মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / জনগোষ্ঠীয় সম্প্ৰীতি-সমন্বয় সাধনত তিৱাসকলৰ জোনবিল মেলা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জনগোষ্ঠীয় সম্প্ৰীতি-সমন্বয় সাধনত তিৱাসকলৰ জোনবিল মেলা

জনগোষ্ঠীয় সম্প্ৰীতি-সমন্বয় সাধনত তিৱাসকলৰ জোনবিল মেলাৰ বিষয়ে লিখা হৈছে

 

জোনবিল মেলা তিৱাসকলৰ গোভা ৰজাই প্ৰৱৰ্তন কৰিছিল বুলি জনা যায়।বৰ্তমান মৰিগাঁও জিলাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ,জাগীৰোডৰপৰা ছয় কিল’মিটাৰমান নিলগত জাগীৰোড আৰু জাগী ভকত গাঁৱৰ মধ্য অঞ্চলত জোনবিল নামে এখন ডাঙৰ বিলৰ পাৰত এই মেলা অনুষ্ঠিত হয়। জনশ্ৰুতিমতে এইখন প্ৰাচীন গোভা ৰাজ্যৰ অন্তৰ্গত এখন প্ৰসিদ্ধ বিল আছিল।কথিত আছে যে ,কোনো এজন গোভা ৰজাই বিলৰ পাৰেদি এনিশা বিহাৰ কৰি ঘুৰি আহোঁতে জোনৰ পোহৰ পৰি বিলৰ পানী জিলমিলাই থকা দেখি অভিভুত হৈ কৈছিল-‘হেবে ছনাইনে পিল হ্ংদং’অৰ্থাৎ এইখন জোনটোৰেই বিল হ’ব।তিৱা ভাষাত ‘ছনাই’ মানে জোন ।কালক্ৰমত মুখ বাগৰি ছনাই বিল>জনাইবিল> জোনবিল হ’লগৈ।কোনো কোনোৰ মতে,গোভা ৰজা প্ৰান্তেশ্বৰ সিংহই বিলখনত জোনালী দেখি অভিভুত হৈছিল আৰু তেতিয়াৰপৰাই বিলখনৰ নাম হৈছিল জনবিল> জোনবিল।গোভা ৰজা প্ৰান্তেশ্বৰ সিংহৰ বিষয়ে বিশেষভাৱে কোনো তথ্য পোৱা নাযায় যদিও ৰাজমোহন নাথৰ গ্ৰন্থত পান্তেশ্বৰ বুলি এজন গোভাধিপতিৰ উল্লেখ আছে-In 1564 ,Panteswar the king of Gobha stood success –fully against the Koch General ChilaRai.

জনশ্ৰুতিমতে জোনবিলৰ পাৰত বিহাৰ কৰা ৰজাজন যদি এইজন ৰজাই হয় তেন্তে জোনবিলৰ নামাকৰণৰ সময়সীমা ১৫৬৪ খ্ৰিষ্টাব্দৰ ওচৰ-পাঁজৰৰ বুলি অনুমান কৰিব পাৰি।এইখন বিলৰ পাৰতেই বছৰত এবাৰকৈ তিৱা দেওৰজাৰ জোনবিল মেলা অনুষ্ঠিত হয়। এই মেলা প্ৰধানত: গোভাৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছিল যদিও কোনজন গোভাৰজাই এই মেলা প্ৰৱৰ্তন কৰিছিল সবিশেষ তথ্য পোৱা নাযায়।কথিত অনুসৰি গোভা ৰজা ৰায়সিংহৰ দিনত প্ৰতি বছৰে দেওশালত পুজা আগবঢ়াই বিলৰ পাৰত মেলা পালন কৰা হৈছিল। গোভা ৰজাৰ এই মেলাত জয়ন্তা,খৈৰাম,খলা আৰু চহৰী ৰাজ্যৰ ৰজায়ো অংশগ্ৰহন কৰিছিল আৰু এইসকলৰ ৰজাকো গোভাৰজাৰ লগতে যথাযোগ্য আসন দি সন্মান প্ৰদৰ্শন কৰা হৈছিল। এই আটাইকেইখন ৰাজ্যৰ প্ৰজাই চাৰিদিনৰ বাবে মঙলবাৰৰপৰা শুকুৰবাৰলৈকে বিলৰ পাৰত নৰাৰে সৰু সৰু পঁজাঘৰ সাজি তাতেই সেইকেইদিন আনন্দেৰে অতিবাহিত কৰি মেলাত ভাগ লৈছিল আৰু বৰ্তমানেও এই পৰম্পৰা বৰ্তি আছে।

