৰ পাছত সাত বা নজন ভকতক জলপান খুৱাই দৰা বা কইনাক সেৱা কৰোৱাই আশীৰ্বাদ দিয়ে।

গাঁঠিয়ন খুন্দা

বিয়াৰ আগদিনা মাজৰাতি মাক, বায়েক ইত্যাদিয়ে গাঁঠিয়ন খুন্দি দৰা বা কইনাক ফোট দিয়ে।

দৈয়ন

বিয়াৰ দিনা দৰা-কইনাক মাকে বা সম্বন্ধীয় মাইকী মানুহে দুহাতে দুখিলা পাণ লৈ গাখীৰত জুবুৰিয়াই দৰা-কইনাৰ গালত তিনিবাৰ লগায়। আয়তীসকলে প্ৰত্যেকবাৰতে উৰুলি আৰু দৈয়নৰ নাম গায়।

দৰাৰ কইনা ঘৰলৈ যাত্ৰা

নোওৱাৰ পিছত দৰাইঅ সাজ-পাৰ পিন্ধি পিতৃ-মাতৃ সকলোকে সেৱা কৰি কইনাৰ ঘৰলৈ যাত্ৰা কৰে। দৰা পদুলিমুখ আহি পোৱা মাত্ৰকে কইনাঘৰীয়া তিৰোতাই সুৱাগুৰি তোলে। পুনৰ দৈয়ন দিয়া হয়। তিৰোতাসকলে উৰুলিৰ লগতে দৰাৰ গাত চাউল আৰু ফুল ছটিয়ায়। দৰাক আদৰি আনি সমাজত পূব মুৱাকৈ বহুৱাব। তাৰ পাছত কইনাক সমাজলৈ উলিয়াই আনিব।

সম্প্ৰদান

দৰাৰ বাওঁফালে আসন পাৰি কইনাক বহুৱায়। আয়তীসকলে উৰুলিৰ লগতে চাউল আৰু ফুল ছটিয়ায়। এখন তামৰ থালিত মড়ল সাজি তাতে এগছি ঘিউৰ চাকি জ্বলায়। তাত দৰা-কইনা উভয়ে এজন এজনকৈ ছিংকৰা ফুল, তংলতি, চাউল, তিলৰ অঞ্জলিৰে ঈশ্বৰক প্ৰাৰ্থনা কৰি মন্ত্ৰ মাতে। ইয়াৰ পাছত কইনাদাতাই দৰাক বস্ত্ৰ আৰু অলংকাৰৰ সৈতে আঙঠি পিন্ধাই বৰণ কৰিব। কইনাৰ সোঁহাতৰ বুঢ়া আঙুলি দৰাৰ সোঁহাতৰ বুঢ়া আঙুলিৰ ওপৰত ধৰি কইনাদাতাই ক’ব—“ বান্‌নাই লুক্‌চাউকাউ নাঙচাউকাউ পিচাইকাউ আকাউ লান্‌চাউকাউ চাওফুৰামাই খাংনা বাইছি হাঙ মাউ খা-য়াউ মউ কুমৌ ঈনু আউতা”। (আজি মোৰ জীক, মোৰ ভনীক, মোৰ বাইক, পেহীক, নাতিনীক পৰমেশ্বৰক আগত ৰাখি তোমাক দান কৰিলোঁ। তুমি সদায় মৰমেৰে ৰাখিবা।) দৰাই ক’ব – “খ্ংলু মাউচাউ কাও দি দি ছি হাপ আউজাউ (আপোনাৰ দান মই সাদৰে গ্ৰহণ কৰিলোঁ)। কাও হাংলুক্‌চাউ লাঙচাউ, পিচাই, আকাউ, লানচাউ, মাউচাউ দি দি ছি তিৰাই জাউ” (মই আপোনাৰ জীক, ভনীয়েকক, বায়েকক, পেহীয়েকক, নাতিনীয়েকক সাদৰে ৰাখিম)। তেতিয়াই কইনাই ১০১ পাহ ফুলৰ মালা লৈ দৰাক বৰণ কৰিব আৰু দৰায়ো ১০১ পাহ ফুলৰ মালা লৈ কইনাৰ ডিঙিত পিন্ধাব। উভয়েৰে মূৰত পুষ্পবৃষ্টি কৰাৰ নিয়ম। এই সময়তে দৰা-কইনাক লগ্নগাঁঠি পিন্ধায় আৰু বিয়াঘৰৰ সকলোৱে আশীৰ্বাদ দিয়ে। চকলঙৰ উপৰোক্ত কৰ্ম শেষ হোৱাৰ পিছত দৰা-কইনাক চকলঙৰ মড়লৰ ওচৰলৈ নিয়ে। মড়লত দৰা-কইনা সোঁহাতে দৰাক আৰু বাঁওহাতে কইনাক পূবমুৱাকৈ বহুৱায়। ইতিপূৰ্বেই মড়লৰ ১০১ গছি চাকি, ধূপ-ধূনা জ্বলোৱা হয়। দৰা-কইনা উভয়ে হাতত ফুল লৈ মড়ললৈ সেৱা জনাই “ফ্ৰা তাৰা আলং” জ্যোতিময় পূৰ্ণব্ৰহ্মক আৰাধনা কৰে। উপস্থিত ভকতসকলে দুয়োকে আশীৰ্বাদ দি শিৰত ফুল, চাউল ছটিয়ায়। দৰা-কইনাই ঈশ্বৰক প্ৰাৰ্থনা কৰে আৰু পুৰোহিতে উপদেশ মন্ত্ৰ পঢ়ে।