সাম্প্ৰদায়িক সম্প্ৰীতিত জোনবিল মেলাৰ গুৰুত্ব

 

জনগোষ্ঠীয় সম্প্ৰীতি –সমন্বয় সাধনত অৰিহণা যোগোৱা অন্যতম মাধ্যম হৈছে –উৎসৱ –অনুস্থান ।এনে উৎসৱ –অনুস্থানৰ অন্যতম তিৱাসকলৰ জোনবিল মেলা।জোনবিলৰ পাৰত গোভা ৰজাৰ মাঘবিহু উৎসৱ উদযাপন কৰা হয়।অসমৰ অনা-তিৱাসকলৰ মাঘবিহুৰ সাতদিনৰ পিছত,পুহ- মাঘৰ সংক্ৰান্তিৰ পাছৰ সপ্তাহত গোভা ৰজাই বিহু পতা পৰম্পৰা।গতিকে গোভা ৰজাৰ মাঘবিহুৰ উৰুকাৰ দুদিনৰ আগৰ পৰা বিহু দিনালৈকে মুঠ চাৰিদিন এই মেলা অনুষ্ঠিত হয়।পাহাৰীয়া তিৱাসকলে মেলাথলীত কেইবাদিনৰ আগৰেপৰাই আহি সন্মিলিত হয়।মেলাৰ প্ৰথমদিনা গোভা ৰজাক বিলৰ পাৰলৈ আদৰি নিয়া হয়। বৰ্তমানৰ গোভাধিপতি দীপসিং দেওৰজাক মেলালৈ সসন্মানেৰে আদৰি আনি মেলা অনুষ্ঠিত কৰা হয়।ৰজাই উপাস্য দেৱতা ফা-মহাদেউক পুজা-সেৱা আগবঢ়ায়।গোভা ৰজাৰ উপস্থিতিত জোনবিলত ৰাইজে আনন্দ উৎসাহৰে সমুহীয়াকৈ  মাছ মাৰে আৰু বতৰৰ গীত গায়। ৰজাৰ পাৰিষদবৰ্গই মাছুৱৈসকলৰ পৰা ৰাজদান হিচাপে মাছ সংগ্ৰহ কৰে।জোনবিলত মৰা সমুহীয়া মাছেৰে জোনবিলৰ পাৰত সকলোৱে মিলি ভোজ-ভাত খোৱাৰ পৰম্পৰা।জোনবিল মেলাৰ অন্য এটা আকৰ্ষণীয় দিশ হৈছে মেলাত অনুষ্ঠিত কুকুৰা যুঁজ। জোনবিল মেলা উদযাপনৰ আটাইকেইটা দিনতে তিৱাসকলৰ কৃষ্টিবোৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় ।তদুপৰি তিৱাসকলৰ পৰম্পৰাগত সাজপাৰ আৰু খাদ্যসম্ভাৰেৰে সেইকেইদিন বিলৰ পাৰ বহুৰঙী আৰু মুখৰিত কৰি তোলে।মেলাৰ শেষৰ দিনা ৰজাদৰবাৰ বহে।গোভা ৰজাৰ ৰাজদৰবাৰত ওচৰ-চুবুৰীয়া সাতোৰজীয়া আৰু পাঁচোৰজীয়া ৰজাসকলেও অংশগ্ৰহণ কৰে আৰু এনেকৈয়ে সম্প্ৰীতিৰ থলী জোনবিল মেলাৰ সামৰণি পৰে।