পুৰোহিতৰ কাৰ্য্য

প্ৰাৰ্থনা আৰু উপদেশ হৈ যোৱাৰ পিছত পুৰোহিতে এজোলা কপাহ লৈ সাজৰ চাকিত পুৰি ছাই কৰি তাৰে দৰা আৰু কইনাক কপালত ফোট দিয়ে। বুজনি দিওঁতে এখন পাতৰ ৰুমালত এটোপোলা কড়ি বান্ধি লৈ কাণৰ ওচৰত জোকাৰি বুজনি দিয়ে।

অস্ত্ৰ প্ৰদান

উপদেশ হৈ যোৱাৰ পিছত কইনাই শৰাইত থোৱা হেংদান দৰালৈ আগবঢ়াই ক’ব – এই অস্ত্ৰেৰে নিজৰ দেশ, নিজৰ ভাৰ্য্যা-পুত্ৰ আৰু ঐশ্বৰ্য্য ৰক্ষা কৰিবলৈ সমৰ্থ হওক। দৰাই অস্ত্ৰ গ্ৰহণ কৰি ক’ব – “ দুষ্টক দমন, আৰু সন্তক পালন, ৰাজ্য আৰু ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে এই হেংদান লৈ প্ৰতিজ্ঞা কৰিলোঁ ”। আয়তীসকলে ফুল ছটিয়াই উৰুলি ধ্বনি দিয়ে।

বস্ত্ৰ প্ৰদান

কইনাই এখনি বস্ত্ৰ লৈ দৰালো আগবঢ়াই কয়, “ হে বঙহৰদেও, এই বস্ত্ৰ কৱচৰূপে পৰিধান কৰি অজেয় হোৱা”। দৰাই বস্ত্ৰ গ্ৰহণ কৰি কয় –“এই বস্ত্ৰেৰে টঙালি বান্ধি শত্ৰুক জয় কৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞা কৰিলোঁ”।

আঙঠি সলনি

দৰাই নিজৰ হাতৰ আঙঠি এটা দুণৰিত থকা চাউলৰ মাজত লুকুৱাই থৈ কয় – মোৰ আন্তৰিক প্ৰীতি উপহাৰ ইয়াতে থৈছোঁ, বিচাৰি লোৱা। কইনাই আঙঠি বিচাৰি উলিয়াই পিন্ধিব লাগে আৰু “ সাদৰে গ্ৰহণ কৰিলোঁ” বুলি ক’ব লাগে। এইদৰে কইনাইও নিজৰ আঙঠি চাউলৰ মাজত লুকুৱায় আৰু দৰাই বিচাৰি পিন্ধিব লাগে।