জোনবিল মেলাৰ বিনিময় প্ৰথা

 

জোনবিল মেলাৰ উল্লেখনীয় বৈশিষ্ট্য হৈছে বিনিময় প্ৰথা ।অতীজতে মেলালৈ আহোঁতে জয়ন্তীয়া ৰজাৰ লগতে গোভা ৰজাৰ উপঢৌকন বিনিময় হৈছিল।অন্যান্য দাঁতিয়াল ,হাজোৱালি আৰু থলুৱা তিৱাসকলেও মেলালৈ আহোঁতে গোভাৰজাক একোটাকৈ বয়বস্তুৰ টোপোলা কৰ-কাটল হিচাপে দিয়াৰ পৰম্পৰা আছিল।মেলাৰ আটাইকেইদিন পাহাৰ-ভৈয়ামৰ জনগোষ্ঠীৰ মাজত পণ্য বিনিময় হয়।কাৰ্বিআংলং ,মেঘালয় আদিৰ কাৰ্বি,তিৱা আদি জনগোষ্ঠীয় লোকে আদা, হালধি,আলু,কচু ,শিমলু আলু ,জলকীয়া ,তিতাপাত ,তিতাকছিৰ ফুল,ডালচেনি ,ধুনা ,লা,ৰঙালাও,জহা –কোমোৰা লাও,দাওনাল,হোৰা পাচি,খৰাহী আদি পাহাৰত উৎপন্নজাত সামগ্ৰী আৰু কুটীৰ শিল্পজাত বস্তু মেলালৈ আনে।সেইবোৰ বস্তুৰ বিনিময়ত তেওঁলোকে ভৈয়ামৰ তিৱা আৰু অনা-তিৱাৰপৰা তিলপিঠা,জোনপিঠা ,সান্দহ ,চিৰা ,শুকানমাছ, কেঁচামাছ ,শুকতিমাছ ,চেনাফলা মাছ ,নিমখ ,কেৰাছিন ,এৰীয়া চাদৰ ,তামোল-পাণ আদি লৈ যায়।হাজোৱালি তিৱাসকলৰ পৰম্পৰাগত বিশ্বাস যে ভৈয়ামৰপৰা পিঠা-পনা নিলেহে তেওঁলোকে পাহাৰত বিহু পাতিব পাৰে।ভৈয়ামৰ পিঠাপনাৰ বৰ্তমানেও পাহাৰীয়া তিৱাই পাহাৰত পুজা-অৰ্চনা কৰি মাঘবিহু পাতে।সেয়ে কৌটিকলীয়া এনে পৰম্পৰা অনুসৰি পাহাৰ-ভৈয়ামবাসী তিৱা লোকৰ সম্প্ৰীতিৰ এনাজৰী অদ্যাপিও বান্ধ খাই আছে।সেইদৰে জোনবিল মেলালৈ অহা পাহাৰীয়া আৰু ভৈয়ামায়ী লোকৰ মাজত সম্বোধনসুচক শব্দ ‘মামা-মামী’ৰ এটা মিঠা পৰম্পৰা আছে।

পাহাৰীয়া জনগোষ্ঠীয়ে অনা ঘৰুৱা বা বনজ উৎপন্নজাত দ্ৰব্যবোৰ আৰু ভৈয়ামবাসী লোকৰ দ্ৰব্যবোৰ বিনিময় কৰোঁতে দেখা গ’ল তেওঁলোকৰ বস্তু বিনিময়ৰ টা নিৰ্দিষ্ট জোখ আছে।যেনে-