পঞ্চামৃত ভোজন

কইনাই নিজৰ সন্মুখত থকা মাইহাঙৰ পৰা আখৈ, পিঠা, পৰমান্ন, পঞ্চামৃত অলপ অলপকৈ হাতেৰে দৰাৰ মুখত দিয়ে। প্ৰত্যেকবাৰেই দৰাই লোটাৰ পানীৰে মুখ ধুই দাঁত খৰকিয়াব লাগে। এইদৰে প্ৰতিবাৰ মুখ ধোৱাৰ পাছত কইনাই দৰাৰ মুখত একোখন থুৰীয়া তামোল যাচে। কইনাৰ কৰ্তব্য শেষ হ’লে দৰায়ো কইনাক তিনিবাৰ পঞ্চামৃত খুৱায় আৰু কইনায়ো সেইদৰে মুখ ধুই খৰিকা লয় আৰু থুৰীয়া তামোল গ্ৰহণ কৰে।

কটাৰি সলোৱা

দৰা-কইনা উভয়েই কটাৰি আৰু তামোল সলায়।

কড়ি বা পাশা খেল

দৰা-কইনাই কৰি বা পাশা খেল খেলে। এইবিলাক কাম হৈ যোৱাৰ পিছত দৰা-কইনা দুয়োয়ে লগ্ন গাঁঠি সোলোকায়।

বিয়াত বুৰঞ্জী

বুৰঞ্জী কোৱা নিয়ম বিয়াত অতীজৰে পৰা প্ৰচলিত। এই কামত কইনাপক্ষৰ সাত পুৰুষৰ পৰা বুৰঞ্জী আৰু বংশাৱলী কোৱাকুই কৰাৰ নিয়ম আছে।

পঞ্চদেৱতাৰ শৰাই

ছোৱালী গৈ যেতিয়া দৰাৰ শোৱা কোঠা পায় তেতিয়া পঞ্চদেৱতা লাংকুৰি, লাৰেং, জানছাইহং, লেংডন আৰু জাছিংফালৈ তামোল-পাণৰ শৰাই দি চাকি জ্বলায়।

আহোম সকলৰ লগত নিচেই কমসংখ্যক তিৰোতা মানুহ আহিছিল গতিকে থলুৱা মানুহৰ তিৰোতা গ্ৰহণ কৰাতো স্বাভাৱিক আছিল। কোনো কোনো ক্ষেত্ৰত থলুৱা লোকাচাৰ মতেও কইনা গ্ৰহণ কৰাতো আচৰিত নহয়, তথাপি পৰিৱৰ্তনৰ বোঁৱতী সুঁতিৰ থিয় গৰাত থাকিও আহোমসকলে নিজৰ সুকীয়া বৈশিষ্ট্য চকলং প্ৰথা আজিও জীয়াই ৰাখিছে।

লেখক: পংকজ চেতিয়া, প্ৰিয় সখী

2.94117647059
Momi boruah Jul 19, 2018 08:32 AM

লিখনিটোৰ পৰা বহুতো নজনা কথা শিকিলোঁ । চকলং প্ৰথাই আমাৰ আহোমৰ ঐতিহ্য বহন কৰে। আমি সাত্ত্বিক ভাবে আদৰি লৈ নিজৰ পৰম্পৰা ৰক্ষা কৰা উচিত যাতে পিছৰ প্ৰজন্মই আমাৰ পৰম্পৰা বৰ্তাই ৰাখিব পাৰে।

মানসী গগৈ May 22, 2018 12:49 PM

লেখাটোৰ বাবে ধন্যবাদ। তথ্য সমৃদ্ধ হৈছে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top