(ক)ভৈয়ামীয়া লোকৰ এবাটি সান্দহৰ বিনিময়ত পাহাৰীয়া লোকৰ নিৰ্দিষ্ট জোখৰ এভাগ আদা বা হালধি।(খ)ভৈয়ামীয়া লোকৰ দুটা পিঠাৰ বিনিময়ত পাহাৰীয়া লোকৰ এভাগ বস্তু।(গ)এজোঁটা গৰৈ মাছৰ (পাঁচ –ছটাকৈ থাকে) বিনিময়ত এভাগ আদা-হালধি ।(ঘ) এভাগ আদা-হালধিৰ বিনিময়ত এভাগ শুকান মাছ।(ঙ)চাৰি ডোখৰ (ছয় ইঞ্চিমান) ডালচেনিৰ বিনিময়ত এবাটি সান্দহ,চিৰা নাইবা চাৰিটা পিঠা।(চ) ৰঙালাও ,কোমোৰা ,কচু আদিৰ বিনিময়ত গোট অনুসৰি ভাগৰ পৰিমাণ কম-বেছি হয়।

পৰম্পৰা ৰক্ষা কৰি বৰ্তমানেও গোভা মৌজাৰ অন্তৰ্গত জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ তিৱা আৰু অনা-তিৱা জনজোষ্ঠীৰ বিপুল সমাৱেশত জোনবিল মেলা অনুষ্ঠিত হয়।পুৰ্বৰ দৰে বৰ্তমানেও এই মেলাত বিনিময় প্ৰথা প্ৰচলিত যদিও সময়ৰ গতিত স্বৰাজোত্তৰ কালৰপৰা জোনবিল মেলাৰ পৰম্পৰালৈ ভালেমান পৰিৱৰ্তন আহিছে।তেনে পৰিৱৰ্তনবোৰ হৈছে-

গণতান্ত্ৰিক সমাজব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত গোভা ৰজাৰ ৰাজসিক মৰ্যাদা পুৰ্বৰ তুলনাত কমিল।গতিকে নামমাত্ৰ ৰজাৰ আসনত অধিষ্ঠিত বৰ্তমানৰ গোভাধিপতি দীপসিং দেওৰজাৰ জোনবিল মেলাৰ আনুষ্ঠানিকতাত আজিকালি আগৰ দৰে কৰভাৰৰ প্ৰচলন নাই।

পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ থলী জোনবিল মেলাৰ বিনিময় প্ৰথাৰ সময় কমি আহিল।পুৰ্বতে মেলাৰ দুয়োদিনাই বিনিময় মেলা অনুষ্ঠিত হৈছিল।আজিকালি তিনিদিনীয়াকৈ মেলা অনুষ্ঠিত হয় যদিও মাজৰ দিনা পুৱা পাঁচ বজাৰপৰা আঠমান বজালৈকেহে কেৱল বিনিময় প্ৰথা হয়।

পুৰ্বৰ দৰে সকলো বস্তু আজিকালি বিনিময় নহয়।কিছুমান বস্তুৰ মুল্য বৃদ্ধি হোৱাৰ ফলত টকা-পইচাৰ বিনিময়ত কিনা-বেচা কৰা দেখা যায়।উদাহৰণস্বৰুপে এৰীয়া চাদৰ,অন্যান্য সাজপাৰ ,ঘৰুৱা ব্যৱহাৰ্য সা-সামগ্ৰী ,আচবাব আদি আজিকালি বিনিময় নহয়।উপযুক্ত মুল্যৰ বিনিময়ত কিনা-বেচাহে কৰা পৰিলক্ষিত হয়।উল্লেখযোগ্য যে পাহাৰীয়া তিৱাসকলে নিজৰ কন্যাৰ বিয়াত দিবলৈ জোনবিলৰপৰাই লেপ-তুলী,গাৰু ,ফাৰ্নিচাৰ ,বাচন –বৰ্তন আদি কিনি লয়।

আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণ হোৱাৰ ফলত জোনবিলৰ ঐতিহাসিক বিনিময় প্ৰথাৰ তুলনাত ৰংচঙীয়া দোকান-পোহাৰ ,মেলা আদিয়ে অধিক প্ৰাধান্য লাভ কৰা দেখা যায়।

বিনিময় মেলালৈ অনা পাহাৰীয়া লোকৰ কিছুমান কুটীৰ শিল্পজাত বস্তু ,যেনে- দাওনাল,পাচি-খৰাহী আদি বিনিময়ৰ পৰিৱৰ্তে কিনা-বেচাও হয়।কেৱল ভৈয়ামবাসী লোকৰ পিঠাপনা,সান্দহ –চিৰা আদিৰ লগত পাহাৰীয়া লোকৰ উৎপন্নজাত সা-সামগ্ৰীৰ বিনিময়মৰ বাদে অন্যান্য বয়-বস্তু প্ৰয়োজন সাপেক্ষে মেলাস্থলীত উপস্থিত বিভিন্ন গোষ্ঠীৰ লোকৰ লগত মুল্যৰ বিনিময়ত কিনা-বেচা কৰাও পৰিলক্ষিত হয়।

জোনবিল মেলা অনুষ্ঠিত কৰা সম্পৰ্কত পুৰ্বৰ দৰে ৰজা বা ৰজাবিষয়াসকলৰ ভুমিকা বিশেষ নাই।আজিকালি মেলা অনুষ্ঠিত কৰিবলৈ একোখন উদযাপন সমিতি থাকে আৰু সমিতিৰ আলোচনা আৰু সিদ্ধান্তমৰ্মে মেলা পতা হয়।

আজিকালি মেলাথলীত বিনিময় প্ৰথাত ভাগ ল’বলৈ অহা তিৱা আৰু অনা-তিৱাৰ উপৰিও দেশী-বিদেশী পৰ্যটক আৰু গৱেষকৰ সমাগম পৰিলক্ষিত হয়।তদুপৰি পৰম্পৰাগত বিনিময় মেলাত অসমৰ বিভিন্ন ঠাইৰ মানুহৰ মাজত বিভিন্ন সামগ্ৰী কিনা-বেচা হয়।

তথ্যসুত্ৰ:

১।ৰুপা ডেকা পাটৰ,’তিৱা সমাজ আৰু সংস্কৃতিৰ এচেৰেঙা’,পৃষ্ঠা-১২৬

২।নাৰায়ণ কুমাৰ ৰাডু কাকতি,’লালুং ৰাজ্য:গোভা আৰু ঐতিহাসিক জোনবিল মেলা’(প্ৰবন্ধ),তিৱা সংস্কৃতিৰ জিলিঙনি,পৃষ্ঠা-৩৬

৩।R.M. Nath,The Background of Assamese Culture’,Page-113

৪।ৰুপা ডেকা পাটৰ ,উল্লিখিত , পৃষ্ঠা-১২৭

৫।গগৈ ,লোকেশ্বৰ :তিৱা সংস্কৃতিৰ ৰুপৰেখা ,(১ম খণ্ড),অসম সাহিত্য সভা,১৯৮৬।

৬।ডেকা পাটৰ ,ৰুপা:তিৱা সমাজ আৰু সংস্কৃতিৰ এচেৰেঙা ,জনজাতি আৰু অনুসুচিত জাতি গৱেষণা প্ৰতিষ্ঠান ,২০০৭

৭। পাতৰ,মিলেশ্বৰ (সম্পা):তিৱা  সংস্কৃতিৰ জিলিঙনি ,তিৱা সাহিত্য ২০০৪।

৮।দেউৰী ,মনেশ্বৰ :মৰিগাওঁ জিলাৰ লোক-সংস্কৃতি ,অসম সাহিত্য সভা ,১৯৯৪।

৯।Nath ,Rajmohan:The Background of Assamese Culture,Guwahati ,Dutta Baruah & Co,Second Edition 1978.

 

তথ্যদাতা:

১।প্ৰয়াত স্বাধীন বৰদলৈ ,জাগীৰোড মাৰ্কাংকুচি ,মৰিগাওঁ।

২।শ্ৰী জুৰচিং বৰদলৈ ,জাগীৰোড মাৰ্কাংকুচি,মৰিগাওঁ।

 

৩।শ্ৰী নাদিৰাম দেউৰী, জাগীৰোড মাৰ্কাংকুচি,মৰিগাওঁ।

লেখিকা:ড০ বেবীমণি গগৈ,প্ৰান্তিক

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top